Friday, October 30, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - 20


 ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্

(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- 20
বিলাত আৱিষ্কাৰ

আমাৰ যাত্ৰাৰ সময়ত ভূমধ্যসাগৰৰ বাকীখিনি আছিল শান্ত-সমাহিত ৰৌদ্ৰোজ্বল নীলাভ সমূদ্ৰ। জিব্ৰাল্টাৰ প্ৰণালী পাৰ হৈ আমি “বে অৱ বিস্কয়” সোমালোঁ। এই অঞ্চলটোও সাগৰীয় ঢৌৰ উৎপাতৰ বাবে কুখ্যাত। আমাৰ কপাল ভাল আছিল। ইংৰাজ প্ৰণালীও অশান্ত উৰ্মিমালাৰ বাবে সৰ্বজনবিদিত। ইয়াতো আমাৰ ভাগ্য সুপ্ৰসন্ন আছিল। অৱশেষত আমি আহি চাউথাম্পটন পালোঁহি আৰু তাৰ পৰা পোনে পোনে লণ্ডনলৈ বুলি ‘ব’ট-ট্ৰেইন’-ত উঠিলোঁ। চহৰখনত মই ক’ত থাকিম সেই কথা তেতিয়ালৈকে একো ঠিক হোৱা নাছিল।
মোক আগবঢ়াই নিবলৈ আহি ৰ’মা বিশ্বাস ভিক্টোৰিয়া ৰে’লষ্টেচনত ৰৈ আছিলহি। মই আগতেই কৈছোঁ, গৱৰ্মেণ্ট কলেজৰ পৰা আদান-প্ৰদান হোৱা আমাৰ চিঠিবোৰ লাহে লাহে প্ৰণয়পূৰ্ণ হৈ গৈ আছিল।এবাৰ মই তেওঁক মডাৰ্ণ স্কুলত লগ কৰিবলৈও গৈছিলোঁ। স্কুলঘৰটোৰ ওপৰত সজা চুইট ৰূম এটাত তেওঁ বাস কৰিছিল। গোটেই সন্ধ্যাটো আমি আড্ডা মাৰি কটালোঁ। মই যাবলৈ যেতিয়া কোঠাটোৰ পৰা ওলাই আহিলোঁ বাহিৰত তেতিয়া উজ্বল জোনাক, আকাশত পূৰ্ণ চন্দ্ৰ। বিদায় জনাবলৈ কৰা বাক্যবিনিময়ৰ পৰিৱৰ্তে মই তেওঁক হঠাতে সাৱতি ধৰিলোঁ আৰু উন্মাদৰ দৰে চুমা খাবলৈ আৰম্ভ কৰিলোঁ। তেওঁ “কি কৰিছা, কি কৰিছা?” বুলি মোক বাধা দিবলৈ কিছু চেষ্টা কৰিছিল। তাৰপিছত হঠাতে উচাত মাৰি মই আহি তল পালোঁহি। লাহোৰলৈ আহি মোৰ তেনে ব্যৱহাৰৰ বাবে ক্ষমা খুজি মই এখন চিঠি দিছিলোঁ। ৰ’মাই অৱশ্যেই ক্ষমা কৰি দিছিল কিন্তু তাৰপিছৰ পৰাই তেওঁৰ চিঠিবোৰৰ উষ্ণতাও মোৰবোৰৰ দৰে লাহে লাহে বাঢ়ি আহিবলৈ ধৰিছিল। ৰ’মাই লণ্ডনত মোক কেনেকৈ গ্ৰহণ কৰিব সেই সম্পৰ্কে মই একো ধাৰণা কৰিব পৰা নাছিলোঁ।
অলপ পিছতে মোৰ সেই সন্দেহ নোহোৱা হ’ল। গৌৱাৰ পথত থকা ‘ইণ্ডিয়ান ষ্টুডেণ্টছ ইউনিয়ন’ হললৈ আমি টেক্সি এখন ল’লো। টেক্সিৰ পিছৰ চিটত বহিয়েই ৰ’মাই মোক সাৱতি ধৰিলে আৰু চুমা খাবলৈ আৰম্ভ কৰিলে। হোষ্টেলটো গৈ নোপোৱালৈকে আমি দুয়ো-দুয়োকে আলিংগন আৰু চুম্বন কৰিয়েই থাকিলোঁ। হোষ্টেলটোত খালি চিট নাছিল। চেক্ৰেটাৰীজনে ৰাষ্টাটোৰ সিপাৰে থকা ‘মেনচন’-এটা দেখুৱাই আমাক তাত এবাৰ চেষ্টা কৰি চাবলৈ উপদেশ দিলে। লগত থকা বাকচটো টানি টানি আমি ৰাষ্টাটোৰ সিপাৰ পালোঁগৈ। এল. কে. ঝা ইতিমধ্যেই তাত থাকিবলৈ লৈছিল। চেৰাফিনো নামৰ ইটালিৰ পৌঢ় লোকএজনে মেনচনটো চলাইছিল। চেৰাফিনোৰ প্ৰকাণ্ড চেহেৰাৰ ইংৰাজ পৰিবাৰেই ৰন্ধা-বঢ়া কৰে। ঘৰটোৰ ওপৰত কামকৰা ছোৱালীদুজনীৰ এজনী থাকিবলৈ লোৱা কোঠাটোৰ ওচৰতে থকা কোঠা এটা আমাক দেখুউৱা হ’ল। থকা আৰু ৰাতিপুৱাৰ ব্ৰেকফাষ্ট দুয়োটা সামৰি দামটো মই দিব পৰা সামৰ্থ্যৰ ভিতৰত। প্ৰথম কেইমাহমান মই ইয়াতে থকাৰ সিদ্ধান্ত ল’লো। আমি কোঠাটোত অকলশৰীয়া হোৱাৰ লগে লগেই আকৌ দুয়ো দুয়োকে উন্মাদৰ দৰে বিচনাৰ ওপৰত বাগৰি বাগৰি চুমা খাবলৈ ধৰিলোঁ। মই নাৰীৰ সান্নিধ্য এনেকৈ আগতে কেতিয়াও পোৱা নাছিলো আৰু কি কৰিব লাগে বা কি কৰিব নালাগে সেই সম্পৰ্কে মোৰ কোনো অভিজ্ঞতা নাছিল। ওঁঠ উখহি নোযোৱালৈকে মই ৰ’মাক চুমা খায়েই থাকিলোঁ। এটা সময়ত মই ৰ’মাৰ গাৰপৰা শাৰীখন আঁতৰ কৰিবলৈ চেষ্টা কৰিলোঁ। মই আৰু আগবাঢ়িবলৈ নৌ-পাওঁতেই মোৰ স্বস্তিৰ নিঃশ্বাস ওলাই আহিল। বৰ লাজ লাগিল আৰু পৰিস্থিতিটোলৈ ঘিন লাগি গ’ল। ৰ’মাৰ ওচৰৰ পৰা লগে লগেই মোৰ আঁতৰি যাবলৈ মন গ’ল।
“এয়াতো প্ৰেম নহয়, এয়া হৈছে তোমাৰ ক্ষুধা!”- ৰ’মাই ক’লে। তাই তেতিয়াও পৰিতৃপ্ত হোৱা নাছিল আৰু মোকো এৰি দিব খোজা নাছিল। মই বিচনাত দীঘল দি পৰিলোঁ আৰু ৰ’মা এইবাৰ মোৰ ওপৰত উঠি ল’লে। “প্ৰমিজ কৰা, আকৌ যাতে তেনেকুৱা নকৰা”- তাই মোক সাৱধান কৰি দিলে। মোৰ ওপৰত আক্ৰমণ আকৌ আৰম্ভ হ’ল। আৰু এইবাৰো মোৰ অৱস্থা একেই হ’ল। তাৰপিছত মোৰ নিজলৈকে ঘিণ লাগি গ’ল।
ৰ’মাৰ লগত আকৌ আগবঢ়াৰ ইচ্ছা মোৰ সমূলি নোহোৱা হ’ল। ইতিমধ্যেই ৰাতিৰ আহাৰ খোৱাৰ সময় হৈছিল। আমি কোঠাৰ পৰা ওলাই আহিলোঁ আৰু ৰাষ্টাৰ কাষত থকা সৰু কাফে এখনত ৰাতিৰ সাঁজ খাবলৈ বহিলো। ভাগ্য ভাল আছিল, মেনচনটোৰ নিয়মমতে আন্ধাৰ হোৱাৰ পিছত তাত মহিলাৰ প্ৰৱেশ নিষিদ্ধ আছিল।
ৰ’মাৰ যদি কিশোৰ ল’ৰাৰ লগত কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে যথোাচিত জ্ঞান থাকিলহেঁতেন তেনেহলে তাই তাত থকালৈকে মোৰ লগত নিশ্চয় এটা নিকট সম্পৰ্ক ৰাখিব পাৰিলেহেঁতেন। কিন্তু আচলতে তাইৰ সেইদিনাৰ ব্যৱহাৰে মোক তাইৰ সংগৰ পৰা কেইবামাহলৈও আঁতৰাইহে পঠালে। তাৰ কেইদিনমান পিছলৈকে তাই মেনচনটোলৈ সঘনাই অহা-যোৱা কৰি আছিল আৰু মই নিশ্চিত কৰিছিলোঁ যে তাই যেন মোক কোঠাটোত অকলে পোৱাৰ সুবিধা নাপায়। কেইদিনমানৰ পিছত তাইৰো সম্ভৱ বিৰক্তি জন্মিল আৰু মডাৰ্ণ স্কুলৰ পৰাই অহা আন এটা অভিজ্ঞ ল’ৰাৰ লগত তাইৰ বন্ধুত্ব আৰম্ভ হ’ল। মই তাইৰ একো খবৰ নোপোৱা হ’লো।
প্ৰথম দৃষ্টিতেই মই লণ্ডনৰ প্ৰেমত পৰিছিলোঁ। চহৰখনৰ পথবোৰ, তাৰ সু-সজ্জিত দোকানবোৰ, বাছগাড়ী, ট্ৰামকাৰ, মাটিৰ তলত থকা সুৰংগ, চহৰখনৰ গোন্ধ সকলো ভাল লাগিছিল। তাৰোপৰি চহৰখনত দেখা মহিলাবোৰ আৰু মই দেখা পোৱা সকলোবস্তুৰে মই প্ৰেমত পৰিছিলোঁ। প্ৰথম কিছুদিন নতুনত্বৰ ভূ-ভা লৈ কটালোঁ, তাৰপিছত টটেনহাম চাৰ্কাছ, ডাউন অক্সফৰ্ড ষ্ট্ৰীটৰ পৰা মাৰ্বল আৰ্ক, অক্সফৰ্ড চাৰ্কাছ আৰু ৰিজেণ্ট ষ্ট্ৰীটৰ পৰা পিকাডিলী চাৰ্কাছলৈ খোজ কাঢ়িবলৈ ল’লো। চেইণ্ট মাৰ্টিন-ইন-দি-ফিল্ড গীৰ্জাঘৰৰ খটখটিত বহি পাৰচৰাইক বুটমাহ খুউৱাৰ দৃশ্য চালোঁ, জাক জাক মইনা চৰাইৰ কলৰৱ প্ৰাণভৰি উপভোগ কৰিলোঁ। লাহে লাহে আন্ধাৰে যেতিয়া ধৰা ঢাকি ধৰে মই খোজ কাঢ়ি কাঢ়ি ষ্টেণ্ডৰ পৰা হলৱৰ্ণ, ব্লুমছবেৰী হৈ মেমচনটোলৈ উভতি আহোঁ।
কিছুদিনৰ পিছতে দৈনিক ৰুটিন পৰিক্ৰমা আৰম্ভ হৈ গ’ল। ৰাতিপুৱাই ইউনিভাৰচিটি কলেজত ৰোমান আইনৰ ক্লাছ আৰম্ভ হয়। ডক্টৰ জলৱিছ নামৰ বৰ খঙাল, ৰুক্ষ মুখৰ শিক্ষক এজনে আমাক ৰোমান আইন পঢ়াইছিল। তাৰপিছতে ষ্ট্ৰেণ্ডত থকা কিংছ কলেজলৈ বুলি বাছত উঠিবলৈ ঢাপলি মেলিছিলোঁ। তাত ষ্টাডি বিভাগৰ ডিন ডক্টৰ পটাৰে ইংৰাজী আইন পঢ়াইছিল। তাৰপিছত অলউইছ হৈ লণ্ডন স্কুল অৱ ইকনমিকছলৈ গৈছিলোঁ, তাত প্ৰফেছাৰ হেৰল্ড লাস্কিয়ে ৰাজনীতিৰ বিষয়ে, প্ৰফেছাৰ ডাভিছে ‘ল অৱ টৰ্ট’-ৰ বিষয়ে আৰু প্ৰফেছাৰ আইভৰ জেনিঙছে সাংবিধানিক আইনৰ ওপৰত সপ্তাহত দুদিনকৈ বক্তৃতা দিছিল। ক্লাছৰ পৰা সন্ধ্যা মই ব্ৰিটিছ মিউজিয়াম হৈ হলবৰ্ণৰ সু-আলোকিত পদপথেৰে চেৰাফিনোৰ থকা ঘৰটোলৈ খোজ কাঢ়ি কাঢ়ি উভতি আহিছিলোঁ। বৰ কম দামতে ভাত আৰু তৰকাৰী পোৱা যায় বাবে প্ৰায়েই ৰাতিৰ আহাৰ মই ইণ্ডিয়ান ষ্টুডেণ্টছ হোষ্টেলতে খাইছিলোঁ। কেতিয়াবা ইটালিয়ান ৰেষ্টোৰাঁ এখনত খাবলৈ যাওঁ, তাত পাঁচ চিলিং মান খৰচ কৰি পেট ভৰি যোৱাকৈ পাষ্টা খাব পৰা গৈছিল। মাজে মাজে ইনাৰ টেম্পলতো ৰাতিৰ আহাৰ খাবলৈ গৈছিলোঁ। তালৈ ক’লা পোছাকৰ ওপৰত ক’লা গাউন এটা পিন্ধি যাব লাগিছিল। তাত প্ৰত্যেক চাৰিজনৰ মাজত দুবটল পৰ্ট বা ৰে’ড ৱাইন দিয়া হৈছিল। ৱাইন পিবলৈ সদা উন্মূখ হৈ থকা ইংৰাজ বিদ্যাৰ্থীসকলে যাতে মোৰ ভাগটো গলাধঃকৰণ কৰিব পাৰে তাৰবাবে তেওঁলোকৰ মাজত চাৰিজন হ’বলৈ মোক লৈ প্ৰায়েই টনা আজোৰা কৰিছিল।
নৱেম্বৰ মাহৰ পৰা ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছতে বেমাৰ কঢ়িয়াই অনা বাদামী আৰু হালধীয়া বৰণৰ কুঁৱলী পৰা আৰম্ভ হ’ল। কেইহাতমান আঁতৰতে কি আছে দেখা পোৱা নাযায়। মোৰ ঠাণ্ডা লগা অসুখ আৰম্ভ হ’ল, তাৰ পিছতে জ্বৰ আৰু কাহ। মই পৰামৰ্শ কৰা ডাক্তৰজনে পাৰিলে কেইদিনমান মোক লণ্ডনৰ পৰা আঁতৰি থাকিবলৈ ক’লে। ৱাকিমহামছাইয়াৰ বুলি কোৱা ঠাই এখনলৈ মই ৰে’লত উঠি লণ্ডনৰ পৰা আঁতৰি গ’লো আৰু তাতে নিউ ফৰেষ্ট বুলি কোৱা অঞ্চলটোৰ মাজত থকা পাব এখনৰ কোঠা এটা কিছুদিনৰ কাৰণে ভাড়া কৰি ল’লো। ঠাইখনৰ নিৰ্মল বায়ু আৰু এলম, ওক, পাইন গছৰ মাজে মাজে খোজ কাঢ়িবলৈ লোৱাৰ দুদিনমান পিছতে মোৰ জ্বৰ কাহ নাইকিয়া হৈ গ’ল। মোৰ ইমান ভাল লাগিল যে লণ্ডনলৈ উভতি আহিবলৈকে মোৰ মন নোযোৱা হ’ল।
এদিন ৰাতি ভাত খাই উঠাৰ পিছত জংঘলৰ মাজে মাজে মই বহুদূৰ খোজ কাঢ়িলো আৰু ঘুৰি আহি ঘৰটোৰ প্ৰথম মহলাত থকা মোৰ বিচনাখনত অনিচ্ছাসত্বেও বাগৰ দিলোঁহি। এনেতে পাবখনৰ প্ৰৱেশস্থানত ৰাতি থাকিবলৈ অহা যাত্ৰীদুজনৰ লগত হোৱা কথোপকথন শুনিবলৈ পালোঁ। নাৰী কণ্ঠটো মোৰ চিনাকি-চিনাকি লাগিল। কোঠাৰ পৰা মনে মনে ওলাই আহি মই বেলকণিৰ পৰা তললৈ জুমি চালোঁ। তলত সেই জাহাজত লগ পোৱা আমাক প্ৰৱচন দিয়া নেহৰু মহিলাগৰাকী, লগত এজন ইংৰাজ যুৱক। তেওঁ সম্ভৱ ৰেজিষ্টাৰখনত মোৰ নামটোও দেখিলে। তথাপিও সেই সময়ত কৰিব পৰা একো নাছিল। তেওঁলোকক মোৰ কোঠাটোৰ লগতে থকা আন এটা কোঠা দিয়া হ’ল। পিছদিনা কাহিলিপুৱাতে তেওঁলোকে পাবখন এৰি গুচি গ’ল। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কোঠাটোৰ ভাৰাৰ লগতে সামৰা আছিল যদিও তালৈ তেওঁলোকে অপেক্ষা নকৰিলে। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট খাবলৈ তললৈ যাওঁতে মই ৰেজিষ্টাৰখনত এপলক চকু ফুৰাই চাইছিলোঁ। তাত মিষ্টাৰ আৰু মিচেছ বুলি কিবা ইংৰাজী নামদুটা লিখা আছিল! ভাৰতৰ বাহিৰত ভাৰতীয়ই কেনেকৈ ৰাষ্ট্ৰদূতৰ দৰে কাম কৰিব লাগে আৰু বিদেশত ভাৰতীয় নাৰীয়ে কেনেকৈ নিজৰ মৰ্য্যাদা অক্ষুন্ন ৰাখিব লাগে সেয়া তাৰেই আছিল এক নিদৰ্শন। দীপাৱলী, গান্ধীজীৰ জন্মদিন আদি ভাৰতীয়সকলে পতা অনুষ্ঠানত মই পাছলৈ তেওঁক প্ৰায়েই লগ পাইছিলোঁ। মই আচৰিত হৈছিলোঁ যে ইমানৰ পিছতো তেওঁ সুবিধা পালেই আনক বিদেশত কেনেধৰণৰ আচৰণ কৰিব লাগে সেই সম্পৰ্কে প্ৰৱচন দিয়া অভ্যাসটোা এৰিব পৰা নাছিল। (.. আগলৈ)

Friday, October 23, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ -১৯


 


ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ -১৯
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৯
বিলাত আৱিষ্কাৰ
জাহাজেৰে কৰা নৌকা যাত্ৰাত কিবা এটা আছে যিটোৱে সহযাত্ৰীসকলক এনে এক বন্ধুত্বৰ শিকলিৰে বান্ধি ধৰে যে পিছৰ গোটেই জীৱনটোতে সেই বন্ধুত্ব অক্ষুন্ন হৈ থাকে। যাত্ৰীসকলে সেই যাত্ৰাৰ কেতবোৰ সৰু সৰু অভিজ্ঞতা এনেধৰণে স্মৰণ কৰে যেন সেইবোৰ কোনোবা দুঃসাহসিক অভিজ্ঞতাৰ পাহৰিব নোৱাৰা ক্ষণহে! এৰি থৈ অহা পুৰণি জগত এখন আৰু আগলৈ অপেক্ষা কৰি থকা এটা নতুন সময়, তাৰ মাজৰ এই নৌকা যাত্ৰাৰ সময়খিনি হৈছে ক্লান্তিহীন অফুৰন্ত নিৰিবিলি সময়। একেলগে এটা ৰেজিমেণ্টত চাকৰি কৰা সৈন্যসকলৰ মাজত সৃষ্টি হোৱা সম্পৰ্কৰ দৰে সহযাত্ৰীসকলৰ মাজতো এক আন্তৰিক সম্পৰ্কই পোখা মেলে। পিছৰ জীৱনত তেওঁলোকৰ য’তেই দেখা-সাক্ষাৎ হয় তাৰ আৰম্ভণি এইদৰেই হোৱাটো ধুৰুপ – “আমি বোম্বেৰ পৰা লণ্ডণলৈ সেই একেখনে জাহাজতে অহা নাছিলোনে?”

বোম্বেৰ পৰা লণ্ডনৰ চাউথাম্পটনলৈ তেতিয়া জাহাজ-যাত্ৰাত সময় লাগিছিল পূৰা এঘাৰ দিন। এইকেইদিনৰ মাজতে জাহাজখন কিছুসময়ৰ বাবে এদেন আৰু পৰ্ট চৈয়দত অলপ ৰৈছিল। মিছৰৰ পিৰামিড আৰু কাইৰো চাব খোজা কিছুমান যাত্ৰীক ইছলামিয়াত জাহাজখনৰ পৰা নমাই দিয়া হৈছিল আৰু পৰ্ট চৈয়দত সেই যাত্ৰীসকল আহি আকৌ জাহাজত উঠিছিল। লোহিত সাগৰ আৰু ভূ-মধ্য সাগৰ সংযোগ কৰা সত্তৰ মাইল দূৰত্বৰ ঠেক চুয়েজ খালটো পাৰ হ’বৰ সময়ত জাহাজবোৰ প্ৰায়েই ৰ’ব লগা হৈছিল।তাৰপিছতেই লাহে লাহে চলি যোৱা জাহাজৰ এটা প্ৰকাণ্ড শাৰী দেখা গৈছিল। আগতো জাহাজ, পিছতো জাহাজ। যাত্ৰাপথৰ দুয়োপাৰে দিগন্ত বিস্তৃত কেৱল মৰুভূমি।

‘কণ্টে ৰছৌ’ নামৰ জাহাজখনৰ ইকনমি শ্ৰেণীটোত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বিলাতত পঢ়িবলৈ যোৱা ছাত্ৰৰেই ভৰি আছিল। এশজন মান পুৰুষ যাত্ৰীৰ মাজত মাত্ৰ এক ডজন মান আছিল নাৰী। মই চিনি পোৱা একমাত্ৰ ল’ৰাজন আছিল অৰ্জান সিং। সি গৱৰ্ণমেণ্ট কলেজত মোৰ লগতে পঢ়িছিল। এবছৰৰ আগতেই সি বিলাতত পঢ়িবলৈ গৈছিল আৰু এইবাৰ দেউতাক বাৱা দিংগা সিঙৰ লগত জাহাজখনৰ প্ৰথম শ্ৰেণীত যাত্ৰা কৰিছিল। তাৰ দেউতাক আছিল সেই সময়ৰ সচ্ছল কাঠৰ ব্যৱসায়ী। সি আগৰবাৰ যাত্ৰাত হোৱা তাৰ অভিজ্ঞতাৰ কাহিনী কৈছিল। পৰ্ট চৈয়দৰ পতিতালয়ত কেইটামান পইচাৰ বিনিময়ত কেনেকৈ শ্বেতবৰ্ণা গাভৰুৰ সংগসুখ লাভ কৰিব পাৰি সেই অভিজ্ঞতা সি আমাৰ আগত লোভনীয়ভাৱে বৰ্ণনা কৰিছিল।

জাহাজখনত মই জনা আনজন মানুহ আছিল লাহোৰৰ দয়াল সিং কলেজত অলপতে অধ্যাপক হিচাপে যোগদান কৰা সোমনাথ চিব নামৰ মানুহজন। দুটামান সপ্তাহৰ আগতে তেওঁ লাহোৰ বিশ্ববিদ্যালয়ৰ জনাজাত সুন্দৰী সাৱিত্ৰী ভল্লাক বিয়া কৰাইছিল। সেইটো আছিল তেওঁলোকৰ মধুচন্দ্ৰিকা যাত্ৰা। তেওঁলোকে দুয়ো দুয়োৰে মুখলৈ তধা লাগি চাই থাকি নতুবা সকলোৱে দেখাকৈ দুয়ো দুয়োকে চুম্বন আলিংগন কৰিয়েই সময়খিনি পাৰ কৰিছিল। মাজে মাজে তেওঁলোক তেওঁলোকৰ দুজনীয়া কোঠাটোলৈ হুৰমূৰকৈ সোমাই যোৱা দৃশ্যটোৱে জাহাজৰ আন যাত্ৰীসকলক ঈৰ্ষাম্বিত কৰি তুলিছিল। জাহাজৰ যাত্ৰীসকলে সুবিধা পালেই তেওঁলোকৰ কথা চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল।

আমাৰ কোঠাটোত মুঠতে ছজন পুৰুষ যাত্ৰী আছিল। প্ৰথম পৰিচয় হোৱাৰ অলপ পিছতে দুপৰীয়া ভাত খোৱাৰ ঘণ্টা বাজিছিল। খোৱা ঘৰলৈ খোজ লোৱাৰ আগতে জাহাজখন বোম্বে বন্দৰৰ পৰা ওলাই যোৱা দৃশ্যটো চাবৰ বাবে আমি ওপৰৰ ডেকলৈ উঠি গৈছিলোঁ। বিদায় জনাবলৈ অহা বন্ধুসকল আৰু পৰিয়ালৰ লোকসকলক তাৰপৰাই যাত্ৰীসকলে হাত জোকাৰি বিদায় সম্ভাষণ জনাইছিল। তাৰপিছতেই সমূদ্ৰৰ বুকুত প্ৰথমসাঁজ খাবৰ বাবে আমি তললৈ নামি আহিলোঁ। প্ৰথমতে পৰিৱেশন কৰা চুপ খাবলৈ লওঁতেই জাহাজখনে প্ৰচণ্ড গৰ্জন কৰি জোঁকাৰণি তুলিবলৈ আৰম্ভ কৰিলে। সেইটো আছিল বৰষুণৰ বতৰ, আৰৱ সাগৰৰ বুকুত তেতিয়া প্ৰচণ্ড ঢৌ। চুপৰ বাতি তাতে এৰি আমি নিজৰ কোঠালৈ লৰ ধৰিলোঁ। কোনোমতেহে মই নিজৰ কোঠাত থকা মোৰ ওপৰৰ বাৰ্থটোত উঠিবগৈ পাৰিলোঁ। লাহে লাহে প্ৰকট হ’বলৈ ধৰা বমি বমি ভাবটো বহু চেষ্টাৰ পিছত নিয়ন্ত্ৰণলৈ আহিল। জাহাজখনে ইমান বেছি শব্দ কৰিছিল যে সেইখন যেন অলপ পিছতে ভাগি খণ্ড-বিখণ্ড হৈ যাব। তাৰপিছৰ তিনিদিন একমাত্ৰ প্ৰাতঃকৰ্ম আৰু মাজে মাজে গা-মূৰ পোনাবলৈ নমাৰ বাদে মই বাংকৰ পৰা নামিবই পৰা নাছিলোঁ। মাজে মাজে কেবিনৰ ল’ৰাজনে খাবলৈ ফল আৰু ব্ৰেড আনিছিল, মই প্ৰায়েই সেয়া ঘুৰাই পঠাইছিলোঁ। তিনিদিন তিনিৰাতি এই দুৰ্ভোগ ভোগাৰ পিছত ‘কণ্টে ৰছৌ’ লাহে লাহে শান্ত হ’বলৈ আৰম্ভ কৰিলে। অশান্ত সমূদ্ৰৰ ঠাইখিনি আমি পাৰ হৈ আহিলোঁ। তাৰপিছদিনাই জাহাজখন এদেনৰ বন্দৰলৈ লাহে লাহে সোমাই গ’ল।

এদেনৰ বজাৰত কিছুসময় ঘূৰা-ঘূৰি কৰি দেখিলোঁ তাৰ বেছিভাগ দোকানেই ভাৰতীয় মানুহৰ। তাৰপিছত জাহাজখনত অহা যাত্ৰীসকলৰ লগত পৰিচয় হ’বলৈ আৰম্ভ কৰিলোঁ। মই এতিয়া তাৰে দুজনৰ কথাহে ক’ম যিদুজন পিছলৈ মোৰ জীৱনত আকৌ ভুমুকি মাৰিছিল। এজন আছিল লক্ষ্মীকান্ত ঝা। পিছলৈ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিস্থিত হৈছিল। সত্তৰ বছৰমান বয়সত তেওঁৰ মৃত্যু হৈছিল। তেওঁ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰত আমাৰ দেশৰ ৰাষ্ট্ৰদূত, জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰধান অৰ্থনৈতিক পৰামৰ্শদাতা আছিল। তেওঁ হস্তৰেখা আৰু কোষ্ঠীগণনাৰ প্ৰতিও আসক্ত হৈছিল। মোটোহা গাঠলু চেহেৰা হোৱাৰ পিছতো তেওঁ সহজেই সুন্দৰী নাৰীৰ সান্নিধ্য লাভ কৰিবলৈ সমৰ্থ হৈছিল। লণ্ডনত থাকোঁতে ঝা আৰু মই একেটা ঘৰতে কেইবামাহো আছিলোঁ আৰু পিছলৈ মাজে মাজে আমাৰ দুয়োৰে দেখা-সাক্ষাৎ হৈ থাকিছিল। আৰু এগৰাকী মহিলা চিনাকি হৈছিলো তেওঁৰ উপাধি আছিল নেহৰু, পিছলৈ স্বাধীন দেশৰ প্ৰধান মন্ত্ৰী হোৱা নেহৰুৰ কোনোবা আলেকৰ পালেক। তেওঁ সকলোসময়তে খাদী কাপোৰ পৰিধান কৰিছিল আৰু সুবিধা পালেই আমি দেশৰ বাহিৰত কেনেকৈ ‘ভাৰতৰ ৰাষ্ট্ৰদূত’ হিচাপে আচৰণ কৰিব লাগে সেই সম্পৰ্কে আমাক নীতিশিক্ষা দিছিল। আৰু আছে তেওঁৰ কথা, পাছলৈ থৈছোাঁ।

এদেনৰ পিছৰ যাত্ৰাটো আছিল বৰ আনন্দময়। লোহিত সাগৰৰ পানী আছিল এটা হ্ৰদৰ দৰে শান্ত-সমাহিত। ডেকৰ ওপৰত টেনিছ, কুইটো, টেবুল-টেনিছ খেল খেলি নতুবা জাহাজত লগপোৱা ছোৱালী কেইজনীৰ লগত কথা পাতি সময়বোৰ কটাইছিলোঁ। মৰুভূমিৰ ওপৰৰ পৰা বলা উষ্ণ বতাহ আহি গাত লাগিছিল। মাজে মাজে পৰিভ্ৰমী চৰাইৰ জাক উৰি অহা দেখিছিলোঁ। সাগৰৰ উৰণীয়া মাছ উৰি আহিও জাহাজৰ ডেকত পৰিছিলহি। এদিন, বেলি ডুবাৰ ঠিক পিছতে দেখিছিলোঁ সাগৰ বুকুত পানীৰ পৰা জপিয়াই জপিয়াই ওলাই আহিছে হাজাৰ হাজাৰ ডলফিন। পানীৰ ওপৰত ডলফিনৰ এখন বিশাল সাগৰ! ৰাতি আকাশৰ বুকুত দেখিছিলো জলমলাই থকা অজস্ৰ তৰাৰ আন এখন সাগৰ। শুক্লপক্ষৰ নিশা জোনৰ পোহৰত সাগৰখনে ৰূপালী বৰণ লৈছিল। সমূদ্ৰ যাত্ৰাৰ মাদকতা তুলনাবিহীন। আকাশীযানেৰে পিছৰ জীৱনত কৰা যাত্ৰাসমূহ আছিল বিৰক্তিকৰ। বিমানত পানীয়ৰ সোৱাদ লৈ, প্ৰয়োজনতকৈ বেছিকৈ খাদ্য খাই নতুবা কুছিমুছি বহি থাকি চিনেমা চাই চাই সময় কটাব লগা হোৱা সেই যাত্ৰাবোৰতকৈ সমুদ্ৰযাত্ৰা আছিল বহুগুণে অধিক উপভোগ্য আৰু আনন্দময়।

পিৰামিড চাবলৈ যাবলগা যাত্ৰীসকলক নমাই দিয়াৰ পিছত আমাৰ জাহাজখন চুয়েজ খালত সোমাল। মৰুভূমিৰ বালিৰ ওপৰেদি চলা এখন দীঘল ৰথৰ দৰে লগা জাহাজবিলাকৰ শাৰীটো লাহে লাহে আগুৱাই গ’ল। জাহাজখনৰ মাজৰ অংশৰ পৰা পানীৰ অস্তিত্ব দৃশ্যমানেই নহয়। ইজিপ্তৰ ফালে থকা পাৰটোত খালটোৰ পাৰে পাৰে এটা ৰাস্তা আছে। তাৰ কাষতে মাজে মাজে একোটা ঘৰ আৰু কাচিৎ ক’ৰবাত মানুহৰ জনবসতি থকা অঞ্চল দেখা পোৱা যায়। খালটোৰ আনপাৰে কেৱল বিস্তৃৰ্ণ মৰুভূমি, ক’তো জনবসতিৰ চিনচাব নাই। যাত্ৰাটোৰ ঠিক এই সময়খিনিতে, বাৱা অৰ্জান সিঙে পৰ্ট চৈয়দৰ জাহাজ ঘাটৰ নিষিদ্ধ এলেকাত গৈ কোনে কোনে কুমাৰত্বৰ অন্ত পেলাব খোজে তাৰ এখন তালিকা প্ৰস্তুত কৰিলে। তালিকাখনত মোৰ নাম নাছিল।

পৰ্ট চৈয়দত জাহাজখনৰ বিৰতি আছিল ছয়ঘণ্টাৰ। জাহাজখনৰ পৰা ওলাই অহাৰ লগে লগেই মূৰত ৰঙা মুছলমানী টুপি আৰু গাত দীঘল কূৰ্তা পিন্ধা ফেৰীৱালা ল'ৰা কিছুমানে বেৰি ধৰি নগ্ন যুৱতীৰ চিত্ৰ থকা কাৰ্ড কিছুমান বেছিবলৈ চেষ্টা কৰিলে। আন কিছুমানে ইজিপ্তৰ পতিতালয়ৰ সোৱাদ ল’বৰ বাবে নিবলৈ উদ্যত হৈ উঠিল। “তোমাক নালাগেনে?” - এটা হাতৰ মধ্যমা আঙুলিটো আনটো হাতৰ প্ৰথমা আৰু বুঢ়া আঙুলিটোৰে সাজি লোৱা বৃত্ত এটাৰ ভিতৰলৈ সঞ্চালিত কৰি কৰি সুধিলে। চাইমন আৰ্টজ ডিপাৰ্টমেণ্ট ষ্ট’ৰ নামৰ দোকানখন নোপোৱালৈকে এনেধৰণৰ দালালবোৰৰ আহ্বান অগ্ৰাহ্য কৰি আগবাঢ়ি গৈ থাকিলোঁ। ইমান ডাঙৰ দোকান মই আগতে কেতিয়াও দেখা নাছিলোঁ। তেতিয়া সেইখনেই আছিল এচিয়া মহাদেশৰ সৰ্ববৃহৎ দোকান। ইয়াৰ মালিক আছিল এজন ইহুদী। ইজিপ্তৰ ধনী লোকসকলৰ সঘন আহযাহ আছিল এই দোকানখনলৈ। মই আচৰিত হৈ দোকানখন চালোঁ কিন্তু একো নিকিনিলোঁ। দোকানখনৰ পৰা ওলাই দীঘল-ঠেক সাকোঁ এখনৰ ওপৰত থকা দোকানৰ শাৰী এটাত সোমালোঁ। সাঁকোখন গৈ শেষ হৈছেগৈ ফাৰ্ডিনেণ্ড দি লেছেপৰ মূৰ্তিটোৰ ওচৰত, যিয়ে চুয়েজখালটো নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। তাৰপৰা যেতিয়া উভতি আহিছিলোঁ কণ্টে ৰছৌৱে যাত্ৰাৰ পুনৰাৰম্ভণি কৰিবলৈ মাত্ৰ এঘণ্টা সময় বাকী আছিল। জাহাজখনলৈ উঠি যোৱাৰ আগে আগে মই খেজুৰৰ পেকেট এটা কিনিবলৈ বাধ্য হ’লো। দেখাত খেজুৰবোৰ আছিল আগতে হাদালিত দেখা খেজুৰতকৈ বেছি লোভনীয়। আকাৰত দীঘল আৰু ৰঙটোও গাঢ়। বিক্ৰেতা ল’ৰাটোৰ লগত দৰদাম কৰি কোৱা দামৰ আধাতে পেকেটতো ল’ব পৰাত মোৰ মনত আনন্দ লাগিছিল। ওপৰৰ ডেকত উঠি পেকেটতো খুলি মই আৱিষ্কাৰ কৰিলোঁ যে আটাইবোৰ খেজুৰৰে বাকলিটোৰ তলত সুমুৱাই থোৱা আছে অখাদ্য বালিধূলিৰ একোটা প্ৰলেপ!

মোৰ লগৰ কিছুমান সহযাত্ৰীয়ে আমাৰ জাহাজখনৰ ওচৰলৈ আহি বস্তু বিক্ৰী কৰা নাওবিলাকৰ পৰা কিবাকিবি কিনিবলৈ ধৰিছিল। মই তেওঁলোকক সাৱধান কৰি দিলোঁ। বহুতে চকলেটৰ পেকেট কিনিছিল আৰু খোলাৰ পিছত দেখিছিল চকলেটৰ বৰণৰ প্ৰলেপটোৰ ভিতৰখন সম্পূৰ্ণ খালী। কোনোবাই ফৰাচী ব্ৰেণ্ডৰ প্ৰসিদ্ধ সুগন্ধি আতৰৰ বটল কিনি আৱিষ্কাৰ কৰিছিল যে সেয়া গোন্ধ মিলাইথোৱা তেলৰ বটলহে! তাৰপিছতো মই বহুবাৰ পৰ্ট চৈয়দ আৰু কাইৰোৱেদি ভ্ৰমণ কৰিব লগা হৈছে কিন্তু কেতিয়াও মই ইজিপ্তত একো কিনি পোৱা নাই।

সেইদিনা সন্ধ্যাৰ পৰাই পতিতালয় দৰ্শন কৰি অহা ল’ৰাহঁতৰ দুঃসাহসিক অভিযানৰ কাহিনী শুনিবলৈ পালোঁ। তেওঁলোকৰ কাৰো বাবেই তাত পৰমাসুন্দৰী সুনৱীনা কামিনীয়ে অপেক্ষা কৰি থকা নাছিল, আছিল মধ্যবয়সীয়া আৰৱ আৰু কৃষ্ণবৰ্ণী মেদবহুল নাৰীয়েহে। এবাৰ তাৰ ভিতৰত ভৰি দিলে ওলাই অহাৰ উপায় নাই। যিমান খৰচৰ বন্দৱস্ত কৰা হৈছিল তাতকৈ বহু বেছি ব্যয় কৰি টিপচৰ নামতো অতিৰিক্ত পইচা দি ওলাই অহাৰ বাদে আন গত্যন্তৰ নাছিল। নাৰীদেহৰ প্ৰথম স্পৰ্শ হিচাপে যিমান খৰধৰকৈ তেওঁলোক আগুৱাই গৈছিল তাতোকৈ বেছি খৰধৰকৈ তেওঁলোক উভতি আহিছিল। বহুতে স্পৰ্শৰ আগতেই স্বস্তিৰ নিস্বাস এৰিছিল। উভতি অহাৰ পিছত বেশ্যালয়ৰ পৰা লাগি আহিব পৰা যৌনৰোগৰ আশংকাত তেওঁলোক আতংকিত হৈ পৰিছিল। তেতিয়ালৈকে তেওঁলোকৰ বেছিভাগেই সুৰক্ষিত যৌনসম্ভোগৰ আহিলাৰ কথা শুনাই নাছিল। তাৰপিছৰ দুদিন তেওঁলোকে চিফিলিছ বা গনোৰিয়াৰ দৰে যৌনৰোগৰ লক্ষণ নিজৰ দেহত দেখা পোৱা গৈছে নেকি তাকে পৰীক্ষা কৰি কৰি বহুসময় ব্যয় কৰিছিল। পৰ্ট চৈয়দত ডেকাহঁতে কি কৰিছিল সেই খবৰ গৈ অৱশেষত নেহৰু মহিলাৰ কাণত পৰিলগৈ। এদিন ৰাতিপুৱাই মহিলাগৰাকীয়ে এখন মিটিং পাতি আমাক তালৈ মাতি নিলে। তেওঁনো কি কথা শুনিলে সেই কথা উল্লেখ নকৰাকৈয়ে তেওঁ আমাক প্ৰৱচন দিবলৈ আৰম্ভ কৰিলে। “তোমালোকে পৰ্ট চৈয়দত কৰা কামৰ দ্বাৰাই আমাৰ দেশৰ পৰিচয় আনক দিব খুজিছা নেকি?”- তেওঁ তীক্ষ্ণ ভাবে সুধিলে। (আগলৈ.. )

Friday, October 16, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১৮



 ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্

(প্ৰসিদ্ধ লেখক
খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৮
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ

মোৰ বুজিবলৈ বেছিদিন নালাগিল যে মই ভাল চিত্ৰকৰ হ’ব পৰাৰ সম্ভাৱনা নাই। কেইসপ্তাহমান ৰেখাচিত্ৰ কিছুমান আঁকবাক কৰাৰ পিছত মই বিষয়টো বাদ দিলোঁ। চে’তাৰৰ ক্ষেত্ৰত মোৰ একেবাৰে উন্নতি নোহোৱাকৈ থকা নাছিল। মই চে’তাৰ শিকোৱা শিক্ষকজনৰ পৰা পুৰণি চে’তাৰ এখন কিনি ল’লো। লেনদেনটোত তেখেতৰ যথেষ্ট লাভ হৈছিল। তাৰপিছৰ পৰাই তেওঁ মোক বেছি গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে। মাজে মাজে তেখেতৰ ঘৰতো মোক পাঠদান কৰা আৰম্ভ হ’ল। মোৰ কোঠাবন্ধু শ্ৰীলঙ্কাৰ বৌদ্ধভীক্ষুজনক একমাত্ৰ দৰ্শক হিচাপে লৈ ঘণ্টাৰ পিছত ঘণ্টা মই চে’তাৰ বজাই সময় পাৰ কৰিছিলোঁ। পাৰ্চী গাভৰু মেহেৰৰ লগত মোৰ বন্ধুত্ব আৰম্ভ হৈছিল। তাইও মাজে মাজে মোৰ কোঠালৈ আহি মই চে’তাৰ বজোৱা শুনিছিলহি। বৌদ্ধভীক্ষুজনে মেহেৰৰ লগত কেতিয়াও কথা পতা নাছিল। কিন্তু তাই যাবলৈ উঠি দুৱাৰখনৰ বাহিৰ হোৱাৰ লগে লগেই সি মোক সুধিবলৈ আৰম্ভ কৰিছিল তাইৰ লগত মই কিমান আগবাঢ়িছো! “তাইৰ হাতখনত ধৰি পাইছানে?” “চুমা খাব পাৰিছানে নাই?” মোৰ বিফলতাত সি প্ৰায়েই হতাশ হৈছিল।

মোৰ শান্তিনিকেতন অধ্যায়ৰ এদিন হঠাতে সমাপ্তি ঘটিল। মহৰ কামোৰৰ পৰা বাচিবলৈ আঠুৱা আৰু ভৰি হাতত মলম ব্যৱহাৰ কৰাৰ পিছতো মোক সাংঘাটিক ধৰণে মহে কামুৰিছিল। সৰ্বাঙ্গত মহৰ কামোৰৰ দাগবোৰ দেখা গৈছিল। ইয়াৰ পৰা বাচিবলৈ ডাক্তৰে মোক যিমান পাৰোঁ সিমান সোনকালে শান্তিনিকেতন ত্যাগ কৰিবলৈ উপদেশ দিলে। নতুনকৈ বন্ধুত্ব আৰম্ভ হোৱা কাকো একো সম্ভেদ নিদিয়াকৈ, একমাত্ৰ বৌদ্ধভীক্ষু মঞ্জুৰীৰ ভৰিদুটা চুই সেৱা এটা কৰি এদিন মই পোনে পোনে দিল্লী অভিমূখে চলা ৰেলত বহিলোগৈ। নতুন টাৰ্ম আৰম্ভ হোৱাৰ আগতেই মই আকৌ আহি লাহোৰ পালোঁহি, অৱশ্যে এইবাৰ লগত আহিল এখন চে’তাৰ আৰু লগতে এটা সংগীতৰ মাত্ৰামাপক যন্ত্ৰ ।

গৱৰ্ণমেণ্ট কলেজত মোৰ একমাত্ৰ প্ৰাপ্তি আছিল তৰ্কবিভাগত। বিশ্ববিদ্যালয়ৰ বাৰ্ষিক তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মই নামভৰ্তি কৰিছিলোঁ। শিখ ছাত্ৰ এজনৰ বাবে প্ৰধানকৈ শিখ-নোহোৱা ছাত্ৰ-ছাত্ৰীৰে সৃষ্টি হোৱা দৰ্শকৰ সন্মুখীন হোৱাটো বৰ সহজ কথা নাছিল। দৰ্শকৰ সমুখত আৱিৰ্ভাৱ হোৱাৰ লগে লগেই হাঁহি-খিকিন্দালি-সুহুৰিৰে তেওঁক বুজাই দিয়া হৈছিল যে দুপৰীয়া বাৰ বজাৰ লগে লগেই শিখসকলৰ বলিয়ালি আৰম্ভ হয়। মোৰ ক্ষেত্ৰতো কথাটো একেই হ’ল। কিন্তু মই যেতিয়া কথা ক’বলৈ আৰম্ভ কৰিলোঁ হাই-উৰুমি ক্ৰমাৎ কমি আহিল আৰু ক্ষন্তেক পিছতে হলঘৰটো নিস্তব্ধ হৈ পৰিল। মই যেতিয়া কথা কৈ শেষ কৰিলোঁ হাত তালিৰে সভাঘৰ ৰজনজনাই গ’ল। তৰ্ক প্ৰতিযোগিতাৰ বিচাৰক আছিল এ.এচ. বুখাৰীৰ নেতৃত্বত তিনিজন প্ৰফেচাৰ। প্ৰতিযোগীসকল আছিল বিভিন্ন কলেজৰ পৰা নিৰ্বাচিত হৈ অহা শ্ৰেষ্ঠ তাৰ্কিক। বুখাৰীয়ে ঘোষণা কৰিলে যে সৰ্বসন্মতিক্ৰমে মোক শ্ৰেষ্ঠ তাৰ্কিক হিচাপে বিচাৰ কৰা হৈছে। সেইদিনা মোৰ বিজয়ৰ উত্তেজনা কেৱল এটা কাৰণেহে সামান্য প্ৰশমিত হৈছিল, মোৰ কোঠাতে থকা এজন ভাতৃ নৰেন্দৰৰ বাবে। সি বেচেৰাই কথা কৈ থাকোঁতেই মাজতে কান্দি দিছিল।

গৱৰ্মেণ্ট কলেজৰ কেইটামান স্মৃতি মনত চিৰসেউজ হৈ ৰ’ল। পঢ়াশুনাত সমূলি মন নথকা ছাত্ৰ হিচাপে মই পৰীক্ষাৰ বাবে গাৰ ঘাম মাটিত পেলোৱা ছাত্ৰহঁতক মাজে মাজে একোটা বিৰতি দিয়াৰ চেষ্টা কৰিছিলোঁ। হোষ্টেলৰ বিদুৎ সংযোগৰ ফিউজডাল ছিঙি দিব পৰাৰ মই এটা অভিনৱ উপায় আৱিষ্কাৰ কৰিছিলোঁ। বৰ সহজ উপায়। মোৰ টেবুলৰ লাইটটো খুলি ছকেটতো আৰু লাইটটোৰ মাজত ধাতুৰ মুদ্ৰা এটা সুমুৱাই দি চুইছটো অন কৰি দিলেই কাম শেষ! চুইচটো অন কৰি দিয়াৰ লগে লগেই বিদ্যুৎ সংযোগ ব্যাহত হৈ গোটেই হোষ্টেলটো আন্ধাৰত বুৰ গৈছিল। তাৰপিছত মই প্ৰায়েই হোষ্টেলৰ চাঁদৰ ওপৰলৈ গৈ তৰাৰ স্নিগ্ধ পোহৰত পায়চাৰি কৰিছিলোঁগৈ। এদিন, এনেকৈয়ে সকলোকে লাইটৰ পোহৰৰ পৰা বঞ্চিত কৰি মই গৈ চাঁদৰ ওপৰত খোজ কাঢ়ি আছিলো। আনকেইবাজনো ছাত্ৰ আহি মোৰ লগ লাগিলহি। তেনেতে হঠাতে লাইটবোৰ জ্বলি উঠিল। লগে লগে আমাৰ হোষ্টেলৰ ৱাৰ্দেন আমোলক খান্না ছাৰৰ কোঠাটোও পোহৰ হৈ উঠিল। সেই সময়ত তেখেত আছিল পত্নীৰ লগত সংগমৰত অৱস্থাত। ইংৰাজী এল-আখৰটোৰ দৰে আবাসটোৰ মাজৰ অংশটোতে আছিল ৱাৰ্দেন ছাৰৰ আবাসটো। আমি আবাসটোৰ আন আন ছাত্ৰসকলকো দৃশ্যটো দেখুৱাবৰ কাৰণে মাতিবলৈ ধৰিলোঁ। তেনেতে ছাৰে কথাটো গম পালে আৰু লৰালৰিকৈ কোঠাৰ লাইটটো নুমুৱাই দিলে।

তাৰ কিছুদিনৰ পিছত হোষ্টেললৈ ৰাতি পলমকৈ অহা ছাত্ৰ কেইজনমানে খান্না ছাৰৰ পদূলিমূখত ৰখাই থোৱা গাড়ীখনৰ পেট্ৰলৰ টেংকিটোৱেই মূত্ৰত্যাগৰ উপযুক্ত পাত্ৰ বুলি গণ্য কৰি সেইটো পূৰা কৰি থৈ আহিল। ছাৰৰ গাড়ীখনৰ ওচৰতে মোৰ মটৰ চাইকেলখনো পাৰ্ক কৰা থোৱা থাকে। মই সেইকেইজন ছাত্ৰৰ লগত নাছিলোঁ। তথাপিও ছাৰে মোক ৫০ টকাৰ বৃহৎ ফাইন এটা ভৰিবলৈ বাধ্য কৰিলে। তেখেতৰ মতে, মোৰ যিহেতু মটৰ চাইকেল এখন আছে গতিকে একমাত্ৰ মইহে গাড়ী-মটৰৰ ক’ত কি থাকে ভালকৈ বুজি পাওঁ। আচল কথাটো আছিল বেলেগ। পত্নীৰ লগত সংগমৰত অৱস্থাত চাঁদৰ ওপৰৰ পৰা জুমি চোৱা ছাত্ৰৰ দলটোৰ মাজত মইও আছিলোঁ বুলি তেখেতে জানিব পাৰিছিল।

আমালোক খান্না আছিল এক সাংঘাটিক নমুনা। তেওঁ শিকাবলগা বুৰঞ্জী বিষয়টোত তেওঁৰ জ্ঞান আছিল তেনেই সীমিত। কিন্তু শাৰিৰীক স্বাস্থ্য সম্পৰ্কত তেওঁ আছিল এজন পণ্ডিত। চুটি চাপৰ মানুহজনে টেনিছ আৰু হকীৰ দৰে শাৰিৰীক শক্তি কামত লগা খেল খেলিছিল। শীত কালৰ প্ৰচণ্ড ঠাণ্ডা দিনতো ৰাতিপুৱা তেওঁ আবাসৰ চুইমিং পুলটোত দৈনিক আধাঘণ্টা সদায় সাঁতুৰিছিল। মই তেখেতক অনুসৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। টেনিছ খেলাৰ পিছত মইও প্ৰায়েই চুইমিং পুলত কেইবাঘণ্টাও পাৰ কৰিছিলোঁ। তেনেকৈয়ে মই কলেজৰ সাঁতোৰ আৰু ৱাটাৰ প’ল-টিমত খেলিবৰ বাবে যোগ্যতা অৰ্জন কৰিছিলোঁ।

কলেজৰ সেই চুইমিং পুলটোতে এটা আমোদজনক ঘটনা ঘটিছিল। কলেজৰ কুস্তি খেলা দলটোত এজন সদস্য শিখ আছিল। তাৰ মুখ আৰু গা দাড়ি-চুলিৰে ভৰপূৰ। তাৰ এটা বৰ বেয়া অভ্যাস আছিল। সাঁতুৰি হোৱাৰ পিছত গা ধুবলৈ সি যাৰে তাৰে পৰা চাবোনটো থপিয়াই নিছিল। মুছলমান ছাত্ৰ এজনে তাক এশিকনি দিবলৈ পৰিকল্পনা কৰিলে। গাৰ পৰা চুলি আঁতৰাবলৈ ব্যৱহাৰ কৰা ‘হেয়াৰ ৰিমভাৰ’ চাবোন এচপৰা আনি সি তাৰ ওচৰতে থৈ নিজে একো নজনা ভাও ধৰি টাৱেলেৰে গা মচি থাকিল। শিখ ল’ৰাজনে অভ্যাসৰ বশৱৰ্তী হৈ সেইটুকুৰা চাবোনেই লৈ নিজৰ গা আৰু মুখত ঘঁহিবলৈ লাগিল। সুযোগ বুজি মুছলমান ছাত্ৰজনে সেইঠাইৰ পৰা ছত্ৰভংগ দিলে। তাৰপিছৰ চাৰিঘণ্টা সময়, খঙত উতলি থকা শিখছাত্ৰজনে দেহৰ অনেক অংশৰ চুলি দাড়ি হেৰুৱাই সেই ছাত্ৰজনক বিচাৰি হোষ্টেলটো চলাথ কৰি ফুৰিছিল। তাৰ কিছুদিনৰ পিছতে মুছলমান ছাত্ৰজনে গৱৰ্ণমেণ্ট কলেজ বাদ দি ইছলামিয়াত গৈ নাম লিখালেগৈ।

১৯৩৪ চনত মই স্নাতক পৰীক্ষা পাছ কৰিলোঁ – তৃতীয় বিভাগত। পঢ়াৰ নামত মই যিমান কষ্ট কৰিছিলোঁ তালৈ চাই মই উত্তীৰ্ণ হোৱা কথাটোৱেই বৰ ভাগ্যৰ কথা আছিল। ইতিমধ্যেই মই বৃটিছ বিশ্ববিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিছিলোঁ। তৃতীয় বিভাগ লৈ মই কেম্ব্ৰিজ বা অক্সফৰ্ডত চিট পোৱাৰ আশা কৰি লাভ নাই। মই লণ্ডন বিশ্ববিদ্যালয়তে পঢ়াৰ কথা ভাবিলোঁ। ইউনিভাৰ্চিটি কলেজ, লণ্ডন স্কুল অৱ ইকনমিক্স আৰু কিংছ কলেজৰ ভিতৰত মই কিংছত পঢ়াৰেই সিদ্ধান্ত ল’লো। আন দুখনৰ তুলনাত এইখনৰ নামটোত এটা আভিজাত্য আছে। মই এল.এল.বি. পাঠ্যক্ৰমত নাম লিখোৱাৰ সিদ্ধান্ত ল’লো আৰু একেসময়েত বেৰিষ্টাৰ হ’বৰ বাবে ইনাৰ টেম্পলৰ সদস্যপদ বিচাৰিও আবেদন কৰিলোঁ।

মই দেশত পোৱা শেষ গৰমৰ বন্ধটো চিমলাৰ গিল পৰিয়ালৰ লগত কটাইছিলোঁ। তেওঁলোকৰ তাত “লংউড” নামৰ এটা প্ৰকাণ্ড বঙলা আছিল। ঘৰটো এসময়ত চাৰ্লছ ডিকেন্সৰ নাতিয়েকৰ সম্পত্তি আছিল। সেই ঘৰটোতে সেৱা সিং গিলে নিজস্ব শৈলীৰে বাস কৰিছিল। তেওঁলোক দিল্লীৰ যন্তৰ-মন্তৰত থকা সময়ত মোৰ দেউতা প্ৰায়েই তেওঁলোকৰ ঘৰত সন্ধ্যা সুৰাপান কৰিবলৈ গৈছিল। তেখেতৰ পত্নীৰ প্ৰতি মোৰ দেউতাৰ কিছু অনুকম্পা আছিল। তেওঁলোক তিনিজন একেলগে ইউৰোপ ভ্ৰমণ কৰিবলৈও গৈছিল আৰু দেখদেখকৈ সেয়া আছিল তেওঁলোকৰ বাবে মধুৰতৰ সময়। দেউতাই সুযোগ পালেই সেই যাত্ৰাৰ সময়ত জাহাজত বা ইউৰোপৰ বিভিন্ন ঠাইত হোৱা তেওঁলোকৰ অভিজ্ঞতাৰ কথা কৈ শুনাবলৈ পালে কেতিয়াও আমনি নাপাইছিল। মানাউলীৰ মূখ্য বিষয়া উমৰাও সিঙে সেৱা সিঙৰ ভনীয়েকক বিয়া কৰাইছিল। উমৰাও সিঙে যেতিয়া দুই নম্বৰ পত্নী এজনী অনাৰ কুৰুং-কাৰাং কৰিছিল, লগে লগেই তেওঁৰ প্ৰথমা পত্নীয়ে পাঞ্জাৱ চৰকাৰৰ ৰেজিষ্টাৰ অফিচত উমৰাও সিঙৰ ঔৰসত জন্ম হোৱা বুলি তেওঁৰ ল’ৰা এটা আৰু ছোৱালী এজনীৰ পঞ্জীয়ন কৰি লৈছিল। প্ৰকৃততে দুয়োটা সন্তানকে হস্পিটেল এখনৰ পৰা যোগাৰ কৰি লোৱা হৈছিল। ডাঙৰ ছোৱালীজনী আছিল দেখদেখকৈ কোনোবা ইউৰোপীয়ান নাৰ্ছৰ সন্তান। ল’ৰাটোৰ পিতৃ পৰিচয় নজনাকৈয়ে থাকি গ’ল। উমৰাও সিঙৰ যেতিয়া সম্বিৎ ঘুৰি আহিল দুয়োটা ল’ৰা-ছোৱালী বুজন হ’বলৈ আৰম্ভ কৰিছে। পৰিস্থিতিটো গ্ৰহণ নকৰি থকাৰ কোনো উপায় নোহোৱা হ’ল। তেখেতৰ ধাৰ্মিক স্বভাৱৰ দ্বিতীয়া পত্নীয়েও ভাগ্যৰ লিখনকে ধিয়াই সকলো মানি ল’লে। এফালে উমৰাও সিং, তেখেতৰ দুগৰাকী পত্নী আৰু ল’ৰা-ছোৱালী, আনফালে গিল পৰিয়ালৰ সদস্যসমূহ, আটায়ে মিলি একেলগে সুখে সন্তোষে ‘লং-উড’ত দিন কটাইছিল।

উমৰাও সিং আছিল প্ৰচণ্ড সুৰাপায়ী আৰু ঈক্ষণকামী স্বভাৱৰ লোক, পৰৰ যৌনক্ৰিয়া চাই তৃপ্তিলাভ কৰা ব্যক্তি। পুৱাৰ পৰা নিশা আধাডোখৰলৈকে সুৰাতে মজি থাকে।তাৰপিছত হঠাতে দুমাহমান তেওঁ মাদকদ্ৰৱ্যৰ পৰা দূৰত থাকে। তাৰপিছত পুনৰ একেই গতি। মই তেওঁলোকৰ ঘৰত থকাৰ সময়ছোৱাত সুৰাপান পূৰ্ণোদ্যমে চলি আছিল। এদিন ৰাতি ঘৰত কাম কৰা ছোৱালী এজনীক মোৰ কোঠালৈ মোৰ লগত যৌনক্ৰিয়াত লিপ্ত হ'বলৈ জোৰকৈ ঠেলি পঠিয়াই নিজে সেই দৃশ্য চাবৰ বাবে পৰ্দাখনৰ পিছপিনে লুকাই থাকিল। ছোৱালীজনী মোৰ কোঠালৈ সোমাই আহি মোৰ ওচৰত ঠিয় দি ৰৈ থাকিল। তাই বিচাৰিছিল প্ৰথম খোজটো মই আগবঢ়াও। তাই মালিকৰ নিৰ্দেশমতে নিজেই মোৰ ওচৰলৈ আহি গাৰ কাপোৰ খুলিবলৈ দ্বিধাগ্ৰস্ত কৰিছিল। অলপ সময়ৰ পিছত উমৰাও সিং গিলাচটোত পানীয় ভৰাবলৈ আঁতৰি যোৱাৰ চলতে ছোৱালীজনী মোৰ কোঠাৰ পৰা ওলাই লৰ মাৰিলে। মইও দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ।এবাৰ পাহাৰ এলেকাৰ চৰ্দাৰ এজন ‘লংউড’-ত ৰাতি কটাবলৈ আহিল। ৰাতি মদৰ নিচাত দুয়ো মাতাল। উমৰাওৱে নিজৰ দ্ৰাইভাৰজন মাতি আনি চৰ্দাৰৰ লগত যৌনকাৰ্যত লিপ্ত হ’বলৈ আদেশ দিলে। দ্ৰাইভাৰ মান্তি হ’ল। উমৰাওৱে বিভিন্ন দিশৰ পৰা সেই দৃশ্য উপভোগ কৰি উল্লাসিত হৈ উঠিল। শুনা গৈছিল যে উমৰাও নিজে যৌনশক্তিহীন হৈ নপুংসকৰ দৰে হৈ পৰিছিল।

১৯৩৪ চনৰ গ্ৰীষ্মকালত মই দিল্লীৰ পৰা লণ্ডনলৈ ৰাওনা হ’লো। বন্ধু, পৰিয়ালৰলোক আৰু মা-দেউতাহ’তে ৰে’ল ষ্টেচনত ফুলৰ মালা পিন্ধাই চকুলো টুকি টুকি মোক বিদায় জনালে। মোৰ ডাঙৰ দাদা আৰু বৌ অমৰজিত বম্বেলৈকে মোক আগবঢ়াই থ’বলৈ আহিল। তাৰপৰা মই ‘কণ্টে ৰছৌ’ নামৰ ইটালিয়ান জাহাজখনত উঠিলোঁ। জাহাজখনত মোৰ চিনাকি মানুহ কোনো নাছিল। তাৰোপৰি লণ্ডনতো সেইসময়ত মোৰ চিনাকি কোনো নাছিল। মাত্ৰ ৰমা বিশ্বাস কিছুদিনৰ আগতে উচ্চ শিক্ষাৰ কিবা পাঠ্যক্ৰম এটা পঢ়িবলৈ লণ্ডনলৈ ৰাওনা হৈছিল।(আগলৈ..)

Friday, October 9, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১৭


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৭
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ

শান্তিনিকেতনৰ আৰম্ভণিটো বৰ সুন্দৰকৈ হ’ল ৷ সেই সংগীত আৰু সুন্দৰৰ অপৰূপ মূহুৰ্তই কেইবাবছৰলৈকে মোৰ পিছ এৰা নাছিল৷ সেইদিনা সেয়া মাথোঁ আৰম্ভণিহে আছিল। সুৰেন্দ্ৰনাথ কৰ ছাৰৰ তত্বাবধানত কলা শাখাৰ ছাত্ৰ হিচাপে নাম লিখোৱাৰ পিছত মোৰ বাবে আৰু বহুত কথাই অপেক্ষা কৰি আছিল। মোক চে’তাৰৰ শিক্ষক এজনৰ লগতো লগ লগাই দিয়া হ’ল। পিছৰ কেইদিনমান কিবাকিবি বস্তু কিনি কুটি আৰু পৰিৱেশেটোৰ লগত পৰিচয় হৈ লওঁতেই পাৰ হৈ গ’ল। এদিন আবেলি ৰবীন্দ্ৰনাথ ঠাকুৰ চৌহদলৈ আহিল আৰু ফৰাচী সংগী চিমকিক লগত লৈ অহা উদয় শঙ্কৰৰ লগত ছাত্ৰসকলক পৰিচয় কৰি দিলে। উদয় শঙ্কৰ আৰু চিমকি ইউৰোপ ভ্ৰমণৰ পৰা ঘূৰি অহা তেতিয়া কেইদিনমানহে হৈছিল। এখন ডাঙৰ আসনত বহি থকা ৰবীন্দ্ৰনাথে বৰ সাধাৰণভাৱে শঙ্কৰক নিৰ্দেশ দিছিল – দেখুওৱা তোমাৰ নাচ মোক! তাৰ বাবে কোনো আয়োজন নাছিল, মুখত প্ৰসাধন নাছিল, লগত নাছিল কোনো সা-সঁজুলি, মঞ্চত নাছিল আলোকসজ্জা, কোনো অৰ্কেষ্টাও নাছিল। একমাত্ৰ সৰোদ বজোৱাৰ বাবে উপস্থিত আছিল তিমিৰ বাৰণ। শঙ্কৰে চিমকিৰ লগত সেইদিনা ‘তাণ্ডৱ’ নৃত্য প্ৰদৰ্শন কৰিছিল। পাৰ্বতী হৈছিল চিমকি। কথক নৃত্যশিল্পীয়ে পৰিৱেশন কৰা ৰাধা-কৃষ্ণৰ নৃত্য আৰু নপুংসক সকলে প্ৰদৰ্শন কৰা অপৰিস্কৃত অংগীভংগীৰ কেতবোৰ নৃত্যৰ বাদে মই তেতিয়ালৈকে কোনো ভাৰতীয় নৃত্য দেখা নাছিলোঁ।সৰোদৰ ধ্বনিৰ সংগে সংগে শঙ্কৰ আৰু চিমকিৰ নৃত্যৰ তাল দেখি মই অভিভূত হৈ পৰিলোঁ। সেইদিনা ৰাতি মোৰ টোপনি নাহিল। সংগীত আৰু নৃত্যই মোৰ আপাদমস্তক শিহৰিত কৰি তুলিলে।

শান্তিনিকেতনে মোক বেংগলৰ মনোৰম প্ৰাকৃতিকদৃশ্যৰ প্ৰতিও মোৰ চকুদুটা খোল খুৱাই দিলে।মই আগতে পাঞ্জাৱৰ খাকী ৰঙী সমতল ভূমিত অনেক বছৰ আৰু অনেক গ্ৰীষ্ম ঋতু কাচৌলি আৰু চিমলাত কটাই পাইছোঁ। শান্তিনিকেতনৰ অভিজ্ঞতা আছিল সম্পূৰ্ণ বেলেগ। পাহাৰ, হাবি জংঘল, বোকা মাটি আৰু পানীৰ সৰৱ সোঁতেৰে পৰিপূৰ্ণ এয়া আছিল চাওতাল সকলৰ বাসভূমি। বৰষুণৰ সময় আছিল তেতিয়া। নদ- নৰ্দমাবোৰ পানীৰে উপচি পৰিছিল। বৰষুণৰ শেষত ঠাইখন বিভিন্ন জাতৰ সাপ আৰু নাইপিয়াৰে ভৰি পৰিছিল। প্ৰথমতে মোৰ বৰ ভয় লাগিছিল। দুটা সাপ নিধন কৰাৰ পিছতহে মই জানিব পাৰিছিলোঁ যে এইবোৰ সৰীসৃপ বিষাক্ত নহয়। ( কোনোবা নাৰীক ভয় খুৱাবৰ বাবে কৰা এটা জনপ্ৰিয় দুষ্টামী আছিল এইধৰণৰ ‘হাইলা’ সাপ কেইটামান তেওঁ শোৱা বিচনাখনৰ বিচনাচাদৰখনৰ তলত মনে মনে থৈ দিয়াতো!) এদিন ধাৰাষাৰে বৰষুণ হৈ যোৱাৰ পিছত মই হঠাতে এককাল পানীৰ ডোঙা এটাৰ মাজত সোমাই পৰিলোঁ। থাপ মাৰি কাঁইটীয়া জোপোহা এটাৰ ডালএটাত ধৰাৰ পিছত দেখিলোঁ তাত সাপ, নাইপিয়া, ভেকুলী আৰু নিগনি এসোপা একেলগে ওলমি আছে। সেই দুঃসময়ত সিহঁতে এটাই আনটোক একেবাৰে আমনি কৰা নাই! ইয়াত খোজ কাঢ়ি ঘূৰি ফুৰোঁতেই অৰ্ধনগ্ন, মূৰত খৰি কঢ়িয়াই নি থকা চাওতাল গাভৰুৰ লগত প্ৰায়েই বাটত ভেটাভেটি হৈছিল। কাজল ৰঙৰ গাৰ বৰণ আৰু সুগঢ়িত চেহেৰাৰ এই গাভৰুহঁতে মঞ্চত নৰ্তকীয়ে নৃত্যত খোজ কঢ়াৰ দৰে খোজ কাঢ়িছিল। গুৰুদেৱ ৰবীন্দ্ৰনাথে এই চাওতাল লোকসকলৰ ৰজা বুলি চিনাকি দি ভাল পাইছিল। ৰবীন্দ্ৰনাথ ঠাকুৰক তেখেতৰ উত্তৰায়ণ নামৰ ৰাজকাৰেং সদৃশ ঘৰটোত সপ্তাহত মাত্ৰ এবাৰ আমাক দৰ্শন কৰাৰ অনুমতি দিয়া হৈছিল। তেখেতক সততে দাঁতৰ ডাক্তৰৰ ওচৰত দেখা আহল বহল প্ৰকাণ্ড চকী এখনৰ দৰে আসন এখনত বহি থকা দেখা গৈছিল। নন্দলাল বসু আৰু কেইজনমান সৌভাগ্যৱানেহে তেখেতৰ চৰণ স্পৰ্শ কৰাৰ অনুমতি পাইছিল। শিক্ষাৰ্থীসকল মজিয়াত লেপেতা কাঢ়ি বহি দাড়িৰে ঢাকি ৰখা তেখেতৰ মুখৰ পৰা সোনসেৰীয়া জ্ঞানগৰ্ভ বাণী নিঃসৰিত হোৱালৈ অপেক্ষা কৰি থাকিব লাগিছিল। কাচিৎ কেতিয়াবাহে তেখেতৰ মুখৰ মাত শুনিছিলোঁ। প্ৰতি সপ্তাহে কৰিব লগা এই কামটো মোৰ এক প্ৰহসন যেন লাগিছিল।

শান্তিনিকেতনত থকা সময়তে মই এবাৰ কলিকতালৈ গৈ ৰমা বিশ্বাসক লগ কৰাৰ কথা ভাবিলোঁ। তেখেত ছুটী কটাবলৈ আহি সেইসময়ত কলিকতাতে আছিল। তেওঁৰ লগত হৈ থকা যোগাযোগৰ পৰা আমাৰ সম্বন্ধটো কিছু প্ৰণয়পূৰ্ণ যেন হোৱা বুলি অনুভৱ হৈছিল। সেয়ে অকলে দেখা-সাক্ষাৎ হলে কিছু সম্ভাৱনাৰ প্ৰত্যাশাও মনলৈ আহিছিল। সপ্তাহৰ অন্তত বোলপুৰৰ পৰা হাওৰালৈ অহাযোৱা কৰিবৰ বাবে মই ৰে’লৰ টিকটৰ যোগাৰ কৰিলোঁ। মোৰ হাতত লেফাফা এটাৰ ভিতৰত মাত্ৰ দুখন দহটকীয়া নোট বাচি থাকিল। হাওৰা ব্ৰীজৰ ওপৰেৰে খোজ কাঢ়ি পাৰ হৈ মই ব্যস্ততাপূৰ্ণ বজাৰ এলেকাত প্ৰৱেশ কৰিলোঁ। ৰমাৰ এপাৰ্টমেণ্টটো বিচাৰি উলিয়াবলৈ মোৰ তিনি ঘণ্টাতকৈও বেছি সময় লাগিল। ঘৰৰ কলিং বেলত মই হেঁচা দিলোঁ। কোনেও দুৱাৰ খুলি নিদিলে। মই দুৱাৰখনত ঢকিয়াবলৈ আৰম্ভ কৰিলোঁ। অলপ সময়ৰ পিছত কাষৰ ফ্লেটটোৰ পৰা এজন প্ৰতিৱেশী ওলাই আহিল আৰু মোলৈ সন্দেহজনক চাৱনিৰে মূৰৰ পৰা ভৰিলৈকে এবাৰ চালে। তাৰপিছত মোক জানিবলৈ দিলে যে ৰমা ঘৰত নাই, উইকেণ্ড কটাবলৈ ঘৰৰ বাহিৰলৈ ওলাই গৈছে। মই জেপৰ পৰা লেফাফাটো উলিয়াই ফালি তাৰে এটা টুকুৰাত মোৰ নামটো লিখি থৈ যাওঁ বুলি ভাবিলোঁ। হঠাতে মই আৱিষ্কাৰ কৰিলোঁ লেফাফাটো ফালোঁতে লগতে ভিতৰত থকা দহটকাৰ নোটদুখনো দুটুকুৰা হৈ ফাটি থাকিল! বন্ধৰ দিন আছিল আৰু বেংকলৈ গৈ নোটদুখন সলনি কৰাৰ কোনো উপায় নাছিল। কি কৰিম, ক’ত থাকিম, ক’ত খাম কোনো উৱাদিহ নাপাই মই হাওৰালৈ উভতি আহিলোঁ। অৱশেষত মই মাৰোৱাৰী ধৰমশালা এটাত গৈ উপস্থিত হ’লোগৈ। ধৰমশালাৰ মেনেজাৰে মোক বাহিৰ হৈ যাবলৈ আদেশ দিলে –“এইটো মাৰোৱাৰী সম্প্ৰদায়ৰ লোকৰ বাবে থকা ধৰমশালা। তুমি তোমালোকৰ গুৰুদ্বাৰলৈ গৈ থাকাগৈ!” মই হাওৰাত থকা গুৰুদ্বাৰটো বিচাৰি উলিয়ালোঁ। গ্ৰন্থীজনে আনলোকৰ লগতে মোকো কোঠা এটাত থকাৰ ব্যৱস্থা কৰি দিলে। গুৰুদ্বাৰত খাবলৈ দিয়া দালি-ৰুটিৰ ভাগ মইও পালোঁ। কোঠাটোৰ মজিয়াতে মোৰ পাগুৰিটো গাৰু কৰি লৈ মই নিশাটো পাৰ কৰিলোঁ। পিছদিনা ৰাতিপুৱাই মই বোলপুৰ অভিমূখে চলা ৰে’লত উঠিলোঁ। হাওৰা দলংখন, জনপূৰ্ণ বজাৰ এলেকাটোৰ বাদে কলিকতাত মোৰ একো চোৱা নহ’ল। সঁচা প্ৰেমৰ পথ মসৃণ নহয়। এয়া আচলতে সঁচা অৰ্থত প্ৰেমো নাছিল। আছিল পৌঢ় এক মহিলাৰ প্ৰতি এটা কিশোৰৰ মনত সৃষ্টি হোৱা প্ৰচণ্ড কাম-অভিলাসৰ এক উদগীৰণ! (আগলৈ..)

Friday, October 2, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১৬


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৬
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ

কৃপাল সিং চাওলা বুলি আন এটা ল’ৰাৰ কথা মনত পৰিছে৷ সি আছিল সেই সময়ৰ নামকৰা উদ্যোগপতি এজনৰ ল’ৰা৷ তাৰ কথা মনত পৰাৰ কেইবাটাও কাৰণ আছে৷ সি মোৰ বন্ধুত্বৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰাৰ এটা প্ৰধান কাৰণ আছিল তাৰ দৰে মোৰো এখন মটৰ চাইকেল আছিল৷ তাৰ দৰ্শন আছিল, অৱস্থাপন্ন ঘৰৰ ল’ৰাবিলাক একেলগে থাকিব লাগে৷ পিন্ধা উৰাত সি বৰ চৌখিন আছিল আৰু বৰ পৰিপাটীকৈ পিন্ধা-উৰা কৰিছিল। সুন্দৰ ডিজাইনৰ চুট, লগত ব' টাই, ৰং মিলাই পিন্ধা পাগুৰি, পৰিপাটীকৈ কটা দাড়ি, ওপৰলৈ বেঁকা কৰি ৰখা মোছৰ দুটা জোঙা আগেৰে সি আছিল এজন চকুত পৰা যুৱক। মটৰ চাইকেল চলাওঁতে তাৰ বুকুখন ফিন্দ খাই আগলৈ ওলাই গৈছিল। সি মোক প্ৰায়েই ভাল কাপোৰ-কানি পিন্ধি ফিটফাট হৈ থাকিবলৈ কৈছিল আৰু মটৰ চাইকেলত কুঁজা হৈ নবহিবলৈ পৰামৰ্শ দিছিল৷ ‘‘যাৰ পকেটত দুপইচা আছে তাৰ বুকু ফুলি থাকিব লাগে’’ - সি মোক প্ৰায়েই সকিয়াই দিছিল। সি মোক তাৰ ঘৰলৈও নিমন্ত্ৰণ কৰিছিল৷ তাৰ দেউতাকো আছিল তাৰ দৰেই পৰিপাটী আৰু চৌখিন মনৰ মানুহ। তেওঁ বিলাতৰ পৰা অনা চিল্কৰ টাই মাৰিছিল কিন্তু নাভিলৈকে ওলমি থকা পকা দাড়িয়ে সেই টাই ঢাকি থকাত মানুহৰ চকুত টাইডাল সততে নপৰিছিল৷ তেওঁ দ্বিতীয়বাৰ বিয়া কৰাইছিল আৰু দুয়োগৰাকী পত্নীৰ ফালৰ পৰা কেইবাটাও ল’ৰা-ছোৱালীৰ দেউতাক হৈছিল। কৃপালৰ দেউতাকে কৃপালক শিখ ল’ৰাৰ লগত বন্ধুত্ব কৰিবলৈ বৰ উৎসাহ যোগাইছিল৷ কৃপালৰ কোঠাটো আছিল বাগিছাখনৰ একোণত, গাড়ী থোৱা ঘৰটোৰ ওপৰত৷ তাৰ কোঠাত ভাৰতীয় ক্লাছিকেল সংগীতৰ কেইবাখনো ৰেকৰ্ড আছিল। সুন্দৰ বস্তুৰ প্ৰতি তাৰ এটা সহজাত আগ্ৰহ আছিল৷ সি বিচিত্ৰ বীণা শিকিবলৈ লৈছিল আৰু সেই বিদ্যাত ইমানেই আগবাঢ়িছিল যে তাক মাজে মাজে সংগীতৰ মঞ্চলৈও বীণা বজাবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। লাহোৰৰ “অল ইণ্ডিয়া ৰেডিঅ’ ষ্টেচন”-তো সি বীণা বজোৱাৰ সুবিধা পাইছিল৷ বগা বৰণৰ ছোৱালীৰ প্ৰতি তাৰ সাংঘাটিক দুৰ্বলতা আছিল৷ ‘কাশ্মিৰী পণ্ডিতৰ জীয়েক বিলাকৰ দৰে সুন্দৰী ছোৱালী পৃথিৱীত নাই’’ - সি মোক প্ৰায়েই কৈছিল৷ “যদি মই কেতিয়াবা বিয়া কৰাও তাই জৰুৰ কাশ্মিৰী পণ্ডিতৰ ছোৱালীয়েই হ’ব৷ কিন্তু দুখৰ কথা কি জান, মোৰ আয়ুসত সিমান চাউল নাই, মোৰ হাতৰ আয়ুস ৰেখা মতে মই ত্ৰিশ বছৰৰ আগতেই মৰিব লাগে।” - সোঁহাতৰ তলুৱাখন দেখুৱাই সি মোক প্ৰায়েই কৈছিল৷ বগা নাৰীৰ প্ৰতি থকা তাৰ এই মনোবাঞ্ছা কলেজত থাকোতেই পূৰণ হৈছিল৷ কেনেকৈ, সেই কথা সি মোক নিজেই কৈছিল৷

গৰমৰ দিন। দুপৰীয়া ঘৰত অকলে অকলে সি তাৰ কাশ্মিৰী কন্যাক ধ্যান কৰি বহি থাকোঁতে সি এসময়ত কামোন্মাদ হৈ উঠিল। উত্তেজনা শৃংগত। হস্তমৈথুন কৰাৰ মানসেৰে গা-ধোৱা ঘৰলৈ আগবাঢ়িবলৈ লওঁতেই কাপোৰৰ টোপোলা এটা লৈ ওলালহি ধুবুনীজনী৷ এপাল ল’ৰা ছোৱালীৰ মাক, মধ্যবয়সীয়া তাই আছিল এগৰাকী শকত মহিলা৷ কিন্তু তাইৰ গাৰ বৰণ আছিল ধকধককৈ বগা৷ কৃপালে তাইক পোনে পোনেই বিচনালৈ ডাঙি লৈ গ’ল৷ তাই পোনতে সামান্য আপত্তি কৰিলেও অলপ পিছত নিজকে কৃপালৰ হাতত এৰি দিলে৷ কৃপালৰ বেছি সময় নালাগিল৷ সি দহ টকাৰ নোট এখন তাইৰ হাতত গুজি দিলে৷ তাই বেছ আনন্দেৰে হাত পাতি ল’লে৷ তাৰপিছত নিজৰ কাপোৰবোৰ খুচৰি খুচৰি ধুবৰ বাবে সি কাপোৰ কেইখনমান বিচাৰি উলিয়াবলৈ লওঁতেই ধুবুনী তাৰ ওচৰ চাপি ক’লে – “তুমি মোৰ গাত জুই লগাই দি এনেকৈয়ে এৰি দিবা নেকি, জুই লগালে তাক নুমুৱাবও লাগিব নহয়?” গতিকে কৃপাল দ্বিতীয়বাৰৰ বাবে কামত লাগিল৷ আকৌ এখন দহ টকাৰ নোট৷ এনেকৈয়ে চলিবলৈ ধৰিলে৷ সি তাই অহালৈ আগ্ৰহেৰে বাট চোৱা হ’ল৷ সি মোকো এবাৰ কৈছিল দহ টকাৰ নোট এখনৰ বিনিময়ত এই স্বগীৰ্য় সুখৰ আনন্দ ল’ম নেকি! পইচাৰ বিনিময়ত ৰতিক্ৰিয়াৰ আনন্দ লোৱাৰ পক্ষপাতী মই নাছিলোঁ৷ তাৰ নিমন্ত্ৰণ মই ভদ্ৰ ভাবে প্ৰত্যাখান কৰিলো৷ চল্লিশৰ ঘৰত থাকোঁতেই চিৰকুমাৰ অৱস্থাতে কৃপালৰ মৃত্যু হৈছিল৷

কবিতা, সংগীত আৰু কলাৰ প্ৰতি মোৰ আকৰ্ষণ কেনেকৈ আৰম্ভ হৈছিল সঠিককৈ মই ক’ব নোৱাৰিম। চেতনৰ মুখত শুনা কবিতা, কৃপালৰ কোঠাত শুনা চে’তাৰ সংগীত ইয়াৰো প্ৰভাৱ হ’ব পাৰে। সেইসময়তে মই পুনৰ চে’তাৰ শিকাৰ কথা আৰু ছবি অঁকাত মোৰ হাতটো কেনে সেইটো পৰীক্ষা কৰাৰ কথাও ভাবিছিলোঁ। প্ৰথম গৰমৰ বন্ধটো আৰম্ভ হোৱাৰ আগে আগে কলা বিভাগত ভৰ্তি হোৱাৰ মানসেৰে শান্তি নিকেতনত থকা ৰবীন্দ্ৰনাথ ঠাকুৰৰ বিশ্ববিদ্যালয়লৈ মই আবেদন জনালোঁ। শান্তিনিকেতনৰ “কলা ভৱন” সেই সময়ত সংগীত আৰু কলাৰ প্ৰাণকেন্দ্ৰ আছিল। লগে লগেই আবেদন পত্ৰ এখন আহি মোৰ হাতত পৰিলহি। তাতে তেওঁলোকে জনা কাৰোবাৰ চুপাৰিচসহ আবেদন পত্ৰখন পূৰাই জমা দিয়াৰ নিৰ্দেশ দিলে। অশোক সেনৰ দেউতাকৰ শান্তিনিকেতনত এটুকুৰা মাটি আছিল আৰু তেওঁক তাত বহুতে চিনি পায় বুলি শুনিছিলোঁ। মই তেওঁক ‘ৰিকমেণ্ডেচন লেটাৰ’ এখন দিয়াৰ বাবে খাটনি ধৰিলোগৈ। - “তই আকালি! (আকালি সকলৰ আন্দোলনৰ সময়ত মই মাজে মাজে ক’লা বৰণৰ পাগুৰি এটা পৰিধান কৰিছিলো, তাৰপিছৰ পৰাই তেখেতে মোক আকালি বুলি সম্বোধন কৰা কৰিছিল।), তই গৈ শান্তিনিকেতনত কি কৰিবিগৈ?” মই ক’ব লগাখিনি ক’লো। তেখেতে আগ্ৰহেৰে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কলৈ চিঠি এখন লিখি দিলে।

শান্তিনিকেতনলৈ মই কৰা ৰে’ল যাত্ৰাটোৱেই আছিল মোৰ জীৱনৰ প্ৰথম ৰে’ল-যাত্ৰা ৷ ৰে’লৰ তৃতীয় শ্ৰেনীৰ ডবা এটাত যাত্ৰা কৰিছিলোঁ৷ হাওৰাত ৰে’লখন সলনি কৰি মই গৈ বোলপুৰত উপস্থিত হ’লোগৈ ৷ বাৰিষা আৰম্ভ হৈছেহে মাত্ৰ তেতিয়া ৷ হাওৰা আৰু বোলপুৰৰ আশ-পাশ ডোঙা পানীৰে ভৰি আছিল ৷ ষ্টেচনৰ পৰা গৰু-গাড়ী এখন ভাড়া কৰি লৈ গৈ এঘণ্টাৰ পিছত মই বিশ্ববিদ্যালয়ৰ চৌহদত ভৰি দিলোগৈ ৷ বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় বিষয়াজনে মোক আচবাব পাতি নথকা ডাঙৰ কোঠা এটালৈ লৈ গ’ল, তাতেই শ্ৰীলংকাৰ পৰা অহা মঞ্জুশ্ৰী নামৰ বৌদ্ধ ডেকা এজনৰ লগত মই থাকিব লাগিব ৷ তাৰপিছত তেখেতে মোক খোৱা ঘৰটো আৰু ‘কলা ভৱনটো’ দেখুৱাই দিলে ৷ চৌহদটো এপাক চাই মই যেতিয়া কোঠালৈ উভতি আহিলো তেতিয়া এন্ধাৰ নামিবলৈ আৰম্ভ কৰিছিল ৷ টোপাটোপে বৰষুণ পৰা আৰম্ভ হ’ল৷ মই লগত অনা বিচনাখন কোঠাটোৰ এচুকত মেলি দিলোঁ৷ লেম্প এটা জ্বলাই লৈ মঞ্জুশ্ৰীয়ে কিবা পঢ়ি আছিল ৷ আমাৰ কোঠাটোত বিজুলী সংযোগৰ ব্যৱস্থা নাছিল৷ পৰিচয় হোৱাৰ পাছতে আমি ইংৰাজী ভাষাৰেই কথা বতৰা পতা আৰম্ভ কৰিলো৷ মঞ্জুশ্ৰীয়ে ভাৰতীয় ভাষা নাজানিছিল ৷ শান্তিনিকেতনত সি পালি বৰ্ণৰ ওপৰত গৱেষণা কৰিবলৈ আহিছিল ৷ সি ব্ৰহ্মচাৰী ব্ৰত লৈ বিয়া নকৰাবলৈ শপত খাইছিল আৰু সিহঁতৰ নিয়মমতে কোনো নাৰীৰ লগতে কেতিয়াও কথা পাতিব নোৱাৰিছিল ৷ পৰিচয়ৰ পাছতে সি মোক সোধা প্ৰথম প্ৰশ্নটো আছিল - মই কেইজনী ছোৱালী চিনি পাওঁ!

টান মজিয়াত শোৱাৰ অভিজ্ঞতা মোৰ আগতে নাছিল৷ বাহিৰৰ বৰষুণজাক ক্ৰমান্বয়ে টান হৈ আহি আছে৷ ছয়াময়া সপোনৰ মাজত তন্দ্ৰালস হৈ মই বিচনাখনত পৰি আছোঁ ৷ এনে লাগিছে কৰবাৰ পৰা যেন এক সংগীতৰ মধূৰ ধ্বনি ভাঁহি আহিছে , বৰ লাহে লাহে সেই সংগীত যেন মোৰ ওচৰ চাপি আহি আছে ৷ অলপ সময়ৰ পাছত মোৰ অনুভৱ হ’ল এইয়া মই সপোন দেখা নাই! বিচনাখনতে মই উঠি বহিলো – হয়, বাহিৰৰ পৰা সংগীতৰ ধ্বনি এতিয়া স্পষ্টকৈ ভাঁহি আহিছে, ভালদৰে শুনাকৈ! কোঠাটোৰ দুৱাৰখন খুলি দিলোঁ ৷ আহ্, কি এক দৃশ্য! কুঁৱলী ফালি ওলাই আহিছে এজাক চলমান ৰূপালী আলোক ৷ বৰষুণৰ মাজে মাজে শুধ বগা পোছাক পৰিহিত কিশোৰ-কিশোৰীৰ এটা দল গীত গাই গাই নৃত্য কৰি আগবাঢ়ি আহি আছে ৷ তেওঁলোকৰ এজনে হাতত কঢ়িয়াই লৈ আহিছে এটা লেণ্টাৰ্ণ আৰু হাতত কেইবাডালো মমবাতি ৷ এক মায়াময় পৰিৱেশ! সেই দৃশ্যৰ লগত চৌপাশৰ পৰিৱেশ এনেকৈ সংপৃক্ত হৈ পৰিছিল যে তেওঁলোক পাৰ হৈ নোযোৱালৈকে মই ৰুদ্ধস্বাসে তেওঁলোকলৈ চাই থৰ লাগি ৰ’লো। “বৰ্ষা ঋতুক আদৰণি জনাবলৈ আয়োজন কৰা সেইয়া হৈছে ‘বৰ্ষা-মংগল’” - মঞ্জুশ্ৰীয়ে ক’লে। “বৰষুণক আদৰণি জনাবলৈ এনেকৈয়ে তেওঁলোকে গোটেই চৌহদটো ৰবীন্দ্ৰ সংগীত গাই গাই পৰিভ্ৰমণ কৰিব” - মঞ্জুশ্ৰীয়ে আকৌ ক’লে। (আগলৈ)

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১৫


 


ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্

(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)

খণ্ড- ১৫
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ..

সেই সময়ত মই গৱৰ্ণমেণ্ট স্কুলত লগ পোৱা কেইবাজনো পিছলৈ বিভিন্ন দিশত সফলতাৰ শিখৰ চোৱা বিখ্যাত ব্যক্তিলৈ পৰিণত হৈছিলগৈ। তাৰে এজন আছিল ইংৰাজীৰ অধ্যাপক এ. এছ. বুখাৰী৷ তেওঁ আছিল ৰাতি ভাত খোৱাৰ পিছত আড্ডা মৰাত পাকৈত৷ ঠিক তেনেকৈ উৰ্দু কবিতাতো তেওঁৰ যথেষ্ট দখল আছিল৷ আৰু আছিল নাৰী সম্পকীৰ্য় কথাৰ অবিসম্বাদী ওস্তাদ। আগতে তেওঁ “অল ইণ্ডিয়া ৰেডিঅ’-ৰ মহানিৰ্দেশক হৈ শেষত ৰাষ্ট্ৰসংঘৰ মাছ কমিউনিকেচন বিভাগৰ মুখ্য বিষয়া হৈছিলগৈ৷ হঠাতে ষ্ট্ৰ’ক হৈ তেখেতৰ অকাল মৃত্যু হ'ল৷ তেওঁৰ মৃত্যুৰ সময়ত নিউ ইয়ৰ্কত থকা পাকিস্তানৰ দূতাবাসত মোৰ বন্ধু ছফকট্ মহম্মদে কাম কৰি আছিল৷ সি বুখাৰীৰ ঘৰলৈ গৈ তাৰ বয়-বস্তু সমূহৰ এখন তালিকা কৰিব লগা হৈছিল৷ ঘৰৰ ৰখীয়াজনে ক’লে যে বুখাৰীয়ে ঘণ্টাৰ পিছত ঘণ্টা নিজৰ পঢ়া কোঠাত সোমাই সময় কটাইছিল আৰু সেই কোঠাটোত সাধাৰণতে কাকো সোমাবলৈ দিয়া নহৈছিল। কোঠাটোত সোমাই ছফাটে দেখিলে যে কোঠাতোত হাই-ফাই যন্ত্ৰৰ লগতে আলমাৰীকেইটা ভৰ্তি হৈ আছে ৰেকৰ্ডিং কৰি থোৱা টেইপ কিছুমানেৰে৷ সেই আটাইবিলাক টেইপ আছিল বুখাৰীয়ে বিভিন্ন উপলক্ষত দিয়া ভাষণৰ বাণীবদ্ধ ৰূপ৷ মানুহজনে নিজৰ কথা আৰু শ্ৰোতাৰ হাততালি শুনি শুনি ঘণ্টাৰ পিছত ঘণ্টা সেই কোঠাটোত সোমাই আছিল৷

কেইবাজনো নামজ্বলা উৰ্দু কবিৰ লগত বুখাৰীৰ ভাল সম্পৰ্ক আছিল৷ তাৰ ভিতৰত অন্যতম আছিল - ইমতিয়াজ আলী তাজ, মহম্মদ তাহচিৰ আৰু আলমা ইকবালৰ পিছতে পাকিস্তানৰ আটাইতকৈ বিখ্যাত কবি ফৈজ আহমেদ ফৈজ৷ তাহচিৰৰ স্কটিছ পত্নীৰ সৰু ভনীয়েকৰ লগত পিছলৈ ফৈজৰ বিয়া হৈছিল৷ তেওঁলোকৰ গোটটো আছিল স্বনামধন্য উৰ্দু কবিৰ গোট৷ মই বহু চেষ্টা কৰাৰ পিছতো সেই গোটটোত সোমাবলৈ সুযোগ নাপালোঁ।

ষ্টিফেন্স্ কলেজৰ দৰে গৱৰ্ণমেণ্ট কলেজতো মোৰ ফলাফল কোনোগুণে ভাল নহ’ল৷ তাৰ এটা কাৰণ আমাৰ শিক্ষকসকল। তেওঁলোকৰ পৰা মই কোনোধৰণৰ উৎসাহিত হ’ব লগা কাৰণ বিচাৰি নাপালোঁ৷ বুখাৰীয়ে পঢ়োৱাত কিছু গুৰুত্ব দিলেও পঞ্চলিশ মিনিট সময়ৰ ক্লাছৰ বেছিভাগ সময় বিলাতত হোৱা নিজৰ অভিজ্ঞতাৰ কথা কওঁতেই শেষ হৈছিল৷ এম. জি. সিং নামৰ এজনে আকৌ পঢ়াওতে ছাত্ৰক কোনো প্ৰশ্ন সুধিবলৈ নিদিছিল৷ ইংৰাজীত মোৰ ৰাপ বঢ়াৰ বাবে ইংৰাজী বহু কবিতা মোৰ মুখস্ত হৈ আছিল৷ আনকি আমাৰ পাঠ্যক্ৰমত থকা শ্বেইকছ্পিয়েৰৰ নাটক ‘‘এ’ মিড্ছামাৰ নাইট দ্ৰিম’’ আৰু ‘‘ৰিছাৰ্ড-টু’-ও মোৰ মুখস্থ আছিল৷ আমোদজনক কথা ইয়াৰ যিখিনি নুবুজাকৈ আছিলোঁ সেইখিনি নুবজাকৈয়ে থাকি গ’ল, সুধিবলৈ সুবিধাই নাপালোঁ৷ পৃথিৱী বিখ্যাত লেখকসকলৰ ৰচনা, কবিতা, নাটক আদিৰ আনে কৰা আলোচনা-সমালোচনা পঢ়ি মই বৰ বেয়া পাইছিলোঁ৷ এনে লাগিছিল যেন সুন্দৰ পখিলা এটাক কাটি মাৰি চিৰাচিৰ কৰি পেলোৱা হৈছে৷ সেই সময়ত মোৰ নিজৰ লেখাবিলাকে কাৰো মনোযোগ আকৰ্ষণ কৰিব পৰা নাছিল৷ কলেজৰ ‘‘ৰৱি’’ নামৰ আলোচনীখনলৈ পঠোৱা লেখাবোৰ অগ্ৰাহ্য কৰা হৈছিল আৰু ‘‘ৱাষ্ট পেপাৰ বাস্কেট’’ নামৰ শিতান এটাত কিয়দাংশ প্ৰকাশ কৰিছিল - পেলনীয়া সামগ্ৰী হিচাপে৷

বুৰঞ্জী আৰু অৰ্থনীতি বিভাগৰ অধ্যাপকে ক্লাছত আহি মাথোঁ নোট কিছুমানৰ শ্ৰুতলিপি দিছিল৷ কোনো ধৰণৰ আলোচনা বা বিষয়টোৰ ওপৰত নতুন কি কথা ক’ত ওলাইছে সেই সম্পৰ্কে তেওঁলোক সম্পূৰ্ণ উদাসীন আছিল৷ সেই সময়ত জনপ্ৰিয় হোৱা কাহিনী এটা মনত পৰিছে৷ ন’বেল লৰেট ছাৰ চি. ভি. ৰমন এবাৰ আমাৰ নতুনকৈ পতা কলেজখনৰ গৱেষণাগাৰটো পৰিদৰ্শন কৰিবলৈ আহিছিল৷ কৰ্ণেলৰ পৰা শিক্ষকলৈ ৰূপান্তৰ ঘটা অধ্যক্ষ চাহাব গ্যাৰেটে তেখেতক সুধিলে – “ছাৰ চি.ভি., আপুনি আমাৰ গৱেষণাগাৰটো কেনে দেখিলে?” তীক্ষ্ণ বুদ্ধিসম্পন্ন তামিলিয়ান ৰমনে তীৰ্যক মন্তব্য দিলে – “মাৰ্বলৰ মজিয়াখন বৰ সুন্দৰ হৈছে৷” গ্যাৰেটে সুৰটো বুজিব নোৱাৰি আকৌ একেটা প্ৰশ্নকে সুধিলে৷ ৰমনেও একে উত্তৰেই দিলে৷

মুছলমান ছাত্ৰৰ লগত বন্ধুত্ব কৰিবলৈ মই কৰা অভিপ্ৰায় গৱৰ্ণমেণ্ট কলেজতো সফল নহ’ল৷ তেওঁলোক তেওঁলোকৰ মাজতে আৱদ্ধ থাকে৷ হোষ্টেলতো তেওঁলোকে হালাল কৰা মাংস খাবৰ বাবে বেলেগ এটা মেছত খায়৷ আমিষ আৰু নিৰামিষ দুয়োবিধ আহাৰেই পৰিৱেশন কৰা মেছত হিন্দু আৰু শিখ ছাত্ৰসকলে খোৱা-লোৱা কৰে, মুছলমান ছাত্ৰৰ কাৰণে কিন্তু আছুতীয়া ব্যৱস্থা৷ টেনিছ, কেৰম বা আন খেল ধেমালি একেলগে কৰিলেও তেওঁলোকৰ লগত গভীৰ বন্ধুত্বৰ সুত্ৰপাত হোৱা নাছিল৷ তেনে সম্পৰ্ক দেখিলেও আনে সেয়া সমকামী সম্পৰ্ক বুলিহে সন্দেহ কৰিছিল৷ মাইকীমুৱা শিখ ছাত্ৰ এজনে বক্সিঙত যথেষ্ট ভাল ফল দেখুৱাইছিল আৰু তাৰ লগত হকীদলৰ মুছলমান কেপ্তেইনজনৰ যৌন সম্পৰ্ক আছে বুলি এটা গুজৱ ওলাইছিল৷ অৱশ্যে কেইবছৰমান পিছত শিখ ছাত্ৰজনে নিজেই আন দেখনীয়াৰ ল’ৰাৰ লগতো বন্ধুত্ব কৰা দেখা গৈছিল৷

সেই সময়ত মোৰ লগত বন্ধুত্ব কৰা ছাত্ৰসকলৰ ভিতৰত এজন আছিল চেতন আনন্দ৷ সি দেখাত ধুনীয়া, উজ্জল বৰণৰ, কেঁকোৰা চুলি আৰু স্বপ্নাতুৰ চকুৰে তাক মাজে মাজে ধুনীয়া ছোৱালী এজনী যেন লাগিছিল৷ কলেজৰ ওপৰ ক্লাছৰ অনেক ল’ৰাৰে লুভীয়া দৃষ্টি তাৰ ওপৰত পৰিছিল৷ সি কিন্তু মোৰ লগ নেৰিছিল৷ সি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ সুৰত কবিতা লিখিছিল আৰু মাজে মাজে বেসুৰা পদ্য লিখি দেখুৱাইছিল৷ আমি ক্লাছলৈ একেলগে গৈছিলোঁ আৰু সি মোৰ ওচৰতে বহিছিল৷ তাৰ লগত মই টেনিছ খেলা আৰু একেলগে চিনেমা চাবলৈ যোৱাৰ কথা এতিয়াও স্পষ্টকৈ মনত আছে৷ তাক মই ইংলণ্ডত থাকোঁতেও এবাৰ লগ পাইছিলোঁ৷ লাহোৰত মই যেতিয়া চাকৰি কৰি আছিলোঁ সি মোৰ ঘৰত কিছুদিন আলহী হৈছিলহি৷ তাৰপিছত সি তাৰ ভাগ্য পৰীক্ষা কৰিবলৈ বম্বে পালেগৈ আৰু চিনেমা নিমাৰ্ণৰ কামত হাত দিলে৷ পিছে সেই দিশত সি বৰ বেছি আগবাঢ়িব নোৱাৰিলে৷ সি অকল ল’বহে জানিছিল, দিব নাজানিছিল৷ এন. ইকবাল সিং নামৰ পাচফুট মান উচ্চতাৰ মুটুকীয়া চেহেৰাৰ শিখ ল’ৰা এটাও আছিল আমাৰ লগত৷ দেখাত, আৰু আৰু তাৰ মাতটোও আছিল ছোৱালীৰ দৰে৷ তাক আমি ‘ছুছু’ বুলি মাতিছিলো৷ দিল্লী, লাহোৰ আৰু লণ্ডনত সি কেইবামাহো মোৰ লগত আছিল৷ চেতনৰ দৰে সিও আছিল - ল’ব জানে, কিন্তু দিব নোৱাৰে৷ এনে মানুহৰ দ্বাৰা মই সোনকালেই অতিষ্ঠ হৈ পৰোঁ৷ আতিথ্যৰ ক্ষেত্ৰত এটা দিশত চলা গতিয়ে বেছি দিন স্থায়িত্ব নাপায়৷ সেই সময়ৰ গৱৰ্ণমেণ্ট কলেজৰ কেইবাজনেও পিছলৈ চিনেমাৰ ক্ষেত্ৰতত যথেষ্ট সুনাম আৰ্জিছিল৷ তাৰ ভিতৰৰে এজন আছিল বলৰাজ চাহনী - আমাতকৈ কেইবছৰমান ডাঙৰ। তেখেত বৰ ধুনীয়া আৰু সুন্দৰ ব্যক্তিত্বৰ মানুহ আছিল৷ মোৰ সহপাঠী বি. আৰ. ছোপ্ৰাইও বম্বেত চিনেমা নিমাৰ্ণৰ কামত যথেষ্ট পাৰদৰ্শিতা দেখুৱাইছিল৷(আগলৈ..)

Minakshee Baruah, Jimy Saikia and 61 others
14 Comments
1 Share
Like
Comment
Share