Friday, June 26, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ২

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড-২
মৰুভূমিৰ মাজৰ মোৰ গাওঁখনি

আৰম্ভণিৰ পৰা আৰম্ভ কৰাটোৱেই আটাইতকৈ নিৰাপদ।

মই উপজিবৰ সময়ত মাৰ কাষত উপস্থিত থকা লোকৰপৰা মোৰ জন্ম ক’ত হৈছিল সেইকথা মই নিশ্চিতভাবে জানিব পাৰিছিলোঁ। কিন্তু জন্মৰ সময়টো নিভুৰ্লভাবে জনাৰ সুবিধা কেতিয়াও নোলাল৷ সেয়ে মোৰ জন্মৰ তাৰিখ অনুমানৰ ভেটিতহে প্ৰতিষ্ঠিত। পাঞ্জাৱৰ হাদালি নামৰ সৰু গাওঁখনত মোৰ জন্ম হৈছিল। থৰ মৰুভূমিৰ বালিৰ বুকুৰ সেই ঠাইখনৰ তেতিয়াৰ ৰূপ এতিয়া প্ৰায় নিশ্চিহ্ন হৈ গ’ল৷ ঠাইখন আছিল ঝিলাম নদীৰ পৰা ৩০ কিঃমিঃ দক্ষিণ দিশত, ‘খেউৰা ছল্ট ৰেঞ্জ’-ৰ পৰাও প্ৰায় সেই একে দূৰত্বতে। হাদালি এতিয়া পাকিস্তানৰ অন্তৰ্গত, সীমাৰ পৰা যথেষ্ট ভিতৰত। যি সময়ত মোৰ জন্ম হৈছিল সেই সময়ত মোৰ দেউতা শোভা সিং আৰু ককা সুজন সিং দিল্লীত আছিল৷ মোৰ জন্মৰ খবৰ যেতিয়া দেউতাৰ ওচৰ পাইছিলগৈ তেখেতে তাৰিখটো ডায়েৰীত লিখি থ’বলৈ আহৰি নাপালে৷ মই তেখেতৰ দ্বিতীয় পুত্ৰ৷ সেই সময়ত আমাৰ গাঁৱত জন্ম-মৃত্যুৰ তাৰিখৰ খতিয়ান ৰখাৰ কোনো নিয়ম নাছিল৷ হিন্দুসকলে জন্মৰ তাৰিখটো মনত ৰাখিছিল জন্ম-পত্ৰিকা তৈয়াৰ কৰিবৰ বাবে৷ শিখসকলৰ জ্যোতিষশাস্ত্ৰত বিশ্বাস নাই; সেয়ে জন্ম-মৃত্যুৰ সময়ৰ কথা মনত ৰখাৰ প্ৰতিও কাৰো কোনো আগ্ৰহ নাছিল৷ বহু বছৰৰ পিছত দিল্লীৰ মডাৰ্ণ স্কুলত নাম ভৰ্ত্তি কৰিবৰ সময়ত যেতিয়া জন্ম তাৰিখৰ প্ৰয়োজন হ’ল, দেউতাই কল্পনা শক্তিৰে মোৰ আৰু ককাইদেউৰ তাৰিখ দুটা ঠিক কৰিলে৷ মোৰ ভাগত পৰা তাৰিখটো হ’ল - ১৯১৫ চনৰ ২ ফেব্ৰুৱাৰী৷ তাৰ বহুবছৰৰ পিছত এদিন আইতাই কৈছিল মোৰ জন্ম হেনো আচলতে ভাদ মাহতহে৷ সেই হিচাপে ইংৰাজী মাহটো আগষ্ট হব লাগে। মই নিজে আগষ্ট মাহৰ মাজৰ দিনটো অৰ্থাৎ ১৫ আগষ্টই মোৰ আচল জন্মদিন বুলি সিদ্ধান্ত লৈ থ’লো। তাৰমানে, হিন্দু পঞ্জিকা মতে মই সিংহ ৰাশিৰ মানুহ৷ আমোদজনক কথা, তাৰ ৩২ বছৰৰ পিছত, ১৯৪৭ চনৰ পিছৰপৰা, এই তাৰিখটোৱেই স্বাধীন ভাৰতৰ জন্মদিন হিচাপেও স্বীকৃত হৈ গ’ল।

জন্মৰ কিছুদিনৰ পিছত মই যেতিয়া থিয়দঙা দিব পৰা হ’লো, এবাৰ দেউতা গাঁৱলৈ আহি মা আৰু ককাইদেউক দিল্লীলৈ লৈ গ’ল। সেই সময়ত দেউতা আৰু ককাদেউতাই ঘৰ সজা ঠিকাৰ কাম কৰিছিল। মই আইতাৰ লগত হাদালিতে থাকি গ’লো৷ সেয়ে মোৰ জীৱনৰ পাতনিৰ কেইবাটাও বছৰত মোৰ একমাত্ৰ সংগী আৰু বন্ধু আছিল মোৰ আইতা। তেখেতৰ নাম, মই বহু বছৰৰ পিছতহে জানিছিলো - লক্ষ্মীবাই৷ আমি আইতাক ভাবীজী বুলি মাতিছিলো৷ আইতাৰ দৰে মোৰ মাৰ নামটোও আছিল মহাৰাষ্ট্ৰৰ হিন্দু তিৰোতাৰ দৰে – ৱীৰণবাই।

হাদালিত থকা দিনবোৰৰ ছঁয়াময়া স্মৃতিহে মোৰ মনত আছে৷ গাওঁখনত সৰ্বমুঠ তিনিশটামান পৰিয়ালে বাস কৰিছিল৷ বেছিভাগেই বালুছিস্থান মূলৰ মুছলমানলোক। তেওঁলোকৰ দেহৰ আকাৰ আছিল হৃষ্ট-পুষ্ট। বহুতেই ইংৰাজ সেনা বাহিনীত চিপাহীৰ কাম কৰিবলৈ গৈছিল; গাঁৱত চিপাহীৰপৰা অৱসৰ পোৱা লোকো অনেক আছিল৷ সেই সময়ত ভাইচৰয়ৰ ব্যক্তিগত সুৰক্ষা গাৰ্ডৰ চাকৰী কৰা অনেক কৰ্মচাৰী আহিছিল হাদালি গাঁৱৰপৰাই৷ আমাৰ গাঁৱৰ ওচৰত থকা ৰে’ল ষ্টেচনটোত এখন মাৰ্বলৰ ফলক আছিল, য’ত লিখা আছিল – “প্ৰথম বিশ্বযুদ্ধৰ সময়ত এই হাদালি গাঁৱৰপৰাই দেশৰ ভিতৰতে সৰ্বোচ্চ সংখ্যক লোকে সেনাবাহিনীত যোগদান কৰিছিল।” পঞ্চাশটামান শিখ আৰু হিন্দু পৰিয়ালো আছিল। তেওঁলোকৰ প্ৰধান ব্যৱসায় আছিল খুচুৰা সামগ্ৰীৰ দোকান আৰু সুদলৈ ধন ধাৰে দিয়া। মোৰ পূৰ্বপুৰুষসকল, মানে মোৰ আজোককা ইন্দৰ সিং আৰু তেখেতৰ পিতৃ প্যাৰেলাল, যি শিখ ধৰ্ম গ্ৰহণ কৰি ছহেইল সিং নাম লৈছিল - তেওঁলোকে প্ৰধানকৈ ব্যৱসায়ৰ কামকে কৰিছিল। খেউৰাত থকা লোণৰ খনিৰপৰা লোণ আৰু মৰুভূমিৰ একমাত্ৰ ফল খেজুৰৰ টোপোলা এজাক উটৰ ওপৰত বোজাই দি লাহোৰ, অমৃতসৰ আদি দূৰ দূৰণিৰ ঠাইলৈ লৈ যোৱাটোৱেই আছিল তেওঁলোকৰ প্ৰধান ব্যৱসায়৷ ওভোতনি যাত্ৰাত কাপোৰ, কেৰাচিন তেল, চাহপাত, চেনি, মছলা আদি এই উটবিলাকে আমাৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছিল৷ পিছলৈ মোৰ ককাদেউতা আৰু দেউতাই ঘৰ সজা ঠিকাৰ কামত হাত দিছিল৷ “কালকা-ছিমলা” ৰে’লপথটো নিমাৰ্ণৰ সময়ত দেউতা আৰু ককাদেউতা মিলি মিটাৰগজ ৰেলপথটোৰো এটা অংশ তৈয়াৰ কৰিছিল৷

হাদালি গাঁৱত আমাৰ পৰিয়ালৰ অৱস্থা যথেষ্ট সচ্ছল আছিল৷ ইটা গাঁঠি সজা ডাঙৰ ঘৰৰ চৌহদ এটাত আমি বাস কৰিছিলোঁ৷ চৌহদটোত মহ ৰখা এটা গোহালিৰ লগতে এখন প্ৰকাণ্ড চোতাল আৰু এটা কুঁৱা আছিল৷ আলিবাটৰ পৰা চৌহদটোলৈ সোমাই আহিবলৈ কাঠৰ এখন ডাঙৰ দুৱাৰ আছিল যদিও সেইখন কাচিৎ কেতিয়াবাহে খোলা হৈছিল৷ মূল দুৱাৰখনৰ লগতে ওলোৱা-সোমোৱা কৰিবলৈ সুবিধাজনক ব্যৱস্থা এটা কৰি লোৱা হৈছিল৷ কেইবাজনো হিন্দু আৰু শিখলোকে আমাৰ ঘৰত কাম কৰিছিল৷ বোজা কঢ়িয়াই লৈ যোৱা উটৰ লগত অহা-যোৱা কৰিবলৈ অনেক মুছলমানলোককো নিযুক্ত কৰা হৈছিল৷ কিছুমান মুছলমান পৰিয়ালে আমাৰ পৰা ধন ধাৰেও নিছিল৷


আমাৰ পৰিয়ালৰ প্ৰাচুৰ্যই এসময়ত প্ৰবাদ কাহিনীৰ ৰূপ পাইছিলগৈ৷ এবাৰ আমাৰ চুবুৰীয়া ছল্ট ৰেঞ্জ অঞ্চলত প্ৰবল বৰষুণৰ ফলত হঠাতে বানপানী আহিল; ঘৰ-দুৱাৰ আৰু জীৱ-জন্তুক লৈ মানুহৰ মাজত হাঁহাকাৰ লাগিবলৈ ধৰিলে৷ সেই ঠাইৰ মুছলমানৰ পৱিত্ৰ গুৰু ছৈদা পীৰে মুমূৰ্ষু অৱস্থাত একবস্ত্ৰ হৈ হাদালি ওলালহি৷ মোৰ ককাদেউতা সুজন সিঙে তেখেতক আকোৱালি লৈ ভাত কাপোৰৰ যোগান ধৰাৰ লগতে মাটি এটুকুৰাত ঘৰ এটাও সাজি দি পীৰ বাবাক আশ্ৰয় দিলে। ছৈদা পীৰে সন্তুষ্ট হৈ ককাক হেনো বৰ দিছিল - তোমাৰ দুটা পুত্ৰ সন্তানে উন্নতিৰ জখলাত উঠি এদিন দিল্লী আৰু লাহোৰৰ সঁচাৰকাঠিৰ গৰাকী হ’বগৈ৷ আৰু সঁচাকৈয়ে, উন্নতি তেওঁলোকৰ নোহোৱাকৈ থকা নাছিল৷ নতুন দিল্লী নিৰ্মাণৰ সময়ত মোৰ দেউতাই ভৱন নিমাৰ্ণৰ ঠিকাদাৰ হিচাপে কৃতকাৰ্যতাৰ শিখৰ চুইছিলগৈ আৰু খুৰাদেউ উজ্জ্বল সিং স্বাধীনতাৰ আগৰ পাঞ্জাৱ প্ৰদেশৰ সবোৰ্ত্তম ভূ-সম্পত্তিৰ মালিক হৈছিলগৈ৷ পিছলৈ তেখেত বিধায়ক, স্বাধীন ভাৰতত পাঞ্জাৱৰ বিত্তমন্ত্ৰী আৰু শেষত ৰাজ্যপাল হৈছিলগৈ৷ তামিলনাডুৰ ৰাজ্যপাল হিচাপে তেখেতে কৰ্মজীৱনৰ সামৰণি মাৰিছিল৷

আমাৰ গাঁৱৰ শিখ আৰু হিন্দুলোকসকলৰ মনত মুছলমান সকলৰ প্ৰতি কিছু অসাম্যতাৰ ভাব থাকিলেও দুয়ো শান্তিৰে বাস কৰিছিল৷ তেওঁলোকৰ জ্যেষ্ঠজনক আমি পৰিয়ালৰ জ্যেষ্ঠজনৰ দৰেই সম্বোধন কৰি মাতিছিলোঁ, যদিও তেওঁলোকৰ ঘৰৰ লগত আহযাহ কেতিয়াবাহে হৈছিল৷ অৱশ্যে বিবাহ, শ্ৰাদ্ধ আদি অনুষ্ঠানত আটায়ে যোগ দিছিলোঁ৷ তেওঁলোকে আমাক কিছু সমীহ কৰি চলিছিল৷ শৰীৰৰ ফালৰ পৰা তেওঁলোকৰ স্বাস্থ্য আমাতকৈ বহুত ভাল আছিল৷ মানুহখিনিৰ মাজত জাত-পাতৰ যথেষ্ট ভেদাভেদ আছিল – ৱাধাল, মাষ্টিয়াল, আৱান, জানজুৱাছ, নুন আৰু টিৱানা। এটা ফৈদৰ লগত আন এটাৰ প্ৰায়ে বিবাদ হৈছিল। আনকি কেতিয়াবা হত্যা পৰ্যন্ত হৈছিল৷ আমি সততে তেওঁলোকৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিছিলো৷

আমাৰ গাঁৱৰ আলি-গলিত তেওঁলোকৰ অহা-যোৱাৰ দৃশ্য এতিয়াও মোৰ মানস পটত ভাঁহি আছে৷ তেওঁলোকৰ বেছিভাগেই ছয়ফুটৰো ওখ হৃষ্ট-পুষ্ট বলিষ্ঠ চেহেৰাৰ লোক৷ তেওঁলোকৰ বহুতে উট আৰু ভেৰা ছাগলীৰ নোমৰ পৰা ঊল প্ৰস্তুত কৰা ব্যৱসায়ৰ লগত জড়িত আছিল৷ মহিলাসকলো আছিল ওখ পাখ, লাহী আৰু সুগঢ়ী৷ তেওঁলোকে পানীভৰ্ত্তি দুটা কলহ মুৰৰ ওপৰত আৰু আন এটা কঁকালত লৈ অনায়াসে কঢ়িয়াই নিব পাৰিছিল৷ কলহৰ পানী পৰি গাত থকা কাপোৰ প্ৰায়েই তিতিছিল আৰু তিতা কাপোৰৰ ওপৰেদি তেওঁলোকৰ কৃষ্ণবৰ্ণ স্তনাগ্ৰ সহিত সমস্ত বক্ষপ্ৰদেশ আৰু উন্নত নিতম্ব প্ৰকট হৈ পৰিছিল৷ মাটি লেখি গৈ থকা তেওঁলোকৰ দৃষ্টিয়ে কালৈকো মুৰ তুলি চোৱা নাছিল৷ ৰাষ্টাৰ আন মানুহৰ চকুবোৰে যে তেওঁলোকক গিলি পেলাব খুজিছে সেই কথাটো তেওঁলোকে বুজি পাইছিল আৰু সততে সেই দৃষ্টি উপেক্ষা কৰি চলিছিল৷ যদিও মোৰ বয়স তেতিয়া চাৰি বছৰৰ বেছি হোৱা নাছিল, তেতিয়াই মোৰ সুবিধা পালেই নাৰীৰ এই দৃষ্টিনন্দন ৰূপ-ৰস উপভোগ কৰাৰ এক গোপন অভ্যাস গঢ়ি উঠিছিল৷ (আগলৈ..)

Friday, June 19, 2020

ট্ৰথ, লাভ এণ্ড এ লিটিল মেলিচ - ১

ট্ৰথ, লাভ এণ্ড এ লিটিল মেলিচ
( প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড-১
পাতনি

অনেক সংকোচ আৰু কুণ্ঠাবোধেৰে মই আত্মজীৱনীখন লিখাৰ কাম হাতত লৈছিলোঁ৷ এনে লাগিছিল এইখনেই যেন মোৰ জীৱনৰ শেষ কিতাপ; জীৱনৰ বিয়লিবেলাত কলম আৰু চিয়াহীৰ শেষ খেলা! কাপৰ চিয়াহীও যেন লাহে লাহে নিঃশেষ হৈ আহিছে৷ আকৌ উপন্যাস লেখাৰ শক্তি এতিয়া আৰু মোৰ নাই৷ অনেক গল্পও আধালিখা অৱস্থাতে থাকিল৷ সেইবোৰ এতিয়া শেষ কৰাৰ বল বা মন এটাও মোৰ নাই৷ মোৰ বয়স এতিয়া ৮৭ বছৰ৷ প্ৰতিদিনেই মোৰ শৰীৰে মোৰ দেহত বাৰ্ধক্যৰ উপস্থিতিৰ কথা ঘোষণা কৰিব লাগিছে৷ মোৰ স্মৃতি শক্তি - যি এসময়ত মোৰ পৰম গৌৰৱৰ কাৰণ আছিল, এতিয়া ক্ৰমান্বয়ে যেন ধূসৰ হৈ আহিছে৷ এটা সময় আছিল যেতিয়া দিল্লী, লণ্ডন, পেৰিছ নতুবা নিউইয়ৰ্কত থকা মোৰ বন্ধুসকলক টেলিফোন কৰিবলৈ মোৰ টেলিফোন ডাইৰেক্টৰীৰ পাত লুটিয়াবৰ প্ৰয়োজনেই নহৈছিল৷ আৰু এতিয়া, মই নিজৰ টেলিফোন নম্বৰটোও প্ৰায়েই পাহৰি যাওঁ৷ আলৰ অৱস্থা পাবলৈ আৰু বেছিদিন নাই৷ দুয়োটা চকুতে ছানি পৰিছে৷ মূৰৰ বিষ আৰু ছায়নাচৰ সমস্যা আছেই৷ সামান্যভাবে মধুমেহ আৰু ৰক্তচাপতো মই ভুগি আছো৷ লগতে প্ৰষ্টেট গ্ৰন্থিৰ আকাৰো এতিয়া বাঢ়িছে; ই এতিয়া মাজে মাজে কামোদীপ্ত যৌৱনৰ দিনবোৰৰ দৰে এক ভুৱা যৌন তৃপ্তিৰ আনন্দ দিয়ে আৰু কেতিয়াবা মুত্ৰত্যাগ কৰিবলৈ পায়জামাৰ গাঁঠিটো খুলিবলৈও মই সময় নাপাওঁ। সোনকালেই অস্ত্ৰোপচাৰ কৰি ইয়াক উলিয়াই পেলোৱাৰ বাদে আন গতি নাই৷ অৱশ্যে ইয়াৰ লগতে যাব মোৰ ভুৱা তৃপ্তিৰ আস্বাদ আৰু যৌৱনৰ দিনৰ অলস চিন্তাৰ বিলাস৷ যোৱা দুটা দশকত মোৰ নাম উগ্ৰপন্থীৰ হিট্ লিষ্টত আছে৷ সৌ সিদিনালৈকে সুৰক্ষা বাহিনীয়ে মোৰ ঘৰৰ চৌহদ ঘেৰি ধৰি আছিল৷ টেনিছ খেলিবলৈ, সাঁতুৰিবলৈ, প্ৰাতঃভ্ৰমণ বা আন ক'ৰবালৈ যাওঁতে সুৰক্ষা কৰ্মীও মোৰ লগে লগে গৈছিল৷ মই নাভাবো যে উগ্ৰপন্থীয়ে মোক সঁচাকৈয়ে মাৰিব পাৰিব৷ কিন্তু যদি পাৰে, মই তেওঁলোকক ধন্যবাদহে দিম, কাৰণ এনে মৃত্যুৱে মোক বাৰ্ধক্যৰ আলৰ অৱস্থাত শোৱাপাটীতে বিষ্ঠা ত্যাগ কৰা অথবা কোনোবা নাৰ্চে মোক চাফা কৰি দিব লগা মৰ্যদাহীন অৱস্থা এটাৰ পৰা মুক্তি দিব৷ মোৰ দেউতা-মা দুয়ো বহুদিন জীয়াই আছিল৷ নব্বৈ বছৰ বয়সত, বিলাতী সুৰাৰ পিয়লাত শেষ শোহাটো মৰাৰ কেইটামান মূহুৰ্তৰ পিছতে মোৰ দেউতাই শেষ নিশ্বাস ত্যাগ কৰিছিল৷ তাৰ আঠ বছৰৰ পিছত, মাৰ বয়স যেতিয়া ৯৪ বছৰ হৈছিল, তেখেতেও দেউতাৰ পথেই লৈছিল৷ অস্ফূট শব্দেৰে উচ্চাৰণ কৰা মাৰ শেষ শব্দটো আছিল – ৱিস্কি। এচামুচ বিলাতী সুৰা তেওঁৰ মুখত ঢালি দিয়া হৈছিল৷ সেয়া ভিতৰলৈ গ’ল কি নগ’ল, মায়ে চিৰদিনৰ কাৰণে চকু মুদিলে৷ মইও আশা কৰিছোঁ মোৰ সময় যেতিয়া আহিব, সুৰাৰ পিয়লাটোত শেষ ঢোকাটো মাৰি মইও সেই অনন্ত যাত্ৰালৈ খোজ ল’ম৷
মোৰ এই স্মৃতিকথা লিখাৰ কাম হাতত লৈও মই প্ৰায় চাৰি-পাঁচ বছৰ থমকি ৰ’ব লগা হৈছিল৷ অতীতৰ যিমান কথা মনত পৰে সেইবোৰ টুকি ৰাখিছিলোঁ আৰু তাক এক সৃজনীশীল ৰূপ দিয়াৰ চেষ্টা কৰিছিলোঁ৷ উৰ্দু কবি হাকিম মখমূৰে কোৱাৰ দৰে মইও অতীতৰ কথা এতিয়ালৈকে কাৰো আগত ব্যক্ত কৰা নাই৷
‘‘মোৰ জীৱন গাথা কাকো কোৱা নাই মই
একান্ত পৰম সম্পদ
নিজৰ বাবে আছুতীয়াকৈ ৰখা ই সাঁচতীয়া ৰূপ৷ ’’
এই ধন এতিয়া মই খৰচ কৰিবলৈ ওলাইছোঁ৷ কোনো লাজ, সংকোচ বা অনুশোচনা নোহোৱাকৈ মই মোৰ জীৱনৰ কথা ব্যক্ত কৰিম৷ বেঞ্জামিন ফ্ৰেঙ্কলিনে কৈছিল –
‘‘ আয়ুবেলি মাৰ গ’লে জীৱন শেষত
লুপ্ত হ’ব নুখুজিলে স্মৃতিৰ তলিত
এনেকুবা কাম কৰা যি লেখাৰ তুল্য
এনেকুৱা লেখা লিখা যি পঢ়াৰ যোগ্য৷’’
মই এনেকুৱা কোনো কাম কৰা নাই যে কোনোবাই সেই কামৰ কথা ক’ৰবাত লিখি থৈ যাব৷ মৃত্যুৰ পিছত স্মৃতিৰ গৰ্ভত হেৰাই নোযোৱাকৈ থকাৰ মোৰ সমূখত এটাই উপায় আছে - মই লিখিব লাগিব৷ ইতিহাসৰ কেইবাটাও ডাঙৰ ঘটনাৰ সাক্ষী হৈ ৰোৱাৰ মোৰ সৌভাগ্য হৈছিল৷ সাংবাদিক হিচাপে ইতিহাসক গতি দিয়া এনে অনেকলোকৰ মই সাক্ষাৎকাৰো লৈছিলোঁ৷ তথাকথিত বিখ্যাতলোকৰ অনুগামী মই নহয়৷ কেইবাজনো বিখ্যাত লোকৰ ওচৰ চপাৰ পিছত মোৰ মোহভংগ হৈছিল, তেওঁলোকৰ ওপৰত আৰোপ কৰা ‘মহানতা’ কপূৰ্ৰৰ দৰে উৰি গৈছিল৷ তেনে কেইবাজনকো মই অত্যন্ত সাধাৰণ, ভুৱা, মিথ্যাচাৰী হিচাপেহে আৱিস্কাৰ কৰিছিলো৷
নীৰৱ গদ্য সাধকৰ ভুৱা পৰিচয়ো মই নিদিওঁ৷ যোৱা পাচঁটা দশকৰ লেখাবোৰৰ বেছিভাগেই আচলতে সময়সীমাৰ বাধ্যবাধকতাত সৃষ্টি হোৱা ফচলহে৷ কাৰো উৎসাহৰ বাবে অপেক্ষা বা লেখাবোৰক পৰিমাৰ্জিত ৰূপ দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ সময় মই কেতিয়াও পোৱা নাই৷ এসময়ত ভাল গদ্য লেখাৰ যি অলপ শিকিছিলোঁ এতিয়া সেয়াও নাই৷ এই আত্মজীৱনীখন আচলতে কোনোবা বৃদ্ধৰ ঔৰসত জন্মহোৱা অবাঞ্চিত সন্তানৰ দৰেহে৷ ইয়াৰ পৰা বহুত বেছি আশা নকৰিব - কিছু আড্ডা, কিছু চুপতি, কিছু টনা-আজোৰা, কিছু আমোদ-প্ৰমোদ আৰু অৱশ্যেই কিছুমানৰ খ্যাতি আৰু যশস্যাৰ সৰ্বনাশ; ইয়াতকৈনো বেছি মই আৰু এতিয়া কি দিব পাৰোঁ। (আগলৈ)

Sunday, June 14, 2020

চিঠি



চিঠি  

তুলিকা সেনাপতিৰ মাতটো মোৰ বৰ প্ৰিয়৷ তেখেতৰ মাতত নিৰ্মলপ্ৰভা বৰদলৈৰ ‘সন্ধিয়াৰ আকাশত বগলী উৰে .. .. ’ গীতটো শুনিলে মোৰ পুৰুষসুলভ মনটোৰো  ‘‘মাকৰ ঘৰলৈ’’, অৰ্থাৎ গাৱঁৰ ঘৰখনলৈ উৰা মাৰে। বুজাব নোৱৰা এক বিষাদে মনটো ঢাকি ধৰেহি৷ গীতৰ কথা আৰু সুৰৰ কি এক অদ্ভুত মায়াজাল! ঠিক তেনেকৈ, ‘চিঠি পালোঁ, পঢ়ি চালোঁ, এই তুমি পাবাহি, কিযে কৰোঁ হায়.. ..’ গীতটোৱে মোক শৈশৱলৈ টানি নিয়ে৷ কাৰোবাৰ বাবে অধীৰ হৈ অপেক্ষা কৰি থকা মূহুৰ্তবোৰলৈ মনত পৰে, - কিমান উৎকণ্ঠা,  কিমান আবেগ, কিমান ব্যাকুলতা!

শিপা ধৰি ৰখাৰ প্ৰয়াসেৰে, অসমৰ বাহিৰত ডাঙৰ হোৱা মোৰ ল’ৰাদুটাক মই মাজে মাজে প্ৰৱচন দিওঁ, - ‘‘শুনচোন, মন-প্ৰাণ টানি ধৰা এয়া কিমান সুন্দৰ গীত৷’’ কিছুসময় তভক মাৰি শুনি থাকি ডাঙৰটোৱে কয়, - “সুৰটো ভালেই, ‘লিৰিকচ’-টোহে বুজি নাপালোঁ৷” লিৰিকচ মানে গীতৰ কথা৷ মনটো বেয়া লাগে, কিন্তু আচৰিত নহওঁ। ‘ৰিহা বাৰে-বৰণীয়া’, ‘বেৰৰ জলঙা’ আদি শব্দ সিহঁতে নুবুজাটোৱেই স্বাভাৱিক, কিন্তু ‘অহাৰ খবৰটো’ অকল চিঠি খনেহে কিয় দিব পাৰে সেইয়াও সিহঁতৰ বোধগম্য নহয়৷“ৱাটছ্আপ”, “ই-মেইল”-ৰ দিনত চিঠিৰ খবৰে ব্যাকুল কৰা এগৰাকী নাৰীৰ অনুভৱ, সিহঁতে হৃদয়ংগম কৰিব নোৱাৰে৷ সিহঁতৰ ভাব, - “ইমান টেনচন্ লোৱাৰ দৰকাৰ কি, কিমানদূৰ পাইছেহি ফোন কৰি সুধি ল’লেই হ’ল, সেইটো আৰু এটা গীত লিখিবলগীয়া বিষয় হ’ল নেকি!”

সময় সলনি হৈছে৷ আমাৰ দিনৰ অনুভৱে এতিয়া আৰু নৱ প্ৰজন্মক ব্যাকুল নকৰে৷ সিহঁতৰ বাবে নতুন নতুন কথা আহিছে৷ ব্যাকুল হ’ব পৰা নতুন নতুন অৱলম্বন ওলাইছে৷ তেনেহলে এনেবোৰ সুন্দৰ সৃষ্টি এদিন হেৰাই যাব নেকি? অকল চিঠিৰেইযে এসময়ত একোখন সম্পূৰ্ণ উপন্যাস লিখা হৈছিল, ইহঁতে হয়তো বিশ্বাসেই নকৰিব৷ বাংলা ভাষাৰ আলোচনী এখনত বহুদিনৰ আগতে এখন উপন্যাস পঢ়িছিলোঁ৷ প্ৰথম পুৰুষত লিখা কাহিনীটোৰ প্ৰধান চৰিত্ৰটো আছিল ডাকঘৰত কামকৰা মানুহ এজন ৷ তেওঁৰ দায়িত্ব আছিল, ঠিকনাবিহীন বা ডাক বিভাগে বিতৰণ কৰিব নোৱৰা ভুল ঠিকনাৰ চিঠিবোৰ পঢ়ি চোৱা আৰু তাৰ ওপৰত ব্যৱস্থা লোৱা৷ তেনেকুৱা চিঠিপত্ৰক “ ডে’ড লেটাৰ” বুলি কয়৷   উপন্যাসখন পঢ়ি মোৰ গাৰ নোম বাৰে বাৰে থিয় হৈ গৈছিল৷ উপন্যাসৰ চৰিত্ৰটোৱে অৱসৰৰ পিছত তেখেতৰ অভিজ্ঞতা ৰোমন্থন কৰিছে, তেওঁ লিপিবদ্ধ কৰিছে পাহৰিব নোৱাৰা কিছুমাৰ অসহায় মূহুৰ্তৰ  স্মৃতি৷ যেনে, নিৰ্যাতিতা বোৱাৰী এগৰাকীয়ে দেউতাকলৈ লিখা এখন আকূল আহ্বানৰ চিঠি,- “দেউতা, মই আৰু নোৱাৰিছোঁ, মোক যদি তুমি এমাহৰ ভিতৰত উদ্ধাৰ নকৰা মোক আৰু নাপাবা৷” ঠিকনা ভুল হোৱা সেই চিঠিখন অৱশেষত পৰিলহি ডে’ড লেটাৰ অফিচৰ সেই মানুহজনৰ হাতত৷ চিঠিত লিখা এমাৰ পূৰ হ’বলৈ এতিয়াও তিনদিন বাকী আছে৷ পঢ়ুৱৈৰ দৌৰ মাৰি গৈ মানুহজনৰ হাতৰ পৰা চিঠিখন লৈ দেউতাকক দি আহোঁগৈ যেন লাগে৷ কি প্ৰাণস্পৰ্শী কাহিনী, মৰ্মস্পশী বৰ্ণনা৷ সেইবোৰ কি নোহোৱা হৈ যাব? ইয়াৰ উত্তৰ হয়তো দিব পাৰিব একমাত্ৰ সময়ে৷

মই যেতিয়া ঘৰৰ বাহিৰত থাকি পঢ়াশুনা কৰিছিলোঁ, তেতিয়া ঘৰলৈ আৰু বন্ধু-বান্ধৱীলৈ দীঘল-দীঘল চিঠি লিখিছিলোঁ। মোৰ মতে, চিঠি লিখাৰ সেই অভ্যাস আছিল উপযুক্ত বয়সত মনৰ ভাব আৰু ভাষা পৰিশীলিত ৰূপত ব্যক্ত কৰাৰ বাবে কৰা অতি আৱশ্যকীয় অনুশীলন৷ চিঠিবোৰৰ আৰম্ভণিটোও আছিল মনকৰিবলগীয়া। পূজ্য দেউতা, পত্ৰে সেৱা গ্ৰহণ কৰিব। মৰমৰ কণবাপু, আমাৰ মৰম ল’বা। ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰে জনপ্ৰিয় সঁফুৰা নামৰ আলোচনীখনৰ সম্পাদকীয় লিখিছিল এখন চিঠি লিখাৰ আৰ্হিত- “মৰমৰ ভাইটি-ভমীটিহঁত, তোমালোক সকলোৱে আমাৰ মৰম ল’বা। ঘৰৰ ডাঙৰ সকলক আমাৰ শ্ৰদ্ধা জনাবা। পঢ়িব নজনা অকণি-অকণিহঁতক মৰম জনাবা।” চিঠিখনৰ সুৰটোৱেই এক অমায়িক অনুভৱ আনি দিছিল। কিশোৰ-কিশোৰীয়ে লিখা চঞ্চল চিঠিকিছুমান শব্দ অলংকাৰেৰে খচিত আছিল। ‘পান খালোঁ, চূণ খালোঁ, আৰু খালো লং, কাউৰী ঠেঙীয়া আখৰ দেখি নকৰিবা খং’। ‘উৰি উৰি চিঠিখন ঘুৰি ঘুৰি যাব, মৰমৰ প্ৰাণজিতদাই বুটলি ল’ব।’ সুৱৰ্ণৰ নহঁলেও এনে অলংকাৰৰ দাম কম নাছিল। কিতাপৰ দোকানত চিঠিলিখিবৰ বাবে ৰং-বিৰঙৰ লেটাৰ-পেড পোৱা গৈছিল। প্ৰস্ফূটিত পদূম পাহি, ফুলত পৰি থকা ভোমোৰা, প্ৰকৃতিৰ অনিৰ্বচনীয় সৌন্দৰ্য্য আদি আছিল লেটাৰ-পেডৰ চিত্ৰ। চিঠিক লৈ হোৱা লটি-ঘটিৰ এটা ঘটনাকলৈ মই এবাৰ এটা সৰু গল্প লিখিছিলোঁ৷ নামেটা আছিল – “উল্কা”।  এখন জনপ্ৰিয় আলোচনীত গল্পটো প্ৰকাশ হৈছিল৷

ছাত্ৰজীৱনত পোৱা কিছুমান চিঠি আছিল অনুপ্ৰেৰণাৰ অমল উৎস। ঘৰৰ পৰা আঁতৰি থকা অৱস্থাত দেউতাই মোলৈ লিখা এখন চিঠিয়ে মোক ভবিষ্যতৰ বাটটোৰ দিশ দিছিল। যোৰহাটৰ দেৱজিত দত্ত ভিনদেউৰ পৰা পোৱা ভিন্নস্বাদৰ এখন চিঠিয়ে স্কুলীয়া দিনতে মোৰ মনত সৃষ্টি হোৱা সাহিত্যৰ প্ৰীতি অধিক ঘনীভূত হোৱাত সহায় কৰিছিল। “পংকত জনম…” বুলি আৰম্ভ কৰি মোৰ নামটোৰ বিশ্লেষণেৰ তেখেতে “আশা মোৰ হ’বা নিলোৎপল” বুলি চিঠিখন শেষ কৰিছিল। ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ পৰা পোৱা কেইবাখনো চিঠি আৰু ২০১২ চনত লেখক খুশৱন্ত সিঙৰ পৰা পোৱা চিঠি এখন মোৰ জীৱনৰ পৰম স্মৰণীয় সম্পদ! চিঠিক লৈ কিমানযে আমোদজনক কথা আছে। তেনে কাহিনী এটা মনত পৰিছে।

কটন কলেজৰ দিনৰে পৰা নগাওঁ, কুঁৱৰীটোলৰ অম্লান গোস্বামী মোৰ ঘনিষ্ঠ বন্ধু। অম্লানৰ বায়েক জবা বাইদেউৱেও সেইসময়ত কটন কলেজত ইংৰাজী বিভাগত স্নাতক শ্ৰেণীত পঢ়ি আছিল। আমাৰ আৱাসত থকা কমলদা  (কমলচন্দ্ৰ শইকীয়া) জবা বাইদেউৰ সহপাঠী। সেয়ে কমলদাই অম্লানক নিজৰ কনিষ্ঠ ভাতৃৰ দৰে আদৰ-যত্ন লয় আৰু তাৰ ওপৰত চকু ৰাখে। অম্লানৰ কোঠালৈ যিকোনোা সময়ত কমলদা আহি থাকে আৰু তাৰ বিচনাখনত বাগৰ দি কিতাপ পঢ়ি থাকে। সেই সময়ত পঢ়া টেবুলখন থকা ঠাইেডোখৰ বিচনা চাদৰেৰে ঘেৰি লোৱাটো এটা নিয়মৰ দৰে আছিল। তেনে কৰিলে হেনো পঢ়াত মনোযোগ বাঢ়ে, কনচেন্ট্ৰেচন বেছি হয়। এদিন দুপৰীয়া অম্লানৰ কোঠাৰ সেই কনচেন্ট্ৰেচন এৰিয়াত সোমাই মই তাৰ লগত কথা পাতি আছিলোঁ। কথা গৈ গৈ এসময়ত নিষিদ্ধ বিষয়ত পৰিলগৈ। কেতিয়াও পাতিবলৈ নোপোৱা বিষয়টোৰ নতুন স্বাদে আমাক গভীৰৰ পৰা গভীৰতলৈ, বিষয়টোৰ কঠিন পৰ্বত-মূললৈ লাহে লাহে নি থাকিল! কথাতে কয়, কথাত কথা বাঢ়ে। অম্লান যদি বাৰেৰে, মই তেৰেৰে। এসময়ত আহিবলৈ উঠি পৰ্দাখন (বিচনাচাদৰখন) দাঙিয়েই আমি দুয়োটা শিলপৰা কপৌৰ দৰে থৰ লাগিলোঁ। বিচনাচাদৰখনৰ সিপাৰেই অম্লানৰ বিচনাখনত হাতত কিতাপ এখন লৈ বাগৰ দি পৰি আছে কমলদা! কেতিয়া আহিল, কেতিয়া বাগৰ দিলে আমি একো গম নাপালোঁ। বাকৰূদ্ধ হৈ প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ থাকোঁতেই কমলদা কোঠাটোৰ পৰা ওলাই গ’ল।

অকল অম্লানৰে নহয়, তেখেতৰ লগত মোৰ সম্পৰ্কও ভাতৃতুল্য। লাজ আৰু অনুশোচনাত আমি ম্ৰিয়মান হৈ পৰিলোঁ, সৰ্বশৰীৰ কঁপি উঠিল। অম্লান কঁপি উঠিল জবা বাইদেইৰ কাণত কথাটো পৰাৰ সম্ভাৱনাক লৈ। মই কঁপি উঠিলোঁ কমলদাৰপৰা পোৱা জ্যেষ্ঠভাতৃসুলভ মৰমৰপৰা বঞ্চিত হোৱাৰ সম্ভাৱনাত! কি কৰা যায় এতিয়া? হৈ যোৱা ঘটনাটোতো নোহোৱা কৰিব নোৱাৰি। বহুসময় চিন্তা কৰাৰ পিছত, অম্লান আৰু মই কমলদালৈ এখন চিঠি লিখিলোঁ, অনুতপ্ত হৈ, মনৰ সমস্ত আবেগ ঢালি। সেইদিনা কাকতালীয়ভাৱেহে যে আমি কথা পতাৰ প্ৰসংগটো তেনে হৈছিলগৈ সেইকথা স্বীকাৰ কৰি তেখেতৰ পৰা ক্ষমা খুজিলোঁ আৰু তেনেকুৱা কথা কেতিয়াও নাপাতোঁ বুলি শপত খালোঁ! চিঠিখনত আমাৰ মনৰ তীব্ৰ অনুশোচনা আৰু আবেগ উচিত মাত্ৰাত ঢালি দিছিলোঁ। চিঠিখন কমলদা নথকা অৱস্থাত তেখেত কোঠাত সোমালেই যাতে দেখা পায় তাৰ ব্যৱস্থা কৰি থৈ দিলোঁ।

কমলদাৰ চকুত নপৰাকৈ দুটা দিন পাৰ কৰিলোঁ। আচৰিত কথা, তাৰপিছতো কমলদাৰ কথা আৰু ব্যৱহাৰত কোনো পৰিৱৰ্তন নেদেখিলোঁ। আমাৰ কথা কলমদাই শুনিছিলনে নাই সেই কথা লৈহে এসময়ত আমাৰ সন্দেহ জন্মিল।  চিৰদিনৰ বাবে সলনি হৈ যাব লগা এটা সম্পৰ্ক, ম্লান হৈ যাব লগা এটা ভাৱমূৰ্তি এখন সাধাৰণ চিঠিয়ে বচাই দিলে। সেইদিনা কমলদাই আমাৰ কথা শুনিছিলনে নাই আৰু আমাৰ সেই চিঠিখন পালেনে নাপালে মই আজিলৈকে নাজানিলোঁ।

Saturday, June 13, 2020

অনুবাদঃ খুশৱন্ত সিঙৰ আত্মজীৱনী (১)

Truth, love and a little malice - Khushwant Singh (১)
অনুবাদঃ উৎপল বাদল বৰুৱা

অনেক সংকোচ আৰু কুণ্ঠাবোধেৰে মই আত্মজীৱনীখন লিখাৰ কাম হাতত লৈছিলোঁ৷ এনে লাগিছিল এইখনেই যোন মোৰ জীৱনৰ শেষ কিতাপ; জীৱনৰ বিয়লিবেলাত কলম আৰু চিয়াহীৰ শেষ খেলা! কাপৰ চিয়াহীও যেন লাহে লাহে নিঃশেষ হৈ আহিছে৷ আকৌ উপন্যাস লেখাৰ শক্তি এতিয়া আৰু মোৰ নাই৷ অনেক গল্পও আধালিখা অৱস্থাতে থাকিল৷ সেইবোৰ এতিয়া শেষ কৰাৰ বল বা মন এটাও মোৰ নাই৷ মোৰ বয়স এতিয়া ৮৭ বছৰ৷ প্ৰতিদিনেই মোৰ শৰীৰে মোৰ দেহত বাৰ্ধক্যৰ উপস্থিতিৰ কথা ঘোষণা কৰিব লাগিছে৷ মোৰ স্মৃতি শক্তি - যি এসময়ত মোৰ পৰম গৌৰৱৰ কাৰণ আছিল, এতিয়া ক্ৰমান্বয়ে যেন ধূসৰ হৈ আহিছে৷ এটা সময় আছিল যেতিয়া দিল্লী, লণ্ডন, পেৰিছ নতুবা নিউইয়ৰ্কত থকা মোৰ বন্ধুসকলক টেলিফোন কৰিবলৈ মোৰ টেলিফোন ডাইৰেক্টৰীৰ পাত লুটিয়াবৰ প্ৰয়োজনেই নহৈছিল৷ আৰু এতিয়া, মই নিজৰ টেলিফোন নম্বৰটোও প্ৰায়েই পাহৰি যাওঁ৷ আলৰ অৱস্থা পাবলৈ আৰু বেছিদিন নাই৷ দুয়োটা চকুতে ছানি পৰিছে৷ মূৰৰ বিষ আৰু ছায়নাচৰ সমস্যা আছেই৷ সামান্যভাবে মধুমেহ আৰু ৰক্তচাপতো মই ভুগি আছো৷ লগতে প্ৰষ্টেট গ্ৰন্থিৰ আকাৰো এতিয়া বাঢ়িছে; ই এতিয়া মাজে মাজে কামোদীপ্ত যৌৱনৰ দিনবোৰৰ দৰে এক ভুৱা যৌন তৃপ্তিৰ আনন্দ দিয়ে আৰু কেতিয়াবা মুত্ৰত্যাগ কৰিবলৈ পায়জামাৰ গাঁঠিটো খুলিবলৈও মই সময় নাপাওঁ। সোনকালেই অস্ত্ৰোপচাৰ কৰি ইয়াক উলিয়াই পেলোৱাৰ বাদে আন গতি নাই৷ অৱশ্যে ইয়াৰ লগতে যাব মোৰ ভুৱা তৃপ্তিৰ আশ্বাদ আৰু যৌৱনৰ দিনৰ অলস চিন্তাৰ বিলাস৷ যোৱা দুটা দশকত মোৰ নাম উগ্ৰপন্থীৰ হিট্ লিষ্টত আছে৷ সৌ সিদিনালৈকে সুৰক্ষা বাহিনীয়ে মোৰ ঘৰৰ চৌহদ ঘেৰি ধৰি আছিল৷ টেনিছ খেলিবলৈ, সাঁতুৰিবলৈ, প্ৰাতঃভ্ৰমণ বা আন ক'ৰবালৈ যাওঁতে সুৰক্ষা কৰ্মীও মোৰ লগে লগে গৈছিল৷ মই নাভাবো যে উগ্ৰপন্থীয়ে মোক সঁচাকৈয়ে মাৰিব পাৰিব৷ কিন্তু যদি পাৰে, মই তেওঁলোকক ধন্যবাদহে দিম, কাৰণ এনে মৃত্যুৱে মোক বাৰ্ধক্যৰ আলৰ অৱস্থাত শোৱাপাটীতে বিষ্ঠা ত্যাগ কৰা অথবা কোনোবা নাৰ্চে মোক চাফা কৰি দিব লগা মৰ্যদাহীন অৱস্থা এটাৰ পৰা মুক্তি দিব৷ মোৰ দেউতা-মা দুয়ো বহুদিন জীয়াই আছিল৷ নব্বৈ বছৰ বয়সত, বিলাতী সুৰাৰ পিয়লাত শেষ শোহাটো মৰাৰ কেইটামান মূহুৰ্তৰ পিছতে মোৰ দেউতাই শেষ নিশ্বাস ত্যাগ কৰিছিল৷ তাৰ আঠ বছৰৰ পিছত, মাৰ বয়স যেতিয়া ৯৪ বছৰ হৈছিল, তেখেতেও দেউতাৰ পথেই লৈছিল৷ অস্ফূট শব্দেৰে উচ্চাৰণ কৰা মাৰ শেষ শব্দটো আছিল – ৱিস্কি। এচামুচ বিলাতী সুৰা তেওঁৰ মুখত ঢালি দিয়া হৈছিল৷ সেয়া ভিতৰলৈ গ’ল কি নগ’ল, মায়ে চিৰদিনৰ কাৰণে চকু মুদিলে৷ মইও আশা কৰিছোঁ মোৰ সময় যেতিয়া আহিব, সুৰাৰ পিয়লাটোত শেষ ঢোকাটো মাৰি মইও সেই অনন্ত যাত্ৰালৈ খোজ ল’ম৷

মোৰ এই স্মৃতিকথা লিখাৰ কাম হাতত লৈও মই প্ৰায় চাৰি-পাঁচ বছৰ থমকি ৰ’ব লগা হৈছিল৷ অতীতৰ যিমান কথা মনত পৰে সেইবোৰ টুকি ৰাখিছিলোঁ আৰু তাক এক সৃজনীশীল ৰূপ দিয়াৰ চেষ্টা কৰিছিলোঁ৷ উৰ্দু কবি হাকিম মখমূৰে কোৱাৰ দৰে মইও অতীতৰ কথা এতিয়ালৈকে কাৰো আগত ব্যক্ত কৰা নাই৷

‘‘মোৰ জীৱন গাথা কাকো কোৱা নাই মই
একান্ত পৰম সম্পদ
নিজৰ বাবে আছুতীয়াকৈ ৰখা ই সাঁচতীয়া ৰূপ৷ ’’

এই ধন এতিয়া মই খৰচ কৰিবলৈ ওলাইছোঁ৷ কোনো লাজ, সংকোচ বা অনুশোচনা নোহোৱাকৈ মই মোৰ জীৱনৰ কথা ব্যক্ত কৰিম৷ বেঞ্জামিন ফ্ৰেঙ্কলিনে কৈছিল –
‘‘ আয়ুবেলি মাৰ গ’লে জীৱন শেষত
লুপ্ত হ’ব নুখুজিলে স্মৃতিৰ তলিত
এনেকুবা কাম কৰা যি লেখাৰ তুল্য
এনেকুৱা লেখা লিখা যি পঢ়াৰ যোগ্য৷’’

মই এনেকুৱা কোনো কাম কৰা নাই যে কোনোবাই সেই কামৰ কথা ক’ৰবাত লিখি থৈ যাব৷ মৃত্যুৰ পিছত স্মৃতিৰ গৰ্ভত হেৰাই নোযোৱাকৈ থকাৰ মোৰ সমূখত এটাই উপায় আছে - মই লিখিব লাগিব৷ ইতিহাসৰ কেইবাটাও ডাঙৰ ঘটনাৰ সাক্ষী হৈ ৰোৱাৰ মোৰ সৌভাগ্য হৈছিল৷ সাংবাদিক হিচাপে ইতিহাসক গতি দিয়া এনে অনেকলোকৰ মই সাক্ষাৎকাৰো লৈছিলোঁ৷ তথাকথিত বিখ্যাতলোকৰ অনুগামী মই নহয়৷ কেইবাজনো বিখ্যাত লোকৰ ওচৰ চপাৰ পিছত মোৰ মোহভংগ হৈছিল, তেওঁলোকৰ ওপৰত আৰোপ কৰা ‘মহানতা’ কপূৰ্ৰৰ দৰে উৰি গৈছিল৷ তেনে কেইবাজনকো মই অত্যন্ত সাধাৰণ, ভুৱা, মিথ্যাচাৰী হিচাপেহে আৱিস্কাৰ কৰিছিলো৷

নীৰৱ গদ্য সাধকৰ ভুৱা পৰিচয়ো মই নিদিওঁ৷ যোৱা পাচঁটা দশকৰ লেখাবোৰৰ বেছিভাগেই আচলতে সময়সীমাৰ বাধ্যবাধ্যকতাত সৃষ্টি হোৱা ফচলহে৷ কাৰো উৎসাহৰ বাবে অপেক্ষা বা লেখাবোৰক পৰিমাৰ্জিত ৰূপ দিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰাৰ সময় মই কেতিয়াও পোৱা নাই৷ এসময়ত ভাল গদ্য লেখাৰ যি অলপ শিকিছিলোঁ এতিয়া সেয়াও নাই৷ এই আত্মজীৱনীখন আচলতে কোনোবা বৃদ্ধৰ ঔৰসত জন্মহোৱা অবাঞ্চিত সন্তানৰ দৰেহে৷ ইয়াৰ পৰা বহুত বেছি আশা নকৰিব - কিছু আড্ডা, কিছু চুপতি, কিছু টনা-আজোৰা, কিছু আমোদ-প্ৰমোদ আৰু অৱশ্যেই কিছুমানৰ খ্যাতি আৰু যশস্যাৰ সৰ্বনাশ; ইয়াতকৈনো বেছি মই আৰু এতিয়া কি দিব পাৰোঁ। (আগলৈ)

Sunday, June 7, 2020

প্ৰিয় লেখক আৰু প্ৰিয় লেখা (৩) - খুশৱন্ত সিং


প্ৰিয় লেখক আৰু প্ৰিয় লেখা ()   - খুশৱন্ত সিং

প্ৰতিকূল পৰিস্থিতিতো সত্যৰ লগত আপোচ নকৰা অৱস্থান আৰু তথ্যনিৰ্ভৰ খবৰ দিয়াটো আছিল তেখেতৰ লেখাৰ বৈশিষ্ট্য৷ ১৯৮৪ চনত ভাৰতীয় বায়ু সেনাৰ বিষয়া ৰাকেশ শমাৰ্ক ছোভিয়েট ইউনিয়নে ছয়ুজ-১১ নামৰ যানখনত মহাকাশলৈ যোৱাৰ সুবিধা দিওঁতে আমাৰ দেশ প্ৰয়োজনতকৈ অধিক গৌৰৱ আৰু আনন্দত আত্মহাৰা হোৱা দেখা গৈছিল৷ খুশৱন্ত সিঙে লিখিছিল - 'ট্ৰাক ড্ৰাইভাৰে লগত হেন্দিমেন নিয়া দি ৰাছিয়াই ৰাকেশ শমাৰ্ক লৈ গৈছে! এই ঘটনাটোত ভাৰতৰ সাফল্য হিচাপে ইমান আনন্দ কৰিব লগা প্ৰকৃততে একো নাই৷' পাঞ্জাৱত যেতিয়া খালিস্তানৰ দাবীত আন্দোলন হৈছিল খুশৱন্ত সিঙে জাৰ্নেল সিং ভিন্দেৰৱালক মুখামুখিকৈ ধৰিছিল৷ শিখ মৌলবাদীয়ে হত্যা কৰিবলৈ প্ৰস্তুত কৰা হিট লিষ্টত তেখেতৰ নাম একেবাৰে ওপৰত আছিল৷ অথচ ১৯৮৪ চনত অপাৰেচন ব্লু ষ্টাৰৰ সময়ত যেতিয়া অমৃতসৰৰ স্বৰ্ণ মন্দিৰত ভাৰতীয় সেনাই বলপূৰ্বক প্ৰৱেশ কৰিছিল, সিঙে ১৯৭৪ চনত ভাৰত চৰকাৰে দিয়া পদ্মভূষণ উপাধি চৰকাৰক ওভোতাই দিছিল৷
উৰ্দু কবিতাৰ পৰম ভক্ত খুশৱন্ত সিঙে গালিবৰ শ্বায়েৰী তেখেতৰ লিখাৰ মাজত প্ৰায়ে উল্লেখ কৰিছিল যদিও তেখেতে নিজে কবিতা লিখা নাছিল৷ গল্প, উপন্যাস, প্ৰৱন্ধৰ উপৰিও ১৯৮৩ চনত তেখেতে দূৰদৰ্শনৰ বাবে এখন চিত্ৰনাট্য লিখিছিল৷ ২০১০ চনত ৯৫ বছৰ বয়সত কেইজনমান অশীতিপৰ বৃদ্ধই লোধী উদ্যানত লগ হৈ অতীত জীৱনটো ৰোমন্থন কৰাৰ কাহিনীৰে লিখি উলিয়াইছিল তেখেতৰ জীৱনৰ শেষ উপন্যাস - ছানছেট ক্লাব৷ তেখেতে ঈশ্বৰ বিশ্বাস নকৰিছিল আৰু ধমীৰ্য় সন্ত্ৰাসবাদক কঠোৰ ভাষাৰে নিন্দা কৰিছিল৷ অত্যন্ত নিয়মানুৱৰ্তীখুশৱন্ত সিং সদায় পুৱা বজাত শুই উঠিছিল আৰু ৰাতি বজাৰ লগে লগে সকলো ধৰণৰ অভ্যাগতক বিদায় দিছিল৷ এবাৰ তেখেতৰ ঘৰৰ এটা অনুষ্ঠানলৈ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আহিছিল, বাজিবলৈ কেইমিনিটমান থাকোঁতে৷ ঠিক বজাৰ লগে লগে প্ৰধানমন্ত্ৰীৰ পৰা বিদায় লৈ তেখেত শোৱনিকোঠালৈ সোমাই গৈছিল৷ তেখেতৰ ঘৰৰ কলিং বেলৰ চুইছটোৰ কাষতে চকুত পৰাকৈ লিখা আছে – PLEASE DO NOT RING THE BELL UNLESS YOU ARE EXPECTED অথাৰ্ৎ, আপুনি অহাটো যদি অনাকাংক্ষিত হয়, তেন্তে বে নবজাব৷
১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনলৈ খুশৱন্ত সিঙক মূখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰি অনা হৈছিল৷ সভাৰ সভাপতি আছিল ° ভূপেন হাজৰিকা৷ সভাত সমবেত হোৱা মানুহ দেখি তেখেত হতবাক হৈ পৰিছিল আৰু একেলগে ইমান মানুহ আগতে কেতিয়াও দেখা নাই বুলি মন্তব্য দিছিল৷ নিজৰ লেখাৰ ভিতৰত খুশৱন্ত সিঙেদিল্লী’ (Delhi- A Novel) নামৰ উপন্যাসখনৰ কথা প্ৰায়েই কৈছিল৷ কেইবাটাও শতিকাৰ সময় লৈ দিল্লীৰ পটভূমিত ৰচনা কৰা এইখন এখন বুৰঞ্জীমূলক উপন্যাস৷ তেখেতে পোৱা অনেক সন্মানৰ ভিতৰত ২০০০ চনত সুলভ ইন্টাৰনেচনেলে প্ৰদান কৰাবছৰটোৰ সৎ মানুহজন” (Honest Man of the Year) পুৰস্কাৰটো পাই তেখেতে বৰ তৃপ্তি পাইছিল৷ ২০০৭ চনত তেখেতক ভাৰত চৰকাৰে পদ্মবিভূষণ উপাধিৰে সন্মানিত কৰিছিল৷ ২০০২ চনত তেখেতৰ আত্মজীৱনীখন প্ৰকাশ হোৱাৰ সময়ত অনেক হৈ চৈ সৃষ্টি হয়৷ মানেকা গান্ধীয়ে আইনৰ সহায়ত কিতাপখনৰ প্ৰকাশ বহুদিন পিচুৱাই দিবলৈ সমৰ্থ হৈছিল৷
এই আত্মজীৱনীখনৰ এটা ভাগ অনুবাদ কৰাৰ সন্মতি বিচাৰিয়েই মই এদিন ২০১০ চনত খুশৱন্ত সিঙৰ ঘৰৰ দুৱাৰদলিত উপস্থিত হৈছিলোঁগৈ৷ শৰীৰ ভালে নথকাত তেখেতক মই ব্যক্তিগত ভাবে লগ কৰিব নোৱাৰিলো কিন্তু কেইদিনমানৰ পিচতে তেখেতে নিজ হাতেৰে লিখা কঁপা কঁপা আখৰৰ চিঠি এখন আহি মোৰ হাতত পৰাত মই অভিভূত হৈ পৰিছিলো৷ শেষ সময়লৈকে তেওঁলৈ লিখা প্ৰত্যেকখন চিঠিৰ উত্তৰ তেওঁ নিজ হাতে লিখিছিল৷
মোৰ প্ৰিয় লেখকজনৰ মৃত্যুৰ খবৰ মই ততালিকে পাইছিলোঁ আৰু তেখেতৰ ঘৰত প্ৰথম উপস্থিত হোৱ দহজন মানুহৰ ভিতৰত মইও আছিলোঁ৷ জীৱনটোক পুণোৰ্দ্যমে উপভোগ কৰিবলৈ ভাল পোৱা এজন সৎ, নিষ্ঠাবান লেখক খুশৱন্ত সিঙৰ বিয়োগে সৃষ্টি কৰা শূন্যতা সহজে পূৰ হোৱাৰ সম্ভাৱনা নাই৷ (আগলৈ)