Friday, June 26, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ২

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড-২
মৰুভূমিৰ মাজৰ মোৰ গাওঁখনি

আৰম্ভণিৰ পৰা আৰম্ভ কৰাটোৱেই আটাইতকৈ নিৰাপদ।

মই উপজিবৰ সময়ত মাৰ কাষত উপস্থিত থকা লোকৰপৰা মোৰ জন্ম ক’ত হৈছিল সেইকথা মই নিশ্চিতভাবে জানিব পাৰিছিলোঁ। কিন্তু জন্মৰ সময়টো নিভুৰ্লভাবে জনাৰ সুবিধা কেতিয়াও নোলাল৷ সেয়ে মোৰ জন্মৰ তাৰিখ অনুমানৰ ভেটিতহে প্ৰতিষ্ঠিত। পাঞ্জাৱৰ হাদালি নামৰ সৰু গাওঁখনত মোৰ জন্ম হৈছিল। থৰ মৰুভূমিৰ বালিৰ বুকুৰ সেই ঠাইখনৰ তেতিয়াৰ ৰূপ এতিয়া প্ৰায় নিশ্চিহ্ন হৈ গ’ল৷ ঠাইখন আছিল ঝিলাম নদীৰ পৰা ৩০ কিঃমিঃ দক্ষিণ দিশত, ‘খেউৰা ছল্ট ৰেঞ্জ’-ৰ পৰাও প্ৰায় সেই একে দূৰত্বতে। হাদালি এতিয়া পাকিস্তানৰ অন্তৰ্গত, সীমাৰ পৰা যথেষ্ট ভিতৰত। যি সময়ত মোৰ জন্ম হৈছিল সেই সময়ত মোৰ দেউতা শোভা সিং আৰু ককা সুজন সিং দিল্লীত আছিল৷ মোৰ জন্মৰ খবৰ যেতিয়া দেউতাৰ ওচৰ পাইছিলগৈ তেখেতে তাৰিখটো ডায়েৰীত লিখি থ’বলৈ আহৰি নাপালে৷ মই তেখেতৰ দ্বিতীয় পুত্ৰ৷ সেই সময়ত আমাৰ গাঁৱত জন্ম-মৃত্যুৰ তাৰিখৰ খতিয়ান ৰখাৰ কোনো নিয়ম নাছিল৷ হিন্দুসকলে জন্মৰ তাৰিখটো মনত ৰাখিছিল জন্ম-পত্ৰিকা তৈয়াৰ কৰিবৰ বাবে৷ শিখসকলৰ জ্যোতিষশাস্ত্ৰত বিশ্বাস নাই; সেয়ে জন্ম-মৃত্যুৰ সময়ৰ কথা মনত ৰখাৰ প্ৰতিও কাৰো কোনো আগ্ৰহ নাছিল৷ বহু বছৰৰ পিছত দিল্লীৰ মডাৰ্ণ স্কুলত নাম ভৰ্ত্তি কৰিবৰ সময়ত যেতিয়া জন্ম তাৰিখৰ প্ৰয়োজন হ’ল, দেউতাই কল্পনা শক্তিৰে মোৰ আৰু ককাইদেউৰ তাৰিখ দুটা ঠিক কৰিলে৷ মোৰ ভাগত পৰা তাৰিখটো হ’ল - ১৯১৫ চনৰ ২ ফেব্ৰুৱাৰী৷ তাৰ বহুবছৰৰ পিছত এদিন আইতাই কৈছিল মোৰ জন্ম হেনো আচলতে ভাদ মাহতহে৷ সেই হিচাপে ইংৰাজী মাহটো আগষ্ট হব লাগে। মই নিজে আগষ্ট মাহৰ মাজৰ দিনটো অৰ্থাৎ ১৫ আগষ্টই মোৰ আচল জন্মদিন বুলি সিদ্ধান্ত লৈ থ’লো। তাৰমানে, হিন্দু পঞ্জিকা মতে মই সিংহ ৰাশিৰ মানুহ৷ আমোদজনক কথা, তাৰ ৩২ বছৰৰ পিছত, ১৯৪৭ চনৰ পিছৰপৰা, এই তাৰিখটোৱেই স্বাধীন ভাৰতৰ জন্মদিন হিচাপেও স্বীকৃত হৈ গ’ল।

জন্মৰ কিছুদিনৰ পিছত মই যেতিয়া থিয়দঙা দিব পৰা হ’লো, এবাৰ দেউতা গাঁৱলৈ আহি মা আৰু ককাইদেউক দিল্লীলৈ লৈ গ’ল। সেই সময়ত দেউতা আৰু ককাদেউতাই ঘৰ সজা ঠিকাৰ কাম কৰিছিল। মই আইতাৰ লগত হাদালিতে থাকি গ’লো৷ সেয়ে মোৰ জীৱনৰ পাতনিৰ কেইবাটাও বছৰত মোৰ একমাত্ৰ সংগী আৰু বন্ধু আছিল মোৰ আইতা। তেখেতৰ নাম, মই বহু বছৰৰ পিছতহে জানিছিলো - লক্ষ্মীবাই৷ আমি আইতাক ভাবীজী বুলি মাতিছিলো৷ আইতাৰ দৰে মোৰ মাৰ নামটোও আছিল মহাৰাষ্ট্ৰৰ হিন্দু তিৰোতাৰ দৰে – ৱীৰণবাই।

হাদালিত থকা দিনবোৰৰ ছঁয়াময়া স্মৃতিহে মোৰ মনত আছে৷ গাওঁখনত সৰ্বমুঠ তিনিশটামান পৰিয়ালে বাস কৰিছিল৷ বেছিভাগেই বালুছিস্থান মূলৰ মুছলমানলোক। তেওঁলোকৰ দেহৰ আকাৰ আছিল হৃষ্ট-পুষ্ট। বহুতেই ইংৰাজ সেনা বাহিনীত চিপাহীৰ কাম কৰিবলৈ গৈছিল; গাঁৱত চিপাহীৰপৰা অৱসৰ পোৱা লোকো অনেক আছিল৷ সেই সময়ত ভাইচৰয়ৰ ব্যক্তিগত সুৰক্ষা গাৰ্ডৰ চাকৰী কৰা অনেক কৰ্মচাৰী আহিছিল হাদালি গাঁৱৰপৰাই৷ আমাৰ গাঁৱৰ ওচৰত থকা ৰে’ল ষ্টেচনটোত এখন মাৰ্বলৰ ফলক আছিল, য’ত লিখা আছিল – “প্ৰথম বিশ্বযুদ্ধৰ সময়ত এই হাদালি গাঁৱৰপৰাই দেশৰ ভিতৰতে সৰ্বোচ্চ সংখ্যক লোকে সেনাবাহিনীত যোগদান কৰিছিল।” পঞ্চাশটামান শিখ আৰু হিন্দু পৰিয়ালো আছিল। তেওঁলোকৰ প্ৰধান ব্যৱসায় আছিল খুচুৰা সামগ্ৰীৰ দোকান আৰু সুদলৈ ধন ধাৰে দিয়া। মোৰ পূৰ্বপুৰুষসকল, মানে মোৰ আজোককা ইন্দৰ সিং আৰু তেখেতৰ পিতৃ প্যাৰেলাল, যি শিখ ধৰ্ম গ্ৰহণ কৰি ছহেইল সিং নাম লৈছিল - তেওঁলোকে প্ৰধানকৈ ব্যৱসায়ৰ কামকে কৰিছিল। খেউৰাত থকা লোণৰ খনিৰপৰা লোণ আৰু মৰুভূমিৰ একমাত্ৰ ফল খেজুৰৰ টোপোলা এজাক উটৰ ওপৰত বোজাই দি লাহোৰ, অমৃতসৰ আদি দূৰ দূৰণিৰ ঠাইলৈ লৈ যোৱাটোৱেই আছিল তেওঁলোকৰ প্ৰধান ব্যৱসায়৷ ওভোতনি যাত্ৰাত কাপোৰ, কেৰাচিন তেল, চাহপাত, চেনি, মছলা আদি এই উটবিলাকে আমাৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছিল৷ পিছলৈ মোৰ ককাদেউতা আৰু দেউতাই ঘৰ সজা ঠিকাৰ কামত হাত দিছিল৷ “কালকা-ছিমলা” ৰে’লপথটো নিমাৰ্ণৰ সময়ত দেউতা আৰু ককাদেউতা মিলি মিটাৰগজ ৰেলপথটোৰো এটা অংশ তৈয়াৰ কৰিছিল৷

হাদালি গাঁৱত আমাৰ পৰিয়ালৰ অৱস্থা যথেষ্ট সচ্ছল আছিল৷ ইটা গাঁঠি সজা ডাঙৰ ঘৰৰ চৌহদ এটাত আমি বাস কৰিছিলোঁ৷ চৌহদটোত মহ ৰখা এটা গোহালিৰ লগতে এখন প্ৰকাণ্ড চোতাল আৰু এটা কুঁৱা আছিল৷ আলিবাটৰ পৰা চৌহদটোলৈ সোমাই আহিবলৈ কাঠৰ এখন ডাঙৰ দুৱাৰ আছিল যদিও সেইখন কাচিৎ কেতিয়াবাহে খোলা হৈছিল৷ মূল দুৱাৰখনৰ লগতে ওলোৱা-সোমোৱা কৰিবলৈ সুবিধাজনক ব্যৱস্থা এটা কৰি লোৱা হৈছিল৷ কেইবাজনো হিন্দু আৰু শিখলোকে আমাৰ ঘৰত কাম কৰিছিল৷ বোজা কঢ়িয়াই লৈ যোৱা উটৰ লগত অহা-যোৱা কৰিবলৈ অনেক মুছলমানলোককো নিযুক্ত কৰা হৈছিল৷ কিছুমান মুছলমান পৰিয়ালে আমাৰ পৰা ধন ধাৰেও নিছিল৷


আমাৰ পৰিয়ালৰ প্ৰাচুৰ্যই এসময়ত প্ৰবাদ কাহিনীৰ ৰূপ পাইছিলগৈ৷ এবাৰ আমাৰ চুবুৰীয়া ছল্ট ৰেঞ্জ অঞ্চলত প্ৰবল বৰষুণৰ ফলত হঠাতে বানপানী আহিল; ঘৰ-দুৱাৰ আৰু জীৱ-জন্তুক লৈ মানুহৰ মাজত হাঁহাকাৰ লাগিবলৈ ধৰিলে৷ সেই ঠাইৰ মুছলমানৰ পৱিত্ৰ গুৰু ছৈদা পীৰে মুমূৰ্ষু অৱস্থাত একবস্ত্ৰ হৈ হাদালি ওলালহি৷ মোৰ ককাদেউতা সুজন সিঙে তেখেতক আকোৱালি লৈ ভাত কাপোৰৰ যোগান ধৰাৰ লগতে মাটি এটুকুৰাত ঘৰ এটাও সাজি দি পীৰ বাবাক আশ্ৰয় দিলে। ছৈদা পীৰে সন্তুষ্ট হৈ ককাক হেনো বৰ দিছিল - তোমাৰ দুটা পুত্ৰ সন্তানে উন্নতিৰ জখলাত উঠি এদিন দিল্লী আৰু লাহোৰৰ সঁচাৰকাঠিৰ গৰাকী হ’বগৈ৷ আৰু সঁচাকৈয়ে, উন্নতি তেওঁলোকৰ নোহোৱাকৈ থকা নাছিল৷ নতুন দিল্লী নিৰ্মাণৰ সময়ত মোৰ দেউতাই ভৱন নিমাৰ্ণৰ ঠিকাদাৰ হিচাপে কৃতকাৰ্যতাৰ শিখৰ চুইছিলগৈ আৰু খুৰাদেউ উজ্জ্বল সিং স্বাধীনতাৰ আগৰ পাঞ্জাৱ প্ৰদেশৰ সবোৰ্ত্তম ভূ-সম্পত্তিৰ মালিক হৈছিলগৈ৷ পিছলৈ তেখেত বিধায়ক, স্বাধীন ভাৰতত পাঞ্জাৱৰ বিত্তমন্ত্ৰী আৰু শেষত ৰাজ্যপাল হৈছিলগৈ৷ তামিলনাডুৰ ৰাজ্যপাল হিচাপে তেখেতে কৰ্মজীৱনৰ সামৰণি মাৰিছিল৷

আমাৰ গাঁৱৰ শিখ আৰু হিন্দুলোকসকলৰ মনত মুছলমান সকলৰ প্ৰতি কিছু অসাম্যতাৰ ভাব থাকিলেও দুয়ো শান্তিৰে বাস কৰিছিল৷ তেওঁলোকৰ জ্যেষ্ঠজনক আমি পৰিয়ালৰ জ্যেষ্ঠজনৰ দৰেই সম্বোধন কৰি মাতিছিলোঁ, যদিও তেওঁলোকৰ ঘৰৰ লগত আহযাহ কেতিয়াবাহে হৈছিল৷ অৱশ্যে বিবাহ, শ্ৰাদ্ধ আদি অনুষ্ঠানত আটায়ে যোগ দিছিলোঁ৷ তেওঁলোকে আমাক কিছু সমীহ কৰি চলিছিল৷ শৰীৰৰ ফালৰ পৰা তেওঁলোকৰ স্বাস্থ্য আমাতকৈ বহুত ভাল আছিল৷ মানুহখিনিৰ মাজত জাত-পাতৰ যথেষ্ট ভেদাভেদ আছিল – ৱাধাল, মাষ্টিয়াল, আৱান, জানজুৱাছ, নুন আৰু টিৱানা। এটা ফৈদৰ লগত আন এটাৰ প্ৰায়ে বিবাদ হৈছিল। আনকি কেতিয়াবা হত্যা পৰ্যন্ত হৈছিল৷ আমি সততে তেওঁলোকৰ পৰা এটা নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখিছিলো৷

আমাৰ গাঁৱৰ আলি-গলিত তেওঁলোকৰ অহা-যোৱাৰ দৃশ্য এতিয়াও মোৰ মানস পটত ভাঁহি আছে৷ তেওঁলোকৰ বেছিভাগেই ছয়ফুটৰো ওখ হৃষ্ট-পুষ্ট বলিষ্ঠ চেহেৰাৰ লোক৷ তেওঁলোকৰ বহুতে উট আৰু ভেৰা ছাগলীৰ নোমৰ পৰা ঊল প্ৰস্তুত কৰা ব্যৱসায়ৰ লগত জড়িত আছিল৷ মহিলাসকলো আছিল ওখ পাখ, লাহী আৰু সুগঢ়ী৷ তেওঁলোকে পানীভৰ্ত্তি দুটা কলহ মুৰৰ ওপৰত আৰু আন এটা কঁকালত লৈ অনায়াসে কঢ়িয়াই নিব পাৰিছিল৷ কলহৰ পানী পৰি গাত থকা কাপোৰ প্ৰায়েই তিতিছিল আৰু তিতা কাপোৰৰ ওপৰেদি তেওঁলোকৰ কৃষ্ণবৰ্ণ স্তনাগ্ৰ সহিত সমস্ত বক্ষপ্ৰদেশ আৰু উন্নত নিতম্ব প্ৰকট হৈ পৰিছিল৷ মাটি লেখি গৈ থকা তেওঁলোকৰ দৃষ্টিয়ে কালৈকো মুৰ তুলি চোৱা নাছিল৷ ৰাষ্টাৰ আন মানুহৰ চকুবোৰে যে তেওঁলোকক গিলি পেলাব খুজিছে সেই কথাটো তেওঁলোকে বুজি পাইছিল আৰু সততে সেই দৃষ্টি উপেক্ষা কৰি চলিছিল৷ যদিও মোৰ বয়স তেতিয়া চাৰি বছৰৰ বেছি হোৱা নাছিল, তেতিয়াই মোৰ সুবিধা পালেই নাৰীৰ এই দৃষ্টিনন্দন ৰূপ-ৰস উপভোগ কৰাৰ এক গোপন অভ্যাস গঢ়ি উঠিছিল৷ (আগলৈ..)

No comments:

Post a Comment