Saturday, July 29, 2017

অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা ক'ৰ্ডিনেট্ (Coordinate) কি?

         অৱস্থান বুজাবলৈ ব্যৱহাৰ কৰা ক'ৰ্ডিনেট্ (Coordinate) কি? গ্ৰাফ্কাকতৰ কৰ্ডিনেট্আৰু জি-পি-এছ্-ৰ কৰ্ডিনেট একে বস্তু নেকি? ২৬ ডিগ্ৰী, ৮ মিনিট, ২৯.৭৪ ছেকণ্ড উত্তৰ আৰু ৯১ ডিগ্ৰী, ৪৭ মিনিট, ৩০.৯২ ছেকেণ্ড পূৱৰ অৱস্থান মানে কি?

           X-axis আৰু Y-axis থকা গ্ৰাফ্কাকত আমি সকলোৱে চিনি পাওঁ৷  (৫,৪) কৰ্ডিনেট্ মানে X-ৰ দিশলৈ পাঁচঘৰ আহি Y-ৰ দিশলৈ অৰ্থাৎ ওপৰলৈ চাৰিঘৰ আগুৱাই গৈ পোৱা বিন্দুটোৰ স্থান ! (৫,-৪), (-৭,-৩) ধৰণৰ কৰ্ডিনেট্ক আমি কম-বেছি পৰিমানে সকলোৱেই বুজি পাওঁ৷ কিন্তু জি-পি-এছৰ কৰ্ডিনেট কেনেকুৱা ? GPS য়ে যোগান ধৰা তথ্যকো Coordinate বুলি কোৱা হয় ৷ GPS মানে Global Positioning System ৷ আমি অসমীয়া ভাষাত GPS-ক “গোলকীয় স্থানাংক পদ্ধতি” বুলি সম্ভৱ কব পাৰিম ৷ GPS পদ্ধতিৰ দ্বাৰা পৃথিৱী নামৰ গ্ৰহটোৰ ওপৰত থকা যিকোনো এখন ঠাইৰ সঠিক তথ্য লাভ কৰিব পাৰি ৷ 

           গোলাকাৰ বস্তুৰ ওপৰত স্থান কেনেকৈ নিৰ্ধাৰণ কৰা হয় সেই সম্পৰ্কে অলপ জানি ল'লে কৰ্ডিনেট্ বুজিবলৈ সহজ হ'ব৷ 

            আপোনাৰ সমূখত থকা ৰবাব টেঙা বা ফুটবল এটাৰ ওপৰত এটা চিন আছে  চিনটো কোন খিনিত আছে বুলি সুধিলে আপুনি কি উত্তৰ দিব? দেখাত সহজ যেন লাগিলেও কামটো বৰ সাধাৰণ নহয়৷ ধৰাহওঁক, আপোনাক এই মূহুৰ্তত সোধা হৈছে আপুনি এতিয়া ক'ত আছে? উত্তৰটো এনে ধৰণৰ হব পাৰে মই এচিয়া মহাদেশৰ ভাৰতবৰ্ষ নামৰ দেশখনৰ উত্তৰ পূৰ্বাঞ্চলত থকা অসম নামৰ ৰাজ্যখনৰ ৰাজধানী চহৰ গুৱাহাটীৰ উজান বজাৰ নামৰ এলেকাটোৰ শংকৰদেৱ পথত থকা ন নম্বৰ ঘৰটোত মূল গেইটখনৰ মধ্যাংশৰ পৰা ঘৰৰ ফালে ৩০ মিটাৰ দূৰত ঘৰটোৰ সমূখৰ প্ৰধান দুৱাৰখনৰ পৰা ২.৭ মিটাৰ দূৰত বহি আছোঁ ৷ পৃথিৱীৰ ওপৰত আপুনি থকা এই ঠাই ডোখৰৰ অৱস্থানৰ তথ্যটো অলপ সহজ ভাবে দিব নোৱাৰিনে?

             আপুনি জানেই পৃথিৱী নামৰ গ্ৰহটোৰ ওপৰত থকা মাটিতকৈ পানীৰ পৰিমান বহু বেছি৷ পাৰাপাৰহীন বিশাল মহাসমূদ্ৰৰ ওপৰৰ কোনো স্থানৰ সম্ভেদ দিব লগা হলে কি ফলপ্ৰসূ কি উপায় আছে?

             এই দুয়োটা প্ৰশ্নৰে উত্তৰ দিছে জি-পি-এছে৷


             আমি বাসকৰা পৃথিৱীখনক তল আৰু ওপৰ দুয়োভাখত ভাগ কৰিবলৈ যিদাল বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে সেইডালৰ নাম বিষুৱ ৰেখা বা Equator ৷ আপুনি যদি বিষুৱ ৰেখাত আছে তাৰমানে আপুনি পৃথিৱীৰওপৰ ভাগত অৰ্থাৎ উত্তৰ গোলাৰ্ধতো নাই নতুবা তলৰ ভাগত অৰ্থাৎ দক্ষিণ গোলাৰ্ধতো নাই, মাজতে আছে৷ গ্ৰাফ্পেপাৰৰ X-axis  ওপৰত থকাৰ দৰে !  কিন্তু বিষুৱ ৰেখাৰ ওপৰত মানে ক'ত?  ৪০,০৩০ কিলোমিটাৰ দৈঘ্যৰ বিষুৱ ৰেখাৰ যিকোনা এঠাইত আপুনি থাকিব পাৰে৷ বিষুৱ ৰেখাডালৰ কোনটো বিন্দুত আপুনি আছে সেইটো নিৰ্ধাৰণ কৰিবৰ বাবে বৃত্তটোৰ কৰবাত নহয় কৰবাত আপোনাক চিন এটা লাগিবই লাগিব X-axis ৰ লগত Y-axis থকাৰ দৰে৷ সেয়ে পৃথিৱীখনক সোঁ আৰু বাঁও দুটা ভাগত ভাগ কৰাটোও অতি আৱশ্যক৷ সেই ভাগটো কৰা হৈছে লণ্ডনৰ গ্ৰীনউইছ নামৰ ঠাইৰ ওপৰেদি কল্পনা কৰা উত্তৰ আৰু দক্ষিণ মেৰু সংযোগী এডাল কাল্পনিক ৰেখাৰ দ্বাৰা৷ এই ৰেখাডালৰ সোঁ-ভাগত পৰা পৃথিৱীৰ  ভাগটোৰ সিপাৰলৈকে পূৱ আৰু বাওঁহাতে থকা আনভাগক পশ্চিম বুলি কোৱা হয়৷ এই ৰেখাডালৰ নাম শূণ্য ডিগ্ৰী দ্ৰাঘিমা ৰেখা বা Prime Meridian ৷ এই ৰেখাডালে বিষুৱ ৰেখাডালক য'ত কাটিছে সেই বিন্দুটো উত্তৰো নহয়, দক্ষিণো নহয়, পূৱো নহয় পশ্চিমো নহয়৷ এক্স্আৰু ওৱাই এক্সিসে কটাকটি কৰা বিন্দুটোৰ দৰে (০,০)৷ 





         এতিয়া ধৰক বিষুৱ ৰেখাৰ পৰা আপুনি ওপৰলৈ অলপ আগুৱাই গ'ল- মানে উত্তৰলৈ গ'ল?  কিমান উত্তৰলৈ গ'ল? এই প্ৰশ্নৰ উত্তৰৰ বাবে আপুনি থকা স্থানৰ পৰা পৃথিৱীৰ কেন্দ্ৰলৈ এডাল ৰেখা কল্পনা কৰক৷ এই ৰেখাডালে বিষুৱ ৰেখা আৰু কেন্দ্ৰ সংযোগী ৰেখাডালৰ লগত যিমান ডিগ্ৰী কোণ কৰিছে আপুনি সিমান ডিগ্ৰী উত্তৰত আছে৷ বিষুৱ ৰেখাৰ পৰা আপুনি ভালেখিনি তললৈ নামি গ'ল, মান দক্ষিণলৈ গ'ল৷ এতিয়া সেই স্থানৰ পৰা কেন্দ্ৰলৈ কল্পনা কৰা ৰেখাদালে বিষুৱৰেখা সংযোগী ৰেখাডালৰ লগত যিমান ডিগ্ৰী কোণ কৰিব আপুনি সিমান ডিগ্ৰী দক্ষিণত আছে৷ উদাহৰণ স্বৰূপে মই ২০ ডিগ্ৰী উত্তৰত আছো,  তাৰ অৰ্থ কিন্তু এটা বিন্দুত থকা নহয়৷ ২০ ডিগ্ৰী উত্তৰত থকা সমস্ত বিন্দু লগ লগালে পৃথিৱীৰ ওপৰত থকা এটা বৃত্ত হ'ব৷ সেয়ে অৱস্থানৰ কথা ক'বলৈ হলে উত্তৰ বা দক্ষিণৰ লগতে পূৱ নে পশ্চিম সেই তথ্যও অত্যন্ত জৰুৰী৷ উত্তৰ দক্ষিণ হিচাপ কৰাৰ দৰেই আপোনাৰ স্হানৰ লগত পৃথিৱীৰ কেন্দ্ৰ সংযোগী ৰেখাডালে শূণ্য ডিগ্ৰী দ্ৰাঘিমাৰ লগত যিমান কোণৰ সৃষ্টি কৰিছে আপুনি সিমান পূৱ বা পশ্চিমত আছে৷ উদাহৰণ স্বৰূপে ২০ ডিগ্ৰী পূৱ মানে সুমেৰুৰ পৰা কুমেৰু সংযোগী এডাল দীঘল ৰেখা, এখন নিৰ্দ্দিষ্ট ঠাই নহয়৷




        এইদৰেই, শূণ্যৰ পৰা নবৈ ডিগ্ৰীলৈকে উত্তৰে আৰু একেদৰে শূণ্যৰ পৰা নবৈ ডিগ্ৰীলৈকে দক্ষিণে হব পৰা এই কাল্পনিক বৃত্তবোৰক অক্ষাংশ বা লেটিটিউড্বুলি কোৱা হয়৷ ঠিক তেতেকৈ শূণ্য ডিগ্ৰী দ্ৰাঘিমাৰ পৰা সিফাললৈ অৰ্থাৎ ১৮০ ডিগ্ৰীলৈকে দুয়ো মেৰু সংযোগী কল্পনা কৰা উলম্ব ৰেখাসমুহক দ্ৰাঘিমাংশ বা লংগিটিউড্বুলি কোৱা হয়৷ এই অক্ষাংশ আৰু দ্ৰাঘিমাংশই কটাকটি কৰা বিন্দুটোৱেই হৈছে আমি সততে কোৱা জি-পি-এছ্ৰ ক'অৰ্ডিনেট! এই সংখ্যাটোৰ লগত সদায় উত্তৰ বা দক্ষিণ আৰু পুৱ বা পশ্চিম সংযুক্ত হৈ থাকে৷

          পৃথিৱী যিহেতু এটা প্ৰকাণ্ড গোলক সেয়ে একমাত্ৰ ডিগ্ৰীৰেই সকলোবোৰ অৱস্থান সুক্ষ্মভাৱে বুজাব নোৱাৰি৷ সেয়ে এটা ডিগ্ৰীক ৬০ ভাগত ভাগ কৰি একোটা ভাগক মিনিট বুলি কোৱা হয়৷ পৃথিৱীৰ কেন্দ্ৰত এক মিনিট দুৰত্বও পৃথিৱীৰ উপৰি ভাগত ১.৮৫২ কিলোমিটাৰৰ সমান৷ সেয়ে এটা মিনিটকো আকৌ ৬০টা ভাগত ভাগ কৰি চেকেণ্ড কৰা হৈছে৷ পৃথিৱীৰ কেন্দ্ৰত এক চেকেণ্ডৰ ব্যৱধান মানে উপৰিভাগত ৩১ মিটাৰৰ সমান৷ এই চেকেণ্ডকো প্ৰযোজন সাপেক্ষে এহাজাৰ বা এশ ভাগত ভাগ কৰি অতি সুক্ষ্মভাৱে পৃথিৱীৰ ওপৰত থকা স্থানৰ তথ্য যোগান ধৰিব পাৰি৷ ইয়েই জি-পি-এছ্-ৰ কৰ্ডিনেট্!

    উদাহৰণ স্বৰূপে ২৬ ডিগ্ৰী, ৮ মিনিট, ২৯.৭৪ ছেকণ্ড উত্তৰ আৰু ৯১ ডিগ্ৰী, ৪৭ মিনিট, ৩০.৯২ ছেকেণ্ড পূৱৰ অৱস্থান যদি পৃথিৱীৰ ওপৰত সন্ধান কৰে - আপুনি গৈ উপস্থিত হ'বগৈ - দিশপুৰৰ জনতা ভৱনৰ চৌহদত!




1 comment:

  1. ইমান নিয়াৰিকৈ আৰু মনোগ্ৰাহী কৈ লিখা আপোনাৰ লিখনি পঢ়ি বৰ ভাল লাগিল

    ReplyDelete