Tuesday, June 13, 2023

 




এয়াৰপৰ্ট ইমাৰ্জেন্সিঃ কিছু নজনা কথা 

(তুমি যেন পপীয়া তৰা...)

১৯১৯ চনত, প্ৰথম বিশ্বযুদ্ধ হৈ যোৱাৰ পাছতে পেৰিছত “পেৰিছ পিছ কনফাৰেন্স” বুলি ৩০ খনৰো অধিক দেশ লগ হৈ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰিছিল। তাতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন দেশৰ মাজত বিমান পৰিবহনৰ বাবে প্ৰয়োজনীয় হোৱা কেতবোৰ নীতি প্ৰস্তুত কৰি ২৬ খন দেশ একলগ হৈ এখন চুক্তিপত্ৰত চহী কৰিলে। এইখনেই বিমান পৰিবহন বিষয়ত গঠিত হোৱা প্ৰথম ঐতিহাসিক চুক্তিপত্ৰ, ইংৰাজীত “আই-কেন” বা International Commission for Air Navigation বুলি কয়। দিনটো আছিল ১৯১৯ চনৰ ১৩ অক্তোবৰ। তেতিয়া অৱশ্যে আজিৰ দৰে বিয়াগোম চেহেৰাৰ বিমান আৰু মহাসাগৰ পাৰ হৈ উৰি যাব উৰাজাহাজৰ সৃষ্টি হোৱা নাছিল, হ’ব পাৰে বুলি মানুহে ভবাও নাছিল।

১৯৩৯ চনত আৰম্ভ হৈ ১৯৪৫ চনত শেষ হোৱা দ্বিতীয় মহাযুদ্ধই বিমান পৰিবহনলৈ অভূতপূৰ্ব সাফল্য কঢ়িয়াই আনিলে। সেই সময়তে আৱিষ্কাৰ হোৱা পাতল, কম ওজন কিন্তু লো-তকৈও কঠিন এবিধ মিশ্ৰ-ধাতুৰ উদ্ভাৱন আৰু শক্তিশালী জেট ইঞ্জিনৰ আৱিষ্কাৰে আগতকৈ অধিক শক্তিশালী আৰু সাগৰপৃষ্ঠৰ পৰা বহু ওপৰেৰে উৰি যাব পৰা বিমানৰ সৃষ্টি হোৱাটো সম্ভৱ কৰি তুলিলে! এনেকুৱা এখন বয়িং-২৯ নামৰ বিমানেই চাৰিহাজাৰ নশ কিলোগ্ৰাম ওজনৰ পাৰমানৱিক বোমা কঢ়িয়াই নি জাপানৰ হিৰোছিমা আৰু নাগাছাকি চহৰৰ ওপৰত নিক্ষেপ কৰিব পাৰিছিল। এই সময়ছোৱাতে বিমান পৰিবহনৰ প্ৰভূত বিকাশ হোৱাত সেই ১৯১৯ চনতে সৃষ্টি হোৱা “আইকেনে (ICAN)” বিমান পৰিবহনলৈ আহি পৰা নতুন নতুন প্ৰয়োজনসমূহ পূৰ কৰাৰ ক্ষেত্ৰত “আইকেণ্ট (I cann’t)”  বুলি কোৱাৰ দৰেই এটা অৱস্থাৰ সৃষ্টি হ’ল। সেয়ে ১৯৪৪ চনত আমেৰিকাৰ শ্বিকাগো চহৰত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ৫৩ খন দেশ লগ লাগিল আৰু সেই পুৰণি নিয়ম-কানুনবোৰৰ আধাৰতে সাম্প্ৰতিক সময়ত প্ৰযোজ্য হোৱাকৈ নতুন নিয়মাৱলীৰ সৃষ্টি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিলে। এই উদ্দেশ্যে ৫২ খন দেশে এখন চুক্তিপত্ৰত চহী কৰিলে। এইখনেই ১৯৪৪ চনৰ ৭ ডিচেম্বৰ তাৰিখে সম্পন্ন হোৱা বিখ্যাত “শ্বিকাগো কনভেনশ্বন”। “আইকেন”-ৰ ঠাইত আৰম্ভ হ’ল এক নতুন প্ৰতিষ্ঠান “আইকাও” (International Civil Aviation Organization)। ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিষ্ঠান হিচাবে স্বীকৃত হোৱা এই প্ৰতিষ্ঠানটোৰ উদ্দেশ্য আছিল পৃথিৱী নামৰ গোলকটোৰ ওপৰত সম্পূৰ্ণ সুৰক্ষা আৰু ভাতৃত্বৰ বান্ধোনেৰ অসামৰিক বিমান পৰিবহনক  নিয়ন্ত্ৰণ কৰা. উৰি অহা বিমান এখনে যিকোনো দেশৰ ওপৰতে পাব পৰা সা-সুবিধা সুনিশ্চিত কৰা।

আজিৰ তাৰিখত পৃথিৱীৰ ১৯৩ খন দেশ এই সংস্থাটোৰ সদস্য অৰ্থাৎ এই দেশসমূহে “আইকাও”-ৱে নিৰ্ধাৰিত কৰি দিয়া সকলোবোৰ সুৰক্ষা নিয়মাৱলী পালন কৰিবলৈ বাধ্য। এই কথাটোৰ ওপৰত চকু ৰাখিবৰ বাবে প্ৰতিখন দেশতে একোটা বিভাগ থাকে। আমাৰ দেশত থকা এই বিভাগটোৰ নাম ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভেয়েচন বা ডিজিচিএ (DGCA)। আইকাওৰ নিয়ম উলংঘা কৰাটো দণ্ডণীয় অপৰাধ। নিয়মো নিয়ম, একেবাৰে পানী নসৰকা নিয়ম। দুৰ্ঘটনাটো দূৰৰ কথা, বান্ধি থোৱা নিয়মৰ সামান্য হেৰফেৰ হ’লেই সেই কথা সংশ্লিষ্ট বিভাগক ৰিপৰ্ট কৰিব লাগে! ৰিপৰ্ট নকৰি থকাটোও দণ্ডণীয় অপৰাধ! সেই বাবেই বিমান পৰিবহন বৰ্তমান সময়তো সকলো দেশতে সমানে সুৰক্ষিত!

তেনেহলে বিমান পৰিবহন ১০০ শতাংশই সুৰক্ষিত হয়নে? উত্তৰ দিয়াটো কঠিন। আপুনি ঘৰৰ চোতালত বহি থাকোঁতে মূৰৰ ওপৰত ধুমকেতু  বা পপীয়া তৰা এটা সৰি পৰাটো সম্ভৱ হয়নে নহয়? হয়। কিন্তু তাৰ সম্ভাৱনা কিমান? প্ৰায় শূণ্যৰ সমান! অলপ বহলাই বুজাই কওঁ। বিমান আৰু বিমানকোঠত ব্যৱহাৰ কৰা সকলো সঁজুলি, সুবিধা আৰু পৰিচালনাৰ নিয়ম এনেকৈ নিৰ্ধাৰণ কৰা হৈছে যে কিবা কাৰণত এটাই যদি কাম নকৰা হয়, লগতে থকা আনটো লগে লগে সক্ৰিয় হৈ উঠে। দুটা-দুটা থকা এই সঁজুলি বিলাকক কোৱা হয় - মেইন আৰু ষ্টেণ্ডবাই। চলি থকা মেইন যন্ত্ৰটো যদি হঠাতে নচলা হয় লগে লগে ষ্টেণ্ডবাই যন্ত্ৰটো সক্ৰিয় হৈ উঠে। মূল যন্ত্ৰটো কিয় নচলা হ’ল তাৰ কাৰণ জানি লৈ তাক যিমান সোনকালে পাৰি আকৌ সক্ৰিয় কৰি দিয়াৰ ব্যৱস্থা কৰা হয়। ঘটনাটো লিপিবদ্ধ কৰি পুংখানুপুংখভাবে অধ্যয়ন কৰা হয় আৰু আকৌ যাতে তেনে নঘটে তাৰ বাবে বিহিত ব্যৱস্থা কৰা হয়। এনেধৰণৰ ঘটনা নজনোৱাকৈ থকাটোও দণ্ডনীয় অপৰাধ। যদি কিবা কাৰণত বেছি সময়ৰ বাবে কিবা সুবিধা নিষ্ক্ৰিয় হৈ থাকে তেনেহলে সেইটো পৰিবহন বিভাগৰ সশ্লিষ্ট সকলোৱে জনাকৈ প্ৰচাৰ কৰি দিয়াটো নিয়ম, এই ব্যৱস্থাটোক “নটাম (NOTAM)” বুলি কয়। তাৰোপৰি বিমান এখন চলাই নিয়াৰ সময়ত বতৰৰ বিভিন্ন অৱস্থাৰ ওপৰতো বিমানখন কেনেকৈ চলাব লাগে তাৰ কটকটীয়া নিৰ্দেশ থাকে। তেনে অৱস্থাক আওকাণ কৰাটোও অপৰাধ। বায়ুৰ গতি, দিশ, কিমান দূৰলৈ দেখা পোৱা যায়, মেঘৰ প্ৰকৃতি. উচ্চতা এইবোৰেও বিমানখনৰ গতিক প্ৰৱলভাৱে প্ৰভাৱাম্বিত কৰে। কেনে পৰিস্থিতিত পাইলটে কেনে ব্যৱহাৰ কৰিব লাগিব তাৰ পূৰ্ব নিৰ্ধাৰিত নিয়ম আছে। সেই নিয়মৰ পালন নকৰাটোও অপৰাধ। ওপৰেদি উৰি যোৱা বিমান এখনৰ সম্ভাৱ্য বিপদসমূহক তিনি ভাগত ভাগ কৰা হৈছে। লোকেল ষ্টেণ্ডবাই, ফুল ইমাৰ্জেন্সী আৰু এক্সিডেণ্ট। এই তিনিওটা অৱস্থাত এয়াৰপৰ্টৰ কৰ্মীসকলে কি কৰিব লাগিব তাৰ পূৰ্ণনিৰ্ধাৰিত নিয়ম আছে। মূলত এইটোৱেই কথা ক’ব পাৰি যে এয়াৰপৰ্টৰ কৰ্মচাৰীসকলক এই তিনিও ধৰণৰ ইমাৰ্জেন্সী অবস্থাৰ বাবে সাজু হৈ থাকিবলৈ প্ৰশিক্ষণ দি থকা হয়। যেনে পাইলটে তললৈ খবৰ পঠোৱাৰ লগে লগে ইমাৰ্জেন্সি পৰিকল্পনাৰ নিয়ম মতে অগ্নিনিৰ্বাপক গাড়ীকেইখনৰ অৱস্থান, ইমাৰ্জেন্সি কোঠাৰ সক্ৰিয়কৰণ আদি কামবোৰ আৰম্ভ হৈ যায়। ধৰাহওক, কিবা কাৰণত পাইলটৰ ককপিটৰ কোনোবা এটা লাইট জ্বলা নাই, সেইটো কোন বিভাগৰ ইমাৰ্জেন্সিত পৰিব সেইকথা পাইলটে জানে আৰু তেওঁ সেইমতেই কৰিব লাগিব। লগে লগে বিমানকোঠত পৰিকল্পিত নিয়মমতে ইমাৰ্জেঞ্চিৰ বাবে সাজু হোৱা দেখা যাবই লাগিব। এনেকৈয়ে চলে অসামৰিক বিমান পৰিবহন। গতিকে বিমানকোঠৰ অগ্নি-নিৰ্বাপক বাহিনীৰ গাড়ীৰ দৌৰা-দৌৰি দেখি হঠাতে বিমানত থকা যাত্ৰীসকলৰ অৱস্থা সংকটাপন্ন বুলি ভাবি লোৱাটো ভুল সিদ্ধান্ত। উৰাজাহাজখনৰ এটা ইঞ্জিন হঠাতে বিকল হৈ পৰিলেও আনটো সক্ৰিয় হৈ উঠি বিমানখন তললৈ নমাই আনিব পৰাৰ ব্যৱস্থা থাকে। তাৰোপৰি বিমান আৰু বিমানকোঠৰ প্ৰতিটো যন্ত্ৰ আৰু সঁজুলি দৈনিক নিৰ্ধাৰিত সময়মতে পৰীক্ষা কৰা হয়। চলি থাকোঁতেও যন্ত্ৰবিলাকৰ বিভিন্ন অংশৰ পৰা গ্ৰহন কৰা তথ্য নিৰীক্ষণ কৰি থকা হয়। তেনে কিবা তথ্যই যদি বিপদৰ ইংগিত দিয়ে তেনেহলে তাৰ বাবে লগে লগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লগাটো অসামৰিক বিমান পৰিবহনৰ ধৰাবন্ধা নিয়ম। তেনেবোৰ কাৰণতে কেতিয়াবা উৰি যোৱাৰ পাছতো বিমানখন বিমানকোঠলৈ ঘুৰাই আনিব লগা হয়।

মই  শৈশৱ কটোৱা অঞ্চলটোত এটা বৰ দুখীয়া পৰিয়ালে বাস কৰিছিল। তেওঁলোকৰ গৃহিনী গৰাকী সংসাৰৰ একা পাকচক্ৰৰ আওভাও নোপোৱা বৰ আজলী স্বভাৱৰ আছিল। এদিন দেওবাৰৰ কথা। গৃহস্থ বজাৰলৈ ওলাই গ’ল। অলপ সময়ৰ পাছত গৃহিনীয়ে খবৰ পালে গৃহস্থৰ বজাৰৰ ওচৰতে দুৰ্ঘটনা এটা হৈছে। কিছু সময় তভক মাৰি থাকি গৃহিনীয়ে মৃতকৰ ঘৰৰ দৰে ঘৰৰ সমস্ত কাপোৰ কুঁৱাপাৰত গৈ তিয়াবলৈ আৰম্ভ কৰিলে। ঘৰৰ বিচনাচাদৰখন ধুই পাচলিবাৰীৰ জেওৰাখনত মেলি দিবলৈ লওঁতেই পদূলিমূৰত ৰিক্সা এখনত আহি গৃহস্থ নামিলহি। আচৰিত হৈ গৃহিনীৰ মুখেদি নিজে নিজে ওলাই আহিল,- সৰ্বনাশ হ’ল, মৰা নাই !

অহা পাচ বছৰৰ ভিতৰত আমাৰ গুৱাহাটী বিমানকোঠৰ পৰা যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা এতিয়াৰ দুগুণ হ’ব। এবছৰত এক কোটি যাত্ৰীয়ে আমাৰ বিমানকোঠৰ পৰা উঠা-নমা কৰিব। এতেকে সবিশেষ নজনাকৈ একমাত্ৰ অনুমানৰ ভিত্তিতে বিমান বা বিমানকোঠৰ ইমাৰ্জেঞ্চিৰ বিষয়ে পোনচাতেই সিদ্ধান্ত লৈ পেলালে আমাৰ অৱস্থা সেই আজলী বুঢ়ীআই গৰাকীৰ দৰেই নহ’বনে?