Saturday, October 23, 2021

জীৱন বাটৰ দুই নম্বৰঃ



 

জীৱন বাটৰ দুই নম্বৰঃ
আজি ভালেমান দিন ধৰি মই Customer Care বা “অতিথি সেৱা” নামৰ বিষয়টোৰ লগত লাগি আছোঁ, প্ৰথম অৱস্থাত প্ৰত্যক্ষভাৱে আৰু এতিয়া পৰোক্ষভাবে। বৰ আমোদজনক বিষয়। অতিথি এজনে আচলতে গৃহস্থৰ পৰা বিচাৰে কি! এই প্ৰসংগটো আহিলেই মোৰ ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ “আগন্তুক” নামৰ অনাতাঁৰ নাট এলানিলৈ মনত পৰে। সূক্ষ্ম পৰ্যবেক্ষণেৰে বৰ মনোগ্ৰাহীকৈ লিখা সেই নাটলানি এবাৰ শুনিলে সতকাই পাহৰা টান। ঘৰলৈ আলহী আহিলে কেতিয়াবা যে এৰি দিবলৈকে মন নাযায়, বিদায় লওঁতে চকুপানী ওলাঁও ওলাঁও কৰে! আকৌ কেতিয়াবা আলহী “কেতিয়া যায় - কেতিয়া যায়” লাগে, দুৱাৰদলি পাৰ হলেই ‘ৰক্ষা পালোঁ’ ধৰণৰ ভাব এটা আহি সকাহ দিয়েহি! এইধৰণৰ মূহুৰ্তবোৰ ছাৰৰ হাতৰ পৰশত জীৱন্ত হৈ উঠিছিল। হিন্দী ভাষাত “অতিথি তুম কব যাওগে” বুলি পৰেশ ৰাৱাল আৰু অজয় দেৱগণে অভিনয় কৰা হাস্যৰসৰ চিনেমা এখনো আছে। এইয়া ব্যক্তিগত পৰ্যায়ৰ আলহী। পিছে, মই আজি ক’বলৈ ওলোৱা আলহী ব্যক্তিগত পৰ্যায়ৰ মাহী-পেহী লেখিয়া আলহী নহয়, কৰ্পৰেট আলহী। অনুষ্ঠান প্ৰতিষ্ঠানৰ ভাষাত কাষ্টমাৰ! ডাকঘৰত ডাক টিকট এটা কিনিবলৈ যাওঁতে আপুনি ডাকঘৰৰ আলহী, বেংকৰ কাম এটা লৈ গৈ উপস্থিত হোৱা বেংকৰ আলহী, স্কুলত ভৰ্তি হ’বলৈ গৈ এপৰ থিয় দি থাকিব লগা হোৱা স্কুলখনৰ আলহী আৰু চৰকাৰী অফিচত কাম লৈ গৈ আমনজিমনকৈ বহি থকা অফিচটোৰ আলহী আৰু শেষত, মই কৈ থকা বিষয়টো, অৰ্থাৎ এয়াৰপৰ্টত উৰাজাহাজ ধৰিবলৈ গৈ বোন্দাপৰ দি বহি থকা এয়াৰপৰ্টৰ যাত্ৰী আলহী!
কুৰী বছৰতকৈও অধিককাল বিষয়টোৰ লগত লাগি থাকি মই এইটোৱেই শিকিলোঁ যে অতিথি সেৱা এনেকুৱা এটা বস্তু যাৰ মূল্য দাতাই নহয় একমাত্ৰ ক্ৰেতাইহে ঠিক কৰিব পাৰে। কথাষাৰ অলপ বহলাই ক’ব লাগিব। তাহানি চৰকাৰী অফিচ হিচাপে প্ৰথম-প্ৰথম ভৰি দি পোৱা আমাৰ ডাকঘৰটোত মহাত্মা গান্ধীৰ ছবি এখন ওলমি আছিল। তাতে লিখা আছিল – “অতিথি হৈছে সাক্ষাৎ দেৱতা! প্ৰতিষ্ঠানটোৱে তেওঁক আচলতে একো উপকাৰ কৰা নাই, তেওঁহে অফিচটোলৈ আহি প্ৰতিষ্ঠানটোৰ উপকাৰ কৰিছে!” খালি কাউণ্টাৰটোৰ সমূখত প্ৰায়েই উপায়হীন হৈ থিয় দি থকা মই ডাকঘৰটোত কেনেধৰণৰ দেৱতা বুজি পাবলৈ মোৰ টান লাগিছিল। শৈশৱতে বিভ্ৰান্ত হৈ যোৱা এই কথাষাৰৰ গূঢ়াৰ্থ বুজিলো অতি পলমকৈ!
পৃথিৱীৰ বুকুত যিমান বিমানকোঠ আছে, তাৰ ভিতৰত অতিথি সেৱাত আজি বহুবছৰ ধৰি অবিসংবাদিত হৈ প্ৰথম স্থানত আছে ছিংগাপুৰৰ ছাংগি বিমানকোঠ। যাত্ৰীৰ বাবে বিমানকোঠটোৱে কৰা নাই কি? টেনিছ কৰ্ট, চুইমিং পুল, পখিলা গাৰ্ডেন আৰু শেহতীয়া ভাৱে যাত্ৰীৰ মনোৰঞ্জনৰ বাবে তৈয়াৰ কৰা এটা কৃত্ৰিম ঝৰ্ণাই যাত্ৰীসকলক অহৰহ সেৱাৰ সমল যোগাইছে। খোৱাৰ সুবিধা বা কিনা-কুটাৰ সুবিধাৰ কথা নক’লোৱেইবা! কিন্তু মোৰ উপলব্ধি, পাৰ্থিব এই উপাদানসমূহে বিমানকোঠটোক শ্ৰেষ্ঠ প্ৰতিপন্ন কৰা নাই, কৰিছে এই উপাদানসমূহ আৰু যন্ত্ৰ-পাতিৰ পিছফালে লুকাই থকা সৰু সৰু কিছুমান মানুহ আৰু সেই মানুহৰ প্ৰৱল ইতিবাচক দৃষ্টিভংগীয়েহে! যাত্ৰীসকলৰ মানসিকতা পুংখানুপুংখভাৱে অধ্যয়ন কৰি, কৰ্মচাৰীসকলক উপযুক্ত প্ৰশিক্ষণেৰে প্ৰশিক্ষিত কৰি লৈ তেওঁলোকৰ ‘হৃদয়ৰ পৰা সেৱা’ কৰাৰ যি হাবিয়াস (passion) ছাংগি বিমানকোঠে সৃষ্টি কৰিব পাৰিছে, সেইয়া মোৰ বাবে অপাৰ বিষ্ময়!
এটা উদাহৰণ দিওঁ নেকি, আগতে অনেকবাৰ বিভিন্ন পৰিৱেশত এই কথা মই কৈ আহিছোঁ।
২০১৪ চন। মই তেতিয়া ফিলিপিনছৰ মক্টান ছেবু নামৰ বিমানকোঠ এটাত কাম কৰি আছো। ছিংগাপুৰৰ বিমানকোঠটোৱেদিয়েই অহা-যোৱা কৰিব লগা হয়। তেনেকৈয়ে এবাৰ ফিলিপিনছৰ পৰা আহি নামিলোঁহি ছিংগাপুৰ বিমানকোঠত। প্ৰায় পাঁচ ঘণ্টাৰ পাছত দিল্লীলৈ অহা বিমান। বৃহৎ বিমানকোঠটোৰ টাৰ্মিনেল ভৱনত ঠায়ে ঠায়ে আছে অতিথি সেৱা কেন্দ্ৰ (Customer Care বা Information Counter)। সমগ্ৰ বিমানকোঠতে ইণ্টাৰনেটৰ বিনামূলীয়া সুবিধা আছে কিন্তু তাৰ বাবে পাছৱৰ্ড এটা কাষ্টমাৰ কাউণ্টাৰৰ পৰা সংগ্ৰহ কৰি ল’ব লাগে। মই আগবাঢ়ি যোৱা দেখিয়েই কাউণ্টাৰৰ ল’ৰাজন ঠিয় হ’ল। মোক ৱাই-ফাই পাছ ৱৰ্ড এটা লাগিছিল! ‘নিশ্চয়’ বুলি ল’ৰাজনে মোৰ পাছপৰ্টখন টেবুলৰ মেছিনটোত এবাৰ ঘঁহাই লৈ মোৰ হাতত কাগজ এটুকুৰা তুলি দিলে। তাৰপিছত মোৰ হাতৰ মোবাইলটোলৈ চাই ক’লে, - “আপুনি দিয়ে যদি মইয়েই ফোনটোত পাছৱৰ্ডটো লগাই দিব পাৰোঁ।” মইও ভালেই পালোঁ। মূহুৰ্ততে ল’ৰাটোৱে অতি ক্ষীপ্ৰভাৱে কামটো কৰি দিলে! নেটৱৰ্কৰ উজ্জ্বল ৰেখাকেইডালে মোৰ মনটোও পোহৰাই তুলিলে। প্ৰতিদানত ধন্যবাদ শব্দটোকে কেইবাবাৰো কৈ মই উভতিব খুজিলোঁ। ল’ৰাজনে আকৌ মাত লগালে,- ‘এক্সকিউজ মি ছাৰ?’ আচৰিত হৈ মই উভতি চালোঁ। - “ছাৰ, আপুনি পিঠিত লেপটপ্ এটাও লৈ আছে, সেইটোও যদি ব্যৱহাৰ কৰিব খোজে, সেইখন কাগজৰ নম্বৰটোৱে কাম নকৰিব, এইখনো লৈ যাওক, তাতে লেপটপৰ বাবে পাছৱৰ্ড লিখা আছে!”
হতভম্ব হৈ গ’লো। আনন্দৰ সীমা নাথাকিল! অতিথি সেৱাৰ কি এক অপূৰ্ব নিদৰ্শন! লগে লগে ওচৰতে থকা কাউণ্টাৰ এটাত গৈ ল’ৰাটোৰ সেৱাৰ প্ৰশংসাসূচক মন্তব্য এটা লিখি কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিলোঁ!
কিয় ইমান আনন্দিত হ’লো মই?
ভাবি ভাবি মই এই সিদ্ধান্ততে উপনীত হ’লো যে আগন্তুকে যেতিয়া আশাকৰাতকৈ সামান্য বেছি পায়, তাতেই নিহিত থাকে অতিথি সেৱাৰ সফলতা! অক্কণমান, সামান্য, আশা কৰাতকৈ অলপ অধিক উপাদানে অতিথি সেৱাৰ মান কেয়াৰৰ (Care) পৰা চেটিচফেকচনলৈ (Satisfaction) আৰু চেটিচফেকচনৰ পৰা ডিলাইটলৈ (Delight) মানদণ্ড উঠাই লৈ যাব পাৰে! আপাতঃদৃষ্টিত একেবাৰে নগন্য যেন লগা এই সামান্য অতিৰিক্তৰ প্ৰভাৱ সীমাহীন! আমাৰ লগৰ ৰাতুলে সমাজবিদ্যাত ২৯ নম্বৰ পাই অষ্টম শ্ৰেণীত ফেইল কৰিছিল, বিমানে সেই একে বিষয়তে ৩১ নম্বৰ লৈ নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাত কৃতকাৰ্য হৈছিল। মাত্ৰ দুটা নম্বৰে সিহঁতৰ জীৱনত পাছ-ফেইলৰ সিদ্ধান্ত লৈছিল। মাত্ৰ দুটা নম্বৰে!
জীৱনত উভতি চালে এনে লাগে, সেই অক্কণমান, সততে ধৰিব নলগা দুই নম্বৰ, প্ৰাপ্যতকৈ সামান্য অধিক, - এই মন্ত্ৰই জীৱন বাটৰো যেন সফলতাৰ সঁচাৰ-কাঠি!
(ফটোদুখন ইণ্টাৰনেটৰ পৰা সংগ্ৰহিত)

শাৰদীয় চিন্তাঃ


 

শাৰদীয় চিন্তাঃ
মনত আছে, ছাত্ৰাৱস্থাত প্ৰাচীন সাহিত্য চয়নত পাইছিলোঁ, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে শৰত ঋতুৰ ৰূপত মুগ্ধ হৈ “শৰৎ বৰ্ণনা” নামৰ কবিতাটো লিখিছিল – “শৰত সমান নাহি সুখকাল, হৰৈ দুখ অনুক্ৰমে।” একেটা কবিতাৰে এঠাইত আছে,- “গগণ নিৰ্মল স্বচ্ছ ভৈল জল, দূৰ গৈল মেঘগণ!” দূৰ হ’বলৈ এইবাৰ পিছে মেঘগণ ওচৰলৈকে নাহিল। দিনতে এন্ধাৰ কৰি অহা কলীয়া মেঘ দেখাই নাপালোঁ। দবাপিতা বৰষুণ এজাক চাম চাম বুলি থকাতে থাকিল!
আহিনৰ ৰূপ প্ৰকৃতিৰ পৰিৱৰ্তনত। পৰিৱৰ্তনেও এইবাৰ লুকাভাকু খেলিছে। প্ৰকৃতি যেন শেনৰ এজাত! এই অক্তোবৰ মাহতো এপ্ৰিল মাহৰ দৰে গেলেপা লগা গৰম। ক’ত গ’ল আমাৰ ল’ৰালিৰ আহিন!
যেনেকুৱা অঞ্চলত আমাৰ ল’ৰালি পাৰ হৈছিল, তেনেকুৱা অঞ্চলক আজিকালি ‘সংৰক্ষিত বনাঞ্চল’ নতুবা ‘অভয়াৰণ্য’ বোলে। শৈশৱ আৰু কৈশোৰত আমি বিচৰণ কৰি ফুৰা অঞ্চলত এনেকুৱা দিনত, শৰতৰ ডাঠ কজলা ছাঁৰ মাজেদি উজ্জ্বল ৰ’দৰ পোহৰ আহি মাটিত পৰেহি। তাত প্ৰখৰ উজ্জ্বলতা আছিল, নাছিল অসহনীয় উত্তাপ। এতিয়া বৃক্ষহীন বসুমতীৰ ওপৰত আহিনৰ দিনতো উত্তাপ আৰু উজ্জ্বলতাৰ থৈয়া-নথৈয়া ৰণ!
আমাৰ ঘৰৰ সমূখত আছিল দিগন্ত বিস্তৃত ধাননি পথাৰ। দিনে দিনে আহিনৰ পথাৰে বৰণ সলায়। সেইজীয়াৰো যে কত ৰূপ! সজাল ধৰা ৰোৱাৰ ওপৰেদি ঢৌ খেলি খেলি পাৰ হৈ যায় শৰতৰ “শীতল শিশিৰ ঢালা” (ৰবীন্দ্ৰনাথ)! ক’ত গ’ল এনে দিনৰ “মহা সুখকৰ সুৰভি শীতল, বহে বায়ু সৰ্বক্ষণ”? (শঙ্কৰদেৱ)। যিঠাইৰ ধাননি পথাৰৰ সৰু সৰু আলিয়েদি ল’ৰি গ’লে আমি ৰোৱাৰ মাজত লুকাই গৈছিলো, তাত আজিকালি খেতি নহয়! যুগ যুগ ধৰি বৈ থকা ডিপলোঙা নদীয়ে বাৰিষা হিৰ হিৰ শব্দ কৰি কালৰূপ ধৰি খেদি আহে আৰু দুয়োপাৰ ওপচাই পেলায়। ধান নহয় তাত। এতিয়া সেই পথাৰবোৰত পুখুৰী খন্দাৰ কথা ভবা হৈছে। কিয় নদীখনে এনে কৰে? আগতেতো তেনে নাছিল! পৃথিৱীৰ বহুদেশত বহু নদীৰ মৃত্যু হৈছে। আমাৰ দেশৰে অনেক নদী পৃথিৱীৰ বুকুত মিলি যাব নোৱাৰা আৱৰ্জনাই পুতি পেলাব ধৰিছে। অল্পমতি মানুহে অভ্যাসৰ সলনি কৰি নদ-নদী বচোৱাৰ চেষ্টা কৰাৰ সলনি প্ৰকৃতিৰ লগত সংঘৰ্ষ কৰিবলৈ সেই নদ-নদী চাফা কৰাৰ পৰিকল্পনা কৰিছে।
পৃথিৱীৰ বুকুত সভ্যতাৰ আৰম্ভনিৰে পৰা হয়তো এটা প্ৰজন্মই আগন্তুক আন এটা প্ৰজন্মৰ ভৱিষ্যতক লৈ সদায় সন্দেহ প্ৰকাশ কৰি আহিছে। “নাই আৰু সেই দিন নাই” বুলি আক্ষেপ কৰিছে। কিন্তু এতিয়াৰ দৰে অতীতত কেতিয়াও যেন অনাগত ভৱিষ্যতক লৈ মানূহ ইমান শংকিত হ’ব লগা হোৱা নাছিল! ক’ৰবাত কিবা এটা হৈছে, কিন্তু ক’ত কি হৈছে কোনেও নাজানে! পৃথিৱী নামৰ গ্ৰহটো ক্ৰমান্বয়ে সূৰ্যৰ ওচৰ চাপি গৈছে নেকি? বাৰ্ষিক গতি – আহ্নিক গতিতো একেই আছে!
আকাশে পিন্ধা নাই শাৰদীয় শোভা, বতাহে অনা নাই আহিনৰ মাদকতা, বেলিৰ পোহৰত নাই কোমল স্নিগ্ধতা! “পুৱতি নিয়ৰ সানি চেঁচা বা-ছাটি, বৈ যায় কপাল তিয়াই..” নলিনীবালাৰ এই কবিতাফাঁকি নিশ্চয় শীতকালৰ!
বলিয়া বাস্তৱক মানি লৈ ঢৌতে খৰ মাৰি কেইটামান ঘণ্টা জংঘলত থাকি আহিলোগৈ। ভূটান-অসমৰ বনাঞ্চলে কেইটামান প্ৰহৰৰ বাবে মোক আকৌ ল’ৰালিলৈ লৈ গ’ল। উলুৱনিৰ মাজে মাজে মুক্ত বিচৰণ কৰি কেইটামান ঘণ্টা দেহৰ সিৰা উপসিৰাইদি সুমুৱাই ল’বলৈ চেষ্টা কৰিলোঁ জীৱনামৃত। স্মৃতিকাতৰতাই ম্ৰিয়মান কৰিছে, বৰ্তমানে হতাশ কৰিছে আৰু ভৱিষ্যতে শংকিত কৰিছে। শেহতীয়া ভাবে পৃথিৱীৰ বহু ঠাইত মাটিয়ে ‘মাটিৰ গুণ’ এৰিছে (soil depletion)। শেষ হৈছে মাটিৰ উৰ্বৰতা আৰু পৌনঃপৌনিক উৎপাদন ক্ষমতা। তেনে মাটিত শস্য নগজে, পানী নৰয়, পোক পতঙ্গই আশ্ৰয় ল’ব নোৱাৰে, আচৰিত কথা, তেনে মাটিত মৃত্যুৰ পাছতো মিলি নাযায় মাটিৰ মানুহ!
সংশয়ৰ এই মূহুৰ্তত এটাই মাথো সান্ত্বনা, ক’ৰবাত নহয় ক’ৰবাত, অন্ততঃ এক নগণ্য সংখ্যক লোকে হলেও আন্তৰিকতাৰে ইয়াৰ পৰিত্ৰাণৰ বাবে অহোৰাত্ৰি কাম কৰি আছে।
আটাইলৈ শাৰদীয় ওলগ জনালোঁ।

সৰ্বেশ্বৰ ছাৰ আৰু নাই!



 

সৰ্বেশ্বৰ ছাৰ আৰু নাই!
শিক্ষাগুৰু, মোৰ হাস্যৰস-প্ৰেমৰ এক অমল উৎস, যোৱাবছৰ প্ৰকাশ হোৱা মোৰ “জীৱন বাটৰ ৰস” নামৰ কিতাপখনৰ তিনিটা মূল চৰিত্ৰৰ অন্যতম, সৰ্বেশ্বৰ ছাৰ আৰু নাই। ভাতৃপ্ৰতীম নিতুমনিয়ে (ভূঞা) খবৰটো কালি লগে লগেই দিলে – ছাৰ ঢুকাল। ছাৰৰ মৃত্যুৰ লগে লগেই যেন এটা অধ্যায়ৰ সমাপ্তি হ’ল। এনে লাগিছে ইপাৰতকৈ সিপাৰতহে যেন চিনাকি মানুহৰ সংখ্যাটো লাহে লাহে বাঢ়ি আহিছে।
ছাৰ মোৰ দৰেই বহুতৰ বাবে অকল পঢ়াশালি নামৰ প্ৰতিস্থান এটাৰ শিক্ষকেই নাছিল। কিতাপখনত মই ছাৰৰ কথা এইদৰে লিখিছিলো – “কটন কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক শিক্ষা গ্ৰহন কৰি অহাৰ পাছতে বৰকটকী ছাৰে এদিন সৰ্বশ্বৰ ছাৰক “কৰচোন ইয়াতে অলপদিন” বুলি স্কুলৰ চাকৰিলৈ মাতি আনিলে৷ ছাৰে ইচ্ছা কৰা হলে এজন প্ৰশাসনীয় বিষয়া, অধ্যাপক নতুবা এজন উকীল হৈ কৰ্মজীৱন আৰম্ভ কৰিব পাৰিলেহেঁতেন৷ কিন্তু ছাৰে তেনে নকৰিলে৷ স্কুলখনৰ উৰ্বৰ ভূমিৰ মোহত শিক্ষকতা, নাট্যচৰ্চা আদিৰে আমাৰ অঞ্চলটোক নেতৃত্ব দি সেই চাকৰিতেই এদিন ছাৰে অৱসৰ গ্ৰহন কৰিলে৷
প্ৰখৰ হাস্যৰস আৰু ক্ষীপ্ৰ-তীৰ্যক ব্যংগত ছাৰৰ সমকক্ষ কোনো নাছিল৷ সততে গহীন হৈ থাকি ছাৰে কেতিয়াবা এনেকুৱা কিছুমান বাক্য প্ৰয়োগ কৰিছিল যে শ্ৰোতাৰ পেটৰ নাৰী ডাল ডাল হৈছিল৷ সেই গুণ ছাৰলৈ স্বতঃস্ফূৰ্ত ভাবে আহিছিল৷ মোৰ দৰে অনেক ছাত্ৰয়েই ছাৰক পৰম শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ছাৰে উপহাৰ দিয়া কেতবোৰ অতুলনীয় মূহুৰ্তৰ বাবে৷ কথা কোৱাৰ অপূৰ্ব কৌশল আৰু প্ৰখৰ হাস্যৰসৰ তুলনাবিহীন প্ৰয়োগত সৰ্বেশ্বৰ ছাৰৰ যেন কোনো সমকক্ষই নাছিল!”
যোৱাবছৰৰ ডিচেম্বৰ মাহত মোৰ ডাঙৰ ল’ৰা বাপুকলৈ ছাৰৰ ওচৰলৈ গৈছিলো। ছাৰৰ ল’ৰা সৌৰভো (অভিনেতা সৌৰভ হাজৰিকা) সেইদিনা ঘৰতে আছিল। ছাৰৰ সমসাময়িক কোন কোন এতিয়াও জীয়াই আছে তাৰ হিচাপ দি আৰু তেখতসকল কি কি খোৱা কাৰণে নতুবা সেৱন কৰা কাৰণে জীয়াই আছে সেইয়া ছাৰে ৰগৰ কৰি ইম্মান ৰস লগাই কৈছিল যে এতিয়াও মনত পৰিলে হাঁহি উঠে। মুখে মুখে চলি অহা ছাৰৰ কেইটামান কাহিনীহে মই লিখিব পাৰিলো, নিলিখা বহু কথা এতিয়াও আমাৰ অঞ্চলটোত চলিয়েই আছে।
এক সাৰ্থক জীৱনৰ উদাহৰণ দেখুৱাই ছাৰে জীৱনটো অতিবাহিত কৰিলে। মহাজীৱনৰ সিপাৰে আকৌ ছাৰক লগ পোৱাৰ আশা ৰাখিছো। ছাৰৰ মৃত্যুত মই মোক কম কথাৰে, কিন্তু মৰমৰ ৰস আৰু আশীৰ্বাদেৰে চিৰদিন অনুপ্ৰানিত কৰি ৰাখিব পৰা এজন গুৰুসদৃশ ব্যক্তিক হেৰুৱালোঁ। ছাৰলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি আৰু সৌৰভ সমন্বিতে পৰিয়ালৰ আটাইলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।