জীৱন
বাটৰ ৰসঃ পুনৰ পূৰ্ণেশ্বৰ ছাৰ (৭৩)
আমাৰ
ভন্টি মাহীয়ে ভাতৰ কাষত কেঁচা নিমখ অকণনমান নহলে ভাত খাবই নোৱাৰে৷ কিমানে কয়, -“হেৰৌ
কেঁচা নিমখ শৰীৰৰ কাৰণে বিপদজনক, কেঁচা নিমখে বৃক্ক অচল কৰি দিব পাৰে!’’ মাহীয়ে নামানে৷
এখুদমান হলেওঁ লাগিবই৷ সকাম নিকাম খাবলৈ গ’লে হালধিপাত এটাতে অকণমান কেঁচা নিমখো বান্ধি
নিয়ে, তৃপ্তিৰে যাতে ভাতসাঁজ খাব পাৰে, সেই আশাত! আমাৰ ঘৰতে থাকি খেতি-বাতিত সহায় সাৰথি
কৰি দিয়া কণখুৰাই আকৌ জলকীয়া এটা নহলে ভাত গিলিবই নোৱাৰে৷ জলকীয়াৰ গুণ বখানি আমাৰ
আগত প্ৰায়েই ভাষণ দিয়ে – ‘বুজিছ, এই জলকীয়াৰ এটা নাম ভোজনঠেলা! মানে এই বস্তুটো হলে
আন একোৰে দৰকাৰেই নাই, ইয়েই ভাতগাল পেটৰ ভিতৰলৈ ঠেলি নিব পাৰে! কিয় শুনা নাই, শাওঁনমহীয়া
দুপৰবেলা, কোনে দিব ভোজনঠেলা… এই বস্তুটো খাই থাকিলে পেটৰ আন কোনো বেমাৰ হবই নোৱাৰে!’ মাছে মঙহে ভৰাই ভাতসাঁজ আগত দিলেও খুৰাই গহীন হৈ
মাতটো উলিয়াই – জলকীয়া! চাপৰিত অকলেই সাতপূৰা মাটিত খেতি কৰি উঠাব পৰা চন্দ্ৰ দদাইদেউৱে
আকৌ ভাতৰ কাষত খাতি সৰিয়হৰ তেল অকণমান নহ’লে খোৱাত জুটি নাপায়৷ দদাইদেউহঁতৰ পাকঘৰত
মকল বাঁহৰ পাব এটাৰে সাজি লোৱা পাত্ৰ এটা আছে, তাতে ঘানিত পেৰি অনা সৰিয়হৰ তেল অলপ
ভৰাই থোৱা থাকে৷ সদায় ভাতৰ পাতত তাৰে এচামুচমান দদাইদেউক লাগেই! নাপালেই দদাইদেউৰ
খঙে চুলিৰ আগ পায়গৈ৷ মই দক্ষিণ ভাৰতৰ ছাত্ৰাবাস
এটাত থাকি পঢ়ি থাকোঁতে মোৰ কোঠাবন্ধু আছিল অন্ধ্ৰ প্ৰদেশৰ দাস্তগিৰি ৰেড্ডী৷ তেওঁক
ভাত খাওঁতে আচাৰ অকণমান লাগিবই৷ জলকীয়া আৰু মচলা দি ৰঙা কৰি লোৱা আচাৰৰ বটল এটা কিনি
আনি তেওঁ পঢ়া মেজতে থৈ দিয়ে৷ ভাত খাবলৈ যাওঁতে তাৰে অলপ বহীপাত এখিলাত সদায় বান্ধি
লৈ যায়৷ বটলটো খালি হওঁ হওঁ হওঁতেই আন এটা বটল আহি তাৰ ঠাই পূৰাইহি৷
যাৰ
যি দস্তুৰ৷ বহু মানুহ আছে কাৰোবাৰ চাধা এপালি নাখালে, কাৰোবাৰ চুৰট এটা নুহুপিলে
বা কাৰোবাৰ ৰঙা চাহ একাপ নাখালে ৰাতিপুৱা পেট চাফা নহয়! এই বিলাক আচলতে বহুদিনীয়া
অভ্যাসৰ ফল, এৰোঁ বুলিলেই এনে অভ্যাস সাউতকৈ এৰিব নোৱাৰি!
এতিয়া
আহোঁ আচল কথালৈ৷ পূৰ্ণেশ্বৰ ছাৰৰ বাইদেউৰ কুকুৰলৈ বৰ মৰম৷ ৰাতি ভাত-পানী খোৱাৰ পিছত
ৰৈ যোৱা এৰেহাখিনি বাইদেউৱে চুৱাপাতনিলৈ ছাটি মাৰি নিদিয়ে৷ বাতৰি কাগজ এখনৰ ওপৰত বাকি
দি – ‘আহ আহ চুহ চুহ’ বুলি মুখেৰে আচহুৱা শব্দ কেইটামান কৰে৷ শুই বহি থকা ভতুৱা কুকুৰ
কেইটামানৰ হঠাতে আৱিৰ্ভাৱ হয়৷ সিহঁতে গো-গ্ৰাসে সেইবোৰ খায় আৰে বাইদেউলৈ হেনো কৃতজ্ঞতাৰে
দৃষ্টিৰে চাই থাকে৷ কথাটো ছাৰে বৰ পচন্দ নকৰে৷ পাছে বাইদেউৱে ভাল পায় কাৰণে একো নকয়,
সহ্য কৰি থাকে৷ এনেকৈয়ে বাইদেউৱে এগালমান কুকুৰ ঘৰ লগাইছে!
এবাৰ
এজনী কুকুৰৰ চাৰিটা পোৱালী জগিল৷ মৰম লগা এমাডিমা পোৱালী, বেলেগ বেলেগ ৰঙৰ৷ দেখিলেই
স্নেহ ওপজে৷ কেইদিনমানৰ পিছত দেখা গ’ল কুকুৰপোৱালী কেইটাৰ ছাৰৰ ঘৰৰ ভিতৰে বাহিৰে অবাধ
ৰাজত্ব৷ পৰ্দাৰ ফাকে ফাকে, চকী মেজৰ তলে তলে সিহঁতে নিসংকোচে ঘুৰি ফুৰে৷ কেইদিনমানৰ
ভিতৰতে ছাৰৰ ঘৰৰ গোন্ধটোৱেই সলনি হৈ গ’ল৷ আৱিষ্কাৰ হ’ল, বেৰৰ চুকত ঝাড়ুৱে ঢুকি নোপোৱা
দূৰত্বত এপোৱামান কুকুৰপোৱালীৰ বিষ্ঠা! কেতিয়াবা আকৌ বিচনাৰ তলত, খুটাটোৰ গাতে লগাই এথেপা! কেতিয়াবা
চ’ৰাঘৰৰ চকীৰ কুচনৰ মাজত, ওপৰত কোনোবা বহাত সমান হৈ থাকে! ছাৰৰ কথাটো বাদেই এদিন
স্বয়ং বাইদেউৰ মুখতে ওলাল – ‘জানো, ইহঁতৰ পৰা কেনেকৈ নিস্তাৰ পোৱা যায়, অতিষ্ঠ লাগি
গৈছে!’ ছাৰ যেন এই মূহুৰ্তটোলৈকে অপেক্ষা কৰি আছিল৷ পিছদিনা দেওঁবাৰ৷ বজাৰৰ একোণত
দৰব বিক্ৰি কৰা পোহাৰী এটা বহে৷ মাইক এটা লগাই লৈ বিক্ৰেতাজনে গ্ৰাহকক নিমন্ত্ৰণ কৰি
থাকে৷ সাতামপুৰুষীয়া গাঠিৰ বিষ, দাঁতৰ দায়েৰীয়া আৰু পেটৰ পায়েৰীয়া ভাল কৰিব পৰা দৰব
আছে বুলি ভোজপুৰী মিশ্ৰিত অচ্মীয়া ভাষাই বজাৰখনৰ সেই কোণটো জিনি থাকে৷ ছাৰ গৈ সেই
পোহাৰীটোৰ সমূখত উপস্থিত হ’লগৈ৷
-
পোক পৰুৱা মৰা দৰৱ আছেনে?
-
হাঁ চা’ব, পাই যাব৷
-
ডাঙৰ পোক পৰুৱা মানে মেকুৰী কুকুৰ জাতীয়
ডাঙৰ বস্তু মাৰিব পৰা কিবা দৰৱ?
হিন্দী
ভাষাত বিষাক্ত বুলি লিখা থকা দৰৱৰ টেমা এটা লৈ ছাৰ উভতিল৷ পোহাৰীয়ে বুজাই দিলে, দৰৱটো
সৰিয়হৰ গুটিৰ দৰে, কিবা খাবলৈ দি তাৰ ওপৰত দুচামুচমান গুটি মিলাই দিলেই কাম হৈ যাব৷
কুকুৰ মেকুৰীয়েই নহয়, গৰুৰ দানাত মিহলাই দিলে গৰুও খতম হৈ যাব৷ “কাম না হ’লে, পাইচা
না দিব”- পোহাৰীয়ে ভাৰসা দিলে৷
ছাৰে
আয়োজনটো অকলে কৰিলে৷ ৰাতি এৰেহাখিনি কাগজৰ ওপৰত বাইদেউৱে দিওঁতেই ছাৰে তিনি চামুছ
দৰৱ খাদ্যৰ লগত মিলাই দিলে৷ পোহাৰীয়ে দুচামুচ দিবলৈ কৈছিল, ছাৰে ৰিস্ক ল’ব খোজা নাই,
সেয়ে তিনি চামুছ! এটা দুটা নহয়, চাৰিটা পোৱালী৷ শোৱাৰ আগে আগে কোৰখন আনিও ওচৰতে
থৈ দিলে৷ ৰাতিপুৱাই উঠি চাৰিওটা পোৱালীকে দ গাত খান্দি পুতি পেলাব লাগিব, আন কোনোবাই
নেদেখোঁতেই কৰিব পাৰিলে ভাল!
পিছদিনা
দুৱাৰ খুলিয়েই ছাৰ অবাক৷ নেগুৰ লৰাই লৰাই লোদোৰ-পোদোৰ চাৰিওটা পোৱালী আহি ছাৰৰ
দুভৰিৰ মাজত সোমালহি৷ কি আচৰিত! নিশ্চয় দৰৱৰ পৰিমান কম হ’ল৷ পিছদিনা ছাৰে পাঁচ চামুচ
মিহলাই দিলে৷ তাৰ পিছদিনা ন চামুচ!
দুসপ্তাহৰ
পিছত দেওঁবাৰ এটাত বাইদেউৱে ছাৰক তেনেকুৱা টেমা এটা বজাৰৰ পৰা আকৌ আনিবলৈ ক’লে৷
-
“পোৱালীকেইটাৰ কি হৈছে জানো, সেই টেমাটোৰ দৰৱৰ গোন্ধ নাপালে সিহঁত খোৱা বস্তুৰ
কাষলৈকে নহা হৈছে!”
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো দিলে আমাৰ অঞ্চলৰ ৰসৰ
অক্ষয় ভাণ্ডাৰ মোৰ ভাতৃপ্ৰতীম শংকৰে (শংকৰ ভূঞাই)৷ তেওঁলৈ ধন্যবাদ জনাইছো৷ ইয়াৰ যিকোনো
এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
No comments:
Post a Comment