মনত পৰিছে ডঃ শইকীয়া ছাৰে ১৯৮৯ চনত লিখা
এখন অপূৰ্ব ৰম্য ৰচনালৈ৷ সেই বছৰৰে মে’ মাহত “বুধবাৰ” নামৰ কাকত খনত সত্যপ্ৰিয় পাঠক ছদ্মনামেৰে ৰচনাখন প্ৰকাশ হৈছিল আৰু “কল্পলোকৰ কাহিনী” নামৰ কিতাপখনত পিছলৈ সন্নিৱিষ্ট হৈছে৷
ছাৰৰ এই ৰচনাখন যথেষ্ট জনপ্ৰিয় আৰু প্ৰায় সকলোৱেই পঢ়িছে৷ তথাপিও, পাঠক সকলৰ সুবিধাৰ্থে ইয়াত মই আকৌ টাইপ কৰি দিছো৷ এই ৰচনাখনৰ সোঁৱৰণীৰেই তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ৷
….. .....
পৰম প্ৰিয়
বন্ধুবৰ
অলপ সময়
চিৎ হৈ পৰি থাকি, ‘শয়নে পদ্মনাভি’ বুলি বাঁও-কাতি হৈ শুলো৷ তাৰ কিছুসময়ৰ পাছতে মোৰ
সমূখত এক মূৰ্তিৰ আবিৰ্ভাৱ হ’ল৷ শুভ্ৰ, সৌম্য, জ্যোতিৰ্ময়৷ ডাঢ়ি-গোফ দেখি ঋষি যেনো লাগিল, ইফালে সাজ-পাৰ-অলংকাৰ দেখি দেৱতা
যেনো লাগিল৷ ছেণ্ডেলযোৰ আকৌ জুলিয়াছ চিজাৰ টাইপৰ৷
‘প্ৰণাম’৷ – ভেকুলী গেঞ্জিৰ বাহিৰত হাত দুখনৰ যিমান ওলাই আছিল গোটেইখিনি ছিলিঙৰ
ফালে ডাঙি ক’লো৷ ‘দীৰ্ঘজীৱী হোৱা’- জাতীয় কিবা এটা কৈ দিয়ে বুলি ভয়তে ‘গুৰুদেৱ-পিতামহশ্ৰী’-
জাতীয় একো সম্বোধন নকৰিলো৷ কাৰণ মোৰ দীৰ্ঘজীৱী হোৱাৰ অকণো ইচ্ছা নাই৷
“তোৰ ওপৰত মই সন্তুষ্ট হৈছো” – মাতটোত টেম্পাৰ আছে, কিন্তু চেহেৰা হিচাপে
সিমান গৰগৰীয়া নহয়৷
“কিয় ছাৰ?”- ক শ্ৰেনীৰ পৰা ট্ৰেইনিং, ওলাই গ’ল ফচকৈ ‘ছাৰ’ শব্দটো৷
‘‘কিয় সেইবোৰ জনাৰ তোৰ কোনো দৰকাৰ নাই৷ তোৰ বাপেৰেও অলপ-অচৰপ ভাল কাম কৰিছিল,
মাৰেও বেয়া কাম বেছি কৰা নাছিল৷ মোটামোটি তই এটা বৰ পাবৰ যোগ্য৷ ক তোৰ কি কৰাৰ
ইচ্ছা আছে?”
‘‘মোৰ ছাৰ – এই পৃথিৱীখনৰ অন্যায়-অনাচাৰ-দুৰ্নীতি এইবোৰ দূৰ কৰাৰ বৰ ইচ্ছা
আছে ছাৰ৷’’
ঋষি-দেৱতাই চাদৰৰ আগেৰে নাকটো চেপি ধৰি দুবাৰ সিঁত-সিঁত কৰিলে, তাৰ পাছত পানী
লগা মাতেৰে ক’লে, “ঠিক আছে৷ মই বৰ দিলো, তই ইচ্ছা কৰিলেই অদৃশ্য হৈ যাব পাৰিবি৷ লগতে
তোৰ খুচীমতে আৰু এটা বস্তু, গৰু-ম’হ-পিষ্টল-ফাউন্টেন পে’ন – যি ইচ্ছা অদৃশ্য কৰি ল’ব
পাৰিবি৷ মুহূৰ্ততে য’লৈকে ইচ্ছা যাব পাৰিবি৷
পৃথিৱীৰ যি ভাষা ক’ব খোজ ক’ব পাৰিবি৷ এই বৰটোকে কামত লগাই যি পাৰ কৰ৷ কিন্তু চাবি,
এবাৰ ফাল্টু কাম কৰিলেই এটা চাঞ্চ যাব৷ মুঠতে দুটা চাঞ্চ পাবি৷ তই প্ৰতিটো কাম কৰাৰ
পাছতে মই সেই আমগছজোপাৰ ফালৰ পৰা কমেন্ট দি থাকিম৷ এ তেয়া মই যাওঁ৷ টোপনি যাৱ যদি
অলপ শুই ল৷”
জুলিয়াচ
চিজাৰ মাৰ্কা চেণ্ডেলেৰে ছটপ-ছটপ শব্দ কৰি ঋষি-দেৱতা কোঠাটোৰ চুকৰ ফালে গ’ল৷ সেই
ফালে দুৱাৰো নাই চুৱাৰো নাই, তথাপি চুকটো পোৱাৰ পাছতে জীৱফেৰা অদৃশ্য হ’ল৷ কেৱল
ব্লাউজৰ চিপি বুটাম মৰাৰ সমান পিটিককৈ এটা শব্দ হ’ল৷
মোৰ ক’ত
টোপনি যায়? কি কৰা যায় ভাবিবলৈ ল’লো৷ শেষ নিশা ঠিক কৰিলো এক ডাঙৰ সুবিধা পাইছোঁ,
এই সুবিধা সৰ্বতোপ্ৰকাৰে প্ৰয়োগ কৰি মই পৃথিৱীখন চাফা কৰাৰ চেষ্টা কৰিম৷ কি কৰিম
ঠিক কৰি পেলালো৷
পাছদিনা
‘ইলেক্ট্ৰনিকছ ইণ্ডিয়া’ নামৰ দোকানখনলৈ গ’লো৷ হাতত হৰ্ণটো লৈ বক্তৃতা দিব পৰা মাইক্ৰফোন
ছেট এটা বিচাৰিলো৷ দোকানীয়ে বস্তুটো উলিয়াই দিলে৷ এমপ্লিফায়াৰ বাকছটো পিঠিত পেটিৰে
ভিক্ট’ৰিয়া স্কুলৰ সৰু ল’ৰাৰ কিতাপৰ বেগৰ নিচিনাকৈ বান্ধি ল’ব লাগে, আৰু হৰ্ণটো পানীৰ
বটলৰ নিচিনাকৈ হাতত ল’ব লাগে৷ কমফৰটেবল৷ দোকানীয়ে ট্ৰায়েল দিওঁতেই ভালকৈ পিন্ধিয়েই
ল’লো৷ পইচা দিলো৷ ওলাই আহিলো৷ ফুটপাথ পায়েই …. হাৱা৷ ময়ো, মাইক্ৰফোন ছেটটোও৷
চাৰিআলিৰ
দোকানখনৰ ফাৰ্ষ্ট ফ্ল’ৰৰ বেলকনিত উঠি লৈ ৰাস্তাৰ মানুহক সম্বোধি উদাত্ত কন্ঠে ক’বলৈ
ধৰিলো, - “ৰাইজ, কষ্ট কৰক, হাড় ভঙা পৰিশ্ৰম কৰক, সৎ পথত থাকি দহৰ, দেশৰ বাবে যি পাৰে
কৰক, দুৰ্নীতিক সাত-শত্ৰু বুলি বিসৰ্জন দিয়ক৷…..”
তলত জনসমূদ্ৰ৷
পিন ড্ৰপ ছাইলেন্স৷ ট্ৰেফিক পুলিছৰ ছাংখনত খোদ ইন্সপেক্টৰ জেনেৰেল অৱ পুলিছ৷ সকলো
হতভম্ব কোনে দিয়ে এই বাণী!
তাৰ পৰাই
চিধাই চৌকিডিঙি৷ – “ৰাইজ, দেশখন ৰসাতলে যায় এতিয়া৷ আপোনালোকে কুম্ভকৰ্ণ নিদ্ৰা পৰিহাৰ
কৰক৷ আমাৰ মহান নেতাসকলৰ আদৰ্শেৰে মহীয়ান হৈ সত্যৰ পথত থাকি …..৷”
তাৰ পৰা
একে কোবেই ৰাম জনমভূমি-বাবৰি মছজিদৰ প্ৰাংগন৷ – “ৰাইজ, ধৰ্মৰ কুৎসিৎ প্ৰাচীৰ ভাঙি
পেলাওক৷ কি হিন্দু, কি মুছলমান সকলোৱে ভেদাভেদ পাহৰি কেৱল মানুহ বুলি ভাবি পৰস্পৰক
আঁকোৱালি লওক৷….”
তাৰ পাছত
পাৰ্লিয়ামেন্ট ভৱন৷ দুয়ো সদনৰ যুটীয়া অধিৱেশন চলি আছে, গ’লো সোমায়৷ দৰ্শকৰ গেলেৰিত
থিয় হৈ আৰম্ভ কৰিলো, “মিষ্টাৰ স্পিকাৰছাৰ, এণ্ড এষ্টিমড মেম্বাৰছ, জনগণৰ প্ৰতিনিধি
হিচাপে আজি আপোনালোকে তুচ্ছ ৰাজনৈতিক ভেদাভেদ পাহৰি, দলীয় স্বাৰ্থ জলাঞ্জলি দি, ব্যক্তি
স্বাৰ্থ পৰিহাৰ কৰি, জনগণৰ কল্যানৰ হকে…৷”
এঘন্টাৰ
পাছতে অমৃতসৰৰ স্বৰ্ণমন্দিৰ – “পৰম প্ৰিয় বন্ধুসকল, আমাক ৰাজনীতিয়ে নুখুৱায়, ধৰ্মই
নুখুৱায়, সুকীয়া ৰাষ্ট্ৰ এখনে নুখুৱায়, খুৱায় মনুষ্যত্বই৷ হিংসাই আমাক ৰক্তাক্ত কৰে,
প্ৰেমে আমাক সুন্দৰ কৰে৷ বন্ধুসকল…৷”
সকলো ঠাইতে
ৰাইজ হতবাক৷ যেন দৈৱবাণীহে শুনিছে৷ ৰাতি যেতিয়া ঘৰ সোমাই, দৃশ্য হৈ, পিঠিৰ পৰা বেগ
খোলোঁ, তেতিয়া প্ৰায় লেবেজান৷ তথাপি এক বিৰাট তৃপ্তি৷ দেশখনৰ মংগলৰ কাৰণে এদিনতে
বহুত কৰিলো৷ বিছনাখনৰ ফালে গৈছোঁ, এনেতে আম গছজোপাৰ ফালৰ পৰা শব্দ আহিল, - ফাল্টু!
ফাল্টু কামত বৰটো বৰবাদ কৰিলি৷ এটা চাঞ্চ গ’ল৷ থাকিল এটা৷’
তাৰ পাছত
চাৰিওফালে মহাশূন্যৰ নিস্তব্ধতা! ইমানবোৰ বাণী জাৰিলোঁ- চব ফাল্টু?
মাত্ৰ এটা
চাঞ্চ বাকী৷ কিছুদিন অদৃশ্য হৈ দিহিঙে-দিপাঙে ঘুৰি ফুৰিলো৷ অফাল্টু কাম কৰিব লাগিব৷
অফাল্টু৷
ঘুৰি ফুৰোঁতে
কিছুমান দৃশ্য নিৰীক্ষণ কৰিলো অসংখ্য ঠাইত৷ যিবোৰ ঘটনা হঠাতে কেনেবাকৈ এবাৰ ঘটে,
সেইবোৰ বাদ দিলো, কিন্তু যিবোৰ ঘটনা নিয়মিতভাৱে ঘটি আছে, তাৰ এখন তালিকা কৰিলো৷
এইবাৰ মন স্থিৰ কৰিলো৷ তিনি ফুট দীঘল, হাতৰ বুঢ়া আঙুলিটোৰ সমান মোটা, পকা বেত এডাল
যোগাৰ কৰিলো৷ দুয়ো হাতেৰে দুয়ো মূৰে ধৰি ভিৰাই চালো৷ ফ্লেক্সিবল৷ তেল সানি বেতডাল
চিকচিকিয়া কৰি ল’লো৷ তাৰ পাছত এদিন মই আৰু বেতডাল অদৃশ্য হ’লো৷
ছুট-টাই
পিন্ধা মানুহটোৱে এটাচি কে’ছটো খুলি শকত লেফাফা এটা অফিছাৰজনক দিছে, অফিছাৰজনে লেফাফাটো
লৈ সাউৎকৈ ড্ৰয়াৰত ভৰাইছে, এনেতে সাৰৌপ- সাৰৌপ-সাৰৌপ৷ দুয়োটাকে৷ কোঠাটোৰ পৰা
ওলাই দুয়োটা কৰিডৰেদি দৌৰিছে৷ লগে লগে ময়ো, সাৰৌপ- সাৰৌপ- সাৰৌপ৷ সিহঁত দৌৰিছে-দৌৰিছে৷
একদম বৰবজাৰ পোৱাই দিলো৷ দুয়োটা বেহুঁচ৷
গোটেই
চহৰত আলোড়ন৷ গধূলি ৰয়টাৰলৈ ফোন কৰিলো, - এই-এই কাৰণত এই কাম কৰা হৈছে৷ মোৰ নাম
অফাল্টু৷
ৰাতি আমগছৰ
পৰা আৱাজ – ‘চাব্বাছ’!
বাটৰ কাষৰ
ৰেলিং৷ তিনিখন স্কুটাৰ৷ প্ৰাণী পাচঁটা৷ বন্দনা ভট্টাচাৰ্য বাটেদি আহি আছে৷ সেইখিনি
পাওঁতেই এটাই, ‘ভন্টি, অনুগ্ৰহ কৰি তোমাৰ সৌন্দৰ্যৰাশি মোক – ‘
ছাটাপ-ছাটাপ-ছাটাপ৷
সি স্কুটাৰৰ পৰা বাগৰি পৰিল৷ ছাটাপ-ছাটাপ-ছাটাপ৷ সি ফুটপাথেদি দৌৰিছে৷ ছাটাপ-ছাটাপ৷
হামখুৰি খাই পৰিছে৷ ছাটাপ-ছাটাপ৷ সি তাৰ ঘৰৰ ফালে দৌৰিছে৷ তেজেৰে তাৰ চোলা ৰাঙলী
হৈ গৈছে৷ ছাটাপ-ছাটাপ৷ আতুৰ হৈ সি ঘৰৰ দুৱাৰত ঢকিয়াইছে – মা-মা !
মাকে বিস্তাৰিত
নেত্ৰে দেখিলে – দুখন অদৃশ্য হাতে তাৰ চোলাটো খুলি দিছে৷ তাৰ গাত যেন আৰ বেত লগোৱাৰ
ঠাই নাই৷
গধূলি ৰয়টাৰলৈ
ফোন৷ এই-এই কাৰণত৷ মই অফাল্টু৷
এইমাত্ৰ
সিদ্ধান্ত হ’ল, হৰিহৰে এই দল এৰি সেই দলত যোগ দিব৷ বন্দবস্ত সাত লাখ টকা৷ পৰহিলৈ মিনিষ্ট্ৰিৰ
পতন৷ হৰিহৰে হাঁহি এটা মাৰি ৰুমালেৰে মুখ মচিছে, এনেতে ছাটাপ-ছাটাপ-ছাটাপ-ছাটাপ৷ কি
হ’ল কি হ’ল বুলি ওচৰ চাপি অহা এটাইকেইটাৰে কাণে-মূৰে ছাটাপ-ছাটাপ-ছাটাপ৷ উজ্জ্বল দিবালোকত
উন্মাদৰ নিচিনাকৈ হৰিহৰ দৌৰিছে আৰু ডেৰ ছেকেণ্ডত এটাকৈ পকা বেতৰ কোব – ছাটাপ৷
‘নহয়-নহয়,
আপুনি এহেজাৰ এটকা দিবই লাগিব৷ নহ’লে আপুনি ইয়াত চান্তিৰে বেব্চা কৰিব নোৱাৰিব৷’
ছাটাপ-ছাটাপ-ছাটাপ৷
এইমাত্ৰ
বন্দবস্ত হৈছে৷ বিশ্বজিত বাবুৰ ট্ৰেন্সফাৰ অৰ্ডাৰটো হ’ব৷ নগদ ত্ৰিশ হাজাৰৰ লেনদেন৷
ছাটাপ-ছাটাপ-ছাটাপ৷
টেলিফোন
লাইন ঠিক কৰিম বুলি এইকেইটাই সদায় এঘন্টা মানকৈ কাম কৰি বাকিখিনি সময় চুখা মলে, আড্ডা
মাৰে৷ ছাটাপ-ছাটাপ-ছাটাপ৷
ইতিমধ্যে
ৰয়টাৰলৈ ফোন গৈ আছে৷ ৰাতি ৰাতি আম গছৰ পৰা আৱাজ আহে – চাব্বাচ!
সমগ্ৰ পৃথিৱীত
তোলপাৰ লাগিছে৷ ভয়ৰ কোবত চবেই তললৈ চাই সুৰসুৰকৈ খোজ কাঢ়িবলৈ লৈছে৷ অফিছ-কাচাৰী
বহাৰ আধা ঘন্টাৰ আগতে সকলোৱে নিজ চকীত বহিবলৈ হুৰমূৰ লগাইছে৷ ডাক্তৰ বেমাৰীৰ ওচৰৰ
পৰা নুঠা হৈছে৷ ৰেল-বাছৰ চলাচল চাই মানুহে ঘড়ী মিলাইছে৷
মোৰ তালিকাখন
বৰ দীঘল৷ সৌটোৱে ক্লাছত পঢ়োৱাৰ নামত মুগাবৰণীয়া আওপুৰণি ন’ট সোপা লৈ কি কৰি থাকে,
তাৰ পৰা আৰম্ভ কৰি বফৰছ, দক্ষিণ আফ্ৰিকা, ইজৰাইললৈকে চকু ৰাখিছোঁ৷ মাত্ৰ এটা চাঞ্চ৷
এই চাঞ্চতে – ৷