Sunday, April 7, 2019

জীৱন বাটৰ ৰসঃ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ “সুকুমাৰ-চন্দ্ৰা” আৰু লিটিকাইৰ সাধু (৬৯)


জীৱন বাটৰ ৰসঃ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ “সুকুমাৰ-চন্দ্ৰা” আৰু লিটিকাইৰ সাধু (৬৯)

আজি ক’বলৈ লোৱা মূল কাহিনীটো কোৱাৰ আগতে দুটা অন্য কাহিনী কৈ ল’বই লাগিব, অন্যথা কাহিনীৰ পাগ উঠাৰ সম্ভাৱনা কম৷

প্ৰথমে ড° ভবেন্দ্ৰনাথ শইকীয়াৰ “অনুগত ভৃত্য” নামৰ গল্পটোৰ কথালৈ আহোঁ৷ অসমীয়া ভাষাত পাব পৰা এইটো এটা শ্ৰেষ্ঠ প্ৰেমৰ গল্প৷ সুকুমাৰ নামৰ যুৱৰজনৰ লগত চন্দ্ৰা নামৰ গাভৰু এগৰাকীৰ প্ৰেম আৰম্ভ হ’ল, প্ৰেম মানে দুৰ্বাৰ প্ৰেম৷ কিন্তু কথাটো তেওঁলোক দুয়োজনৰ বাদে আন কোনেও নাজানে৷ এসময়ত চন্দ্ৰাৰ বিয়াৰ কথা ওলাল৷ লাহে লাহে সেই বিয়াৰ দিন এদিন দুদিনকৈ আগবাঢ়ি আহিল৷ আৰু এদিন সমাজ, সংস্কাৰ আৰু বিশ্বাসৰ ওপৰেদিয়েই বিয়াৰ দিনটো পাৰ হৈ গুচি গ’ল৷ চন্দ্ৰা আনৰ হৈ গুচি গ’ল৷ তেওঁলোকৰ এজনেও তেওঁলোকৰ মাজত থকা সম্পৰ্কৰ কথা মুকলিকৈ ব্যক্ত কৰিব নোৱাৰিলে৷ বিধস্ত এটা মনেৰে সুকুমাৰে বিয়া নকৰোঁ বুলিয়েই ভাবিছিল কিন্তু চন্দ্ৰাই এদিন সুকুমাৰক বিয়া পাতিবলৈ জোৰ দি ধৰিলে৷ আৰু সেই প্ৰেমৰ দিনতে লগ পোৱা পূৰ্ণিমা নামৰ ছোৱালীজনীক, যাক মাক দেউতাকে জোৰকৈ প্ৰেমৰ পৃথিৱীৰ পৰা আতঁৰাই আনিছিল তাইকে বিয়া কৰাই পেলালে৷ এহাতে স্বৰ্গ-সৃষ্ট অনুভৱৰ সীমাহীন ব্যকুলতা আনহাতে নিষ্ঠুৰ বাস্তৱৰ সংঘাট আৰু সংস্কাৰ৷ তাৰ মাজত প্ৰেমৰ হাবুডুবু৷ ড° শইকীয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এই গল্পটো এবাৰ পঢ়িলে সতকাই পাহৰা টান৷

এতিয়া আহোঁ আন এটা কাহিনীলৈ৷ প্ৰখ্যাত অসমীয়া কাহিনী-চৰিত্ৰ লিটিকাই৷ আমি সৰু থাকোঁতে আইতাই (বুৰিমা বুলি মাতিছিলোঁ) আমাক লিটিকাইৰ অনেক কাহিনী কৈ শুনাইছিল৷ কিছুমান কাহিনী ইমান আমোদজনক আছিল যে মইও আগলৈ লিটিকাইৰ দৰে হ’ম বুলি মনে মনে সংকল্প লৈছিলোঁ৷ তাৰে বহু কাহিনী কিতাপত মই কাহানিও পঢ়িবলৈ পোৱা নাই৷ লিটিকাই হৈছে এক নম্বৰ দুষ্ট, বাঘৰ আগতেল খোৱা, গিৰিহঁতক নাকনি-কাননি শিকোৱা এটা বুদ্ধিমান কিশোৰ, পক্কা বদমাছ! লিটিকাইয়ে এহাল বুঢ়া-বুঢ়ীৰ ঘৰত থাকি কাম কৰিছিল৷ লিটিকাইৰ কাণ্ডত অতিষ্ট হৈ এবাৰ বুঢ়া-বুঢ়ীয়ে তাক মাৰিবৰ পাং পাতিলে৷ বুঢ়াই দূৰৰ ঠাই এখনত বাস কৰা পুতেকৰ ঘৰলৈ লিটিকাইক কিবা এটা আনিবলৈ পঠাই দিলে৷ কেইবাদিনৰো বাট৷ হাতত এখন চিঠি৷ বুঢ়াই ক’লে – “চিঠিতে মই সকলো লিখি দিছোঁ, তোৰ হাতত যি দিয়ে তাকে লৈ তই পোনে পোনে ঘৰলৈ ঘুৰি আহিবি৷” গৈ থাকোঁতেই লিটিকাইৰ মনত সন্দেহৰ সৃষ্টি হ’ল, কি কথা বা লিখা আছে চিঠিখনত? গতিকে লেখা-পঢ়া জনা মানুহ এজনৰ ওচৰ চাপি লিটিকাইয়ে চিঠিখন পঢ়িবলৈ দিলে, তাত লিখা আছিল – “গৈ পোৱা মাত্ৰেই লিটিকাইক গড়ত থৈ দুছেও কৰে যেন,- মানে লিটিকাইক কাটি দুটুকুৰা কৰিব লাগে!” লিটিকাইয়ে মিছিককৈ হাঁহি এটা মাৰি নতুনকৈ চিঠি এখন লিখাই ল’লে – “গৈ পোৱা মাত্ৰেই তোৰ একমাত্ৰ ছোৱালীজনীক কেচাকল কাটি ততাতৈয়াকে লিটিকাইৰ লগত বিয়া দি পঠিয়াই দিবি৷” নিস্তাৰ পালোঁ বুলি মহাসুখে আনন্দ কৰি থকা বুঢ়া-বুঢ়ীৰ ঘৰলৈ একমাত্ৰ নাতিনী-জোঁৱাই হৈ লিটিকাই দুসপ্তাহৰ পাছতে ঘৰ ওলালহি! কি বুদ্ধি লিটিকাইৰ! পাছে মই লিটিকাইৰ এই সাধুৰ পৰা একো শিকিব নোৱাৰিলোঁ৷

এতিয়া আহোঁ আচল কাহিনীলৈ৷ মই তেতিয়া তামিলনাডুৰ মাদ্ৰাজ মহানগৰীত ইঞ্জিনিয়াৰিং কলেজ এখনত কাম কৰিবলৈ লৈছোঁ৷ বন্ধু ৰাতুলৰ লগত মই লজ এটাত ৰুম এটা ভাড়া কৰি থাকোঁ৷ সুখৰ জীৱন৷ ৰাতি ভাত-পানী খাই ঘৰটোৰ ওপৰত থকা চাঁদত বহি মাজ নিশালৈকে আড্ডা মাৰোঁ, কেতিয়াবা পুৱতি নিশালৈকে! লজটোত থকা আন অসমীয়া ল’ৰাকেইজনমানো প্ৰায়েই লগ লাগে৷ সেই লজটোতে আছিল বিপুল নামৰ ল’ৰা এজন৷ সাহিত্যত তাৰো ৰাপ আছে৷ এক ধৰণৰ কবিতা লিখে, মাজতে চিনেমা নিৰ্মাণ কৰিবৰ বাবে কাহিনী এটা লিখি দেখুৱালে! চলি গৈ থাকে আমাৰ আড্ডা৷ এতিয়াৰ দৰে তেতিয়াও মোৰ লগত অসমীয়া ভাষাৰ বহুতো কিতাপ আৰু আলোচনী লগত আছিল৷ বিশেষকৈ ড° ভবেন্দ্ৰনাথ শইকীয়াৰ কেইখনমান গল্প কিতাপ আৰু প্ৰান্তিক আলোচনীৰ সংখ্যা কেইটামান মোৰ লগত সকলো সময়তে থাকে৷ তাৰে এখন কিতাপত ‘অনুগত ভৃত্য’ নামৰ গল্পটো আছিল প্ৰথম গল্প৷ কিতাপখন বিপুলে মোৰ পৰা পঢ়িবলৈ নিছিল৷

এদিন হঠাতে শইকীয়া ছাৰৰ পৰা এটা খবৰ আহিল – “মই বাঙ্গালোৰলৈ গৈ আছোঁ, তুমি অমুক তাৰিখে এদিনৰ বাবে আহিব পাৰিবা নেকি?” মই জাপ মাৰি উঠিলোঁ৷ শইকীয়া ছাৰৰ সংগত কটোৱা সময়খিনি মোৰ বাবে ‘টনিক’-ৰ নিচিনা আছিল৷ এতিয়াও সেই সান্নিধ্যই ভেকচিন-ৰ দৰে গোটেই জীৱনটোত কাম কৰি আছে৷ মই লগে লগে সাজু হ’লো৷ বিপুলে ক’লে, - “ছাৰৰ গল্প কিতাপখন পঢ়ি ইমান ভাল লাগিছে, তেখেতলৈ মই চিঠি এখন দিম, আপুনি লৈ যাব নে?”
-        নিশ্চয়, নিশ্চয়!
যোৱাৰ আগে আগে বিপুলে লেফাফা এটা মোৰ হাতত দিলেহি৷ প্ৰতি শ্ৰী়যুত ভবেন্দ্ৰনাথ শইকীয়া৷ মই চিঠিখন আথে-বেথে
জেপত ভৰাই ল’লো৷

শইকীয়া ছাৰ ডাঙৰ হোটেল এখনত আছিল৷ তাতে তেখেতক মই লগ কৰিছিলোঁ৷ এসময়ত, কথাৰ মাজত মই ক’লো – “মোৰ বিপুল নামৰ বন্ধু এজন আছে, আমি একেলগে একেটা লজতে থাকোঁ৷ সি আপোনাৰ লেখা বৰ ভাল পায়৷ আপোনালৈ চিঠি এখন দি পঠিয়াইছে৷” বন্ধ লেফাফাটো মই ছাৰলৈ আগবঢ়াই দিলোঁ৷ ছাৰে মনপুতি চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে৷ মাজতে মিচিককৈ এবাৰ হাঁহিলে৷ তাৰ পিছত খোলা চিঠিখন মোলৈ আগবঢ়াই দি ক’লে – পঢ়া৷

বিপুলৰ হাতৰ আখৰ কাউৰী ঠেঙীয়া আছিল৷ চিঠিখন মই পঢ়িবলৈ আৰম্ভ কৰিলোঁ – “ছাৰ, আপোনাৰ ‘অনুগত ভৃত্য’ নামৰ গল্পটো পঢ়ি মোৰ মনত অকণো সন্দেহ নাই যে এইয়া আপোনাৰ নিজৰ জীৱনৰ কথা৷ নহলে, কথাবোৰ ইমান নিখুঁটকৈ কোনেও নাজানিলে হয়৷ ইমানখিনি দুখ বুকুৰ মাজত ৰাখিও আপুনি যে লিখি থাকিব পাৰিছে তাৰ বাবে আপোনালৈ মই অশেষ ধন্যবাদ জনাইছো৷ দুখ নকৰিব ছাৰ, জীৱনটো … … …”

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)