Sunday, September 22, 2019

জীৱন বাটৰ ৰসঃ ইম্ফল চহৰত এক কন্যাপ্ৰাৰ্থী (৭৪)


জীৱন বাটৰ ৰসঃ ইম্ফল চহৰত এক কন্যাপ্ৰাৰ্থী (৭৪)

এলাহাবাদত লৈ থকা দীঘলীয়া প্ৰশিক্ষণৰ এদিন অন্ত হোৱাত আমাৰ নিয়োগৰ স্থানসমূহ প্ৰকাশ্যে ঘোষনা কৰা হ’ল৷ মোৰ ভাগত পৰিল মনিপুৰৰ ৰাজধানী ইম্ফল চহৰত থকা বিমানকোঠটো, ঠাইখনৰ নাম তুলিহাল৷ মনটো বিষাদে ঢাকি ধৰিলে৷ মই গুৱাহাটীৰ বিমানকোঠতে সুযোগ পাম বুলি মনে মনে ভাবি আছিলো, পাছে নাপালোঁ৷ কাৰোবাক ধৰি-মেলি সাল-সলনি কৰিব পৰা যায় নেকি কিছু চেষ্টা কৰিও চালোঁ, - নোৱাৰিলোঁ৷ ইম্ফলত জইন কৰিবলৈ নিৰ্দেশ পোৱা মোৰ বাদেও আন দুজন  প্ৰশিক্ষাৰ্থী আছিল৷ এজন মণিপুৰৰে ছিপামী কেইছিং আৰু আনজন শিলছৰৰ চৌখিন যুৱক পাছলৈ মোৰ আন্তৰিক বন্ধু কল্লোল ধৰ৷ এজনৰ লগতো মোৰ তেতিয়া ঘনিষ্ঠতা নাছিল৷ ভাৰতবৰ্ষৰ আনঠাইৰ মানুহৰ আমাৰ অসমৰ ওপৰত যি ধাৰণা মনিপুৰৰ ওপৰত মোৰ ধাৰনাও তেতিয়া সম্ভৱ তেনেকুৱাই আছিল৷ কাৰণ মই কেইছিঙক মই সুধিছিলোঁ – ‘ইম্ফলত পিচিঅ’ আছে নে নাই?’ মবাইল ফোন, ই-মেইল তেতিয়াও অহা নাছিল কিন্তু যোগাযোগৰ ক্ষীপ্ৰতৰ মাধ্যম হিচাপে সৰু সৰু চহৰবোৰতো ‘পাবলিক কল অফিচ’ বা পিচিঅ’-বোৰ কাঠফুলা গজাদি গজি উঠিছিল৷ চিঠি নিলিখাকৈয়ে দূৰ দূৰণিলৈ খবৰ দিব পৰা এই মাধ্যমে আমাৰ জীৱনলৈ তেতিয়া নতুন তৰংগ আনিছিল৷ ফোনেৰে কথা পাতিবৰ বাৰে পিচিঅ’-ৰ আগত ঘন্টাৰ পিছত ঘন্টা শাৰীপাতি থিয় দি থাকিছিলোঁ৷ আমাৰ ঘৰত তেতিয়া টেলিফোন নাছিল কিন্তু তেজপুৰত থকা পেহাদেউৰ নম্বৰটো মুখস্থ হৈ আছিল (আৰু এতিয়াও আছে ২১৭২৪)!  কেইছিঙে বিদ্ৰুপৰ ভংগিমাত হাতখন মোলৈ মেলি ধৰি মন্তব্য দিলে – “ইম্ফল ষ্টেট্‌ কেপিটেল হেই্‌, য়ে বাট কৰতা্‌ হে’ পিচিঅ’ কা!”

গুৱাহাটীৰ পৰা প্ৰথম বিমান যাত্ৰা কৰি এদিন গৈ ইম্ফলত নামিলোগৈ৷ এতিয়া এনে লাগে মই যদি প্ৰথম পোষ্টিং ইম্ফলত নাপালোঁহেতেন মোৰ চাকৰিজীৱন অনেক দিশৰ পৰাই অসম্পূৰ্ণ হৈ থাকিলহেঁতেন! ইম্ফল সৰু বিমানকোঠ হোৱাৰ বাবে বিমানকোঠ পৰিচালনাৰ সৰু সৰু খুতিনাতিবোৰ শিকিবৰ বাবে সুবিধা আছিল সীমাহীন, লগত আছিল আমুৱাই যোৱাকৈ সময়! তেতিয়া মনিপুৰ ৰাজ্য পি. এল. এ. (পিপলছ লিবাৰেচন আৰ্মি) নামৰ দুধৰ্ষ সন্ত্ৰাসবাদীৰ ভয়ত ত্ৰস্তমান৷ বিমানকোঠটোৰ প্ৰৱেশদাৰৰ ওচৰতে থকা চি-আৰ-পি তম্বুটোৰ ওপৰত এদিন নিশা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি গুলি চলাইছিল৷ ভয়ত পেপুৱা লাগি আমি কোৱাৰ্টাৰ এটাত নিশাৰ ক্ষণ গনিছিলো৷ বিমান এখন তললৈ নামি অহা দিশত বিমানকোঠৰ পৰিসীমাৰ বাহিৰত অনেক দূৰত দুটা প্ৰধান নেভিগেচনৰ যন্ত্ৰ স্থাপন কৰা থাকে, নাম ‘আউটাৰ মাৰ্কাৰ’ আৰু ‘মিদল মাৰ্কাৰ’! বিমানখন অহাৰ আগে আগে সেই দুটা পৰীক্ষা কৰাটো এটা নিয়ম৷ প্ৰায় দহ কিলোমিটাৰ দূৰত থকা এই যন্ত্ৰ দুটা পৰীক্ষা কৰিবলৈ জিপগাড়ী এখন লৈ কোনোবা এজন যাব লাগে৷ অশান্ত পৰিস্থিতিৰ বাবে এই কামটো কৰিবলৈ সততে কৰ্মচাৰীসকলে ভয় কৰে৷ এদিন তাৰ পৰা মই ঘুৰি আহোঁতে মোৰ জীপগাড়ীখন ডেকাল’ৰা কেইটামানে আগুৰি ধৰিলে, মোক গাড়ীৰ পৰা নামি যাবলৈ ক’লে আৰু মোৰ হাতত থকা বেঁতাৰ যন্ত্ৰটো (ৱাকি-টকি) কাঢ়ি লৈ মোক তাতে এৰি দ্ৰাইভাৰ সহিত গাড়ীখন লৈ গুছি গ’ল৷ যেতিয়া সম্বিৎ ঘুৰি আহিল, কেইবাকিলোমিটাৰো খোজ কাঢ়ি গৈ গৈ এটা টেলিফোন এক্সছেঞ্জৰ পৰা মই ফোন কৰি বিমানকোঠত এই খবৰটো জনাইছিলো৷ এনেবোৰ অসুবিধাৰ মাজত আৰম্ভ কৰা বাবেই নেকি, পিছলৈ সৰু সৰু অসুবিধাবোৰ হেলাৰঙে অতিক্ৰম কৰাৰ সাহস আৰু আত্মবিশ্বাস হৈছিল৷

ইম্ফল চহৰৰ সৌন্দৰ্যৰ সীমা নাছিল৷ সাগৰ পৃষ্ঠৰ পৰা ৭৮৬ মিটাৰ উচ্চতাত অৱস্থিত (গুৱাহাটী বিমানকোঠৰ এই উচ্চতা মাত্ৰ ৪৯ মিটাৰ) বাবে বায়ুত জলীয়বাষ্পৰ পৰিমান আছিল তেনেই কম৷ দূৰ-দুৰণিত পাহাৰৰ ওপৰত দেখা দৃশ্য একোটাও জ্বলজ্বল-পটপটকৈ চকুত পৰে৷ ইম্ফলৰ দৰে ইমান পৰিষ্কাৰ আৰু স্বচ্ছ বায়ুমণ্ডল মই একমাত্ৰ ইউৰোপৰ দেশতহে দেখা পাইছো৷ মনিপুৰীলোকসকলে উজ্জ্বল ৰঙ বৰ ভাল পায়৷ চহৰৰ মাজত থকা ইমা বজাৰৰ এঢলীয়া ৰাষ্টাটোলৈ চাই পথালে তাত অহা-যোৱা কৰা লোকসকলৰ সাজপোচাকবোৰৰ ভিন্ন ৰঙে চকুত যিখন কলাজৰ সৃষ্টি কৰে সেইয়া সতকাই পাহৰা টান৷ ইম্ফলৰ লগটক নামৰ হ্ৰদটোত প্ৰচুৰ মাছ পোৱা যায়৷ আবেলি বিমানকোঠৰ প্ৰৱেশদ্বাৰৰ ওচৰতে মাটিত বহা পোহাৰী এগৰাকীয়ে (ইমা) লগটক হ্ৰদৰ জীয়া মাছ বেছে৷ মই আনি নিজেই কাটি বাছি ভাজি চৰিয়া এটাৰে ঢাকি থৈ দিওঁ৷ ফ্ৰিজ নাছিল৷ শুকান বায়ুমণ্ডলৰ বাবে দুদিনলৈকে খাব পৰা হৈ থাকে৷ অফিচৰ কামৰ মাজতে সুৰুঙা এটা উলিয়াই ঘৰলৈ গৈ মাছৰ টুকুৰা এটা খাই আহোঁ! তাৰ ফলো নোপোৱা নহয়৷ চাকৰিত ভৰ্তি হ’বলৈ যাওঁতে মোৰ ওজন আছিল ৪৯ কিলোগ্ৰাম আৰু ইম্ফলৰ পৰা ওলাই আহোঁতে সেই ওজন হৈছিলগৈ ৬১ কিলোগ্ৰাম৷ এই উত্তৰণৰ বাবে মই এতিয়াও লগটক হ্ৰদক আৰু তাত থকা মীনকুলক দুহাত যুৰি প্ৰণিপাত জনাওঁ৷ মনিপুৰীসকলৰ কলা প্ৰতিভাৰ তুলনা নাই৷ তেওঁলোকৰ নাট আৰু নাচৰ ইমান নিখুট পৰিৱেশন মই আন ঠাইত আজিলৈকে দেখা নাই! আমি ‘থাম্বলচুম্বা’ নামৰ নাচৰ উৎসৱটোত নাচিবলৈও গৈছিলো!  

আজিৰ কাহিনীটো এই সময়ৰে৷

আমাৰ লগত নতুনকৈ যোগদান কৰিলেহি প্ৰসেনজিত নামৰ এজন বাঙালী যুৱকে৷ কলিকতাৰ ল’ৰা৷ সেই সময়ত উত্তৰ-পূৰ্বাঞ্চলত থকা বিমানকোঠসমূহত থকা কৰ্মচাৰীসকলৰ বেছিভাগেই আছিল পশ্চিমবংগৰ বাঙালীলোক৷ আমি তেওঁলোকৰ আন্তৰিক মৰমৰ সোৱাদ পাইছিলো৷ এবাৰ এৰাএৰি হোৱাৰ বহুদিন পাছত কলিকতা বিমানবন্দৰত হঠাতে পিনাকীদাক (বেনাৰ্জী) লগ পালোঁ৷ একো ক’বলৈ সুযোগ নিদি ঘৰলৈ লৈ গ’ল৷ ক্ষন্তেক সময়ৰ ভিতৰতে বৌদিয়ে ইলিছমাছৰ যিখন তৰকাৰী ৰান্ধি খুৱাইছিল তাৰ সোৱাদ মই আজিও পাহৰা নাই৷ ঠিক তেনেকৈ এদিন দত্তদাইও (অসীম)! এনে উদাহৰণৰ শেষ নাই৷ ইম্ফলতো বিমানকোঠ আৰু বতৰ বি়জ্ঞান বিভাগত বহুকেইজন বাঙালী ভদ্ৰলোকে কাম কৰিছিল৷ বতৰ বিজ্ঞান বিভাগত কাম কৰা চৌধূৰীদা নামৰ লোকজনৰ পৰিয়ালো বিমানকোঠৰ কেম্পাছটোতে বাস কৰিছিল৷ তেখেতৰ বিয়া দিব পৰা এগৰাকী ছোৱালী আছিল৷ চৌধুৰীদাৰ চকুৱে এসময়ত প্ৰসেনজিতক অনুসৰন কৰিবলৈ ল’লে৷ এদিন প্ৰসেনজিতে মোক গোপন কথা কোৱাৰ দৰে ক’লে চৌধুৰীদাই হেনো তেওঁক আবেলি চাহ খাবৰ বাবে কেইবাদিনো ধৰি মাতি আছে৷ সি অকলে যাবলৈ অসুবিধা পাইছে৷ প্ৰসেনজিত যিহেতু ‘এয়াৰ ট্ৰেফিক কন্ট্ৰলাৰ’ সেয়ে চৌধুৰীদাৰ লগত দিনটোত সঘন যোগাযোগ হৈ থাকে, আঁতৰি থকাৰ অকণো উপায় নাই৷ তাৰোপৰি প্ৰসেনজিতৰ মাক-দেউতাকেও হেনো তাৰ বিয়াৰ কথা লৈ কুৰুং-কাৰাং কৰিবলৈ আৰম্ভ কৰিছে৷ গতিকে এদিন চৌধুৰীদাৰ ঘৰত গৈ চাহ একাপ খাই আহিলে কেনে হয়? মই সন্মত হ’লো৷

শনিবাৰ এটাত সন্ধ্যা সময়ত আমি গৈ চৌধুৰীদাৰ ঘৰৰ দুৱাৰত টোকৰ দিলোঁগৈ – আমি তিনিটা মানে প্ৰসেনজিত, মই আৰু কল্লোল! আশা কৰা মতেই সাজি কাচি থকা ছোৱালী এজনীয়ে দুৱাৰ খুলি আথেবেথে আগবঢ়াই নিলে৷ চৌধুৰীদা ঘৰত নাই, এই আহিব এতিয়া৷ মাক আৰু ছোৱালীয়ে আমাৰ লগত বহি কথা পাতিবলৈ ধৰিলে৷ প্ৰসেনজিতে মোক কৈ থৈছিল – “তুমি মাত্ৰ ভালদৰে অৱজাৰ্ভ কৰিবা!” মই মোৰ কামত লাগি আছো৷ ছোৱালীয়ে কথা ক’বলৈ আৰম্ভ কৰিছে, স্মাৰ্ট ছোৱালী! মই লক্ষ্য কৰিলো প্ৰসেনজিতৰ ঠাইত ছোৱালীয়ে ভুলকৈ কল্লোলক বেছি গুৰুত্ব দিছে৷ বোধহয় নামৰ খেলিমেলি কৰিছে৷ কথাবতৰাৰ বেছিভাগেই টি-ভি চিৰিয়েল সম্পৰ্কীয় কথা৷ এসময়ত চৌধুৰীদা আহিল৷ ছোৱালীয়ে অনৰ্গল মুখ চলাই আছে৷ দেউতাকে কথা ক’বলৈ ল’লেই ছোৱালীয়ে মুখতে ধৰে – “বাবা, তোমাক মনে মনে থাকিবৰ কাৰণে কিমান টকা লাগিব?” কেইবাবাৰো৷

এসময়ত চাহ আহিল৷ চাহৰ লগত ব্ৰেড পকোড়া আৰু মিঠাই৷ মোটামোটি ভালেই হৈছে কিন্তু চাহ বা ব্ৰেডত কিবা এটা মিহলি হৈছে বোধহয় – অলপ তিতা তিতা লাগিছে! খোৱা টেবুলৰ পৰা উঠাৰ আগে আগে মই ছোৱালীক প্ৰশংসা কৰিলো, ইমান সুন্দৰকৈ চাহ মিঠাই পকোড়া খুৱালে! বিদ্যাটো টেলিভিছনৰ পৰা শিকিছে নেকি সেইটোও সুধিলো! অলপো গুণাগঠা নকৰাকৈ ছোৱালীৰ মুখৰ পৰা ওলাই আহিল – “কি জানে, পকোড়া বনোৱাৰ কথা নাছিল আজি! যোৱা সপ্তাহতে আনি থোৱা ব্ৰেড এটা বেয়া হৈ যাব ধৰিছিল, ওপৰত নীলা নীলা কিবা হৈ গৈছিল, সেইকাৰণে সেইটোৰেই মই আজি পকোড়া বনাই পেলালো, বুজি পালে ?”

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)  

No comments:

Post a Comment