Sunday, June 14, 2020

চিঠি



চিঠি  

তুলিকা সেনাপতিৰ মাতটো মোৰ বৰ প্ৰিয়৷ তেখেতৰ মাতত নিৰ্মলপ্ৰভা বৰদলৈৰ ‘সন্ধিয়াৰ আকাশত বগলী উৰে .. .. ’ গীতটো শুনিলে মোৰ পুৰুষসুলভ মনটোৰো  ‘‘মাকৰ ঘৰলৈ’’, অৰ্থাৎ গাৱঁৰ ঘৰখনলৈ উৰা মাৰে। বুজাব নোৱৰা এক বিষাদে মনটো ঢাকি ধৰেহি৷ গীতৰ কথা আৰু সুৰৰ কি এক অদ্ভুত মায়াজাল! ঠিক তেনেকৈ, ‘চিঠি পালোঁ, পঢ়ি চালোঁ, এই তুমি পাবাহি, কিযে কৰোঁ হায়.. ..’ গীতটোৱে মোক শৈশৱলৈ টানি নিয়ে৷ কাৰোবাৰ বাবে অধীৰ হৈ অপেক্ষা কৰি থকা মূহুৰ্তবোৰলৈ মনত পৰে, - কিমান উৎকণ্ঠা,  কিমান আবেগ, কিমান ব্যাকুলতা!

শিপা ধৰি ৰখাৰ প্ৰয়াসেৰে, অসমৰ বাহিৰত ডাঙৰ হোৱা মোৰ ল’ৰাদুটাক মই মাজে মাজে প্ৰৱচন দিওঁ, - ‘‘শুনচোন, মন-প্ৰাণ টানি ধৰা এয়া কিমান সুন্দৰ গীত৷’’ কিছুসময় তভক মাৰি শুনি থাকি ডাঙৰটোৱে কয়, - “সুৰটো ভালেই, ‘লিৰিকচ’-টোহে বুজি নাপালোঁ৷” লিৰিকচ মানে গীতৰ কথা৷ মনটো বেয়া লাগে, কিন্তু আচৰিত নহওঁ। ‘ৰিহা বাৰে-বৰণীয়া’, ‘বেৰৰ জলঙা’ আদি শব্দ সিহঁতে নুবুজাটোৱেই স্বাভাৱিক, কিন্তু ‘অহাৰ খবৰটো’ অকল চিঠি খনেহে কিয় দিব পাৰে সেইয়াও সিহঁতৰ বোধগম্য নহয়৷“ৱাটছ্আপ”, “ই-মেইল”-ৰ দিনত চিঠিৰ খবৰে ব্যাকুল কৰা এগৰাকী নাৰীৰ অনুভৱ, সিহঁতে হৃদয়ংগম কৰিব নোৱাৰে৷ সিহঁতৰ ভাব, - “ইমান টেনচন্ লোৱাৰ দৰকাৰ কি, কিমানদূৰ পাইছেহি ফোন কৰি সুধি ল’লেই হ’ল, সেইটো আৰু এটা গীত লিখিবলগীয়া বিষয় হ’ল নেকি!”

সময় সলনি হৈছে৷ আমাৰ দিনৰ অনুভৱে এতিয়া আৰু নৱ প্ৰজন্মক ব্যাকুল নকৰে৷ সিহঁতৰ বাবে নতুন নতুন কথা আহিছে৷ ব্যাকুল হ’ব পৰা নতুন নতুন অৱলম্বন ওলাইছে৷ তেনেহলে এনেবোৰ সুন্দৰ সৃষ্টি এদিন হেৰাই যাব নেকি? অকল চিঠিৰেইযে এসময়ত একোখন সম্পূৰ্ণ উপন্যাস লিখা হৈছিল, ইহঁতে হয়তো বিশ্বাসেই নকৰিব৷ বাংলা ভাষাৰ আলোচনী এখনত বহুদিনৰ আগতে এখন উপন্যাস পঢ়িছিলোঁ৷ প্ৰথম পুৰুষত লিখা কাহিনীটোৰ প্ৰধান চৰিত্ৰটো আছিল ডাকঘৰত কামকৰা মানুহ এজন ৷ তেওঁৰ দায়িত্ব আছিল, ঠিকনাবিহীন বা ডাক বিভাগে বিতৰণ কৰিব নোৱৰা ভুল ঠিকনাৰ চিঠিবোৰ পঢ়ি চোৱা আৰু তাৰ ওপৰত ব্যৱস্থা লোৱা৷ তেনেকুৱা চিঠিপত্ৰক “ ডে’ড লেটাৰ” বুলি কয়৷   উপন্যাসখন পঢ়ি মোৰ গাৰ নোম বাৰে বাৰে থিয় হৈ গৈছিল৷ উপন্যাসৰ চৰিত্ৰটোৱে অৱসৰৰ পিছত তেখেতৰ অভিজ্ঞতা ৰোমন্থন কৰিছে, তেওঁ লিপিবদ্ধ কৰিছে পাহৰিব নোৱাৰা কিছুমাৰ অসহায় মূহুৰ্তৰ  স্মৃতি৷ যেনে, নিৰ্যাতিতা বোৱাৰী এগৰাকীয়ে দেউতাকলৈ লিখা এখন আকূল আহ্বানৰ চিঠি,- “দেউতা, মই আৰু নোৱাৰিছোঁ, মোক যদি তুমি এমাহৰ ভিতৰত উদ্ধাৰ নকৰা মোক আৰু নাপাবা৷” ঠিকনা ভুল হোৱা সেই চিঠিখন অৱশেষত পৰিলহি ডে’ড লেটাৰ অফিচৰ সেই মানুহজনৰ হাতত৷ চিঠিত লিখা এমাৰ পূৰ হ’বলৈ এতিয়াও তিনদিন বাকী আছে৷ পঢ়ুৱৈৰ দৌৰ মাৰি গৈ মানুহজনৰ হাতৰ পৰা চিঠিখন লৈ দেউতাকক দি আহোঁগৈ যেন লাগে৷ কি প্ৰাণস্পৰ্শী কাহিনী, মৰ্মস্পশী বৰ্ণনা৷ সেইবোৰ কি নোহোৱা হৈ যাব? ইয়াৰ উত্তৰ হয়তো দিব পাৰিব একমাত্ৰ সময়ে৷

মই যেতিয়া ঘৰৰ বাহিৰত থাকি পঢ়াশুনা কৰিছিলোঁ, তেতিয়া ঘৰলৈ আৰু বন্ধু-বান্ধৱীলৈ দীঘল-দীঘল চিঠি লিখিছিলোঁ। মোৰ মতে, চিঠি লিখাৰ সেই অভ্যাস আছিল উপযুক্ত বয়সত মনৰ ভাব আৰু ভাষা পৰিশীলিত ৰূপত ব্যক্ত কৰাৰ বাবে কৰা অতি আৱশ্যকীয় অনুশীলন৷ চিঠিবোৰৰ আৰম্ভণিটোও আছিল মনকৰিবলগীয়া। পূজ্য দেউতা, পত্ৰে সেৱা গ্ৰহণ কৰিব। মৰমৰ কণবাপু, আমাৰ মৰম ল’বা। ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰে জনপ্ৰিয় সঁফুৰা নামৰ আলোচনীখনৰ সম্পাদকীয় লিখিছিল এখন চিঠি লিখাৰ আৰ্হিত- “মৰমৰ ভাইটি-ভমীটিহঁত, তোমালোক সকলোৱে আমাৰ মৰম ল’বা। ঘৰৰ ডাঙৰ সকলক আমাৰ শ্ৰদ্ধা জনাবা। পঢ়িব নজনা অকণি-অকণিহঁতক মৰম জনাবা।” চিঠিখনৰ সুৰটোৱেই এক অমায়িক অনুভৱ আনি দিছিল। কিশোৰ-কিশোৰীয়ে লিখা চঞ্চল চিঠিকিছুমান শব্দ অলংকাৰেৰে খচিত আছিল। ‘পান খালোঁ, চূণ খালোঁ, আৰু খালো লং, কাউৰী ঠেঙীয়া আখৰ দেখি নকৰিবা খং’। ‘উৰি উৰি চিঠিখন ঘুৰি ঘুৰি যাব, মৰমৰ প্ৰাণজিতদাই বুটলি ল’ব।’ সুৱৰ্ণৰ নহঁলেও এনে অলংকাৰৰ দাম কম নাছিল। কিতাপৰ দোকানত চিঠিলিখিবৰ বাবে ৰং-বিৰঙৰ লেটাৰ-পেড পোৱা গৈছিল। প্ৰস্ফূটিত পদূম পাহি, ফুলত পৰি থকা ভোমোৰা, প্ৰকৃতিৰ অনিৰ্বচনীয় সৌন্দৰ্য্য আদি আছিল লেটাৰ-পেডৰ চিত্ৰ। চিঠিক লৈ হোৱা লটি-ঘটিৰ এটা ঘটনাকলৈ মই এবাৰ এটা সৰু গল্প লিখিছিলোঁ৷ নামেটা আছিল – “উল্কা”।  এখন জনপ্ৰিয় আলোচনীত গল্পটো প্ৰকাশ হৈছিল৷

ছাত্ৰজীৱনত পোৱা কিছুমান চিঠি আছিল অনুপ্ৰেৰণাৰ অমল উৎস। ঘৰৰ পৰা আঁতৰি থকা অৱস্থাত দেউতাই মোলৈ লিখা এখন চিঠিয়ে মোক ভবিষ্যতৰ বাটটোৰ দিশ দিছিল। যোৰহাটৰ দেৱজিত দত্ত ভিনদেউৰ পৰা পোৱা ভিন্নস্বাদৰ এখন চিঠিয়ে স্কুলীয়া দিনতে মোৰ মনত সৃষ্টি হোৱা সাহিত্যৰ প্ৰীতি অধিক ঘনীভূত হোৱাত সহায় কৰিছিল। “পংকত জনম…” বুলি আৰম্ভ কৰি মোৰ নামটোৰ বিশ্লেষণেৰ তেখেতে “আশা মোৰ হ’বা নিলোৎপল” বুলি চিঠিখন শেষ কৰিছিল। ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ পৰা পোৱা কেইবাখনো চিঠি আৰু ২০১২ চনত লেখক খুশৱন্ত সিঙৰ পৰা পোৱা চিঠি এখন মোৰ জীৱনৰ পৰম স্মৰণীয় সম্পদ! চিঠিক লৈ কিমানযে আমোদজনক কথা আছে। তেনে কাহিনী এটা মনত পৰিছে।

কটন কলেজৰ দিনৰে পৰা নগাওঁ, কুঁৱৰীটোলৰ অম্লান গোস্বামী মোৰ ঘনিষ্ঠ বন্ধু। অম্লানৰ বায়েক জবা বাইদেউৱেও সেইসময়ত কটন কলেজত ইংৰাজী বিভাগত স্নাতক শ্ৰেণীত পঢ়ি আছিল। আমাৰ আৱাসত থকা কমলদা  (কমলচন্দ্ৰ শইকীয়া) জবা বাইদেউৰ সহপাঠী। সেয়ে কমলদাই অম্লানক নিজৰ কনিষ্ঠ ভাতৃৰ দৰে আদৰ-যত্ন লয় আৰু তাৰ ওপৰত চকু ৰাখে। অম্লানৰ কোঠালৈ যিকোনোা সময়ত কমলদা আহি থাকে আৰু তাৰ বিচনাখনত বাগৰ দি কিতাপ পঢ়ি থাকে। সেই সময়ত পঢ়া টেবুলখন থকা ঠাইেডোখৰ বিচনা চাদৰেৰে ঘেৰি লোৱাটো এটা নিয়মৰ দৰে আছিল। তেনে কৰিলে হেনো পঢ়াত মনোযোগ বাঢ়ে, কনচেন্ট্ৰেচন বেছি হয়। এদিন দুপৰীয়া অম্লানৰ কোঠাৰ সেই কনচেন্ট্ৰেচন এৰিয়াত সোমাই মই তাৰ লগত কথা পাতি আছিলোঁ। কথা গৈ গৈ এসময়ত নিষিদ্ধ বিষয়ত পৰিলগৈ। কেতিয়াও পাতিবলৈ নোপোৱা বিষয়টোৰ নতুন স্বাদে আমাক গভীৰৰ পৰা গভীৰতলৈ, বিষয়টোৰ কঠিন পৰ্বত-মূললৈ লাহে লাহে নি থাকিল! কথাতে কয়, কথাত কথা বাঢ়ে। অম্লান যদি বাৰেৰে, মই তেৰেৰে। এসময়ত আহিবলৈ উঠি পৰ্দাখন (বিচনাচাদৰখন) দাঙিয়েই আমি দুয়োটা শিলপৰা কপৌৰ দৰে থৰ লাগিলোঁ। বিচনাচাদৰখনৰ সিপাৰেই অম্লানৰ বিচনাখনত হাতত কিতাপ এখন লৈ বাগৰ দি পৰি আছে কমলদা! কেতিয়া আহিল, কেতিয়া বাগৰ দিলে আমি একো গম নাপালোঁ। বাকৰূদ্ধ হৈ প্ৰস্তৰ মূৰ্তিৰ দৰে থিয় হৈ থাকোঁতেই কমলদা কোঠাটোৰ পৰা ওলাই গ’ল।

অকল অম্লানৰে নহয়, তেখেতৰ লগত মোৰ সম্পৰ্কও ভাতৃতুল্য। লাজ আৰু অনুশোচনাত আমি ম্ৰিয়মান হৈ পৰিলোঁ, সৰ্বশৰীৰ কঁপি উঠিল। অম্লান কঁপি উঠিল জবা বাইদেইৰ কাণত কথাটো পৰাৰ সম্ভাৱনাক লৈ। মই কঁপি উঠিলোঁ কমলদাৰপৰা পোৱা জ্যেষ্ঠভাতৃসুলভ মৰমৰপৰা বঞ্চিত হোৱাৰ সম্ভাৱনাত! কি কৰা যায় এতিয়া? হৈ যোৱা ঘটনাটোতো নোহোৱা কৰিব নোৱাৰি। বহুসময় চিন্তা কৰাৰ পিছত, অম্লান আৰু মই কমলদালৈ এখন চিঠি লিখিলোঁ, অনুতপ্ত হৈ, মনৰ সমস্ত আবেগ ঢালি। সেইদিনা কাকতালীয়ভাৱেহে যে আমি কথা পতাৰ প্ৰসংগটো তেনে হৈছিলগৈ সেইকথা স্বীকাৰ কৰি তেখেতৰ পৰা ক্ষমা খুজিলোঁ আৰু তেনেকুৱা কথা কেতিয়াও নাপাতোঁ বুলি শপত খালোঁ! চিঠিখনত আমাৰ মনৰ তীব্ৰ অনুশোচনা আৰু আবেগ উচিত মাত্ৰাত ঢালি দিছিলোঁ। চিঠিখন কমলদা নথকা অৱস্থাত তেখেত কোঠাত সোমালেই যাতে দেখা পায় তাৰ ব্যৱস্থা কৰি থৈ দিলোঁ।

কমলদাৰ চকুত নপৰাকৈ দুটা দিন পাৰ কৰিলোঁ। আচৰিত কথা, তাৰপিছতো কমলদাৰ কথা আৰু ব্যৱহাৰত কোনো পৰিৱৰ্তন নেদেখিলোঁ। আমাৰ কথা কলমদাই শুনিছিলনে নাই সেই কথা লৈহে এসময়ত আমাৰ সন্দেহ জন্মিল।  চিৰদিনৰ বাবে সলনি হৈ যাব লগা এটা সম্পৰ্ক, ম্লান হৈ যাব লগা এটা ভাৱমূৰ্তি এখন সাধাৰণ চিঠিয়ে বচাই দিলে। সেইদিনা কমলদাই আমাৰ কথা শুনিছিলনে নাই আৰু আমাৰ সেই চিঠিখন পালেনে নাপালে মই আজিলৈকে নাজানিলোঁ।

No comments:

Post a Comment