Saturday, January 15, 2022

গ্ৰন্থমেলাৰ চিন্তাঃ

 গ্ৰন্থমেলাৰ চিন্তাঃ

এইবাৰৰ “অসম গ্ৰন্থমেলা ২০২২” কেইবাটাও কাৰণত মোৰ বাবে স্মৰ্তব্য হৈ ৰ’ব। আৰম্ভণিতে কেইটামান বছৰ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল পানবজাৰৰ জৰ্জ খেলপথাৰত। সেইসময়ত মই কটন কলেজৰ ছাত্ৰাবাসৰ ছাত্ৰ আছিলোঁ আৰু দিনটোত কেইবাপাকো গ্ৰন্থমেলালৈ পাক মাৰি আহিব পৰা অৱস্থাত আছিলোঁ। সেই সময়ত মোৰ আটাইতকৈ ডাঙৰ অসুবিধাটো আছিল কিতাপ কিনিবলৈ হাতত একেবাৰে পইচা নাছিল! একোখন কিতাপ লিৰিকি বিদাৰি চাই চাই, তাৰ সুগন্ধ লৈ এক লোলুপ দৃষ্টিৰে ভৱিষ্যতলৈ কিনাৰ সংকল্প ৰাখি আকৌ হোষ্টেললৈ ঘূৰি আহিছিলোঁ। মই অসমৰ বাহিৰত থকা অৱস্থাতে গ্ৰন্থমেলাৰ স্থান চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেল পথাৰলৈ সলনি হৈছিল। এই সময়ছোৱাত ঢৌতে খৰ মাৰিহে মই গ্ৰন্থমেলাৰ বাকৰিত কেইবাবাৰো পদাৰ্পন কৰিছিলোঁ, কিন্তু গোটেই প্ৰক্ৰিয়াটো চোৱাৰ সুবিধা হোৱা নাছিল। এইবাৰৰ কথাটো আছিল বেলেগ। ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা "অসম গ্ৰন্থমেলা"ত ৫ জানুৱাৰী তাৰিখে মই এটা নিমন্ত্ৰণ পালোঁ – “লেখক-পাঠক-সাহিত্য সংগঠকৰ আলচ” শীৰ্ষক এটা আলোচনা চক্ৰলৈ মোকো নিমন্ত্ৰণ জনালে। সাহিত্যৰ আলোচনা সম্পৰ্কে মোৰ মনত ক’ব লগা কিছু কথা বহুদিন ধৰি  জমা হৈ আছিল। মোৰ ভাগত পৰা দুইমিনিটমান সময়ত মই ক’ব লগা কথাখিনিৰ সামান্য অংশহে ক’ব পাৰিলোঁ যেন লাগিল। গতিকে মনৰ কথাখিনি ইয়াতে লিখিম বুলি ঠিক কৰিলো। দ্বিতীয় কথা, গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল গোৱাৰ কোংকণী সাহিত্যৰ নমস্য লেখক এইবাৰৰ সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠ বঁটা বিজয়ী শ্ৰীযুত দামোদৰ মৌজুক। তেখেতৰ লগত মোৰ সদ্ভাৱ মই গোৱাত থকা দিনৰে পৰা। সেয়ে তেখেতৰ আগমনে মোক বাৰুকৈয়ে উৎসাহিত কৰিলে। গ্ৰন্থমেলা, সাহিত্য সভা আদি অনুষ্ঠানত উপস্থিত থকা বাহিৰৰ অতিথিক আমাৰ সাহিত্যৰ মানৰ ওপৰত কিমান আৰু কেনেকুৱা পৰিচয় দিব পৰা যায় সেই সম্পৰ্কে মোৰ মনত সংশয় আছে। সেয়া আগলৈ লিখিম, আজি সাহিত্যৰ আলোচনা চক্ৰ সম্পৰ্কে মোৰ মনত থকা কথাখিনিৰ এটা কথা কৈ লওঁ। 

মই অসমত এতিয়ালৈকে দেখা সাহিত্য আলোচনাসমূহত মূলতঃ নিজস্ব ৰচনা, কবিতা বা সমালোচনা আদি পাঠ কৰাহে দেখি আহিছো। মুকলি মঞ্চত সাহিত্যিকে সাধাৰণতে নিজস্ব ৰচনাৰ বা আত্মকথাৰেই আলোচনাৰ সামৰণি মাৰে। লেখকৰ সৃষ্টিসমূহ নিজ সন্তানৰ দৰে। স্পৰ্শকাতৰ পিতৃ-মাতৃৰ দৰে সন্তানৰ সমালোচনা কোনেও শুনিব নোখোজে যেন লাগে। এটা ব্যতিক্ৰমী সাহিত্য অনুষ্ঠানত উপস্থিত থকাৰ মোৰ সৌভাগ্য হৈছিল ২০১২ চনত। পাঞ্জাৱৰ “কহানী-পাঞ্জাৱ” নামৰ ত্ৰৈমাসিক আলোচনী এখনে এটা সাহিত্যৰ অনুষ্ঠান পাতে, ব্যতিক্ৰমী অনুষ্ঠান।  হিমাচল প্ৰদেশৰ ডেলহাউচীত অনুষ্ঠিত হোৱা তিনিদিনীয়া অনুষ্ঠানটোলৈ নিমন্ত্ৰণ কৰি অনা হৈছিল সাতজন গল্পকাৰক। লগতে আমন্ত্ৰিত হৈছিল গল্পসাহিত্যত দখল থকা কেইবাজনো গুণী পণ্ডিত। গল্পকাৰজনে পাঠ কৰাৰ পিছত গল্পটোৰ ওপৰত নিৰ্মোহ আলোচনা কৰা হৈছিল। অনুষ্ঠানটোত হোৱা অভিজ্ঞতাৰ কথা মই “সাদিন” নামৰ কাকতখনত ৩০ নৱেম্বৰৰ সংখ্যাটোত লিখি কৈছিলো – “হিমাচলৰ ধলাধৰ পৰ্বতৰাজিৰ সুশোভিত গৰ্ভত, ডেলহাউচিত তিনিদিন শেষ হ’ল। কেইবাজনো নতুন গল্পকাৰে জানি গ’ল ক’ত আছে তেওঁলোকৰ সৃষ্টিত কেৰোণ। কেনেকৈ তেওঁলোকৰ গল্পটোৰ মান আৰু উন্নত হ’ব পাৰিলেহেঁতেন। কি কি উপাদানে এটা গল্পক নিৰ্দিষ্ট পৰ্যায়লৈ লৈ যাব পাৰে বা কি দুৰ্বলতাই এটা নিটোল সৃষ্টিকো এক নিৰ্দিষ্ট পৰিসৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে। সৃষ্টিকৰ্তাক আগত ৰাখি গুৰু স্থানীয় লোকে যদি এনেদৰে নিৰপেক্ষ নিৰ্মোহভাৱে সৃষ্টিকৰ্মৰাশি বিশ্লেষণ কৰি দেখুৱাব পাৰে, তাতকৈ আৰু ডাঙৰ শিক্ষা, প্ৰতিক্ৰিয়াৰ কিবা প্ৰয়োজন আছেনে? পিঠিত তোষামোদৰ থপথপনি বা উদ্দেশ্যপ্ৰণোদিত সমালোচনাতকৈ এনে অনুষ্ঠানে লেখক গঢ়াত বা লেখাক উন্নীত কৰাত বহুত বেছি অৰিহণা যোগাব পাৰে।”  মোৰ ব্লগটোত লেখাটো আছে, অনুসন্ধিৎসু পঢ়ুৱৈয়ে পঢ়ি চাব পাৰে। (http://www.utpalbadolbaruah.com/2012/11/my-latest-article-on-sadin-dated-30-nov.html)। অনুষ্ঠানটোলৈ মোক নিমন্ত্ৰণ কৰা নাছিল, নিমন্ত্ৰণৰ মই যোগ্যই নাছিলোঁ, মই গোটেই প্ৰক্ৰিয়াটো প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছিলো অসমৰ প্ৰতিষ্ঠিত কবি-গল্পকাৰ মোৰ ভাতৃসম অতনুদাৰ (অতনূ ভট্টাচাৰ্য) সৌজ্যনত।  আমি অসমতো এনেধৰণৰ অনুষ্ঠান এটা পাতিব নোৱাৰোঁনে? 

গ্ৰন্থমেলাত আলোচনা কৰিব লগা বিষয়টো আছিল “লেখক-পাঠক-সাহিত্য সংগঠকৰ আলচ”। মই জানি আহিছিলোঁ যে যি লিখে তেওঁ লেখক আৰু যি পঢ়ে তেওঁ পাঠক। সাহিত্য সংগঠক কোন? সাহিত্য সৃষ্টি ব্যক্তিগত সাধনাৰ ফচল। সেয়ে মই সাহিত্য-সংগঠক হিচাপে একেবাৰে সংবেদনশীল নাছিলোঁ, ভুল ভাগিল যেতিয়া গম পালোঁ – সম্পাদক, প্ৰকাশক, বিতৰক এই সকলো লোক যি সাহিত্যৰ বিকাশত প্ৰভূত বৰঙনি আগবঢ়াব পাৰে, এই ভাগটোৰ সদস্য। কথাটো যদি সেয়ে হয়, নতুন সাহিত্য সৃষ্টিত বা নতুন সাহিত্যিকক উৎসাহ দিয়াৰ ক্ষেত্ৰত এই সাহিত্য-সংগঠকসকলৰ ভূমিকা অপৰিহাৰ্য। মোৰ কেইবাজনো লেখক বন্ধুৱে কোৱা মতে কিতাপ প্ৰকাশৰ পিছতে প্ৰকাশকৰ লগত তেওঁলোকৰ সম্পৰ্কত ঘূণে ধৰিছে। মই চিনি পোৱা এজন সাহিত্যিকে নিজে কিতাপ প্ৰকাশ কৰাটোৱেই বুদ্ধিমানৰ কাম  বুলি হাতে কামে লাগিছে। বহুতৰ মতে প্ৰতিষ্ঠিত লেখক নহলে প্ৰকাশকে নতুন লেখকক ৰয়েল্টি নিদিয়ে। সম্পাদকসকলো এই ক্ষেত্ৰত সমালোচনাৰ উৰ্ধত নহয়। একমাত্ৰ “প্ৰান্তিক” নামৰ আলোচনীখনৰ বাহিৰে আন কোনো পত্ৰিকাৰে নতুন লেখকক স্বইচ্ছাৰে সময়মতে মাননি দিয়াৰ উদাহৰণ নাই। অথচ চুবুৰীয়া ৰাজ্যৰ “দেশ” নামৰ আলোচনীখনৰ পত্ৰলেখককো মাননি দিয়াৰ ব্যৱস্থা আছে। এই সম্পৰ্কে আজিৰ পৰা ২৩ বছৰৰ আগতে ১৯৯৮ চনৰ ১০ আগষ্ট তাৰিখে “আমাৰ অসম” কাকতত “লেখকৰ পুৰস্কাৰ” শীৰ্ষক মই এখন চিঠি লিখিছিলোঁ। দুখৰ কথা, দুটা দশকৰ পিছতো আমাৰ অৱস্থাটোৰ একো বিশেষ পৰিৱৰ্তন হোৱা নাই। লেখক-পাঠক-সাহিত্য সংগঠক এই তিনিও বিন্দুকে স্পৰ্শ কৰি থকা ত্ৰিভুজটোৰ তিনিওডাল বাহু যদি শক্তিশালী নহয় উদ্যোগ হিচাপে সাহিত্যক প্ৰতিষ্ঠা কৰাটো অৱশ্যেই হ’ব এটা কঠিন কাম! চিঠিখন ইয়াৰ লগতে প্ৰকাশ কৰিছো। 

এইবাৰৰ গ্ৰন্থমেলাত পাঁচ কোটিৰো অধিক গ্ৰন্থ বিক্ৰী হোৱাটো বৰ ভাল কথা। ভাল পঢ়ুৱৈ থাকিলে ভাল লেখকো ওলাব। কিন্তু আমি সচতন থাকিব লাগিব। সঁচা কথাটো হৈছে, কিতাপ বিক্ৰীৰ সূচকে সাহিত্যৰ মান নিৰূপণ নকৰে, নকৰে ক্ষণিক জনপ্ৰিয়তাইও। শইকীয়া ছাৰে (ড° ভবেন্দ্ৰনাথ শইকীয়া) কোৱা এষাৰ সোণসেৰীয়া কথা মই সদায় স্মৰণ কৰোঁ – “পেনপেনীয়া সাহিত্য বছৰি বহুত সৃষ্টি হয়, কিন্তু মগজ খটুৱাই পৰিশ্ৰম কৰি লেখা ভাবগধুৰ সাহিত্যহে ভৱিষ্যতলৈ জীয়াই থাকে!”