ছাৰক প্ৰথম লগ পাইছিলো ১৯৮৫
চনৰ শেষভাগত, নাটকীয়ভাবে৷
সেই বছৰৰে মাজভাগত মই কটন
কলেজৰ বিজ্ঞান শাখাত নাম লগাইছিলো আৰু থাৰ্ড মেছ (পিছলৈ আনন্দৰাম বৰুৱা) নামৰ
ছাত্ৰাবাসটোত থাকিবলৈ লৈছিলো৷ বন্ধৰ বাৰত সুবিধা পালেই মই হাতীগড় চাৰিআলিত থকা
ভুৱনমোহন মহন্ত মামা বা শিলপুখুৰীত থকা বুলু পেহীৰ ঘৰলৈ গৈ সময় কটাওঁ৷ এদিন মই নুনমাটিলৈকে
চলা চিটি বাছ এখনত উঠি গৈ থাকোঁতেই লতাশিল ষ্টপেজত দেখিলো দিলীপ বৰুৱা ছাৰ
বাছখনলৈ সোমাই আহিছে৷ মই থিয় হৈ থকাৰ পৰাই কিছু পিছুৱাই আহি ছাৰক নমস্কাৰ জনালোঁ
আৰু মোৰ পৰিচয়টো দিলোঁ৷ সেই সময়ত দূৰদৰ্শনত এটা কুইজ্ প্ৰতিযোগীতা প্ৰচাৰ
হৈছিল আৰু অনুষ্ঠানটো পৰিচালনা কৰিছিল দিলীপ বৰুৱা ছাৰে৷ জিলমিলাই থকা ক্ষুদ্ৰ
ক্ষুদ্ৰ এজাক তৰাৰ মাজৰ পৰা দূৰদৰ্শনৰ কলা-বগা পৰ্দাত ছাৰৰ মুখখন সপ্তাহত এবাৰকৈ
উদ্ভাসিত হৈ আছিল আৰু অনেকৰে পৰিচিত আছিল৷ যাত্ৰীসকলৰ মাজতে দুয়োজন থিয় হৈ থাকি কথা-বতৰা
আৰম্ভ কৰিলোঁ৷ ছাৰে মোক ঘৰৰ কথা, হোষ্টেলৰ কথা সুধি শেষত ভালদৰে পঢ়িবলৈ কৈছিল৷
বুলু পেহীৰ ঘৰ আছিল শিল
পুখুৰীৰ পৰা উত্তৰ দিশে থকা পাহাৰ এটাৰ ওপৰত৷ পাহাৰৰ ওপৰলৈ উঠি যোৱা ৰাষ্টাটোৰ
এটা অংশ তেতিয়া হোৱাই নাছিল৷ ডাঙৰ ডাঙৰ শিল কিছুমানৰৰ মাজে মাজে খলা-বমা ৰাস্তাৰে
সাৱধানে ওপৰলৈ উঠি যাব লাগে৷ সেইডোখৰ উঠি যাওঁতেই মই মাজতে কিছুসময় ৰৈ দীঘল দীঘল
কৈ উশাহ টানি ভাগৰ মাৰি লওঁ৷ এই কথাটোৰ বাবেই পেহীহ’তেও মাজে মাজে ঘৰটো সলোৱাৰ
কথা কৈ থাকে৷
পেহীৰ ঘৰত গৈ ছাৰক চিটি
বাছত লগ পোৱাৰ কথা ক’লোগৈ! পেহীৰ ছোৱালী জ্বলী মোৰ সহপাঠী, অৱশ্যে একে কলেজতে
নহয়৷ তাই ছেইন্ট মেৰিজৰ পৰা পাছ কৰা মেধাৱী ছাত্ৰী৷ স্কুলৰ কুইজ প্ৰতিযোগীতাত
পুৰস্কাৰ পোৱাৰ উপৰিও কিছুদিন আগতে ডাঙৰ কুইজ প্ৰতিযোগীতা এটাত অংশ গ্ৰহন কৰিছে!
পেহীয়ে চিধাই সুধিল – জ্বলীৰ কথা ন’কলি কিয়? কথাটো মোৰ মনলৈ নাহিলেই নহয়৷ আকৌ
লগ পালে কেতিয়াবা ক’ম বুলি পেহী আৰু জ্বলীক প্ৰতিশ্ৰুতি দিলোঁ!
এদিন
পদাৰ্থবিজ্ঞানৰ ক্লাছলৈ যাওঁতে ছাৰক তেখেতৰ ডিমাৰ্টমেন্টৰ সমূখতে হঠাতে লগ পালোঁ৷
ছাৰে যে মোৰ নামটো মনত ৰাখিব সেই কথা মই সমূলি আশা কৰা নাছিলো৷ মোক আচৰিত কৰি
দি ছাৰে মোক নাম কাঢ়ি মতাই নহয়, সেইদিনা পেহীৰ ঘৰৰ পৰা কিমান সময়ত ঘুৰি আহিলো,
হোষ্টেলত পঢ়াশুনা কৰিছোনে নাই আদি কথা বৰ আন্তৰিকতাৰে সুধিবলৈ আৰম্ভ কৰিলে৷
সুবিধা পাই মইও জ্বলীৰ কথা ছাৰৰ আগত ব্যক্ত কৰিলো৷ ছাৰে আগ্ৰহেৰে সুধিলে – হয় নেকি?
দিয়াছোন তেওঁলোকৰ ঠিকনাটো! দিলোঁ, ভাবিলো ছাৰে কাৰোবাৰ হাতত চিঠি পত্ৰ
পঠিয়াই দিব ছাগৈ৷ দিলেও সেই দুৰ্গম ৰাষ্টা অতিক্ৰম কৰি কোনোবাই যে চিঠি বিলাবলৈ তালৈ
যাব, তাত মোৰ সন্দেহ আছে! হয়তো আধা বাটৰ পৰাই ঘুৰি আহিব৷
কিছুদিন পাৰ হ’ল৷
এদিন
পেহীৰ ঘৰলৈ যাওঁতে গেইট খোলাৰ শব্দ শুনিয়েই পেহী ওলাই আহিল আৰু মোক দেখি বৰ
উৎসাহেৰে সুধিলে- দেখিলিনে নাই জ্বলীক?
-ক’ত?
-জ্বলীৰ প্ৰগ্ৰেম,
টেলিভিছনত?
-কেতিয়া?
তাৰপিছত যি
শুনিলো সেইয়া এতিয়াৰ দিনত সাধুকথা যেন লাগিব৷ মোৰ পৰা ঠিকনাটো লোৱাৰ দুদিনমান
পিছতেই খোদ দিলীপ বৰুৱা ছাৰ গৈ পেহীৰ ঘৰ ওলালগৈ৷ হয়, ৰাষ্টা দেখি ডাকোৱাল উভতি
আহিব বুলি মই ভবা সেই দুৰ্গম পথছোৱা পাৰ হৈ ছাৰ গৈ পাহাৰৰ ওপৰৰ সেই ঘৰখনত ওলাইছিলগৈ!
একমাত্ৰ মই দিয়া ঠিকনাটোৰ ভাৰসাত৷ কিমান আন্তৰিকতাৰে কাম কৰিলে এজন মানুহৈ কষ্ট
স্বীকাৰ কৰিব পাৰে! স্তম্ভিত হৈ গ’লো মই! তাৰপিছত জ্বলীৰ লগত কিছু সময় কথা পাতিয়েই
হেনো তাইক প্ৰগ্ৰেম কৰিবলৈ ছাৰে মাতি নিছিল৷ আৰু সেই অনুষ্ঠানটোৱেই ইতিমধ্যেই
টেলিকাষ্ট হৈ গৈছিল, মই নজনাকৈয়ে৷
সেইয়াই আছিল ছাৰক
লগ পোৱাৰ প্ৰথম অভিজ্ঞতা৷ কিছুদিন পুৰণি হোৱাৰ পিছত ছাৰক কলেজৰ অনেক অনুষ্ঠানতে
সঘনে লগ পোৱা হ’লো৷ ছাৰৰ অসাধাৰণ ব্যক্তিত্ব, প্ৰজ্ঞা আৰু মিতভাষী ব্যৱহাৰে
প্ৰতিবাৰেই মুগ্ধ কৰি আহিছে৷ কলেজখন এৰাৰ পিছত বহুদিনলৈ ছাৰৰ লগত দেখা হোৱা
নাছিল৷ সাত বছৰমান পিছত মই গুৱাহাটীত কাম কৰি থাকোঁতে এদিন ছাৰক হঠাতে পানবজাৰত লগ
পালোঁ৷ কি আচৰিত, ছাৰে মোক পাহৰা নাই! আচৰিত কৰি দি মোৰ নাম লৈ ছাৰে পৰম আন্তৰিকতাৰে
মোৰ খবৰ-খাতি ল’লে৷ মাজে মাজে দেখা কৰিবলৈও ক’লে৷
এতিয়াও কেতিয়াবা
দূৰদৰ্শনৰ পৰ্দাত ছাৰক দেখোঁ৷ অপলক দৃষ্টিৰে হাতৰ তলুৱা কানৰ কাষত ধেনুভিৰীয়া কৰি
লৈ ছাৰৰ কথা বা মন্তব্য অন্তঃকৰণেৰে শুনো৷ তেখেতৰ মন্তব্য শুনিলেই জ্ঞানৰ গভীৰতাৰ
উমান পাব পাৰি৷ ছাৰৰ পোনপটীয়া ছাত্ৰ হোৱাৰ সৌভাগ্য নহ’ল মোৰ কোনোকালে,
কিন্তু তেখেতৰ প্ৰতিভাৰ উমান পাইছিলো সহপাঠী সকলৰ যোগেদি৷
যেনেকুৱা মানুহ
অসমত থাকিলে আমি অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰিব পাৰোঁ, যাৰ ব্যক্তিত্বৰ
প্ৰচ্ছায়াত নিজকে সমৃদ্ধ যেন লাগে, ছাৰ আছিল তেনেকুৱা এজন নমস্য ব্যক্তি৷ ছাৰৰ
বিয়োগ অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি!
ছাৰ,
আপুনি যোৱা স্থানলৈ আমি সকলো এদিন যাম৷ তাত গৈ আপোনাৰ কাষত আকৌ থিয় হ’ম৷
আপোনাৰ সহস্ৰগুণমুগ্ধৰ লগতে মইও আশা কৰিছো আপুনি একেই থাকক ছাৰ.....এতিয়াৰ দৰেই
অদ্বিতীয় হৈ, ইপাৰৰ দৰে সিপাৰতো আপোনাৰ সান্নিধ্যৰ বাবে আমি ব্যাকুল হৈ থাকিম৷
মোৰ নামটো নাপাহৰিব কিন্তু ছাৰ!
No comments:
Post a Comment