Friday, October 18, 2019

আৰোহণ


(লেখকৰ টোকাঃ যেতিয়া মোবাইল নাছিল তেতিয়াৰ, - যোৱা শতিকাৰ শেষ দশকৰ আৰম্ভণি সময়ত, কুৰীবছৰীয়া এটা ডেকালৰাৰ এইয়া আছিল কল্পকথা৷ কাহিনীৰ পটভূমি তেতিয়াৰ মাদ্ৰাজ, এতিয়াৰ চেন্নাইসময় ১৯৯০-৯১)



আৰোহণ/ ১
-        পাৰদন্‌ প্লিজ?
-         এচ্‌.ই.এন্‌.এম্‌. ইউ, জি, এ, আৰ্‌, এ, এম, এ, এন্‌ - চেনমুগাৰমণ্‌!
-         আই চি, থেংক ইউ৷তাৰ পিচত মোৰ নাম কোৱাৰ পাল৷
-         ডি,ইউ, টি, টি, এ – দত্ত – দত্‌-অ৷

তাৰ পিচতো শব্দটো চাৰিবাৰমান উচ্চাৰণ কৰি আৰু অৱশেষত কাগজত লিখি দিলেহে চেনমুগাৰমণে মোৰ নামটো দত্‌ বা দুত বুলি উচ্চাৰণ কৰিব পাৰে৷ শেষত দত্‌ আৰু দুতক দত্তলৈ সলনি কৰিবৰ বাবেও কেইবাৰমান কছৰৎ কৰিব লগা হয়৷               চেনমুগাৰমণৰ ঠাইত নামটো আন হ’ব পাৰে, দত্তৰ সলনি বৰুৱা, হাজৰিকা, শইকীয়া, বসুমতাৰী যিকোনো এটা হ’ব পাৰে, কিন্তু দক্ষিণ ভাৰতীয়ৰ লগত চিনাকি হোৱাৰ প্ৰক্ৰিয়াটো এনেকৈয়ে যে আৰম্ভ হয়, তাত অকণো সন্দেহ নাই৷               ঠিক ইয়াৰ পিচতে সোধাৰ আটাইতকৈ বেছি সম্ভাৱনা থকা প্ৰশ্ন কেইটা হ’লঃ প্ৰফুল্ল মহন্তক জানোনে, বড’ কোন, তেওঁলোক অসমীয়া নহয় নেকি, আলফা কি, অসম বন্ধই বা কেনেকুৱা? এইবোৰ প্ৰশ্নৰ উত্তৰৰ ৰূপটোও প্ৰশ্নকৰ্তা ভেদে বিভিন্ন হয়৷               শ্ৰীবিদ্যাৰ লগত কিন্তু মোৰ চিনাকি এই প্ৰক্ৰিয়াৰে হোৱা নাছিল৷ সহপাঠী দক্ষিণ ভাৰতীয় বন্ধুসকলৰ নামবোৰ মনত ৰাখিবলৈ প্ৰথমে বহীত লিখি লৈছিলো – আৰ কৃষ্ণমূৰ্তী, চি.ভি. ভেংকট সুব্ৰামণিয়াম, ডি. ৰামনাৰায়ন, কে. অনন্তৰাঘৱন, পি. সুন্দৰৰাজন, শ্ৰীনিৱাসন, সুধাকৰণ....৷ লাহে লাহে ভেংকট সুব্ৰামনিয়াম, ৰামনাৰায়নহ’তক যেতিয়া সুব্ৰামনিয়াম, নাৰায়ন বুলি মাতিব পৰাৰ ঘনিষ্ঠতা আৰম্ভ হৈছিল, তেতিয়াহে এদিন সুধিছিলো – হোৱাটছ্‌ দা নেইম্‌ অৱ দেট্‌ গাৰ্ল? সেইজনী ছোৱালীৰ নাম কি?               ছোৱালীৰ নাম ল’ৰাৰ দৰে টান নহয়৷ প্ৰথম বেঞ্চৰ কাষত বহাজনী লতা, ৰঙাশাৰী পিন্ধাজনী জয়লক্ষ্মী, তাৰ পিছৰ জনী শুভলক্ষ্মী, সেইজনী বাসন্তী, সুগন্ধী, ৰাধা আৰু তৃতীয় বেঞ্চত বহা আটাইতকৈ ধুনীয়া ছোৱালীজনীৰ নাম শ্ৰীবিদ্যা৷

               লাহে লাহে প্ৰটন, নিউট্ৰন আৱিষ্কাৰ কৰি আমাৰ ক্লাছটোৱে এট’মৰ মডেল বনাব পৰা হৈছিলগৈ৷ আমিও লাহে লাহে পুৰণা হৈছিলো৷ বন্ধুসকলৰ নামবোৰ মনত পেলাবলৈ বহীৰ পাত লুটিওৱাৰ প্ৰয়োজন কমি আহিছিল৷ তেতিয়াহে এদিন অনুভৱ কৰিলো – ছাত্ৰী বন্ধুসকলৰ নামবোৰ মনত ৰাখিবলৈ যিমানেই সহজ নহওঁক কিয়, বাৰ্তালাপ কৰাতো সিমান সহজ নহয়৷               কথাটো হয়৷ তামিল সমাজত অচিনাকি ডেকাৰ লগত ছোৱালী এজনীয়ে প্ৰকাশ্যে কথা পতাৰ নিয়ম নাই৷ আমাৰ কথা বাদ দি তামিল বন্ধুসকলেও ছাত্ৰীসকলৰ লগত কোনো ধৰণৰ কথা বতৰা নপতাত আমি আচৰিত হৈছিলো৷               আমাৰ কলেজ চৌহদৰ এমূৰে এটা মন্দিৰ আছে৷ পূৱা, গধুলি মন্দিৰটোত ঘন্টা বাজে, ধুপ-ধুনাৰ গন্ধত চৌহদটো আমোলমোলাই থাকে৷ শ শ তামিল মানুহ শাৰী পাতি ভগৱানক সেৱা কৰিবলৈ সাজু হয়৷ মন্দিৰৰ ভিতৰত প্ৰণাম কৰি কপালত চন্দনৰ ফোট লৈ ওলাই অহা বিভিন্ন বয়সৰ তামিল মানুহক চাই থাকি বৰ ভাল লাগে৷ উচ্চ পদস্থ বিষয়াৰ পৰা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা মানুহলৈকে সকলোৰে কপালত চন্দনৰ ৰেখা৷ বহুতৰ ক’লা কপালৰ বগা ৰেখা দূৰৰ পৰাই চকুত পৰাকৈ জিলিকি থাকে৷               আমাৰ ক্লাছত আটাইতকৈ বেছি চিঞৰ বাখৰ কৰিব পৰা বুলি নাম থকা ৰুক্মীণি নামৰ ছোৱালীজনীক এদিন মন্দিৰৰ পৰা ওলাই অহা দেখিলো৷ মই দৈনিক বাতৰি ককতখন কিনি হোষ্টেললৈ উভতি আহিছো৷ ঠিক মন্দিৰৰ সন্মূখতে তাইৰ লগত মোৰ ভেটা-ভেটি হোৱাত চকুৱে চকুৱে পৰিল৷ -এইজনীয়েই আটাইতকৈ স্মাৰ্ট দেখুৱাব খোজা ৰুক্মীণি৷ তাই চুলিত এডাল ফুলৰ মালা আঁৰি লৈছে৷ তাই মোক মাতিব নেকি, নে মইয়েই মাতো? মোলৈ চাইছেও দেখোন! ক’ব নোৱাৰাকৈয়ে অতৰ্কিতে মোৰ মুখৰ পৰা ওলাই আহিল –-         হেল্ল’


মোৰ হেল্ল’-লৈ কাণসাৰ নকৰি নিৰ্বিকাৰ হৈ তাই গুছি গ’ল৷ মই স্তম্ভিত হৈ গ’লো৷ শংকা আৰু উত্তেজনাৰ মাজেদি ওলোৱা মোৰ হাঁহিটো নোহোৱা কৰিবলৈও মই বৰ অসুবিধা পালো৷ এইয়াতো প্ৰচণ্ড অপমান, চূড়ান্ত অভদ্ৰামি৷ কি প্ৰয়োজন আছিল মোৰ অত্যাধিক বদান্যতা প্ৰকাশ কৰাৰ! ইহঁতৰ লগত পৰিচয় নহ’লে মোৰ তিলমাত্ৰও অপকাৰ নহয় আৰু পৰিচয় হৈ একে বেঞ্চত বহি মেল মৰাৰো মোৰ কোনো হাবিয়াস নাই৷ ছিঃ কি বুলি ভাবিলে মোক ছোৱালীজনীয়ে? ইয়াত এনেকৈ কোনোবা ল’ৰাই হঠাতে ছোৱালী এজনীক মাতিলে, ছোৱালীজনীয়ে কি বুলি ভাবে?   (আগলৈ)                 

আৰোহণ/ ২

               মই পিচদিনা ক্লাছলৈ নাযাওঁ বুলিয়েই ভাবিছিলো৷ মই ঘটনাটো মোৰ কোঠাবন্ধু মাধৱৰাওক কৈছিলো৷ সি ক্লাছলৈ নোযোৱাৰ বিৰোধিতা কৰিলে৷ ছোৱালীজনীক মতাত মোৰতো কোনো কু-অভিপ্ৰায় নাছিল – পৱিত্ৰ মনেৰেই মই সাধাৰণ ভদ্ৰতাকণ প্ৰকাশ কৰিব বিচাৰিছিলো! মাধৱৰাওৱে মই ক্লাছলৈ নগ’লে হ’ব পৰা দুটা সম্ভাৱনাৰ ইংগিত দিয়াত মোৰ সিন্ধান্ত বাতিল কৰিব লগা হ’ল৷               ইয়াৰ দুদিনমানৰ পিচৰ কথা৷ ক্লাছত মই হঠাতে বেছি গহীন হৈ পৰাৰ লক্ষণ ফুটি উঠিছিল হ’বলা, নাৰায়ন, শ্ৰীনিৱাসনহঁতে সুধিলে- আৰন্ট ইউ ৱেল? ৰমেশ, ৰাহুল, বিজয়হঁতে সুধিলে – তবিয়ত ঠিক নেহি হেই কিয়া ইয়াৰ?  মই “ৱেল”-য়েই আছিলো, “তবিয়ত”-ও মোৰ ঠিকেই আছিল, কিন্তু ঘটনাটো ইমান সহজে হজম কৰাৰ বাবে মোৰ স্নায়বিক গাঠনি শক্তিশালী নাছিল বাবেই স্বাভাৱিক হ'ব পৰা নাছিলো৷ আগৰ অৱস্থা পাবলৈযে আৰু কেইটামান দিন লাগিব তাত মোৰো সন্দেহ নাছিল – অন্ততঃ ক্লাছত ৰুক্মীণি থকালৈকে৷-         এক্সকিউজ্‌ মি, আৰ ইউ মিঃ দত্ত ফ্ৰম আচাম?
ককালত বাঘৰ ছাল, হাতত ত্ৰিশূল লৈ ৰুদ্ৰৰুপী সদাশিৱও যদি মোৰ আগত এই অৱস্থাত হাজিৰ হ’লহিহেঁতেন মই ইমান আচৰিত নহ’লোহেঁতেন৷ সদাশিৱৰ সলনি ৰুক্মীণি হোৱা হ’লেও মোৰ চকুৱে বিশ্বাস কৰিলেহেঁতেন৷ কিন্তু এইজনীযে আমাৰ ক্লাছৰে নহয়, সমগ্ৰ কলেজখনৰে আটাইতকৈ ধুনীয়া ছোৱালীজনী – শ্ৰীবিদ্যা! মোৰ কাষত বহি থকাজন চেন্‌মুগাৰমণ, পিছত বহাজন শ্ৰীনিৱাসন ৷ ইহঁত দুটাৰ ভিতৰত কাৰোবাৰ নাম দত্ত হ’ব পাৰে নেকি? কিন্তু সিহঁত এজনোতো অসমৰ পৰা অহা নহয়, আৰু শ্ৰীবিদ্যাইও পোনে পোনে মোৰ চকুলৈকে চাই আছে৷ মোক বন্ধুসকলে দত্ত বুলি মাতে – মোৰ উপাধিহে দত্ত, নাম অচিন্ত্য৷ দত্ত শব্দটোৰ লগত সম্পৰ্ক থকা আৰু ‘ফ্ৰম আচাম’ বুলি ক’ব পৰা কোনো ল’ৰা সদ্যহতে মোৰ কাষত বহি থকা নাই৷ এই মূহুৰ্তত সৰ্বমুঠ দুকুৰি দুটা ছাত্ৰ-ছাত্ৰীৰ অন্তত চাৰিকুৰি চাৰিটা চকুৱে আমালৈ চাই আছে৷ মোৰ মুখৰ ৰং বাৰে বাৰে সলনি হৈছিল হ’বলা – শ্ৰীবিদ্যাই হঁহাৰ দৰে কৰিছিল৷        মোৰ মুখেদি কোনো শব্দ নোলাল, মাথো মূৰটো এবাৰ নিজে নিজে দো খাই গৈছিল৷        তাৰ পিছত তাই মোক যোৱা সপ্তাহৰ হ’মৱৰ্ক কৰিলোনে নাই সুধিলে৷-         ডান্‌ ডান্‌- ডান্‌, অলৰেদি ডান্‌, হিয়েৰ ইজ দিছ৷
মুহূৰ্ততে ছয়খন নোটবহী তল ওপৰ কৰি নিৰ্দ্দিষ্ট বহীখন তাই সন্মূখত দাঙি ধৰিলো৷ মোৰ দয়াৰ বাবে ধন্যবাদ, বহীখন দিয়াৰ বাবে কৃতজ্ঞতা আৰু পিছদিনা ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি তাই বহীখন লৈ গ’ল৷
        কি কাণ্ড! এইটো এটা নোহোৱা নোপোজা ঘটনা৷ শ্ৰীবিদ্যা মোৰ ওচৰলৈ অহাৰ লগে লগে ক্লাছটোৰ হুলস্থূলবোৰ কমি গৈছিল৷ আমাৰ কথা-বতৰা চলি থকা সময়খিনিত মই কাৰো মুখৰ এটাও শব্দ শুনা নাছিলো৷ আমাৰ মাজত হোৱা কথা-বতৰা অন্ততঃ আধাতকৈও বেছি ল’ৰাই স্পষ্টকৈ শুনিছিল৷ তাই আঁতৰি যোৱাৰ লগে লগে গুণগুণনি আকৌ আৰম্ভ হ'ল৷ মই অস্বস্তি অনুভৱ কৰিলো৷ মোৰ এনে লাগিল যেন প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ মুখৰ পৰা সৃষ্টি হোৱা প্ৰতিটো শব্দই আহি মোক আগুৰি ধৰিছেহি – কেনিও লৰচৰ কৰাৰ মোৰ অকণো সুবিধা নাই ৷ এইটো ঘটনাৰ বা আকৌ কি ৰূপ! হঠাতে অচিনাকি ছোৱালী এজনীয়ে ল’ৰা এটাক মাতিলে ল’ৰাটোৱেবা ইয়াত কি বুলি ভাবিব লাগে? মই বা কি বুলি ভবা উচিত!        মই অসমৰ পৰা অহা দত্তনে? – মোৰ নামে ধামে সংগ্ৰহ কৰি ছোৱালীজনীয়ে যি ধৰণে বহীখন লৈ গ’লহি, মই ভাবিবলৈ বাধ্য হ’লো, আগৰ ঘটনাটো যদি মোৰ হজম হোৱা নাছিল, এইটো ঘটনাই নিৰ্ঘাত মোৰ বদ হজমী কৰিব ৷    (আগলৈ)

আৰোহণ/ ৩

সেইয়াই আৰম্ভণি ৷

শ্ৰীবিদ্যাই মোক বহীখন ওভোতাই দিবলৈ আহিলে মই কি কি প্ৰশ্ন কৰিম আগতেই ভাবি থৈছিলো৷ প্ৰশ্নকেইটা এক প্ৰকাৰ মুখস্থই হৈ গৈছিল৷ পৰিকল্পনামতেই প্ৰথমে মই তাইক সুধিলো – তাই মোক অসমৰ পৰা অহা বুলি কেনেকৈ জানিলে?

- হোৱাই নট? – তাই অসমৰ বহুত কথাই জানে৷ তাইৰ মোমায়েক এজনে অৰুণাচলত চাকৰি কৰে৷ তেখেতৰ অসমীয়া বন্ধু এজনৰ নামো দত্ত৷ তেখেতৰ মুখেৰেই অসমৰ কিছুমান কথা তাই জানিব পাৰিছে৷ তাৰোপৰি তাই অসমৰ বিষয়ে লিখা কেইবাখনো কিতাপ পঢ়িছে৷ এসময়ৰ ‘কংগ্ৰেছমেন্‌ দেভ্‌কান্ত্‌ বৰুৱা’-ৰ নামো তাই জানে৷ ‘গ্ৰেট ছিংগাৰ ভূপেন হাজাৰিক’-ৰ নামো তাই শুনিছে৷ বেছি বৰষুণ হোৱা মৌচিনৰাম এসময়ততো অসমতে আছিল – এতিয়াহে ‘মেঘালয়া’-ত পৰে৷ অসমততো এটা বৰ আপুৰুগীয়া সম্পত্তি আছে – এশিঙিয়া গড়৷ অসমীয়া মানুহবোৰ বৰ ভাগ্যৱান নহয়নে?
সুধিম বুলি ভাবি থোৱা আটাইকেইটা প্ৰশ্ন মোৰ সোধা নহয়গৈ৷ প্ৰশ্নটো মইহে কৰো, উত্তৰটো কিন্তু ক্লাছৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই অনায়াসে শুনিবলৈ পায়৷ শ্ৰীবিদ্যা মোৰ ওচৰলৈ আহিলেই ল’ৰা-ছোৱালী সকলোৰে গুণগুণনি একেলগে বন্ধ হৈ যায়৷ পিচৰ প্ৰশ্ন কৰিবলৈ মোৰ আৰু মানসিক শক্তি সঞ্চয় নহয়গৈ৷

শ্ৰীবিদ্যা সঁচাই ধুনীয়া৷ – চকু, নাক, দাঁত – হয়, হাজাৰবাৰ ক’ম, তাই সঁচাকৈয়ে ধুনীয়া৷ ধুনীয়া ছোৱালী বহুত দেখিছো, বহুতৰ লগত পৰিচয়ো আছে৷ এজনী ধুনীয়া ছোৱালীৰ লগত নিকট সম্পৰ্ক এটা স্থাপনৰ বাবে মোৰ কেইবাটাও বস্তুৰ অভাৱ বুলি মই বিশ্বাস কৰো৷ মোৰ এই অযোগ্যতাৰ বাবেই সুন্দৰীহঁতেও মোৰ লগত কোনো সম্পৰ্ক ৰাখিব নোখোজে বুলি মোৰ বন্ধুহঁতে কোৱা কথাষাৰ মই কেতিয়াও অবিশ্বাস নকৰো৷ আমাৰ ক্লাছততো কেইবাটাও সুন্দৰ চেহেৰাৰ ল’ৰা আছে, শ্ৰীবিদ্যাই বহীখন সিহঁতৰ এটাৰ পৰাই নিবিচাৰিলে কিয়? ক্লাছত তাই একমাত্ৰ মোৰ লগতেই কথা পাতে, বন্ধু পাতিবলৈ তাই সিহঁতৰ এটাকোতো বাচি ল’ব পাৰিলেহেঁতেন! নে, মোৰ লগত কথা পতা কাৰণেই তাইক মোৰ ভাল লাগিছে৷
দুদিনৰ পিচতে ওলাই গ’ল, মই হেনো “কামাল” কৰিলো৷ কোঠাবন্ধু মাধৱে মোক অভিনন্দন জনালে৷ বন্ধুহঁতে সুযোগ পালেই মোক শ্ৰীবিদ্যাৰ কথা সুধিবলৈ আৰম্ভ কৰি দিলে৷ বহুতে মোক ব্যঙ্গও কৰিলে৷ এদিন মাধৱৰাও নথকাৰ সুযোগ লৈ ক্লাছৰ পৰা আহিয়েই মই আৰ্চীখন লৈ ব্যস্ত হ’লোহি৷ চোলাৰ তলৰ কামিহাড় কেইডাল কামিহাড়কেইডাল বাৰু তাই দেখা নাই, গালৰ হনুদুডাল সোমাই গ’ল নেকি? – ক’তা, ঠিকেইতো আছে৷ ওলাই থকা পোকে খোৱা দাঁতটোৰ বৰণেই সলনি হ’ল বা? – ওহোঁ৷ তেনেহলে চকুদুটা? – সৌৱা আইনাত ওলোৱা মইটোৰ চকুৰ মণি দুটাই কোন দিশলৈনো চাই আছে মই নিজেই ধৰিব পৰা নাই দেখোন! নাই, নাই এইবোৰ বন্ধ কৰিব লাগিব৷ এইবোৰৰ বাবে কিছু যোগ্যতাৰ প্ৰয়োজন আছে৷ আৰু সেই যোগ্যতা অৰ্জন কৰাৰ বয়স আৰু সামৰ্থ দুয়োটাই মোৰ নাই৷
তথাপিও ক’ম, শ্ৰীবিদ্যা সঁচাই ধুনীয়া৷ (আগলৈ)


আৰোহণ/ ৪

শিক্ষক নথকা সময়খিনিত তাই মোৰ লগত কথা পতা আৰম্ভ কৰিছিল৷ নাম, ঠিকনা আৰু পঢ়া-শুনাৰ হিচাপ-নিকাচ পৰ্যায়ৰ কথা বতৰা শেষ হোৱাৰ পিছত আমি নতুন বিষয় উলিয়াইছিলো৷ কথা পতাৰ এই বিষয়বোৰ ৰাজনীতি সমাজনীতিৰ পৰা আৰম্ভ কৰি চুৰেচ নামৰ ছাৰজনে তাইলৈ কিয় ঘনে ঘনে চাই হাঁহি থাকে সেই প্ৰসংগটোও সাৰি যোৱা নাছিল৷ তাই মোক ঘনাই অসম বন্ধ পালন কৰি কামত ফাঁকি দি ভাল পোৱা অসমীয়া বুলি জোকালে, তাইক মই যৌতুকৰ কৰণেযে তামিলনাডুত ছোৱালীবোৰে আত্মহত্যা কৰে তাৰ কথা কৈ প্ৰতিশোধ লৈছিলো৷
সুখৰ কথা যে ছাত্ৰীবোৰৰ লগত দুই এক ছাত্ৰৰ চুটি চুটি কথা বতৰা আৰম্ভ হৈছিল৷
- কম্পিউটাৰ ক্লাছটো বুজিছনে?
- নাই ভাই৷ তই?
বচ তাতেই শেষ৷ মই শ্ৰীবিদ্যাক এদিন সুধিলো – ঐ, তহঁতৰ ছোৱালীবোৰে ল’ৰাৰ লগত কথা বতৰা নাপাতে কিয় অ’?
তাই চমু উত্তৰ দিলে – সিহঁতকে সোধ৷
-আমাৰ ক্লাছৰ যে ধুনীয়া ল’ৰা কেইটা, তোক যে মাতিবলৈ সুবিধা বিচাৰি ফুৰে, তই সিহঁতক নামাত কিয়?
- তাত তোৰ কি হানি পৰিল?
- মোৰ একো হানি পৰা নাই আৰু নপৰেও৷ কিন্তু তইযে এনেকৈ মোৰ লগত কথা পাতি থাক, ইহঁতে যে তোৰ লগতে মোকো ঈৰ্ষা কৰিবলৈ লৈছে তই গম পাৱনে নাই? আৰু সিহঁতে কোৱা কথাবোৰ তোৰ ঘৰৰ মানুহে গম পালে কি প্ৰতিক্ৰিয়া হ’ব তই জাননে নাজান?
-খুউব বেছি তোৰ লগত অসমলৈ গুচি যাব লাগিব, তাতকৈতো বেছি একো নহয়৷ তই মোক বিয়া কৰাবলৈ ৰাজী নহ’বি নেকি?
শ্ৰীবিদ্যাৰ চকুৰ পৰা একে কোবে মোৰ চকু মাটিলৈ নামি আহে৷ এনে প্ৰশ্ন হজম কৰাৰ মানসিক শক্তি মোৰ নাই৷ বাৰে বাৰে সলনি হোৱা মোৰ মুখৰ ৰং চাই তাই কয় – ভয় কৰিব নালাগে, জান? মই টালি টোপোলা বান্ধি যদি ঘৰৰ পৰা জহন্নামলৈ যাওঁ বুলিও ওলাই আহো, মামীয়ে কি ক’ব জান – যা, সোনকালে আহিবি, ঘৰত কাম আছে৷
তাৰ পিচত কেতিয়াবা আমাৰ কথাবোৰৰ ভাব আৰু সুৰেই সলনি হৈ যায়৷ বিনাবাক্যে শিৰ নত নকৰা ছোৱালীজনীও এনে মূহুৰ্তত দুৰ্বল হৈ যায়৷ তেতিয়া তাই নিজৰ কথা ক’বলৈ আৰম্ভ কৰে৷
সিহঁতৰ ঘৰ মাদ্ৰাজৰ পৰা বহু দূৰৰ কাৰাইকূডি নামৰ সৰু চহৰ এখনত৷ তাইৰ দেউতাক নাই, সৰুতেই ঢুকাল৷ মাকে সৰু চাকৰি এটা কৰে৷ মাকৰ সেই সামান্য উপাৰ্জনেই সিহঁতৰ পৰিয়ালৰ একমাত্ৰ সম্বল৷ পৰিয়াল মানে তাইৰ একমাত্ৰ ভায়েক আৰু মাকজনী৷ মাকৰ লগতে ভায়েক থাকে৷ শ্ৰীবিদ্যাই আৰ্থিকভাৱে সম্পূৰ্ণ সচ্ছল মোমায়েকৰ ঘৰত থাকি পঢ়িছে৷
তাৰ পিছৰ কথাখিনি গল্পৰ দৰে৷ তাই সৰু থাকোতে মোমায়েকে তাইক বৰ মৰম কৰিছিল, কিন্তু লাহে লাহে মামীয়েকৰ লগতে মোমায়েকেও তাইক আৱৰ্জনা বুলি ভবা হ’ল৷ বিশেষকৈ বিয়াৰ কেইবাবছৰো পিছলৈকে সন্তানৰ পিতৃ-মাতৃ হ’ব নোৱাৰাৰ ক্ষোভে শ্ৰীবিদ্যাৰ প্ৰতি তেওঁলোকৰ ব্যৱহাৰ দিনে দিনে ৰূঢ় কৰি আনিছে৷ তাই কেইবাদিনো মামীয়েকৰ অত্যাচাৰৰো সন্মূখীন হ’ব লগা হৈছে৷
কথাবোৰ কৈ কৈ কেতিয়াবা তাই কান্দি দিয়ে৷ ধুনীয়া ছোৱালীজনীৰ ধুনীয়া চকুদুটাৰ পৰা ওলাই অহা চকুপানী দেখিলে মোৰ বৰ কষ্ট পোৱা যেন অনুভৱ হয়৷ কি বিচিত্ৰ এই পৃথিৱী৷ তাতোকৈ বিচিত্ৰ এই মানৱ চৰিত্ৰ৷ তাইক মই শান্তনা কেতিয়াও দিয়া নাই, দিয়াৰ ভাষা বিচাৰি পোৱা নাই৷ আচলতে এনে অৱস্থাত কি কৈ আৰু কেনেকৈ শান্তনা দিব লাগে মোৰ কোনো জ্ঞান নাই৷ কান্দক, কান্দি কান্দি তাই দুখবোৰ চকুৰ পানীৰে উটুৱাই দিয়ক৷ ইমান ধুনীয়া ছোৱালী এজনীয়ে বুকুত দুখৰ বোজা এটা কঢ়িয়াই লৈ কষ্ট খাই থকাৰ কি অৰ্থ আছে? যেনেকৈয়ে নহওঁক, তাই কঢ়িয়াই ফুৰা দুখৰ ভাৰখন পাতলি আছে বুলি গম পালেই মই আটাইতকৈ ভাল পাওঁ৷ সেয়ে সকলোবোৰ কথা মই মাথো নিঃশব্দে শুনি যাওঁ৷ তাইও বুজি পায় -–এনে অৱস্থাত উপদেশ দিবলৈ মই অকল অনভিজ্ঞই নহয়, অসমৰ্থও৷ তাই তেতিয়াহলে সঁচাকৈয়ে মোৰ লগত অসমলৈ গুচি যোৱাৰ কথা ভাবিছে নেকি? - হ'ব পাৰে৷ হ'লে বেয়া হ’ব নেকি? – নাই, নাই নহয়, ভালেই হ’ব চাগৈ৷ (আগলৈ)

আৰোহণ/ ৫

কথাটো প্ৰচাৰ হ’বলৈ বেছি সময় নালাগিল৷ শ্ৰীবিদ্যাই অসমৰ দত্তক বিশ্বাসঘাটকতা কৰি চুৰেচ ছাৰৰ লগত প্ৰেম আৰম্ভ কৰিছে – হায়, হায়, দত্তৰ কপাল!
পিচদিনা দেখা দেখিকৈয়ে বন্ধুসকলে মোক শান্তনা দিবলৈ আৰম্ভ কৰিলে৷ ‘ চৌৰ দ’ ইয়াৰ, চৌৰ দ’৷ ‘লিভ দা মেটাৰ্‌’৷ ৰামহৰি নামৰ বঙালী ল’ৰা এটাই মোক মাজে মাজে ৰামকৃষ্ণ পৰমহংস আৰু বিবেকানন্দৰ কাহিনী কৈ শুনায়৷ এল’পেথিক্‌ ডাক্তৰবোৰ যে ভণ্ড – হ’মপেথিহে আচল দৰৱ বা শিলিখাৰ কিমান গুণ আছে জানো নে নাই, সেই বিষয়ে সি সুবিধা পালেই মোৰ আগত ভাষণ ডাঙি ধৰে৷ মোৰ কপাল ফুটা বুলি শুনি সি আহি মোক সত্য যুগৰ পৰা মোলৈকে কিমানজন পুৰুষক নাৰীয়ে বিশ্বাসঘাটকতা কৰিলে তাৰ হিচাপ কৰি মোক অষ্ট ধাতূৰে গঢ়া আঙঠি এটা তৰ্জনী আঙুলিত পৰিধান কৰিবলৈ উপদেশ দিলে৷ মোৰ সহপাঠী অসমৰ ইফ্‌তিখাৰে আহি ক’লেহি – বাদ দে বুইছ, যি হ’ব লগা আছিল হৈ গ’ল, দুখ নকৰিবি৷
দুখ মই কিয় কৰিম? মোৰ লগত কথা পতা বুলিয়েই আনৰ লগত তাইৰ কিবা সম্পৰ্ক নাথাকিব, এইটা কথা হ’ব পাৰে নেকি? আৰু সম্পৰ্ক কি, কালিলৈ তাই চুৰেচ ছাৰৰ লগত বিয়া হৈ গুচি যাবও পাৰে৷ তাত মোৰ দুখ কৰিব লগা নলগাৰ কি সম্পৰ্ক আছে? তাইতো মোৰ প্ৰেমিকা নহয়! বন্ধুহঁতক মোৰ চিঞৰি চিঞৰি ক’বৰ মন গৈছিল, কিন্তু কাকো একো ক’ব পৰা নাছিলো৷ নিঃশব্দে সকলো মাথো শুনি গৈছিলো৷ মই মুখ মেলিলেই কাণত আঙুলি দি শিং জোকাৰি থকা বন্ধুহঁতৰ আগত টোকাৰী বজোৱাৰ আগ্ৰহ আৰু প্ৰয়োজন এটাও মই উপলব্ধি কৰা নাছিলো৷
তাৰ পিচত দুদিন তাই ক্লাছলৈ অহা নাছিল৷ তৃতীয় দিনা মোক দেখিয়েই তাই হুলস্থূল লগাই দিলে – অসমৰ কোনোবা মন্ত্ৰী এজনে হেনো মহিলা এগৰাকীক বেয়া ব্যৱহাৰ কৰি মন্ত্ৰীসভাৰ পৰা খেদা খালে৷ দিল্লীৰ চিটিবাছৰ খবৰটো কাগজত দেখিছোনে নাই? যোৱা দুদিনৰ নোটখিনি কমপ্লিট কৰোত তাইৰ কম কষ্ট হ’ব নেকি!
তাইৰ কথাবোৰত মই বেছি উৎসাহ নেদেখুৱালো, ভদ্ৰতাৰ খাতিৰত মাথো ওঁ-আঁ কৰি গ’লো৷ চুৰেচ ছাৰ সম্বন্ধে মই তাইক একো নোসোধো বুলিয়েই ভাবিছিলো৷ যাওঁক, যিমান নামে সিমান ডুবিব, বাধা দিবলৈ মই কোন? এদিন তাই নিজেই চুৰেচ ছাৰৰ প্ৰসংগ উলিয়ালে৷ নিঃসংকোচে তাই মোক ক’লে – তাইৰ হেনো চুৰেচৰ লগত সম্পৰ্ক এটা গঢ় লৈ উঠিছে৷
- কংগ্ৰেচুলেচন! মই সংক্ষেপে শলাগি থ’লো৷ তাইৰ হেনো মোক বহুত কথা ক’বলৈ আছে৷ হঠাতে উঠি অহা খঙটো মোৰ আয়ত্বৰ বাহিৰ হৈ গ’ল৷
- তই পাগল হলি নেকি শ্ৰীবিদ্যা ? প্ৰশ্নটোৰ সুৰ আৰু জোৰ দেখি তাই থতমত খাই গ’ল৷
- চুৰেচে তোক বিয়া কৰাব নেকি?
- কিয়, তাত তোৰ কি হ’ল, তোক মই কেতিয়াবা বিয়া কৰাম বুলি কথা দিছো নেকি?
- মূৰ্খ, জধামূৰ্খ! তোৰ চকুকেইটা কণা হ’ল নেকি? চুৰেচ যে আদবয়সীয়া বিবাহিত তোৰ চকুত পৰা নাই? চুৰেচৰ ঘৰত যে আঠবছৰীয়া স্কুললৈ যাব পৰা ছোৱালী এজনী আছে তই জাননে নাজান? চুৰেচৰ ঘৈণীয়েকজনী কিয় গুচি গ’ল তই সেই বিষয়ে একো শুনাই নাইনে? নে তোৰ প্ৰেম কৰিবলৈ প্ৰেমিকৰ অভাৱ হৈছে? ভালদৰে ডেকা ল’ৰা এটাৰ লগত বিয়া হৈ যাবৰ বাবে তোৰ কিহৰ অভাৱ, ৰুপেই নাই নে গুণেই নাই? মানুহটোৰ চৰিত্ৰ সম্পৰ্কে তই একো নাজানইনে? বিয়া বাৰুৰ কথা বাদ দি তই যদি মজা লুটিবই বিচাৰিছ, আমাৰ ক্লাছৰে ডেকা এটা নধৰ কিয়? সিহঁতেতো তোৰ কাৰণে জেপ উদং কৰিবলৈ চল বিচাৰিয়েই আছে! নিজৰ ভৱিষ্যত সম্পৰ্কে চিন্তা কৰাৰ জ্ঞানকণো তোৰ নাই নেকি?
ওলাল যেতিয়া ভালকৈয়ে কৈ দিলো৷ মোৰ কথাৰ মাজত প্ৰশ্নবোৰৰো উত্তৰ মই নিজেই দি গৈছিলো৷ কিতাপৰ মাজত লুকাই থোৱা মোৰ ভন্টিয়ে কোনোবা প্ৰেমিকলৈ লিখা প্ৰেম-পত্ৰ এখন মই পোৱা হ’লে ভন্টিক যি ধৰণেৰে দাবি দিলোহেঁতেন শ্ৰীবিদ্যাকো মই সেই ব্যৱহাৰেই কৰিলো৷ কথাৰ মাজত তাইক মূৰ্খ বুলি বুজাবলৈ দুই এটা বাক্যও কৈ যাবলৈ মই পাহৰা নাছিলো৷
মুখেৰে এটাও শব্দ নকৰাকৈ মোৰ কথাখিনি শুনাৰ পিচতো বহুত সময় তাই মনে মনে থাকিল৷ শেষত তাই বেগৰ পৰা ৰুমালখন উলিয়াই চকু দুটা মচি ল’লে আৰু মোৰ ফালে নোচোৱাকৈ লাহে লাহে ক’লে – ছোৱালী এজনীৰ বিয়াৰ বাবে তাইৰ ৰূপ আৰু ডিগ্ৰীটোৱেই যথেষ্ট নহয়, আৰু বহুত কিবা কিবি লাগে৷ সম্প্ৰতি মোৰ সেই বহুত কিবা কিবি নাই৷ বাই ৷
মোক একো কোৱাৰ সুযোগ নিদি ভাল লগা ক্লাছলৈ পলম হ’লে বেগাই অহাৰ দৰে তাই আঁতৰি গ’ল৷ মই একে ঠাইতে থিয় দি থাকিলো৷ শ্ৰীবিদ্যাৰ দৰে ৰূপহী ছোৱালী এজনীৰ বিয়াৰ বাবে কি ‘বহুত কিবা কিবি ‘ নাই, যাব বাবে তাই বিবাহিত পুৰুষ এজনৰ লগত প্ৰেমৰ অভিনয় কৰিব লগা হৈছে! ছোৱালীজনীৰ কিবা গণ্ডগোল আছে নেকি? নে বদমেজাজী? ইহঁতৰ বিচিত্ৰ চৰিত্ৰ, বুজাই টান! (আগলৈ)

আৰোহণ/ ৬

তাৰ পিচতো শ্ৰীবিদ্যাৰ লগত মোৰ সম্পৰ্কৰ একো পৰিৱৰ্তন নহ’ল৷ আমি কলেজৰ কেইবাটাও পৰীক্ষাত পাছ কৰিলো৷ লতা নামৰ ছোৱালীজনী কলেজলৈ নহা হ’ল৷ শ্ৰীবিদ্যাই কোৱা বহুত কিবা কিবি নথকাৰ মই বহুত কিবা কিবি উত্তৰ পাইছিলো৷ তাৰ বেছিভাগেই বিশ্বাস কৰিবৰ মন যোৱা নাছিল৷ অপ্ৰত্যাশিত পৰিস্থিতিৰ সৃষ্টি হয় বুলি মই সেই প্ৰসংগ অৱতাৰণা নকৰাকৈ থাকিবলৈয়ে ভাল পাইছিলো৷ তাইও একো কোৱা নাছিল৷ তাইৰ লগত বিভিন্ন বিষয়ৰ আলোচনা আৰু তৰ্ক-বিতৰ্ক আগৰ দৰেই চলি থাকিল৷ মোক বেছিকৈ বিৰক্ত কৰিলে হাঁহিৰ চলতে তাইক মই কাণত ধৰিব পৰাৰ দৰে আমাৰ আন্তৰিকতা গভীৰ হৈছিল৷ আমাৰ ক্লাছৰে কেইবাটাও ল’ৰাৰ লগত তাইৰ মাতবোৰ আৰম্ভ হৈছিল, কিন্তু সেইটো হাই- হেল্ল’ বা কোনোবা ক্লাছ বুজা নুবুজাতে সীমাৱদ্ধ আছিল৷ এদিন তাই মাকৰ লগতো মোক চিনাকি কৰি দিলে৷

আমাৰ ফাইনেল পৰীক্ষা ওচৰ চাপিছিল৷ বহিৰ্জগতৰ লগত মোৰ সম্পৰ্ক কমি আহিছিল৷ শ্ৰীবিদ্যাক লগ পোৱাৰ সময়ৰ ব্যৱধান বাঢ়ি আহিছিল৷ এদিন তাই মোক লগ ধৰিবলৈ হোষ্টেললৈকে আহিল৷ তাইৰ হেনো মোক বহুত কথা ক’ব লগা আছে – ৰবিবাৰে আবেলি তাই মোক মেৰিণা বিচ্চত লগ পাব খোজে৷
হঠাতে আকৌ তাই মোক কি ক’ব লগা হ’ল! তাই ক’ব লগা “বহুত কথা” সম্পৰ্কে মই কোনো অনুমান কৰাৰ সুবিধা নাপালো৷ এইখিনিলৈকে বাৰু যেন তেন৷ কিন্তু সাগৰৰ পাৰত অনাত্মীয় ছোৱালী এজনীৰ লগত কিছু সময় একেলগে কটোৱা কথাটো মোৰ বাবে বৰ সাধাৰণ নহয়৷ কল্পনাত পৰিস্থিতিটোত যিমানেই ৰোমাঞ্চ আৰু আবেগ জড়িত হৈ নাথাকক কিয় বাস্তৱত সি মোৰ বাবে সম্পূৰ্ণ বেলেগ৷ মোৰ সমস্ত চেতনা আৰু অনুভূতি অজীৰ্ণ পৰিস্থিতিটোৱে যদি হেঁচা মাৰি ধৰি থাকে চিন্তা শক্তিয়েই বা পাম ক'ৰ পৰা? ইয়াৰ সুযোগ লৈ শ্ৰীবিদ্যাই যদি কথাৰে মোক ধৰাশায়ী কৰি দিয়ে, মই পৰাজয় স্বীকাৰ কৰিয়েই উভতি আহিম নেকি? কেতিয়াবাই তাই গম পাই গৈছে – কলিজাত জোৰ থকা মানুহ মই! কিন্তু সেই জোৰ তাইৰ কথাৰ জোৰত কেতিয়াবা শূণ্য হৈ যাব খোজে৷ ছোৱালীজনীক মোৰ দিনে দিনে জটিল হৈ গৈ থকা যেন লাগিল৷ আৰু ক’ব নোৱাৰাকৈয়ে ৰবিবাৰে আবেলি মই মেৰিণা বিচ্চত গৈ উপস্থিত হ’লোগৈ৷

শ্ৰীবিদ্যাই আজি বেঙুণীয়া শাৰীখন পিন্ধি আহিছে৷ এইখন শাৰীৰে মই তাইক বেছি সুন্দৰী দেখো৷ সাগৰৰ নীলাৰ লগত তাইৰ সাজজোৰ মিলি পৰিছিল৷ পাৰৰ বালিত পৰি থকা কাঠ এডালত মই আৰু তাই বহি ল’লো৷ আজি তাই মোৰ একেবাৰে ওচৰেত গাতে গা লগাই বহিছে৷ ইমান ওচৰৰ পৰা তাইৰ গাৰ গোন্ধ আজিয়েই পাইছো৷ তাই একান্তমনে সাগৰৰ নীলা পানীৰ ফালে চাই আছে৷ বাহিৰে স্বাভাৱিক হৈ থাকিলেও উচপিচাই থকা উত্তেজিত মনটোৱে মোৰ চকুকেইটা ইফালে সিফালে ঘুৰাই ফুৰিছে৷
চকুৰে মনিব পৰালৈকে মাথো পানী আৰু পানী৷ তাৰ পাৰত ব্যৱসায় সৰ্বস্ব অজস্ৰ দোকান – বিচিত্ৰ সমাহাৰ৷ ভাৰতবৰ্ষৰ বিভিন্ন ভাষী মানুহ সাগৰৰ সৌন্দৰ্য পানত মত্ত৷ বিশাল সাগৰখনৰ তুলনাত মানুহবোৰ কিমান ক্ষুদ্ৰ যেন লাগে! কোনোবাটো ল’ৰা ঢৌৰ লগে লগে আগবাঢ়ি যায়, আন এটা ঢৌ আহি ককাল চুই যায়৷ কোনোবাজনী ছোৱালী সাহেৰে আগবাঢ়ি যায়, পিচৰ ঢৌৰ খুন্দাৰ ভয়ত দৌৰি আহে কাষত ৰৈ হাঁহি থকা কোনোবা আপোনজনৰ কাষলৈ৷ ভিতৰি উত্তেজিত হ’লেও শ্ৰীবিদ্যাৰ চকুত ধৰা নপৰাকৈ মই স্বাভাৱিক হৈ থাকিব পাৰিছিলো৷ তাই মনে মনে থকাত মইয়েই সুধিলো – শ্ৰীবিদ্যা, তই যে এদিন কৈছিলি, কচোন ভালদৰে বিয়া পাতিবৰ বাবে তোৰ কি বহুত কিবা কিবি নাই? (আগলৈ)

আৰোহণ/ ৭

কিছুসময় তাই মনে মনে থাকিল৷ তাৰ পিছত আমাৰ পৰা অলপ দূৰত বহি থকা নৱবিবাহিত এক দম্পতিলৈ আঙুলিয়াই সুধিলে – চাচোন, সৌযে নতুনকৈ বিয়া হোৱা মানুহহাল দেখিছ, সিহঁত বৰ ওচৰা ওচৰিকৈ বহিছে ন? সিহঁতে এখন নতুন সংসাৰ আৰম্ভ কৰিছে, কিন্তু সিহঁতক ইমান ওচৰ কিহে চপাই থৈছে জান?
- নাজানো৷
তাই এবাৰ নিঃশব্দে হাঁহিলে৷
- এগাল টকা পইছাই৷ অনুমান কৰি কচোন সেই ছোৱালীজনীয়ে অন্তত কিমান টকাৰ সম্পত্তি লগত আনিছে?
তাই যৌতুকক ইংগিত কৰিছিল৷ যৌতুক সম্পৰ্কে মই কেইবাটাও হৃদয়বিদাৰক কাহিনী পঢ়িছো, মহিলাক কন্দুৱাব পৰা দুখনমান চিনেমাও চাইছো৷ গল্পৰ খাটিৰতে সঁচা কাহিনীবোৰক টানি টানি এই কাহিনী বা চিনেমাবোৰ সৃষ্টি কৰা বুলি মই বিশ্বাস কৰোঁ৷ শ্ৰীবিদ্যাৰ কথাত মই যৌতুকৰ নতুন ৰূপ প্ৰত্যক্ষ কৰিলো৷ তেনেহলে যৌতুকেই এই ছোৱালীজনীৰ সমস্ত ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিছে নেকি? তাই কোৱা বহুত কিবা কিবিৰ লগত যৌতুকৰ সম্পৰ্ক কেনে?
- বুইছ, আমাৰ সমাজত এজনী ছোৱালীৰ জন্মৰ পিছৰ পৰাই মাক দেউতাকে তাইৰ বিয়াৰ যৌতুকৰ বাবে পইচা সঁচা আৰম্ভ কৰে৷ আমাৰ জীৱনৰ আধা ভাগ্য নিয়ন্ত্ৰণ কৰে টকাই৷ মোৰ মাৰ বিবাহ আজিৰ পৰা বাইশ বছৰৰ আগতে হৈছিল, আৰু তেতিয়াই মাৰ লগত ককাদেউতাই এঘাৰ হাজাৰ টকাৰ যৌতুক দিছিল৷ মোৰ মামাহঁতে এতিয়াও সুবিধা পালেই মোক সেই কথা সোঁৱৰাই দিয়ে৷ লগতে তেওঁলোকে মোক যে বিয়া দিবলৈ অপাৰগ সেই কথাও স্পষ্টকৈ ঘোষণা কৰে৷ তইতো মোৰ ব্যক্তিগত সকলো কথাই জান, কচোন মই এনে অৱস্থাত কি কৰা উচিত? আত্মহত্যা কৰাৰ কথাই কবি চাগে’ তহঁত পুৰুষবোৰে৷
তাইলৈ মই পোনে পানে ঘুৰি চালোঁ – এইজনীয়েই শ্ৰীবিদ্যা যিজনীয়ে মোক প্ৰথম মাতিবলৈ যোৱা ঘটনাটোৱে মোৰ বদহজম কৰিছিল৷ শান্ত সুন্দৰ চেহেৰাৰ ছোৱালীজনীৰ বুকুত তেনেহলে এসাগৰ বেদনা গোট খাই আছে৷ এনে যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈকে দূৰদৰ্শী মাক দেউতাকহঁতে কন্যা সন্তানবোৰ হত্যা কৰে নেকি?
- মই জনাত ভাৰতবৰ্ষৰ তহঁতৰ ৰাজ্যতে বোধহয় যৌতুক প্ৰথা নাই৷ সেয়ে তহঁতৰ মানুহবোৰৰ প্ৰতি মোৰ এটা উচ্চ ধাৰণা আছিল৷ তোৰ লগত সেয়ে মই উপযাচি চিনাকি হৈছিলো, তইতো বৰ আচৰিত হৈছিলি, নহয়?
অকণমান ৰৈ তাই আকৌ ক’লে৷
- মই আজিলৈকে অন্তত চল্লিচখন প্ৰেমপত্ৰ পাইছো, মোৰ দয়া আৰু চিঠিৰ উত্তৰ নাপালে আত্মহত্যা কৰিম বোলা প্ৰায় একুৰি ডেকাল’ৰা পাইছো৷ সিহঁতৰ লগত যদি মোৰ কিবা সম্পৰ্ক গঢ়ি উঠিলহেঁতেনো শেষ প্ৰশ্নটো কি হ’লহেঁতেন জান ? – যৌতুক! আমাৰ সমাজত ছোৱালী জন্ম দিয়া মানৌ প্ৰকাণ্ড বোজা এটাৰ সৃষ্টি হোৱা৷
মই তাইৰ মুখৰ পৰা দৃষ্টি ঘুৰাই আনি সাগৰৰ বুকুলৈ নিক্ষেপ কৰিছিলো, অন্তহীন নীলা পানীত অজস্ৰ ঢৌ, বৰ গভীৰ৷ মোৰ এনে লাগিৰ মোৰ কাষত বহি থকা এই ছোৱালীজনীৰ দুখৰ সাগৰৰ ঢৌবোৰ চাগৈ ইয়াতকৈও বহুত বেছি গভীৰ!
দম্বৰু বজাই বাদাম বেছি ফুৰা পোহাৰী এটাৰ পৰা মই এটকাৰ বাদাম লৈ দুয়োৰে মাজত মেলি ল’লো৷
- মোৰ বিয়া ঠিক হৈছে জান, দত্ত?
- কি?
মই উচপ খাই এহাত আঁতৰি আহিলো৷ পিচমুহূৰ্ততে নিজকে চম্ভালি লৈ ক’লো – আই চি৷
তাৰ পিচত তাইও মনে মনে থাকিল, মইও৷ এটকা দি কিনা বাদামখিনিৰ পৰা এটা এটাকৈ তাইয়েই মুখলৈ নি থাকিল৷ সাগৰখনৰ ৰং লাহে লাহে গোমা হৈ আহিছে – আকাশত ডাৱৰো উঠিছে, সন্ধিয়াও নামিছে৷ সাগৰৰ চেঁচা বতাহতো মোৰ কাণ দুখন গৰম গৰম লাগিছে৷ তাইৰ চকুলৈ চোৱাৰ সাহস মোৰ হোৱা নাই৷ খবৰটো শুনি মই আনন্দ নে বিষাদ প্ৰকাশ কৰা উচিত? মনে মনে থকাতো নিশ্চয় উচিত নহয়! সদ্যহতে তাইক সুধিব আৰু ক’ব পৰা মই এটাও কথা বিচাৰি পোৱা নাই৷ মুখখন মোৰ বিজল বিজল লাগিছে, তাই কিবা সুধিলে মোৰ মাতটো স্বাভাৱিক হৈ ওলাবতো?
- বিয়া মোৰ তহঁতৰ চুৰেচ ছাৰৰ লগতে হ’ব৷ অৱশেষত মই সেইটো ৰাস্তাই বিচাৰি ল’লো৷ চুৰেচ আদবয়সীয়া বিবাহিত মানুহ, তেখেতৰ এজনী ছোৱালী আছে, তাৰবাবে মোৰ মানসিক কষ্ট হ’ব – সঁচা কথা৷ কিন্তু যৌতুক নিদিয়াকৈয়েতো মই পত্নীৰ মৰ্যদা পাব পাৰিম, নহয়জানো? সকলোবোৰ বাট বন্ধ কৰি মই এইটো ৰাস্তায়েই বাচি ল’লো৷ ৰাস্তাটোত ভৰি দিলো যেতিয়া ৰৈ থাকিনো কি লাভ, আগবাঢ়ি যাওঁৱেইচোন৷ এতিয়াতো আৰু মোৰ বাবে আন একো পথ খোলা থকা নাই৷ নে তই এই ধুনীয়া পৃথিৱীখন এৰি মোক মৰিবলৈ কবি? আজিয়েই তোৰ লগত মোৰ শেষ দেখা, অন্তত দেখাদেখি হলেও যে এইদৰে কথা পাতিব নোৱাৰিম তাত আৰু অকণো সন্দেহ নাই৷ তোক মই প্ৰথমৰ পৰাই বৰ বিশ্বাস কৰিছিলো, মাজে মাজে তোক মোৰ বেঙা বুলি ভাবিবৰ মন যায়৷ তাৰ পিচত ভাবো মই লগ পোৱা সকলো মানুহৰ ভিতৰত তয়েই আটাইতকৈ চতুৰ হ’বলা৷ তথাপিও ভয় লাগিছিল জানোচা তইও মোক বিয়াৰ প্ৰস্তাৱ দিয়! কি হ’ল তই দেখোন মনে মনেই থাকিলি?
তাৰপিচত মইও কিবাকিবি কৈছিলো৷ মাতটো মোৰ স্বাভাৱিক হৈ ওলোৱা নাছিল৷ সাগৰৰ পাৰত শ্ৰীবিদ্যাৰ সঙ্গত কটোৱা অৱস্থাটোলৈ থকা ভয় আৰু উত্তেজনাৰ সকলো অনুভূতি পলাই ফাট মাৰিছিল৷ মোৰ চকুলৈ চাই তাই সুধিলে – কি হ’ল?
বতাহৰ বিপৰীত দিশে শুকান বালি উৰি আহি মোৰ চকুত সোমালহি হ’বলা! (আগলৈ)


আৰোহণ/ ৮ 

শ্ৰীবিদ্যাক গাড়ীত তুলি দি মই আকৌ সাগৰৰ পাৰলৈ ঘুৰি আহিলো৷ ক’ত গ’ল সাগৰৰ নীলা ৰং! সমূখত সৌৱা বিশাল শূণ্যতা – অন্ধকাৰ৷ এজনী ছোৱালীৰ কাৰোবাৰ লগত বিয়া হ’ব, তাতে মই ইমান বিহ্বল হৈ পৰাৰ কিবা কাৰণ থাকিব পাৰে জানো? তাইনো মোৰ কি হয়, কি আছিল? বহুদিনৰ মূৰত বিশাল সাগৰখনৰ পাৰত মই বৰ অকলশৰীয়া অনুভৱ কৰিলো৷ বহুত সময় সাগৰৰ পাৰতেই বহি থাকিলো৷ তেনেহ’লে শ্ৰীবিদ্যা সঁচাকৈয়ে গ’লগৈ? এই চাৰিবছৰত কত তামিল তিৰোতা দেখিছো, তাইও তেনেহ’লে তেনেকুৱা এগৰাকী তিৰোতা হৈ যাব! কিন্তু তাইৰ বিয়াততো যৌতুক নিদিয়ে, তেনেহলে কিহে তাইক সদায় চুৰেচ ছাৰৰ ওচৰ চপাই ৰাখিব? তাইক মই সদায় ছাৰৰ ওচৰতে থকা দেখিমনে? মই ভালকৈয়ে জানো যে শ্ৰীবিদ্যাৰ সেই ৰূপ চাবলৈ মই আৰু তেতিয়া মাদ্ৰাজত নাথাকিম৷ পৰীক্ষা দিলো৷ শ্ৰীবিদ্যাৰ কথাই মনটো মাজে মাজে বৰ অশান্ত কৰি তোলে৷ তাইৰ মধূৰ সান্নিধ্যত কটোৱা দিনবোৰ বৰকৈ মনত পৰে৷ আকৌ তাইৰ লগত কথা পাতিবৰ মন যায়, তৰ্ক কৰিবৰ মন যায়৷ কিন্তু সেই দিনযে আৰু কেতিয়াও নাহে! তাইৰ বিয়াৰ তাৰিখটোও মই নুসুধিলো, তাইক পৰীক্ষা হলতো নেদেখিলো৷ চুৰেচ ছাৰ নিয়মিত কলেজলৈ আহি আছিল৷ ছাৰক মই অকণো পৰিৱৰ্তন দেখা নাছিলো৷ শ্ৰীবিদ্যা সম্পৰ্কে ছাৰকো কিবা সোধাৰ আগ্ৰহ আৰু সাহস হোৱা নাছিল৷ চিঠি পত্ৰৰ যোগাযোগ কৰিবলৈও তাইৰ মাকৰ ঠিকনাটোহে মোৰ হাতত আছিল৷ তাই চাগৈ চুৰেচ ছাৰৰ দুবাহুৰ মাজত তাইৰ দুখৰ সাগৰখন শুকোৱাৰ বাবে প্ৰযোজনীয় উত্তাপ বিচাৰি পাইছিল৷ মানুহটোৱে তাইক বিশ্বাসঘাটকতা নকৰেতো? দিনৰ পাছত মাহ গ’লহেঁতেন, মাহৰ পিছত বছৰ৷ এদিন মই তাইক পাহৰি পেলালোহেঁতেন৷ কিন্তু তাইক সাগৰৰ পাৰত লগ পোৱাৰ দুমাহমান পিচত অপ্ৰত্যাশিতভাবে তাইৰ পৰা এখন চিঠি পালো৷ চিঠিৰ বক্তব্যই মোক স্তব্ধ কৰি দিলে৷ চুৰেচৰ পৰিয়াল আৰু বন্ধুবৰ্গই যৌতুক অবিহনে শ্ৰীবিদ্যাক বিয়া কৰোৱাত প্ৰচণ্ড আপত্তি কৰিলে, বিয়াখন ভাগি গ'’৷ তাই আকৌ এবাৰ মোক শেষ বাৰৰ কাৰণে লগ পাব খুজিলে -–তাই মোক নিজ মুখে সুধি চাব মই তাইক মৰিবলৈ উপদেশ দিম নে নিদিম৷ তাইৰ তেনেহলে শেষ খোলা ৰাস্তাটোও বন্ধ হৈ গ’ল, আনবোৰ পথ হেনো তাই নিজেই বন্ধ কৰি দিছিল৷ সকলোবোৰ পথ বন্ধ হোৱাত তাই মোকো আকৌ ৰাস্তা সাজিব খুজিছে নেকি? তাইক মোৰ হাজাৰ বাধা নেওঁচি সাগৰৰ পাৰলৈ বাগৰি অহা বোৱতী নদী এখন যেন লাগিল৷ তাই নিৰ্ধাৰণ কিৰ দিয়া সময়ৰ বহু আগতেই মই সাজু হ’লো৷ 

শ্ৰীবিদ্যা বিচিত্ৰ সমাজৰ এজনী বিচিত্ৰ চৰিত্ৰৰ ছোৱালী৷ সাগৰৰ পাৰলৈ চলা পঁচিশ নম্বৰৰ বাছ এখনত মই উঠি দিলো৷  


Sunday, September 29, 2019

জীৱন বাটৰ ৰসঃ ড° হৰিহৰ পাঠক ছাৰ (75)


জীৱন বাটৰ ৰসঃ ড° হৰিহৰ পাঠক ছাৰ

আমাৰ স্কুলৰ পাঠ্যপুথিত এটা পাঠ আছিল, নাম – গৌৰৱ৷ লেখক আছিল কালিৰাম মেধি৷ ব্যৱহাৰিক দিশৰ পৰা এইটো বৰ প্ৰয়োজনী পাঠ আছিল৷ গৌৰৱ, অহংকাৰ, গৌৰৱৰ-কাৰক আদিৰ বিষয়ে লেখকে বৰ মনোগ্ৰাহীকৈ পাঠটোত বৰ্ণনা কৰিছিল৷ কথাখিনি আৰম্ভ হৈছিল এটা সোনসেৰীয়া বাক্যৰে – ‘গৌৰৱ তুলনাৰ পৰা ওপজে৷’ একদম খাটি কথা, কিন্তু এই গৌৰৱ কেতিয়া অহংকাৰলৈ ৰূপান্তৰিত হয় সেই কথা অনুধাৱন কৰাটো বৰ কঠিন৷ অৰ্থাৎ, গৌৰৱ আৰু অহংকাৰৰ মাজত থকা সীমাৰেখাডাল বৰ অস্পষ্ট৷ অহংকাৰৰ সমাৰ্থক ইংৰাজী শব্দ ইগ’ (Ego)৷ আধুনিক মেনেজমেন্টে কয় এই ইগ’-য়েই যত যতকূটৰ ঘাই! এই ইগ’-ক কেনেকৈ নিজৰ বশ কৰি ৰাখিব পাৰি সেই কথা শিকাবৰ বাবে বিয়াগোম-বিয়াগোম কৰ্পৰেট হাউচবিলাকে তেওঁলোকৰ কৰ্মচাৰীসকলক ইতিবাচত দৃষ্টিভংগীৰ (Positive Attitude) প্ৰশিক্ষণ দিয়ে! বৰ আমোদজনক কথা৷ বিয়াৰ পিছতে পতি-পত্নীয়েনো পৰস্পৰৰ লগত কেনেকৈ এডজাষ্ট কৰে সেই কথা শিকিবলৈ মই কেতবোৰ কিতাপ পঢ়িছিলো৷ তাতে এটা ডাঙৰ কথা আছিল, পতি-পত্নীৰ বিচ্ছেদৰো হেনো এটা অন্যতম কাৰণ ইগ’ বা অহংকাৰ৷ একমাত্ৰ দুঃখিত বা ছৰি বুলি ক’লেই জোৰা লাগিব পৰা সংসাৰ এখনো হেনো একমাত্ৰ অহংকাৰৰ বাবেই ভাগিছিগি ছাৰখাৰ হৈ যায়৷ পতিয়ে পত্নীক ধন্যবাদ বুলি কোৱা, নতুবা গুড মৰ্ণিং বুলি সম্ভাষণ জনোৱা উদাহৰনযে আমাৰ মাজত কম ইয়েও হেনো তাকেই প্ৰতিপন্ন কৰে! সেইয়া, পতি হোৱাৰ অহংকাৰ!

গৌৰৱৰ কাৰকক গৌৰৱৰ সীমাৰেখাতে আৱদ্ধ কৰি ৰাখিবলৈ আমি নিৰন্তৰ চেষ্টা কৰি থাকিব লাগে৷ কেনেকৈ কৰিব লাগে তাৰ দেধাৰ উত্তৰ আছে৷  খুশৱন্ত সিঙৰ এখন কিতাপত পাইছিলো, মানুহে ছয়মাহমান সময়ৰ ভিতৰত অন্তত এবাৰ এটা মৃতদেহ কিছুসময় ধৰি প্ৰত্যক্ষ কৰিব লাগে, নতুবা এখন  শ্মশানলৈ গৈ তাত ঘটি থকা কাৰ্যক্ৰমনিকাবোৰ অলপ সময় নিৰৱে বহি উপলব্ধি কৰিব লাগে৷ মানৱজীৱনৰ ক্ষণভংগুৰতাক উপলব্ধি কৰিবলৈ ইয়াতকৈ আৰু ভাল উপায় নাই৷ লেখকে বিশ্বাস কৰে, এনে কৰিলে আমাৰ সমাজ জীৱনৰ পৰা বহু সৰু সৰু সমস্যা নিজে নিজেই আঁতৰি থাকিব৷ এই কথাটোৱে মোক বৰ উপকাৰ কৰিছে মই বুলি ভাবো৷ মই অৱশ্যে নিয়মীয়াকৈ শ্মশান বা মৃতদেহ প্ৰত্যক্ষ কৰাৰ সুযোগ উলিয়াব নোৱাৰো, কিন্তু এই বিনন্দীয়া পৃথিৱীখন এৰিযে এদিন মই আঁতৰি যাব লাগিব এই ভাবটোৱে অনেক গৌৰৱৰ কাৰকক আৰু তুচ্ছ অহংকাৰক নিজ নিজ ঠাইতে ভেটা দি ৰাখিবলৈ মোক সাহস দিছে বুলি মই  বিশ্বাস কৰোঁ৷

গৌৰৱ তুলনাৰ পৰা ওপজে৷

আমাৰ লগৰ  লক্ষ্যহীনা নামৰ ছোৱালী এজনী আছিল৷ সাংঘাটিক ধুনীয়া কিন্তু ফিতাহিটো কি চাবা! নিজৰ ৰূপৰ গৰিমাক তাই গৌৰৱৰ পথাৰতে আৱদ্ধ কৰি ৰাখিব জনা নাছিল৷ তাইৰ বন্ধু প্ৰায় নাছিলেই বুলি ক’ব পাৰি৷ আমাৰ দিনত আমাক প্ৰাইমাৰী স্কুলত পঢ়োৱ শিক্ষকসকলৰ বেছিভাগেই স্নাতক নাছিল৷ তাৰ ভিতৰতে মোৰ বৰদেউতা এজন গ্ৰেজুৱেট আছিল৷ এই কথাটোক লৈ তেখেত ইমান অহংকাৰী হৈ পৰিছিল যে চিনাকিৰ পিছতে তেখেতে আনক সোধা প্ৰশ্নটো আছিল – বি.এ. পাছ কৰিলা? আমাৰ মৰম আৰু শ্ৰদ্ধাৰ নৱকান্ত ছাৰ স্কুলত প্ৰায়েই দ্বিতীয় হৈছিল৷  হঠাতে এবাৰ তেখেত প্ৰথম হ’ল৷ আনন্দ লাগিলেও মনটোৰ ক’ৰবাত কিবা এটা যেন হৈছে৷ সুবিধা পাই সদায় প্ৰথম হৈ থকা ছাত্ৰজনৰ তেখেত ওচৰ চাপিল আৰু কাণে কাণে সুধিলে - 'মই এইবাৰ প্ৰথম হোৱা কাৰণে তই মোক বেয়া পালি নেকি?' অহংকাৰক তুচ্ছ কৰি বিনয় প্ৰকাশৰ কি এক অপুৰ্ব উদাহৰণ!

মই গোৱাত থাকোঁতে এজন বৰ প্ৰতিভাশালীলোকৰ লগত কাম কৰাৰ সুযোগ পাইছিলো৷ তেখেত আছিল আমাৰ বিমানকোঠৰ বিমানকোঠ নিৰ্দেশক (Airport Director)৷  তেখেত আৰু তেখেতৰ পৰিবাৰে বিমানকোঠৰ কৰ্মচাৰীসকলক একেগাট বা এক-পৰিয়াল কৰি ৰাখিবলৈ অনেক ভাল কাম কৰিছিল৷ বিমানকোঠৰ অনেক কাৰ্যসূচীতে বাইদেউ আহি যোগদান কৰিছিলহি আৰু আমাক অনুপ্ৰাণিত কৰিছিল৷ বিশেষকৈ কৰ্মচাৰীসকলৰ সন্তানসকলক লৈ বাইদেউৱে কেইবাটাও সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছিল৷ তেখেতে সকলোৰে লগত সমভাৱে বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰিছিল৷ এবাৰ মই কৰিবলগা কাম এটাৰ বাবে শুদ্ধ লয়ত হিন্দী আৰু ইংৰাজী ক’ব পৰা মহিলাৰ মাত এটাৰ প্ৰয়োজন হৈছিল৷ ইংৰাজীৰ বাবে নিমন্ত্ৰণ কৰি আনিছিলো ভাস্কো-ডা-গামা-ৰ বিখ্যাত দেশাই ডাক্তৰৰ পৰিবাৰ কিৰণ দেশাইক৷ গোৱাৰ লোকে হিন্দী কওঁতে গোৱান ঠাঁচ এটা আহি পৰে, মোক সেইটোৰ পৰা মুক্ত মাত এটা লাগে৷ অৱশেষত মই গৈ বাইদেউৰ ওচৰ পালোঁগৈ আৰু তেখেতৰ কন্ঠেৰেই কথাখিনি বাণীবদ্ধ কৰিলোঁ৷ কামটোত মোক সহায় কৰা সকলোলোকৰে নাম কৃতজ্ঞতাৰ পৃষ্ঠাটোত প্ৰকাশ কৰিছিলো, লগতে তেওঁলোকৰ পদমৰ্য্যাদা বা শিক্ষাগত অৰ্হতাটোও লিখি দিছিলোঁ৷ কামটো শেষ কৰাৰ আগে আগে ছাৰে মোক অত্যন্ত বিনয়েৰে কৈছিল – “সকলোৰে কোৱালিফিকেচনবোৰ লগত দিছা যেতিয়া আমাৰ এওঁৰ নামটোৰ লগতো দি দিবা৷” মই আগ্ৰহেৰে সুধিলোঁ– নিশ্চয়, নিশ্চয় ছাৰ, কওঁক কি দিম, ‘বি.এ.’ নে ‘বি. এছ.ছি’? ছাৰে ক’লে – তেওঁ পদাৰ্থ বিজ্ঞানৰ  ‘“পি. এইছ. ডি.”’! মই হতভম্ব হৈ গ’লো! বাইদেউ ইম্মান উচ্চ-শিক্ষিতা, অথচ আজিলৈকে আমি নাজানো!

লগে লগে মোৰ হৰিহৰ ছাৰলৈ মনত পৰি গ’ল৷

আমি স্থানীয় কলেজখনত দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰ হৈ থাকোঁতে হৰিহৰ ছাৰে “পি.এইছ. ডি.” পালে৷  সেই সময়ত সৰহ সংখ্যক শিক্ষকেই “পি এইছ ডি” ডিগ্ৰীধাৰী নাছিল৷ নামৰ আগত ড° লিখিব পৰা শিক্ষক দুজনমানহে আছিল৷ আমাৰ ধাৰণা আছিল, যিসকল বিদ্যানে বিশ্ববিদ্যালয়ৰ শিক্ষা সমাপ্ত কৰি গৱেষনা কৰিবলৈ লয় আৰু কিবা এটা আৱিষ্কাৰ কৰে সেইসকলেহে “পি. এইছ. ডি.” ডিগ্ৰী পায়, আৰু আমি সেই সকলৰ ভৰিধোৱা পানী খোৱাৰো যোগ্য নহয়! এইটোৱেই আছিল “পি.এইছ.ডি.” ডিগ্ৰীধাৰীসকলৰ ওপৰত থকা সাধাৰনলোকৰ ধাৰণা৷ আমাৰ অঞ্চলৰ একালৰ মেধাবী ছাত্ৰ আৰু আমাৰ স্কুলখনৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা প্ৰথম ছাত্ৰ যজ্ঞেশ্বৰ বৰদেউতা পদাৰ্থ বিজ্ঞানৰ ডাবল ডক্তৰেট আছিল৷ চন্দ্ৰপেহাই কৈ ফুৰিছিল, বৰদেউতাই বিলাতত গৈ হেনো কচুগছ পেৰি পেট্ৰল উলিউৱাৰ পদ্ধতি এটা আৱিষ্কাৰ কৰিছে৷ বিলাতৰ ইংৰাজসকলে বৰদেউতাৰ আৱিষ্কাৰটো লুকুৱাই ৰাখিছে, কাৰণ সেই পদ্ধতিটো প্ৰয়োগ কৰিলে আমাৰ অঞ্চলৰ জয়জয় ময়ময় হ’ব, ইংৰাজসকলে সেই কথাটো বিচৰা নাই৷

তেনেকুৱা দিনতে আমাৰ কলেজৰ হৰিহৰ পাঠক ছাৰে “পি. এইছ. ডি.” পালে৷ তেখেতৰ ফটো বাতৰি কাকতত প্ৰকাশ হ’ল৷ সেইফটোখনৰে ফটোষ্টেট্‌ কপি এটা আমাৰ কলেজৰ নটিছ বৰ্ডতো ওলমিল৷ ছাৰে সুবিধা পালেই তেখেতৰ প্ৰাপ্তিক লৈ গৰ্ব কৰিবলৈ নেৰে৷ ছাৰ হেনো এবাৰ ৰে’লগাড়ী এখনত গৈ আছিল৷ হঠাতে ডেকাল’ৰা কেইটামান আহি ছাৰক বেলেগ এটা ডবালৈ বলপূৰ্বক জোৰ কৰি লৈ যাবলৈ ওলাল৷ - কথাটো কি? সেইটো ডবাৰ কোনোবা এজন হঠাতে অসুস্থ হৈ পৰিছে, ছাৰে গৈ দৰৱ দিবগৈ লাগে! ছাৰৰ নামৰ আগত ডক্তৰ লিখা আছে যে, সেই কাৰণে! আমি জোৰ কৰি হ’লেও হাঁহো! ছাৰে কৈ যায়, “পি.এইছ.ডি.” কৰা কিমান কঠিন, ছাৰৰ বন্ধু এজনৰ কাহিনী – পি.এইছ.ডি.-ত ভৰ্তি হওঁতে তেওঁৰ বেকব্ৰাছ কৰা ডাঠ চুলি, আৰু যেতিয়া “পি.এইছ.ডি” সমাপ্ত কৰি ওলাই আহিছে তেতিয়া  তেওঁ এজন বিশুদ্ধ তপা মানুহ! ছাৰে জোৰ দি কয়, সঁচা কথা৷ নিজৰ চিনাকি দিওঁতেও ছাৰে নামৰ লগত নিজেই উপাধিতো লগাই দিয়ে – মই ড° পাঠক, পি.এইছ.ডি. দেই!

ছাৰ প্ৰফেছাৰ ক’লনীৰ কোৱাৰ্টাৰ থকা দীঘলীয়া শাৰীটোৰ কোনোবা এটা ঘৰত থাকে বুলি শুনি আছিলো! কিবা এটা অনুষ্ঠানৰ মূখ্য অতিথি হিচাপে ছাৰক নিমন্ত্ৰণ কৰাৰ দায়িত্ব মোৰ ওপৰত পৰিল৷ মই গৈ কোৱাৰ্টাৰ থকা শাৰীটোৰ  তিনি নম্বৰ ঘৰটোৰ সমূখত ঠিয় হ’লোগৈ৷ মোক কোৱা হৈছিল – হয় তিন নং, নহয় চাৰি – খাটাং! চাৰি নম্বৰটোৰ গেইটত ফলক এখন ওলমি আছে – ডি.কে. চৌধূৰী৷ সেইয়ে মই সিদ্ধান্ত কৰি পেলালোঁ, তিনি নম্বৰটোৱেই ছাৰৰ ঘৰ হব লাগিব৷
কলিং বে’লৰ শব্দ শুনি মহিলা এগৰাকী ওলাই আহিল৷
-        বাইদেউ নমস্কাৰ! মই ছাৰক সভা এখনলৈ নিমন্ত্ৰণ কৰিবলৈ আহিছো?
-        কোন ছাৰ? বাইদেউৱে সুধিলে৷
-        পাঠক ছাৰৰ ঘৰ নহয়জানো?
-        নহয়, নহয়, তুমি ভুল কৰিছা, ইয়াততো কোনো পাঠক নাথাকে৷
-        এইখন হৰিহৰ পাঠক ছাৰৰ ঘৰ বুলি কৈছিল!
-        ইয়াত কোনো হৰিহৰ পাঠক নাথাকে, তুমি অলপ আগলৈ গৈ খবৰ কৰা!
-        ছেঃ এইখনেই “ডক্টৰ” হৰিহৰ ছাৰৰ ঘৰ বুলি মোক কৈছিল! মই স্বগঃত্যোক্তি কৰিলোঁ৷
-        কি ক’লা, তুমি “ডক্টৰ” হৰিহৰ পাঠকৰ কথা কৈছা নেকি? হয়, হয় এইখনেই ঘৰ৷ অকল নামটো ক’লে কেনেকৈ বুজিম বাৰু কোৱাচোন? তুমি বঁহা, মই ছাৰক মাতি দিছোঁ৷

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)  

Sunday, September 22, 2019

জীৱন বাটৰ ৰসঃ ইম্ফল চহৰত এক কন্যাপ্ৰাৰ্থী (৭৪)


জীৱন বাটৰ ৰসঃ ইম্ফল চহৰত এক কন্যাপ্ৰাৰ্থী (৭৪)

এলাহাবাদত লৈ থকা দীঘলীয়া প্ৰশিক্ষণৰ এদিন অন্ত হোৱাত আমাৰ নিয়োগৰ স্থানসমূহ প্ৰকাশ্যে ঘোষনা কৰা হ’ল৷ মোৰ ভাগত পৰিল মনিপুৰৰ ৰাজধানী ইম্ফল চহৰত থকা বিমানকোঠটো, ঠাইখনৰ নাম তুলিহাল৷ মনটো বিষাদে ঢাকি ধৰিলে৷ মই গুৱাহাটীৰ বিমানকোঠতে সুযোগ পাম বুলি মনে মনে ভাবি আছিলো, পাছে নাপালোঁ৷ কাৰোবাক ধৰি-মেলি সাল-সলনি কৰিব পৰা যায় নেকি কিছু চেষ্টা কৰিও চালোঁ, - নোৱাৰিলোঁ৷ ইম্ফলত জইন কৰিবলৈ নিৰ্দেশ পোৱা মোৰ বাদেও আন দুজন  প্ৰশিক্ষাৰ্থী আছিল৷ এজন মণিপুৰৰে ছিপামী কেইছিং আৰু আনজন শিলছৰৰ চৌখিন যুৱক পাছলৈ মোৰ আন্তৰিক বন্ধু কল্লোল ধৰ৷ এজনৰ লগতো মোৰ তেতিয়া ঘনিষ্ঠতা নাছিল৷ ভাৰতবৰ্ষৰ আনঠাইৰ মানুহৰ আমাৰ অসমৰ ওপৰত যি ধাৰণা মনিপুৰৰ ওপৰত মোৰ ধাৰনাও তেতিয়া সম্ভৱ তেনেকুৱাই আছিল৷ কাৰণ মই কেইছিঙক মই সুধিছিলোঁ – ‘ইম্ফলত পিচিঅ’ আছে নে নাই?’ মবাইল ফোন, ই-মেইল তেতিয়াও অহা নাছিল কিন্তু যোগাযোগৰ ক্ষীপ্ৰতৰ মাধ্যম হিচাপে সৰু সৰু চহৰবোৰতো ‘পাবলিক কল অফিচ’ বা পিচিঅ’-বোৰ কাঠফুলা গজাদি গজি উঠিছিল৷ চিঠি নিলিখাকৈয়ে দূৰ দূৰণিলৈ খবৰ দিব পৰা এই মাধ্যমে আমাৰ জীৱনলৈ তেতিয়া নতুন তৰংগ আনিছিল৷ ফোনেৰে কথা পাতিবৰ বাৰে পিচিঅ’-ৰ আগত ঘন্টাৰ পিছত ঘন্টা শাৰীপাতি থিয় দি থাকিছিলোঁ৷ আমাৰ ঘৰত তেতিয়া টেলিফোন নাছিল কিন্তু তেজপুৰত থকা পেহাদেউৰ নম্বৰটো মুখস্থ হৈ আছিল (আৰু এতিয়াও আছে ২১৭২৪)!  কেইছিঙে বিদ্ৰুপৰ ভংগিমাত হাতখন মোলৈ মেলি ধৰি মন্তব্য দিলে – “ইম্ফল ষ্টেট্‌ কেপিটেল হেই্‌, য়ে বাট কৰতা্‌ হে’ পিচিঅ’ কা!”

গুৱাহাটীৰ পৰা প্ৰথম বিমান যাত্ৰা কৰি এদিন গৈ ইম্ফলত নামিলোগৈ৷ এতিয়া এনে লাগে মই যদি প্ৰথম পোষ্টিং ইম্ফলত নাপালোঁহেতেন মোৰ চাকৰিজীৱন অনেক দিশৰ পৰাই অসম্পূৰ্ণ হৈ থাকিলহেঁতেন! ইম্ফল সৰু বিমানকোঠ হোৱাৰ বাবে বিমানকোঠ পৰিচালনাৰ সৰু সৰু খুতিনাতিবোৰ শিকিবৰ বাবে সুবিধা আছিল সীমাহীন, লগত আছিল আমুৱাই যোৱাকৈ সময়! তেতিয়া মনিপুৰ ৰাজ্য পি. এল. এ. (পিপলছ লিবাৰেচন আৰ্মি) নামৰ দুধৰ্ষ সন্ত্ৰাসবাদীৰ ভয়ত ত্ৰস্তমান৷ বিমানকোঠটোৰ প্ৰৱেশদাৰৰ ওচৰতে থকা চি-আৰ-পি তম্বুটোৰ ওপৰত এদিন নিশা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি গুলি চলাইছিল৷ ভয়ত পেপুৱা লাগি আমি কোৱাৰ্টাৰ এটাত নিশাৰ ক্ষণ গনিছিলো৷ বিমান এখন তললৈ নামি অহা দিশত বিমানকোঠৰ পৰিসীমাৰ বাহিৰত অনেক দূৰত দুটা প্ৰধান নেভিগেচনৰ যন্ত্ৰ স্থাপন কৰা থাকে, নাম ‘আউটাৰ মাৰ্কাৰ’ আৰু ‘মিদল মাৰ্কাৰ’! বিমানখন অহাৰ আগে আগে সেই দুটা পৰীক্ষা কৰাটো এটা নিয়ম৷ প্ৰায় দহ কিলোমিটাৰ দূৰত থকা এই যন্ত্ৰ দুটা পৰীক্ষা কৰিবলৈ জিপগাড়ী এখন লৈ কোনোবা এজন যাব লাগে৷ অশান্ত পৰিস্থিতিৰ বাবে এই কামটো কৰিবলৈ সততে কৰ্মচাৰীসকলে ভয় কৰে৷ এদিন তাৰ পৰা মই ঘুৰি আহোঁতে মোৰ জীপগাড়ীখন ডেকাল’ৰা কেইটামানে আগুৰি ধৰিলে, মোক গাড়ীৰ পৰা নামি যাবলৈ ক’লে আৰু মোৰ হাতত থকা বেঁতাৰ যন্ত্ৰটো (ৱাকি-টকি) কাঢ়ি লৈ মোক তাতে এৰি দ্ৰাইভাৰ সহিত গাড়ীখন লৈ গুছি গ’ল৷ যেতিয়া সম্বিৎ ঘুৰি আহিল, কেইবাকিলোমিটাৰো খোজ কাঢ়ি গৈ গৈ এটা টেলিফোন এক্সছেঞ্জৰ পৰা মই ফোন কৰি বিমানকোঠত এই খবৰটো জনাইছিলো৷ এনেবোৰ অসুবিধাৰ মাজত আৰম্ভ কৰা বাবেই নেকি, পিছলৈ সৰু সৰু অসুবিধাবোৰ হেলাৰঙে অতিক্ৰম কৰাৰ সাহস আৰু আত্মবিশ্বাস হৈছিল৷

ইম্ফল চহৰৰ সৌন্দৰ্যৰ সীমা নাছিল৷ সাগৰ পৃষ্ঠৰ পৰা ৭৮৬ মিটাৰ উচ্চতাত অৱস্থিত (গুৱাহাটী বিমানকোঠৰ এই উচ্চতা মাত্ৰ ৪৯ মিটাৰ) বাবে বায়ুত জলীয়বাষ্পৰ পৰিমান আছিল তেনেই কম৷ দূৰ-দুৰণিত পাহাৰৰ ওপৰত দেখা দৃশ্য একোটাও জ্বলজ্বল-পটপটকৈ চকুত পৰে৷ ইম্ফলৰ দৰে ইমান পৰিষ্কাৰ আৰু স্বচ্ছ বায়ুমণ্ডল মই একমাত্ৰ ইউৰোপৰ দেশতহে দেখা পাইছো৷ মনিপুৰীলোকসকলে উজ্জ্বল ৰঙ বৰ ভাল পায়৷ চহৰৰ মাজত থকা ইমা বজাৰৰ এঢলীয়া ৰাষ্টাটোলৈ চাই পথালে তাত অহা-যোৱা কৰা লোকসকলৰ সাজপোচাকবোৰৰ ভিন্ন ৰঙে চকুত যিখন কলাজৰ সৃষ্টি কৰে সেইয়া সতকাই পাহৰা টান৷ ইম্ফলৰ লগটক নামৰ হ্ৰদটোত প্ৰচুৰ মাছ পোৱা যায়৷ আবেলি বিমানকোঠৰ প্ৰৱেশদ্বাৰৰ ওচৰতে মাটিত বহা পোহাৰী এগৰাকীয়ে (ইমা) লগটক হ্ৰদৰ জীয়া মাছ বেছে৷ মই আনি নিজেই কাটি বাছি ভাজি চৰিয়া এটাৰে ঢাকি থৈ দিওঁ৷ ফ্ৰিজ নাছিল৷ শুকান বায়ুমণ্ডলৰ বাবে দুদিনলৈকে খাব পৰা হৈ থাকে৷ অফিচৰ কামৰ মাজতে সুৰুঙা এটা উলিয়াই ঘৰলৈ গৈ মাছৰ টুকুৰা এটা খাই আহোঁ! তাৰ ফলো নোপোৱা নহয়৷ চাকৰিত ভৰ্তি হ’বলৈ যাওঁতে মোৰ ওজন আছিল ৪৯ কিলোগ্ৰাম আৰু ইম্ফলৰ পৰা ওলাই আহোঁতে সেই ওজন হৈছিলগৈ ৬১ কিলোগ্ৰাম৷ এই উত্তৰণৰ বাবে মই এতিয়াও লগটক হ্ৰদক আৰু তাত থকা মীনকুলক দুহাত যুৰি প্ৰণিপাত জনাওঁ৷ মনিপুৰীসকলৰ কলা প্ৰতিভাৰ তুলনা নাই৷ তেওঁলোকৰ নাট আৰু নাচৰ ইমান নিখুট পৰিৱেশন মই আন ঠাইত আজিলৈকে দেখা নাই! আমি ‘থাম্বলচুম্বা’ নামৰ নাচৰ উৎসৱটোত নাচিবলৈও গৈছিলো!  

আজিৰ কাহিনীটো এই সময়ৰে৷

আমাৰ লগত নতুনকৈ যোগদান কৰিলেহি প্ৰসেনজিত নামৰ এজন বাঙালী যুৱকে৷ কলিকতাৰ ল’ৰা৷ সেই সময়ত উত্তৰ-পূৰ্বাঞ্চলত থকা বিমানকোঠসমূহত থকা কৰ্মচাৰীসকলৰ বেছিভাগেই আছিল পশ্চিমবংগৰ বাঙালীলোক৷ আমি তেওঁলোকৰ আন্তৰিক মৰমৰ সোৱাদ পাইছিলো৷ এবাৰ এৰাএৰি হোৱাৰ বহুদিন পাছত কলিকতা বিমানবন্দৰত হঠাতে পিনাকীদাক (বেনাৰ্জী) লগ পালোঁ৷ একো ক’বলৈ সুযোগ নিদি ঘৰলৈ লৈ গ’ল৷ ক্ষন্তেক সময়ৰ ভিতৰতে বৌদিয়ে ইলিছমাছৰ যিখন তৰকাৰী ৰান্ধি খুৱাইছিল তাৰ সোৱাদ মই আজিও পাহৰা নাই৷ ঠিক তেনেকৈ এদিন দত্তদাইও (অসীম)! এনে উদাহৰণৰ শেষ নাই৷ ইম্ফলতো বিমানকোঠ আৰু বতৰ বি়জ্ঞান বিভাগত বহুকেইজন বাঙালী ভদ্ৰলোকে কাম কৰিছিল৷ বতৰ বিজ্ঞান বিভাগত কাম কৰা চৌধূৰীদা নামৰ লোকজনৰ পৰিয়ালো বিমানকোঠৰ কেম্পাছটোতে বাস কৰিছিল৷ তেখেতৰ বিয়া দিব পৰা এগৰাকী ছোৱালী আছিল৷ চৌধুৰীদাৰ চকুৱে এসময়ত প্ৰসেনজিতক অনুসৰন কৰিবলৈ ল’লে৷ এদিন প্ৰসেনজিতে মোক গোপন কথা কোৱাৰ দৰে ক’লে চৌধুৰীদাই হেনো তেওঁক আবেলি চাহ খাবৰ বাবে কেইবাদিনো ধৰি মাতি আছে৷ সি অকলে যাবলৈ অসুবিধা পাইছে৷ প্ৰসেনজিত যিহেতু ‘এয়াৰ ট্ৰেফিক কন্ট্ৰলাৰ’ সেয়ে চৌধুৰীদাৰ লগত দিনটোত সঘন যোগাযোগ হৈ থাকে, আঁতৰি থকাৰ অকণো উপায় নাই৷ তাৰোপৰি প্ৰসেনজিতৰ মাক-দেউতাকেও হেনো তাৰ বিয়াৰ কথা লৈ কুৰুং-কাৰাং কৰিবলৈ আৰম্ভ কৰিছে৷ গতিকে এদিন চৌধুৰীদাৰ ঘৰত গৈ চাহ একাপ খাই আহিলে কেনে হয়? মই সন্মত হ’লো৷

শনিবাৰ এটাত সন্ধ্যা সময়ত আমি গৈ চৌধুৰীদাৰ ঘৰৰ দুৱাৰত টোকৰ দিলোঁগৈ – আমি তিনিটা মানে প্ৰসেনজিত, মই আৰু কল্লোল! আশা কৰা মতেই সাজি কাচি থকা ছোৱালী এজনীয়ে দুৱাৰ খুলি আথেবেথে আগবঢ়াই নিলে৷ চৌধুৰীদা ঘৰত নাই, এই আহিব এতিয়া৷ মাক আৰু ছোৱালীয়ে আমাৰ লগত বহি কথা পাতিবলৈ ধৰিলে৷ প্ৰসেনজিতে মোক কৈ থৈছিল – “তুমি মাত্ৰ ভালদৰে অৱজাৰ্ভ কৰিবা!” মই মোৰ কামত লাগি আছো৷ ছোৱালীয়ে কথা ক’বলৈ আৰম্ভ কৰিছে, স্মাৰ্ট ছোৱালী! মই লক্ষ্য কৰিলো প্ৰসেনজিতৰ ঠাইত ছোৱালীয়ে ভুলকৈ কল্লোলক বেছি গুৰুত্ব দিছে৷ বোধহয় নামৰ খেলিমেলি কৰিছে৷ কথাবতৰাৰ বেছিভাগেই টি-ভি চিৰিয়েল সম্পৰ্কীয় কথা৷ এসময়ত চৌধুৰীদা আহিল৷ ছোৱালীয়ে অনৰ্গল মুখ চলাই আছে৷ দেউতাকে কথা ক’বলৈ ল’লেই ছোৱালীয়ে মুখতে ধৰে – “বাবা, তোমাক মনে মনে থাকিবৰ কাৰণে কিমান টকা লাগিব?” কেইবাবাৰো৷

এসময়ত চাহ আহিল৷ চাহৰ লগত ব্ৰেড পকোড়া আৰু মিঠাই৷ মোটামোটি ভালেই হৈছে কিন্তু চাহ বা ব্ৰেডত কিবা এটা মিহলি হৈছে বোধহয় – অলপ তিতা তিতা লাগিছে! খোৱা টেবুলৰ পৰা উঠাৰ আগে আগে মই ছোৱালীক প্ৰশংসা কৰিলো, ইমান সুন্দৰকৈ চাহ মিঠাই পকোড়া খুৱালে! বিদ্যাটো টেলিভিছনৰ পৰা শিকিছে নেকি সেইটোও সুধিলো! অলপো গুণাগঠা নকৰাকৈ ছোৱালীৰ মুখৰ পৰা ওলাই আহিল – “কি জানে, পকোড়া বনোৱাৰ কথা নাছিল আজি! যোৱা সপ্তাহতে আনি থোৱা ব্ৰেড এটা বেয়া হৈ যাব ধৰিছিল, ওপৰত নীলা নীলা কিবা হৈ গৈছিল, সেইকাৰণে সেইটোৰেই মই আজি পকোড়া বনাই পেলালো, বুজি পালে ?”

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)  

Saturday, August 10, 2019

জীৱন বাটৰ ৰসঃ পুনৰ পূৰ্ণেশ্বৰ ছাৰ (৭৩)


জীৱন বাটৰ ৰসঃ পুনৰ পূৰ্ণেশ্বৰ ছাৰ (৭৩)

আমাৰ ভন্টি মাহীয়ে ভাতৰ কাষত কেঁচা নিমখ অকণনমান নহলে ভাত খাবই নোৱাৰে৷ কিমানে কয়, -“হেৰৌ কেঁচা নিমখ শৰীৰৰ কাৰণে বিপদজনক, কেঁচা নিমখে বৃক্ক অচল কৰি দিব পাৰে!’’ মাহীয়ে নামানে৷ এখুদমান হলেওঁ লাগিবই৷ সকাম নিকাম খাবলৈ গ’লে হালধিপাত এটাতে অকণমান কেঁচা নিমখো বান্ধি নিয়ে, তৃপ্তিৰে যাতে ভাতসাঁজ খাব পাৰে, সেই আশাত! আমাৰ ঘৰতে থাকি খেতি-বাতিত সহায় সাৰথি কৰি দিয়া কণখুৰাই আকৌ জলকীয়া এটা নহলে ভাত গিলিবই নোৱাৰে৷ জলকীয়াৰ গুণ বখানি আমাৰ আগত প্ৰায়েই ভাষণ দিয়ে – ‘বুজিছ, এই জলকীয়াৰ এটা নাম ভোজনঠেলা! মানে এই বস্তুটো হলে আন একোৰে দৰকাৰেই নাই, ইয়েই ভাতগাল পেটৰ ভিতৰলৈ ঠেলি নিব পাৰে! কিয় শুনা নাই, শাওঁনমহীয়া দুপৰবেলা, কোনে দিব ভোজনঠেলা… এই বস্তুটো খাই থাকিলে পেটৰ আন কোনো বেমাৰ হবই নোৱাৰে!’  মাছে মঙহে ভৰাই ভাতসাঁজ আগত দিলেও খুৰাই গহীন হৈ মাতটো উলিয়াই – জলকীয়া! চাপৰিত অকলেই সাতপূৰা মাটিত খেতি কৰি উঠাব পৰা চন্দ্ৰ দদাইদেউৱে আকৌ ভাতৰ কাষত খাতি সৰিয়হৰ তেল অকণমান নহ’লে খোৱাত জুটি নাপায়৷ দদাইদেউহঁতৰ পাকঘৰত মকল বাঁহৰ পাব এটাৰে সাজি লোৱা পাত্ৰ এটা আছে, তাতে ঘানিত পেৰি অনা সৰিয়হৰ তেল অলপ ভৰাই থোৱা থাকে৷ সদায় ভাতৰ পাতত তাৰে এচামুচমান দদাইদেউক লাগেই! নাপালেই দদাইদেউৰ খঙে চুলিৰ আগ পায়গৈ৷  মই দক্ষিণ ভাৰতৰ ছাত্ৰাবাস এটাত থাকি পঢ়ি থাকোঁতে মোৰ কোঠাবন্ধু আছিল অন্ধ্ৰ প্ৰদেশৰ দাস্তগিৰি ৰেড্ডী৷ তেওঁক ভাত খাওঁতে আচাৰ অকণমান লাগিবই৷ জলকীয়া আৰু মচলা দি ৰঙা কৰি লোৱা আচাৰৰ বটল এটা কিনি আনি তেওঁ পঢ়া মেজতে থৈ দিয়ে৷ ভাত খাবলৈ যাওঁতে তাৰে অলপ বহীপাত এখিলাত সদায় বান্ধি লৈ যায়৷ বটলটো খালি হওঁ হওঁ হওঁতেই আন এটা বটল আহি তাৰ ঠাই পূৰাইহি৷

যাৰ যি দস্তুৰ৷ বহু মানুহ আছে কাৰোবাৰ চাধা এপালি নাখালে, কাৰোবাৰ চুৰট এটা নুহুপিলে বা কাৰোবাৰ ৰঙা চাহ একাপ নাখালে ৰাতিপুৱা পেট চাফা নহয়! এই বিলাক আচলতে বহুদিনীয়া অভ্যাসৰ ফল, এৰোঁ বুলিলেই এনে অভ্যাস সাউতকৈ এৰিব নোৱাৰি!

এতিয়া আহোঁ আচল কথালৈ৷ পূৰ্ণেশ্বৰ ছাৰৰ বাইদেউৰ কুকুৰলৈ বৰ মৰম৷ ৰাতি ভাত-পানী খোৱাৰ পিছত ৰৈ যোৱা এৰেহাখিনি বাইদেউৱে চুৱাপাতনিলৈ ছাটি মাৰি নিদিয়ে৷ বাতৰি কাগজ এখনৰ ওপৰত বাকি দি – ‘আহ আহ চুহ চুহ’ বুলি মুখেৰে আচহুৱা শব্দ কেইটামান কৰে৷ শুই বহি থকা ভতুৱা কুকুৰ কেইটামানৰ হঠাতে আৱিৰ্ভাৱ হয়৷ সিহঁতে গো-গ্ৰাসে সেইবোৰ খায় আৰে বাইদেউলৈ হেনো কৃতজ্ঞতাৰে দৃষ্টিৰে চাই থাকে৷ কথাটো ছাৰে বৰ পচন্দ নকৰে৷ পাছে বাইদেউৱে ভাল পায় কাৰণে একো নকয়, সহ্য কৰি থাকে৷ এনেকৈয়ে বাইদেউৱে এগালমান কুকুৰ ঘৰ লগাইছে!

এবাৰ এজনী কুকুৰৰ চাৰিটা পোৱালী জগিল৷ মৰম লগা এমাডিমা পোৱালী, বেলেগ বেলেগ ৰঙৰ৷ দেখিলেই স্নেহ ওপজে৷ কেইদিনমানৰ পিছত দেখা গ’ল কুকুৰপোৱালী কেইটাৰ ছাৰৰ ঘৰৰ ভিতৰে বাহিৰে অবাধ ৰাজত্ব৷ পৰ্দাৰ ফাকে ফাকে, চকী মেজৰ তলে তলে সিহঁতে নিসংকোচে ঘুৰি ফুৰে৷ কেইদিনমানৰ ভিতৰতে ছাৰৰ ঘৰৰ গোন্ধটোৱেই সলনি হৈ গ’ল৷ আৱিষ্কাৰ হ’ল, বেৰৰ চুকত ঝাড়ুৱে ঢুকি নোপোৱা দূৰত্বত এপোৱামান কুকুৰপোৱালীৰ বিষ্ঠা! কেতিয়াবা  আকৌ বিচনাৰ তলত, খুটাটোৰ গাতে লগাই এথেপা! কেতিয়াবা চ’ৰাঘৰৰ চকীৰ কুচনৰ মাজত, ওপৰত কোনোবা বহাত সমান হৈ থাকে! ছাৰৰ কথাটো বাদেই এদিন স্বয়ং বাইদেউৰ মুখতে ওলাল – ‘জানো, ইহঁতৰ পৰা কেনেকৈ নিস্তাৰ পোৱা যায়, অতিষ্ঠ লাগি গৈছে!’ ছাৰ যেন এই মূহুৰ্তটোলৈকে অপেক্ষা কৰি আছিল৷ পিছদিনা দেওঁবাৰ৷ বজাৰৰ একোণত দৰব বিক্ৰি কৰা পোহাৰী এটা বহে৷ মাইক এটা লগাই লৈ বিক্ৰেতাজনে গ্ৰাহকক নিমন্ত্ৰণ কৰি থাকে৷ সাতামপুৰুষীয়া গাঠিৰ বিষ, দাঁতৰ দায়েৰীয়া আৰু পেটৰ পায়েৰীয়া ভাল কৰিব পৰা দৰব আছে বুলি ভোজপুৰী মিশ্ৰিত অচ্‌মীয়া ভাষাই বজাৰখনৰ সেই কোণটো জিনি থাকে৷ ছাৰ গৈ সেই পোহাৰীটোৰ সমূখত উপস্থিত হ’লগৈ৷
-        পোক পৰুৱা মৰা দৰৱ আছেনে?
-        হাঁ চা’ব, পাই যাব৷
-        ডাঙৰ পোক পৰুৱা মানে মেকুৰী কুকুৰ জাতীয় ডাঙৰ বস্তু মাৰিব পৰা কিবা দৰৱ?
হিন্দী ভাষাত বিষাক্ত বুলি লিখা থকা দৰৱৰ টেমা এটা লৈ ছাৰ উভতিল৷ পোহাৰীয়ে বুজাই দিলে, দৰৱটো সৰিয়হৰ গুটিৰ দৰে, কিবা খাবলৈ দি তাৰ ওপৰত দুচামুচমান গুটি মিলাই দিলেই কাম হৈ যাব৷ কুকুৰ মেকুৰীয়েই নহয়, গৰুৰ দানাত মিহলাই দিলে গৰুও খতম হৈ যাব৷ “কাম না হ’লে, পাইচা না দিব”- পোহাৰীয়ে ভাৰসা দিলে৷

ছাৰে আয়োজনটো অকলে কৰিলে৷ ৰাতি এৰেহাখিনি কাগজৰ ওপৰত বাইদেউৱে দিওঁতেই ছাৰে তিনি চামুছ দৰৱ খাদ্যৰ লগত মিলাই দিলে৷ পোহাৰীয়ে দুচামুচ দিবলৈ কৈছিল, ছাৰে ৰিস্ক ল’ব খোজা নাই, সেয়ে তিনি চামুছ! এটা দুটা নহয়, চাৰিটা পোৱালী৷ শোৱাৰ আগে আগে কোৰখন আনিও ওচৰতে থৈ দিলে৷ ৰাতিপুৱাই উঠি চাৰিওটা পোৱালীকে দ গাত খান্দি পুতি পেলাব লাগিব, আন কোনোবাই নেদেখোঁতেই কৰিব পাৰিলে ভাল!

পিছদিনা দুৱাৰ খুলিয়েই ছাৰ অবাক৷ নেগুৰ লৰাই লৰাই লোদোৰ-পোদোৰ চাৰিওটা পোৱালী আহি ছাৰৰ দুভৰিৰ মাজত সোমালহি৷ কি আচৰিত! নিশ্চয় দৰৱৰ পৰিমান কম হ’ল৷ পিছদিনা ছাৰে পাঁচ চামুচ মিহলাই দিলে৷ তাৰ পিছদিনা ন চামুচ!

দুসপ্তাহৰ পিছত দেওঁবাৰ এটাত বাইদেউৱে ছাৰক তেনেকুৱা টেমা এটা বজাৰৰ পৰা আকৌ আনিবলৈ ক’লে৷
- “পোৱালীকেইটাৰ কি হৈছে জানো, সেই টেমাটোৰ দৰৱৰ গোন্ধ নাপালে সিহঁত খোৱা বস্তুৰ কাষলৈকে নহা হৈছে!”

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো দিলে আমাৰ অঞ্চলৰ ৰসৰ অক্ষয় ভাণ্ডাৰ মোৰ ভাতৃপ্ৰতীম শংকৰে (শংকৰ ভূঞাই)৷ তেওঁলৈ ধন্যবাদ জনাইছো৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)  

Saturday, June 29, 2019

জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৭২)


জীৱন বাটৰ ৰসঃ পুনৰ চন্দ্ৰপেহা (৭২)
‘আজিও নহ’ল !’ – পেহাই বিচনাত উঠিয়েই হুটা মাত এটা উলিয়াই আৱাজ দিলে৷ পেহীৰো তেতিয়াহে মনত পৰিল – ‘ছেঃ, হয়তো, আজিও মনলৈ নাহিল!’
ৰাতি ভাত-পানী খাই উঠাৰ পিছত বিচনাত উঠাৰ আগে আগে পেহাই সদায় জুতি লগাই তামোল এখন খায় ৷ তাৰ পিছত দমকলৰ পাৰলৈ গৈ ঘটং ঘটং-কৈ পানী উলিয়াই ভৰিহাল ধোৱে৷ মটৰৰ টায়াৰ কাটি খৰমৰ দৰে সাজি লোৱা চেন্দেলজোৰ পিন্ধি পেহাই পাকঘৰৰ চাপৰ চকীখনত বহি ভৰিহাল মোছে৷ ঠাণ্ডাদিনত ভৰিৰ তলুৱাত মিঠাতেল অলপ সানে৷ তাৰপিছত ভাতখোৱা টেবুলখনৰ ওপৰতে তিনি বেটাৰীৰ টৰ্ছটো ওভোতাকৈ থৈ পোনে পোনে পেহা বিচনাত উঠেগৈ৷ পেহীয়ে সদায় পাকঘৰত সোমোৱাৰ আগতেই বিচনাখন পাৰি থৈ আহে৷ পেহাই আঠুৱাখন তললৈ টান মাৰি নমাই লৈ নিজৰ ভাগত পৰাখিনি খুচিকাটি লয় তাৰপিছত ডাঙৰ ডাঙৰ-কৈ কেকনি কেইটামান মাৰে৷ নজনা মানুহৰ “কি হৈছে, কি হৈছে”- বুলি সুধিবৰ মন যায়৷ পাছে পেহীয়ে জানে সেইয়া পেহাৰ অভ্যাস৷ অলপ পিছতে তিনি বেটাৰীৰ টৰ্ছটো লৈ হাত-ভৰি ধুই পেহী আহি বিচনাত উঠেহি৷ পেহীৰ হাতৰ পৰা টৰ্ছটো লৈ পেহাই তেতিয়া আঠুৱাৰ কোণত থকা মহৰ সন্ধান কৰে৷ কেতিয়াবা টৰ্ছৰ পোনপটীয়া পোহৰ গৈ পেহীৰ মুখত পৰেগৈ৷ পেহী জকজকাই উঠে৷ পেহাই এনেয়ে কয় – ‘মুখখন হে চাইছো!’ পেহা-পেহীৰ বাদে আঠুৱাৰ তলত আন কোনো তৃতীয় জীৱ নাই বুলি নিশ্চিত হোৱাৰ পিছত মূৰৰ শিতানত টৰ্ছটো থৈ পেহাই গাটো বিচনাত ঢালি দিয়ে আৰু আকৌ এটা কেকনি মাৰে৷ এইটো কেকনিৰ সুৰটো স্বগঃত্যোক্তি কৰাৰ দৰে৷ “মাৰি নিয়া প্ৰভু, মাৰি নিয়া”, “কৃষ্ণ কৃষ্ণ, শীঘ্ৰে ওপৰলৈ নিয়া আৰু গোঁসাই ঈশ্বৰ” – এই ধৰণৰ৷ কেতিয়াবা এই কেঁকনিৰ পৰিমানে বাঢ়ি গৈ থাকিলে আৰু ওপৰলৈ তুলি নিয়াৰ কাকুতি বেছি ব্যাপক হ’লে পেহীয়ে কৃত্ৰিম ধমকি এটা মাৰে – ‘চুপ মাৰি শুই নাথাকে কিয়?’ আন্ধাৰতে পেহাই মিচিককৈ প্ৰশস্তিৰ হাঁহি এটা মাৰে৷ কেতিয়াবা পেহাই এনেয়ে সোধে – ‘বিচনা তলখন চালানে?’ পেহীয়ে সংক্ষেপে শলাগে – ওঁ৷ এদিন পেহা শুই থকা বিচনাখনৰ তলত পেহীয়ে টৰ্ছ মাৰি দিওঁতেই দৃশ্যমান হৈ উঠিল মচোৱাগোম সাপ এটা৷ পেহীৰ মুখৰ পৰা সাপ শব্দটো ওলোৱাৰ লগে লগে পেহা বিচনাতে জাপ মাৰি ঠিয় হ’ল আৰু চিঞঁৰিবলৈ ধৰিলে – ‘মতা মানুহ এজন মাতা, মতা মানুহ এজন মাতা৷’ নিস্পৃহ হৈ পেহীয়ে গেঙেৰী মাৰি উত্তৰ দিলে– ‘আপুনিয়েই দেখোন মতা মানুহ, নামি নাহে কিয়?’ পেহা তেতিয়াও বিচনাৰ পৰা নানামিল আৰু পেহীক নিৰ্দেশ দিলে – 'হয় নেকি, তেনেহলে লাঠি এডালকে আনি দিয়া৷’ মাটিত লাগি থকা বাটামটোত তামোলটোৰ সমান ফুটা এটা হৈছিল৷ সেইটোৱেদিয়েই “চুচুৰি-যোৱা”-টো লাহে লাহে বাহিৰ ওলাই গ’ল৷ পেহাই ডাঙৰ ডাঙৰকৈ মন্ত্ৰ মাতিল – ‘আস্তিক, আস্তিক গড়ুণ্ড!’ গড়ুৰ পক্ষীৰ উচ্চাৰণে সৰ্পকূলক ভয় খুৱায় হেনো৷
এদিন টৰ্ছটো লৈ তৃতিয় জীৱনৰ সন্ধান কৰি থাকোঁতেই পেহাৰ টৰ্ছৰ পোহৰ এঠাইত থমকি ৰ’ল৷ আঠুৱাখনত আঙুলি এটা সোমাই যাব পৰা আকাৰৰ ফুটা এটা! তেতিয়াহে পেহাৰ মনত পৰিল, যোৱা ৰাতি মহ এটাই কাণৰ কাষত কোণ-কোণাই থকাত পেহাৰ ভাল টোপনি নহ’ল৷ পেহাই লগে লগে পেহীক নিৰ্দেশ দিলে, কালিলৈ সূতাৰে চিলাই পেহীয়ে ফুটাটো বন্ধ কৰি দিব লাগে৷ পেহীয়েও স্কুলৰ পৰা আহিয়েই কামটো কৰাৰ কথা ভাবি থৈছিল, পাছে আন কামৰ মাজত মনতেই নপৰিল৷ এনেকৈয়ে তিনদিন পাৰ হ’ল৷ আজি চতুৰ্থদিন৷
পেহা গৰম৷ মৰা জীৱ পৰাদি পৰি থকা পেহীয়ে ৰাতি কিবা গম পালেহে৷ এগালমান মহে আগুৰি ধৰি পেহাক যে ৰাতি কেনেকৈ গুৰুলা-গুৰুলকৈ খাইছে পেহীয়ে তাৰ কথা কি জানে! একেৰাহে চাৰিদিন পেহাৰ টোপনি ক্ষতি, ধেমালি কথা নেকি! নোৱাৰে যদি কৈ দিয়া হলেই হয়, এক মিনিটতে পেহাই কামটো কৰি দিব পাৰে৷ এক মিনিট শব্দদুটা শুনিয়েই পেহীয়ে মুখ পাতি ল’লে – ‘এক মিনিটতে পাৰে যদি নকৰেনো কিয়, ইঘৰ-সিঘৰ কৰি থাকোঁতেই দেখোন দিনটো পাৰ হৈ যায়!’ কথাষাৰ পেহাৰ গাজত লাগিল আৰু ফেপেৰি পাতি সুধিলে – ‘চাবা নেকি?’
পেহা চিধাই বিচনাৰ পৰা উঠি গৈ কটাৰীখন হাতত ল’লেগৈ৷ পাকঘৰৰ পিৰালিতে লাগি থকা অমিতাজোপাৰ পৰা ঘাপ মাৰি অমিতাপাতৰ ঠাৰিএডাল কাটি আনিলে৷ পেহীয়ে চাই থাকোঁতেই আঠুৱাখনত থকা ফুটাটোৰ কাষতে পেহাই আন এটা ফুটা কৰি পেলালে৷ পেহীয়া ‘কি কৰিছে – কি কৰিছে’-বুলি কৈ থকাতে থাকিল৷ তাৰপিছত হাতত থকা অমিতাৰ ঠাৰিডাল এটা ফুটাইদি সুমুৱাই সিটো ফুটাইদি বাহিৰ উলিয়াই দিলে – ‘পেহাক চিনি পোৱা নাই! মহবোৰ এতিয়া এটা ফুটাইদি সোমাই সিটোৱেদি চিধাচিধি ওলাই গুছি যাব৷ আঠুৱাৰ ভিতৰলৈ আৰু তৃতিয় জীৱ আহিব নোৱাৰে!’

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো দিলে আমাৰ অঞ্চলৰ ৰসৰ অক্ষয় ভাণ্ডাৰ মোৰ ভাতৃপ্ৰতীম শংকৰে (শংকৰ ভূঞাই)৷ তেওঁলৈ ধন্যবাদ জনাইছো৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

Saturday, June 15, 2019

জীৱন বাটৰ ৰসঃ পুনৰ পূৰ্ণেশ্বৰ ছাৰ (৭১)

জীৱন বাটৰ ৰসঃ  পুনৰ পূৰ্ণেশ্বৰ ছাৰ (৭১)

পৰীক্ষাৰ ফলাফলৰ পিছত দূৰদৰ্শনৰ পৰ্দাত মেধাবী ছাত্ৰ-ছাত্ৰীক দেখিলে মোৰ মনটো ভৰি যায়৷ তেওঁলোকে কোৱা কথা-বতৰা, পঢ়াৰ ধৰণ, সময়, অনুশীলন আদিৰ কথা শুনিলে মনটো আমাৰ দিনলৈ উৰা মাৰে৷ পঢ়াৰ নামত আমি কৰা ধৰণ-কৰণবোৰলৈ মনত পৰে৷ মুক্ত আকাশৰ তলত পখিলা খেদি পাৰ কৰা শৈশৱ, স্কুলৰ ব্লেক বৰ্ডৰ পিছফালে আঁৰি থোৱা শিৰশিৰিয়া এচাৰি ডালৰ লোমহৰ্ষক দৃশ্য আৰু তাৰ চাটৰ ভয়ত অনিচ্ছা সত্বেও পঢ়া মুখস্ত কৰিবলৈ কৰা যৎপৰোনাস্তি প্ৰচেষ্টাৰ স্মৃতি আহি মনটোত লুকাভাকু খেলেহি৷ আজিকালিৰ নম্বৰবোৰটো পৰম বিষ্ময়কৰ, বিশ্বাস কৰিবলৈকে মন নাযায়৷ ইংৰাজীত ১০০ ভিতৰত ৯৮, সমাজ বিদ্যাত ১০০ৰ ভিতৰত ৯৯! আমাৰ দিনৰ এইয়া নাভূত-নাশ্ৰূত ঘটনা! কটন কলেজৰ ছমহীয়া পৰীক্ষা এটাত  এবাৰ মই অসমীয়া বিষয়ত সৰ্বোচ্চ নম্বৰ পাইছিলো ৷ গোস্বামী ছাৰে সকলোৰে আগলৈ মাতি নি কাণে-মূৰে মৰম কৰি বহীখন ঘুৰাই দিছিল৷ সংখ্যাটো আছিল ৬১৷ অষ্টম-নৱম-দশম এই তিনিওটা শ্ৰেণীৰ ভিতৰত ইংৰাজী বিষয়টোত সৰ্বোচ্চ নম্বৰ পোৱাত আমাৰ স্কুলত এবাৰ মোক কিতাপ এখন পুৰষ্কাৰ দিছিল – “কমন ইৰৰ ইন্‌ ইংলিছ”৷ এদিন ফিতাহি মাৰি ল’ৰাদুটাৰ আগত এইবোৰ কৈ থাকোঁতে ১১ বছৰীয়াই সুধিলে – পাপা, তুমি সৰুৰে পৰাই তাৰমানে জিনিয়াছ, কিমান নম্বৰ পাই ইংলিছত হায়েষ্ট মাৰ্ক পাইছিলা কোৱাচোন৷ মই ক’লো ৭৩৷ দুয়োটা যেন হাঁহিত ফাটি পৰিব! তাৰপিছত সিহঁতে কোৱা কথাবোৰৰ সাৰাংশ হ’ল মই গছ নোহোৱা অৰন্যৰ লতা আছিলো!

আমাৰ দিনত পৰীক্ষাত উত্তীৰ্ণ হোৱা-নোহোৱাটোহে ডাঙৰ কথা আছিল৷ বহুতে পৰীক্ষাৰ খবৰ লওঁতে পাছ নে ফে’ল সেইটো জানিয়েই বিষয়টোৰ মোখনি মাৰিছিল৷ ডিভিজন, পাৰ্চেন্টেছ, দিষ্টিংছন, লেটাৰ মাৰ্ক সেইবোৰ শব্দতকৈ চাপ্লিমেন্টৰী, কমপাৰ্টমেন্টেল আদি শব্দবোৰ বেছিকৈ উচ্চাৰিত হৈছিল৷ অনেক চাকৰিৰ বাবে প্ৰয়োজনীও অৰ্হতাও আছিল পাছ বা ফেইলহে৷ আমাৰ অঞ্চলটোৰ বহু ছাত্ৰই মেট্ৰিক পাছ কৰাৰ পিছতে চাহবাগানত “এপ্ৰেন্টিছ” কৰাৰ সপোন দেখিছিল৷ তাৰ বাবে মেট্ৰিকত উত্তীৰ্ণ হোৱাটোৱেই যথেষ্ট আছিল৷ বেংকৰ পৰীক্ষা লিখিবৰ বাবে প্ৰি-ইউনিভাৰচিটি  পাছ কৰিলেই যোগ্য বুলি বিবেচিত হৈছিল৷ তেতিয়াৰ দিনৰ মেট্ৰিক, বা তাৰ পিছৰ পৰীক্ষাবোৰ পাছ কৰাটো বৰ সহজ কথা নাছিল৷ নিজৰ মগজুটোৱে পৰীক্ষাৰ জপনাখন পাৰ কৰাব পাৰিব নে নোৱাৰে বহুতো ছাত্ৰই সেইটো পৰীক্ষাৰ আগে আগেই অনুমান কৰিব পাৰিছিল ৷ তেনে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত পাছ কৰিবলৈ কৰা বিচিত্ৰ কৌশলৰ অন্ত নাছিল৷ এই কৌশলবোৰ খট্‌, পুৰিয়া, আউট চাপ্লাই আদি নামেৰে জনাজাত আছিল৷

মোৰ বন্ধু হৰিলাল শৰ্মাই অসমৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান এটাত শিক্ষা গ্ৰহন কৰিছিল৷ আবাসটোৰ যিটো কোঠাৰ যিখন বিচনা তেওঁৰ ভাগত পৰিছিল তাৰ তলতে পুৰণি মামৰে ধৰা টিনৰ বাকচ এটা আছিল৷ পৰীক্ষাৰ আগে আগে আবাসটোত এজন পুৰনা ছাত্ৰৰ আবিৰ্ভাৱ হয়৷ তেওঁ বাকচটো টান মাৰি বাহিৰলৈ উলিয়াই আনি প্ৰথমে ধূলি-মাকতি পৰিষ্কাৰ কৰে৷ তাৰপিছত ধূপ এডাল জ্বলাই লৈ সেৱা এটা কৰি বাকচটো খোলে৷ বাকচটোৰ ভিতৰত ভাওনাৰ বচন লিখাৰ দৰে এসোপা দীঘল দীঘল কাগজৰ টুকুৰাত সম্ভাৱ্য প্ৰশ্নৰ উত্তৰসমূহ লিখা আছে৷ সেইবোৰ পকাই পকাই নুৰিয়াই অজস্ৰ সৰু সৰু নুৰা কৰি জাপি থোৱা থাকে৷ পৰীক্ষাৰ দিনা পিন্ধা কাপোৰৰ বিভিন্ন অংশত যেনে জেপ, চোলাৰ পাতলি, ককালৰ খোচনি, মোজাৰ ভিতৰ আদি ঠাইত সেইবোৰ সংস্থাপন কৰি লৈ তেওঁ পৰীক্ষা দিবলৈ যায়৷ তেওঁৰ ডাঙৰ সমস্যা হ’ল -কোন ঠাইত কি আছে সেইটো ঠিকমতে মনত থাকিবনে নাই! শৰ্মাই চাৰিবছৰৰ অন্তত আবাসটোৰ কোঠাটো এৰি অহাৰ সময়টো বাকচটো একেঠাইতেই পৰি আছিল৷ এনেধৰণৰ বিভিন্ন কৌশলৰে পৰীক্ষাৰ্থীয়ে পৰীক্ষা পাছ কৰিবৰ চেষ্টা কৰিছিল৷

এই যে প্ৰি-ইউনিভাৰচিটি বা পি-ইউ বুলি ক’লো সেইটোক আজিকালি হায়াৰ চেকেণ্ডাৰী বুলি কয়৷ নিম্ন-বুনিয়াদি বিদ্যালয়ত ক আৰু খ শ্ৰেণী পাছ কৰাৰ পিছত মই যেতিয়া প্ৰথম শ্ৰেণীত আছিলো তেতিয়াই খবৰ ওলাল যে প্ৰাইমাৰী স্কুলত ক আৰু খ শ্ৰেণীটো উঠাই দিয়া হব৷ ছাত্ৰ-ছাত্ৰীয়ে পোনে পোনে প্ৰথম শ্ৰেণীত নাম লগাব পাৰিব আৰু চতুৰ্থ শ্ৰেণী পাছ কৰাৰ পিছত হাইস্কুলত গৈ চিধাই ক্লাছ ফাইভত নাম লগাব পাৰিব৷ তাৰ আগেত নিম্ন-বুনিয়াদি বিদ্যালয়ত থকা শ্ৰেণী কেইটা আছিল – ক, খ, প্ৰথম, দ্বিতীয় আৰু তৃতীয়৷ হাইস্কুলৰ ক্লাছ কেইটা আছিল – ফ’ৰ-ৰ পৰা টেনলৈ৷ এই নতুন নিয়মটো প্ৰচলন কৰাৰ সময়ত এটা সমস্যা হ’ল, ইতিমধ্যেই ক,খ পঢ়ি আহি তৃতীয় শ্ৰেণীত পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলৰ কি হ’ব? – তেওঁলোকে পাছ কৰাৰ পিছত পোনে পোনে হাইস্কুলৰ ক্লাছ ফাইভলৈ প্ৰমোচন পাব৷ তেওঁলোকক “অল্ড্‌ কৰ্ছ”-ৰ পৰীক্ষাৰ্থী বুলি কোৱা হব৷ “অল্ড্‌ কৰ্ছ”-ৰ যিসকল পৰীক্ষাৰ্থীয়ে ফেইল কৰিব তেওঁলোকক মুঠতে তিনিটা চাঞ্চ দিয়া হ’ব৷

এই “অল্ড কৰ্ছ”-ৰ পৰীক্ষাৰ ধৰণটো আছিল বৰ আমোদজনক৷ “পি-ইউ”-ৰ সলনি হৈ যেতিয়া “হায়াৰ চেকেণ্ডাৰী” হৈছিল তেতিয়া “পি-ইউ”-ৰ ছাত্ৰ-ছাত্ৰীসকল আছিল “অল্ড কৰ্ছ”-ৰ৷ “বি.এ.” সলনি হৈ যেতিয়া “টি-ডি-ছি” (থ্ৰী ইয়াৰ ডিগ্ৰী কৰ্ছ)  হৈছিল বি.এ.ৰ ছাত্ৰ-ছাত্ৰীসকল তেতিয়া পৰিছিল অল্ড কৰ্ছ-ত৷ ফেইল কৰিলে তেওঁলোকে তিনিবাৰলৈকে চেষ্টা কৰিব পাৰে৷ সেই তিনিবাৰৰ শেষৰ চাঞ্চটো আছিল জন্ম-মৃত্যুৰ প্ৰশ্ন জড়িত থকাৰ দৰে৷ সৰকিব নোৱাৰাসকলৰ সিমানতে শিক্ষা জীৱনৰ অন্ত পৰিছিল৷

এইটো সেই সময়ৰে কথা৷ মেট্ৰিকৰ “অল্ড্‌ কৰ্ছ”-ৰ সেইদিনা আছিল শেষ পৰীক্ষাটো৷ বিষয়টো আছিল বুৰঞ্জী৷ পূৰ্ণেশ্বৰ ছাৰৰ ভাগত পৰীক্ষা লোৱাৰ দায়িত্ব পৰিছিল৷ তেতিয়াৰ দিনত আমাৰ অঞ্চলটোত আমাৰ স্কুলখনেই আছিল পৰীক্ষাৰ একমাত্ৰ কেন্দ্ৰ৷ ফলত দলংগুৰী হাইস্কুল আৰু নাগশংকৰ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলেও পৰীক্ষা দিবলৈ আমাৰ স্কুলখনলৈ আহিব লাগিছিল৷  এসময়ত পূৰ্ণশ্বৰ ছাৰ সদায় জামুগুৰীৰ পৰা বাৰ কিলোমিটাৰ চাইকেল চলাই আমাৰ স্কুললৈ আহিছিল৷ ঘৰৰ সমূখেদিয়েই অহা গৰমেন্ট বাছখন ছাৰৰ ঘৰৰ সমূখত নাৰাখে৷ পাকি়জা নামৰ পাব্লিক বাছখনৰ সময়টো মিলে কিন্তু বজাৰ বাৰ হলে বাছখন নাহে৷ মাজে মাজে এনেইও বাছখন হঠাতে নচলা হয়৷ বাছখনৰ বাবে ৰৈ থাকি থাকি শেষত নাহিলে ছাৰৰ বৰ অথন্তৰ হয়৷ সেয়ে ছাৰে বছৰৰ পিছত বছৰ ধৰি বাইচাইকেলৰ পেদেল মাৰি মাৰিয়েই স্কুললৈ অহা-যোৱা কৰিছিল৷ পাছে কিছুদিনৰ পৰা “ফ’ৰ-জিৰো-চেভেন” নামৰ গাড়ী এবিধ ওলাইছে৷ পোন্ধৰজনমান যাত্ৰী বহিব পাৰে৷ য’তে ইচ্ছা ত’তে ৰয়, কোনো বাধা নিষেধ নাই! ঘৰৰ সমূখৰ পৰাই উঠাই লৈ গৈ বিছ মিনিট নৌ হওঁতেই ছাৰক গৈ স্কুলৰ সমূখত নমাই দিয়েগৈ৷ সুবিধাজনক৷ তেনে এখন ফ’ৰ জিৰো চেভেনত উঠিয়েই ছাৰ স্কুললৈ আহি আছে৷ ছাৰে লক্ষ্য কৰিলে নাগশংকৰত পৰীক্ষাৰ্থী এজন গাড়ীখনত উঠিছে৷ তেওঁ খালি চিট বিচাৰি এবাৰ ইফালে সিফালে চালে আৰু তাৰপিছত সন্তৰ্পনে ছাৰ বহি থকা ছিটটোৰ লগতে থকা খালী চিটটোত বহি পৰিল৷ ছাৰে লক্ষ্য কৰিলে ল’ৰাটোৱে কিবা মুখস্ত মাতি আছে৷ ছাৰৰ মনটো ভাল লাগি গ’ল৷ এনে প্ৰচেষ্টা অথলে নাযায়৷ চেষ্টাৰ অসাধ্য একো নাই৷ এই শেষ সুবিধাটোত ভগৱানে ল’ৰাটোক যেন পৰীক্ষাটো পাছ কৰি যাবলৈ আৰ্শীবাদ দিয়ে৷ খনাজানৰ দলংখন পোৱাৰ আগে আগে ৰাষ্টাত প্ৰকাণ্ড গাঁত এটা হৈছে৷ দ্ৰাইভাৰে মন কৰা নাছিল হ’বলা, গাঁতটোত চকাটো হঠাতে সোমাই যোৱাত গাড়ীখন জপিয়াই উঠিল আৰু পৰীক্ষাৰ্থী ল’ৰাটো জোকাৰণিটোত ছাৰৰ গাৰ একেবাৰে ওচৰ চাপি আহিল৷ তেতিয়াও তেওঁ মুখেৰে বিৰবিৰাই মুখস্ত মাতিয়েই আছে৷ ছাৰৰ কাণত এইবাৰ স্পষ্টকৈ পৰিবলৈ ল’লে- “সোঁ-জেপত আহোম, বাওঁ জেপত মোগল৷ পাচফালে চমু-টোকা, আগফালে পানীপথৰ যুদ্ধ!”

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো দিলে আমাৰ অঞ্চলৰ ৰসৰ অক্ষয় ভাণ্ডাৰ মোৰ ভাতৃপ্ৰতীম শংকৰে (শংকৰ ভূঞা)৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)