Saturday, February 24, 2018

এলবাৰ্ট আইনষ্টাইনৰ আক্ষেপ আৰু অনুশোচনা - Sadin, 23-Feb-18







এলবাৰ্ট আইনষ্টাইনৰ আক্ষেপ আৰু অনুশোচনা

১৯৩৯ চনত  আৰম্ভ হোৱ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত হয় ১৯৪৫ চনত আমেৰিকাই জাপানৰ ওপৰত নিক্ষেপ কৰা পাৰমানৱিক বোমাৰ আক্ৰমণেৰে ৷ বিশ্ববাসীয়ে প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ কৰিছিল পাৰমানৱিক বোমৰ বিধ্বংসী শক্তি৷ আৰম্ভ হৈছিল এটা নতুন সময়ৰ - পাৰমানৱিক অস্ত্ৰৰ যুগৰ, এটম বোমাৰ যুগৰ! 

১৯৪৫ চনৰ ৬ আগষ্ট তাৰিখে আমেৰিকাই জাপানৰ হিৰোশ্বিমা চহৰৰ ওপৰত ইউৰেনিয়াম ধাতুৰে গঢ়া প্ৰথমটো পাৰমানৱিক বোমা নিক্ষেপ কৰিলে৷ ইয়াৰ শক্তি আছিল ১৫০০০ টি-এন্‌-টি বোমাৰ সমতুল্য৷ চহৰখনৰ ৭০ শতাংশ ঘৰ-দুৱাৰ নিমিষতে ভস্মীভূত হৈ গ’ল ৷ তাৰ লগতে আধাপোৰা –অচল হৈ পৰিল দুকুৰীখনৰো অধিক চিকিৎসালয়৷ অৰ্ধদগ্ধ হৈ যন্ত্ৰনাত চিৎকাৰ কৰা লোকসকলক চাবলৈ ওচৰত কোনো নাছিল৷ বিনা চিকিৎসাৰে, বিনা আলপৈচানেৰে, এষাৰো শান্তনা বা মৰমৰ বাণী নুশুনাকৈ হিৰোশ্বিমাত চাৰিমাহ সময়ৰ ভিতৰত সৰ্বমুঠ এক লাখ চল্লিশ হাজাৰ লোকৰ  সমাধি ঘটিল৷ মানৱতাৰ খাতিৰত সহায়ৰ হাত আগবঢ়াবলৈ যোৱা বহুলোকৰো তেজস্ক্ৰিয় ৰশ্মিৰ প্ৰভাৱত মৃত্যু ঘটিল৷ যিসকল জীয়াই থাকিবলৈ সক্ষম হ’ল তেওঁলোকৰ শৰীৰটো দেখা দিলে ভয়াবহ বিসংগতিয়ে৷ প্ৰসৱ হ’ব লগা সন্তান উপজিল বিকলাংগ হৈ৷ কেইবাটাও দশক ধৰি চলি থাকিল কৰ্কট ৰোগ আৰু তেজস্ক্ৰিয় ৰশ্মিৰ বিষাক্ত প্ৰতিক্ৰিয়া৷ দ্বিতীয়টো বোমা নিক্ষেপ কৰা হৈছিল তিনিদিন পিছত জাপানৰেই আন এখন চহৰ নাগাছাকিৰ ওপৰত৷ প্লুটোনিয়াম নামৰ ধাতুৰে নিৰ্মিত এই বোমাই নিধন কৰিছিল ৭৪,০০০ লোকৰ৷ তেজস্ক্ৰিয় ৰষ্মিৰ বৰষুণ হৈছিল বহুদিনলৈ৷

সমগ্ৰ পৃথিৱী স্তব্ধ হৈ পৰিছিল ৷ নিথৰ হৈ পৰিছিল এটম বোমা নিৰ্মান সুত্ৰৰ জন্মদাতা এলবাৰ্ট আইনষ্টাইন!

১৯০৫ চনত, চুইজাৰলেণ্ডৰ এটা পেটেন্ট অফিছত কেৰাণীৰ কাম কৰি থাকোঁতে আইনষ্টাইনে বিদ্যুত চুম্বকীয় সঁজুলি কিছুমানৰ বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব লগা হৈছিল - পেটেন্টৰ বাবে! এই কামটোত লাগি থাকোঁতেই তীক্ষ্ণ মেধাসম্পন্ন মানুহজনৰ চকুত ধৰা পৰিছিল বিদ্যুত চুম্বক ক্ষেত্ৰৰ বিষয়ে তেতিয়ালৈকে কোনেও নজনা কিছু কথা৷ বিজ্ঞানৰ আলোচনী এখনত তেওঁ চাৰিটা প্ৰৱন্ধ লিখিছিল৷  তাতেই আপেক্ষিকতাবাদ নাম দি এটা নতুন সুত্ৰৰ সম্ভেদ দিছিল যিটোৱে তেতিয়ালৈকে চৰ্চা হৈ থকা বিজ্ঞানৰ কেইবাটাও সত্যক ধূলিসাৎ কৰি পেলালে৷  পদাৰ্থৰ ভৰ আৰু শক্তিৰ সম্পৰ্কৰ সেই বিখ্যাত সমীকৰণ E=mc2 টোও তেতিয়াই পোহৰলৈ আহিছিল য’ত সুপ্ত হৈ আছিল পৰমানুৰ বিভাজনে সৃষ্টি কৰিব পৰা বিশাল শক্তিৰ সম্ভাৱনা৷

১৯১৩ চনত আইনষ্টাইনে বাৰ্লিন বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান এটা বিভাগত ডিৰেক্টৰ হিচাপে যোগদান কৰে ৷ ইতিমধ্যে নাজী শাসনত ইউৰোপৰ ইহুদীসকল ত্ৰস্তমান হৈ পৰিছিল৷ দলে দলে ইহুদীলোক জাৰ্মানি এৰি পলাবলৈ আৰম্ভ কৰিছিল ৷ আইনষ্টাইনো আছিল এজন পৰিচিত ইহুদী৷ সমাজবাদী শিবিৰৰ প্ৰতি আনুগত্য থাকিলেও তেখেত আছিল এজন মূলতঃ  শান্তিকামী মানৱতাবাদী (Pacifist)৷ ১৯৩১ চনত নাজী চৰকাৰে ইহুদী সকলক চৰকাৰী চাকৰিৰ পৰা উলিয়াই দিলে৷ এখন নাজী আলোচনীয়ে বেটুপাতত আইনষ্টাইনৰ এখন ফটো প্ৰকাশ কৰি শিৰোনামা লিখিছিল – যাক এতিয়ালৈকে হত্যা কৰা হোৱা নাই, Not Yet Hanged ! হত্যা কৰিবলৈ লোৱা ইহুদীসকলৰ তালিকাত আইনষ্টাইনৰ নামটো একেবাৰে ওপৰত আছিল৷ বাৰ্লিন একাডেমীৰ ডিৰেক্টৰ হৈ থকা সময়েত তেওঁ আমেৰিকাৰ “কেলিফৰ্নিয়া ইনষ্টিটিউট অৱ টেকনলজিৰো” অতিথি অধ্যাপক হিচাপে কাম কৰিছিল৷ তালৈকে ১৯৩২ চনৰ ডিচেম্বৰ মাহত আইনষ্টাইন এবাৰ যাব লগা হ’ল আৰু ঠিক সেই সময়তেই জাৰ্মানিৰ চেঞ্চেলৰ হিচাপে নিয়োজিত হ’ল এডল্ফ্‌ হিটলাৰ! আমেৰিকাৰ পৰা উভতি অহাৰ পথত, বেলজিয়ামতে আইনষ্টাইনে গম পালে যে তেওঁলোকৰ ঘৰ-সম্পত্তি ইতিমধ্যেই নাজী বাহিনীয়ে অধিকাৰ কৰি লৈছে৷ জাৰ্মানিৰ মাটিত ভৰি দিয়াৰ অৰ্থ নিৰ্ঘাত মৃত্যু! বেলজিয়ামতে জাৰ্মানিৰ দূতাবাসলৈ গৈ আইনষ্টাইনে জাৰ্মান নাগৰিকত্ব চিৰদিনৰ বাবে ত্যাগ কৰিলে৷ কিছুদিনৰ ভিতৰতে আমেৰিকাৰ নিউ জাৰ্ছিৰ “ইনষ্টিটিউট অৱ এডভাঞ্চ ষ্টাডি”-ত ছমাহৰ বাবে চাকৰি এটাৰ যোগাৰ হ’ল৷ ১৯৩৩ চনৰ অক্টোবৰ মাহৰ ১৭ তাৰিখে অনিশ্চিত ভবিষ্যতক লৈ আইনষ্টাইনে চিৰদিনৰ বাবে মাতৃভূমি ত্যাগ কৰিলে৷

বিভিন্ন দেশৰ মাজত আৰম্ভ হোৱা মতানৈকই ১৯৩৯ চনত বিশ্বযুদ্ধৰ ৰূপ লৈছিল৷ এফালে আমেৰিকাৰ নেতৃত্বত মিত্ৰ শক্তি আনফালে জাৰ্মানি আৰু জাপান! হিটলাৰৰ ইহুদী নিধন যজ্ঞ আৰু আক্ৰমণে ইউৰোপৰ কেইবাখনো দেশ কঁপাই তুলিছিল৷ 

১৯০৫ চনত আইনষ্টাইনে আৱিষ্কাৰ কৰা E=mc2  বুকুতে সোমাই আছিল এটম বোমা নিৰ্মানৰ গোপন সুত্ৰ৷ ইতিমধ্যেই এই সুত্ৰৰ গৱেষণা যথেষ্ট আগবাঢ়িছে৷ কেতবোাৰ তেজস্ক্ৰিয় ধাতুত ছেই্ন ৰিয়েকছনৰ দ্বাৰা প্ৰচুৰ আনৱিক শক্তিৰ সৃষ্টি কৰিব পৰাটো নিশ্চিত হৈ পৰিছে৷ আইনষ্টাইনৰ কেইবাজনো সহকৰ্মী আছিল তেওঁৰ দৰেই দেশৰ পৰা ওলাই অহা ইহুদীলোক৷ হাঙ্গেৰী মূলৰ সহকৰ্মী লিঅ’ ছিলাৰ্ডে (Leo Szilard) খবৰ আনিলে যে জাৰ্মানিৰ কেইজনমান বিজ্ঞানীয়ে ইতিমধ্যেই পাৰমানৱিক বোমাৰ পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰিছে৷ জাৰ্মানিয়ে অধিকাৰ কৰি লোৱাৰ পিছত চেকোশ্লোভিয়াত থকা ইউৰেনিয়াম নামৰ ধাতুবিধৰ বিক্ৰি কৰাটো বন্ধ কৰি দিয়া ঘটনাইও ইয়াকে প্ৰতিপন্ন কৰে৷ পাৰমানৱিক বোমা নিৰ্মান কৰিবৰ বাবে এই ধাতুৱেই উত্তম৷ জাৰ্মানি যদি এই পৰমানু বোমা নিৰ্মান কৰিবলৈ সক্ষম হয়, তেতিয়া ? আইনষ্টাইন শিয়ঁৰি উঠিল৷ বহি থকা কোঠাটোৰ কোণা এটালৈ দৃষ্টি ৰাখি কেইবাঘন্টাও তেওঁ জলকা লাগি বহি থাকিল৷ কেইদিনমানৰ পিছত ছিলাৰ্ডে টাইপ কৰা চিঠি এখন লৈ আইনষ্টাইনৰ ওচৰত হাজিৰ হ’লহি, চিঠিখন লিখা হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুছভেল্ট্‌লৈ, চহী কৰাৰ ঠাইত লিখা হৈছে – এলবাৰ্ট আইনষ্টাইন! চিঠিখনত লিখা হৈছিল পাৰমানৱিক বোমাৰ ধ্বংস কৰিব পৰা শক্তিৰ কথা ৷ এটা পাৰমানবিক বোমাই এটা মূহুৰ্ততে নিঃশ্চিহ্ন কৰিব পাৰিব এটা প্ৰকাণ্ড সামূদ্ৰিক জাহাজঘাট! এই ভয়াবহ শক্তি  তৈয়াৰ কৰাত জাৰ্মানি যদি আগতে সফল হয়, হিটলাৰৰ হাতত যদি সেই শক্তি আহি পৰে, তাৰ পৰিণাম হ’ব অতি ভয়ংকৰ৷ চিঠিখনৰ শেষত ৰাষ্ট্ৰপতিক শীঘ্ৰেই এই পাৰমানৱিক বোমা নিৰ্মানৰ কাম হাতত ল’বলৈ অনুৰোধ কৰা হৈছে৷

আইনষ্টাইনে চিঠিখনত চহী কৰিলে৷ দিনটো আছিল ১৯৩৯ চনৰ আগষ্ট মাহৰ ২ তাৰিখ৷

ৰুছভেল্টে চিঠিখনৰ গুৰুত্ব  ঠিকেই দিছিল ৷ ভানেভাৰ বুশ্ব  (Vannevar Bush) নামৰ এজন বিশ্বস্ত বিজ্ঞানীৰ তত্বাৱধানত পাৰমানৱিক বোমা নিৰ্মান কৰিবৰ বাবে মানহাট্টান প্ৰকল্পটো (Manhattan Project) আৰম্ভ হ’ল৷ প্ৰকল্পটোৰ মূৰব্বী ভানেভাৰ বুশ্বে আইনষ্টাইনক বিশ্বাসত লোৱা নাছিল৷ সমাজবাদী শিবিৰৰ প্ৰতি থকা আনুগত্যৰ বাবে আইনষ্টাইনক তেওঁ প্ৰকল্পটোৰ লগত জড়িত কৰাই নাছিল৷  ১৯৪৪ চনত পাৰমানৱিক বোমা প্ৰস্তুত হ’ল ৷ ঠিক সেই সময়তে ৰাষ্ট্ৰপতি ৰুছভেল্টৰ মৃত্যু হ’ল ৷ নতুন ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল হেনৰী ট্ৰুমেন ৷ তেওঁৰ নিৰ্দেশতে এই বোমা প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা হ’ল ৷ সমগ্ৰ পৃথিৱী কঁপি উঠিল৷

মৌন হৈ পৰিল এলবাৰ্ট আইনষ্টাইন ৷ এবছৰৰ পিছত ১৯৪৬ চনৰ ১৯ আগষ্টৰ দিনা ‘দি নিউ ইয়ৰ্ক টাইমছ’ কাকতত লিখা এটা নিৱন্ধত আইনষ্টাইনে কৈছিল – মোৰ দৃঢ় বিশ্বাস, ৰাষ্ট্ৰপতি ৰুছভেল্ট্‌ জীয়াই থকা হলে জাপানৰ ওপৰত এই অমানৱীয় আক্ৰমণ নহ’লহেঁতেন৷ মই জাপানৰ ওপৰত হোৱা পাৰমানৱিক আক্ৰমনক গৰিহনা দিবলৈ অকণো কুন্ঠা বোধ নকৰোঁ৷ ১৯৫৪ চনৰ নৱেম্বৰ মাহত, মৃত্যুৰ মাত্ৰ পাঁচমাহ আগতে গভীৰ আক্ষেপেৰে আইনষ্টাইনে কৈছিল – মই ৰাষ্ট্ৰপতিলৈ এটম বোমা নিৰ্মান কৰিবৰ বাবে লিখা চিঠিখনত কৰা চহীটোৱেই আছিল মই জীৱনত কৰা আটাইতকৈ ডাঙৰ ভুলটো ৷ জাৰ্মানিৰ হাতত এই বোমা পৰিব পৰাৰ সম্ভাৱনায়েই সেই সময়ত মোক সেই কাম কৰিবলৈ বাধ্য কৰিছিল!

১৯৪৪ চনৰ ডিচেম্বৰ মাহত পাৰমানৱিক বোমা প্ৰস্তুত হোৱাৰ পিছতে পৰম হতাশাৰে আইনষ্টাইনে বন্ধু নিলছ ব’ৰলৈ লিখিছিল –যুদ্ধ এদিন শেষ হ’ব, তাৰ পিছতো দেশে দেশে গুপ্ত ভাবে পাৰমানৱিক অস্ত্ৰৰ নিৰ্মান কাৰ্য চলিয়েই থাকিব, আৰু ইয়েই আকৌ জন্ম দিব আন এক প্ৰতিৰোধ যুদ্ধৰ ৷ তেনে যুদ্ধৰ পৰিণাম হব অধিক ভয়াবহ৷

সম্প্ৰতি সংঘটিত হোৱা পাৰমানৱিক অস্ত্ৰৰ কুছকাৱাজে এলবাৰ্ট আইনষ্টাইনৰ এই সংশয়কে সঁচা বুলি প্ৰতিপন্ন কৰিছে৷ 

Saturday, February 17, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৬)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৬)

আমি পঢ়া দিনত স্কুলখনৰ ছাত্ৰবোৰ প্ৰধানকৈ দুটা ভাগত বিভক্ত আছিল৷ “ফাইভ-ছিক্স-ছেভেন” তলৰ শ্ৰেণী আৰু “এইট্‌-নাইন-টেন্‌” ওপৰৰ৷ ফলাফলৰ কাৰণে দিয়া পুৰষ্কাৰসমূহো আছিল তেনেধৰণৰ৷ ‘তলৰ শ্ৰেনীত ইংৰাজীত সৰ্বোচ্চ নম্বৰ পোৱা’ মানে – ফাইভ্‌, ছিক্স আৰু ছেভেনৰ আটাইবোৰ ছাত্ৰকে সামৰি যিয়ে ইংৰাজী বিষয়ত আটাইতকৈ বেছি নম্বৰ পায়, সেই ল’ৰাজন! তলৰ শ্ৰেণীৰ ইউনিফৰ্ম আছিল বগা চোলা, নীলা হাফ পেন্ট৷ ওপৰৰ শ্ৰেনীৰ বগা চোলা, বগা লং পেন্ট্‌৷

ছেভেনৰ পৰা এইটলৈ উত্তীৰ্ণ হোৱাৰ পিছত হাফপেন্ট এৰি লংপেন্ট পিন্ধি স্কুললৈ বুকু ফিন্দাই অহা-যোৱা কৰা প্ৰথম অভিজ্ঞতাৰ সোঁৱৰণি আজিও মনত জীৱন্ত হৈ আছে৷ শৈশৱ এৰি কৈশোৰত ভৰি দিয়াৰ সময় আছিল সেইটো৷ বগা লংপেন্টটোৱেই আছিল শৈশৱৰ পৰা কৈশোৰলৈ উত্তীৰ্ণ হোৱাৰ প্ৰথম ফৰ্মেল স্বীকৃতি!

লংপেন্টটোৰ ৰঙ বগা কিয় আছিল? সম্ভৱ এইটো আছিল স্কুলখনক নেতত্ব দিয়া লোকসকলৰ দূৰদৰ্শিতাৰ ফল৷ আমাৰ অঞ্চলটো বিভিন্ন গোষ্ঠী-জনগোষ্ঠীৰে ভৰপূৰ এটা বৃহৎ এলেকা৷ বেছিভাগ লোকৰে অৰ্থনৈতিক অৱস্থা আছিল অতি নিম্নপৰ্যায়ৰ৷ পৰিয়ালটোৰ বাবে দুবেলা দুমুঠি গোটোৱাৰ চিন্তাতে বেছিভাগ পৰিয়ালৰ সময়বোৰ পাৰ হৈছিল৷ তেনেকুৱা জীৱন সংগ্ৰামত খেতিবাতিকে ধৰি ঘৰৰ নানান কামত ল’ৰাহঁতে মাক-দেউতাকক সহায় কৰি দিব লাগিছিল৷ দুখীয়া পৰিয়ালৰ ল’ৰাহতে কিতাপ কলমৰ খৰচ উলিওৱাটোৱেই টান কাম আছিল৷ বহু ছাত্ৰই আধাতে পঢ়াশুনা সামৰিব লগা হৈছিল৷ অথচ স্কুলখনত ইউনিফৰ্ম পিন্ধাটোও অনুশাসনৰ দিশৰ পৰা অতি প্ৰয়োজনীয় কথা আছিল৷ ৷ স্কুল কৰ্তৃপক্ষইও সেয়ে একেবাৰে সৰল ৰঙহীন সত্য আৰু শান্তিৰ প্ৰতীক এই বগা ৰঙতো ঠিক কৰিছিল, যাতে  অতি দুখীয়াঘৰৰ ল’ৰাইও এযোৰ কাপোৰ কম খৰচতে যোগাৰ কৰি ল’ব পাৰে৷ পেন্টৰ কাপোৰ নহলেও অন্ততঃ পায়জামা এটা চিলাই ল’বলৈ এই বগা ৰঙটোৱে বৰ সহায় কৰিছিল৷ কোনো কোনোৱে আগতে ধুতি পিন্ধিও স্কুললৈ আহিছিল৷ আমাৰ লগৰে কেইবাটা ল’ৰাই পায়জামা পিন্ধি খালী ভৰিৰে স্কুললৈ আহিছিল৷ ধুতি-পায়জামা-পেন্ট এই তিনিওটাকে বগা ৰঙে সহজে সামৰি ল’ব পাৰিছিল৷

নীলা হাফপেন্টৰ দিনৰ বহু আমোদজনক কথা মনত আছে৷ হাফপেন্টটোৰ দুয়োফালৰ দুয়োটা জেপ প্ৰায়েই ফিন্দ খাই থাকে৷ এফালে যদি আমলখি, জলফাই, খেজুৰ আনফালে মাৰ্বল, বুটাম, পাথৰ, পাতি-পইছা আদি! তেতিয়াৰ দিনত এতিয়াৰ দৰে প্লাষ্টিকৰ ছেই্‌নৰ (জিপ্‌) ব্যৱহাৰ বৰ কম হৈছিল, তাৰ ঠাইত তিনিটামান বুটাম চিলাই দিয়া হৈছিল৷ বুটাম কেইটাৰ আয়ুস বৰ বেছি নাছিল৷ এটা বা দুটা এৰাই পৰিলেও তিনিওটা নপৰা পৰ্যন্ত সততে লগাই লোৱাৰ কথা ভাবিবলৈ ল’ৰাহঁতৰ আজৰি নাছিল৷ স্কুলখনৰ সকলো শিক্ষাৰ্থী পুৰুষ হোৱা বাবে শালিনতাৰ দিশৰ পৰা এইকথাটোৱে স্কুলখনত কাকো বিপদত পেলোৱা নাছিল৷ থকা বুটামটো লগাবলৈও বহুতে এলাহ কৰিছিল৷ সেই অঞ্চলটো খোলা দেখিলে সোঁৱৰাই দিবলৈ আমি এটা পদ্য মাতিছিলোঁ – জয়গুৰু শঙ্কৰ, তলফালে মন কৰ, পোষ্টাপিছ্‌ খোলা আছে, সোনকালে বন্ধ্‌ কৰ! পোষ্টাপিচ মানে পোষ্ট অফিচ, আমি সকলোৱে জীৱনত প্ৰথম দেখা চৰকাৰী অফিচ৷ এই পদ্যশাৰী শুনিলেই, শুনোঁতাই লগে লগে বুটামকেইটা পৰীক্ষা কৰে – যাৰ খোলা থাকে, লগে লগে বন্ধ কৰি লয়৷ আকাৰে-ইংগিতেই সমস্যাটোৰ সমাধান হৈ যায়৷ এই মন্ত্ৰফাঁকিৰ ইমানেই শক্তি আছিল যে আজি প্ৰায় দুকুৰী বছৰৰ পাছতো, পদ্যফাঁকি মনলৈ আহিলে ক’ব নোৱাৰাকৈয়ে মোৰ বাওঁহাতটোৱে ততাতৈয়াকৈ পেন্টৰ জিপডাল পৰীক্ষা কৰি চায়!

ধুতি পিন্ধি স্কুললৈ অহা ছাত্ৰ আমি দেখা নাছিলো৷ পায়জামা পিন্ধি অহা ছাত্ৰ ওপৰৰ শ্ৰেণীত যিমান আছিল তলৰ শ্ৰেণীত তাৰ আধাও নাছিল৷ ধুতি পায়জামা এসময়ত একেবাৰে নোহোৱা হৈ গ’ল৷ বগা আৰু ৰং-বিৰঙৰ কাপোৰৰ মাজত মূল্যৰ পাৰ্থক্য নাইকিয়া হ’ল৷ ঠিক সেই সময়তে, আমি স্কুল এৰি অহাৰ কেইবছৰমানৰ পাছতে, ইউনিফৰ্মৰ ৰঙ বগাৰ সলনি নীলা ৰঙৰ প্ৰচলন আৰম্ভ হ’ল৷

এইটো সেই সময়ৰে কথা, সৰ্বেশ্বৰ ছাৰ তেতিয়া স্কুলখনৰ অধ্যক্ষ৷

দীঘল পেন্টটো নীলা হোৱাৰ পাছত টেঙৰ ল’ৰাহঁতে কেতিয়াবা একে ৰঙৰ জিনছ্‌ পিন্ধি অহাৰো সুবিধা লৈছিল৷ কথাটো অনুশাসনৰ ফালৰ পৰা বৈধ নাছিল৷ শ্ৰেণী-শিক্ষক কাঢ়া হ’লে এনে দোষৰ দণ্ড দিয়া হৈছিল৷ একেলগে প্ৰাৰ্থনা কৰা সময়ত জিনছ্‌ পৰিহিত ছাত্ৰ শিক্ষকৰ চকুত নপৰাকৈ আন ছাত্ৰৰ আঁৰত লুকাই থাকিছিল৷ স্কুলখন উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীত হোৱাৰ লগে লগে একাদশ দ্বাদশ শ্ৰেণীত ছাত্ৰৰ লগতে ছাত্ৰীসকলৰো আগমন হৈছিল৷ বিভিন্ন ৰঙৰ ফুলেৰে জাতিষ্কাৰ হৈ থকা চৌহদটোত তেওঁলোকৰ উপস্থিতি বাগিছাখনলৈ উৰি সোমাই অহা কেইজনীমান চঞ্চল পখিলাৰ দৰে আছিল৷ জিৰণীৰ সময়ত স্কুলৰ প্ৰেক্ষাগৃহৰ পাছফালে চক্ৰৱৰ্তী ছাৰ থকা কোঠাটোৰ ওচৰৰ চিড়িটোত আটাইকেইজনী পখিলাই সদায় ভিৰ কৰিছিল৷ চিড়িটোৰ কোণাটোত য’ত তেওঁলোকে জলফাই বা শিলিখাৰ গুটি মুখৰ পৰা উলিয়াই পেলাইছিল, তাতে চক্ৰৱৰ্তী ছাৰে পেলোৱা আলু-পিয়াজৰ বাকলি আৰু পেলনীয়া ভাত-দাইলৰ চিন আগৰে পৰা পৰি আছিল৷

সিদ্ধান্ত হ’ল, স্কুল ছুটিৰ পাছতে বছা বছা ছাত্ৰৰে শিলিখাগুৰিৰ গোপছাৰখনত ক্ৰিকেট খেল এখন হ’ব৷ কুঞ্জমোহনে বাঁহৰ মুঢ়া এটা কটাৰীৰে চুঁচি চুঁচি কমলাটেঙাটোৰ দৰে সাইলাখ ঘুৰণীয়া ক্ৰিকেট বল এটা বনাইছে৷ কিন্তু সমস্যাটো হ্’ল স্কুল ছুটীৰ পাছত ক্ৰিকেটখেল এখন খেলিব পৰাকৈ সময় হাতত নাথাকে৷ কেইটামান ছাত্ৰই ঘৰলৈ নগৈ ৰাস্তাৰ দাঁতিতে কিতাপ-বহী থৈ খেলত যোগদান কৰিবলৈ সন্মত হ’ল৷ তথাপিও কোনোবা এজন যদি আগতে গৈ কৰিবলগীয়া কামখিনি কৰি ফিল্ডখন সাঁজু কৰি থয়, বহু সময় বাচে! এইবোৰ কামত শেষৰ বেঞ্চত বহা দীপেনৰ সমকক্ষ কোনো নাই৷ এক্কেজাপে সি সাজু হ’ল৷ পেট বিষাইছে বুলি অধ্যক্ষলৈ আবেদন এখন লিখি সি সৰ্বেশ্বৰ ছাৰৰ কোঠাৰ সমূখত ঠিয় হ’লগৈ৷ সেইদিনা সি নীলা ৰঙৰ জিনছ্‌ পেন্ট এটা পিন্ধি আহিছিল৷ ছাৰে একান্ত মনে কিবা এটা লিখি আছে৷
-          ছাৰ, সোমাব পাৰোঁনে ?
-          আহ৷ মূৰ নোতোলাকৈয়ে ছাৰে সুধিলে – ক, কি হ’ল?
-          ছাৰ, মানে, মানে, পেটতো হঠাতে খামোচ মাৰি ধৰিলে…
কলমটো থৈ ছাৰ পোন হৈ বহিল৷ দীপেনৰ মূৰৰ পৰা ভৰিলৈকে এবাৰ চালে ৷ তাৰপাছত হঠাতে উথপথপ লগালে – বহকচোন, বহক, চকীখনতে বহক, মই মনেই কৰা নাছিলো৷ হাতখনেৰে ছাৰে সমূখত থকা চকী তিনিখন দেখুৱাইছে, বহি থকা চকীখনৰ পৰা মানুহজন উঠোঁ উঠোঁ কৰিছে!
দীপেন হতভম্ব৷ মুখেৰে মাজে মাজে ছাৰ ছাৰ শব্দটো মাথো ওলায় আছে! ছাৰেও নেৰে - বহকচোন বহক, বহি লওক৷
-          ছাৰ মই ক্লাছ এইটৰহে..!
-          হয় নেকি, হব হব, আপুনি বহকচোন, ক্লাছ এইটৰ বুলি ক’লে যে কোনখন স্কুলৰনো?
-          এইখন স্কুলৰে ছাৰ!
-          অ’ হয় নেকি? আমাৰ স্কুলৰটো জিনছ্‌ পেন্ট ইউনিফৰ্ম নহয়! মই আকৌ ভাবিলোঁ এখেত কোনোবা বাহিৰৰ পৰা অহা অতিথি নেকি!

তাৰ পাছতো দিপেন আঢ়ৈবছৰ সেইখন স্কুলৰ ছাত্ৰ আছিল, কিন্তু জিনছ্‌ পিন্ধি দুনাই স্কুললৈ অহা ভাবটোৱেই হেনো তাৰ মনলৈ আহিবলৈ সুবিধা পোৱা নাছিল৷


 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত পেলাই দিলে  কবি সিদ্ধাৰ্থ শংকৰ কলিতাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Friday, February 16, 2018

উড়াণ-টু আৰু উৰাৰ সপোন - Sadin 16-Feb-2018



উড়াণ-টু আৰু উৰাৰ সপোন

অসমত অলপতে অনুষ্ঠিত হোৱা বিনিয়োগকাৰীৰ সন্মিলনখনত ভাৰতৰ প্ৰধান মন্ত্ৰীয়ে দিয়া ভাষণত কেন্দ্ৰীয় চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে গ্ৰহণ কৰা আঁচনি “উড়াণ-টু”-ৰ উল্লেখ কৰাত আঁচনিখনৰ প্ৰতি জনসাধাৰণৰ আকৰ্ষণ বৃদ্ধি পাইছে৷ কোনো কোনোৱে এই আঁচনিখন একমাত্ৰ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বাবেই প্ৰস্তুত কৰা হৈছে বুলিও ভাবিছে, কথাটো তেনে নহয়৷  আজি এই আঁচনিখনলৈ কিছু ওচৰৰ পৰা চোৱাৰ প্ৰয়াস কৰোঁ৷

উড়াণ হৈছে এটা বাক্যৰ আদ্যাক্ষৰ কেইটাৰে গঠিত হোৱা এটা শব্দ –হিন্দী ভাষাৰ বাক্য – “উৰে দেশ কা আম নাগৰিক”৷ এই আঁচনিখনৰ মূলটো হৈছে ২০১৬ চনত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা অসামৰিক বিমান পৰিবহন নীতি (Civil Aviation Policy)৷ ধূঁৱলী কুঁৱলী বিমান পৰিবহনৰ চৰকাৰী নীতিৰ বাবে আমাৰ দেশত বিমান পৰিবহনে গা কৰি উঠিব পৰা নাই বুলি বহুদিনীয়া এটা অভিযোগ আছিল৷ জনসংখ্যাৰ ফালৰ পৰা চীন দেশৰ জনসংখ্যা আমাৰ দেশতকৈ ১৫ শতাংশ বেছি কিন্তু সেইখন দেশত বিমান যাত্ৰীৰ সংখ্যাটো আমাৰ দেশৰ পাঁচগুণ৷ আমাৰ দেশত থকা বিমানৰ সংখ্যা আৰু জনসংখ্যাৰ তুলনা কৰিলে দেখা যায় যে আমাৰ দেশত এখন বিমানৰ বিপৰীতে ২৮.৯ লাখ বাসিন্দা আছে, কিন্তু চীন দেশত এই সংখ্যাটো মাত্ৰ ১১ লাখ৷ “এয়াৰ ট্ৰিপ পাৰ কেপিটা”(Air Trip per Capita) আমাৰ দেশত ০.০৪ কিন্তু চীন দেশত ০.১৫, ব্ৰাজিলত ০.২৫ আৰু মালয়েছিয়াত ০.৫৪ ৷ এনে ধৰণৰ বিভিন্ন পৰিসংখ্যাৰে প্ৰমান কৰিব পাৰি যে আমাৰ দেশত যিধৰণে বিমান পৰিবহনৰ সমৃদ্ধি হব লাগিছিল সেই ভাবে হোৱা নাই৷ আৰু এটা আমোদজনক তথ্য আমাৰ দেশত এতিয়া বিমানযাত্ৰীৰ বৃদ্ধিৰ হাৰ পৃথিৱীৰ ভিতৰতেই শ্ৰেষ্ঠতম – ২০ শতাংশতকৈও বেছি৷ যোৱাবছৰৰ বৃদ্ধিৰ হাৰ আছিল ২২ শতাংশ ৷ আন্তঃৰাষ্ট্ৰীয় গড় বৃদ্ধি (International Average Growth) ৫ শতাংশতকৈও কম ৷ ইন্টাৰনেচনেল এয়াৰ ট্ৰেন্সপৰ্ট এছচিয়েছন (International Air Transport Association) অৰ্থাৎ আইয়াটাই (IATA) ভবিষ্যতবাণী কৰিছিল যে অতি সোনকালেই ভাৰতবৰ্ষ  পৃথিৱীৰ তিনিখন শ্ৰেষ্ঠ বিমান পৰিবহন বজাৰৰ এখন হ’ব৷ তেওঁলোকৰ মতে ২০১৪-১৫ চনত আমাৰ দেশৰ স্থান আছিল নৱম, কিন্তু ২০২০ চনৰ প্ৰথম ভাগত আমাৰ স্থান পঞ্চমলৈ জপিয়াই যাব, আৰু সেই বছৰৰে শেষৰ ফাললৈ আমাৰ স্থান গৈ তৃতিয় হ’বগৈ৷ আমাৰ আগত থাকিব চীন আৰু আমেৰিকা৷

ভাৰত চৰকাৰে ভিঝন ২০২০ (Vision 2020) নামৰ এখন আঁচনিৰে অসামৰিক বিমান পৰিবহন বিভাগৰ আন্তঃগাঠনি সৱল কৰাৰ প্ৰক্ৰিয়াটো আগতেই আৰম্ভ কৰিছিল৷ কিন্তু আমাৰ দেশত সৱল অসামৰিক বিমান পৰিবহন নীতিৰ অভাৱ হৈ থকাত এই বৃদ্ধিৰ লগত জড়িত কামকাজবোৰ  আশা কৰা ধৰণে আগবঢ়াব পৰা নাছিল৷ ২০১৬ চনত চৰকাৰে ব্যৱহাৰিক দিশৰ পৰা এটা সৱল বিমান পৰিবহন নীতি গ্ৰহন কৰিছে , ইয়াৰ নামেই নেচনেল চিভিল এভিয়েছন পলিচি ২০১৬ (National Civil Aviation Policy 2016)৷ ব্যৱহাৰিক দিশৰ পৰা বুলি উল্লেখ কৰাৰ এটা উদাৰণ এনে ধৰণৰ – বিমান এখনে এটা নিৰ্দিষ্ট দূৰত্বৰ যাত্ৰা শেষ কৰাৰ পিছত এক বিশেষ ধৰণৰ পৰীক্ষা নিৰীক্ষা আৰু মেৰামতিৰ কাম কৰিব লাগে – ইয়াক অভাৰ হাউল (Overhaul) বুলি কোৱা হয়৷ আমাৰ দেশত এই সুবিধা নথকাত বিমানবোৰ বিদেশলৈ লৈ যাব লাগে৷ ই অত্যন্ত খৰচী কাম৷ চৰকাৰৰ নতুন নীতিয়ে আমাৰ দেশতে এম-আৰ-ঔ (MRO) মানে মেইনটেনেঞ্চ, ৰিপেয়াৰ অভাৰহাউলৰ (Maintenance, Repair, Overhaul)  সুবিধাৰ ব্যৱস্থা কৰিছে৷

আম্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাৰ (International Civil Aviation Organization) মতে বিমানেৰে সংযোগ হোৱাৰ পাছত এখন ঠাইৰ প্ৰচুৰ অৰ্থনৈতিক প্ৰগতি হয়৷ তেঁওলোকে ইয়াৰ পৰিমানো হিচাপ কৰি উলিয়াইছে৷ যিঠাইৰ বিমান পৰিবহনৰ বাবে ১০০ ডলাৰ অতিৰিক্ত খৰচ কৰা হয়, সেই ব্যয়ে ঠাইখনৰ ব্যৱসায়লৈ ৩২৫ ডলাৰৰ বৃদ্ধি কঢ়িয়াই আনে৷ তেনেকৈ বিমান পৰিবহন বিভাগত ১০০ জনৰ সংস্থান হোৱা মানে ঠাইখনত ৬১০ টা চাকৰিৰ সৃষ্টি হোৱা৷ ভাৰত চৰকাৰে গ্ৰহন কৰা এই নতুন নীতিত সেয়ে পিছপৰা চহৰসমূহৰ লগত বিমানৰ যোগাযোগ স্থাপন কৰিবৰ বাবে পৰিকল্পনা কৰা হৈছে – এই পৰিকল্পনা বা আঁচনিৰ নামেই ৰিজিঅনেল কনেক্টিভিটি স্কিম বা উড়াণ (Regional Connectivity Scheme or UDAN)৷

আমাৰ দেশত থকা সৰ্বমুঠ বিমানকোঠৰ সংখ্যা আজিৰ তাৰিখত প্ৰায় ৪৮৬টা, আমাৰ উত্তৰ পূৰ্বা়্ঞ্চলতে ১৫ টাতকৈও অধিক বিমানকোঠ আছে৷ বিমানকোঠ মানে অৱশ্যে বিমান এখন উঠা বা নমাৰ সুবিধা থকাৰ কথাটোহে কোৱা হৈছে - এভিয়েচনৰ ভাষাত এৰোড্ৰম (Aerodrome) বা এয়াৰ ষ্ট্ৰিপ (Air Strip) বুলি কয়৷ এই ৪৮৬ টা এৰোদ্ৰমৰ ৪০৬ টাতে নিয়মীয়া বিমানৰ কোনো সুবিধা নাই৷ উড়াণ নামৰ এই আঁচনিৰ দ্বিতীয় পৰ্যায়, উড়াণ-টু,  ২০১৭ চনৰ আগষ্ট মাহত আৰম্ভ কৰা হয়৷  উত্তৰ পূৰ্বাঞ্চলকে সামৰি দেশৰ কেইবাখনো পাৰ্বত্য ৰাজ্যৰ সৰু সৰু ৪৩খন চহৰলৈ বিমান পৰিবহনৰ সুবিধা প্ৰদান কৰাটোৱেই এই আঁচনিৰ মূল লক্ষ্য৷ অসমৰ ভাগত পৰা বিমানকোঠ কেইটা হৈছে – যোৰহাট, লীলাবাৰী আৰু তেজপুৰ৷ তেনেকৈ কেইবাটাও হেলিপেড প্ৰতিষ্ঠা কৰাৰো আঁচনি কৰিছে ৷ মাজুলী, মিছা, কোকৰাঝাৰ আদিকে ধৰি সৰ্বমুঠ ২১ খন ঠাইৰ নাম হেলিপেড নিৰ্মান কৰা আঁচনিত অন্তৰ্ভুক্ত হৈছে৷

আঁচনিখন প্ৰয়োগ হোৱাৰ ধৰণটো আমাৰ দেশত নতুন– ৰুট (Route) অৰ্থা বিমান যোগাযোগৰ পথটো নিৰ্ধাৰণ কৰি লৈ চৰকাৰে নিবিদা জাৰী কৰিব কোন কোন এয়াৰলাইনচে এই পথত সেৱা আগবঢ়াব খোজে৷ নিবিদাৰ ভিত্তিত এটা এয়াৰলাইন নিৰ্বাচিত কৰা হব৷ সেই পথত তেওঁলোকে এক্সক্লুছিভ সেৱা (Exclusive Service) আগবঢ়োৱাৰ সুযোগ লাভ কৰিব৷ তেওঁলোকে বিমান কোঠত লেণ্ডিং বা পাৰ্কিং ফিজ (Landing or Parking Fees) দিব নালাগে৷ ওপৰেদি উৰি যাবৰ বাবে দিব লগা আৰ এন এফ চি (RNFC) অৰ্থ্যৎ ৰুট নেভিগেচন ফেচিলিটি চাৰ্জো (Route Navigation Facility Charges) ৰেহাই মূল্যত দিব পাৰিব৷ যাত্ৰীৰ বাবে ল’ব লগা ভাৰাৰ ক্ষেত্ৰত উৰ্ধতম চৰকাৰী বাধা নিষেধ থাকিব , কাৰণ এই পৰিবহন ব্যৱস্থাই মূলতঃ বাছ আৰু ৰে’লৰ লগত প্ৰতিযোগিতা কৰিব লাগিব৷ এই আঁচনিৰ আধাৰত চলিব লগা বিমানসমূহৰ কেটেগৰী নিৰ্বাচন কৰা হৈছে – কেটেগৰী ওৱান এ (Category-1A) যিয়ে নজনতকৈ কম যাত্ৰী কঢ়িয়াব পাৰে৷ তেওঁলোক বিমানৰ আটাইকেইটা চিট এই আঁচনিৰ আধাৰত চলাব লাগিব৷  কেটেগৰী ওৱান, টু, থ্ৰী (Category-1,2,3) হৈছে ৮০ জনতকৈ কম যাত্ৰী কঢ়িয়াব পৰা বিমান, তেওঁলোক মুঠ চিটৰ ৫০ শতাংশ চিট এই আঁচনিৰ আধাৰত চলাব লাগিব৷ হেলিকপ্তাৰ সেৱাৰ আটাইকেইটা চিটেই এই সেৱাৰ অধীন হ’ব৷
বিমানকোঠৰ উন্নতি সাধন আৰু এয়াৰলাইনচলৈ, নিৰ্দিষ্ট সময়ৰ বাবে অৰ্থনৈতিক সাহাৰ্য আগবঢ়াবৰ বাবে ভায়েবিলিটি গেপ ফাণ্ডিং (Viability Gap Funding) নামেৰে এটা সুবিধাও এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়ো মিলি এই আঁচনি সফল কৰিবলৈ সা-সুবিধা প্ৰদান কৰিব৷

অসম বা উত্তৰ পূৰ্বাঞ্চলক এটা স্বাস্থ্যবান, নিৰ্ভৰযোগ্য আৰু মিতব্যয়ী হেলিকপ্তাৰ সেৱা লাগে৷ ৰাজ্য চৰকাৰে যদি এই আঁচনিৰ পুৰ্ণ সুযোগ গ্ৰহন কৰে, অসমৰ বাসিন্দাসকলৰ লগতে পৰ্যটন উদ্যোগলৈও ভাল দিন অহাৰ সম্ভাৱনা আছে৷


Friday, February 9, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৫)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩)

নৱমমান শ্ৰেনীত পঢ়ি থাকোঁতেই এদিন সৰ্বেশ্বৰ ছাৰক লগ কৰিবলৈ তেখেতৰ ঘৰলৈ গৈছিলোঁ৷ অকলে নহয়, মোৰে সৈতে মুঠতে আমি ছজন আছিলো৷ বাকীকেইজনৰ কথা নাজানো, ছাৰক ঘৰত লগ কৰিবলৈ যোৱা সেইয়াই আছিল ছাত্ৰজীৱনত মোৰ প্ৰথম আৰু শেষ অভিজ্ঞতা ৷ বৰ আমোদজনক কাহিনী৷

এতিয়া যেনেকৈ চিঠি এখন লিখোঁ বুলিলেই কম্পিউটাৰত যিকোনো এটা ভাষাত লিখি টাইপ কৰি মূহুৰ্ততে ছপা কৰি উলিয়াই ল’ব পাৰি, আমাৰ দিনত তেনে সুবিধা একেবাৰেই নাছিল৷ ছপা আখৰত নিজৰ নামটো দেখাৰ নিচিনা সৌভাগ্য আমাৰ ছাত্ৰজীৱনত হোৱাই নাছিল৷ আদালতৰ বাকৰিত বা চৰকাৰী অফিচৰ টাইপ ৰাইটাৰত নথি-পত্ৰ, চিঠি আদি টাইপ কৰা দেখিছিলো, কিন্তু নিজে সেইবোৰ কৰাৰ দৰকাৰ হোৱা নাছিল, টাইপ্‌ ৰাইটাৰ চুইয়েই পোৱা নাছিলোঁ৷ ৰছিদ বহী, জাননী পত্ৰ বা স্কুলৰ আলোচনী আদি ছপা কৰিবৰ বাবে ঠায়ে ঠায়ে একোটা ছপাশাল আছিল৷ এই ছপাশালত ছপা কৰাৰ প্ৰক্ৰিয়াটোও আছিল আমোদজনক, পদ্ধতিটো ছপাশালৰ জন্মদাতা গুটেনবাৰ্গৰ দিনৰে যেন লাগে!

আখৰবিলাক এতিয়া কম্পিউটাৰত “টাইপ” কৰাৰ দৰে তেতিয়া কৰিব পৰা নগৈছিল৷ ছপাশালৰ দেৱাল এখনত হাত মেলিলেই ঢুকি পোৱাকৈ কাঠেৰে সজা সৰু সৰু খোলা বাকছ এগালমান থাকে - মৌবাঁহত থকা সৰু সৰু কোষবোৰৰ দৰে৷  ছপাশালৰ দেৱাল এখনত হাত মেলিলেই ঢুকি পোৱাকৈ কাঠেৰে সজা সৰু সৰু খোলা বাকছ এগালমান থাকে৷ তাতে লোহাৰে নিৰ্মিত অসমীয়া বৰ্ণ আৰু আ-কাৰ ই-কাৰ বিলাক মজুত থাকে৷ ‘কম্পৌজাৰ’ নামৰ ছপাশালৰ কৰ্মচাৰীজনে পৃষ্ঠাটোৰ আকাৰৰ লোহাৰ সঁজুলি এটাত আখৰবিলাক এটাৰ পিছত এটাকৈ বুটলি আনি শাৰী এটাৰ সৃষ্টি কৰে৷ ধৰাহওঁক ‘কালাম’ শব্দটো ছেট কৰিব লাগে৷ কম্পৌজাৰৰ চকু থাকে সমূখত মেলি লোৱা কাগজখনৰ ওপৰত, য’ত ‘কালাম’ লিখা আছে৷ সোঁহাতটো  নিজে নিজে গৈ আখৰটো তুলি আনে, তাৰ পিছত হাতটো স্বয়ংক্ৰিয়ভাবে আ-কাৰডাললৈ যায়৷ ক-টোৰ হাঁকোটাডাল ঠিকদিশত বহিছে নে নাই বাওঁহাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰে৷ ওখ টুল এখনত বহি লৈ কম্পৌজাৰজনে এই কামটো ইমান ক্ষীপ্ৰ গতিত কৰি যায় থাকে যে চাই থাকি বৰ আমোদ লাগে৷ পেছাদাৰী টাইপিষ্টে যে কাগজ এখনত চকু থৈ কি-বৰ্ড নোচোৱাকৈয়ে টাইপ কৰি যাব পাৰে আৰু টাইপিং নিশিকালোকে যে কি-বৰ্ডখনত এ, বি, চি, ডি ক’ত আছে বিচাৰি থাকিব লাগে - কথাটো তেনেকুৱা৷  এটা শব্দ সাজি হোৱাৰ পাছত লাহে লাহে এটা শাৰীৰ নিৰ্মাণ হয়৷ তাৰ পিছত এটা শাৰীৰ ওপৰত আন এটা শাৰী খাজত বহি গৈ থাকে, শেষত এটা পৃষ্ঠাৰ সৃষ্টি হয়৷ লোহাৰ ফৰ্মাটোৰ এটামূৰে সৰু নব-এটা থাকে, সেইটো পকাই দিলে আখৰবিলাক নিকপকপীয়াকৈ খাপ খাই পৰে – পৃষ্ঠা ৰেডি! এই ফৰ্মাটো ছপাশালটোৰ চলাব পৰা অংশটোত খাপ খুৱাই দিয়া হয়৷ মেচিনটো চলাই দিয়াৰ লগে লগে এই ফৰ্মাটোৱে ছপাশালৰ টেবুলখনৰ কোমল সমতল অংশটোত কেই ছেকেণ্ডমানৰ মূৰে মূৰে ঢকা একোটা মাৰে৷ এই ঢকা পৰা অংশটোত বগা কাগজ এখন দি দিলেই পৃষ্ঠাটো ছপা হৈ ওলায় আহে৷

প্ৰথম ঢকাটোৰ দ্বাৰা ছপা হোৱা প্ৰথম কাগজখন পৰীক্ষা কৰা কাৰ্যটোৰ নাম - প্ৰুফ চোৱা৷ কেতিয়াবা আখৰবিলাক লগাই যাওঁতে ভুল হ’ব পাৰে; যেনে, ‘কলম’-টো লগাওঁতে অসাৱধানতাবশতঃ ‘পলম’ হৈ গ’ল – লগে লগে কম্পৌজাৰজনে ‘প’-টো চেপেনা এডালেৰে টান মাৰি উলিয়াই আনি ‘ক’-টো লগাই সৰু  হাঁতুৰী এটাৰে টোকৰ কেইটামান মাৰি দিলেই ভুলটো শুদ্ধ হৈ যায়৷ কেতিয়াবা আকৌ ‘অসভ্য’ বা ‘অনিয়মীয়া’-ৰ দৰে শব্দ একোটা শুদ্ধকৈ গাঠি দিয়াৰ পাছতো ছপা হওঁতে শব্দটো ‘সভ্য’ বা ‘নিয়মীয়া’ হৈ যাব পাৰে৷ তেনে হলে সেই সৰু হাঁতুৰীটোৰে পাছফালে অ-টোত টোকৰ এটা মাৰি দিলেই অ-টো জিলিকি উঠে৷ প্ৰুফ প্ৰস্তুত হোৱাৰ পিছত ছপাশালৰ কৰ্মচাৰী এজনে একাষে থিয় হৈ টেবুলখনৰ ঢকা পৰা ঠাইখিনিত উকা কাগজৰ পাতবোৰ এখিলাৰ পাছত এখিলা  ছন্দোৱদ্ধ গতিত পাৰি গ’লেই পৃষ্ঠাটো ছপা হৈ ওলায় থাকে৷ আখৰবিলাকৰ ৰং যেতিয়া শেঁতা হৈ আহে – তেতিয়া পাত্ৰ এটাত চিয়াঁহী অলপ বাকি দিব লাগে, ৰং আকৌ উজ্জ্বল হৈ পৰে!

অফ্‌ছেট্‌ নামৰ ছপাশালবিধ অহাৰ লগে লগে এনে ধৰণৰ ছপাশাল দেখিবলৈ নাইকিয়া হৈ গ’ল৷

আমি ছাৰৰ ঘৰলৈ গৈছিলো লটাৰী টিকট বেচিবলৈ৷ কিছুসময় চুচুক-চামাক কৰি থকাৰ পিছত ছাৰৰ গাৱঁৰে আমাৰ সহপাঠী ৰূপকে সাহস দিলে – আহ, একো নহয়, মই কথা পাতিম, তহঁত মনে মনে থাকিবি৷ ছাৰৰ ভতিজা জী মাইনু মোৰ সহপাঠী, তাইৰ সমূখতে ছাৰে কিবা ক’লে বা পঢ়াৰ কথা সুধিলে মোৰ নাক কটা যাব৷ সেয়ে মই দলটোত “ছেকেণ্ড ক্লাছ চিটিজেন” হিচাপেই থাকিম বুলি ঠিক কৰিলো৷

পৰ্টিকৰ দুৱাৰখন খোলা, সেইজীয়া পৰ্দাৰ ফাকেৰে ভিতৰলৈকে জুমি চাব পাৰি – দেখি থকাত কোনো নাই!
-          ছাৰ, আছেনে? – ৰূপকে গম্ভীৰ সুৰৰ মাত এটা উলিয়াই আৱাজ দিলে৷ ঠিক তেনেতে আমাৰ ক্লাছৰ শেষৰ বেঞ্চত বহা সুজিতে তাৰ চাইকেলখনৰ টিলিঙাটো বজাই দিলে৷ আটাইকেইটাই হাই হাই কৰি উঠিল – খবৰদাৰ!
দক্ষিণ ভাৰতীয়ই পিন্ধাৰ দৰে ধুতী এখন লুঙীৰ দৰে পিন্ধি হাতত আধা পঢ়া বাতৰি কাকজখন লৈ খৰা হাতৰ চোলা পিন্ধা ছাৰ আমাৰ আগলৈ ওলাই আহিল৷ আমাক দেখি আচৰিত হৈ মাতিলে – অ, তহ’ত আহিলি, সোমাই আহ!
-          বহ, কি সকামত বা আহিলি?
স্কুলত বেঞ্চত বহাৰ বাদে ছাৰৰ আগত বহি পোৱা নাই৷ ছাৰ বহাৰ পাছত, তিনিজন বহিব পৰা আসনখনত আমাৰ চাৰিটা, কুছনখনৰ মাজত দগমগীয়া আঙঠা থাকিলে যেনেকৈ বহিলোহেঁতেন তেনেকৈ আঁঠুত আঁঠু লগাই বিশুদ্ধ দন্ত্য দ-ৰ দৰে বহাৰ নিচিনা কৰিলোঁ৷ ৰূপকেই আৰম্ভ কৰিলে –
-          ছাৰ, আমাৰ কৃষ্টি সংঘই লটাৰী খেল এখনৰ আয়োজন কৰিছে, আপোনাক লটাৰী টিকট এটা, মানে কেইটামান দি যাওঁ বুলি আহিলোঁ৷
-          কি কি পুৰস্কাৰ ৰাখিছ, চাঁও? লটাৰীৰ ৰছিদ বহী এখন হাতত লৈ ছাৰে সুধিলে৷
-          টিকটটোৰ পিছফালে পুৰস্কাৰ বিলাক দি দিছোঁ, ছাৰ ৷ সুজিতে টেপেৰ্‌-কৈ মাত লগালে৷

ছাৰে আমি শুনাকৈ ফুটাই পঢ়ি গ’ল - প্ৰথম পুৰস্কাৰ – হাম্বাৰ চাইকেল, বৰ ভাল কথা অ’, বাইশ নে ছবিশ ইঞ্চি, হব দে, মোৰ চাইকেলখনো পুৰণা হৈছে, ভালেই হ’ব!  দ্বিতীয়? - অ’ দ্বিতীয় পুৰস্কাৰ টেবুল ফেন, মই ফেন এখন লোৱাৰ কথা ভাবিয়েই আছিলো৷ তৃতীয় একা..?
নাভূত-নাশ্ৰুত কিবা দেখাৰ দৰে চকুদুটা ছাৰে হঠাতে ঘোপা কৰিলে, আমাৰ আপাদমস্তক এবাৰ নিৰীক্ষণ কৰিলে, তাৰপাছত আম্বেদকাৰৰ মুৰ্তিটোৰ দৰে সোঁহাতৰ তৰ্জনী আঙুলিটো আমালৈ টোৱাই ঢেৰেকণি মাৰি উঠিল - তহঁত এতিয়াই মোৰ ঘৰৰ পৰা ওলা, মোৰ চকুৰ আঁতৰ হ, ওলা বুলিছো নহয়, তহঁতক মই ……!

কিংকৰ্তব্যবিমূঢ় হৈ আমি এখন্তেক দৰক লাগিছিলো, পিছমূহূৰ্ততে পৃষ্ঠভংগ দিয়াই মঙ্গল বুলি এক্কেকোবে উচাট মাৰি আহি ছাৰৰ চৌহদৰ বাহিৰ পালোঁহি৷ ছাৰে চকু ঘোপা কৰোঁতেই ৰুপকে ৰছিদ বহীখন নিজৰ হাতলৈ আনি লৈছিল৷ আমি আটাইকেইটাই একেলগে চালোঁ – ক’ত কি ভুল হ’ল!

                তৃতীয় পুৰস্কাৰৰ লগত থকা শব্দটোৰ সমূখৰ ই-আখৰটো বহীখনত ছপা নহ’ল৷ প্ৰুফ চাওঁতে কম্পৌজাৰে আখৰটোৰ পিছফালে টোকৰ এটা মাৰিব লাগিছিল, নামাৰিলে৷ তৃতীয় পুৰস্কাৰ – স্ত্ৰী ! আচলতে শব্দটো আছিল –ইস্ত্ৰী!


 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত পেলাই দিলে  কবি সিদ্ধাৰ্থ শংকৰ কলিতাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Thursday, February 8, 2018

উত্তৰ কোৰিয়াৰ হুংকাৰ আৰু শান্তি প্ৰয়াসী বিশ্ববাসী - 9 February, 2018





ওৱান ইয়ং ৱৰ্ল্ড (One Young World) নামৰ এটা বে-চৰকাৰী প্ৰতিষ্ঠানৰ জন্ম হৈছিল লণ্ডনত, ২০১০ চনত৷ তেওঁলোকে যুৱ প্ৰজন্মৰ সম্ভাৱনাসম্পন্নলোকক লৈ বছৰত এখন সন্মিলন (Summit) পাতে৷ প্ৰতিষ্ঠানটোৰ উদ্দেশ্য হৈছে পৃথিৱীক সন্ত্ৰস্ত কৰি ৰখা সমস্যা সমূহক লৈ চিন্তা চৰ্চা কৰা আৰু তাৰ ফলপ্ৰসু সমাধানৰ সন্ধান কৰা৷ ২০১৪ চনত এই সন্মিলনখন আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনত হৈছিল৷  সেই সন্মিলনতে উত্তৰ কোৰিয়াৰ পৰা পলায়ন কৰি চীনদেশত আশ্ৰয় লৈ থকা ইমি পাৰ্ক (Yeonmi Park) নামৰ এজনী ছোৱালীয়ে এটা ভাষণ দিছিল৷ ইমি ২১ বছৰ বয়সীয়া এগৰাকী যুৱতী৷ ছয় মিনিট পঞ্চলিছ ছেকেণ্ডৰ চমু ভাষণটোত তেওঁ কোৱা কথাখিনি ইন্টাৰনেটৰ দ্বাৰা ইউটিউৱত https://youtu.be/EKbnyLKLHbo এই লিংকটোত চাব পাৰি৷ ইমিৰ যেতিয়া ৯ বছৰ বয়স আছিল এখন হলিউডৰ চিনেমা চোৱাৰ অপৰাধত তাইৰ বন্ধুৰ মাকক জনচক্ষুৰ আগত মৃত্যুদণ্ডৰে দণ্ডিত কৰি হত্যা কৰা হৈছিল৷ ইমিৰ যেতিয়া ১৪ বছৰ উত্তৰ কোৰিয়াৰ পৰা পলায়ন কৰাৰ সময়তে তাইৰ দেউতাকৰ মৃত্যু হৈছিল আৰু নিশা ৩ বজাত লোকচক্ষুৰ আঁৰত তাই দেউতাকক সমাধিসস্থ কৰিছিল৷ তাই কান্দিব পৰা নাছিল৷ কন্দা সেইখন দেশত নিষিদ্ধ আছিল৷ তাইৰ যেতিয়া ১৩ বছৰ, চীনৰ এটা দালালে তাইক ধৰ্ষণ কৰিব খুজিছিল৷ মাকে তাইক ৰক্ষা কৰি নিজৰ শৰীৰটো আগবঢ়াই দিছিল৷  নিৰৱিচ্ছিন্নভাবে চকুৰ পৰা ওলাই থকা লোতক আৰু থোকাথোকি মাতেৰে ডাবলিনত ইমিয়ে কোৱা কথাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷  

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদ আৰু শাসক কিম জং ঊণ্‌ৰ স্বৈৰতান্ত্ৰিক শাসনৰ কথা বিশ্ববাসীয়ে নজনাকৈ থকা নাই৷ কোনো কোনো পণ্ডিতৰ মতে উত্তৰ কোৰিয়া পৃথিৱী নামৰ গ্ৰহটোৰ ওপৰত থকা এটা কৃষ্ণছিদ্ৰ (Black Hole ), যি বাহিৰৰ পৰা ভিতৰখন আৰু ভিতৰৰ পৰা বাহিৰখন দৃশ্যমান নহয় ৷ দ্বিতীয় মহাযুদ্ধৰ পিছত কোৰিয়া নামৰ দেশখনৰ দক্ষিণৰ ভাগটোক আমেৰিকাই আৰু উত্তৰৰ ভাগটোক ছোভিয়েট ৰুছিয়াই শাসন কৰিবলৈ লৈছিল৷ ১৯৫০ চনত দ্বিতীয় কিম –ছু (Kim II-Sung) ৰ নেতৃত্বত কোৰিয়াৰ যুদ্ধ আৰম্ভ হয়, য’ত ৩০ লক্ষ্যলোক নিহত হয়৷ তাৰ পিছৰ পৰাই কোৰিয়া নামৰ দেশখন উত্তৰ কোৰিয়া আৰু দক্ষিম কোৰিয়া নামৰ দুখন দেশত বিভক্ত হয়৷ দুয়োখন দেশে ইখনে সিখনৰ ভাষা বুজি পায় কিন্তু উত্তৰ কোৰিয়াৰ নাগৰিকে আনখন দেশৰ নাগৰিকৰ লগত কথা পতাৰ কথা কল্পনাও কৰিব নোৱাৰে৷ ১৯৫০ চনৰ পৰা উত্তৰ কোৰিয়া বিশ্ববাসীৰ পৰা এক নিৰ্দিষ্ট দূৰত্বত অৱস্থান কৰি কিম- একনায়কত্ববাদেৰে এক তামসিক শাসনৰ উদাহৰণ দাঙি ধৰিছে৷ দেশখনৰ আইন কানুন পৃথিৱীৰ আন মানুহৰব বাবে পৰম আশ্বৰ্য্যকৰ বিষয়৷ উত্তৰ কোৰিয়াৰ জনগণে দেশখনৰ বাহিৰৰ খবৰ নাপায়, মানৱ অধিকাৰ কি বস্তু নাজানে৷

উত্তৰ কোৰিয়াত কোনেও নিজৰ পচন্দমতে চুলি কাটিব নোৱাৰে৷ চৰকাৰে পুৰুষৰ বাবে ১৪ প্ৰকাৰ আৰু মহিলাৰ বাবে ১৮ প্ৰকাৰ চুলিৰ ধৰণ নিৰ্ধাৰণ কৰি ৰাখিছে, চৰকাৰৰ সন্মতি সাপেক্ষে এই ডিজাইনৰ যিকোনো এটা চুলিৰ কাটহে দেশখনত গ্ৰহনযোগ্য৷ চৰকাৰৰ অনুমতি নহলে দেশখনত কোনেও গাড়ী কিনিব নোৱাৰে আৰু কোনেও ৰাজধানী চহৰ পিয়ংয়েনত  (Pyongyang) বাস কৰিব নোৱাৰে৷ উত্তৰ কোৰিয়াত কাৰো নিজৰ ঘৰ নাই৷ চৰকাৰৰ অনুগ্ৰহতহে নাগৰিকক বাসগৃহ আৱন্টন দিয়া হয়৷ কোনো ধৰণৰ ধৰ্মবিশ্বাস দেশখনত গ্ৰহণযোগ্য নহয়৷ উত্তৰ কোৰিয়াৰ ভগৱান এজনেই সেইজন হৈছে দেশৰ শাসনকৰ্তা কিম জং ঊণ্‌, তাৰ আগতে তেওঁক দেউতাক৷ কিমৰ মূৰ্তিৰ সমূখত মূৰ দোৱাই প্ৰৰ্থনা কৰাতো দেশৰ আইন৷ দেশখনৰ নাগৰিকে বিশ্বাস কৰে যে কিমৰ ইচ্ছাত আন কথাটো বাদেই বতৰো  সলনি হ’ব পাৰে৷ বাইবেলকে ধৰি যিকোনো ধৰ্মপুঠি লগত ৰখাটো এটা অপৰাধ৷ দেশখনত দূৰদৰ্শনৰ নামত মাত্ৰ দুটা ছেনেল আছে, তাতো নিউজৰ নামত দেশৰ শাসনকৰ্তাৰ গুণগানহে প্ৰচাৰ কৰা হয়৷ বিদেশৰ কোনো খবৰ দেশখনৰ নাগৰিকে নাজানে৷ কিতাপ পঢ়াটো অপৰাধ৷ একমাত্ৰ ৰাজহুৱা পঢ়িব পৰা ঠাইতহে নিৰ্দিষ্টধৰণৰ কিতাপ আৰু বাতৰিকাকত ৰখা হয়৷ যিকোনো ধৰণৰ আমোদপ্ৰমোদ, ইন্টাৰনেট আৰু ফটোগ্ৰাফী নিষেধ৷ আন্তঃৰাষ্ট্ৰীয় ফোন কৰাটো গুৰুতৰ অপৰাধ আৰু এই অপৰাধৰ শাস্তি মৃত্যুদণ্ড৷ দেশখনৰ আইন মতে কোনো লোকে কৰা অপৰাধৰ শাস্তি তিনিটা প্ৰজন্মলৈ বিস্তাৰিত হয়, অৰ্থাৎ এজন লোকে কৰা অপৰাধৰ বাবে তেওঁৰ দেউতাক-মাক আৰু সন্তানেও শাস্তি ভোগ কৰিব লগা হয়৷ দেশখনত যদিও শাসনকৰ্তা এজনেই আৰু নিৰ্বাচনত প্ৰতিদণ্ডিতাও এজনেই কৰে, তথাপিও দেশৰ প্ৰতিজন নাগৰিকেই ভোটদান কৰাটো বাধ্যতামূলক৷ দেশখনত মানৱ অধিকাৰ উলংঘা কৰাৰ কিছুমান লোমহৰ্ষক ঘটনা লাহে লাহে পোহৰলৈ আহিব ধৰিছে৷ তাৰ ভিতৰত কাৰাবন্দীক বিষাক্ত খাদ্য খুৱাই হত্যা কৰা আৰু শিশুৰ ওপৰত ৰসায়ন বোমা প্ৰয়োগ কৰি বিষক্ৰিয়াৰ ধৰণ অধ্যয়ণ কৰাৰ দৰে লোমহৰ্ষক ঘটনাও আছে৷ হিটলাৰৰ কনচেন্ট্ৰেচন কেম্পৰ দৰে দেশখনত বহুতো “লেবাৰ কেম্প” আছে, তাত দেশৰ প্ৰতি থকা আনুগত্যক সন্দেহ কৰি বহুতো নিৰীহলোকক বন্দী কৰি ৰখা হৈছে৷

১৯৯১ চনত ৰাষ্ট্ৰসংঘৰ সদস্যপদ পোৱা দেশখনৰ ওপৰত ২০১৩ চনত ৰাষ্ট্ৰসংঘই মানৱ অধিকাৰ ভংগ কৰাৰ দোষত নিষেধাজ্ঞা জাৰি কৰিছিল৷ ২০১৭ চনৰ জুলাই মাহত ভাৰতেও শক্তিশালী ভাষাৰে উত্তৰ কোৰিয়াক সকিয়াই দিয়াৰ লগতে দৰৱ আৰু খাদ্য-সামগ্ৰীৰ বাহিৰে দেশখনৰ লগত থকা সকলোধৰণৰ বাণিজ্যিক সম্পৰ্ক শেষ কৰাৰ সিদ্ধান্ত লৈছিল৷ কূট নৈতিক দৃষ্টিকোণৰ পৰা ভাৰতে বন্ধ কৰি দিয়া বাণিজ্যিক সুবিধাসমূহ  চীনদেশ  আৰু পাকিস্তানে গ্ৰহন কৰি সমৃদ্ধ হোৱাৰ আশংকা আছে৷  বিশেষকৈ উত্তৰ কোৰিয়াই বেলেষ্টিক মিছাইল প্ৰগ্ৰেম সম্পৰ্কত ভাৰতবৰ্ষৰ ওপৰত যথেষ্ট নিৰ্ভৰ কৰিছিল৷ ২০০৬ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা থকাৰ পিছতো উত্তৰ কোৰিয়াৰ ৩০ জন বিজ্ঞানৰ ছাত্ৰ আহি ডেৰাডুনত থকা স্পেছ এণ্ড টেকনলজি চেন্টাৰত (The Center for Space Science and Technology in Asia and the Pacific -CSSTEAP)  প্ৰশিক্ষণ লৈছিলহি৷ এই কথা উদ্ধাৰ হৈছিল ২০১৬ চনতহে যেতিয়া আমেৰিকাই এই কথা ৰাষ্ট্ৰসংঘৰ দৃষ্টিগোচৰ কৰিছিল৷ তাৰোপৰি ডেৰাডুনত প্ৰশিক্ষণ লৈ যোৱা পিক ছং-হোক (Paek Chong-ho)  উত্তৰ কোৰিয়ান চৰকাৰে ২০১২ চনত দেশৰ মিছাইল প্ৰগ্ৰেমৰ উচ্চপদত নিযুক্ত কৰিছিল!

হাজাৰ বাধা আৰু নিষেধাজ্ঞাইও উত্তৰ কোৰিয়াক পৰমানু অস্ত্ৰৰ সম্পৰীক্ষা আৰু মিছাইল প্ৰযুক্তিবিদ্যাৰ পৰীক্ষা নিৰীক্ষাৰ পৰা বিৰত কৰিব পৰা নাই৷ সম্প্ৰতি এই সংশয় আৰু বৃদ্ধি পাইছে৷ ২০১৭ চনৰ চেপ্তেম্বৰ মাহত জাপানৰ আকাশমাৰ্গ নিৰীক্ষণ কৰি থকা সুৰক্ষা ব্যৱস্থাৰ এলাৰ্ম চিষ্টেমটোৱে দেশখনৰ বহুঠাইত বিকট শব্দ কৰি বাজি উঠিল৷ সেইয়া জাপানৰ আকাশমাৰ্গত শতৰুৰ উপস্থিতিৰ সংকেত৷ অলপ পিছতে গম পোৱা গ’ল উত্তৰ কোৰিয়াই নিৰ্মান কৰা মিছাইল (Intercontinental ballistic missile - ICBM) জাপানদেশৰ ওপৰেদি উৰি গৈ প্ৰশান্ত মহাসাগৰৰ বুকুত পৰিলগৈ৷ কিম্‌ ঊণে নিজেই ঘোষণা কৰিলে, উত্তৰ কোৰিয়াই ইচ্ছা কৰিলে আমেৰিকাৰ মাটিত পৰমানু বোমা নিক্ষেপ কৰিব পৰাৰ শক্তি আহৰণ কৰিছে৷


সম্প্ৰতি দুয়োখন দেশ গৰজি উঠিছে৷ ডনাল্ড্‌ ট্ৰাম্প আৰু কিম জং ঊণৰ কথা কটা-কটি আৰু ৰণ হুংকাৰে বিশ্ববাসীকো সচকিত কৰি তুলিছে৷ ৩১ জানুৱাৰীৰ দিনা ৰাছিয়াই আমেৰিকাক উত্তৰ কোৰিয়াৰ পাৰমানৱিক শক্তিক অৱমূল্যায়ন নকৰিবলৈ সচেতন কৰি দিছে! সমগ্ৰ পৃথিৱীৰ চকু কপাললৈ উঠিছে৷ একবিংশ শতিকাত দুখন দেশৰ মনোমালিন্য দুখন দেশতে সীমাবদ্ধ হৈ নাথাকে৷ পাৰমানৱিক অস্ত্ৰৰ সংহাৰ কেৱল দুখন দেশতেই আৱদ্ধ থকা কথা নহয়৷ উত্তৰ কোৰিয়াৰ জনগণৰ মুক্তি শান্তিপ্ৰিয় দেশৰ সকলো লোকেই আশা কৰিছে৷ ৰাষ্ট্ৰসংঘৰ হস্তক্ষেপত উত্তৰ কোৰিয়াত  কুশাসনৰ অন্ত হোৱা উচিত৷ নাগৰিকে উদ্ধাৰ পাওঁক, ধৰাৰ বুকুত ত্ৰাস বা যুদ্ধ নহয়, শান্তি প্ৰতিষ্ঠা হওক৷

Saturday, February 3, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৪)

 জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৪)

দহৰ পৰা ষোল্ল বছৰৰ সময়খিনি সকলোৰে জীৱনৰ বৰ আপুৰুগীয়া সময় ৷ গজালিৰ দুপতীয়া হোৱা সময়খিনিত যেনেকৈ ভৱিষ্যতৰ বিকাশৰ বাবে সাৰপানীৰ আটাইতকৈ বেছি প্ৰয়োজন, সি লাগিলে বৃহৎ বৃক্ষৰ সম্ভাৱনা থকা গছেই হওক নতুবা গহৰা গজা ফলহীন এডাল লতাই হওক, ঠিক তেনেকৈ মানুহৰ জীৱনৰো সেই সময়খিনিত দেহ, মন আৰু প্ৰজ্ঞাৰ বিকাশৰ বাবে উপযুক্ত খাদ্যৰ আটাইতকৈ বেছি প্ৰয়োজন৷ এই সময়খিনি হাইস্কুলীয়া জীৱনৰ সময়৷ সেই সময়তে সৃষ্টি হোৱা ৰুচী, মানৱীয় প্ৰমূল্য (Values) আৰু সংস্কাৰে গোটেই জীৱনতো পৰিচালিত কৰি থাকে বুলি মোৰ বিশ্বাস হয়৷ হয়তো ইও এক কাৰণ হ’ব পাৰে, হাইস্কুলীয়া জীৱনৰ অভিজ্ঞতাবোৰ সকলোৰে বৰ মৰমৰ স্মৃতি হয়৷ মোৰও৷ সেই সময়ত লগ পোৱা বন্ধু আৰু শিক্ষাগুৰুৱে পেলোৱা প্ৰভাৱ মই আজীৱন অনুভৱ কৰি আহিছো – বেছিভাগ স্মৃতিয়েই মনটো ভৰাই তোলে, কৃতজ্ঞতাত মূৰ দোঁ খাই আহে, কেতবোৰ স্মৃতিয়ে আকৌ মনটোত ভাকুটকুতাই যায়, ক’ব নোৱাৰাকৈয়ে মূখখনত এটা হাঁহি বিয়পি পৰে৷ তেনে সময়ত ওচৰত থকা কোনোবাই এই অৱস্থা লক্ষ্য কৰিলে সোধে- কি, কি হ’ল, কিয় হাঁহিলি?

আজি এই “কি, কি হ’ল, কিয় হাঁহিলি” ধৰণৰ  কাহিনী এটা মনত পৰিছে৷ সৰ্বেশ্বৰ ছাৰৰ লগত সম্পৰ্ক থকা৷

আজিৰ পৰা ডেৰকুৰী বছৰৰ আগতে আমাৰ স্কুলখনে এটা বৃহৎ এলেকা সামৰি ল’ব লগা হৈছিল৷ পূৱ দিশত অৱস্থিত বাগান কেইখনৰ পৰা অহা মজদূৰ মূলৰ বা কৰ্মচাৰী বাবুসকলৰ ল’ৰা-ছোৱালী, পশ্চিমে থকা গাওঁ কেইখনৰ পৰা অহা মূলতঃ কৃষিজীৱি ঘৰৰ সন্তানসকল, উত্তৰে অন্ততঃ সাত কিলোমিটাৰ দূৰ বিস্তৃত হৈ থকা গাৱঁৰ দৰিদ্ৰসীমাৰেখাৰ তলে ওপৰে থকা পৰিয়ালৰ ল’ৰা ছোৱালীহ’ত আৰু দক্ষিণে ব্ৰহ্মপুত্ৰৰ চাপৰিলৈকে বিস্তৃত ঠাইৰ পৰা অহা খাটি খোৱা ঘৰৰ ছাত্ৰহ’তে দল বান্ধি বান্ধি স্কুললৈ আহিছিল৷ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই (আমাৰ স্কুলখনত উচ্চতৰ শাখাতহে ছোৱালী আছিল, তলৰ শ্ৰেণীত নাছিল) ঘৰত থকা সময়খিনিত ঘৰুৱা কামত মাক দেউতাকক সহায় কৰিব লাগিছিল – স্কুললৈ অহাৰ আগতেওঁ, স্কুলৰ পৰা উভতি যোৱাৰ পিছতো৷ স্কুললৈ অহাৰ আগতে কৰিব লগা কামৰ নমুনা হিচাপে মনত পৰে - ওচৰৰ চুবুৰীয়াৰ ঘৰৰ কুঁৱাটোৰ পৰা খোৱা পানী দুবাল্টি আনি দিয়া, উথনা লোৱা গাখীৰ এপোৱা ওচৰৰ গাওঁখনৰ পৰা ঘৰলৈ অনা, গাইজনী চৰণীয়া পথাৰখনত এৰাল দি অহা, বাৰিষা পথাৰত চাহ-জলপান দি অহা ইত্যাদি৷ আবেলিও বিচিত্ৰ ধৰণৰ কামে ল’ৰা-ছোৱালীহঁতৰ যথেষ্ট সময় দাবী কৰিছিল৷ এনেবোৰ কামৰ মাজতো খেলিবৰ বাবে অৱশ্যেই বহুত সময় ওলাইছিল৷ বাঁহৰ কাঠিৰে খৰাহী, পাচি, বিচনী, পল, চেপা আদি সজাৰ কামতো বহু ল’ৰাই আবেলিৰ সময়ভাগ খৰচ কৰিছিল৷ ছোৱালীয়ে চুৱেটাৰ গোঠা, ৰুমালত ফুল তোলা, ‘সত্যৰ সদায় জয়’ ধৰণৰ কথা থকা  নতুবা কোনোবা নাৰীয়ে হৰিণাপোৱালী সাৱতি বহি থকা ছবি তুলিকাৰে অঁকা, তাতঁ বোৱা, বা তৰিবলৈ লোৱা তাঁতৰ ব-তোলা ইত্যাদি কামেই আছিল সততে দেখা ব্যস্ততা৷ তেতিয়াৰ দিনত প্লাষ্টিকৰ ব্যৱহাৰ এতিয়াতকৈ বৰ কম আছিল৷ ‘কেৰি বেগ’ বুলি কোৱা প্লাষ্টিকৰ বেগৰ প্ৰচলন একেবাৰেই নাছিল৷ দাইল, চাউল, চেনী, চাহপাত আদি বিক্ৰি কৰিবলৈ  পুৰণি বাতৰি কাগজ ভাঁজ দি এঠা লগাই ঠোঙা বুলি কোৱা একোটা বেগ সজা হৈছিল৷ চাৰি পৃষ্ঠাৰ এখন ‘দৈনিক অসম’ৰ পাতৰ পৰা দুটা ঠোঙা বনাব পৰা গৈছিল৷ তেনেকুৱা পঁছিশটা ঠোঙা সাজি মাৰোৱাৰী দোকানত দিলে এটকা দিছিল৷ এবাৰ পূজাৰ আগে আগে এনে ঠোঙা সাজি সুন্দৰজীৰ দোকনত দি মই দহটকা ঘটিছিলো৷ বিয়াত দিয়া উপহাৰসমূহো বাতৰি কাগজেৰে মেৰিয়াই দিয়া হৈছিল, তেতিয়াৰ দিনত ‘ৰেপিং পেপাৰ’-ৰ ব্যৱহাৰ বৰ কম হৈছিল৷

সাত আঠ কিলোমিটাৰ দূৰৰ পৰা খোজ কাঢ়ি স্কুললৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত পৰিলে এতিয়া এক বিষন্নতাই মোৰ মনটো ভাৰাক্ৰান্ত কৰি তোলে৷ হাইস্কুলৰ ওপৰখাপৰ ছাত্ৰসকলৰ কোনো কোনোজনে চাইকেল চলাইও আহিছিল, কিন্তু তেনে সংখ্যা বৰ কম আছিল৷ শিক্ষক সকলেও চাইকেল চলায়েই স্কুললৈ আহিছিল৷ আমাতকৈ ওপৰৰ শ্ৰেনীত পঢ়া প্ৰতাপগড় বাগানৰ বাবু পৰিয়ালৰ শিখ সম্প্ৰদায়ৰ ল’ৰা হৰদীপ সিঙে মাজে মাজে দেউতাকৰ মটৰ চাইকেল এখন লৈ স্কুললৈ আহিছিল৷ তেওঁৰ ভায়েকেও মাজে মাজে তেনে কৰিছিল৷ দুয়ো ককাই-ভায়ে তালুত চুলিৰে খোপা একোটা বান্ধিছিল৷ হৰদীপ সিঙৰ মটৰ চাইকেলত উঠাৰ সৌভাগ্য হোৱা মুষ্টিমেয় দুই এজন ছাত্ৰই মহাকাশৰ পৰা উভতি আহি নিজৰ অভিজ্ঞতা বৰ্ণনা কৰাৰ দৰে আমাৰ আগত নিজৰ দুৰ্লভ অভিজ্ঞতাৰ কথা কৈছিল! জীৱবিজ্ঞানৰ স্নাতকোত্তৰ পৰীক্ষা দি অহাৰ পিছত আলি ছাৰৰ ল’ৰা পদূম ছাৰ অলপদিন ঘৰতে আছিল৷ তেখেতে সেইসময়ত কিছুদিন আমাৰ স্কুলত শিক্ষকতা কৰিছিল ৷ তেখেতেও মাজে মাজে এখন মটৰ চাইকেল লৈ স্কুললৈ আহিছিল৷ জিৰণীৰ সময়ত মটৰ চাইকেলখন আমি পিটিকি পিটিকি নিৰীক্ষণ কৰিছিলো৷

আলিবাটত দুৰ্ঘটনা হোৱাৰ ভয় একেবাৰেই নাছিল৷ সেই সময়ত ৰাষ্টাত আঙুলিৰ মূৰত গণিব পৰা গাড়ী-মটৰ চলিছিল৷ অসম ৰাজ্যিক পথ পৰিবহন নিগমৰ বাছ কেইখন আমাৰ চিনাকি আছিল৷ বাঁহবাৰী-পানপুৰ, লক্ষীমপুৰ-গুৱাহাটী, ইটানগৰ –গুৱাহাটী, ধেমাজী-তেজপুৰ, ন-টা পঞ্চলিছত ৰাঙাপাৰা হৈ গুৱাহাটীলৈ যোৱাখন, ৰাতিপুৱা ছটা পোন্ধৰত তেজপুৰ হৈ যোৱা চুপাৰখন ইত্যাদি৷ ব্যক্তিগত খণ্ডৰ বাছৰ সংখ্যাও আছিল তেনেই নগন্য৷ ৰাষ্ট্ৰীয় ঘাঁই পথৰ দাঁতিৰ আন এটা স্কুল চৌহদত বাস কৰি পঢ়াশুনা কৰিবলৈ সুবিধা পোৱা আমাৰ পেহীৰ ল’ৰা নয়নমনিয়ে পাঁচ কিলোমিটাৰ দূৰৰ কেকুৰিত পাব্লিক বাছ এখন দৃশ্যমান হোৱাৰ লগে লগেই নামটো কৈ দিব পাৰিছিল ৷কেতিয়াবা আমি বাজি মাৰিছিলো, কিন্তু সদায় সিয়েই জিকিছিল৷ ত্ৰিৱেণী, পাকিজা, চাৰি ভাই, জয় সন্তোষীমা আদি আছিল পাব্লিক বাছৰ নাম৷

তেনেকুৱা দিনতে এদিন সৰ্বেশ্বৰ ছাৰ আমাৰ ক্লাছলৈ বিজ্ঞান পঢ়াবলৈ আহিল৷ সেইদিনাৰ পাঠটো আছিল বিদ্যুৎ অৰ্থাৎ ইলেক্ট্ৰিচিটিৰ কথা৷ বিদ্যুতে আমাৰ জীৱনটো কিমান সুচল কৰি আনি আছে তাৰ কথা৷ বিদ্যুত পৰিবহন কি, কেনেকৈ বিদ্যুত এঠাইৰ পৰা আনঠাইলৈ যায় – এনেবোৰ কথা৷ বিদ্যুত বিজ্ঞানৰ সাধাৰণ কথা থকা পাঠ৷ কিছুমান যন্ত্ৰ আছে তাক চলাবলৈ বিদ্যুত লাগিবই , যেনে – লাইট, পাংখা, হিটাৰ, ইস্ত্ৰী ইত্যাদি৷ বিদ্যুতৰ পৰিবহনৰ বাবেও অনেক যন্ত্ৰ পাতি থাকে৷ যেনে জেনেৰেটৰ, ট্ৰেন্সফৰ্মাৰ ….
-          জেনেৰেটৰ দেখিছনে নাই? ছাৰে প্ৰশ্নটো সুধিলে, তাৰ পিছত ইংগিত এটাও দি দিলে– সাধাৰু মেলাত যে চিনেমা দেখুৱাওতে ধপ ধপাই থাকে?
আটাইবোৰ ছাত্ৰয়েই সমস্বৰে চিঞৰি উঠিল– দেখিছোঁ, দেখিছোঁ ছাৰ! তাৰ পিছতে জেনেৰটৰে কেনেকৈ কাম কৰে ছাৰে তাৰ এটা চমু পৰিচয় দিলে৷

এসময়ত ছাৰে সুধিলে – ট্ৰেন্সফৰ্মাৰ দেখিছনে নাই?
কিছুসময় ছাত্ৰহ’ত নিমাত৷ তাৰ পিছত দ্বিতীয় বেঞ্চত বহি থকা গুৰুপ্ৰসাদে মাত লগালে – দেখিছোঁ ছাৰ
-          ক’ত দেখিছ? ছাৰে সুধিলে৷
-          গৰু এৰাল দিবলৈ যাওঁতে ৰাষ্টাৰ কিনাৰত দেখিছো ছাৰ!
গিৰ্জনি মাৰি আটায়ে হাঁহি দিলে৷ গুৰুপ্ৰসাদৰ ভুল হোৱা নাছিল, সততাৰে সি সঁচা কথাই কৈছিল৷ আনঠাইত ট্ৰেন্সফৰ্মাৰ দেখাৰ আমাৰ কোনো সুবিধা নাছিল৷

ক্লাছ শেষ হ’বৰ হ’ল৷ বিজ্ঞানৰ অগ্ৰগতিৰ কথা জানিবৰ কাৰণে বাতৰি কাগজ পঢ়াটো কিমান আৱশ্যক, কথা গৈ তাত পৰিলগৈ৷ হঠাতে ছাৰে সুধিলে – তহ’তে বা আকৌ বাতৰি কাগজ দেখিছনে নাই! সকলো নিমাত৷

ছাৰে গুৰুপ্ৰসাদলৈ চাই নিক্ষেপ কৰিলে – হেৰৌ, বিয়াত যে উপহাৰ বান্ধি দিয়ে, মাৰোৱাৰী দোকানত যে বস্তু ভৰাই দিয়ে, সেইখনৰ কথা কৈছোঁ৷

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত পেলাই দিলে কিছুদিন ছাৰৰ সহকৰ্মী হোৱাৰ সুযোগ লাভ কৰা ভন্টীয়ে, মানসী দেৱীয়ে৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Thursday, February 1, 2018

জীয়াই থকাৰ প্ৰশিক্ষণ - সাদিন, ২ ফেব্ৰুৱাৰী, ২০১৮ সংখ্যাৰ ১১ নং পৃষ্ঠা




জীয়াই থকাৰ প্ৰশিক্ষণ

আজিকালি দিনটোৰ যিকোনো সময়তে আকাশ মাৰ্গৰ ক’ত কেইখন বিমান উৰি আছে তাক পোনে পোনে দেখাৰ সুবিধা হৈছে৷ অৰ্থাৎ আপোনাৰ চিনাকি কোনোবা যদি ক’ৰবাৰ পৰা আহিব লগা আছে আৰু আপুনি যদি বিমানখনৰ নম্বৰটো জানে তেতিয়াহলে আপোনাৰ কম্পিউটাৰ বা মোবাইলৰ পৰ্দাত তেখেত আহি থকা বিমানখনৰ দৃশ্যটো চাই থাকিব পাৰে৷ পৃথিৱীৰ ব্যস্ত বিমানকোঠ একোটাৰ ওপৰত দিনটোৰ কোনোবাটো সময়ত উৰি থকা বিমানৰ সংখ্যা দেখিলে আচৰিত মানিব লাগে! আমাৰ দেশৰ ৰাজধানী দিল্লীতে আজিকালি দৈনিক পাঁচশখন বিমানৰ আগমণ আৰু প্ৰস্থান হয়৷ দৈনিক অহা-যোৱা কৰা ইমানবোৰ বিমান তলত বহি থকা মাত্ৰ কেইজনমান লোকে কেনেকৈ পৰিচালনা কৰে? তেওঁলোকৰ ভুল হোৱাৰ সম্ভাৱনা থাকেনে নাথাকে? ইমান নিখূঁটকৈ বিমান এখন এক নিৰ্দিষ্ট গতিপথত পৰিচালনা কৰি আনি সুৰক্ষাৰে অৱতৰণ কৰোৱাটো টান কথা নহয় নেকি? যদি ধনী দেশত বিলাসী যন্ত্ৰ প্ৰয়োগ কৰি এই কাম কৰা হয় তেনেহলে দুখীয়া দেশত বিমান দুৰ্ঘটনা বেছিকৈ নহয় কিয়? কি মন্ত্ৰৰ প্ৰভাৱত আকাশত একেলগে শ শ বিমান উৰি থকাৰ পিছতো বিমান যাত্ৰাই আজিৰ দিনত আটাইতকৈ সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য পৰিবহন ব্যৱস্থা?

এই আটাইকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰি গৈ থাকিলে আপুনি অৱশেষত জানিব পাৰিব যে বিমান পৰিবহন ব্যৱস্থাটো সামগ্ৰিক ভাবে নিয়ন্ত্ৰণ কৰে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ বিভাগে, নাম আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিববহন সংস্থা বা International Civil Aviation Organization (ICAO)৷ ৰাষ্ট্ৰসংঘৰ ১৯৩ খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত ১৯২ খন দেশেই এই বিমান পৰিবহন ব্যৱস্থাটো মানি লৈ নিজ নিজ দেশৰ কাৰ্যপদ্ধতি নিৰ্ধাৰণ কৰিব লাগে৷ এই সংস্থাটোৱে বিমান পৰিচালনা ব্যৱস্থাটোৰ লগত জড়িত ব্যক্তিসকলক প্ৰশিক্ষণ দিবৰ বা্বে ‘পানী সৰকিব নোৱাৰা’ এটা নিখূঁট পদ্ধতি ব্যৱহাৰ কৰে৷ পৃথিৱীৰ আটাইবোৰ দেশতে একে কামৰ বাব একে পদ্ধতি আৰু একে প্ৰক্ৰিয়া ব্যৱহাৰ কৰা হয়, আনকি এই কামৰ বাবে ব্যৱহাৰ কৰিব লগা শব্দ আৰু তাৰ  উচ্চাৰণো সমগ্ৰ পৃথিৱীতে একে৷ বিমান পৰিবহন ব্যৱস্থাত সততে ব্যৱহাৰ হোৱা এটা বাক্য হৈছে – There is no second chance, ভুল শুধৰাবৰ সুবিধা দুনাই নাহে! সেয়ে, বিমান পৰিবহনৰ লগত জড়িত সকলো কৰ্মচাৰীক এনেকৈ প্ৰশিক্ষণ দিয়া হয় বা সকলো যন্ত্ৰপাতি এনেকৈ নিৰ্মান আৰু পৰিচালনা কৰা হয় যে সুৰক্ষাৰ বিষয়টোৰ লগত কদাপিও অকণো আপোচ কৰা নহয়!

সাম্প্ৰতিক সময়ত এটা অতি আৱশ্যকীয় কামৰ বাবে (বিমান পৰিবহন) উপযুক্তলোকক গঢ় দিবলৈ ব্যৱহাৰ কৰা এই প্ৰশিক্ষণ প্ৰনালীটোৰ নাম – ট্ৰেইনএয়াৰ প্লাছ্ (TRAINAIR PLUS)‌৷ ট্ৰেইনএয়াৰ প্লাছে এজন কৰ্মচাৰীক দক্ষ আৰু যোগ্য কৰি গঢ়ি তোলা প্ৰক্ৰিয়াটোৰ তিনিটা দিশত বিশেষভাবে গুৰুত্ব দিয়ে - Knowledge বা জ্ঞান, Skill বা দক্ষতা আৰু Attitude বা দৃষ্টিভঙ্গী৷ এই তিনিওটাকে একেলগ কৰি KSA বুলি কোৱা হয়৷ এই তিনিওটা উপাদানৰ সম অনুপাতেহে এজন দক্ষ কৰ্মচাৰীক তৈয়াৰ কৰিব পাৰে৷ এই তিনিওটাৰ এটাও যদি কম থাকে তেনেহলে ইপ্সিত ফল পাব পৰা নাযায়৷ তিনিটা পৰ্যায়ত সমাপ্ত কৰিব পৰা এনে প্ৰশিক্ষণত মুঠতে সাতটা স্তৰ আছে৷ প্ৰথম স্তৰটো হৈছে কি উদ্দেশ্যে প্ৰশিক্ষণৰ প্ৰয়োজন হৈছে আৰু কেনেকৈ সেই উদ্দেশ্য পূৰণ হোৱা বুলি সিদ্ধান্ত ল’ব পৰা যাব, সেয়া পোনতেই নিৰ্ধাৰণ কৰি লোৱাটো৷ স্তৰ দুই - এই কামৰ বাবে কি জ্ঞান, দক্ষতা আৰু দৃষ্টিভংগীৰ প্ৰয়োজন সেইয়া ঠিক কৰা৷  তৃতীয় স্তৰ – প্ৰশিক্ষণৰ আগতে প্ৰশিক্ষাৰ্থী আৰু কৰিব লগা কামটো সম্পৰ্কে বিস্তৃত অধ্যয়ন৷ ইয়াতে প্ৰথম পৰ্যায়টো শেষ হয় ৷ দ্বিতীয় পৰ্যায় আৰম্ভ হয় প্ৰশিক্ষণৰ বিষয়সূচী (Design of Curriculum) নিৰূপণেৰে – স্তৰ চতুৰ্থ৷ পঞ্চম স্তৰত পাঠ্যক্ৰম প্ৰস্তুতি ( Design of Modules)৷ ষষ্ঠ স্তৰ – প্ৰশিক্ষণৰ বাবে প্ৰয়োজনীয় সকলো সামগ্ৰীৰ শেষ প্ৰস্তুতি আৰু সম্পৰীক্ষা (Production & Developmental Testing)৷ দ্বিতীয় পৰ্যায় সমাপ্ত৷ শেষ পৰ্যায় আৰু সপ্তম স্তৰটো হৈছে কানাডাৰ মন্ট্ৰিয়েলত থকা আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিববহন সংস্থাৰ কাৰ্যালয়ৰ পৰা অনুমতি প্ৰদান৷

এটা সহজ উদাহৰণ লৈ স্তৰকেইটা আলোচনা কৰিলে বুজিবলৈ সহজ হ’ব৷ ধৰাহওঁক চিলাই মেছিন চলাবলৈ এটা প্ৰশিক্ষণৰ প্ৰয়োজন৷ ট্ৰেইনএয়াৰ পদ্ধতিৰে তাৰ বাবে এটা প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগে৷ প্ৰথম স্তৰ – এই প্ৰশিক্ষণৰ পিছত প্ৰশিক্ষাৰ্থীয়ে ছিংগাৰ কোম্পানীয়ে প্ৰস্তুত কৰা এটা চিলাই মেছিনত তিনি ধৰণৰ চিলাই, মিনিটচ অন্তত দুই মিটাৰকৈ প্ৰস্তুত কৰিব পাৰিব লাগিব৷ দ্বিতীয় স্তৰ – এই কামৰ বাবে প্ৰশিক্ষাৰ্থীৰ থাকিব লগা জ্ঞান (Knowledge) হৈছে – বিভিন্ন ধৰণৰ কাপোৰ, সূতাৰ ধৰণ, প্ৰকাৰ আৰু গুণ, বিভিন্ন প্ৰকাৰৰ বেজী, চিলাইৰ ধৰণ, মেচিনৰ বেগ, চিলোৱাৰ দিশ ইত্যাদি৷ দক্ষতা (Skill) হৈছে- কাপোৰ চিনাক্ত কৰিব পৰাৰ ক্ষমতা, কটাৰ কৌশল আয়ত্ব, পোন আৰু বেকাকৈ কাটিব পৰাৰ দক্ষতা, বিভিন্ন বেগত মেচিন চলাব পৰাৰ ক্ষমতা ইত্যাদি ৷ দৃষ্টিভংগী (Attitude) হৈছে – কলাসন্মতভাবে কাপোৰ আৰু ৰঙৰ নিৰ্বাচন, চিলোৱাৰ ষ্টাইল নিৰ্ধাৰণ, এই বিষয়টো সম্পৰ্কে নতুন কথা শিকাৰ আগ্ৰহ, হব পৰা সম্ভাৱ্য মেচিনটোৰ বিজুতিৰ প্ৰতি সচেতনতা ইত্যাদি৷ তৃতীয় স্তৰত প্ৰশিক্ষণ লব লগা প্ৰশিক্ষাৰ্থীসকল কেনে পৰ্যায়ৰ আৰু তেওঁলোকৰ বুদ্ধিমত্তা আদিৰ ওপৰত কিছু অধ্যয়ন কৰি লোৱা হয়৷ চতুৰ্থ স্তৰ – এই কথাখিনি শিকোৱাৰ বাবে কিমান দিনৰ পাঠ্যক্ৰমৰ প্ৰয়োজন, প্ৰথমে কাপোৰৰ জ্ঞান নে ৰঙৰ জ্ঞান নে চিলাইৰ জ্ঞানৰ প্ৰয়োজন, কোনটোৰ পিছত কোনটো শিকোৱা উচিত, পাঠ্যক্ৰমৰ মাজত শিকাৰ অগ্ৰগতিৰ কথা বুজিবলৈ কেতিয়া আৰু কেইবাৰ পৰীক্ষা লোৱাৰ প্ৰয়োজন ইত্যাদি৷ পঞ্চম স্তৰ – প্ৰশিক্ষণৰ বাবে লগা সামগ্ৰীৰ প্ৰস্তুতি, কিতাপ, কাপোৰৰ নমুনা, সূতাৰ নমুনা, প্ৰেক্টিকেলৰ বাবে এটা চিলাই মেছিন, এজন দক্ষলোকে দেখুৱাই দিয়া ডেমনষ্ট্ৰেচন্‌, পৰীক্ষাৰ পদ্ধতি নিৰ্ধাৰণ ইত্যাদি৷ ষষ্ঠ স্তৰত এই গোটেই প্ৰক্ৰিয়াটো এবাৰ হাতে কামে কৰি প্ৰশিক্ষণটো অনুষ্ঠিত কৰি চোৱা হয়৷ তাৰ পিছত এই গোটেই আঁচনিখন এটা নিৰ্দিষ্ট পদ্ধতিত প্ৰস্তুত কৰি প্ৰশিক্ষণ আৰম্ভ কৰিবৰ বাবে অসামৰিক বিভাগৰ মূল কাৰ্যালয়লৈ আবেদন জনাব লাগে৷ বৈজ্ঞানিকভাবে অনেক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত অসামৰিক বিমান পৰিবহন বিভাগে গ্ৰহণ কৰি প্ৰয়োগ কৰা ই এটা অতি ফলপ্ৰসূ প্ৰশিক্ষণ পদ্ধতি৷ এই পদ্ধতিৰেই বিমান পৰিবহন ব্যৱস্থাৰ লগত জড়িত লোকসকলক কামৰ বাবে প্ৰস্তুত কৰা হয়৷

মই এই পদ্ধতিটো আন এটা কামত লগোৱাৰ কথা প্ৰায়েই ভাবি থাকোঁ৷ মোৰ দৃঢ় বিশ্বাস, একমাত্ৰ জ্ঞান আৰু প্ৰকৃত শিক্ষাইহে এটা জাতিক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে৷ সেয়ে শৈক্ষিক বিষয়ত যদি উত্তৰণ নহয়, তেনেহলে আন কোনো কাৰকে আমাক উন্নতিৰ শিখৰত বেছি দিন ধৰি ৰাখিব নোৱাৰে৷ পৃথিৱীৰ আগশাৰীৰ দেশৰ লগত ফেৰ মাৰিব পৰাকৈ আমি এটা শিক্ষা পদ্ধতি আৰু প্ৰশিক্ষণ প্ৰক্ৰিয়া গঢ় দিব নোৱাৰোনে? স্তৰ এক- অসমৰ অসমীয়া স্কুলৰ পৰা পাছ কৰা প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়েই অসমীয়া, ইংৰাজী আৰু হিন্দী ভাষাত সলসলীয়াকৈ কথা ক’ব পাৰিব, তেওঁলোকৰ প্ৰজ্ঞা (IQ), মানসতা (EQ), স্বাস্থ্য (PQ) আৰু আৰু আধ্যাত্মিক (SQ) বিকাশৰ মান (Holistic Development) দেশৰ যিকোনো ঠাইৰ ছাত্ৰ-ছাত্ৰীতকৈ উৰ্ধত থাকিব৷ প্ৰশাসনীয় পৰীক্ষাত সফল হোৱা ত্ৰিশ শতাংশতকৈও অধিক ছাত্ৰ-ছাত্ৰী আমাৰ অসমৰ হ’ব৷ স্তৰ দুই- অসমৰ বিশ্ববিদ্যালয় আৰু বচা বচা গুণীলোকৰ এখন কমিটিয়ে ইয়াৰ বাবে প্ৰয়োজন হোৱা জ্ঞান, দক্ষতা আৰু দৃষ্টিভংগীৰ এখন তালিকা কৰিব৷ স্তৰ তিনি – আমাৰ ৰাজ্যৰ বিভিন্ন ঠাইত থকা স্কুলবোৰত এই পদ্ধতি কেনেকৈ প্ৰয়োগ কৰা হ’ব সেই সম্পৰ্কে বস্তুনিষ্ঠ অধ্যয়ন কৰি আঁচনি প্ৰৱৰ্তন হ’ব৷ আঁচনিখনে সকলো ঠাইৰ স্কুলবোৰ সামৰি ল’ব৷ স্তৰ্ চাৰি- প্ৰজ্ঞা, মানসতা, স্বাস্থ্য আৰু আধ্যাত্মিক বিকাশ, এই চাৰিওটা দিশৰ সৰ্বাঙ্গীন উন্নতিৰ বাবে পাঠ্যক্ৰম প্ৰস্তুত কৰা হ’ব৷ স্তৰ পাঁচ- প্ৰতিটো শ্ৰেনীৰ বাবে বিষয়সুচী আৰু পাঠদানৰ আহিলা নিৰ্ধাৰিত হ’ব৷ স্তৰ ছয়- শিক্ষকসকলক প্ৰথমে প্ৰস্তুত কৰি লোৱা আঁচনিৰে এই নতুন ব্যৱস্থা অসমত প্ৰৱৰ্তন হ’ব৷


মোৰ দৃঢ় বিশ্বাস, মাত্ৰ একুৰী বছৰৰ ভিতৰতে এনে এখন আঁচনিয়ে অসমৰ শিক্ষা জগতলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনিব পাৰিব৷ সততে অস্তিত্বৰ সংকটত ভুগি থকা অসমৰ সকলো বাসিন্দাৰ বাবেই এনে এখন আঁচনি হ’ব পাৰে জীৱন যুদ্ধত জীয়াই থকাৰ প্ৰশিক্ষণ৷