Friday, April 28, 2017

শ্ৰদ্ধাৰ দিলীপ বৰুৱা ছাৰৰ মৃত্যুত মৰ্মাহত হৈ গভীৰ শ্ৰদ্ধাঞ্জলী জনাইছো......



ছাৰক প্ৰথম লগ পাইছিলো ১৯৮৫ চনৰ শেষভাগত, নাটকীয়ভাবে৷
সেই বছৰৰে মাজভাগত মই কটন কলেজৰ বিজ্ঞান শাখাত নাম লগাইছিলো আৰু থাৰ্ড মেছ (পিছলৈ আনন্দৰাম বৰুৱা) নামৰ ছাত্ৰাবাসটোত থাকিবলৈ লৈছিলো৷ বন্ধৰ বাৰত সুবিধা পালেই মই হাতীগড় চাৰিআলিত থকা ভুৱনমোহন মহন্ত মামা বা শিলপুখুৰীত থকা বুলু পেহীৰ ঘৰলৈ গৈ সময় কটাওঁ৷ এদিন মই নুনমাটিলৈকে চলা চিটি বাছ এখনত উঠি গৈ থাকোঁতেই লতাশিল ষ্টপেজত দেখিলো দিলীপ বৰুৱা ছাৰ বাছখনলৈ সোমাই আহিছে৷ মই থিয় হৈ থকাৰ পৰাই কিছু পিছুৱাই আহি ছাৰক নমস্কাৰ জনালোঁ আৰু মোৰ পৰিচয়টো দিলোঁ৷ সেই সময়ত দূৰদৰ্শনত এটা কুইজ্‌ প্ৰতিযোগীতা প্ৰচাৰ হৈছিল আৰু অনুষ্ঠানটো পৰিচালনা কৰিছিল দিলীপ বৰুৱা ছাৰে৷ জিলমিলাই থকা ক্ষুদ্ৰ ক্ষুদ্ৰ এজাক তৰাৰ মাজৰ পৰা দূৰদৰ্শনৰ কলা-বগা পৰ্দাত ছাৰৰ মুখখন সপ্তাহত এবাৰকৈ উদ্ভাসিত হৈ আছিল আৰু অনেকৰে পৰিচিত আছিল৷ যাত্ৰীসকলৰ মাজতে দুয়োজন থিয় হৈ থাকি কথা-বতৰা আৰম্ভ কৰিলোঁ৷ ছাৰে মোক ঘৰৰ কথা, হোষ্টেলৰ কথা সুধি শেষত ভালদৰে পঢ়িবলৈ কৈছিল৷
বুলু পেহীৰ ঘৰ আছিল শিল পুখুৰীৰ পৰা উত্তৰ দিশে থকা পাহাৰ এটাৰ ওপৰত৷ পাহাৰৰ ওপৰলৈ উঠি যোৱা ৰাষ্টাটোৰ এটা অংশ তেতিয়া হোৱাই নাছিল৷ ডাঙৰ ডাঙৰ শিল কিছুমানৰৰ মাজে মাজে খলা-বমা ৰাস্তাৰে সাৱধানে ওপৰলৈ উঠি যাব লাগে৷ সেইডোখৰ উঠি যাওঁতেই মই মাজতে কিছুসময় ৰৈ দীঘল দীঘল কৈ উশাহ টানি ভাগৰ মাৰি লওঁ৷ এই কথাটোৰ বাবেই পেহীহ’তেও মাজে মাজে ঘৰটো সলোৱাৰ কথা কৈ থাকে৷
পেহীৰ ঘৰত গৈ ছাৰক চিটি বাছত লগ পোৱাৰ কথা ক’লোগৈ! পেহীৰ ছোৱালী জ্বলী মোৰ সহপাঠী, অৱশ্যে একে কলেজতে নহয়৷ তাই ছেইন্ট মেৰিজৰ পৰা পাছ কৰা মেধাৱী ছাত্ৰী৷ স্কুলৰ কুইজ প্ৰতিযোগীতাত পুৰস্কাৰ পোৱাৰ উপৰিও কিছুদিন আগতে ডাঙৰ কুইজ প্ৰতিযোগীতা এটাত অংশ গ্ৰহন কৰিছে! পেহীয়ে চিধাই সুধিল – জ্বলীৰ কথা ন’কলি কিয়? কথাটো মোৰ মনলৈ নাহিলেই নহয়৷ আকৌ লগ পালে কেতিয়াবা ক’ম বুলি পেহী আৰু জ্বলীক প্ৰতিশ্ৰুতি দিলোঁ!
এদিন পদাৰ্থবিজ্ঞানৰ ক্লাছলৈ যাওঁতে ছাৰক তেখেতৰ ডিমাৰ্টমেন্টৰ সমূখতে হঠাতে লগ পালোঁ৷ ছাৰে যে মোৰ নামটো মনত ৰাখিব সেই কথা মই সমূলি আশা কৰা নাছিলো৷ মোক আচৰিত কৰি দি ছাৰে মোক নাম কাঢ়ি মতাই নহয়, সেইদিনা পেহীৰ ঘৰৰ পৰা কিমান সময়ত ঘুৰি আহিলো, হোষ্টেলত পঢ়াশুনা কৰিছোনে নাই আদি কথা বৰ আন্তৰিকতাৰে সুধিবলৈ আৰম্ভ কৰিলে৷ সুবিধা পাই মইও জ্বলীৰ কথা ছাৰৰ আগত ব্যক্ত কৰিলো৷ ছাৰে আগ্ৰহেৰে সুধিলে – হয় নেকি? দিয়াছোন তেওঁলোকৰ ঠিকনাটো! দিলোঁ, ভাবিলো ছাৰে কাৰোবাৰ হাতত চিঠি পত্ৰ পঠিয়াই দিব ছাগৈ৷ দিলেও সেই দুৰ্গম ৰাষ্টা অতিক্ৰম কৰি কোনোবাই যে চিঠি বিলাবলৈ তালৈ যাব, তাত মোৰ সন্দেহ আছে! হয়তো আধা বাটৰ পৰাই ঘুৰি আহিব৷
কিছুদিন পাৰ হ’ল৷
    এদিন পেহীৰ ঘৰলৈ যাওঁতে গেইট খোলাৰ শব্দ শুনিয়েই পেহী ওলাই আহিল আৰু মোক দেখি বৰ উৎসাহেৰে সুধিলে- দেখিলিনে নাই জ্বলীক?
-ক’ত?
-জ্বলীৰ প্ৰগ্ৰেম, টেলিভিছনত?
-কেতিয়া?
তাৰপিছত যি শুনিলো সেইয়া এতিয়াৰ দিনত সাধুকথা যেন লাগিব৷ মোৰ পৰা ঠিকনাটো লোৱাৰ দুদিনমান পিছতেই খোদ দিলীপ বৰুৱা ছাৰ গৈ পেহীৰ ঘৰ ওলালগৈ৷ হয়, ৰাষ্টা দেখি ডাকোৱাল উভতি আহিব বুলি মই ভবা সেই দুৰ্গম পথছোৱা পাৰ হৈ ছাৰ গৈ পাহাৰৰ ওপৰৰ সেই ঘৰখনত ওলাইছিলগৈ! একমাত্ৰ মই দিয়া ঠিকনাটোৰ ভাৰসাত৷ কিমান আন্তৰিকতাৰে কাম কৰিলে এজন মানুহৈ কষ্ট স্বীকাৰ কৰিব পাৰে! স্তম্ভিত হৈ গ’লো মই! তাৰপিছত জ্বলীৰ লগত কিছু সময় কথা পাতিয়েই হেনো তাইক প্ৰগ্ৰেম কৰিবলৈ ছাৰে মাতি নিছিল৷ আৰু সেই অনুষ্ঠানটোৱেই ইতিমধ্যেই টেলিকাষ্ট হৈ গৈছিল, মই নজনাকৈয়ে৷
সেইয়াই আছিল ছাৰক লগ পোৱাৰ প্ৰথম অভিজ্ঞতা৷ কিছুদিন পুৰণি হোৱাৰ পিছত ছাৰক কলেজৰ অনেক অনুষ্ঠানতে সঘনে লগ পোৱা হ’লো৷ ছাৰৰ অসাধাৰণ ব্যক্তিত্ব, প্ৰজ্ঞা আৰু মিতভাষী ব্যৱহাৰে প্ৰতিবাৰেই মুগ্ধ কৰি আহিছে৷ কলেজখন এৰাৰ পিছত বহুদিনলৈ ছাৰৰ লগত দেখা হোৱা নাছিল৷ সাত বছৰমান পিছত মই গুৱাহাটীত কাম কৰি থাকোঁতে এদিন ছাৰক হঠাতে পানবজাৰত লগ পালোঁ৷ কি আচৰিত, ছাৰে মোক পাহৰা নাই! আচৰিত কৰি দি মোৰ নাম লৈ ছাৰে পৰম আন্তৰিকতাৰে মোৰ খবৰ-খাতি ল’লে৷ মাজে মাজে দেখা কৰিবলৈও ক’লে৷  
এতিয়াও কেতিয়াবা দূৰদৰ্শনৰ পৰ্দাত ছাৰক দেখোঁ৷ অপলক দৃষ্টিৰে হাতৰ তলুৱা কানৰ কাষত ধেনুভিৰীয়া কৰি লৈ ছাৰৰ কথা বা মন্তব্য অন্তঃকৰণেৰে শুনো৷ তেখেতৰ মন্তব্য শুনিলেই জ্ঞানৰ গভীৰতাৰ উমান পাব পাৰি৷ ছাৰৰ পোনপটীয়া ছাত্ৰ হোৱাৰ সৌভাগ্য নহ’ল মোৰ কোনোকালে, কিন্তু তেখেতৰ প্ৰতিভাৰ উমান পাইছিলো সহপাঠী সকলৰ যোগেদি৷
যেনেকুৱা মানুহ অসমত থাকিলে আমি অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিব পাৰোঁ, যাৰ ব্যক্তিত্বৰ প্ৰচ্ছায়াত নিজকে সমৃদ্ধ যেন লাগে, ছাৰ আছিল তেনেকুৱা এজন নমস্য ব্যক্তি৷ ছাৰৰ বিয়োগ অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি!
ছাৰ, আপুনি যোৱা স্থানলৈ আমি সকলো এদিন যাম৷ তাত গৈ আপোনাৰ কাষত আকৌ থিয় হ’ম৷ আপোনাৰ সহস্ৰগুণমুগ্ধৰ লগতে মইও আশা কৰিছো আপুনি একেই থাকক ছাৰ.....এতিয়াৰ দৰেই অদ্বিতীয় হৈ, ইপাৰৰ দৰে সিপাৰতো আপোনাৰ সান্নিধ্যৰ বাবে আমি ব্যাকুল হৈ থাকিম৷ মোৰ নামটো নাপাহৰিব কিন্তু ছাৰ!