Friday, September 18, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১৪


 


ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৪
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ

কেম্পত আমাৰ লগত থকা ষ্টিফেন্স্ কলেজৰ জ- আখৰৰ শৰীৰ চৰ্চা কৰা ল’ৰা এটা আছিল, বৰ অসৎ স্বভাৱৰ - সি সুবিধা পালেই ল’ৰাৰ লগত মৈথুন কাৰ্যত লিপ্ত হৈছিল৷ কেম্পৰ বাহিৰত গা ধোৱাৰ বাবে ৰখা ঠাইখিনিতেই জ-ই তাৰ বাবে চিকাৰৰ সন্ধান কৰিছিল৷ সি কেৰালাৰ ইতিয়াৰা নামৰ ল’ৰা এটা আৰু মোক ইয়াৰ বাবে বাচি ল’লে৷ আমাক মাতি নি ক’লে- “তহঁত দুটাৰ ভিতৰৰ যিকোনো এটা আহিবি মোৰ ওচৰলৈ৷ কোন আহিবি নিজেই ঠিক কৰ, নহলে মই দুয়োটাকে নেৰিছোঁ৷” আমি জ-ৰ লগত মুখামুখি সংঘৰ্ষ কৰাটোৱেই ঠিক কৰিলোঁ৷ মোৰ টেণ্টত থকা ছাৰ্জেণ্টজন আছিল জ-তকৈ বেছি শক্তিশালী ল’ৰা৷ মই তাৰ সহায় খুজিলোঁ৷ জ আৰু ছাৰ্জেণ্ট মুখামুখি হ’ল৷ তাৰপিছৰপৰা আৰু জ-ই আৰু আমালৈ চকু দিবলৈ সাহস নকৰা হ’ল, সম্ভৱ তাৰ সংশোধনো হ’ল৷

এদিন আবেলি আমি তম্বুৰ ভিতৰত এনেয়ে বিচনাত পৰি আছিলোঁ। হঠাতে প্ৰকাণ্ড ফেঁটী সাপ এটা ল’ৰা এটাৰ ডিঙিয়েদি পাৰ হৈ যাবলৈ আৰম্ভ কৰিলে। ভয়ত বিতত হৈ ল’ৰাটোৱে চিঞৰ এটা মাৰি সাপটোৰ নেগুৰত ধৰি দলি মাৰি দিয়াত গৈ পৰিলগৈ আন এটাৰ ল’ৰাৰ গাত। সাপটোৱে ফেঁট তুলি ফোঁচ-ফোঁচাই উঠিল৷ হুলস্থুল লাগি গ’ল। তেনেতে দৌৰা-দৌৰিত কাৰোবাৰ গাত লাগি তম্বুৰ মাজৰ খুটাটো পৰি থাকিল৷ লগে লগে তম্বুটোৱে সকলোকে ঢাকি ধৰিলৈ। কাপোৰৰ তলত কেইবাটাও ল’ৰা আৰু লগত এটা প্ৰকাণ্ড ফেঁটী সাপ৷ ইউ. টি. চি- ৰ ল’ৰাই ৰাইফল উলিয়াই আনিলে৷ এই সাপৰ কাহিনীটোৱেই মই কেম্পত থাকোঁতে হোৱা শেষ ঘটনা আছিল৷ তাৰপিছতে, মই দীঘলীয়া অসুস্থতাৰ বাবে পেৰেড কৰা উচিত নহয় বুলি ডাক্তৰৰ পৰা চাৰ্টিফিকেট এখন লিখাই আনি এই বিড়ম্বনাৰ পৰা একেবাৰে মুক্তি পালোঁ৷ ইয়াৰ লগে লগেই মোৰ সৈনিক হ’বলৈ কৰা বাসনাৰ যৱনিকা পৰিল৷

১৯৩২ চনত মই কলা বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষা দিছিলোঁ। যেনেতেনে মই দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’বলৈ সক্ষম হ’লো৷ সকলোৱে আশা কৰা ধৰণেই মাংগত ৰায় বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান দখল কৰি উত্তীৰ্ণ হ’ল। লগতে সি কেইবাটাও বিষয়ত সৰ্বোচ্চ নম্বৰো পালে।

ষ্টিফেন্স্ কলেজ এৰি স্নাতক পঢ়িবলৈ কিয় মই লাহোৰৰ গৱৰ্ণমেণ্ট কলেজলৈ গৈছিলোঁ তাৰ সঠিক কাৰণটো মই নিজেই নাজানো৷ মোৰ ভৱিষ্যতৰ পৰিকল্পনাবোৰ দেউতাৰ সিদ্ধান্ত মৰ্মেই ঠিক হৈছিল৷ মই স্কুলত থাকোঁতেই মোৰ ইংৰাজীৰ শিক্ষয়িত্ৰী মিছ বাদেনৰ কথাৰ ভিত্তিত অধ্যক্ষা কমলা বোসে দেউতাক কৈছিল যে পেছা হিচাপে মই লেখক বৃত্তিটোৱেই লোৱা ভাল হ’ব৷ দেউতাই কথাটো কেইবাদিনো ধৰি চিন্তা কৰিলে আৰু তাৰ পিছত সিদ্ধান্ত কৰিলে যে অকল লিখিয়েই আমাৰ দেশত খোৰাকি উলিয়াব পৰাটো সিমান সহজ কথা নহয়৷ আন চাকৰিৰ লগত চাইড-লাইন হিচাপে লিখা-লিখি চলাই থকাটো বেলেগ কথা কিন্তু কলমটোৰ ওপৰতে নিৰ্ভৰ কৰি বৰ্তি থকাতো প্ৰায় অসম্ভৱ৷ যিহেতু মই কথা বেছি কৈছিলোঁ আৰু প্ৰায়ে তৰ্কযুদ্ধত লিপ্ত হৈছিলো দেউতা-মায়ে ভাবিলে যে মোৰ বাবে উকীলৰ পেছাটোহে উপযুক্ত হ’ব৷ আমাৰ পৰিয়ালত কোনো উকীল নাছিল আৰু দেউতাই কৰ্ট কাছাৰীৰ কামৰ বাবে যথেষ্ট ধন ভাঙিব লগা হৈছিল। মডাৰ্ণ স্কুলত মোক হিন্দীৰ পৰা উৰ্দু বিষয়লৈ সলনি কৰি অনা কথাটোতো দেউতাই হয়তো ভাবিছিল যে যিহেতু আদালতৰ কামবোৰ উৰ্দু ভাষাতে হয়, এই ভাষাটোৱে মোক এই লাইনটোলৈ লৈ যোৱাত যথেষ্ট সহায় কৰিব৷ দিল্লীৰ আদালত তেতিয়া লাহোৰ আদালতৰ অধীনত আছিল৷ দেউতাই হয়তো এইটোও ভাবিছিল যে লাহোৰ আৰু তাত থকা গণ্যমান্য ব্যক্তিৰ লগত যদি মোৰ ভালদৰে পৰিচয় ঘটে, সেইটোৱে আইনৰ পথাৰত খোজ দিবলৈ মোক যথেষ্ট সহায় কৰিব। মোৰ ভবিষ্যত সম্পৰ্কে মোৰ নিজৰ মনত কোনো দৃঢ় ইচ্ছা নাছিল৷ সেয়ে মই সহজেই লাহোৰলৈ যাবলৈ সন্মত হ’লো৷ মোক একেখন ঠাই আৰু একেবোৰ মানুহে সোনকালেই বিৰক্ত কৰে - তেতিয়াও, এতিয়াও৷ নতুন ঠাই আৰু নতুন মানুহৰ প্ৰতি মোৰ আকৰ্ষণ প্ৰৱল৷ তাৰোপৰি মই কাৰো লগত দীৰ্ঘদিনজোৰা বন্ধুত্ব গঢ়ি তুলিব নোৱাৰোঁ - তেতিয়াও, এতিয়াও৷

সেই সময়ত লাহোৰৰ গৱৰ্নমেণ্ট কলেজ শিক্ষা আৰু ক্ৰীড়া, এই দুয়োটাৰ ফলাফলৰ বাবে উত্তৰ ভাৰতৰ সবাতোকৈ চৰ্চিত কলেজ আছিল৷ সেই সময়ত দেশৰ অলিম্পিক হকীদলৰ এঘাৰ জন খেলুৱৈৰ ভিতৰৰ চাৰিজনেই আছিল সেইখন কলেজৰ৷ ক্ৰীকেট আৰু ক্ৰীড়াৰ ক্ষেত্ৰতো অনেক সফল খেলুৱৈ ওলাইছিল গৱৰ্ণমেণ্ট কলেজৰ পৰা৷ অৱসৰপ্ৰাপ্ত কৰ্ণেল এইছ. এল. অ’. গাৰেট নামৰ ওখপাখ বৃটিছ চাহাবজনে কলেজখন সৈনিক স্কুলৰ দৰে পৰিচালনা কৰিছিল৷ আন শিক্ষকসকলৰো কেইবাজনো আছিল ইংৰাজ চাহাব৷ ভাৰতীয় শিক্ষক সকলো অক্সফৰ্ড বা কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰপৰা পাছ কৰি অহা উচ্চ শিক্ষিতলোক। তাৰ ভিতৰৰে দুজন আছিল নামকৰা বিজ্ঞানী - বীৰবল সাহনী আৰু ডঃ কাশ্যপ৷ সকলোধৰণৰ ছাত্ৰ-ছাত্ৰী এইখন কলেজত ভৰ্তি হ’ব নোৱাৰিছিল৷ মেধাতকৈও, বংশ পৰিচয়, ধন-দৌলত আৰু ৰাজনৈতিক ক্ষমতাইহে ভৰ্ত্তিকৰণত বেছি সহায় কৰিছিল৷ আঢ্যৱন্ত কলেজৰ পৰা অহা ছাত্ৰৰ বাবে ভৰ্ত্তি হোৱাটো সহজ আছিল, লাগিলে পৰীক্ষাৰ ফলাফল যিমানেই বেয়া নহওক৷ সাধাৰণ আবেদনকাৰী প্ৰাৰ্থীয়ে দেউতাক বা অভিভাৱকৰ লগত গৈ সাক্ষাৎকাৰ দিবগৈ লাগিছিল৷ মোক কলেজখনত ভৰ্ত্তি কৰাবলৈ লৈ গৈছিল মোক খুড়াদেউৱে৷ তেখেত সেইখন কলেজেৰ এসময়ৰ হকী দলৰ কেপ্তেইন আছিল আৰু তাৰপৰাই স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। তাৰোপৰি সেই সময়ত তেখেত আছিল পাঞ্জাৱ বিধান সভাৰ সদস্য৷ সাক্ষাৎকাৰ ল’ব লগা লোককেইজনে মোক কোনো প্ৰশ্নই নকৰিলে৷ কলেজখনত ভৰ্ত্তিৰ বাবে খুড়ায়েই আছিল মোৰ পাছপৰ্ট আৰু ভিছা৷

ষ্টিফেন্স্ কলেজ এৰি যোৱা বাবে মাংগত ৰায়ে মোক বেয়া পাইছিল৷ কলেজ খোলাৰ আগতে থকা দীঘলীয়া বন্ধৰ সময়খিনিত সি মোলৈ দীঘল-দীঘল চিঠি লিখিছিল। মই যেতিয়া সঁচাকৈয়ে যাবলৈ ওলোৱাৰ খবৰ দিলোঁ, সি প্ৰায় কান্দিবলৈকে ওলাল৷ দিল্লীৰ পৰা লাহোৰলৈ যাওতে মই মোৰ মটৰ চাইকেলখন চলাই গৈছিলো৷ গ্ৰেণ্ড্ ট্ৰাংক ৰোডেদি সেই তিনিশ কিলোমিটাৰ অতিক্ৰম কৰিবলৈ তেতিয়া সময় লাগিছিল প্ৰায় আঠ ঘণ্টা। ৰাষ্টাত তেতিয়া কোনো ধৰণৰ ট্ৰেফিক জাম হোৱা দেখা নাছিলোঁ৷

লাহোৰত প্ৰথম চাৰিমাহ মই জেইল ৰোডত থকা খুড়াৰ ভাৰাঘৰত আছিলো৷ খুড়ীৰ সেই সময়তে যঁজা ছোৱালী দুজনীৰ জন্ম হৈছিল৷ খুড়া পাঞ্জাৱ বিধান সভাৰ নিবাৰ্চনৰ কামত ব্যস্ত আছিল৷ ৰাজনীতিৰ লগত জড়িত থকা অনেক লোকৰ আহযাহ চলিছিল ঘৰখনলৈ৷ মোৰ সম্পৰ্কীয় ভাই এজনেও কলেজত এডমিশ্বন লৈছিল৷ তাৰ লগতে মইও হোষ্টেললৈ যোৱাটো ঠিক কৰিলোঁ৷ জমিনদাৰ সকলৰ ল’ৰাৰ বাবে থকা কেইবাটাও আঢ্যৱন্ত হোষ্টেল আছিল, কোঠাবোৰ বিলাস-বহুল হোটেলৰ ছুইটৰ দৰে৷ কিছুমান ছাত্ৰইতো লগত আলধৰাও ৰাখিছিল৷ “ল কৰ্ট” আৰু “ডি. এ. ভি.” কলেজৰ ফালে থকা হোষ্টেলএটাৰ চুকৰ কোঠা এটাত মই ছিট পালোঁ৷ মোৰ থকা কোঠাটোৰ ঠিক তলৰ ঠাইখিনিৰ পৰাই ভগত সিং আৰু ৰাজ গুৰুৱে লালা লাজপট ৰায়ক প্ৰহাৰ কৰা বৃটিছ পুলিচ ইন্সপেক্টৰজনক গুলীয়াই হত্যা কৰিছিল৷ লালা লাজপট ৰায়ে ছায়মন আয়োগৰ বিৰোধিতা কৰি কৰা সমদল এটাত যোগদান কৰিছিল। কোঠাটোৰ পৰা দেখি থকা দৃশ্যবোৰ সদায় সুখদায়ক নাছিল৷ ভৰিত শিকলি বান্ধি বা হাতকেৰেয়া পিন্ধাই বন্দীসকলক কৰ্টলৈ অনা-নিয়া দৃশ্য প্ৰায়েই দেখিবলৈ পোৱা গৈছিল৷ তাৰোপৰি গোচৰীয়া আৰু উকীলসকলে লাইন পাতি দেৱাল এখনত প্ৰসাৱ কৰা দৃশ্যটোও সদায় দেখি থকা এটা দৃশ্য আছিল।

পাহাৰৰ ওপৰত থকা গঠীক ডিজাইনৰ গীৰ্জাঘৰৰ দৰে গৱৰ্নমেণ্ট কলেজৰ ভৱনটো আছিল বৰ সুন্দৰ। সমূখত এখন বৰ ডাঙৰ খেলপথাৰ আছিল৷ পথাৰখনৰ পশ্চিম দিশত টেনিছ খেলাৰ কৰ্ট আৰু পূৱ দিশত এটা চুইমিং পুল আছিল৷ গোল বাগ বুলি কোৱা প্ৰকাণ্ড পাৰ্কখনৰ এমূৰে আছিল কলেজখন৷ সেইফালেই যাদুঘৰটোলৈও যাব পাৰি৷ তাত শিখসকলৰ পৰা পোৱা প্ৰকাণ্ড বৰটোপ এটা সজাই থোৱা আছিল - নাম আছিল ভাঞ্জিয়ান দি টোপ, পিছলৈ তাৰ নাম ৰাইয়াৰ্ড কিপলিংৰ উপন্যাসৰপৰা লোৱা এটা নাম দিয়া হৈছিল - কিম গান৷ সেইখিনিৰ পৰাই হাই কৰ্ট, বিধান সভা আৰু লৰেঞ্চ গাৰ্ডেন হৈ যোৱা মল নামৰ ৰাষ্টাটো আৰম্ভ হয়। আনাৰকলি নামৰ লাহোৰৰ প্ৰধান বজাৰ খনৰ দুৰত্ব সেইখিনিৰপৰা মাত্ৰ এক ফাৰ্লং৷ তাৰোপৰি লাহোৰৰ পতিতালয় - হীৰা মাণ্ডিলৈও তাৰ পৰা বেছি দূৰ নহয়৷ হীৰা মাণ্ডি নামটো আহিছে মহাৰজা ৰঞ্জিৎ সিংহৰ এজন প্ৰিয়পাত্ৰ ৰাজা হীৰা সিং দোগ্ৰাৰ পৰা৷ স্থানীয় মানুহে ঠাইখনক টিব্বী বজাৰ বুলি কৈছিল৷ গৱৰ্মমেণ্ট কলেজৰ বহু ছাত্ৰই এই টিব্বী বজাৰৰ পতিতাৰ ওচৰতে নিজৰ কুমাৰত্বৰ অন্ত পেলাইছিল৷ (আগলৈ..)

Friday, September 11, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১৩


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১৩
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰঃ

মুছলমান সম্প্ৰদায়ৰ ছাত্ৰসকলে তেওঁলোকৰ টুপী আৰু দেখিলেই ধৰিব পৰাকৈ ধৰ্মীয় সাজ পিন্ধিহে কলেজলৈ আহিছিল। অৱশ্যে এটা ল’ৰা ইয়াৰ ব্যতিক্ৰম আছিল। তেওঁ খাদী কাপোৰ আৰু গান্ধী টুপী পিন্ধি আহিছিল। সাধাৰণতে দেশৰ স্বাধীনতা সম্পৰ্কীয় কথাত তেওঁলোকে ভাগ নলৈছিল আৰু বিষয়টোৰপৰা আতঁৰি থাকিছিল। বুৰঞ্জীৰ এজন অধ্যাপক আছিল, নাম ডঃ ইষ্টিয়াক হুছেইন কৰেছী। তেওঁ ইছলাম ঐতিহ্যৰ কথা সুবিধা পালেই উল্লেখ কৰি মুছলমান লোকসকলৰ বাবে সুকীয়া মৰ্যাদাৰ দাবী কৰিছিল। পিছলৈ, দেশ বিভাজন হোৱাৰ পিছত পাকিস্তানলৈ গুছি যোৱাসকলৰ ভিতৰত তেওঁ আগৰনুৱা আছিল। এটা সময়ত তেওঁ পাকিস্তানৰ শিক্ষা মন্ত্ৰী হৈছিলগৈ৷ ধৰ্মৰ নামত সুকীয়া মৰ্য্যাদা বিচৰা কথাটো মই বেয়া পাইছিলো৷ তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰিবলৈ মই যি পাৰোঁ চেষ্টা কৰিছিলোঁ, কিন্তু কিঞ্চিতহে সফল হ’ব পাৰিছিলোঁ।

মোৰ কোনো মুছলমান বন্ধু নাছিল বুলি কোৱা কথাষাৰ সম্পূৰ্ণ সত্য নহয়৷ আশা নকৰাকৈয়ে বহুত বেছি ধৰণে মই লাভৱান হৈছিলোঁ লেডি আইৰিণ কলেজত পঢ়ি থকা মোৰ ভণ্টীৰ দ্বাৰা৷ তাইৰ লগত হায়দৰাবাদৰ পৰা অহা মুছলমান ছোৱালী এজনীৰ বন্ধুত্ব হৈছিল, নাম আছিল ঘয়ুৰুনিছা হাফিজ৷ ৰবিবাৰে প্ৰায়েই তাইক আমাৰ ঘৰত চাহ খাবলৈ মতা হৈছিল৷ প্ৰথমবাৰ তাই আমাৰ ঘৰলৈ আহোঁতে বোৰ্খা পিন্ধি আহিছিল আৰু ভণ্টীয়ে কেইবাবাৰো কোৱাৰ পিছতহে তাই সেইখন মুখৰপৰা গুচাইছিল৷ তাইৰ গাৰ গঠন লাহী আৰু চুলি সামান্য মুগা বৰণীয়া, কেকোঁৰা আছিল৷ পৰ্দাৰ আৰঁত থাকিলেও কিন্তু তাই ল’ৰাৰ লগত বেছ ৰস কৰি কথা পাতিব জানিছিল৷ মই পাগলৰ দৰে তাইৰ প্ৰেমত পৰিলোঁ৷ ধৰ্মীয় বান্ধোনৰ বাবে তাইক বেছি আপোন কৰি লোৱাতো যে সম্ভৱ নহয় সেই কথা মই জানিছিলোঁ। তথাপিও মুছলমান ছোৱালী এজনীৰ লগত যে মোৰ বন্ধুত্ব হৈছিল সেই কথা ভাবিয়েই মোৰ মন শিহৰিত আৰু পুলকিত হৈছিল৷ তাই কিন্তু মোতকৈ বহুত বেছি সাহসী আছিল৷ এদিন মোৰ ভণ্টীৰ সৈতে তাইকো লৈ চিনেমা চাবলৈ গৈছিলোঁ৷ চিনেমা হলৰ লাইট নুমাই নোযোৱা পৰ্য্যন্ত তাই বোৰ্খা পিন্ধি আছিল৷ মই তাই আৰু ভণ্টীৰ মাজত বহিছিলোঁ৷ চিনেমা আৰম্ভ হোৱাৰ কিছু সময়ৰ পাছত হঠাতে তাইৰ হাতৰ স্পৰ্শ মই মোৰ হাতত অনুভৱ কৰিলোঁ৷ ক’ব নোৱাৰাকৈয়ে তাই হাতটো মোৰ ওপৰত থ’লে নে ইচ্ছা কৰিয়েই তেনে কৰিছে মই চিন্তা কৰিবলৈ লওঁতেই তাই আঙুলিকেইটা মোৰ হাতৰ আঙুলিৰ মাজেদি সৰকাই দিলে৷ মই শিহৰিত হৈ উঠিলোঁ৷ চিনেমাত মন নবহা হ’ল৷ ইণ্টাৰভেলৰ পিছত ভণ্টীৰ কাণত নপৰাকৈ মই সুধিলোঁ, মই তাইলৈ চিঠি লিখিব আৰু মাজে মাজে তাইৰ লগত ফুৰিবলৈ যাব পাৰিমনে? তাই মূৰ দুপিয়াই সন্মতি জনালে আৰু ক’লে – “মোৰ তোমাৰ ভণ্টীৰ লগত ওলাই যোৱাৰ অনুমতি আছে৷ তুমি এটা কাম কৰিবা, মোক তোমালোকৰ ঘৰলৈ নিবলৈ আৰু থ’বলৈ আহিবা৷”

ভণ্টীয়ে গম নোপোৱাকৈ তাইক মই প্ৰতি দেওবাৰে ঘৰৰপৰা গাড়ীত উঠাই লৈ লং-ড্ৰাইভত যোৱা আৰম্ভ কৰিলোঁ৷ সেইসময়ত দেউতাৰ দুখন গাড়ী আছিল। নতুনখন তেখেতে নিজে চলাইছিল আৰু পুৰণি ফিয়েট্ গাড়ীখন পৰিয়ালৰ ব্যৱহাৰৰ বাবে দিছিল৷ ফিয়েট্ গাড়ীখনৰ ক্লাছডালৰ ওচৰতে আন এডাল লিভাৰ আছিল, যিডাল হেঁচি দিলে পেট্ৰলৰ সোঁতটো বন্ধ হৈ পৰে আৰু গাড়ীখন ৰৈ যায়৷ গাড়ী চলাওঁতে মই বাওঁহাতেৰে তাইৰ হাতখন ধৰি থাকো আৰু সোঁহাতেৰে গাড়ীৰ ষ্টিয়েৰিংডাল৷ হাতটো স্পৰ্শ কৰাৰ বাদে অকণো আগবাঢ়িবলৈ মই এদিনো সুযোগ পোৱা নাই৷ এদিন সন্ধ্যা আওহতীয়া ঠাই এখনলৈ তাইক লৈ আনি বুদ্ধি কৰি লিভাৰডাল টানি গাড়ীখন বন্ধ কৰি দিলোঁ। ভাবিছিলোঁ এই সুযোগতে তাইক এবাৰ আকোৱালি লওঁ৷ তাই মোৰ বুদ্ধিটো ঠিক বুজি পালে আৰু লিভাৰডাল অন কৰি দি ক’লে- “তুমি যদি এনেকুৱা কৰা মই কিন্তু আগলৈ কেতিয়াও নাহোঁ।” সেয়ে তাতকৈ আৰু মোৰ আগবঢ়া নহ’ল । তথাপিও লাহোৰ আৰু লণ্ডনত থাকোঁতে মই তাইলৈ দীঘল দীঘল প্ৰেমপত্ৰ লিখিছিলোঁ৷ অৱশ্যে তেনে চিঠি মই আন ছোৱালীলৈও লিখিছিলোঁ৷

ত্ৰিশবছৰতকৈও অধিক সময়ৰ পিছত ঘয়ুৰ মোৰ জীৱনলৈ আকৌ উভতি আহিছিল মোৰ ভণ্টীৰ যোগেদিয়েই৷ ভণ্টীয়ে আমাৰ মাজত থকা সম্পৰ্কৰ একো ভূ পোৱা নাছিল৷ তেতিয়ালৈকে ঘয়ুৰৰ দুজন স্বামীৰ মৃত্যু হৈছে৷ ফৰীছা নামৰ এজনী ওঠৰ বছৰীয়া মৰমলগা ছোৱালীৰ তাই তেতিয়া মাতৃ৷ ফৰীছাইও মাকৰ দৰেই লেডী আইৰিণ কলেজতে পঢ়িছিল আৰু মোক তাইৰ স্থানীয় অভিভাৱক পাতিছিল৷ তাইও মাকৰ ফুটতে ডাঙৰ হৈছিল। লোকেল গাৰ্ডিয়ানৰ ঘৰলৈ যোৱাৰ নামত তাই প্ৰায়েই হোষ্টেলৰপৰা বাহিৰলৈ গৈছিল আৰু তাৰপিছত মোৰপৰা তাই আমাৰ ঘৰত থকা বুলি লিখাই নিছিল৷

আশী বছৰ বয়সলৈকে ঘয়ুৰ মোৰ বন্ধু হৈ আছিল৷ যেতিয়াই মই হায়দৰাবাদলৈ গৈছোঁ, সুবিধা পালেই কিছুসময় তাইৰ লগত কটাইছোঁ৷ প্ৰকৃততে ঘয়ুৰৰ প্ৰেমৰ বাবেই মই মুছলমানসকলক মই ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ৷ মই এইটোৱেই সিদ্ধান্তত উপনীত হ’লো যে কোনোবা সম্প্ৰদায় এটাক অন্তৰেৰে ভাল পাবলৈ হলে সেই সম্প্ৰদায়ৰ কাৰোবাৰ লগত প্ৰেমত পৰিব লাগে৷

ভাৰতৰ খ্ৰীষ্টান লোকসকল স্বদেশী আন্দোলনটোৰ পৰা আতঁৰি থকা কথাটোত মই বৰ গুৰুত্ব দিয়া নাছিলোঁ৷ মোৰ পক্ষপাত-দুষ্ট মনটোৰ মতে এই লোকসকল অনুসুচিত জাতিৰপৰা ধমাৰ্ন্তৰিত হোৱা লোক। সিহঁতৰ নামবোৰক লৈও আমি বেছ ৰগৰ কৰিছিলোঁ - ৰবাৰ্ট মাঝি, হুৱাৰ্ট মাৰ, বা ঠিক তেনেকৈ আমাৰ এডোৱাৰ্ড নিৰ্মল৷ নামটোৰ দ্বাৰাই সিহঁতে নিজকে ৰজাঘৰীয়াৰ বংশধৰ বুলি চিনাকি দিয়া কামটো আমাৰ বাবে বৰ হাস্যকৰ আছিল৷ এবাৰ ইংলণ্ডৰ ৰজাৰ জন্মদিনত আমাৰ কলেজত ইউনিয়ন জেক্ পতাকাখন উত্তোলন কৰাত মই এটা বেয়া মন্তব্য দিছিলোঁ৷ হুৱাৰ্ট মাৰ নামৰ পাঞ্জাৱৰ বাটালা সম্প্ৰদায়ৰপৰা খ্ৰীষ্টান হোৱা ল’ৰা এটাই মোক ফেপেৰি পাতি ধৰিছিল – “আমিতো তহ’তৰ পতাকাখন তুলিলে আপত্তি নকৰোঁ আমি বছৰত এদিন আমাৰখন তোলোতে ইমান আপত্তি কিহৰ?” এই সন্দৰ্ভত মাংগত ৰায়ে কোনো মন্তব্য নিদিছিল৷ ভাৰতীয় প্ৰশাসনীয় বিষয়াৰ পুত্ৰ আৰু নিজৰ ভবিষ্যতৰ কথা মনত ৰাখি সততে সি স্বৰাজ সম্পৰ্কীয় তৰ্ক-বিতৰ্কৰ পৰা দূৰত আছিল।

মই ষ্টিফেন্স্ কলেজত পঢ়া সেই দুটা বছৰৰপৰা সাংঘাতিক কিবা পালোঁ বুলি ক’ব নোৱাৰোঁ৷ পৰীক্ষাত কাণেকাণ মাৰিহে পাছ কৰিলোঁ৷ মই সেই দিনবোৰত কিতাপতকৈ টেনিছ খেলিহে বেছি সময় কটাইছিলোঁ৷ টেনিছতো মই বেছি উধাব পৰা নাছিলোঁ৷ শিখ আছিলোঁ বাবেই ভাবিলোঁ সেনা বাহিনীৰ কিছু কথাও জানি থোৱাটো ভাল৷ তাকে ভাবি মই “ইউ. টি. চি.”-ত (ইউনিভাৰচিটি ট্ৰেইনিং কৰ্প) জইন কৰিলোঁ৷ লালকিল্লাত সপ্তাহত দুদিন পেৰেড হয়৷ জহকালিৰ গৰমতো বুট জোতা আৰ পেণ্টৰ লগত ঊলৰ চোলা পিন্ধি পেৰেড কৰিব লাগে৷ সোনকালেই মোৰ বিৰক্তি লাগিবলৈ আৰম্ভ কৰিলে৷ কিন্তু তেতিয়াৰ নিয়মটো এনে আছিল যে এবাৰ ভৰ্ত্তি হ’লে সহজে তাৰপৰা ওলাই আহিব নোৱাৰি৷ তেনে কৰিলে আন শাস্তিৰ উপৰিও জেইল পৰ্যন্ত হ’ব পাৰে৷ কোনো উপায় নাছিল৷ বছৰত এবাৰকৈ কেম্প কৰিবলৈও যাব লাগিছিল৷ ১৯১১ চনত ইংলণ্ডৰ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰিয়ে যি ঠাইত নতুন দিল্লীৰ আধাৰশিলা স্থাপন কৰিছিল, যাক আজিকালি কিংছৱে কেম্প বুলি কয়, সেই ঠাইত এবাৰ আমাৰ কেম্প পতা হৈছিল৷ তেতিয়া সেই ঠাইখন কাঁইটীয়া জোপোহা আৰু সাপ নেউলৰ অবাধ বিচৰণ ভূমি আছিল৷

ইউ. টি. চি. কেম্পত নামৰ আদ্যাক্ষৰৰ ভিত্তিত কেম্পত থকা কেডেটবোৰক নিৰ্বাচন কৰা হয়৷ মোৰ লগত আৰু পাঁচজন সিং উপাধিৰ ল’ৰা পৰিল৷ আটাইকেইজনেই বেলেগ বেলেগ কলেজৰ ল’ৰা৷ দুজন আছিল লেন্স কৰ্পৰেল, দুজন কৰ্পৰেল আৰু এজন ছাৰ্জেণ্ট। সেইটো কেম্পত মইয়েই আছিলো অকলে ষ্টিফেন্স্ কলেজৰ৷ মোৰ বাদে আন কেইজন আছিল গায়ে গাৰিয়ে হৃষ্টপুষ্ট, সৈনিকৰ কাৰণে উপযুক্ত চেহেৰাৰ লোক৷ ছাৰ্জেণ্টজনে প্ৰায়েই মোক কৈছিল, মই যদি খেলত ভাল ফল দেখুৱাব পাৰোঁ তেনেহলে তেওঁ মোৰ নামটো লেন্স-কৰ্পৰেলৰ বাবে চুপাৰিছ কৰি পঠাব!

কেম্পত সেইকেইজন ল’ৰাৰ লগত থাকিব লগা হোৱাত মোৰ বৰ অসুবিধা হৈছিল৷ সিহঁতৰ নাকৰ গৰ্জনে মোৰ আটাইকেইদিন টোপনি ক্ষতি কৰিছিল৷ তাৰোপৰি খাচ গাৱঁলীয়া ভাষাৰে সিহঁতে কিছুমান কৌতুক কৰিছিল৷ খেল ধেমালিত মই ভাল কৰিব পৰা নাছিলোঁ বাবে সিহঁতে মোক লাহে লাহে অৱজ্ঞাৰ চকুৰে চাবলৈ আৰম্ভ কৰিলে৷ ব্যংগ কৰি সিহঁতে মোক সুধিছিল – “তই শিখ নে বনিয়া?” সিহঁতৰ অতপালি যেতিয়া যথেষ্ট হ’ল মই সিহঁতক এসেকা দিবলৈ ঠিক কৰিলোঁ৷ মই অলপ নাচগুড়ি কিনি আনিলোঁ৷ এদিন আবেলি সিহঁত শুই থাকোতে মই সিহঁতৰ নাকৰ ফুটাটোৰ ওচৰত তাৰে অলপ অলপ লগাই থৈ বেলেগ এটা কেম্পলৈ ওলাই আহিলোঁ৷ ষ্টিফেন্স্ কলেজৰ আন কেইজনমানক ক’লোগৈ - চাবি এতিয়া খেলটো! কিছুসময়ৰ পিছত সাংঘাটিক ভাবে হাঁচিয়াই হাঁচিয়াই সিহঁত কেম্পৰ পৰা ওলাই আহিল৷ সমস্ত ইউ. টি. চি. কেম্পৰ ল’ৰাৰ হাঁহিত পেটৰ নাৰী ডাল ডাল হোৱাৰ দৰে হ’ল৷

কেইদিনমানৰ পিছত একেটা কামকে আকৌ কৰিবলৈ গৈ মই সিহঁতৰ হাতত ধৰা পৰিলোঁ৷ সিহঁত টোপনিৰ ভাও ধৰি পৰি আছিল৷ সিহঁতে মোক গতিয়াই ভুকুৱাই টেণ্টৰপৰা বাহিৰলৈ উলিয়াই দিলে৷ তাৰপিছত সিহঁতে এইবাৰ কেম্পৰ ল’ৰাবোৰক তামাছা চাবলৈ বাহিৰলৈ মাতি আনিলে৷ মই বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’লো৷ অৱশ্যে তাৰপিছৰ সময়খিনি খুউব ভালদৰে পাৰ হৈছিল আৰু সিহঁতৰপৰা মোৰ কিছু উপকাৰো হৈছিল৷ (আগলৈ..)

Thursday, September 3, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১২


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১২
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ :

তুলনামুলক ভাবে মোৰ টনকিয়াল আৰ্থিক অৱস্থা, পকেট খৰচ আৰু ককাইদেউৰ দৰে মোৰো এখন মটৰ চাইকেল থকাত মই সোনকালেই কলেজত চৰ্চাৰ বিষয় হৈ পৰিলোঁ৷ ফ্ৰী নেমু চৰবত, চিকেন পেটিছ আৰু মোৰ এ.জে. এছ. মটৰ চাইকেলত উঠাৰ আশাত অনেকেই মোৰ লগত বন্ধুত্ব কৰিবলৈ আগবাঢ়ি আহিল৷ সেই সকলৰ ভিতৰৰে এজন আছিল ই.এন. মাংগত ৰায় যি পিছলৈ মোৰ ব্যক্তিগত জীৱনতো অনাধিকাৰ প্ৰৱেশ কৰিছিল৷

তাৰ সম্পূৰ্ণ নাম আছিল এডোৱাৰ্ড নিৰ্মল মাংগত ৰায়৷ তাৰ মাক বেংগলৰ খ্ৰীষ্টান আৰু দেউতাক মূলতে পাঞ্জাৱৰ হিন্দু, কিন্তু পিছলৈ খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল৷ আয়কৰ বিভাগৰ কৰ্মচাৰী দেউতাকে সেই বিভাগৰে আয়ুক্ত হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷ মাংগত আছিল তেওঁলোকৰ চাৰিটা সন্তানৰ ভিতৰত তৃতীয় আৰু দুটা ল’ৰাৰ সৰুটো৷ তেওঁলোকৰ চাৰিওটা সন্তানেই দেখিবলৈ ধুনীয়া আৰু পশ্চিমীয়া ধৰণ কৰণেৰে ডাঙৰ দীঘল হৈছিল। ডাঙৰজনী ছোৱালী প্ৰিয়বালা, কলেজৰ অধ্যাপিকা হৈছিল আৰু লাহোৰৰ কিন্নাৰ্ড কলেজৰ অধ্যক্ষা হৈ অৱসৰ লৈছিল৷ তেওঁ গোটেই জীৱন বিয়া নকৰোৱাকৈয়ে থাকি গ’ল৷ অৱসৰ লোৱাৰ পিছত তেওঁ এডিনবাৰ্গত থাকিবলৈ লৈছিল৷ দ্বিতীয় সন্তান ছালৰ্ছে সেনা বিভাগত যোগদান কৰিছিল আৰু আমেৰিকান এগৰাকী বিয়া কৰাইছিল৷ ব্ৰিগেডিয়াৰ হিচাপে অৱসৰ লোৱাৰ পিছত সি কানাডাত থাকিবলৈ লৈছিল আৰু যোগগুৰু হৈছিল৷ পত্নীৰ মৃত্যুৰ পিছত সি তাতকৈ বহুত সৰু কানাডাৰ ছোৱালী এজনীক আকৌ বিয়া কৰাইছিল৷ এডোৱাৰ্ড নিৰ্মল তৃতীয়৷ আটাইতকৈ সৰু ছেইলা মুটুকীয়া চেহেৰাৰ বেছ মৰমলগা ছোৱালী৷ ভাৰতীয় প্ৰশাসনীৰ সেৱাৰ আৰ্থাৰ এছ. লালৰ লগত তাইৰ বিয়া হৈছিল৷ তেওঁলোৰ দাম্পত্য জীৱন বৰ অসুখীয়া আছিল৷ তেওঁলোকৰ মাজত টুকী নামৰ এজনী ছোৱালীও জন্ম হৈছিল, কিন্তু ত্ৰিশৰ দেওনাত থাকোতেই তাইৰ কৰ্কট ৰোগত কেলিফৰ্নিয়াত মৃত্যু হৈছিল৷ আথাৰ্ৰৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছত ছেইলাই মদ আৰু ড্ৰাগছত ধৰিছিল৷ কেইবাটাও প্ৰেমিকৰ লগত জীৱনৰ এছোৱা সময় কটোৱাৰ পিছত এদিন তাই দেশলৈ ঘূৰি আহিল আৰু কুলুত থাকিবলৈ ল’লেহি৷ নিজৰ ঘৰতে কাম কৰা মানুহে তাইক হত্যা কৰিছিল৷ মাংগত ৰায়ৰ এই গোটেই পৰিয়ালটোৰ কাহিনী কৈ লোৱাৰ এটা কাৰণ আছে, মোৰ পিছৰ জীৱনত তেওঁলোক মাজে মাজে ওলায়েই থাকিব৷

মাংগতক মই ‘ই.এন.’ বুলি মাতিছিলো৷ সি দেখাত ওখপাখ হ’লেও অলপ মহিলাৰ দৰে আছিল৷ নাৰীসুলভ চেহেৰাৰ মানুহৰ প্ৰতি মই বৰ সহজতে আকৰ্ষিত হওঁ, হয়তো ইয়াৰ কাৰণ মোৰ নিজৰ ৰুক্ষ চেহেৰা৷ প্ৰথমতে মই তাৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ তাৰ মেধা আৰু প্ৰচলিত ধ্যান ধাৰণাৰ বিপৰীতে চিন্তা কৰিব পৰা তাৰ ক্ষমতা দেখি৷ নিসন্দেহে সি আমাৰ ক্লাছৰ আটাইতকৈ মেধাসম্পন্ন ল’ৰাটো আছিল আৰু পৰীক্ষাত প্ৰায় আটাইকেইটা বিষয়তে সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিল৷ বাৰ্ষিক বঁটা বিতৰণী অনুষ্ঠানৰ পিছত তাৰ ভাগত পৰা পুৰষ্কাৰৰ দ’মটো চাব লগা কথা আছিল৷ সি মানুহৰ লগত কথাও বৰ ভালকৈ পাতিব পাৰিছিল৷ সি প্ৰচলিত ধাৰণা, বিশ্বাস আৰু সামাজিক আচৰণৰ ওপৰত প্ৰায়েই নতুন নতুন প্ৰশ্ন উঠাইছিল৷ আগৰে পৰা চলি অহা কিছুমান ঐতিহ্য সম্পৰ্কীয় কথাৰ মেৰপাকৰ পৰা সি আমাৰ মনটোক যুক্তিৰে মুক্ত কৰিব পাৰিছিল। বহুতো ছাত্ৰ তাৰ ভক্ত আৰু প্ৰশংসক হৈ পৰিছিল৷ তাৰ ভিতৰত মইও আছিলোঁ৷ আমি তাৰ দৰে তৰ্ক আৰু তাৰ কথা কোৱাৰ আদৱ কায়দা বিলাক আয়ত্ব কৰাৰ বাবে চেষ্টা কৰিছিলোঁ৷ সিও মোৰ সান্নিধ্য ভাল পাইছিল আৰু তাৰ লগত বন্ধুত্ব কৰাৰ সুযোগ পোৱাৰ বাবে মোৰ মনটোও গৰ্বত ফুলি উঠিছিল৷ ক্লাছ আৰু খেলপথাৰত আমি দুয়ো প্ৰায়ে একেলগে আছিলোঁ৷ সপ্তাহৰ শেষৰ দিন দুটা সি প্ৰায়েই আমাৰ ঘৰত কটাইছিল৷ বহুতে আমাৰ সম্পৰ্কটো অপ্ৰাকৃতিক বুলি সন্দেহ কৰিছিল৷ আনকি কাৰোবাৰ মুখত এই কথা শুনি অধ্যক্ষ এছ. কে. মুখাৰ্জী ছাৰে মাংগতক মাতি নি মোৰ লগত একেলগে হোষ্টেলৰ পৰা বাহিৰলৈ যাবলৈ বাধা দিছিল৷

ছেইণ্ট ষ্টিফেন্স্ কলেজত পঢ়া দুটা বছৰে মোৰ সমূখত এখন নতুন জগত মুকলি কৰি দিলে। মডাৰ্ণ স্কুলৰ আৱেষ্টনীত মই তেতিয়ালৈকে এইবিলাকৰ একো ভূ-ভা পোৱা নাছিলোঁ৷ আমাৰ দেশৰ বিভিন্ন ঠাইৰ মানুহৰ কি যে আমোদজনক নাম - চৰকাৰ, যাৰ অৰ্থ গৱৰমেণ্ট! মোৰ জীৱনৰ পাতনিতে মই মুছলমান লোকৰ বসতিপ্ৰধান গাৱঁত বাস কৰিছিলোঁ আৰু মোৰ উৰ্দু গুৰু মৌলৱী ছাইফুদ্দিন নায়াৰ ছাৰৰ ভক্ত আছিলোঁ। কলেজত মই লক্ষ্য কৰিছিলোঁ যে মুছলমান ছাত্ৰহ’তে বেলেগকৈ থাকিহে ভাল পাইছিল৷ সেই সময়ত স্বাধীনতা আন্দোলন পূণোৰ্দ্যমে চলি আছিল৷ গান্ধী মহাত্মালৈ পৰিৱৰ্ত্তন হৈছিল৷ মুষ্টিমেয় কিছু খ্ৰীষ্টান আৰু মুছলমান লোকৰ বাদে আন সকলোৱে তেখেতক নেতা বুলি মানি লৈছিল৷ মই দ্বিতীয় বাৰ্ষিকত থকাৰ সময়তেই ভগত সিং, ৰাজ গুৰু আৰু সুখদেৱক ফাঁচী দিয়া হৈছিল৷ গোটেই ভাৰততে প্ৰায় সকলো স্কুল কলেজত ইয়াৰ প্ৰতিবাদ হৈছিল৷ ছেইণ্ট্ ষ্টিফেন্স্ কলেজত কিন্তু ইয়াৰ প্ৰভাৱ পৰা নাছিল৷ ৰাতিপুৱাৰ প্ৰাৰ্থনা সভা হোৱাৰ পিছত মই এদিন আন এজন ছাত্ৰৰ লগ লাগি চিঞৰি উঠিলো - ভগত সিং জিন্দাবাদ! তাৰপিছত স্কুলৰ পতাকা উত্তোলন কৰা ঠাইডোখৰতো আমাৰ তিনি বৰণীয়া পতাকাখন তুলি ধৰিলোঁ। তেতিয়াৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মংক নামৰ ইংৰাজ চাহাবজনে আমাক তেখেতৰ অফিচলৈ মাতি নিলে৷ আমাৰ দুয়োটাকে যথেষ্ট গলি শপনি পাৰি ঘোষণা কৰিলে - আকৌ যদি এনে কাম কৰোঁ স্কুলৰপৰা বাহিৰ কৰি দিব। আমি নিজকে নিয়ন্ত্ৰণ কৰাৰ প্ৰতিজ্ঞা কৰিলোঁ আৰু তেখেতক অনুৰোধ কৰিলো কথাটো যাতে মোৰ দেউতাৰ কাণত নপৰে!

মোক বহুদিনলৈকে কষ্ট দি থকা ঘটনা এটা ঘটিছিল মই ছিমলাত খুড়া-খুড়ীৰ লগত থাকোঁতে। খুড়া তেতিয়া পাঞ্জাৱ বিধান সভাৰ সদস্য আছিল আৰু মন্ত্ৰী বা উপমন্ত্ৰী হ’বলে তেওঁ বৰ আশা কৰিছিল৷ এই কামৰ বাবে অৱশ্যেই তেওঁ উপযুক্ত লোক আছিল৷ অনেক ভু-সম্পত্তিৰ মালিক হ’লেও ‘জাত’ সম্প্ৰদায়ৰ নোহোৱাৰ বাবে তেখেতৰ মনোবাঞ্চা পূৰণ হোৱা নাছিল৷ সেই সময়ত পাঞ্জাৱৰ ৰাজনীতিত জাত সম্প্ৰদায়ৰ প্ৰভূত প্ৰভাৱ আছিল৷ জাত সম্প্ৰদায়ৰ নোহোৱা একমাত্ৰ মন্ত্ৰীজন আছিল হিন্দু সম্প্ৰদায়ৰ৷ শিখ সম্প্ৰদায়ৰ মন্ত্ৰী ছাৰ সুন্দৰ সিং মাজিথিয়াও আছিল সম্ভ্ৰান্ত জাত পৰিয়ালৰ লোক৷ খুড়াই ‘ডাভিকো’ নামৰ ৰেষ্টোৰাখনত এটা ডাঙৰ পাৰ্টিৰ আয়োজন কৰিলে৷ পাঞ্জাৱ বিধান সভাৰ কেইবাজনো মন্ত্ৰীকে ধৰি ছিমলাৰ গণ্যমান্য তিনিশৰপৰা চাৰিশলোক তাত উপস্থিত আছিল৷ সেই সময়ত মোৰ অটোগ্ৰাফ সংগ্ৰহ কৰাৰ এটা চখ আছিল৷ মোৰ অটোগ্ৰাফ বহীখনত আনৰ লগতে জৱাহৰলাল নেহেৰু আৰু সৰোজিনী নাইডুৰ হস্তাক্ষৰো আছিল৷ ভগত সিঙৰ হস্তাক্ষৰ লোৱাটো সম্ভৱ হোৱা নাছিল৷ সেইবাবে মই তেখেতৰ ফটো এখনকে পৃষ্ঠা এটাত আঠা লগাই থৈ দিছিলোঁ৷ পাৰ্টিত উপস্থিত থকা লোকৰ পৰাও মই কেইবাটাও চহী সংগ্ৰহ কৰি এসময়ত ছাৰ সুন্দৰ সিং মাজিথিয়াৰ ওচৰ পালোগৈ৷ তেওঁ মোৰ বহীখনৰ পৃষ্ঠাবোৰ লুটিয়াই তাত কাৰ কাৰ চহী আছে তেখেতে চাই গ’ল৷ ভগত সিঙৰ ফটো থকা পাতটো দেখি তেখেত থমকি ৰ’ল আৰু মোক খঙেৰে সুধিলে – “এইটোৰ ফটো ইয়াত কিয়?” মই বিনয়েৰে উত্তৰ দিলোঁ, - “তেওঁ মোৰ বাবে আদৰ্শ, হিৰো৷” “আদৰ্শ হিৰো? সি এটা নিমখহাৰাম! এই নিমখহাৰামৰ ছবি থকা বহীত মই অটোগ্ৰাফ দিব নোৱাৰো!”

তাৰপিছত তেওঁ মোৰ বহীখন কোঠাটোৰ এমূৰলৈ দলি মাৰি দিলে। মই একেঠাইতে কিছুসময় থৰ লাগি থাকি কান্দিবলৈ আৰম্ভ কৰিলোঁ৷ সেৱা সিং আৰু তেখেতৰ পৰিবাৰ মোৰ দেউতাৰ বন্ধু আছিল৷ তেওঁলোকে ফেপেৰি পাতি ধৰিলে –“সেই সৰু ল’ৰাটোক আপুনি তেনেকৈ কিয় ক’লে? ভগত সিঙক সন্মান কৰাৰ অধিকাৰ তাৰো আছে৷ সকলোৱে তেওঁক সন্মান কৰে, আমিও কৰোঁ৷”

গো-গোঁৱাই মাজিথিয়া কোঠাটোৰ পৰা ওলাই গুচি গ’ল৷ পাৰ্টিটোৰ উদ্দেশ্য বৰ বেয়াকৈ বিফল হ’ল৷ দেখদেখকৈ খুড়া-খুড়ী হতাশ হ’ল৷ সুন্দৰ সিং মাজিথিয়াক মই জীৱনত ক্ষমা কৰিব নোৱাৰিলোঁ৷ পিছলৈ তেওঁৰ পুত্ৰ আৰু নাতিহ’তেও যেতিয়া মোলৈ বন্ধুত্বৰ হাত আগবঢ়াইছিল মই তাক গ্ৰহণ কৰিব পৰা নাছিলোঁ৷
(আগলৈ..)

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১১


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১১
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ :

মেট্ৰিকৰ ফলাফল ওলোৱাৰ কেইদিনমানৰ পাছতেই মই ছেইণ্ট ষ্টিফেন্স্ কলেজত নামভৰ্ত্তিৰ বাবে আবেদন কৰিলোঁ৷ এতিয়াৰ নিচিনাকৈ তেতিয়াও এইখনেই আছিল দিল্লীৰ আটাইতকৈ সন্মানীয় কলেজখন৷ অৱশ্যে তেতিয়া, এতিয়াৰ দৰে নাম ভৰ্ত্তিৰ কামটো সিমান কঠিন নাছিল৷ মডাৰ্ণ স্কুলৰ পৰা অহা ছাত্ৰৰ বেছিভাগেই আছিল দিল্লীৰ আঢ্যৱন্ত পৰিয়ালৰ ল’ৰা৷ তাৰোপৰি তেওঁলোকে ইংৰাজী ভাষাটো সলসলীয়াকৈ ক’ব পাৰিছিল৷ ফলত মডাৰ্ণ স্কুলৰ বিদ্যাৰ্থীয়ে একপ্ৰকাৰ পোনে পোনেই ছেইণ্ট ষ্টিফেন্স্ কলেজত ভৰ্ত্তি হোৱাৰ সুযোগ পাইছিল৷ মোৰ ক্ষেত্ৰতো সেয়েই হ’ল৷ মই মাত্ৰ সন্দিহান আছিলো ৰেগিংক লৈহে৷ বৃটিছ শিক্ষানুষ্ঠানৰ এটা পৰম্পৰা আছিল হেনো ৰেগিং! গপত ফুলি থকা যিবিলাক ল’ৰা থাকে ৰেগিঙে হেনো সিহঁতক ধুই মেলি নিকা কৰি পেলায়৷ ৰেগিঙে প্ৰকৃত অৰ্থত কাৰো অপকাৰ কৰা নাছিল কিন্তু ই ল’ৰাবোৰক বুৰ্বক সজাইছিল৷ যেনে কাৰোবাক গান গাবলৈ, নাচিবলৈ বা ‘‘মই প্ৰথম বাৰ্ষিকৰ এটা জধামূৰ্খ’’ বুলি লেখা প্লেকাৰ্ড একোখন বুকুত ওলোমাই ল’বলৈ বাধ্য কৰিছিল৷ কোনোবাই যদি বাধা দিয়ে বা কৰিবলৈ সন্মত নহয় তেনেহলে সৰ্বনাশ, তাৰ শাস্তি আছে৷ হোষ্টেলত আৰু এখোপ চৰা৷ তাত নতুনকৈ অহা ছাত্ৰবোৰৰ কাৰোবাক আনৰ আগত নঙঠা হ’বলৈ বা হস্তমৈথুন কৰি দেখুৱাবলৈও বাধ্য কৰিছিল৷ নাৰীসুলভ চেহেৰাৰ ল’ৰাৰ লগত আন ছিনিয়ৰ ল’ৰা কেতিয়াবা যৌন-সম্ভোগতো লিপ্ত হৈছিল বুলি কথা ওলাইছিল। মই দীঘলীয়াকৈ অসুখত পৰাত এই সময়খিনিৰ পৰা বাচি গ’লো।

তেতিয়াৰ দিনত মানুহে টাইফয়েদ অসুখৰ কথা বৰ বেছি জনা নাছিল৷ অসুখটোৰ প্ৰকাৰ জানিবৰ বাবে তেজৰ বিভিন্ন পৰীক্ষা কৰাৰো সুবিধা নাছিল৷ ডাক্তৰী দৰৱৰ ভিতৰত সাংঘাটিত তিতা ধৰণৰ দৰৱ এবিধ আছিল৷ অসুখৰ সময়ছোৱাত গোটা বস্তু খাবলৈ দিয়া নহৈছিল৷ মানুহে বিশ্বাস কৰিছিল যে এই অসুখটোৰ এঘাৰদিনৰ এটা ম্যাদ আছে। অৰ্থাৎ কিবা কাৰণত যদি এটা ম্যাদতে ভাল নহয় তেনেহলে আকৌ এটা ম্যাদ, মুঠতে বাইশদিন ভুগিব লাগিব৷ মোৰ অসুখটোৱে দুটা ম্যাদ লৈছিল৷ দ্বিতীয়বাৰৰ ম্যাদটো আৰম্ভ হোৱাৰ লগে লগে ডাক্তৰে হাত দাঙি দিলে আৰু ক’লে – “এতিয়া গুৰুৱে বচালেহে বচোৱা আৰু!” মই অৱশেষত কমাত পৰিলোগৈ৷ দেউতাহ’তে চাউল, আটা, ঘি, চেনী আদিৰে পৰিপূৰ্ণ কাঁহী এখন মোৰ হাতেৰে স্পৰ্শ কৰাই ভিক্ষাৰীক দান দিবলৈ লৈ গ’ল৷ মোক দিনে ৰাতি পৰিচৰ্যা কৰিবৰ বাবে নাৰ্ছ এগৰাকীকো নিযুক্ত কৰা হ’ল৷ মোক বচাই ৰাখিবলৈ কৰা যুদ্ধখনত যেতিয়া জিকাৰ আশা লাহে লাহে ক্ষীণ হৈ আহিল মিঞা ছান্নুত থকা মোৰ আইতাক দিল্লীলৈ মাতি অনা হ’ল৷

আইতা অহাৰ সময়খিনিৰ কথা মোৰ ছয়াময়াকৈহে মনত আছে৷ আহিয়েই তেখেতে মোৰ চিকিৎসাৰ সমস্ত দায়িত্ব নিজৰ হাতলৈ নি লৈ মোৰ বাওঁ ভৰিৰ গাঠিৰ ওপৰত ৰঙা দোল এডাল বান্ধি দিলে৷ তাৰপিছত মোৰ ওচৰত বহি লৈ দিনে নিশাই গুৰু অৰ্জুনৰ সুখবাণী পঢ়িবলৈ আৰম্ভ কৰিলে৷ ৰাতিপুৱাৰ পৰা মাজনিশালৈকে আৰু পিছদিনা দোকমোকালিৰ পৰা আকৌ পুনৰ৷ এদিন আবেলি মই হঠাতে কমাৰ পৰা মুক্তি পালোঁ৷ সন্ধ্যাৰ পৰা গাৰ পৰা জ্বৰো আতঁৰিবলৈ ধৰিলে। মোৰ শৰীৰে আৰোগ্য হোৱাৰ লক্ষণ দেখুৱালে৷ এয়া আইতাৰ চিকিৎসাৰ ফল নে কাকতালীয় সংযোগ কোৱাটো টান৷ হয়তো সেই সময়তে টাইফয়েদৰ দ্বিতীয়টো ম্যাদ শেষ হৈছিল৷ যিহওক, মই লাহে লাহে আৰোগ্যৰ ফালে আহিবলৈ ধৰিলোঁ।

বিছনাৰ পৰা নৌ নামোঁতেই মোৰ দুষ্ট বুদ্ধি আকৌ আৰম্ভ হ’ল৷ ডাক্তৰে যেতিয়া মোৰ টোপনি অৱস্থাত নাড়ী পৰীক্ষা কৰিবলৈ আহে মই জোখলোৱা হাতটোৰ নাড়ীডাল সিটো হাতেৰে ডাক্তৰে নেদেখাকৈ হেঁচা মাৰি ধৰি থাকো৷ উচপ খাই ডাক্তৰে মোৰ চকুৰ পতা দাঙি চায় মই জীয়াই আছো নে নাই! মিচিকি হাঁহি এটাৰে মই ডাক্তৰক আশ্বস্ত কৰোঁ৷ বিচনাত পৰি থকা সেই তিনিমাহত মোৰ শৰীৰ উচ্চতা দুই ইঞ্চি বৃদ্ধি পাইছিল। সেইসময়তে মোৰ যকৃত যি দুৰ্বল হ’ল হ’লেই৷ তেতিয়াৰ পৰাই ৰাতি শোৱাৰ সময়ত মোৰ লেলাৱতি ওলোৱা আৰম্ভ হ’ল আৰু পেট খোলোচা হোৱা জুলাপৰ বড়ি মোৰ চিৰ-সংগী হ’বলৈ আৰম্ভ কৰিলে৷

অসুখৰ পৰা উঠাৰ পিছত সম্পূৰ্ণ আৰোগ্যৰ বাবে বহুদিন মই ছিমলাত গৈ আছিলোগৈ৷ সেইসময়ত তাত মোৰ খুড়াদেউ আৰু তেখেতৰ দ্বিতীয়া পত্নীয়ে বাস কৰিছিল। বৈ পৰা চেলাউৰী আৰু পদুমৰ কলিৰ দৰে চকুৰে খুড়ী দেখিবলৈ বৰ ধুনীয়া আছিল৷ তেওঁলোকৰ লগত থাকি মই বৰ ভাল পাইছিলোঁ৷ ‘জেকো হিল’-ত বহুদূৰলৈকে খোজ কাঢ়ি কাঢ়ি গৈ মই ‘মল’ পাইছিলোগৈ৷ সেইখিনি পাৰ হ’লেই চালে চকু ৰৈ যোৱা আধামাইল ৰাষ্টাটো পোৱা যায় - এফালে ‘ডাভিকো’ নামৰ ৰেষ্টোৰাখন আৰু আনফালে ‘ওৱেংগাৰ’ নামৰ আন এখন৷ সেই ঠাইডোখৰকে স্কেণ্ডেল পইণ্ট বুলি কোৱা হয়, য’ত চাৰিটা ৰাষ্টাই কটাকটি কৰিছে আৰু বহুতৰ বাবেই এক্ষন্তেক দেখা-দেখি কৰাৰ প্ৰিয় ঠাই৷ এই মনোৰম ঠাইডোখৰলৈ যিকোনো স্থানীয় লোক আহিবলৈ আৰু তাতে বহি সুন্দৰী নাৰীৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো কথাৰ মহলা মাৰিবলৈ বৰ ভাল পাইছিল৷ ইয়াতেই সম্ভ্ৰান্ত লোকসকলকো সঘনে দেখা গৈছিল৷ ইংৰাজ চাহাব, পাঞ্জাৱৰ গৱৰ্ণৰ, কমাণ্ডাৰ-ইন্-চিফ্ আদি গণ্যমান্য লোককো হয় খোজ কাঢ়ি পায়চাৰি কৰি থকা নতুবা গেইটী থিয়েটাৰলৈ গৈ থকা দেখা পোৱা গৈছিল৷ প্ৰত্যেক সন্ধিয়াতে পাঞ্জাৱৰ ওখপাখ চেহেৰাৰ সভা-শুৱনী পুৰুষ মুখ্যমন্ত্ৰী ছাৰ খিজৰ হায়াট টিৱানাক দীঘল দীঘল খোজ পেলাই টানি নিয়া গাড়ীখনৰ আগে আগে গৈ থকা দেখা পোৱা গৈছিল৷ ঠাইখন এৰি থৈ ঘৰলৈ উভতি যোৱাটোৱেই টান কাম যেন লাগিছিল৷

ছিমলাত থকা গৰমৰ বন্ধৰ সেইদিনবোৰতেই মই হিমালয় পৰ্বতৰ অপৰূপ সৌন্দৰ্য্য প্ৰত্যক্ষ কৰাৰ সুযোগ পালোঁ৷ তেতিয়াই মই কবিতা লিখাও আৰম্ভ কৰিছিলোঁ। বৰ বেয়া কবিতা আছিল সেইবোৰ৷ আৰু শিকিছিলোঁ চেতাৰ বজাবলৈ৷ সেইখিনি সময়তে কাৰোবাৰ প্ৰেমত পৰিবলৈ মোৰ সাংঘাতিক মন গৈছিল৷ বয়স কিমান, মোতকৈ ডাঙৰ নে সৰু তাৰ বাচ-বিচাৰ কৰিবলৈ সময় নাছিল - মাথো প্ৰেম কৰিবলৈ ছোৱালী এজনী লাগে৷ ওচৰতে তেনে সুবিধা একো নোপোৱাত মই অমৃতসৰৰ ছোৱালী এজনীলৈ বেনামী প্ৰেমপত্ৰ লিখা আৰম্ভ কৰিলো৷ তাই মাক-দেউতাকৰ লগত দিল্লীত আমাৰ ওচৰৰে ভাড়াঘৰ এটাত আছিল৷

মই দিল্লীলৈ ঘুৰি আহি যেতিয়া ছেইণ্ট ষ্টিফেন্স্ কলেজলৈ গ’লো তেতিয়া প্ৰথম টাৰ্ম শেষ হৈ দ্বিতীয় টাৰ্ম আমম্ভ হ’বৰ হৈছে৷ ৰেগিঙৰ সময়খিনি পাৰ হৈ গ’ল৷ আমাৰ বাবে লগা ইংৰাজী সাহিত্য, বুৰঞ্জী, দৰ্শন আৰু অৰ্থশাস্ত্ৰৰ কিতাপখিনি মই গোটাই ল’লো৷ এই বিষয়কেইটা তেতিয়া বৰ জনপ্ৰিয় আছিল, তাৰ প্ৰধান কাৰণ পৰীক্ষাত নম্বৰ পাবলৈ সহজ৷ এইবিলাক পঢ়াৰ উপৰিও মই বাইবেলৰ ক্লাছলৈও গৈছিলোঁ৷ অৱশ্যে তাৰো এটা কাৰণ আছিল৷ বাইবেলৰ ক্লাছ লোৱা ক্ৰিষ্টিয়ান অধ্যাপক কে. এম. চৰকাৰে আমাক ইংৰাজী সাহিত্যও পঢ়াইছিল৷ মই বাইবেলৰ ক্লাছলৈ যোৱাৰ প্ৰধান উদ্দেশ্য আছিল মোৰ প্ৰতি ছাৰৰ মনোযোগ আকৰ্ষণ কৰা৷ ছাৰে ‘নিউ টেষ্টামেন’-ৰ ওপৰত বেছি গুৰুত্ব দিছিল, কিন্তু ছন্দময় শব্দচয়নৰ বাবে মই ভাল পাইছিলো ‘অ’ল্ড টেষ্টামেন’৷ তাৰ কেইবাটাও অংশ মোৰ মনত ৰৈ গৈছিল৷ ‘‘বুক অৱ জয়’’ পঢ়ি মই আটাইতকৈ ভাল পাইছিলোঁ৷ মই অনুমান কৰিছিলো যে ভাল ইংৰাজী সাহিত্যৰ সৃষ্টিৰ বাবে বাইবেলৰ লগতে ইউৰোপৰ সাধুকথা, পঢ়াশালীৰ পদ্য আনকি লিমাৰিক বুলি কোৱা এডোৱাৰ্ড লিয়েৰৰ অৰ্থহীন লেখাবোৰৰ লগতো পৰিচয় থকা উচিত৷ মই আনন্দৰ বাবে সেইবোৰ পঢ়া নাছিলোঁ, পঢ়িছিলোঁ সাহিত্যৰ অ-আ-ক-খ হিচাপেহে৷ (আগলৈ..)