Sunday, November 7, 2021

নিৰ্মল আনন্দঃ

 নিৰ্মল আনন্দঃ

পুৰণি বন্ধুক লগ পোৱাৰ আনন্দই সুকীয়া।
কটন কলেজৰ “থাৰ্ড মেছ” বা আনন্দৰাম বৰুৱা ছাত্ৰাবাসত একেলগে থকা বন্ধু এজন এতিয়া এমেৰিকাত থাকে। সেইযে, ৩৪ বছৰৰ আগতে এৰিলোঁ, তাৰপিছত আৰু দেখা সাক্ষাৎ হোৱা নাই। নহ’লেও কি হ’ল, হোষ্টেলত চিনিঅৰ দাদহ’তৰ একেলগে ৰেগিং খোৱা সতীৰ্থ, ডাইনিং হলত পুৱা গধূলি একেলগে ভাত খোৱা আৱাসী, দুটা বছৰ একেটা ঘৰৰ ছালৰ তলতে বাস কৰা বাসিন্দা, - মোৰ বেটছ্ মেট্। এওঁ কবিৰাজ ধৰণৰ ছাত্ৰ আছিল। কৰিড’ৰৰ ৰেলিঙডালত বহি ভৰি জোকাৰি জোকাৰি বহি থকা আমি কেতিয়াবা দেখোঁ, পঢ়া টেবুলৰ পৰা উঠি হাতত জাৰটো লৈ বন্ধু খোৱাপানী আনিবলৈ গৈছে। আমাক দেখি সি লাজ কৰাৰ দৰে কৰে। কেতিয়াবা আকৌ দেখোঁ, হাফ লুঙী পিন্ধি আমাৰ আগেদিয়েই সি সমূখত থকা প্ৰসাৱগাৰটোলৈ আগবাঢ়িছে। সি ৰিঙি মাৰে – “ঐ, আড্ডা মাৰিছ? মাৰ মাৰ, তহ’ত আটাইকেইটাই গেৰা মৰাটো খাটাং।” আমিও উত্তৰ দিওঁ – “ফাল, ফাল, তইয়েই ফাল!” দুবছৰ একেলগে থকাৰ পাছত, বিদায় পৰত মই তাৰ অটোগ্ৰাফত কি লিখিছিলোঁ আজিও মোৰ স্পষ্টকৈ মনত আছে – “তোক মই সৰুপানী চুবলৈ যাওঁতেহে হোষ্টেলত দেখাৰ সৌভাগ্য হৈছিল যদিও তোৰ স্মৃতি মোৰ মানসপটত চিৰ সেউজ হৈ জিলিকি থাকিব। নাপাহৰিবি।”
তাৰপিছত আমি দুয়ো দুটা কক্ষপথত ঘুৰিবলৈ ল’লো। ইটোৰ লগত সিটো কক্ষপথৰ যোৱা ৩৪ বছৰে ক’তো কটাকটি হোৱা নাই। ১৮ অক্টোবৰৰ দিনা ৱাটছআপত এটা মেছেজ আহিল – “ঐ চতিয়া, চিনি পাইছনে? তই বোলে গুৱাহাটীতে আছ, কুমুদদাৰ পৰা তোৰ নম্বৰটো পালোঁ!”
৩ তাৰিখে, ৩৪ বছৰৰ পিছত দেখা হ’ল বন্ধুৰ লগত! সি ক’লে – “মই গোটেইখন ভ্ৰমি আহিছো, ওচৰলৈ নাহিবি।” তাৰ কথালৈ কাণ নকৰি মই তাক সাৱতি ধৰিলোঁ। আজিৰ পৰা তিনি দশকৰ আগৰ বিচিত্ৰ স্মৃতিয়ে আমাৰ মনটো ৰঙাই তুলিলে। আমাৰ সময়ৰ এজন মেধাৱী ছাত্ৰ - নাম তাৰ ভৱেশ ডেকা।
অকল ভৱেশেইনে? আমাৰ দিনবোৰত আজিৰ দৰে আমি “বস্তুৰ বহতীয়া” হোৱা নাছিলোঁ। আমাৰ সমস্ত সময় মোবাইল ফোনে কাঢ়ি ল’ব পৰা নাছিল। একেলগে খেলা, ফুৰা আৰু আড্ডা মৰাৰ বাবে আমাৰ হাতত বহুত সময় আছিল। সেই সময়তে আৰম্ভ হোৱা বন্ধুত্বৰ এনাজৰীডালে আজিও আমাৰ বহুতকে নিকপকপীয়াকৈ বান্ধি ৰাখিছে। তেনে বহু বন্ধুকে লগ পাই অতীত ৰোমন্থনেৰে আমি অনেকবাৰ অনেকঠাইত আত্মহাৰা হৈ পৰিছোঁ। এনে বহু আমোদজনক অভিজ্ঞতাও আছে।
এবাৰ হঠাতে পুৰণি বন্ধু এজনক পালোঁ চেন্নাই মহানগৰীত। আমাতকৈ তেওঁ এবছৰ ডাঙৰ। তেওঁ তেওঁৰ গাত থকা কেইটামান গুণৰ বাবে হোষ্টেলত “নাৰদ” নাম পাইছিল। আমিও তেওঁৰ কথা পাতোঁতে সততে নাৰদদা বুলিয়েই কৈছিলোঁ। তেওঁৰ প্ৰকৃত নামটো কি আছিল আমি কষ্ট কৰিহে মনত পেলাব লগা হৈছিল। হঠাতে চেন্নাই মহানগৰীৰ এটাইত মোক দেখি তেওঁ পৰম আন্তৰিকতাৰে উৰ্ধবাহু প্ৰসাৰিত কৰি মোৰ ওচৰলৈ আগবাঢ়ি আহিল। মোৰ তেওঁক মাতিব পৰা নামটো মনত নপৰেহে নপৰে! বাৰে বাৰে নাৰদদা-নাৰদদা নামটো মনলৈ আহি আছে! পৰিস্থিতিটো চম্ভালিবলৈ বৰ অসুবিধা হৈছিল সেইদিনা।
কবি কেশৱ মহন্তই এবাৰ কৈছিল,- বন্ধুত্ব কৰা সহজ, ৰখা টান। হয়, এটা বয়সৰ পিছত যুগমীয়া বন্ধুত্ব কৰা আৰু ৰখা সঁচাকৈয়ে টান কাম হৈ পৰে। পুৰণি বন্ধুত্বতো কেতিয়াবা কেৰোণ লাগে। এটা সময়ত তয়াঁ-হয়াঁ কৰি হাঁহি-মাতি দিন কটোৱা কোনোবা বন্ধুৱে পিছত লগ পালে আগৰ “তই”-ৰ সলনি আপুনি বা তুমি সম্বোধন কৰি আগৰ সম্পৰ্কটো বিকৃত কৰি পেলায়। কবি গল্পকাৰ অতনু ভট্টাচাৰ্যৰ “অক্তোপাছ” নামৰ এটা গল্প আছে। বেছ আমোদজনক গল্প (ওভতনি যাত্ৰা আৰু অন্যান্য গল্প নামৰ সংকলনটোত আছে, পৃষ্ঠা ৬৮)। বেংকৰ সৰু চাকৰি এটা কৰি পেটে ভাটে খাই থকা ললিতক মানুহ এজনে বিচাৰি আছে। নিজস্ব অভিজ্ঞতাৰে ললিত নিশ্চিত হ’ল যে মানুহজন বীমা কৰিবলৈ অহা এজন এজেণ্ট! মানূহজনৰ মুখামুখি নহ’বলৈ ললিত দৃঢ়প্ৰতিজ্ঞ হ’ল। কিন্তু ওভতনি বাটত মানহজনে ললিতৰ পিছ ল’বলৈ আৰম্ভ কৰিলে। সম্ভাৱ্য বীমা কিনাৰ বিভীষিকাত ললিতে খৰ খোজেৰে পলাবলৈ ধৰিলে। তেনেতে হঠাতে গাড়ী এখন লৈ ওলালহি বহু বছৰ লগ নোপোৱা কলেজৰ বন্ধু চাংকু! চাংকুৱে ললিতক ঘৰলৈ নিব খোজে, নহ’লে নিজেই আহিব এদিন –“গধূলি সাত বজাৰ পাছততো ঘৰতেই থাক? এদিন আহি আছোঁ। আৰু শুন, আমাৰ এওঁক এটা এজেঞ্চি লোৱাই দিছোঁ। তহঁতৰ দুয়োৰে নামত পলিছি দুখন কৰাই ল’ম দেই।” থাকে, তেনেকুৱা বন্ধুও থাকে!
অকল পুৰণি বন্ধু বুলিয়েই নহয়, বহু দিনৰ মূৰত পুৰণি বস্তুৰ লগত হঠাতে ভেটাভেটি হ’লেও মানুহৰ আনন্দৰ সীমা নাথাকে। যদি সেই বস্তুটোৰ লগত স্পৰ্শকাতৰ স্মৃতি বি়জড়িত হৈ থাকে, তেতিয়াটো ক’বই নালাগে। ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰে তেনেকুৱা এটা কাহিনী তেখেতৰ আত্মজীৱনী “জীৱন বৃত্ত”-ত লিখি থৈ গৈছে। (পৃষ্ঠা ২২১-২২৫)। লণ্ডনত উপস্থিত হোৱাৰ কিছুদিনৰ পাছতে তেখেতে কেপষ্টান ট’বেকোৰ চেপেটা টিন এটা কিনিছিল। লণ্ডনত সেইটো প্ৰায়েই তেখেতে লগত লৈ ফুৰিছিল। এতিয়া গৱেষণাৰ কাম কৰি থকাৰ মাজতে কেইজনমান বন্ধুৱে কম্পাছ এডালেৰে ঘঁহি ঘঁহি শইকীয়া ছাৰৰ নামটোৰ লগতে নিজৰ নামটোও লিখি দিলে। তাকে দেখি বাকী কেইজনেও নিজৰ নিজৰ নামকেইটা লিখি দিলে। ধেমালি কৰি থাকোঁতেই ছাৰৰ কাৰণে সাঁচি থবলগীয়া বস্তু এটাৰ সৃষ্টি হ’ল। সেই টেমাটো তেখেতে কেইবাবাৰো হেৰুৱাইছিল আৰু পাছত ঘুৰাই পাইছিল। কাহিনীকেইটা এবাৰ পঢ়িলে সতকাই পাহৰা টান। এসময়ত টেমাটো তেখেতে সযতনে বাকচত ভৰাই থৈ দিলে। কথাখিনিৰ শেষত তেখেতে লিখিছে, -“ থৈ দিছোঁ। টেমাটোৰ ৰং উঠি গ’ল, ৰঙৰ লগতে বন্ধুহঁতৰ চহীবোৰো অদৃশ্য হ’ল। তথাপি থৈ দিছোঁ। টেমাটো দেখিলেই চকুৰ আগত জীৱনৰ এটা অধ্যায় মুকলি হোৱা যেন লাগে।”
মইও তেনেকৈ বহু বস্তু থৈ দিছোঁ। ছাত্ৰ জীৱন শেষ হওঁ নৌ-হওঁতেই মই এখন কলেজত শিক্ষকতা কৰিছিলোঁ। সুবিধাটো পাইছিলোঁ মোৰ এজন আন্তৰিক বন্ধু শৰ্মাদাৰ (শ্ৰী কন্দৰ্প শৰ্মা) সহযোগত। কামটো আৰম্ভ কৰাৰ তিনিমাহ মান পিছত মোক দৰমহা দিছিল। তাৰে মোৰ ভণ্টিৰ কাৰণে কাঞ্চিপূৰমত প্ৰস্তুত এখন গুলপীয়া ৰঙৰ শাৰী আৰু মোৰ কাৰণে আঁচ টনা চোলা এটা কিনিছিলোঁ। শাৰীখনৰ খবৰ নাজানো, চোলাটো কিন্তু এতিয়াও আমৰ বাকচৰ তলত সুৰক্ষিত হৈ পৰি আছে। ঘৰত কাঢ়া নিৰ্দেশ দিয়া আছে, - “যাকে যি দিবলৈ মন আছে দি থাকা, কিন্তু খবৰদাৰ, এই চোলাটোত হাত নলগাবা।” তাৰোপৰি, মোৰ ল’ৰাদুটা সৰু হৈ থাকোঁতে সিহঁতৰ লগত কটোৱা সোণালী সময়ৰ কিছুমান ডুখৰীয়া স্মৃতি জমা হৈ গৈ আছে! অকাল বিয়োগ নহ’লে, জীৱনত হয়তো এনে এটা দিন আহিব যেতিয়া ল’ৰাহঁত নিজ নিজ কক্ষপথেৰে পৰিভ্ৰমণ কৰা আৰম্ভ কৰিব, আৰু নিসংগ অৱস্থাত এইবোৰ স্মৃতিৰেই হয়তো মই সাৰ পাম, তাৰেই আবেলি হঁব, আৰু তেনে স্মৃতিকেই সাৰথি ৰাতি টোপনি যাম।
নিৰ্মল আনন্দৰ উৎস মই আন এটা কথাটো পাওঁ। কলেজত পঢ়ি থকা দিনতে মোৰ হাতত এখন কিতাপ আহি পৰিছিল। কিতাপখনৰ লেখক আছিল উইলফ্ৰেড্ ফাঙ্ক আৰু নৰ্মান লুইছ। জনাই জানে, ইংৰাজী শব্দৰ ওপৰত চিন্তা-চৰ্চা কৰি কিতাপ লিখা বিষয়টোত নৰ্মান লুইছৰ সমকক্ষ কোনো নাই। তেখেতৰ সেই কিতাপখনত একোটা শব্দৰ জন্ম-বৃতান্ত (Etymology), শব্দটোৰ বিকাশ আৰু তাৰ প্ৰয়োগৰ ওপৰত ইমান সুন্দৰ বিশ্লেষণ আছিল যে অনেক দুষ্প্ৰাপ্য শব্দ মোৰ মনত বহি গ’ল। একাটা নিৰ্দিষ্ট পৰিৱেশত সেই শব্দটোহে খাজে-খোপে খাই পৰে। এটা উদাহৰণ দিওঁ, - সৰু ল’ৰা এটাই পুতলা মটৰ চাইকেল এখনত উঠি মুখেৰে ভোঁ-ভোঁ শব্দ কৰি মটৰ চাইকেল চলাইছে। এই কথাটোক আপুনি ইংৰাজীত কেনেকৈ ক’ব? ল’ৰাটোৱে মটৰ চাইকেল চলাই আছে বুলি ক’লে কথাটো সত্য নহ’ব। আচলতে ল’ৰাটোৱে মটৰ চাইকেলৰ অৱয়ব এটাত বহি কল্পনাতহে মটৰ চাইকেল চলাই আছে। ঠিক তেনেকৈ আপুনি কল্পনাত বন্ধুৰ সান্নিধ্যৰ কথা ভাবি আছিল। আপুনি ক’ব নোৱাৰাকৈয়ে তেখেতৰ সান্নিধ্যৰ খুহুতীয়া কথা এটা মনত পৰাত আপোনাৰ মুখেদি হাঁহি ওলাই গ’ল। আচলতে কল্পনাত আপুনি তেখেতৰ সান্নিধ্যতে আছিল! এই কথাটো কেনেকৈ ক’ব? এই অনুভৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা প্ৰকৃত শব্দটো হৈছে – vicarious। The child was riding a bike vicariously. The experience with your friend was vicarious. ঠিক তেনেকৈ শিকা কেইটামান শব্দ হৈছে Obsequious. Sublimate, effete, weltschmerz, pander, wanton ইত্যাদি। আগতে শিকি অহা এই শব্দবিলাকক সততে দেখা নাযায়। কিন্তু কেতিয়াবা কিতাপৰ পাতত বা বাতৰি কাগজৰ শিৰোনামাত তেনে নাম দেখিলে পুৰণি বন্ধু এজনক লগ পোৱাৰ দৰে মনটো উজলি উঠে। সেই শব্দটোৰ জন্ম, বিকাশ আৰু তাৰ প্ৰয়োগৰ ধৰণটো মনত পৰি যায়। মোৰ ক্ষেত্ৰত, আই.আই.টি প্ৰতিষ্ঠানৰ হেমেনদাৰ (ড° হেমেন দাস) হোষ্টেলৰ বিচনাত শুই শুই শুকান জৰাজীৰ্ণ সেই কিতাপখন পঢ়ি থকা মূহূৰ্তটো বাংময় হৈ উঠে। শইকীয়া ছাৰৰ ভাষাত, জীৱনৰ এটা অধ্যায় মুকলি হৈ যোৱা যেন লাগে।
বন্ধু, বস্তু আৰু শব্দ। আমি যে ভৱিষ্যতৰ আৰ্থিক সুৰক্ষাৰ বাবে ফিক্স ডিপজিট কৰোঁ, জীৱন বীমা কৰোঁ, কৰ্মচাৰীসকলৰ বাবে প্ৰভিডেণ্ট ফাণ্ড থাকে, এইবোৰে আৰ্থিক নিৰাপত্তাৰ কাম কৰে। কিন্তু ভৱিষ্যতৰ মানসিক প্ৰশান্তি সুৰক্ষাৰ বাবে আমি কি কৰোঁ, ক’ত ইনভেষ্ট কৰোঁ? আচলতে একো নকৰোঁৱেই নেকি! মোৰ এনে লাগে, এই নিৰাপত্তাৰ বাবে প্ৰত্যেক মানুহেই বন্ধু, বস্তু আৰু শব্দৰ ওপৰত বিনিয়োগ কৰিব লাগে। বস্তু মানে স্মৃতি বিজড়িত উপাদান। ক্ষণিক সফলতাই গজদন্ত মিনাৰৰ শিখৰলৈ কাৰোবাক লৈ যাব পাৰে, কিন্তু জীৱনৰ বিয়লি বেলাত, নিসংগ পৰত, সুখৰ দিনত কৰা এই বিনিয়োগে মানুহক নিৰ্মল আনন্দৰ খোৰাক দিব পাৰে।
(এখন ফটোত ভবেশৰ লগত মই, আনখন ইণ্টাৰনেটৰ পৰা লোৱা।)


পেত-প্ৰীতিঃ

 পেত-প্ৰীতিঃ

এটা সুদীৰ্ঘ সময়ৰ ইতিহাস গৰকি অহা চিন্তা-ভাৱনা, যুক্তি-বিশ্বাস, দণ্ড-খৰিয়াল, বাক-বিতণ্ডা, বাধা-নিষেধ, অভিযোগ-প্ৰতি অভিযোগৰ অন্ত পেলাই অৱশেষত আমাৰ ঘৰত আৱিৰ্ভাৱ ঘটিলহি এটা কণমানি কুকুৰ পোৱালীৰ।
পোহনীয়া জীৱ-জন্তুৰ প্ৰতি মোৰ অত্যধিক আকৰ্ষণো নাই, বিকৰ্ষণো নাই! ষষ্ঠ শ্ৰেণীত পঢ়োঁতেই সহপাঠী বাবুলৰ (ধৰণীধৰ ৰাজখোৱা) সহযোগত, স্কুললৈ অহা-যোৱা কৰা বাটতে থকা বিমান ছাৰৰ ঘৰৰ পৰা, ছালত বগা আৰু কমলা ৰঙৰ সংমিশ্ৰণ থকা মেকুৰী পোৱালী এটা ঘৰলৈ লৈ আনিছিলোঁ। কথাটো দেউতাই বৰ ভাল পোৱা নাছিল। কিন্তু মানুহৰ উপৰিও পোহনীয়া গৰু, ছাগলী, উদঙীয়া কুকুৰ আদি অনেক জীৱ-জন্তুৱে বিচৰণ কৰি থকা ঘৰখনত সেই সামান্য মেকুৰী পোৱালীটোৱে দেউতাৰ মনোযোগ আকৰ্ষণ কৰিব পৰা একো বিশেষ ঘটনা ঘটাব পৰা নাছিল। সেয়ে আমাৰ চাৰিটা ল’ৰা ছোৱালীৰ আবুৰৰ আঁৰে আঁৰে তাই চন্দ্ৰকলা বঢ়াদি বাঢ়ি আহিছিল। ৰঙটোৰ বাবেই তাইক দেখা সকলো তাইৰ প্ৰেমত পৰিছিল। মজিয়াত পীৰা পাৰি ভাত খোৱা দিনত নিজৰ কাঁহিৰ এগৰাহ ভাত তাইৰ কাৰণেও ওচৰৰে মজিয়াত ঢালি দিছিলোঁ। মাজে মাজে চকুহাল জপাই মনপুতি চেলেকি চেলেকি তাই ভাত খাই থকা দৃশ্যটো আজিও মোৰ মনত সজীৱ হৈ আছে। ঠাণ্ডা দিনবোৰত গাত গৰম কাপোৰ এখন লৈ পঢ়িবলৈ বহোঁতে তাইও কেতিয়াবা কুচি-মুচি ওচৰ চাপি আহি কাপোৰৰ তলত সোমাইছিলহি। কেতিয়াবা ভৰি দুটাৰ মাজত গা ঘঁহাই ঘঁহাই খোৱা দিবলৈ আব্দাৰ ধৰিছিল। এটা সময় আহিছিল, আমি খাবলৈ লওঁতে ওচৰে পাজৰে মেকুৰীজনী নেদেখিলে আমাৰ ভাত-খোৱা আধাখোৱা যেন লাগিছিল। কেতিয়াবা তাই জীয়া সাপ এটা বা এন্দুৰ একোটা মুখেৰে কামুৰি আমাৰ আগলৈ ধৰি আনিছিল। এসময়ত মেকুৰীজনীৰ কেইবাটাও পোৱালী জগিছিল। পোৱালীকেইটাৰ বৰণ দেখি অনেকেই তাইক বিলাতী জাতৰ বুলি কৈছিল আৰু পোৱালীকেইটা পুহিবলৈ নিবলৈ দিবৰ বাবে আমাক খাটনি ধৰিছিল। মই কলেজত পঢ়ি থকা দিনলৈ তাইৰ বয়স হৈছিল আৰু দুৰ্বল দেখা গৈছিল। তেতিয়ালৈ আমি টেবুলত বহি ভাত খাবলৈ লৈছিলোঁ আৰু খোৱাৰ সময়ত তাইৰ সান্নিধ্যৰ অনুভৱো মোৰ মনত লাহে লাহে ম্লান পৰি আহিছিল।এদিন, কলেজ বন্ধ থকাৰ সময়ত মই ঘৰত থাকোঁতে, ওচৰতে থকা ধানখুন্দা মিল এটাৰ দাঁতিত তাইক মৃত অৱস্থাত আৱিষ্কাৰ কৰা হৈছিল। সেইদিনা মোৰ কাৰো লগত কথা পাতিবলৈ মন যোৱা নাছিল।
মা-ৰ লগত একেলগে কাম কৰা শিক্ষয়িত্ৰী গুণলতা বাইদেউৰ সহযোগত আমাৰ ঘৰলৈ এবাৰ এটা ভাটৌ চৰাই আহিছিল। কে-কে-কে শব্দৰে তাই আমাৰ ঘৰটো পুৱাৰে পৰা মুখৰ কৰি তুলিছিল। তাইৰ খাদ্যৰ বাবে ৰঙা পকা জলকীয়া আৰু বিভিন্ন ধৰণৰ বুট-মাহ আদি যোগান ধৰি আমি তাইক মাত-মাতিবলৈ শিকাইছিলোঁ। এই কামটোত আমি বৰ সফল হোৱা নাছিলোঁ। তাই আছিল বৰ নিৰ্জু প্ৰকৃতিৰ ভাটৌ চৰাই। পাখিখিনি কিছু পৰিমানে চুটি কৰি কাটি দি সঁজাটোৰ দুৱাৰখন খুলি দি আমি প্ৰমাণ চাইছিলোঁ তাই উৰিবলৈ চেষ্টা কৰিব নেকি! – নাই, নকৰিছিল। হয়তো তাই উৰিবলৈ পাহৰি গৈছিল। তাৰপিছত এটা দিন আহিছিল, ৰাতিপুৱাই সঁজাৰ দুৱাৰখন আমি খুলি দিওঁ, চৰাইটোৱে দেও দি দি চোতালত ঘুৰি ফুৰে, জপিয়াই জপিয়াই ইঠাইৰ পৰা সিঠাইলৈ যায়, তাৰপিছত আকৌ আহি সঁজাত সোমায় থাকে! তাই উৰিবলৈ সঁচাকৈয়ে পাহৰি গৈছিল। এদিন গাঁৱৰ চেৰেলা কুকুৰ এটাই তাইক ডিঙিত কামুৰি ধৰি চকুৰ পলকতে দৌৰ ল’লে। পিছে পিছে আমিও খেদা ল’লো। তাই কুকুৰটোৰ আহাৰ হ’ল। কেইবাদিনলৈও আমাৰ ঘৰখন নিৰামুহি খোৱা মৃতকৰ ঘৰ যেন ম্ৰিয়মান হৈ থাকিল।
এইয়াই মূলতঃ মোৰ পেত অৰ্থাৎ পোহনীয়া জন্তুৰ লগত থকা প্ৰত্যক্ষ অভিজ্ঞতা। ঘৰলৈ পোহনীয়া জন্তুৰ আগমণক লৈ মই বৰ চিন্তিত নহয়, ভয় লাগে প্ৰস্থানক লৈ! গাৰ ছাঁৰ দৰে লাগি থাকি এই পোহনীয়া জীৱ-জন্তুবোৰে জীৱনৰ অন্তিম ক্ষণত গৰাকীৰ পৰা বিদায় লোৱাৰ যি হৃদয় বিদাৰক বেদনাৰ সৃষ্টি কৰে সেইয়া অকল ভুক্তভোগীয়েহে উপলব্ধি কৰিব পাৰে। মোৰ মনত সৃষ্টি হোৱা এই ভাবটোত খুশৱন্ত সিঙৰ লেখাৰ প্ৰভাৱ আছে। দেশ বিভাজনৰ সময়ত হঠাতে লাহোৰৰ পৰা দিল্লীলৈ ভাগি আহিব লগা সময়খিনিত পোহনীয়া কুকুৰটোক খুশবন্ত সিঙে বন্ধু মজনুৰ কাদিৰৰ ওচৰত এৰি থৈ আহিছিল। কেইবাদিনৰ পিছত সি কেনেবাকৈ তাৰ পৰা মুকলি হৈ লাহোৰৰ পৰা দিল্লী অভিমূখে আহি থকা অৱস্থাত পথৰ দাঁতিত ধৰা পৰিছিল। চিম্বা নামৰ সেই পোহনীয়া কুকুৰটোৰ সান্নিধ্য বিৱৰণ কৰি তেখেতে তাৰ মৃত্যুৰ সময়ৰ কথাও বৰ্ণনা কৰিছে। তেখেতৰ আত্মজীৱনীৰ ১৮৮ পৃষ্ঠাৰ পৰা ১৯১ পৃষ্ঠালৈ সন্নিৱিষ্ট কৰা কথাখিনিৰ শেষৰভাগটো এনেকুৱা – “চিকিৎসক ডাক্তৰজনে মালাক (সিঙৰ জীয়াৰী) ক’লে – চিম্বাৰ গাত এতিয়া অহস্য বিষ, দুয়োখন ভৰিয়েই পেৰালাইচিছ হৈ গৈছে, আৰু বেছি সময় জীয়াই থকাৰ আশা নাই। তেওঁ মালাৰ অনুমতি লৈ এটা টোপনিযোৱা দৰৱ দিলে আৰু চিৰকালৰ বাবে চিম্বা টোপনিত ঢলি পৰিল। মই যদি মোৰ জীৱনৰ নিকট বন্ধুসকলৰ কথা ক’ব লগা হয়, চিম্বাৰ কথা আগতেই ক’ব লাগিব। আমি দুনাই কেতিয়াও আৰু কুকুৰ নুপুহিলোঁ। আচলতে প্ৰিয়বন্ধুৰ ঠাই কোনেও কেতিয়াও পূৰা কৰিব নোৱাৰে।”
মোক মোৰ ডাঙৰ ল’ৰা বাপুৱেও এটা প্ৰভুভক্ত কুকুৰৰ কাহিনী কৈ শুনালে। গৰাকী উভতি আহিব বুলি এটা ৰে’ল ষ্টেচনত ন বছৰ ধৰি অপেক্ষা কৰি কৰি মৃত্যু বৰণ কৰা (১৯৩৪ চন) হাছিকো নামৰ এটা কুকুৰৰ হৃদয়স্পৰ্শী কাহিনী। এই কুকুৰটোৱে বিশ্বৰ শ্ৰেষ্ঠতম প্ৰভুভক্ত কুকুৰৰ মৰ্যাদা পাইছে। “অৰণ্যৰ কথা” নামৰ কিতাপখনত পাইছিলোঁ, জিম কৰবেটে তেওঁৰ আত্মজীৱনীত “ৰবীন” নামৰ কুকুৰটোৰ কথা পৰম কৃতজ্ঞতাৰে লিখি থৈ গৈছে। জংঘলৰ মাজত কুকুৰটোৰ সহায়ে কেনেকৈ তেওঁক অনেক দুৰ্ভাৱনাৰ পৰা ৰক্ষা কৰিছিল তাত সেইকথাও আছে। আমাৰ বিমানকোঠত কুকুৰৰ সহায়ত আমি বিস্ফোৰক সামগ্ৰীৰ অনুসন্ধান কৰোঁ। অলপতে দহ বছৰ কামত লগোৱাৰা পিছত দুটা সুঠাম-সৱল কুকুৰক অৱসৰ দিয়া হৈছে। সুৰক্ষা বিভাগৰ সহকৰ্মীসকলে অনুষ্ঠিত কৰা এটা জাকজমকীয়া অনুষ্ঠানত মখমলৰ বিচনাৰ ওপৰত বহিবলৈ দিয়া কুকুৰদুটাক পুষ্প-বৃষ্টিৰ মাজেৰে অৱসৰ প্ৰদান কৰা হ’ল!

বন্ধু ৰাণাই (ৰাণা গগৈ) তেওঁৰ ‘“ধৰাৰ দিহিঙে-দিপাঙে’’ নামৰ কিতাপখনত সন্নিৱিষ্ট কৰা ‘“আমেৰিকাত ব্যয়বহুল এটা ব্যস্ত শনিবাৰ’” নামৰ কাহিনীটোত পোহনীয়া জন্তু আৰু গৰাকীৰ মাজত সৃষ্টি হোৱা এটা হৃদয়স্পৰ্শী সম্পৰ্কৰ কথা বৰ্ণনা কৰিছে।
মুঠতে মানুহ আৰু কুকুৰৰ সম্পৰ্ক খৃষ্টপূৰ্ব দহ হাজাৰ বছৰমান পুৰণি। বৰ্তমান সময়ত মই নিজেই দেখিছোঁ, জীৱনৰ শেষ সময়ৰ নিসংগ পৰত অনেক বৃদ্ধ-বৃদ্ধাই ওচৰ চপাই লোৱা বিভিন্ন প্ৰজাতিৰ প্ৰভুভক্ত পেত কুকুৰ, দুখ-সুখৰ দৈনন্দিন সংগী। মানুহৰ বুকুৰ মাজত ফল্গুৰ দৰে চিৰসঞ্জীৱিত হৈ থকা স্নেহ, বিশ্বাস, মৰমৰ বৃদ্ধ কালত একমাত্ৰ অৱলম্বন! মই মনে মনে ভাবোঁ, এই দৃষ্টিকোণৰ পৰা আৰু কেইবছৰমান ৰ’ব পৰা গ’লহেঁতেন নেকি!
উনবিংশ শতিকাৰ শিল্প বিপ্লৱে মানুহৰ জীৱন পৰিক্ৰমালৈ চিনিব নোৱাৰাকৈ পৰিৱৰ্তন আনি দিলে। কষ্ট কৰি কৰিব লগা কামটো মেছিনে সহজতে কৰি দিব পৰা হ’ল। প্ৰথম-প্ৰথম মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সামগ্ৰীৰ আৱিষ্কাৰ হৈছিল। পিছলৈ সামগ্ৰীৰ আৱিষ্কাৰ কৰি লৈ মানুহৰ প্ৰয়োজন সৃষ্টি কৰা হ’ল। সমাজ ব্যৱস্থাই বস্তুবাদী (materialistic) ৰূপ পালে। বস্তুৰ লোভ আৰু আক্ৰোশে লাহে লাহে মানুহৰ চিন্তা-চেতনা আৰু অনুভূতিকো গ্ৰাস কৰি ল’লে। মানুহ বস্তুৰ বহতীয়া হৈ পৰিল। জীৱন পৰিপূৰ্ণ কৰিব পৰা প্ৰমূল্য আৰু অনুভূতিৰ অন্ত পৰিল! স্বামী-স্ত্ৰীৰ বিশ্বাসে নতুন ৰূপ পালে, সন্তানে পিতৃ-মাতৃৰ মৰম আৰু সান্নিধ্যৰ পৰা বঞ্চিত হৈ বস্তুতেই মগন হৈ পৰিল! সলনি হ’ল মাটিৰ ওপৰৰ সম্পৰ্কবোৰৰো।
প্ৰগতি আৰু প্ৰযুক্তিৰ এই বিভ্ৰান্তিকৰ দিনতো মানুহৰ হৃদয় আজিও চৰ্তহীন বিশ্বাস আৰু আস্থাৰ বাবে বিয়াকুল। আমাক প্ৰয়োজন কাৰোবাৰ, যাৰ আছে আপোনাৰ কথা শুনাৰ সীমাহীন ধৈৰ্য, যি নকৰিব অযথা তৰ্ক বিতৰ্ক অথবা মান- অভিমান, যিয়ে কৰিব নোৱাৰিব সত্যৰ অপলাপ, যিয়ে কৰিব নোৱাৰিব দিয়া আৰু লোৱাৰ চতুৰ হিচাপ-নিকাচ! যাৰ জীৱনৰ অৰ্থ হ’ব কেৱল চৰ্তহীন প্ৰেম, বিশ্বাস আৰু ভালপোৱা।
মানুহৰ জীৱনৰ এই প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পেত্ বা পোহনীয়া জন্তুতকৈ আছেনে আন কোনোবা শ্ৰেষ্ঠ? সম্ভাৱ্য মৃত্যু যন্ত্ৰণাৰ বেদনা বা বাধাতকৈ জীৱন বাটৰ সান্নিধ্য আৰু উপলব্ধি নিশ্চয় অধিক অৰ্থবহ!