Monday, October 30, 2017

নামে কি আনে ?


নামে কি আনে ?
আনৰ কথা নাজানো, মোৰ কিন্তু নামৰ প্ৰতি আজন্ম দুৰ্বলতা৷ ভাল শ্ৰুতিমধূৰ নামে মোক বৰ আকৰ্ষণ কৰে৷ ৰঞ্জু হাজৰিকাই তেওঁৰ গল্প-উপন্যাসৰ চৰিত্ৰসমুহৰ বৰ আমোদজনক নাম দিছিল৷ কৈশোৰৰ দিনত তেখেতৰ লিখাৰ প্ৰতি থকা তীব্ৰ আকৰ্ষণৰ সিও আছিল এটা অন্যতম কাৰণ ৷ নিৰঞ্জন দত্ত – নামটোৰ প্ৰতি ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ কিবা এটা দুৰ্বলতা আছিল যেন লাগে ৷ কেইবাটাও গল্পত দেউতাকৰ দৰে চৰিত্ৰত তেখেতে এই নামটো ব্যৱহাৰ কৰিছিল৷ মনোজ কুমাৰ গোস্বামীয়ে গল্প লেখা কালত অনাদি নামটো প্ৰায়েই ব্যৱহাৰ কৰিছিল৷ অতনু ভট্টাচাৰ্যই গল্পৰ চৰিত্ৰত প্ৰায়েই ব্যৱহাৰ কৰা এটা নাম – ইলিয়াচ৷ অথচ অতনুদাই ইলিয়াচ নামৰ কোনো ব্যক্তিকে বাস্তৱতে চিনি নাপায়৷ এটা বয়সত মোৰ সীমনা নামৰ ছোৱালী এজনীৰ লগত প্ৰেম কৰিবলৈ মই বৰ অধৈৰ্য হৈ উঠিছিলো৷ মোৰ জীৱনৰ প্ৰথমখন আধালিখা উপন্যাসৰ নায়িকাগৰাকীৰ নাম আছিল সীমনা – সীমা!
নামৰ প্ৰতি থকা মোৰ দুৰ্বলতাৰ অন্ত নাই ৷ অথচ নাম মনত ৰখাত মই পুতৌজনক ভাবে কেঁচা৷ আনৰ কথা বাদেই দিছো, হঠাতে সুধিলে, মোৰ পত্নীৰ নামটোও মনত পেলাওঁতে মোৰ খেলিমেলি লাগে! সদায় লগ পাই থকা ব্যক্তিৰ নাম মনত পেলাব নোৱাৰি জীৱনত মই কিমানবাৰ যে লাজত নপৰিছো ৷ এসময়ত ভনীক শিকাই থৈছিলো – মোৰ লগত থাকোতে তাই যেতিয়া লগৰ কাৰোবাক লগ পায়, মই শুনাকৈ আগন্তুকৰ নামতো যাতে তাই একাধিকবাৰ উচ্চাৰণ কৰে! আধুনিক মেনেজমেন্টে কয় যে দক্ষ প্ৰশাসকৰ এটা উল্লেখযোগ্য গুণ হৈছে সকলোৰে নাম মনত ৰাখিব পৰাতো, সকলোকে নাম ধৰি মাতিব পৰাতো ৷ মই নোৱাৰো৷
নিজৰ নামটোলৈ থকা মানুহৰ মোহৰো অন্ত নাই ৷ নামটো ভুলকৈ লিখিলে পঢ়িব জনা সকলোলোকে মনত বেয়া পায় ৷ কোৱাৰেটুল আইন হাইদৰ, লুটফা হানুম ছেলিমা বেগম, ছানছুমা খুংগুৰ বিচমূতিয়াৰী আদি নাম লিখাৰ সময়ত সচেতন হোৱা দৰকাৰ, নহলে নামটোৰ গৰাকী ক্ষুন্ন হোৱাৰ সম্ভাৱনা থাকে৷ ১৯৯০ চনত এদিন মই শইকীয়া ছাৰৰ লগত মাদ্ৰাজৰ (এতিয়াৰ চেন্নাই) শংকৰ নেত্ৰালয়ত বহি আছোঁ ৷ যিকোনো এটা মুহুৰ্তত ছাৰৰ নামটো উচ্চাৰণ হব পাৰে, আৰু লগে লগেই আমি ডাক্তৰৰ কোঠালৈ সোমাই যাব লাগিব৷ দক্ষিণ ভাৰতীয়ৰ মুখত ছাৰৰ নামটো বা কেনেকৈ ফুটে !– সেই আশংকাতে মই সন্ত্ৰষ্ট হৈ আছো৷ মোৰ উৎকন্ঠালৈ লক্ষ্য ৰাখি ছাৰে কৈছিল – যিমান কোলাহলৰ মাজতে নহওক কিয়, নিজৰ নামটো কোনোবাই উচ্চাৰণ কৰিলে থলৰ-কৈ কাণত পৰে, নহয় নে? তাৰ ক্ষন্তেক পাছতে সঁচাকৈয়ে থলৰ-কৈ আমাৰ কাণত পৰিছিল – ভাবেন্দ্ৰনাথ !
সংস্কৃতত এটা গল্প আছিল, গল্পত থকা লৰাটোৰ নামটো আছিল পাপক৷ লৰাটোৱে নিজৰ নামটো লৈ বৰ লাজ কৰে আৰু এদিন গুৰুক গৈ নামটো সলনি কৰি দিবলৈ খাটনি ধৰিলেগৈ৷ গুৰু সন্মত হল কিন্তু তাৰ আগতে পাপকক এবাৰ জগতখন এপাক ঘুৰি আহিবলৈ ক’লে আৰু যিমান পাৰে মানুহৰ নাম জানি আহিবলৈ ক’লে৷ পাপক গৈ প্ৰথমে ভিক্ষাৰী এজন লগ পালে তাৰ নামটো আছিল ৰাজা ৷ ৰাজা ভিক্ষাৰী৷ তাৰ পাছত দেখা পালে মানুহ এজনৰ মৃত্যু হোৱা - মৃতকৰ নাম চিৰঞ্জীৱি ৷ চিৰদিন জীৱিতটোৰ মৃত্যু হৈছে, ইত্যাদি, ইত্যাদি, ইত্যাদি৷ শেষত পাপকই মানি ল’লে যে নামত আছলতে একোৱেই নাই ! নামে কি কৰে গুণেহে সংসাৰ তৰে৷
আগৰদিনত সন্তানৰ মৃত্যু হলে অপদেৱতাৰ কোপদৃষ্টি লাগি মৰা বুলি বহুতে ভাবিছিল৷ ভাল নামৰ প্ৰতি দেৱতা কূলৰো হেনো দুৰ্বলতা আছে ৷ সেয়ে অপদেৱতাৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ নৱজাতকৰ নামবোৰ বৰ বেয়াকৈ দিয়া হৈছিল – গেন্ধেলা, গোবৰ, জাবৰ, দোমাই, মেদেলা, গোজৰ ইত্যাদি৷ পাছে এনে নামৰ কেইবাজনো ব্যক্তি আমাৰ অঞ্চলটোত আছে যি আমাৰ বাবে পৰম শ্ৰদ্ধেয় ৷
জন্মতে মই কিমান গ্ৰাম আছিলো নাজানো৷ দগা-পাল্লা লৈ কেচুৱা জোখাৰ নিয়ম সম্ভৱ তেতিয়া নাছিল৷ দেউতাৰ হিচাপ মতে মই এটা কেৰ্কেটুৱাৰ সমান আছিলো৷ আমাৰ পেহীয়ে মৰমতে সেই কেৰ্কেটুৱাটোৰ নাম দিলে বাদল৷ তিনিখন স্কুলত টিকিব নোৱাৰি এদিন চতুৰ্থখন স্কুললৈ ভাইটোৰ লগত একেলগে ওলালো ৷ প্ৰথম প্ৰথম মোৰ স্কুলত লিখা নামটো আছিল – বাদল বৰুৱা ৷ সেই সময়তে দেউতাই গণনাট্য সংঘৰ সংস্পৰ্শলৈ আহি বাংলা ভাষাৰ যুগান্তৰকাৰী নাটক – কল্লোল, মানুষেৰ অধিকাৰ, লৌহ মানৱ আদি চাবলৈ পায়৷ এই নাটসমুহৰ অভিনেতা আৰু স্ৰষ্টা গ্ৰুপটোৰ অন্যতম নায়ক আছিল উৎপল দত্ত৷ (পাছলৈ “গোলমাল” নামৰ হিন্দী ছবিখনত তেখেতে কৌতুক অভিনয় কৰি জনপ্ৰিয় হৈছিল৷) কি ভাবি নাজানো দেউতাইও পুতেকৰ নামটো উৎপল ৰখাতো ঠিক কৰিলে৷ এই কাৰ্যটোৰ অন্তৰালত বেছি চিন্তা চৰ্চা, আশা ভাৰসা আছিল বুলি মই কেতিয়াও নাভাবো৷ চতুৰ্থ শ্ৰেনীৰ পৰা উত্তীৰ্ণ হোৱা প্ৰমান পত্ৰখনত সেয়ে মদন ছাৰে মোৰ নামটো দেউতাই কোৱাৰ দৰেই লিখি দিলে – উৎপল বৰুৱা ৷
‘মহাকাব্যৰ প্ৰথম পাত’ৰ স্ৰষ্টা কবি বিপুলজ্যোতি শইকীয়াই ‘আকাশ’ নামৰ শিশু আলোচনীখনৰ নিয়মীয়া গ্ৰাহক কৰিবৰ বাবে মোৰ নামটো লিখোতে ১৯৮২ চনত এদিন কৈছিল – তোৰ নামটো বৰ শুৱলা অ’! বছ সিমানেই৷
চাৰিটা দশক তেনেকৈয়ে চলি আহিল৷ একে নামৰে অসমত আৰু অন্ততঃ পাঁচজন লোক থকা কথাটো মই নিজেই জানো৷ উৎপল বৰুৱা (এক) – তেখেত এজন বিখ্যাত ফটোগ্ৰাফাৰ, ব্যক্তিগত ভাবে চিনি নাপাও, কিন্তু তেখেতৰ কৰ্মৰাজিৰ লগত পৰিচয় আছে৷ তেখেতে লিখে নে নিলিখে মই সেইটোও নাজানো কিন্তু মই যদি কালিলৈ ফটোগ্ৰাফিৰ ওপৰত কিবা এটা লিখো পঢ়ূৱৈৱে মোকেই তেখেত বুলি ভবাৰ থল আছে৷ নতুবা তেখেতে যদি এটা ভাল লেখা লিখে স্থান কাল পাত্ৰ ভেদে মইয়েই সেইটো লিখিছো বুলি গোমৰ ফাকি এটা দিয়াৰ মোৰ এটা অনাকাংক্ষিত সুবিধা আছে! এই সুবিধা থকাটো আচলতে অনুচিত৷ উৎপল বৰুৱা (দুই ) – তেখেত এজন বিখ্যাত সাংবাদিক৷ বাতৰি কাকত বা আলোচনীত প্ৰকাশ হোৱা মোৰ নামটো তেখেতৰেই বুলি বহুতে ধৰি লব পাৰে বুলি থকা মোৰ মনত থকা শংকাটো যুক্তিহীন নহয়, তেনে সম্ভাৱনা একে আষাৰে নুই কৰিব নোৱাৰি ৷ তাৰোপৰি মোৰ এটা অপৰিপক্ক লেখাই তেখেতকো কেতিয়াবা অশ্বস্তিত পেলাব পাৰে! কিয় এনে হব লাগে, এনে হোৱা উচিত নে? উৎপল বৰুৱা (তিনি) – তেখেত অসামৰিক বিমান পৰিবহন বিভাগতে কাম কৰা এজন জেষ্ঠ্য এয়াৰ ট্ৰেফিক কন্ট্ৰোলাৰ ৷ আমি ফেচবুকৰ বন্ধু ৷ ব্যক্তিগত চিনাজনা নাই যদিও আমাৰ দুয়োৰে কৰ্মস্থানৰ মিল আছে, আমাৰ দুয়োকে চিনি পোৱা এয়াৰপৰ্ট অথৰিটিত অনেক বন্ধু আছে ৷ উৎপল বৰুৱা (চাৰি) - মোৰ পুৰণি বন্ধু, এতিয়া ছিংগাপুৰত থাকে৷ তেওঁৰ লগত এনেধৰণৰ খেলিমেলিৰ সম্ভাৱনা কম৷ উৎপল বৰুৱা (পাঁচ) হৈছে মোৰ পত্নীৰ এজন ভতিজা ৷ ইমানদিনে ঠিকেই আছিল কিন্তু তেওঁ এতিয়া কবিতা লিখিবলৈ লৈছে! গতিকে কেতিয়াবা তেওঁৰ লগতো একেবাটতে ভেটাভেটি হোৱাৰ সম্ভাৱনাক একেবাৰে নৎসাত কৰিব নোৱাৰি!
ইমানদিনে এই কথাটো মই গ্ৰাহ্যই কৰা নাছিলো৷ পাছে অলপতে মই আকাশবাণীৰ বিষয়ে লিখা নিৱন্ধ এটা প্ৰকাশ হোৱাৰ পাছত ফেচবুকত বৰ্ণালী বৰুৱা দাসে তেখেতৰ নামটো্ক লৈ হোৱা বিভ্ৰান্তিৰ এটা আমোদজনক কাহিনী জানিবলৈ দিলে৷ মোৰ ভন্টীয়েও কথাটোত হয়ভৰ দি মোৰ নামটো একক (ইউনিক) হোৱাটোত গুৰুত্ব দিলে – তেনে কৰিলে, মই যে হঠাতে বিখ্যাত হৈ যাবও পাৰোঁ, তেনে এটা সম্ভাৱনাৰ কথাও মোক কোৱা হল৷ নাম সলনি কৰি লেখক, সাংবাদিক, অভিনেতা সকল বিখ্যাত হৈ যোৱা মই শুনাই নহয়, নিজেই দেখিছো৷
সেয়ে এতিয়াৰে পৰা মই “উৎপল বাদল বৰুৱা” হিচাপেহে বিখ্যাত হম বুলি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ ৷
জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (২০)

আঘোন গ’ল, পুহ মাহ আৰম্ভ  হৈছে ৷ পথাৰৰ সেউজীয়াই ক্ৰমশঃ বৰণ সলাবলৈ লৈছে৷ বাৰীৰ শাকনিত লাই, পালেং, ধনীয়া, বাবৰি, বন্ধা কবি, ওল কবি, ফুল কবিয়ে “আজি মোক খা – আজি মোক খা “ কৰি থকাৰ সময়৷  বোৱাৰী পুৱাতে পেহা যেতিয়া শাকনিত সোমাইছিল তেতিয়া কুৱঁলীয়ে গোটেইখন ঢাকি থৈছে৷ বাৰীখনৰ এফাল কেঞাবন চিকুনাই পেহা যেতিয়া আজৰি হ’ল তেতিয়া কুঁৱলী আঁতৰিছে, বেলিৰ পোহৰ শাকনিত পৰিছে, দূবৰি বনৰ ওপৰত নিয়ৰৰ টোপাল বিলাক মুকুতা জিলিকাদি জিলিকিবলৈ লৈছে ৷ 

কোৰ-খন্তি সামৰি থৈ গাটো তিয়াই আহি পেহাই এতিয়া জালখনত হাত দিছেহি৷ বাৰান্দাৰ খুটা এটাত ওলোমাই লৈ পেহাই খেৱালী জাল এখন গুঠি আছে৷ দুহাত পাৰ হওঁ হওঁ ৷ আগৰবাৰ চগমলালৰ দোকানৰ পৰা অনা সূতাবিধ ঠিক নাছিল, মাজে মাজে ফিচিকি যায়৷ নতুন সূতালৈ ৰৈ থাকোঁতেই এমাহ সময় এনেয়ে পাৰ হ’ল৷ দুহাত হ’লেই যেতিয়া বাৰিষাৰ আগে আগে ওলাবগৈ লাগে!

পুৱফালৰ পিৰালিটোত থৈলা এটাত লেপেতা কাঢ়ি বহি, পিঠিত ৰ’দ পেলাই বহি লৈ মুকুল ককাইদেউৱে ইংৰাজী গ্ৰামাৰ পঢ়িছে  – কিং-কুইন, লায়ন-লায়নেছ, ফক্স-ভিক্সেন !

ঠিক সেই সময়তে মূৰত গামোছাৰ খোপা পিন্ধি কাষলতিৰ তলত নুৰিয়াই লোৱা তিতা কাপোৰ এসোপা লৈ পেহী আহি আগ চোতাল পালেহি৷  পেহাৰ মুখখন খজুৱাই আছিল, চাহ একাপৰ কথাও মনলৈ আহিছে ৷ এনে অৱস্থাত তেখেতে প্ৰায়েই পেহীক খোচ এটা মাৰে ৷ পেহীয়ে যেতিয়া দাঁত মূৰ কৰচি কয় – এই মানুহটোৰ গাত কি জখিনী লাগিল জানো ! পেহাইও গুজুব কৈ উত্তৰ দিয়ে – আইনাখন চালেই দেখা পাবা জখিনীজনী, যোৱা চোৱাগৈ! এতিয়া তেনে এটা সময় সমাগত হৈছে বুলি পেহাৰ মনে ক’লে৷  পেহীয়ে চোতালৰ তাঁৰডালত কাপোৰবোৰ মেলিবলৈ লৈছে৷ ঠিক সেই সময়তে মুকুল ককাইদেইৱে সুধিলে – পেহা, উলফ্‌, মানে কুকুৰ নেচীয়া বাঘৰ স্ত্ৰীলিংগ কি ?
পেহাই গহীনাই উত্তৰ দিলে - কিয়, কিতাপত নাই নেকি?
-         - নাই পোৱা দেখোন! মুকুল ককাইদেউৰ উত্তৰ৷ 
পেহাই লগে লগে ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিলে - নাই যদি পেহীয়েৰৰ নামটোকে লিখি দে, মিলি যাব!
এই মানুহটোৱে ল’ৰাটোৰ মূৰটো খাব!  গো-গোৱাই পেহী আখলঘৰলৈ সোমাই গ’ল – চাহ বাকিবলৈ ৷ 

Wednesday, October 25, 2017

এইয়া আকাশবাণী গুৱাহাটী .... এটা ব্যক্তিগত উপলব্ধি




আমি যেতিয়া সৰু আছিলো, গণ-মাধ্যমৰ প্ৰধান উপাদান আছিল বাতৰি কাগজ আৰু আলোচনী ৷ প্ৰধানকৈ গুৱাহাটীৰ পৰাই প্ৰকাশ হোৱা অসমীয়া বাতৰি কাকতসমূহ আমি ডাঙৰ হোৱা মফচলীয়া নগৰসমুহত পাওঁতে আবেলি হৈছিলগৈ৷ লক্ষীমপুৰৰ কোনো কোনো ঠাইত হেনো পাছদিনাহে দৈনিক কাকতখন পাইছিলগৈ! আমাৰ ঘৰখন গুৱাহাটী আৰু কলিকতাৰ পৰা প্ৰকাশ হোৱা কেইবাখনো অসমীয়া আৰু বাংলা কাকত আলোচনীৰ নিয়মীয়া গ্ৰাহক আছিল ৷ অনাতাঁৰ সেৱা অসমত স্বাধীনতাৰ ঠিক পাছতে প্ৰসাৰ ঘটে যদিও সি সকলোৰে বাবে সমানে উপলব্ধ হোৱা নাছিল৷ ৰেডিঅ’ এটাৰ দাম যথেষ্ট আছিল আৰু সকলোৱে কিনিব পৰাৰ সামৰ্থৰ ভিতৰত নাছিল৷ সত্তৰৰ দশকৰ পাছতহে অনাঁতাৰ সেৱাৰ প্ৰচুৰ প্ৰসাৰ হোৱা দেখিছিলো৷
শৈশৱ আৰু কৈশোৰৰ দিনবোৰত ৰেডিঅ’টোৱেই আছিল আমাৰ সৰু সৰু পঁজাবোৰৰ পৰা বিশ্বখনলৈ জুমি চাব পৰা একমাত্ৰ নিৰ্ভৰযোগ্য খিৰিকি, গণসংযোগৰ হাততে পোৱা শক্তিশালী মাধ্যম৷ ১৯৭৭ চনত জৰুৰীকালিন অৱস্থাৰ সময়ছোৱাত দেশৰ খবৰ লোৱাৰ উৎকন্ঠাত হঠাতে দেউতাই আমাৰ ঘৰলৈও কিনি আনিছিল ফিলিপছ্‌ কোম্বানিৰ এটা সৰু ৰেডিঅ’ ছেট, মডেলটোৰ নাম আছিল ‘জোৱান’৷ এফ. এম. বেণ্ড নাছিল৷ মিডিয়াম আৰু ছৰ্ট ৱেভ্‌ৰ সুবিধা থকা সেই অকণমানি যন্ত্ৰটোৱেই আমাৰ বাবে আছিল বিশ্বকোষ, সাংস্কৃতিক কেন্দ্ৰ আৰু মনোৰঞ্জনৰ প্ৰধান আহিলা৷ ইমান মগন আছিলো যে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হোৱা ‘সুৰৰ সাতসৰী’ আৰু গুৱাহাটীৰ পৰা প্ৰচাৰ হোৱা ‘কল্পতৰু’ শুনাৰ পৰা বঞ্চিত হম বুলি বৰিবাৰে ঘৰৰ পৰা আতঁৰিবলৈকে বেয়া পাইছিলো৷ ‘আইদেউৰ বুলনি’-ত দেৰ বজাত কেতিয়াবা নাটকো আহে যদিও আচলতে দুই বজাতহে নিৰ্ধাৰিত হৈ থাকে -  আজিৰ নাট্যানুষ্ঠানৰ নিবেদন ....৷ চকুমুদি আপোনাভোলা হৈ শুনো, কল্পনাৰ জিয়াঁ ভ্ৰমি ফুৰে ৰেডিঅ’টোৰ মাতে মাতে! ৰাতিপুৱা চাৰে আঠ বজাত ‘গীতি-মালিকা’ দিলে মানে স্কুললৈ ওলোৱাৰ প্ৰথম পৰ্যায়, অন্তত গা-ধোৱা কামটো হৈ যাব লাগিব৷ তাৰ পাছতে আঞ্চলিক বাতৰি৷ তেতিয়ালৈকে যদি খোৱা হোৱা নাই –স্কুললৈ দেৰি হবই হব ৷ বেলিটো বা ঘড়ীটোতকৈ ৰেডিঅ’টো আছিল বেছি বিশ্বস্ত৷ গুৱাহাটীৰ পৰা প্ৰচাৰ হোৱা আঞ্চলিক বাতৰি পঢ়িছিল প্ৰধানকৈ দুজনলোকে – নীৰেন বৰুৱা আৰু অৱন বৰপূজাৰী ৷ দিল্লীৰ পৰা বাতৰি পঢ়াসকল আছিল – লিলিদাস মালিক, গুণ বৰুৱা, হিৰণ দত্ত, বিভা গোস্বামী আদি ! তেখেত সকলৰ মাতবোৰ ইমানেই চিনাকি আছিল যে প্ৰথম শব্দ ‘এইয়া আকাশবাণী’ বুলি কোৱাৰ লগে লগে পৰিৱেশকজনৰ নামটো আমি কৈ দিব পাৰিছিলো৷ ভবেন্দ্ৰনাথ শইকীয়া আৰু তৰুণ শইকীয়াৰ ৰেডিঅ’ নাটক শুনিবৰ বাবে চুবুৰীয়াসকলো একেঠাইতে গোট খাইছিলহি ৷ নাটক, সংগীতালেখ্য আৰু আন অনুষ্ঠানবোৰো সজাই পৰাই শ্ৰোতাৰ আগলৈ উলিয়াই আনিবৰ বাবে আকাশবাণীৰ কৰ্মকৰ্তাসকলে যে প্ৰচুৰ শ্ৰম কৰিছিল সেইকথা শ্ৰোতাই মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছিল৷ মই মেট্ৰিক পৰীক্ষাৰ বাবে সাজু হোৱাৰ সময়ত বিদ্যাৰ্থীৰ অনুষ্ঠানৰ পৰা যথেষ্ট উপকৃত হৈছিলো৷
পিছে, সুদিন সদায় সুদিন হৈয়েই নাথাকে৷
১৯৮২ চনত নতুন দিল্লীত ‘এছিয়াদ গেইমছ’ অনুষ্ঠিত হোৱাৰ সময়ত দূৰদৰ্শন সেৱাৰ প্ৰচুৰ প্ৰসাৰ ঘটে৷ তাৰ কিছুদিনৰ পিছতে ৰামায়ন চিৰিয়েলখন আৰম্ভ হোৱাৰ সময়ত সমগ্ৰ ভাৰতবৰ্ষত দূৰদৰ্শন অত্যন্ত জনপ্ৰিয় হবলৈ আৰম্ভ কৰিলে৷ ইয়াৰ আগতে দক্ষিণৰ ৰাজ্যকেইখনত হিন্দী ভাষাৰ অনুষ্ঠান কোনেও নাচাইছিল৷ লগে লগে ঘৰে ঘৰে থকা ৰেডিঅ’বোৰৰ ওপৰত ধূলি পৰিবলৈ ল’লে৷ ভিতৰত থকা বেটাৰী গেলি গ’ল৷ বহুতে ঘৰত কাম কৰা বা লাচনি-পাচনি কৰি সহায় কৰালোকক ৰেদিঅ’টো দান দিলে৷ এইখিনি সময়তে বহুতে অনাতাঁৰ সেৱাৰ মানৰ ওপৰতো প্ৰশ্ন তুলিলে৷ যিহওক, ৰেডিঅ’ হেৰাই নগ’ল৷ আমাৰ সমাজৰ অৰ্থনৈতিক বৈষম্যই সকলোকে সকলো সুবিধা সমানে নিদিয়ে৷ এচাম মানুহে ৰেডিঅ’ শুনিয়েই থাকিল৷ এচাম মানুহৰ মাজত ৰেডিঅ’ এতিয়াও গণসংযোগৰ এক শক্তিশালী মাধ্যম৷  টেলিভিছন, কেবল টিভি, ডি-টি-এইছ্‌ সেৱাত ছেনেলৰ পয়োভৰ, মোবাইল, ফে’চবুল, ৱাটছ্‌আপে অনাতাঁৰ সেৱালৈ যুগমীয়া বাধা কঢ়িয়াই আনিলে হয় কিন্তু নিঃশেষ কৰিব পৰা নাই আৰু নোৱাৰেও৷ ইতিমধ্যে অনাতাঁৰ সেৱাইও নৱৰূপ পাইছে৷ আগতে বতৰ বেয়া বা বিজুলী মাৰিলে ৰেডিঅ’ৰ মাতটোত প্ৰভাৱ পৰিছিল৷ এতিয়া নতুন পদ্ধতি আহিল৷ কম্পনাংকৰ দ্বাৰা (এফ্‌ এম্‌) প্ৰেৰিত মাত কথাত বতৰৰ প্ৰভাৱ নপৰে, সেয়ে ৰেডিঅ’ৰ মাত কথা এতিয়া পৰিষ্কাৰ ৷ ৰেডিঅ’ শুনিবলৈ অকল কাণদুখন হলেই হয়, চকুৰ দৰকাৰ নাই!  গাড়ী চলাই গৈ থাকোতে যানজঁটত  ঘন্টাৰ পাছত ঘন্টা আৱদ্ধ হৈ পৰিলে টেলিভিছন চাব নোৱাৰি, ফে’চবুক ৱাটছআপ কৰাটো বিপদজনক কিন্তু নিৰাপদে শুনি থাকিব পাৰি ৰেডিঅ’ৰ এফ্‌ এম্‌ বেণ্ড্‌৷ সাম্প্ৰতিক এফ্‌ এম্‌ সেৱা এটা লাভজনক ব্যৱসায় ৷ ক্ৰমশঃ ম্লান হবলৈ ধৰা ৰেডিঅ’ৰ গৰিমা যেন আকৌ ঘুৰি আহিছে৷ আকাশবাণী বিভাগেও এই ছেনেলসমুহৰ লগত ফেৰ মাৰি আগবাঢ়ি যাব পৰাকৈ আমোদজনক, চিন্তাকৰ্ষক, তথ্যপুৰ্ণ  অনুষ্ঠান প্ৰস্তুত কৰিবলৈ লৈছে৷  এই অনুষ্ঠানসমুহ সমগ্ৰ বিশ্বতে ইন্টাৰনেটৰ দ্বাৰা শুনিব পৰাৰ সহজলভ্য উপায় ওলাইছে৷
এসময়ত আমাৰ দিনটোৱেই আৰম্ভ হৈছিল ৰেডিঅৰ পুৱাৰ বন্দনাৰে ৷ বৰগীত- লোকগীতে দিনটোলৈ মনটোক এটা পৱিত্ৰতাৰ আৱেশ সানি দিছিল৷  ৰাতিপুৱাৰ কিছুমান সংবাদ আছিল অত্যন্ত তথ্যপূৰ্ণ, সাম্প্ৰতিক সময় বা ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত৷ আন প্ৰয়োজনীয় অনুষ্ঠানসমূহ আছিল কৃষিৰ দিহা, বিজ্ঞান, সাহিত্য আৰু স্বাস্থ্য সম্পৰ্কীয়৷ তাৰোপৰি অসমৰ পাহাৰ-ভৈয়ামৰ জাতি জনজাতিৰ থলুৱা মাত-কথাৰে ৰেডিঅটোৱে দিনে নিশাই টক-টকাই আছিল৷  মনোৰঞ্জনধৰ্মী অনুষ্ঠানৰ ভিতৰত আছিল – মহেন্দ্ৰ বৰঠাকুৰৰ ৰচনা কৰা আৰু দুৰ্গেশ্বৰ বৰঠাকুৰে কৰা অভিনয়েৰে ‘নোকোৱাই ভাল’৷ ৰেডিঅ’ৰ ‘গোৱৰ্দ্ধন চৰিত’ শুনিয়েই মানুহে ইন্দ্ৰ বনিয়া আৰু চেতনা  দাসক পতি-পত্নী বুলি ভাবিবলৈ লৈছিল৷ তৰুণ শইকীয়াৰ অপূৰ্ব স্বাদৰ আন এখন নাটক আছিল ‘ঘিনাই সাতোলাৰ ইতিবৃত্ত’৷ সেইখন নাটকত মূল চৰিত্ৰত দিলীপ শৰ্মাই কৰা অভিনয় আৰু তেখেতে দিয়া কন্ঠ পাহৰিব পৰা কথাই নহয়৷ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ নাটক শুনিবলৈ (শান্তশিষ্ট –হৃষ্টপুষ্ট-মহাদুষ্ট, জোনাকিৰ বিয়া আদি) শুনিবলৈ সেই সময়ৰ শ্ৰোতাসকলে যি আগ্ৰহ দেখুৱাইছিল সেইয়া আছিল বিৰল৷ নীলু চক্ৰৱৰ্তী আছিল বেছিভাগ নাটকৰে প্ৰযোজক, অসমীয়া সমাজ জীৱনৰ ওপৰত গভীৰ জ্ঞান থকা চক্ৰৱতীৱে ৰেডিঅৰ নাটকৰ চৰিত্ৰ একোটাক প্ৰায় জীৱন্ত ৰূপ দিব পাৰিছিল৷ যুৱ-বাণী, চেমনীয়াৰ চঁৰা, অকণিৰ মেল আদি অনুষ্ঠান নিৰ্দ্দিষ্ট বয়সৰ শ্ৰোতাৰ বাবে বৰ উপযুক্ত আৰু ব্যৱহাৰিক দিশৰ পৰা অতি প্ৰয়োজনীয় আছিল৷ অৱনী বৰাৰ গলগলীয়া কণ্ঠস্বৰ আৰু বন্তি বৰপূজাৰীৰ অমিয়া মাত এতিয়াও কাণত বাজি থাকে৷ পিছৰ ফাললৈ অসীম কাজিৰ নেতৃত্বত ‘ফোন-ইন-কল্পতৰু’ আৰম্ভ হৈছিল৷ এইটো অনুষ্ঠানেও শ্ৰোতা সকলৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল৷  তেনেকৈ নিয়মীয়াকৈ ৰেডিঅ শুনা অনেকেই কৌস্তুভমণি শইকীয়াৰ আমোদজনক ৰচনাৰ কথা মনত পেলায় ৷
শৈশৱ আৰু কৈশোৰতে এৰি থৈ অহা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ মই আকৌ শুনিবলৈ লৈছো ৷ যোৱা কিছুদিন ধৰি মই আকাশবাণীৰ এটা এপ্লিকেচন যোগে (AIR) এটা অনুষ্ঠান প্ৰায় নিয়মীয়াকৈ শুনিবলৈ লৈছো৷ অনুষ্ঠানটোৰ নাম অভিলেখাগাৰৰ পৰা৷ অভিলেখাগাৰ মানে – Archive, এটা সুন্দৰ অসমীয়া প্ৰতিশব্দ৷ অনুষ্ঠানটো প্ৰযোজনা কৰে ইন্দ্ৰজিত দাসে৷ ইন্দ্ৰজিতৰ মাতটো ৰেডিঅ’ৰ বাবে বৰ উপযোগী, কথাটো সামান্য বঢ়াই এইদৰেও কব পাৰি যে তেওঁ যদি ৰেডিঅ’লৈ নাহিলহেঁতেন ৰেডিঅ’ বিভাগটোৰহে ক্ষতি হলহেঁতেন, কাৰণ ই হৈছে মূলতঃ শ্ৰব্য মাধ্যম, মাতটোৱেই মূল ! অনুষ্ঠানটো শুনিলে গম পোৱা যায় তাত নিহিত থকা তেওঁৰ পৰিশ্ৰমৰ কথা৷ অনুষ্ঠানটোৰ লগত নিশ্চয় অনাতাঁৰ কেন্দ্ৰৰ আৰু লোক জড়িত হৈ থাকে, সেই আটাইকেইজন লোকেই ধন্যবাদৰ পাত্ৰ ৷ বিশেষকৈ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা কেইবাটাও অনুষ্ঠান প্ৰতিজন অসমীয়া মানুহে শুনা উচিত৷ বুৰঞ্জীয়ে সহজেই সত্যৰ অপলাপ কৰিব পাৰে৷ আত্মকথা প্ৰায়েই অতিৰঞ্জিত হোৱা দেখা যায়৷ কিন্তু ইন্দ্ৰজিতৰ এই অনুষ্ঠানটো তেনে সংকীৰ্ণতাৰ পৰা বাহিৰত থকা যেন লাগে৷ কামৰ নমুনা, নিজেই নিজৰ বিষয়ে কোৱা কথা, তৃতীয় ব্যক্তিৰ অভিমত আদিৰ সন্তুলিত সংমিশ্ৰণে অনুষ্ঠানটো সুখশ্ৰাৱ্য, তথ্যপূৰ্ণ আৰু ৰুচীপূৰ্ণ কৰাৰ লগতে মিথ্যাচাৰৰ পৰা দূৰত ৰাখিছে বুলি কব পাৰি৷ ইতিমধ্যেই প্ৰচাৰ হোৱা  পাৰ্বতী প্ৰসাদ বৰুৱা, ব্ৰজেন বৰুৱা, বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, হীৰেণ ভট্টাচাৰ্য, তচদ্দুক ইউচুফ, ভবেন্দ্ৰনাথ শইকীয়া, লক্ষ্যধৰ চৌধূৰী, যোগেশ চন্দ্ৰ ভৰালী, চন্দ্ৰ চৌধুৰী, নলিনীধৰ ভট্টাচাৰ্য, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, মিহিৰ বৰদলৈ আৰু আব্দুল মজিদৰ জন্ম বা মৃত্যুৰ তাৰিখৰ লগত সংগতি ৰাখি প্ৰস্তুত কৰা আটাইকেইটা খণ্ড শ্ৰুতিমধুৰ হৈছে৷ এখন নিখূঁট আচঁনি আৰু নিৰ্ধাৰিত কৰ্মসীমাৰ (Framework) ভিতৰত এই অনুষ্ঠানটোৱে অসমীয়া ভাষা সাহিত্যৰ বাবে এক গুৰুত্বপুৰ্ণ কাম কৰিব পাৰিব বুলি মোৰ বিশ্বাস হৈছে৷
অসমত থাকি নিয়মীয়াকৈ ৰেডিঅ’ শুনা বহুলোকৰ পৰাও জানিব পাৰিছো আকাশবাণীৰ অনুষ্ঠানসমুহৰ বাবে ৰাইজে আকৌ আগ্ৰহ প্ৰকাশ কৰিবলৈ লৈছে৷ ব্যক্তিগত ৰেডিঅ’ চেনেলৰ লগত হোৱা প্ৰতিযোগিতাত এক নিদ্দিৰ্ষ্ট মানদণ্ডৰ তললৈ ননমাকৈয়ো আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুন্ন ৰাখিব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে৷ অপ্ৰিয় হলেও সত্য যে ব্যক্তিগত মালিকৰ অধীনত থকা দুৰদৰ্শনৰ ব্যক্তিগত ছেনেলসমূহে ক্ৰমান্বয়ে বিশ্বাসযোগ্যতা হেৰুৱাবলৈ আৰম্ভ কৰিছে৷ খবৰৰ প্ৰকৃত সত্যাসত্য নিৰূপণ কৰিবলৈ কেইবাটাও ছেনেল একেলগে চোৱাটো অপৰিহাৰ্য হৈ পৰিছে৷ আকাশবাণীয়ে এই সুযোগতে নিজকে আকৌ গণ সংযোগৰ এক অপ্ৰমাদী নিৰ্ভৰযোগ্য মাধ্যম হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব পাৰে৷
 (এই লেখাটো গৱেষণামুলক প্ৰৱন্ধ নহয়, মোৰ নিজৰ উপলব্ধি আৰু নিজ চিন্তাৰে প্ৰকাশ কৰা আত্মকথা বা অভিমতহে – লেখক, ফোন নম্বৰঃ ৯৯৫৮৮৯৫৭০৮)

Monday, October 23, 2017

অনুবাদৰ পৰা কিয়দাংশঃ (৫)

অনুবাদৰ পৰা কিয়দাংশঃ (৫)

            সেই সময়ত মোৰ কোনো মুছলমান বন্ধু নাছিল বুলি কোৱা কথাষাৰ সম্পূৰ্ণ সত্য নহয়৷ আশা নকৰাকৈয়ে বহুত বেছি ধৰণে মই লাভৱান হৈছিলো লেডী আইৰিণ কলেজত পঢ়ি থকা মোৰ  ভন্টীৰ দ্বাৰা ৷ হায়দৰাবাদৰ পৰা অহা মুছলমান ছোৱালী এজনীৰ লগত তাইৰ বন্ধুত্ব হৈছিল – নাম আছিল ঘয়ুৰুনিছা হাফিজ৷ ৰবিবাৰে প্ৰায়েই তাইক আমাৰ ঘৰত চাহ খাবলৈ মতা হৈছিল৷ প্ৰথমবাৰ তাই আমাৰ ঘৰলৈ আহোঁতে বোৰ্খা পিন্ধি আহিছিল আৰু ভন্টীয়ে কেইবাবাৰো কোৱাৰ পাছতহে তাই সেইখন মুখৰ পৰা গুচাইছিল৷ তাইক গাৰ গঠন লাহী আৰু চুলি সামান্য মুগা বৰণীয়া কেকোৰা আছিল ৷ পৰ্দাৰ আৰঁত থাকিলেও কিন্তু তাই ল’ৰাৰ লগত বেছ ৰস কৰি কথা পাতিব জানিছিল৷ মই পাগলৰ দৰে তাইৰ প্ৰেমত পৰিলো৷ ধৰ্মীয় বান্ধোনৰ বাবে তাইক বেছি আপোন কৰি লোৱাতো সম্ভৱপৰ নহয় বুলি জানিছিলো কিন্তু মুছলমান ছোৱালী এজনীৰ লগত যে মোৰ বন্ধুত্ব হৈছিল সেই কথা ভাবিয়েই মোৰ মন পুলকিত হৈছিল৷ তাই কিন্তু মোতকৈ সাহসী আছিল৷ এদিন মোৰ ভন্টীৰ সৈতে তাইকো লৈ চিনেমা চাবলৈ গৈছিলো ৷ চিনেমা হলৰ লাইট নুমাই নোযোৱা পৰ্যন্ত তাই বোৰ্খা পিন্ধি আছিল৷ মই বহিছিলো তাই আৰু মোৰ ভন্টী দুয়োৰে মাজত৷ চিনেমা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছত তাইৰ হাতৰ স্পৰ্শ মই মোৰ হাতত অনুভৱ কৰিলো৷ ক’ব নোৱাৰাকৈয়ে তাইৰ হাতটো মোৰ হাতৰ ওপৰত থলে নে ইচ্ছা কৰিয়েই তেনে কৰিছে মই চিন্তা কৰিবলৈ লওঁতেই তাই তাইৰ হাতৰ আঙুলিকেইটা মোৰ আঙুলিৰ মাজেদি সুমুৱাই দিলে৷ মই ৰোমাঞ্চিত হৈ উঠিলো ৷ চিনেমাত মন নবহা হ’ল৷ ইন্টাৰভেলৰ পাছত ভন্টীয়ে গম নোপোৱাকৈ মই তাইক সুধিলো – মই তাইলৈ চিঠি লিখিব আৰু তাইৰ লগত ফুৰিবলৈ যাব পাৰিম নে? তাই মূৰ দুপিয়াই সন্মতি জনালে আৰু ক’লে – মোক তোমাৰ ভন্টীৰ লগত ওলাই যোৱাৰ অনুমতি আছে ৷ তুমি এটা কাম কৰিবা – মোক নিবলৈ আৰু থ’বলৈ আহিবা ৷

               ভন্টীয়ে গম নোপোৱাকৈ তাইক মই প্ৰতি দেওঁবাৰে ঘৰৰ পৰা গাড়ীত উঠাই লৈ দীঘল লং ড্ৰাইভত যোৱা কৰিলো৷ সেই সময়ত দেউতাৰ দুখন গাড়ী আছিল – নতুনখন তেখেতে নিজে চলাইছিল আৰু পুৰণি ফিয়েট কাৰখন পৰিয়ালৰ বাবে ব্যৱহাৰ কৰিবলৈ দিছিল৷ ফিয়েট কাৰখনৰ ক্লাছডালৰ ওচৰতে আন এডাল লিভাৰ আছিল যিডাল হেঁচা মাৰি দিলে পেট্ৰলৰ সোঁতটো বন্ধ হৈ গাড়ীখন ৰৈ যায় ৷ বাওঁহাতেৰে মই তাইৰ হাতখন ধৰি থাকো আৰু সোঁ-হাতেৰে গাড়ীৰ ষ্টিয়েৰিংডাল ৷ তাতকৈ বেছি আগবাঢ়িবলৈ মই এদিনো সুযোগ পোৱা নাই৷ এদিন সন্ধ্যা আওহতীয়া ঠাই এখনলৈ তাইক লৈ আনি মই গাড়ীখন বুদ্ধি কৰি বন্ধ কৰি দিলো ৷ ভাবিলো – তাইক অন্ততঃ এবাৰ আকোৱালি লওঁ! তাই মোৰ বুদ্ধিটো বুজি পালে আৰু লিভাৰডাল অন কৰি দি ক’লে – তুমি যদি এনেকুৱা কৰা মই কিন্তু আগলৈ কেতিয়াও নাহোঁ আৰু ৷ তাতকৈ আগবঢ়া আৰু নহ’ল কিন্তু লাহোৰ আৰু লণ্ডনৰ পৰা মই তাইলৈ দীঘল দীঘল  প্ৰেমপত্ৰ লিখিছিলো৷ অৱশ্যে মই তেনে চিঠি আন ছোৱালীলৈও লিখিছিলো৷

           ত্ৰিশ বছৰতকৈও অধিক দিনৰ পাছত ঘয়ুৰ মোৰ জীৱনলৈ আকৌ উভতি আহিছিল মোৰ ভন্টীৰ যোগেদিয়েই ৷ তাই আমাৰ মাজত থকা সম্পৰ্কৰ একো ভূ পোৱা নাছিল৷ তেতিয়ালৈকে ঘয়ূৰে দুজন স্বামীৰ মৃতদেহ সমাধিক্ষেত্ৰলৈ লৈ যোৱা দেখা পাইছে৷ তাই তেতিয়া ফৰীছা নামৰ এজনী ওঠৰ বছৰীয়া মৰমলগা ছোৱালীৰ মাতৃ৷  ফৰীছাইও মাকৰ দৰেই লেডী আইৰিণ কলেজত পঢ়িবলৈ আহিছিল আৰু মোক তাইৰ স্থানীয় অভিভাৱক পাতিছিল৷ তাইও মাকৰ দৰেই হৈছিল যেন লাগে৷ লোকেল গাৰ্ডিয়ানৰ ঘৰলৈ যোৱাৰ নামত তাই প্ৰায়েই হেষ্টেলৰ পৰা বাহিৰলৈ গৈছিল আৰু তাৰ পাছত মোৰ পৰা তাই আমাৰ ঘৰত থকা বুলি লিখাই নিছিল৷


          আশী বছৰ বয়সলৈকে ঘয়ূৰ মোৰ বন্ধু হৈ আছিল৷ যেতিয়াই মই হায়দৰাবাদলৈ গৈছো সুবিধা উলিয়াই কিছু সময় তাইৰ লগত কটাইছো৷ প্ৰকৃততে ঘয়ূৰৰ প্ৰেমৰ বাবেই মই মুছলমানসকলক ভাল পাবলৈ আৰম্ভ কৰিছিলো ৷ মই এইটোৱেই সিদ্ধান্তত উপনীত হ’লো যে কোনোবা জাতি এটাক অন্তৰেৰে ভাল পাবলৈ হলে সেই জাতিৰ কাৰোবাৰ লগত প্ৰেমত পৰিব লাগে ৷

Saturday, October 21, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৯)


জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৯)

পুৱাতে গা পা ধুই ধোবাই ধোৱা ধুতি-পাঞ্জাৱী এসাজ পিন্ধি, ৰ’দত থৈ গলাই লোৱা নাৰিকল তেল অকণমান চুলিত সানি লৈ পেহা কৰবালৈ যাবলৈ ওলাইছে ৷ ঠিক সেই সময়তে আমি গৈ ওলালোগৈ ৷ ৰ’দ পৰা ঠাইখিনিলৈ আৰামী চকীখন টান মাৰি আনি আৰামেৰে বহি লৈ পেহাই দৰ্শনেৰে আৰম্ভ কৰিলে ৷
-        -   বুজিছ, অংকত এশৰ ভিতৰত এশ নাপালেই জীৱনটো অথলে নাযায় ৷ জীৱন এনেকুৱা এটা বস্তু যত এশ পোৱাটোতকৈ ষাঠী পোৱাটোও কেতিয়াবা বেছি সুখত থাকিব পাৰে ৷ অকল পাঠ্যপুথিৰ জ্ঞানেৰেই জগত জিনিব নোৱাৰি ৷

অদ্ভুত কাহিনী এটা শুনাৰ লোভত আমিও লগে লগে শলাগি যাওঁ৷

আমাৰ ৰমণীকে নাচাৱ কিয় ? 

ৰমণী মানে ৰমণীমোহন উপাধ্যায় ৷ তেখেত আমাৰ সমষ্টিৰ বিধায়ক , ছমাহৰ আগতে তেখেতে কৃষি মন্ত্ৰীৰ দায়িত্ব পাইছে ৷ উপাধ্যায় আৰু পেহা হেনো এসময়ত একেখন স্কুলতে পঢ়িছিল৷ ফাইভ-চিক্স-চেভেন তেওঁ পেহাৰ লগত একেলগে আৰু এইট-নাইন-টেন পেহাতকৈ এখাপ ওপৰ শ্ৰেনীত পঢ়িছিল ৷ আগতে তয়া-হয়া আছিল যদিও পাছলৈ পেহাই তেখেতক ককাইদেউ বুলি মতা কৰিছিল ৷ ৰমনী আচলতে কিমান পানীৰ মাছ সেইটো একমাত্ৰ পেহাইহে ভালদৰে জানে ! আৰু সেইটো জানে কাৰণেই ৰমনীমোহনেও পেহাক মানে, মানে সন্মানৰ চকুৰে চায়!

এবাৰ কি হল জাননে নাই ? – তামোল পান এবিৰাত চাধা চূণ অকণ মিলাই মুখত ভৰাই লৈ আঙুলিত লাগি থকাখিনি চূণৰ অৱশিষ্টখিনি চকীখনৰ হেন্দেলডালৰ তলৰফালে মচি মচি পেহাই কাহিনী আৰম্ভ কৰিলে ৷

ক্লাছ ছেভেনৰ ছমহীয়া পৰীক্ষা ৷ ৰমণীমোহন আৰু পেহাই একেখন বেঞ্চতে বহি পৰীক্ষা লিখিছিল ৷ অংকৰ পৰীক্ষাৰ দিনা থৰহৰি কম্পমান! অংক বুলি কলেই ৰমনীৰ জ্বৰ উঠে৷ আচল কথা হ’ল, পূৰণৰ নেওঁতা ছয়ৰ ভাগ পাৰ হলেই তেওঁৰ খেলিমেলি লাগে! সেইয়ে পেহাক আগৰে পৰা খাটনি ধৰি আছিল – বহীখন দিয়াৰ আগতে অন্ততঃ অংকটোৰ উত্তৰটো মিলাই চাবলৈ পেহাই যেন তেওঁক সুবিধাটো এবাৰ দিয়ে! স্বভাৱতে দয়ালু পেহা সন্মত হৈছিল, আৰু দিছিলো ৷ অংকটো কৰি হলে পেহাই প্ৰশ্ন কাকতখনতে উত্তৰটো লিখি আগবঢ়াই দিছিল আৰু ৰমনীমোহনে নিমিষতে সেইটো টুকি লৈছিল ৷

অংকৰ শিক্ষক আছিল আলি ছাৰ, বৰ কাঢ়া ৷ অংকৰ বহী ঘুৰাই দিয়াৰ দিনা ৰমনীমোহনৰ বহীখন হাতত লৈ ছাৰে তাক ওচৰলৈ মাতি সুধিলে- এইটো কি লিখিছ? ৰমনীমোহনৰ জ্বলজ্বল পটপটকৈ মনত আছিল পেহাই লিখি দিছিল –ই ৷ গতিকে গহীন হৈ আত্মবিশ্বাসেৰে ক’লে- হ্ৰস্ব ই ছাৰ ! আটাইবোৰ ছাত্ৰ-ছাত্ৰীয়ে গিৰ্জনি মাৰি হাঁহি উঠিল ৷ ছাৰে কলে – গৰু, নকল কৰিবও নাজান, হ্ৰস্ব ই নহয়, দুই ভাগৰ এক!


সেইটো ৰমণী এতিয়া মিনিষ্টাৰ, আৰু পেহা ? – আছে আৰু গাই বাই গাওঁতে বন্তি জ্বলাই ! জীৱন এনেকুৱা এটা বস্তু যত এশ পোৱাটোতকৈ ষাঠী পোৱাটোও কেতিয়াবা বেছি সুখত থাকিব পাৰে ৷ অকল পাঠ্যপুথিৰ জ্ঞানেৰেই জগত জিনিব নোৱাৰি ৷

Saturday, October 14, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (১৮)

জীৱন বাটৰ ৰসঃ চন্দ্ৰ পেহা (১৮)
আকৌ ভাওনা ৷
চলাহোলাত বকাসুৰ বধ ৷ দুদিনীয়া ভাওঁনাৰ পহিলা ৰাতি ৷ ভীমৰ ভাওত স্বয়ং পেহা ৷ নামঘৰৰ মজিয়াত পাঁচফুট দ গাত খন্দা হৈছে ৷ সোঁ-হাতে গদা দাঙি ধৰিত্ৰীৰ বক্ষত পেহাই গদাঘাত কৰিব ৷ তাৰপিছতেই ভূমি ভেদি ওলাই অহা বাটেদি কুন্তীসহ চাৰি ভাতৃক বাওঁহাতে দাঙি লৈ পেহাই কৌৰৱৰ ৰাজ্য ত্যাগ কৰিব ৷ গাতত জাপ দিয়াৰ লগে লগেই নামঘৰৰ আটাইবোৰ লাইট নুমাই যাব ৷ আকৌ যেতিয়া লাইট জ্বলি উঠিব, কুন্তীসহ পঞ্চপাণ্ডৱ গৈ ওলাবগৈ বকাসুৰৰ নগৰ ! ভাওনাৰ কাইদা-কিটিপ চাবলৈ অঞ্চলটোৰ আটাইকেইখন গাওঁৰ ৰাইজ ভাগি ভুঁহৰি আহিছে৷
সকলো ঠিকেই চলি আছিল৷ কিন্তু লাইট নুমুউৱাৰ দায়িত্বত থকা বগাই বায়েনৰ সৰুটো পুতেকৰ হাত এটা চুইচত নপৰিল ৷ বকাসুৰৰ সিংহাসনৰ ওপৰত আঁৰি দিয়া ষাঠী পাৱাৰৰ লাইট এটা ট ট-কৈ জ্বলিয়েই থাকিল ৷ ইফালে গাতৰ ভিতৰত কুন্তী আৰু পঞ্চ পাণ্ডৱে ক্ষণ গণি আছে - লাইটটো নুনুমায়হে নুনুমায়! অৱশেষত ‘যায়ে লাং-থাকে লাং’ বুলি সেই পোহৰতেই পেহাহ’ত বাওঁনাৰ দৰে মণিকূটৰ ফালে লৰ ধৰিব লগা হ’ল৷ দৌৰি যোৱা দৃশ্যটো ছটা গাধক কোনোবাই খেদি নিয়া যেন দেখা গৈছিল ৷ বিশেষকৈ কুন্তীৰ ভাওঁ দিয়া নিমাইয়ে মেখেলাখন ককাললৈকে কোচাই মৰা দৌৰটো দেখি দৰ্শকে গিৰ্জনি মাৰি হাঁহি উঠিল ৷
পেহাৰ মুডটো অফ্‌ হৈ গ’ল ৷ সেইয়ে খৰমান তাল বজাৰ আগতেই পেহা ঘৰলৈ বুলি ওলাল ৷ কুন্তীয়ে তেতিয়া পয়াৰ মাতি আছে ৷ ভাওনা চাবলৈ পেহা-পেহীৰ লগত থকা আঠবছৰীয়া ভতিজাক আমাৰ মুকুল ককাইদেউকো পেহাই লগত লৈ গৈছিল ৷ মানিকী জেঠাইৰ কাষতে ভদ্ৰাসন ভংগীত বহি লৈ গোটেই ৰাতি চকুৰ টিপ নমৰাকৈ ভাওনা চাই থকা মুকুল ককাইদেউক পেহাই ক’ল – ব’ল, উঠ এতিয়া !
প্ৰথমে পেহাই পিন্ধি থকা ভাৱৰীয়াৰ পোছাকযোৰৰেই ওভতাৰ কথা ভাবিছিল৷ পিছে কথা এটা মনত পৰি থমকি ৰ’ল ৷ যোৱা বেলি গাৱতে সম্ভাসুৰৰ ভাও দি সেইটো ৰূপতে পেহা ঘৰলৈ ঘুৰি আহিছিল, ভৰিত জুনুকাৰ নুপূৰ ধ্বনি ৷ নঙলা খোলাৰ লগে লগেই খিৰতী গাইজনীয়ে পেহাক দেখি এক্কে টানে বান্ধ ছিঙি নেগুৰ ডাঙি মাৰিলে ভিৰাই লৰ ৷ গতিকে, পেহাই খৰধৰকৈ মুখত লাগি থকা লিকুইডৰ প্ৰলেপটো কিছু ধুই ল’লে ৷ ভীমৰ চকুৰ আশে পাশে থকা ৰুলেক্স-মাইকাৰ চামনিটো ঘৰত গৈহে এৰুৱাব লাগিব৷ পোছাকযোৰ? জামুগুৰীহাটৰ পৰা নিজে ভাৰা কৰি অনা ৰয়েল পোছাক, বেয়া হলে দাম ভৰিব লাগিব ৷ পীত বৰণৰ ধুতিখন খুলি পেহাই নিজৰ গেৰুৱা বৰণৰ লং পেন্টটো পিন্ধি ল’লে ৷ ঘৰমুৰি মাহ-প্ৰসাদ ভাগৰ লগতে পোছাকযোৰো টঙালিখনেৰে বান্ধি লৈ চাইকেলখনৰ হেন্দেলডালত ওলোমাই ল’লে৷ পেহাৰ ওভটনি যাত্ৰাৰ আয়োজন সম্পূৰ্ণ ৷ লোহাৰ ৰদডালত অনা ভাজেই মুকুল ককাইদেউক তুলি লৈ পেহা নামঘৰৰ পৰা ওলাই আহিল ৷ ভাওনাৰ লাইটে চকাচমকাকৈ পোহৰাই ৰখা অংশটো পাৰ হোৱাৰ পাছতেই বাটতোত কেকুৰী এটা আছে৷ তেতিয়াহে পেহাই অনুভৱ কৰিলে – এতিয়া কৃষ্ণ পক্ষ, চোৰে চৰ মাৰিলেও চিনিব নোৱাৰা এন্ধাৰ ৷ ঢলফোট দিবলৈ এতিয়াও বহুত সময় বাকী আছে৷ আন কীত-পতঙ্গৰ লগতে বামুণ ভেকোলাৰ ছন্দোবদ্ধ মাতে নিশাটো গহীন কৰি ৰাখিছে৷
পেহাই কথা পাতি যাবলৈ মন কৰিলে - ভয়ো ভাগিব, মনটোও পাতলিব৷
- এটা কথা মন কৰিছনে? আকাশত যিমানেই তৰা নাথাকক, পৃথিৱীৰ বুকুত পোহৰ দিব নোৱাৰে, কিন্তু জোনবাই এটা হলেই পাৰে, কিয় বাৰু ক ?
- সৰু কাৰণে নোৱাৰে চাগে’, জোনটোৰ সমান ডাঙৰ হোৱা হলে তৰাইও পাৰিলেহেঁতেন ৷ আত্মবিশ্বাসী মুকুল ককাইদেউৰ উত্তৰ৷
- কবিয়ে কি কৈছে শুন, এক চন্দ্ৰে জগতৰ অন্ধকাৰ হৰে, অসংখ্য তৰাই তেনে কদাচ নোৱাৰে ৷ মানে, আমাৰ যজ্ঞ ককাইদেউকে ধৰ, ককাইদেই আমাৰ স্কুলখনৰ পৰা ফাৰ্ষ্ট ডিভিজনত মেট্ৰিক পাছ কৰা প্ৰথম ল’ৰা, জান নে নাই? বিলাতত গৈ কচুগছৰ পৰা পেট্ৰল উলিউয়াৰ গবেষণা কৰি আহিছে৷ ককাইদেউৰ পদ্ধতিটো যেতিয়া লাগু হব, এডাল কচুথোৰৰ দাম এশ টকা হব, জাননে নাই?
- জানো ! - মুকুল ককাইদেউৱে যিটো জানো কলে তাৰ অৰ্থ জানো আৰু নাজানো দুয়োটা হয়!
- অৰ্থাৎ, ককাইদেউ হৈছে জোনটো, চন্দ্ৰ- তাৰ পোহৰ আমাৰ ইয়াতো পৰিল, গুৱাহাটীতো পৰিল আৰু বিলাততো পৰিল! আৰু আমি হলো তৰা, থাক গাই বাই গাৱঁতে ! নামটো চন্দ্ৰ হলে কি হ’ব! মানুহ সেই কাৰণে চন্দ্ৰ হবলৈ চেষ্টা কৰিব লাগে বুইছ, তই চন্দ্ৰ হবলৈ চেষ্টা কৰিবি, পাৰিবিনে নাই?
লোহাৰ ৰদডালত মুকুল ককাইদেউক বহিবলৈ যিটো গাৰু পাৰি দিয়া হৈছিল, সেইটো নামতহে গাৰু! তুলাখিনি দুয়োপাৰে বহি গৈ কাপোৰখনহে লোহাডালত আছেগৈ৷ চাইকেলৰ জোকাৰণিত ৰাজহাড়ডালৰ শেষাংশ টনটনাই উঠিছে৷
ঘৰ-ঘৰ শব্দ কৰি হোকাজানৰ বাহঁৰ দলংখন পাৰ হ’ল ৷ এতিয়া এইখিনি বৰ জয়াল ঠাই৷ দুয়োপাৰে গেজেপনি মৰা হাবি৷ বিৰা নামৰ ভূতবিধৰ এইবাটতোৱেই হেনো ৰম্যভূমি৷ জিয়াঁ আৰু কোনোবা অচিন প্ৰাণীৰ ৰৈ ৰৈ মতা গহীন মাতে পৰিৱেশটো ভয়লগা কৰি থৈছে ৷ কেইদিনমানৰ আগতে এই খিনিতেই বেদেলা ককাইক কুকুৰে কামুৰিছিল৷ ভতুৱা কুকুৰ কেইটামানে হেনো ৰাতি ৰাতি এইডোখৰতে খাপ পাতি থাকে৷
হঠাতে পেহাই অনুভৱ কৰিলে চাইকেলখনৰ লগে লগে যেন কিবা এটা দৌৰি দৌৰি আহি আছে ৷ পেহাৰ বুকুখন চিৰিং কৰি উঠিল ৷ আন্ধাৰত একো মনিব নোৱাৰি৷ লগে লগে পেহাই চাইকেলৰ গতিবেগ বঢ়াই দিলে৷ তাৰপিছত পেহাৰ বাওঁভৰিৰ সৰু গাঠিটোত কিহবাই চেলেকা যেন অনুভৱ হ’ল ৷ অকস্মাতে পেহাৰ মনলৈ কুন্তীপুত্ৰ ভীমসেনৰ মেজাজ ঘুৰি আহিল আৰু বাওঁ হাতেৰেই প্ৰাণীটোৰ গাত এটা ঢকা লগাই দিলে !
ঘৰ যেতিয়া পালেহি তেতিয়া পূৱে ফেহুজালি দিছে৷
সেইদিনা পেহা যেতিয়া শোৱাৰ পৰা উঠিল তেতিয়া স্কুলৰ ঘন্টা বাজিছে ৷ গৰু-ছাগলী কেতিয়াবাই এৰাল দিয়া হৈ গ’ল ৷ গাটো তিয়াই লৈ আগফালে আহি পেহাই দেখে ৰাস্তাত মানুহৰ দৌৰাদৌৰি লাগিছে ৷ কেৰকণৰ মাজুটোৱে বাপেকৰ চাইকেলখন লৈ চিটত বহি হাফ পেডেল মাৰি মাৰি স্কুললৈ যায়, এতিয়া সি চিটতো কাষলতিৰ তলত লৈ ফুল পেডেল মাৰি মাৰি বিম্বশৱদে উধাতু খাই অহাদি আহিছে ৷- ক’ত কি হৈছে? পেহা পদূলিলৈ ওলাই আহিল৷
গোটেইখন হুলস্থুল লাগিছে৷ হাবিখনৰ মাজতে ৰাস্তাৰ দাঁতিতে ঢেকীয়াপতীয়া বাঘ এটা মৰি পৰি আছে৷ তাৰ জিভাখন এহাতমান বাহিৰলৈ ওলাই আছে৷ বাঘটোৰ পিঠিত কোনোবাই ঢকা মৰাৰ চিন এটাও দেখা গৈছে!
তেতিয়াহে পেহাই উৰহী গছৰ ওৰ পালে ৷ ৰাতি ৰাস্তাত পেহাই কুকুৰলৈ বুলি মৰা ঢকাটো আচলতে ঢেকীয়াপতীয়া বাঘটোৰ গাতহে পৰিছিল!
(কৃতজ্ঞতাঃ শ্ৰী নৱ ওজা ৷ ধন্যবাদ নৱ ৷)

Sunday, October 8, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৭)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৭)
জাৰকালি ৷ গাৱঁৰে ল’ৰা দিগম্বৰৰ মাজু ছোৱালীজনীৰ বিয়া ৷ পেহাই নিজে আগত থাকি ডেকা ল’ৰাহতক বুদ্ধি-ভাৰসা দি বিয়াঘৰৰ গেইট, ৰভা-পৰলা দিয়া আদি কামবোৰৰ তদাৰক কৰিছিল৷ বেলি ডুবাৰ পিছত, বিয়াঘৰৰ আছল হুচ-টো পাৰ হৈ যোৱাৰ পাছত পেহাই আহি গেইটৰ ওচৰত থিয় দি ডিঙিত থকা বৰফুলৰ গামোছা খনেৰে মুখখন মচিছে৷ তেনেতে দিগই, মানে কইনাৰ দেউতাকে আহি পেহাক ক’লেহি – আচল ভিৰটো পাৰ হৈ গৈছেই, এতিয়া দৰা পাৰ্টিটোৰ সময়খিনি ভালে ভালে পাৰ হলেই পাৰ পাম আৰু! পেহাই গহীনাই ক’লে – মই আছো যা, তই চিন্তা নকৰিবি ৷
তাৰ অলপ পাছতে নিমন্ত্ৰিতৰ ভিৰ একেবাৰেই নাইকিয়া হ’ল ৷ মাথো চেঙেলীয়া কেইটামানে গেইটখনৰ ওচৰতে ঢোল-তাল-তকা লৈ টুকটুকাই থাকিল৷ পেহাই সিহঁতক দৰা ভেটাৰ আয়োজন কৰিবলৈ দূৰলৈ আতঁৰাই পঠালে৷ তাৰপিছত তেখেতে মন কৰিলে – আকাশখন গোমা ৷ পশ্চিমফালে বিজুলীয়াইছেও ৷
ৰাতিলৈ গাজি গুমৰি মূষলধাৰে বৰষুণ আহিল ৷ ভাগ্যে যেনিবা দৰা পাৰ্টি আহি তাৰ আগে আগে ৰভাৰ তল পালেহি ৷ পৰিস্থিতি পৰ্যৱেক্ষণ কৰিবলৈ পেহা খোৱাঘৰৰ পৰা এবাৰ ৰভাতললৈ আহিল৷ বাহঁৰ কেচা খৰিৰে ৰভাঘৰ ধোঁৱাইছে৷ ত্ৰিপালৰ ওপৰত বহি থকা নামতী আইসকলে যেতিয়া পৰীক্ষা নকৰাকৈয়ে ‘ৰভা-খুটা হেলেকা’ বুলি গাই দৰাঘৰৰ লৰাবোৰৰ চকুত ধৰিলে, পেহাই দেখিলে মহিলাসকলৰ ওপৰত বান্ধি থোৱা চন্দ্ৰতাপখনত পানীৰ টোপালৰ চিন ৷ তেনেকুৱা টোপাল কেইটামান তলত বহি থকা মহিলাসকলৰ উদং পিঠিত পৰিবলৈ যে আৰু বেছি সময় নাই পেহাৰ বুজিবলৈ বাকী নাথাকিল ৷ এতিয়া চকুতহে ধৰিছে, তেতিয়া ক’ত ধৰে একো থিক নাই! পুৰুষ বৰ-যাত্ৰীসকলে ইতিমধ্যেই টিনৰ চকী টনা-টনি কৰিবলৈ আৰম্ভ কৰিলেই ৷ ঠিক তেনে সময়তে লাইটবোৰ নুমাই থাকিল – কাৰেন্ট গ’ল! সোনকালে বৰষুণ এৰাৰ লক্ষণ নাই! পেহাই যিটো ভয় কৰিছিল সেইটোৱেই হ’ল ! পূৱফালৰ ৰভাৰ মাৰলিটো এহাত মান ওপৰলৈ ভৰালৰ বাটামটোৰ লগত বান্ধি নিদিলে টিনৰ মাজেৰে অলপ পিছতে হৰহৰাই পানী পৰিবলৈ আৰম্ভ কৰিব৷ পেহাই কথাটো ৰভাখন দিওঁতেই জানিছিল কিন্তু এইটো বৰষুণৰ বতৰ নহয় বাবে কথাটোত গুৰুত্ব দিয়া নাছিল৷ এতিয়া গাওঁখনৰ মান-সন্মানৰ কথা আহি পৰিল৷ পেহাক লগে লগেই দীঘল জোৰ থকা ৰচী এডাল লাগে – ঘৰখন আৰু গাওঁখনক উদ্ধাৰ কৰিবই লাগিব !
ভৰালটোৰ পিছফালৰ গাধৰি আৰু তলৰ মাটিত গৰু এৰাল দিয়া লেজুবোৰ পেলাই থোৱা হয়৷ জেগাডোখৰ অন্ধকাৰ হৈ আছে! বৰফুলৰ গামোছাখন পেহাই মূৰত মেৰিয়াই লৈ নিজৰ কৰ্তব্য থিক কৰি ল’লে ৷ হাতেৰে খেপিয়াই চোৱাত শকত ৰছী এডালত হাত লাগিল৷ তাৰেই পেহাই মাৰলিটো বাটামটোৰ লগত মজবুতকৈ বান্ধি দিলে৷ এতিয়া পানী সুকলমে বাগৰি যাব, বৰযাত্ৰীৰ গাত আৰু পানী পৰাৰ সম্ভাৱনা নাই ৷ সেই সময়ত ৰভাতলত মেণ্ঠল লাইটৰ পোহৰত জাত জাত বিয়া নামেৰে কইনাঘৰক থকা-সৰকা কৰি থকা আইসকলে উৰুলী দিবলৈ আৰম্ভ কৰিছিল৷ কইনাক ৰভাতললৈ উলিয়াই অনা হৈছে৷ পেহা আশ্বস্ত হৈ খোৱা ঘৰলৈ সোমাই গ’ল ৷
বৰযাত্ৰী সকলৰ খোৱা-বোৱা হৈ যোৱাৰ পাছত বৰষুণ অলপ শাঁত পৰিল৷ পানীপতাইদি বৈ যোৱা পানীৰ সোঁতৰ লগত মিলাই বৰযাত্ৰীসকলে তেতিয়া তামোলৰ পিক পেলাইছে ৷ টিনত পৰা বৰষুণৰ টোপালৰ শব্দ মাৰ যোৱাৰ পাছত, বিয়ানামৰ গুণগুণনি স্তব্ধ হোৱাৰ পাছত এটা সময়ত হঠাতে ৰভাঘৰৰ আটাইবোৰ লাইট একেলগে জ্বলি উঠিল ৷ ক’ৰবাত ফেটী সাপ এটাই ফোচ-ফোচাই উঠা শব্দ শুনা গ’ল ৷ তেতিয়াই বৰযাত্ৰী মুনিহ-তিৰোতা সকলোৱে একেলগে আৱিষ্কাৰ কৰিলে – ৰভাঘৰৰ মাৰলি এটাত ওলমি আছে এটা বিয়াগোম কলা বৰণৰ ফেটী সাপ! ফণা তুলি ৰাইজলৈ চাই ফোচ-ফোচাই আছে!
পেহাই আন্ধাৰতে খেপিয়াই ভৰালৰ তলৰ পৰা টানি অনা ৰচীডাল আচলতে আছিল ছহাত দীঘল এডাল কলী ফেটী সাপহে!
(কৃতজ্ঞতাঃ এই কাহিনীক পাহৰণিৰ গৰ্ভৰ পৰা উদ্ধাৰ কৰিছে এসময়ত পেহাৰ মধুপান কৰাৰ অভিজ্ঞতা থকা শ্ৰী নৱ ওজাই৷ ধন্যবাদ নৱ ৷)