Friday, October 23, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ -১৯


 


ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ -১৯
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৯
বিলাত আৱিষ্কাৰ
জাহাজেৰে কৰা নৌকা যাত্ৰাত কিবা এটা আছে যিটোৱে সহযাত্ৰীসকলক এনে এক বন্ধুত্বৰ শিকলিৰে বান্ধি ধৰে যে পিছৰ গোটেই জীৱনটোতে সেই বন্ধুত্ব অক্ষুন্ন হৈ থাকে। যাত্ৰীসকলে সেই যাত্ৰাৰ কেতবোৰ সৰু সৰু অভিজ্ঞতা এনেধৰণে স্মৰণ কৰে যেন সেইবোৰ কোনোবা দুঃসাহসিক অভিজ্ঞতাৰ পাহৰিব নোৱাৰা ক্ষণহে! এৰি থৈ অহা পুৰণি জগত এখন আৰু আগলৈ অপেক্ষা কৰি থকা এটা নতুন সময়, তাৰ মাজৰ এই নৌকা যাত্ৰাৰ সময়খিনি হৈছে ক্লান্তিহীন অফুৰন্ত নিৰিবিলি সময়। একেলগে এটা ৰেজিমেণ্টত চাকৰি কৰা সৈন্যসকলৰ মাজত সৃষ্টি হোৱা সম্পৰ্কৰ দৰে সহযাত্ৰীসকলৰ মাজতো এক আন্তৰিক সম্পৰ্কই পোখা মেলে। পিছৰ জীৱনত তেওঁলোকৰ য’তেই দেখা-সাক্ষাৎ হয় তাৰ আৰম্ভণি এইদৰেই হোৱাটো ধুৰুপ – “আমি বোম্বেৰ পৰা লণ্ডণলৈ সেই একেখনে জাহাজতে অহা নাছিলোনে?”

বোম্বেৰ পৰা লণ্ডনৰ চাউথাম্পটনলৈ তেতিয়া জাহাজ-যাত্ৰাত সময় লাগিছিল পূৰা এঘাৰ দিন। এইকেইদিনৰ মাজতে জাহাজখন কিছুসময়ৰ বাবে এদেন আৰু পৰ্ট চৈয়দত অলপ ৰৈছিল। মিছৰৰ পিৰামিড আৰু কাইৰো চাব খোজা কিছুমান যাত্ৰীক ইছলামিয়াত জাহাজখনৰ পৰা নমাই দিয়া হৈছিল আৰু পৰ্ট চৈয়দত সেই যাত্ৰীসকল আহি আকৌ জাহাজত উঠিছিল। লোহিত সাগৰ আৰু ভূ-মধ্য সাগৰ সংযোগ কৰা সত্তৰ মাইল দূৰত্বৰ ঠেক চুয়েজ খালটো পাৰ হ’বৰ সময়ত জাহাজবোৰ প্ৰায়েই ৰ’ব লগা হৈছিল।তাৰপিছতেই লাহে লাহে চলি যোৱা জাহাজৰ এটা প্ৰকাণ্ড শাৰী দেখা গৈছিল। আগতো জাহাজ, পিছতো জাহাজ। যাত্ৰাপথৰ দুয়োপাৰে দিগন্ত বিস্তৃত কেৱল মৰুভূমি।

‘কণ্টে ৰছৌ’ নামৰ জাহাজখনৰ ইকনমি শ্ৰেণীটোত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা বিলাতত পঢ়িবলৈ যোৱা ছাত্ৰৰেই ভৰি আছিল। এশজন মান পুৰুষ যাত্ৰীৰ মাজত মাত্ৰ এক ডজন মান আছিল নাৰী। মই চিনি পোৱা একমাত্ৰ ল’ৰাজন আছিল অৰ্জান সিং। সি গৱৰ্ণমেণ্ট কলেজত মোৰ লগতে পঢ়িছিল। এবছৰৰ আগতেই সি বিলাতত পঢ়িবলৈ গৈছিল আৰু এইবাৰ দেউতাক বাৱা দিংগা সিঙৰ লগত জাহাজখনৰ প্ৰথম শ্ৰেণীত যাত্ৰা কৰিছিল। তাৰ দেউতাক আছিল সেই সময়ৰ সচ্ছল কাঠৰ ব্যৱসায়ী। সি আগৰবাৰ যাত্ৰাত হোৱা তাৰ অভিজ্ঞতাৰ কাহিনী কৈছিল। পৰ্ট চৈয়দৰ পতিতালয়ত কেইটামান পইচাৰ বিনিময়ত কেনেকৈ শ্বেতবৰ্ণা গাভৰুৰ সংগসুখ লাভ কৰিব পাৰি সেই অভিজ্ঞতা সি আমাৰ আগত লোভনীয়ভাৱে বৰ্ণনা কৰিছিল।

জাহাজখনত মই জনা আনজন মানুহ আছিল লাহোৰৰ দয়াল সিং কলেজত অলপতে অধ্যাপক হিচাপে যোগদান কৰা সোমনাথ চিব নামৰ মানুহজন। দুটামান সপ্তাহৰ আগতে তেওঁ লাহোৰ বিশ্ববিদ্যালয়ৰ জনাজাত সুন্দৰী সাৱিত্ৰী ভল্লাক বিয়া কৰাইছিল। সেইটো আছিল তেওঁলোকৰ মধুচন্দ্ৰিকা যাত্ৰা। তেওঁলোকে দুয়ো দুয়োৰে মুখলৈ তধা লাগি চাই থাকি নতুবা সকলোৱে দেখাকৈ দুয়ো দুয়োকে চুম্বন আলিংগন কৰিয়েই সময়খিনি পাৰ কৰিছিল। মাজে মাজে তেওঁলোক তেওঁলোকৰ দুজনীয়া কোঠাটোলৈ হুৰমূৰকৈ সোমাই যোৱা দৃশ্যটোৱে জাহাজৰ আন যাত্ৰীসকলক ঈৰ্ষাম্বিত কৰি তুলিছিল। জাহাজৰ যাত্ৰীসকলে সুবিধা পালেই তেওঁলোকৰ কথা চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিল।

আমাৰ কোঠাটোত মুঠতে ছজন পুৰুষ যাত্ৰী আছিল। প্ৰথম পৰিচয় হোৱাৰ অলপ পিছতে দুপৰীয়া ভাত খোৱাৰ ঘণ্টা বাজিছিল। খোৱা ঘৰলৈ খোজ লোৱাৰ আগতে জাহাজখন বোম্বে বন্দৰৰ পৰা ওলাই যোৱা দৃশ্যটো চাবৰ বাবে আমি ওপৰৰ ডেকলৈ উঠি গৈছিলোঁ। বিদায় জনাবলৈ অহা বন্ধুসকল আৰু পৰিয়ালৰ লোকসকলক তাৰপৰাই যাত্ৰীসকলে হাত জোকাৰি বিদায় সম্ভাষণ জনাইছিল। তাৰপিছতেই সমূদ্ৰৰ বুকুত প্ৰথমসাঁজ খাবৰ বাবে আমি তললৈ নামি আহিলোঁ। প্ৰথমতে পৰিৱেশন কৰা চুপ খাবলৈ লওঁতেই জাহাজখনে প্ৰচণ্ড গৰ্জন কৰি জোঁকাৰণি তুলিবলৈ আৰম্ভ কৰিলে। সেইটো আছিল বৰষুণৰ বতৰ, আৰৱ সাগৰৰ বুকুত তেতিয়া প্ৰচণ্ড ঢৌ। চুপৰ বাতি তাতে এৰি আমি নিজৰ কোঠালৈ লৰ ধৰিলোঁ। কোনোমতেহে মই নিজৰ কোঠাত থকা মোৰ ওপৰৰ বাৰ্থটোত উঠিবগৈ পাৰিলোঁ। লাহে লাহে প্ৰকট হ’বলৈ ধৰা বমি বমি ভাবটো বহু চেষ্টাৰ পিছত নিয়ন্ত্ৰণলৈ আহিল। জাহাজখনে ইমান বেছি শব্দ কৰিছিল যে সেইখন যেন অলপ পিছতে ভাগি খণ্ড-বিখণ্ড হৈ যাব। তাৰপিছৰ তিনিদিন একমাত্ৰ প্ৰাতঃকৰ্ম আৰু মাজে মাজে গা-মূৰ পোনাবলৈ নমাৰ বাদে মই বাংকৰ পৰা নামিবই পৰা নাছিলোঁ। মাজে মাজে কেবিনৰ ল’ৰাজনে খাবলৈ ফল আৰু ব্ৰেড আনিছিল, মই প্ৰায়েই সেয়া ঘুৰাই পঠাইছিলোঁ। তিনিদিন তিনিৰাতি এই দুৰ্ভোগ ভোগাৰ পিছত ‘কণ্টে ৰছৌ’ লাহে লাহে শান্ত হ’বলৈ আৰম্ভ কৰিলে। অশান্ত সমূদ্ৰৰ ঠাইখিনি আমি পাৰ হৈ আহিলোঁ। তাৰপিছদিনাই জাহাজখন এদেনৰ বন্দৰলৈ লাহে লাহে সোমাই গ’ল।

এদেনৰ বজাৰত কিছুসময় ঘূৰা-ঘূৰি কৰি দেখিলোঁ তাৰ বেছিভাগ দোকানেই ভাৰতীয় মানুহৰ। তাৰপিছত জাহাজখনত অহা যাত্ৰীসকলৰ লগত পৰিচয় হ’বলৈ আৰম্ভ কৰিলোঁ। মই এতিয়া তাৰে দুজনৰ কথাহে ক’ম যিদুজন পিছলৈ মোৰ জীৱনত আকৌ ভুমুকি মাৰিছিল। এজন আছিল লক্ষ্মীকান্ত ঝা। পিছলৈ তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদত অধিস্থিত হৈছিল। সত্তৰ বছৰমান বয়সত তেওঁৰ মৃত্যু হৈছিল। তেওঁ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ, মাৰ্কিন যুক্তৰাষ্ট্ৰত আমাৰ দেশৰ ৰাষ্ট্ৰদূত, জম্মু আৰু কাশ্মীৰৰ ৰাজ্যপাল আৰু প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰধান অৰ্থনৈতিক পৰামৰ্শদাতা আছিল। তেওঁ হস্তৰেখা আৰু কোষ্ঠীগণনাৰ প্ৰতিও আসক্ত হৈছিল। মোটোহা গাঠলু চেহেৰা হোৱাৰ পিছতো তেওঁ সহজেই সুন্দৰী নাৰীৰ সান্নিধ্য লাভ কৰিবলৈ সমৰ্থ হৈছিল। লণ্ডনত থাকোঁতে ঝা আৰু মই একেটা ঘৰতে কেইবামাহো আছিলোঁ আৰু পিছলৈ মাজে মাজে আমাৰ দুয়োৰে দেখা-সাক্ষাৎ হৈ থাকিছিল। আৰু এগৰাকী মহিলা চিনাকি হৈছিলো তেওঁৰ উপাধি আছিল নেহৰু, পিছলৈ স্বাধীন দেশৰ প্ৰধান মন্ত্ৰী হোৱা নেহৰুৰ কোনোবা আলেকৰ পালেক। তেওঁ সকলোসময়তে খাদী কাপোৰ পৰিধান কৰিছিল আৰু সুবিধা পালেই আমি দেশৰ বাহিৰত কেনেকৈ ‘ভাৰতৰ ৰাষ্ট্ৰদূত’ হিচাপে আচৰণ কৰিব লাগে সেই সম্পৰ্কে আমাক নীতিশিক্ষা দিছিল। আৰু আছে তেওঁৰ কথা, পাছলৈ থৈছোাঁ।

এদেনৰ পিছৰ যাত্ৰাটো আছিল বৰ আনন্দময়। লোহিত সাগৰৰ পানী আছিল এটা হ্ৰদৰ দৰে শান্ত-সমাহিত। ডেকৰ ওপৰত টেনিছ, কুইটো, টেবুল-টেনিছ খেল খেলি নতুবা জাহাজত লগপোৱা ছোৱালী কেইজনীৰ লগত কথা পাতি সময়বোৰ কটাইছিলোঁ। মৰুভূমিৰ ওপৰৰ পৰা বলা উষ্ণ বতাহ আহি গাত লাগিছিল। মাজে মাজে পৰিভ্ৰমী চৰাইৰ জাক উৰি অহা দেখিছিলোঁ। সাগৰৰ উৰণীয়া মাছ উৰি আহিও জাহাজৰ ডেকত পৰিছিলহি। এদিন, বেলি ডুবাৰ ঠিক পিছতে দেখিছিলোঁ সাগৰ বুকুত পানীৰ পৰা জপিয়াই জপিয়াই ওলাই আহিছে হাজাৰ হাজাৰ ডলফিন। পানীৰ ওপৰত ডলফিনৰ এখন বিশাল সাগৰ! ৰাতি আকাশৰ বুকুত দেখিছিলো জলমলাই থকা অজস্ৰ তৰাৰ আন এখন সাগৰ। শুক্লপক্ষৰ নিশা জোনৰ পোহৰত সাগৰখনে ৰূপালী বৰণ লৈছিল। সমূদ্ৰ যাত্ৰাৰ মাদকতা তুলনাবিহীন। আকাশীযানেৰে পিছৰ জীৱনত কৰা যাত্ৰাসমূহ আছিল বিৰক্তিকৰ। বিমানত পানীয়ৰ সোৱাদ লৈ, প্ৰয়োজনতকৈ বেছিকৈ খাদ্য খাই নতুবা কুছিমুছি বহি থাকি চিনেমা চাই চাই সময় কটাব লগা হোৱা সেই যাত্ৰাবোৰতকৈ সমুদ্ৰযাত্ৰা আছিল বহুগুণে অধিক উপভোগ্য আৰু আনন্দময়।

পিৰামিড চাবলৈ যাবলগা যাত্ৰীসকলক নমাই দিয়াৰ পিছত আমাৰ জাহাজখন চুয়েজ খালত সোমাল। মৰুভূমিৰ বালিৰ ওপৰেদি চলা এখন দীঘল ৰথৰ দৰে লগা জাহাজবিলাকৰ শাৰীটো লাহে লাহে আগুৱাই গ’ল। জাহাজখনৰ মাজৰ অংশৰ পৰা পানীৰ অস্তিত্ব দৃশ্যমানেই নহয়। ইজিপ্তৰ ফালে থকা পাৰটোত খালটোৰ পাৰে পাৰে এটা ৰাস্তা আছে। তাৰ কাষতে মাজে মাজে একোটা ঘৰ আৰু কাচিৎ ক’ৰবাত মানুহৰ জনবসতি থকা অঞ্চল দেখা পোৱা যায়। খালটোৰ আনপাৰে কেৱল বিস্তৃৰ্ণ মৰুভূমি, ক’তো জনবসতিৰ চিনচাব নাই। যাত্ৰাটোৰ ঠিক এই সময়খিনিতে, বাৱা অৰ্জান সিঙে পৰ্ট চৈয়দৰ জাহাজ ঘাটৰ নিষিদ্ধ এলেকাত গৈ কোনে কোনে কুমাৰত্বৰ অন্ত পেলাব খোজে তাৰ এখন তালিকা প্ৰস্তুত কৰিলে। তালিকাখনত মোৰ নাম নাছিল।

পৰ্ট চৈয়দত জাহাজখনৰ বিৰতি আছিল ছয়ঘণ্টাৰ। জাহাজখনৰ পৰা ওলাই অহাৰ লগে লগেই মূৰত ৰঙা মুছলমানী টুপি আৰু গাত দীঘল কূৰ্তা পিন্ধা ফেৰীৱালা ল'ৰা কিছুমানে বেৰি ধৰি নগ্ন যুৱতীৰ চিত্ৰ থকা কাৰ্ড কিছুমান বেছিবলৈ চেষ্টা কৰিলে। আন কিছুমানে ইজিপ্তৰ পতিতালয়ৰ সোৱাদ ল’বৰ বাবে নিবলৈ উদ্যত হৈ উঠিল। “তোমাক নালাগেনে?” - এটা হাতৰ মধ্যমা আঙুলিটো আনটো হাতৰ প্ৰথমা আৰু বুঢ়া আঙুলিটোৰে সাজি লোৱা বৃত্ত এটাৰ ভিতৰলৈ সঞ্চালিত কৰি কৰি সুধিলে। চাইমন আৰ্টজ ডিপাৰ্টমেণ্ট ষ্ট’ৰ নামৰ দোকানখন নোপোৱালৈকে এনেধৰণৰ দালালবোৰৰ আহ্বান অগ্ৰাহ্য কৰি আগবাঢ়ি গৈ থাকিলোঁ। ইমান ডাঙৰ দোকান মই আগতে কেতিয়াও দেখা নাছিলোঁ। তেতিয়া সেইখনেই আছিল এচিয়া মহাদেশৰ সৰ্ববৃহৎ দোকান। ইয়াৰ মালিক আছিল এজন ইহুদী। ইজিপ্তৰ ধনী লোকসকলৰ সঘন আহযাহ আছিল এই দোকানখনলৈ। মই আচৰিত হৈ দোকানখন চালোঁ কিন্তু একো নিকিনিলোঁ। দোকানখনৰ পৰা ওলাই দীঘল-ঠেক সাকোঁ এখনৰ ওপৰত থকা দোকানৰ শাৰী এটাত সোমালোঁ। সাঁকোখন গৈ শেষ হৈছেগৈ ফাৰ্ডিনেণ্ড দি লেছেপৰ মূৰ্তিটোৰ ওচৰত, যিয়ে চুয়েজখালটো নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। তাৰপৰা যেতিয়া উভতি আহিছিলোঁ কণ্টে ৰছৌৱে যাত্ৰাৰ পুনৰাৰম্ভণি কৰিবলৈ মাত্ৰ এঘণ্টা সময় বাকী আছিল। জাহাজখনলৈ উঠি যোৱাৰ আগে আগে মই খেজুৰৰ পেকেট এটা কিনিবলৈ বাধ্য হ’লো। দেখাত খেজুৰবোৰ আছিল আগতে হাদালিত দেখা খেজুৰতকৈ বেছি লোভনীয়। আকাৰত দীঘল আৰু ৰঙটোও গাঢ়। বিক্ৰেতা ল’ৰাটোৰ লগত দৰদাম কৰি কোৱা দামৰ আধাতে পেকেটতো ল’ব পৰাত মোৰ মনত আনন্দ লাগিছিল। ওপৰৰ ডেকত উঠি পেকেটতো খুলি মই আৱিষ্কাৰ কৰিলোঁ যে আটাইবোৰ খেজুৰৰে বাকলিটোৰ তলত সুমুৱাই থোৱা আছে অখাদ্য বালিধূলিৰ একোটা প্ৰলেপ!

মোৰ লগৰ কিছুমান সহযাত্ৰীয়ে আমাৰ জাহাজখনৰ ওচৰলৈ আহি বস্তু বিক্ৰী কৰা নাওবিলাকৰ পৰা কিবাকিবি কিনিবলৈ ধৰিছিল। মই তেওঁলোকক সাৱধান কৰি দিলোঁ। বহুতে চকলেটৰ পেকেট কিনিছিল আৰু খোলাৰ পিছত দেখিছিল চকলেটৰ বৰণৰ প্ৰলেপটোৰ ভিতৰখন সম্পূৰ্ণ খালী। কোনোবাই ফৰাচী ব্ৰেণ্ডৰ প্ৰসিদ্ধ সুগন্ধি আতৰৰ বটল কিনি আৱিষ্কাৰ কৰিছিল যে সেয়া গোন্ধ মিলাইথোৱা তেলৰ বটলহে! তাৰপিছতো মই বহুবাৰ পৰ্ট চৈয়দ আৰু কাইৰোৱেদি ভ্ৰমণ কৰিব লগা হৈছে কিন্তু কেতিয়াও মই ইজিপ্তত একো কিনি পোৱা নাই।

সেইদিনা সন্ধ্যাৰ পৰাই পতিতালয় দৰ্শন কৰি অহা ল’ৰাহঁতৰ দুঃসাহসিক অভিযানৰ কাহিনী শুনিবলৈ পালোঁ। তেওঁলোকৰ কাৰো বাবেই তাত পৰমাসুন্দৰী সুনৱীনা কামিনীয়ে অপেক্ষা কৰি থকা নাছিল, আছিল মধ্যবয়সীয়া আৰৱ আৰু কৃষ্ণবৰ্ণী মেদবহুল নাৰীয়েহে। এবাৰ তাৰ ভিতৰত ভৰি দিলে ওলাই অহাৰ উপায় নাই। যিমান খৰচৰ বন্দৱস্ত কৰা হৈছিল তাতকৈ বহু বেছি ব্যয় কৰি টিপচৰ নামতো অতিৰিক্ত পইচা দি ওলাই অহাৰ বাদে আন গত্যন্তৰ নাছিল। নাৰীদেহৰ প্ৰথম স্পৰ্শ হিচাপে যিমান খৰধৰকৈ তেওঁলোক আগুৱাই গৈছিল তাতোকৈ বেছি খৰধৰকৈ তেওঁলোক উভতি আহিছিল। বহুতে স্পৰ্শৰ আগতেই স্বস্তিৰ নিস্বাস এৰিছিল। উভতি অহাৰ পিছত বেশ্যালয়ৰ পৰা লাগি আহিব পৰা যৌনৰোগৰ আশংকাত তেওঁলোক আতংকিত হৈ পৰিছিল। তেতিয়ালৈকে তেওঁলোকৰ বেছিভাগেই সুৰক্ষিত যৌনসম্ভোগৰ আহিলাৰ কথা শুনাই নাছিল। তাৰপিছৰ দুদিন তেওঁলোকে চিফিলিছ বা গনোৰিয়াৰ দৰে যৌনৰোগৰ লক্ষণ নিজৰ দেহত দেখা পোৱা গৈছে নেকি তাকে পৰীক্ষা কৰি কৰি বহুসময় ব্যয় কৰিছিল। পৰ্ট চৈয়দত ডেকাহঁতে কি কৰিছিল সেই খবৰ গৈ অৱশেষত নেহৰু মহিলাৰ কাণত পৰিলগৈ। এদিন ৰাতিপুৱাই মহিলাগৰাকীয়ে এখন মিটিং পাতি আমাক তালৈ মাতি নিলে। তেওঁনো কি কথা শুনিলে সেই কথা উল্লেখ নকৰাকৈয়ে তেওঁ আমাক প্ৰৱচন দিবলৈ আৰম্ভ কৰিলে। “তোমালোকে পৰ্ট চৈয়দত কৰা কামৰ দ্বাৰাই আমাৰ দেশৰ পৰিচয় আনক দিব খুজিছা নেকি?”- তেওঁ তীক্ষ্ণ ভাবে সুধিলে। (আগলৈ.. )

No comments:

Post a Comment