Thursday, September 3, 2020

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্ - ১১


 

ট্ৰুথ, লাভ এণ্ড এ লিটিল মেলিচ্
(প্ৰসিদ্ধ লেখক খুশৱন্ত সিঙৰ আত্মকথা Truth, love and a little malice-ৰ অনুবাদ - উৎপল বাদল বৰুৱা)
খণ্ড- ১১
দিল্লী আৰু লাহোৰত কলেজৰ দিনবোৰ :

মেট্ৰিকৰ ফলাফল ওলোৱাৰ কেইদিনমানৰ পাছতেই মই ছেইণ্ট ষ্টিফেন্স্ কলেজত নামভৰ্ত্তিৰ বাবে আবেদন কৰিলোঁ৷ এতিয়াৰ নিচিনাকৈ তেতিয়াও এইখনেই আছিল দিল্লীৰ আটাইতকৈ সন্মানীয় কলেজখন৷ অৱশ্যে তেতিয়া, এতিয়াৰ দৰে নাম ভৰ্ত্তিৰ কামটো সিমান কঠিন নাছিল৷ মডাৰ্ণ স্কুলৰ পৰা অহা ছাত্ৰৰ বেছিভাগেই আছিল দিল্লীৰ আঢ্যৱন্ত পৰিয়ালৰ ল’ৰা৷ তাৰোপৰি তেওঁলোকে ইংৰাজী ভাষাটো সলসলীয়াকৈ ক’ব পাৰিছিল৷ ফলত মডাৰ্ণ স্কুলৰ বিদ্যাৰ্থীয়ে একপ্ৰকাৰ পোনে পোনেই ছেইণ্ট ষ্টিফেন্স্ কলেজত ভৰ্ত্তি হোৱাৰ সুযোগ পাইছিল৷ মোৰ ক্ষেত্ৰতো সেয়েই হ’ল৷ মই মাত্ৰ সন্দিহান আছিলো ৰেগিংক লৈহে৷ বৃটিছ শিক্ষানুষ্ঠানৰ এটা পৰম্পৰা আছিল হেনো ৰেগিং! গপত ফুলি থকা যিবিলাক ল’ৰা থাকে ৰেগিঙে হেনো সিহঁতক ধুই মেলি নিকা কৰি পেলায়৷ ৰেগিঙে প্ৰকৃত অৰ্থত কাৰো অপকাৰ কৰা নাছিল কিন্তু ই ল’ৰাবোৰক বুৰ্বক সজাইছিল৷ যেনে কাৰোবাক গান গাবলৈ, নাচিবলৈ বা ‘‘মই প্ৰথম বাৰ্ষিকৰ এটা জধামূৰ্খ’’ বুলি লেখা প্লেকাৰ্ড একোখন বুকুত ওলোমাই ল’বলৈ বাধ্য কৰিছিল৷ কোনোবাই যদি বাধা দিয়ে বা কৰিবলৈ সন্মত নহয় তেনেহলে সৰ্বনাশ, তাৰ শাস্তি আছে৷ হোষ্টেলত আৰু এখোপ চৰা৷ তাত নতুনকৈ অহা ছাত্ৰবোৰৰ কাৰোবাক আনৰ আগত নঙঠা হ’বলৈ বা হস্তমৈথুন কৰি দেখুৱাবলৈও বাধ্য কৰিছিল৷ নাৰীসুলভ চেহেৰাৰ ল’ৰাৰ লগত আন ছিনিয়ৰ ল’ৰা কেতিয়াবা যৌন-সম্ভোগতো লিপ্ত হৈছিল বুলি কথা ওলাইছিল। মই দীঘলীয়াকৈ অসুখত পৰাত এই সময়খিনিৰ পৰা বাচি গ’লো।

তেতিয়াৰ দিনত মানুহে টাইফয়েদ অসুখৰ কথা বৰ বেছি জনা নাছিল৷ অসুখটোৰ প্ৰকাৰ জানিবৰ বাবে তেজৰ বিভিন্ন পৰীক্ষা কৰাৰো সুবিধা নাছিল৷ ডাক্তৰী দৰৱৰ ভিতৰত সাংঘাটিত তিতা ধৰণৰ দৰৱ এবিধ আছিল৷ অসুখৰ সময়ছোৱাত গোটা বস্তু খাবলৈ দিয়া নহৈছিল৷ মানুহে বিশ্বাস কৰিছিল যে এই অসুখটোৰ এঘাৰদিনৰ এটা ম্যাদ আছে। অৰ্থাৎ কিবা কাৰণত যদি এটা ম্যাদতে ভাল নহয় তেনেহলে আকৌ এটা ম্যাদ, মুঠতে বাইশদিন ভুগিব লাগিব৷ মোৰ অসুখটোৱে দুটা ম্যাদ লৈছিল৷ দ্বিতীয়বাৰৰ ম্যাদটো আৰম্ভ হোৱাৰ লগে লগে ডাক্তৰে হাত দাঙি দিলে আৰু ক’লে – “এতিয়া গুৰুৱে বচালেহে বচোৱা আৰু!” মই অৱশেষত কমাত পৰিলোগৈ৷ দেউতাহ’তে চাউল, আটা, ঘি, চেনী আদিৰে পৰিপূৰ্ণ কাঁহী এখন মোৰ হাতেৰে স্পৰ্শ কৰাই ভিক্ষাৰীক দান দিবলৈ লৈ গ’ল৷ মোক দিনে ৰাতি পৰিচৰ্যা কৰিবৰ বাবে নাৰ্ছ এগৰাকীকো নিযুক্ত কৰা হ’ল৷ মোক বচাই ৰাখিবলৈ কৰা যুদ্ধখনত যেতিয়া জিকাৰ আশা লাহে লাহে ক্ষীণ হৈ আহিল মিঞা ছান্নুত থকা মোৰ আইতাক দিল্লীলৈ মাতি অনা হ’ল৷

আইতা অহাৰ সময়খিনিৰ কথা মোৰ ছয়াময়াকৈহে মনত আছে৷ আহিয়েই তেখেতে মোৰ চিকিৎসাৰ সমস্ত দায়িত্ব নিজৰ হাতলৈ নি লৈ মোৰ বাওঁ ভৰিৰ গাঠিৰ ওপৰত ৰঙা দোল এডাল বান্ধি দিলে৷ তাৰপিছত মোৰ ওচৰত বহি লৈ দিনে নিশাই গুৰু অৰ্জুনৰ সুখবাণী পঢ়িবলৈ আৰম্ভ কৰিলে৷ ৰাতিপুৱাৰ পৰা মাজনিশালৈকে আৰু পিছদিনা দোকমোকালিৰ পৰা আকৌ পুনৰ৷ এদিন আবেলি মই হঠাতে কমাৰ পৰা মুক্তি পালোঁ৷ সন্ধ্যাৰ পৰা গাৰ পৰা জ্বৰো আতঁৰিবলৈ ধৰিলে। মোৰ শৰীৰে আৰোগ্য হোৱাৰ লক্ষণ দেখুৱালে৷ এয়া আইতাৰ চিকিৎসাৰ ফল নে কাকতালীয় সংযোগ কোৱাটো টান৷ হয়তো সেই সময়তে টাইফয়েদৰ দ্বিতীয়টো ম্যাদ শেষ হৈছিল৷ যিহওক, মই লাহে লাহে আৰোগ্যৰ ফালে আহিবলৈ ধৰিলোঁ।

বিছনাৰ পৰা নৌ নামোঁতেই মোৰ দুষ্ট বুদ্ধি আকৌ আৰম্ভ হ’ল৷ ডাক্তৰে যেতিয়া মোৰ টোপনি অৱস্থাত নাড়ী পৰীক্ষা কৰিবলৈ আহে মই জোখলোৱা হাতটোৰ নাড়ীডাল সিটো হাতেৰে ডাক্তৰে নেদেখাকৈ হেঁচা মাৰি ধৰি থাকো৷ উচপ খাই ডাক্তৰে মোৰ চকুৰ পতা দাঙি চায় মই জীয়াই আছো নে নাই! মিচিকি হাঁহি এটাৰে মই ডাক্তৰক আশ্বস্ত কৰোঁ৷ বিচনাত পৰি থকা সেই তিনিমাহত মোৰ শৰীৰ উচ্চতা দুই ইঞ্চি বৃদ্ধি পাইছিল। সেইসময়তে মোৰ যকৃত যি দুৰ্বল হ’ল হ’লেই৷ তেতিয়াৰ পৰাই ৰাতি শোৱাৰ সময়ত মোৰ লেলাৱতি ওলোৱা আৰম্ভ হ’ল আৰু পেট খোলোচা হোৱা জুলাপৰ বড়ি মোৰ চিৰ-সংগী হ’বলৈ আৰম্ভ কৰিলে৷

অসুখৰ পৰা উঠাৰ পিছত সম্পূৰ্ণ আৰোগ্যৰ বাবে বহুদিন মই ছিমলাত গৈ আছিলোগৈ৷ সেইসময়ত তাত মোৰ খুড়াদেউ আৰু তেখেতৰ দ্বিতীয়া পত্নীয়ে বাস কৰিছিল। বৈ পৰা চেলাউৰী আৰু পদুমৰ কলিৰ দৰে চকুৰে খুড়ী দেখিবলৈ বৰ ধুনীয়া আছিল৷ তেওঁলোকৰ লগত থাকি মই বৰ ভাল পাইছিলোঁ৷ ‘জেকো হিল’-ত বহুদূৰলৈকে খোজ কাঢ়ি কাঢ়ি গৈ মই ‘মল’ পাইছিলোগৈ৷ সেইখিনি পাৰ হ’লেই চালে চকু ৰৈ যোৱা আধামাইল ৰাষ্টাটো পোৱা যায় - এফালে ‘ডাভিকো’ নামৰ ৰেষ্টোৰাখন আৰু আনফালে ‘ওৱেংগাৰ’ নামৰ আন এখন৷ সেই ঠাইডোখৰকে স্কেণ্ডেল পইণ্ট বুলি কোৱা হয়, য’ত চাৰিটা ৰাষ্টাই কটাকটি কৰিছে আৰু বহুতৰ বাবেই এক্ষন্তেক দেখা-দেখি কৰাৰ প্ৰিয় ঠাই৷ এই মনোৰম ঠাইডোখৰলৈ যিকোনো স্থানীয় লোক আহিবলৈ আৰু তাতে বহি সুন্দৰী নাৰীৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো কথাৰ মহলা মাৰিবলৈ বৰ ভাল পাইছিল৷ ইয়াতেই সম্ভ্ৰান্ত লোকসকলকো সঘনে দেখা গৈছিল৷ ইংৰাজ চাহাব, পাঞ্জাৱৰ গৱৰ্ণৰ, কমাণ্ডাৰ-ইন্-চিফ্ আদি গণ্যমান্য লোককো হয় খোজ কাঢ়ি পায়চাৰি কৰি থকা নতুবা গেইটী থিয়েটাৰলৈ গৈ থকা দেখা পোৱা গৈছিল৷ প্ৰত্যেক সন্ধিয়াতে পাঞ্জাৱৰ ওখপাখ চেহেৰাৰ সভা-শুৱনী পুৰুষ মুখ্যমন্ত্ৰী ছাৰ খিজৰ হায়াট টিৱানাক দীঘল দীঘল খোজ পেলাই টানি নিয়া গাড়ীখনৰ আগে আগে গৈ থকা দেখা পোৱা গৈছিল৷ ঠাইখন এৰি থৈ ঘৰলৈ উভতি যোৱাটোৱেই টান কাম যেন লাগিছিল৷

ছিমলাত থকা গৰমৰ বন্ধৰ সেইদিনবোৰতেই মই হিমালয় পৰ্বতৰ অপৰূপ সৌন্দৰ্য্য প্ৰত্যক্ষ কৰাৰ সুযোগ পালোঁ৷ তেতিয়াই মই কবিতা লিখাও আৰম্ভ কৰিছিলোঁ। বৰ বেয়া কবিতা আছিল সেইবোৰ৷ আৰু শিকিছিলোঁ চেতাৰ বজাবলৈ৷ সেইখিনি সময়তে কাৰোবাৰ প্ৰেমত পৰিবলৈ মোৰ সাংঘাতিক মন গৈছিল৷ বয়স কিমান, মোতকৈ ডাঙৰ নে সৰু তাৰ বাচ-বিচাৰ কৰিবলৈ সময় নাছিল - মাথো প্ৰেম কৰিবলৈ ছোৱালী এজনী লাগে৷ ওচৰতে তেনে সুবিধা একো নোপোৱাত মই অমৃতসৰৰ ছোৱালী এজনীলৈ বেনামী প্ৰেমপত্ৰ লিখা আৰম্ভ কৰিলো৷ তাই মাক-দেউতাকৰ লগত দিল্লীত আমাৰ ওচৰৰে ভাড়াঘৰ এটাত আছিল৷

মই দিল্লীলৈ ঘুৰি আহি যেতিয়া ছেইণ্ট ষ্টিফেন্স্ কলেজলৈ গ’লো তেতিয়া প্ৰথম টাৰ্ম শেষ হৈ দ্বিতীয় টাৰ্ম আমম্ভ হ’বৰ হৈছে৷ ৰেগিঙৰ সময়খিনি পাৰ হৈ গ’ল৷ আমাৰ বাবে লগা ইংৰাজী সাহিত্য, বুৰঞ্জী, দৰ্শন আৰু অৰ্থশাস্ত্ৰৰ কিতাপখিনি মই গোটাই ল’লো৷ এই বিষয়কেইটা তেতিয়া বৰ জনপ্ৰিয় আছিল, তাৰ প্ৰধান কাৰণ পৰীক্ষাত নম্বৰ পাবলৈ সহজ৷ এইবিলাক পঢ়াৰ উপৰিও মই বাইবেলৰ ক্লাছলৈও গৈছিলোঁ৷ অৱশ্যে তাৰো এটা কাৰণ আছিল৷ বাইবেলৰ ক্লাছ লোৱা ক্ৰিষ্টিয়ান অধ্যাপক কে. এম. চৰকাৰে আমাক ইংৰাজী সাহিত্যও পঢ়াইছিল৷ মই বাইবেলৰ ক্লাছলৈ যোৱাৰ প্ৰধান উদ্দেশ্য আছিল মোৰ প্ৰতি ছাৰৰ মনোযোগ আকৰ্ষণ কৰা৷ ছাৰে ‘নিউ টেষ্টামেন’-ৰ ওপৰত বেছি গুৰুত্ব দিছিল, কিন্তু ছন্দময় শব্দচয়নৰ বাবে মই ভাল পাইছিলো ‘অ’ল্ড টেষ্টামেন’৷ তাৰ কেইবাটাও অংশ মোৰ মনত ৰৈ গৈছিল৷ ‘‘বুক অৱ জয়’’ পঢ়ি মই আটাইতকৈ ভাল পাইছিলোঁ৷ মই অনুমান কৰিছিলো যে ভাল ইংৰাজী সাহিত্যৰ সৃষ্টিৰ বাবে বাইবেলৰ লগতে ইউৰোপৰ সাধুকথা, পঢ়াশালীৰ পদ্য আনকি লিমাৰিক বুলি কোৱা এডোৱাৰ্ড লিয়েৰৰ অৰ্থহীন লেখাবোৰৰ লগতো পৰিচয় থকা উচিত৷ মই আনন্দৰ বাবে সেইবোৰ পঢ়া নাছিলোঁ, পঢ়িছিলোঁ সাহিত্যৰ অ-আ-ক-খ হিচাপেহে৷ (আগলৈ..)

No comments:

Post a Comment