Saturday, September 30, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৬)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৬)

পেহাৰ পাকঘৰৰ পৰা বাহিৰলৈ ওলোৱা দুৱাৰখনৰ চৌকাঠৰ ওপৰৰ বাটামটোত চকুত পৰি থকাকৈ এটা প্ৰকাণ্ড দা-ৰ ঘাপৰ চিন দেখা পোৱা যায় ৷ সেইযে পিৰালিতে লাগি থকা, মূলা খান্দোতে হোৱা কুঁৱাটো – সেইফালৰ দুৱাৰখনৰ কথা কৈছো ৷ চিনটো চকুত নপৰাকৈ থকাৰ কোনো উপায় নাই ৷

   -   পেহা, দুৱাৰখনৰ ওপৰত ইমান ডাঙৰকৈ ঘাপটো কোনে মাৰিলে- দা নে কুঠাৰৰ ঘাপ?
   -   এ, এইটোৰ কাহিনী বেলেগ, কওঁ শুন ৷

পেহা আৰামী চকীখনত ভৰি উঠাই বহি ল’লে ৷ আমি ওচৰ চাপি আহিলোঁ ৷

তেজ বেলিৰ কথা ৷ গৰুজনীক এৰাল দিবলৈ পেহা প্ৰায় তিনি কিলোমিটাৰমান দূৰলৈ যাব লগা হয় ৷ লগতে দীঘল লেজু এডাল আৰু দুপৰীয়া গাইজনীক পানী খুৱাবলৈ চাইকেলতে বাল্টি এটাও বান্ধি লয় ৷ গাইজনীক এৰাল দি পেহাই ভাৰস্ত ভ্ৰমি ফুৰে ৷ সময়টো মিলাই লৈ দুপৰীয়া তেখেত আকৌ সেইখিনি ওলাইগৈ৷ ওচৰৰে কোনোবা এঘৰৰ পৰা পানী এবাল্টি আনি গাইজনীক খুৱাই থৈ একেবাৰে আহৰি হৈ পেহা আহি ঘৰ সোমায়হি ৷

এদিনৰ কথা ৷ আগে আগে গৰুজনী, পিছে পিছে পেহা ৷ এৰালদিয়া পথাৰখনৰ কাষতে নদী এখন আছে ৷ পেহাই লক্ষ্য কৰিলে নদীখনৰ একাষে পানীখিনি এটা বিশেষ ধৰণে লৰি আছে, মাজে মাজে বুৰবুৰণি উঠিছে, তাৰ পাছত আকৌ লৰিছে ৷ পেহাৰ বুজিবলৈ বাকী নাথাকিল - এইয়া গভাইত মাছৰ সংকেত ! হয় শাল নহয় বৰালি ! পেহাই লগে লগে বৰশী এটাৰ অভাৱ অনুভৱ কৰিলে ৷ এনে সুযোগ সতকাই পোৱা টান ৷  
      
       -   কিন্তু কি বুজিছ, যেতিয়াই সমস্যা হয়, বুজিবি তাৰ এটা সমাধান লগতে আছে! বিজ্ঞৰ দৰে পেহাই আমাক মাৰ্গ দৰ্শন কৰায় ৷  

কি কৰা যায় কিছু সময় ভবাৰ পিছতে পেহাৰ মনটো হঠাতে পোহৰ হৈ উঠিল ৷ বাল্টিটোৰ হেণ্ডেলদাল খুলি হেঁচা এটা মাৰি দিয়াত লোহাডালে এটা বৰশীৰ আকৃতি ল’লে ৷ বৰশী দোল কৰিবলৈ হাতত গাইজনী এৰাল দিবলৈ নিয়া পঘাডাল আছিলেই৷ বৰশী তৈয়াৰ হৈ গ’ল - মজবুত, ডাঙৰ মাছৰ বাবে একেবাৰে উপযুক্ত! সেই বৰশীটোৰেই যিটো বৰালী মাছ পেহাই ধৰিলে, সেইটো মাছ যেতিয়া তেখেতৰ ২৪ ইঞ্চি বাইচাইকেলৰ কেৰিয়াৰত বান্ধি লৈছিল, তাৰ মূৰ আৰু ফিছাই দুয়োফালে বাটতো চুই আহিছিল, মাজে মাজে চাইকেলখনৰ আগচকাটোও দাঙ খাই গৈছিল ৷

সেইটো মাছ এঘাৰটা মানুহে লগ লাগি ধৰাধৰি কৰি পেহাৰ পাকঘৰত সুমুৱাইছিল৷ সেই তেতিয়াই মাছৰ পিঠিৰ ফানছটাৰ কাঁইট এডাল লাগি বাটামটোত এই চিনটো বহিল, বহুতে তাকেই দা বা কুঠাৰৰ ঘাপ বুলি ভাবে !


(বিঃদ্ৰঃ পেহাৰ এইটো কাহিনীৰ উৎস আমাৰ মৰমৰ পূৰৱী বাইদেউ, পূৰৱী হাজৰিকা ৷)

Sunday, September 24, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৫)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৫)

ফেঁহুজালি নিদিওতেই পেহা গৈ পথাৰত হাল যুৰিছিলগৈ ৷ তেখেতৰ হিচাপ মতে ডেৰপূৰা মাটিত হাল বাই– মৈয়াই পেহা যেতিয়া ঘৰ পালেহি তেতিয়া ভৰ দুপৰীয়া, ছালৰ ছাঁই পিৰালি চুইছেহি ৷ ভাগৰত গোটেইতো লেবেজান ৷ পেহী আখলত ৷ গাতো তিয়াই লোৱাৰ আগতে পেহাই সুধিলে – দুপৰীয়া সাঁজৰ কাৰণে আছেনে কিবা মাছ-পুঠি?  পেহীৰ মুডটো ভাল নাছিল হ’বলা, গোজোৰা মাৰি উত্তৰ দিলে – মাছ-পুঠি পাচলি বাৰীত নালাগে নহয়, ৰ’ব মই জুলুকিটো লৈ ওলাম এতিয়া! পেহাৰ টিঙিচকৈ মাৰিলে৷ পিছে, পেহীৰ কথাষাৰে এটা ইংগিত বহন কৰিছিল ৷ সেয়ে, বেৰত ওলোমাই থোৱা খেৱালি জালখন টান মাৰি লৈ পেহা খনাজানলৈ  বুলি ওলাই আহিল ৷ 

জানটো ওচৰতে, তামোল এখন খোৱাৰ বাট হয় কি নহয় ৷ হিমালয়ৰ পৰা বৈ অহা নিৰ্মল পানীৰ ধাৰা এটা খনাজানেদি দক্ষিণলৈ বৈ গৈছে ৷ পেহা বাস কৰা অঞ্চলটোৰ বাবে মাছ-পুঠি থাওকতে পোৱা ইয়েই হৈছে সুলভ উৎস ৷ ফটিক যেন নিৰ্মল পানীৰ ধাৰা, কুল-কুল সুৰে আপোনমনে বৈ থাকে ! জাল এখেৱা পানীত পেলোৱাৰ আগে আগে পেহাৰ হেনো দেহাটো শাঁত পেলাবৰ বাবে পহিলাতে জোবোৰা এটা মাৰি লোৱাৰ কথা মনলৈ আহিল ৷ কথা মতেই কাম, জালখন একাষত থৈ পেহাই পানীত ডুব মাৰিলে ৷ আহ্‌, কি নিৰ্মল পানী, দেহা মন শাঁত পৰি যোৱা উষ্ণতা! দ পানীত পেহা তললৈ গৈ থাকিল ৷ একেবাৰে তলত গৈ পেহাই দেখিলে, ৰং বিৰঙৰ কিছুমান মসৃণ শিলগুটি মুকুতা পৰাদি পৰি আছে৷ তাৰ এমূৰে এটা সৰু কাঠৰ কুণ্ডা ৷ দেখিলে এনে লাগে চিত্ৰলেখাই যেন নিজে আগত থাকি সখীহঁতৰ দ্বাৰা উষা-অনিৰুদ্ধৰ কাৰণে শয়ন-পাতি সজাই থৈছে ৷ পেহাই লোভটো সামৰিব নোৱাৰিলে ৷ পানীৰ ওপৰলৈ উঠি আহি থাপ মাৰি বতাহ এমুঠি লৈ পেহা আকৌ তললৈ ডুব মাৰিলে৷ পানীৰ তলত উষা-অনিৰুদ্ধৰ কাৰণে সজাই থোৱা বিচনাখনতে পেহাই গাটো ঢালি দিলে৷ হাতৰ মুঠিটো নাকৰ ওচৰ চপাই ধৰি থাকিল ৷

-        তাৰ পাছত?

তাৰ পাছত পেহাৰ যেতিয়া টোপনি ভাগিল পানীৰ ওপৰত কানি-মুনি এন্ধাৰ!

বিঃদ্ৰঃ- এই কাহিনীটো উদ্ধাৰ কৰিলে পেহাৰ কাহিনীৰ পোনপটীয়াকৈ সোৱাদ লোৱাৰ সুবিধা পোৱা আমাৰ মৰমৰ নিতুমনি ভূঞাই৷

Saturday, September 16, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৪)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৪)

মনৰ সমস্ত আবেগ অনুভূতি সানি পেহাই বৰ্ণনা কৰিবলৈ সদায় লকলকাই থকা অন্যতম বিষয়টো হৈছে ভাওনা ৷ আৰু এই বিষয়টোৰ লগত থকা পৰিসংখ্যা শুনি আমাৰ চকু কপালত উঠে৷ যেনে - শঙ্খচূড়ৰ ভাও ১৬৩ বাৰ, সম্ভাসুৰৰ ১৯১ বাৰ, বকাসুৰৰ ২১৯ বাৰ, ব্ৰহ্মাৰ ১৩৯ বাৰ.... ৷ আমাৰ মাজত বুদ্ধি-বৃত্তিত আগবঢ়া ভাইকণ ককাইদেউৱে কেতিয়াবা সোধে – পেহা, এই হিচাপ মতে আপোনাৰ বয়স দেখোন এতিয়া পাঁচশ মানেই হব লাগিছিল, একেবাৰে খোদ শঙ্কৰদেৱৰে সমসাময়িক যেন হলগৈ দেখোন!  – নহয় অ’, একে বছৰেত কেইবাখনো ভাওনা পৰে নহয়! পেহাই সহজ ভাবে উত্তৰ দিয়ে৷

কথাটো হয়৷ পেহাক দূৰ-দূৰণিৰ গাওঁলৈ ভাওনা কৰিবলৈ মতাৰ কথা আমি আটায়ে জানো৷ অৱশ্যে তাত কি ভাও আৰু কিমানবাৰ দিলে সেইয়া জনাৰ তেতিয়া উপায় নাছিল৷ আমাৰ দিনত ফে’চবুক নাছিল! আমাৰ সেই সমগ্ৰ অঞ্চলটোত পেহা কোনদিনা ক’ত ভাও দিবলৈ গৈছে তাৰ কোনো ঠিকনা নাছিল৷

এদিন মই সুধিলোঁ – পেহা, আপুনি গোটেই জীৱনটো ভাওনা কৰিয়েই কটালে৷ এফালে দিনত ঘৰৰ কাম - পথাৰৰ কাম, আনফালে ৰাতি ভাওনা – গানিকা,  এইবোৰ কেনেকৈ কৰিছিল ? ৰাতি ভাওনাত ভাও দি আহি টোপনি ক্ষতি নহয়নে?
-        হয়, কেতিয়াবা দুইৰে হৰণ কৰাটো ভুল হলে দিনত চকু এটা অলপ পোৰে!
-        দুইৰে হৰণ কৰাটো মানে? – আচৰিত হৈ আমি সোধো৷

-        মানে ধৰ ভাওনা হৈছে দীঘলপেটাত৷ আমাৰ গাওঁৰ পৰা তালৈ বাৰ মাইল৷ দুইৰে হৰণ কৰ – কি পালি, ছয়? অৰ্থাৎ ওভতনি বাটত আগৰ ছয়মাইল মই সোঁ-চকুটোৰে আৰু পিছৰ ছয়মাইল বাওঁ চকুটোৰে শুব লাগিব৷ বচ টোপনি পূৰ হৈ গ’ল৷  তাৰপিছত ঘৰ পায়েই চিধাই গৰুহাল লৈ পথাৰলৈ পোনাই দিওঁ! কিন্তু সেই দুইৰে হৰণ কৰা হিচাপটো ঠিক নহলে পাছদিনা চকু এটা অলপ পোৰে! 

Saturday, September 9, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৩)

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৩)

এইটো আকৌ চন্দ্ৰপেহাই শিলঘাটৰ জুট মিলত কাম কৰি থকা সময়ৰ কথা৷

পেহাৰ সহকৰ্মী কেইজনৰ ভিতৰত এজন আছিল প্ৰাক্তন সেনা-জোৱান ৷ ১৯৬২ চনত সীমান্তত চীনা সৈন্যৰ লগত যুঁজ কৰিছিল তেখেতে৷ কি দুৰ্দান্ত সাহস! বাহুত ৰাইফলটো খাপ খুৱাই লৈ এটা হাতেৰেই কিমান চীনা সৈন্য নিধন কৰিলে তাৰ হিচাপ চীন বা ভাৰতৰ চৰকাৰতো বাদেই খোদ পেহাৰ বন্ধুৰ নিজৰ হাততেই নাই!
-    - এটা হাতেৰে কিয়? আমি আচৰিত হৈ সোধোঁ৷
-       -  তাত এইডাল-এইডাল বনৰীয়া মহৰ (Mosquito) প্ৰকোপ ৷ তৰ্জনী আঙুলিৰ পাবটো দেখুৱাই পেহাই বুজাই দিয়ে ৷ ডিঙি, বাহু, পিঠি, উৰু ক’ত কেতিয়া খজুৱাব লগা হয় তাৰ কোনো ঠিকনা নাথাকে৷ সেয়ে এটা হাত অনবৰতে সেই কামৰ বাবে সাজুঁ কৰি ৰাখিব লাগে; তহঁতে কি বুজিবি!

এবাৰ চীনা সৈন্যৰ দল এটা দেখি পেহাৰ বন্ধুৱে খেদি গ’ল৷ সিহঁতে মাৰিলে দৌৰ৷ লাগিল গুলীয়াগুলি! সিহঁতৰ ২৩ টা, পেহাৰ বন্ধু অকলে৷ বন্ধু জিকিল কিন্তু চীনা সৈন্যৰ বন্দুকৰ পৰা অহা গুলী এটা তেখেতৰ সোঁ ভৰিৰ পিতটোৱেদি এফাল সোমাই আনফালে ওলাই গ’ল৷ এসময়ত ঘাঁ শুকাল কিন্তু ফুটাটো ভৰিত ৰৈ গ’ল৷

কোৱাৰ্টাৰৰ সমূখত থকা বহল মুকলি পথাৰৰ কোমল ঘাঁহনিৰ ওপৰত পেহাহঁত প্ৰায়েই আবেলি আবেলি বহে৷ পেহাৰ বন্ধুৱে দীঘল কোৰ্শলা বন এডাল লৈ ভৰিৰ ফুটাটোৱাদি এবাৰ ইফালে সুমুৱাই সিফালে উলিয়াই, তাৰপিছত সিফালে সুমুৱাই ইফালে উলিয়াই – এনেকৈয়ে খেলি খেলি আজৰি সময় কটায় ৷ কেতিয়াবা মন গলে পেহাহঁতকো এই খেলটো খেলিবলৈ দিয়ে৷ জোঁতাৰ দীঘল ফিটা এডাল লৈ পেহাহ’তে যশোদাই দধি মঁথোতে জৰীডাল এটা হাতেৰে ইফালে  পিছত সিটো হাতেৰে সিফালে টানি থাকে যে - পেহাঁহ’তে তেতিয়া সেই খেলটো খেলিবলৈ আৰম্ভ কৰে!


(বিঃদ্ৰঃ এই কাহিনীটো মনত পেলাই দি লিখিবলৈ জোৰ দি ধৰিলে এসময়ত পেহাৰ কাহিনীৰ সোৱাদ পোৱা মিতালী মহন্ত, মানে ইনাই)

Thursday, September 7, 2017

প্ৰভাতদাৰ বিশ্বপ্ৰেম

প্ৰভাতদাৰ বিশ্বপ্ৰেম
উৎপল বৰুৱা

প্ৰভাতদাৰ কথাও চন্দ্ৰপেহাৰ কাহিনীৰ দৰেই – ৰসাল, আমোদজনক, শুনি থাকিবলৈ মন যোৱা ৷ পাৰ্থক্য এটাই, সেইবোৰ বিশ্বাসযোগ্যতাৰ সীমা পাৰ হৈ চন্দ্ৰপেহাৰ সমান দূৰ নাপায়গৈ ৷

তেখেতৰ লগত মোৰ প্ৰথম দেখাদেখি হোষ্টেলত ভৰ্তি হোৱাৰ দুদিনমান পাছতে ৷ প্ৰথম এটা বা দুটা ক্লাছৰ পাছত হোষ্টেললৈ চুচুক-চামাককৈ উভতি আহোঁতে, কৰিডৰটোত মুখত টুথব্ৰাছ লৈ বাতৰিকাকত পঢ়ি থকা ওখ, শকত মোছৰ ল’ৰাজন যে দেখোঁ, সেয়াই প্ৰভাতদা ৷ সাংঘাতিক বস্তু ৷ সমনীয়াৰতো কথাই নাই, চিনিঅ’ৰ ল’ৰাইও হেনো সমীহ কৰিহে চলে ৷ দুৰ্দান্ত সাহসী ৷ তাৰ এসপ্তাহমান পাছতে চিনাকি হ’বলৈ ন নম্বৰ কোঠালৈ মোৰ যোৱাৰ পাল পৰিল৷ সেইটোৱেই প্ৰভাতদাৰ কোঠা ৷ দুৱাৰত নক কৰিলো ৷ ভিতৰৰ পৰা গৰগৰীয়া শব্দ এটা ভাহি আহিল – সোমা ৷ সাধাৰণতে এই শব্দটো ‘ইয়েছ’ হয় ৷ মই ভাবিলো শুদ্ধ অসমীয়া শব্দ প্ৰয়োগ কৰি মোক নিশ্চয় কোঠালৈ আমন্ত্ৰণ কৰা হৈছে ৷ সোমায়েই আৰম্ভ কৰিলো – নমস্কাৰ দাদা, মোৰ নাম.... মই মেট্ৰিকত .... মোৰ পিতাৰ নাম.... গাঁও৷ প্ৰভাতদাই কিবা এটা চিকুটি আছিল৷ টেবুলৰ পৰা মূৰ নোতোলাকৈয়ে তেখেতে গুৰু-গম্ভীৰ কন্ঠেৰে ক’লে – সোমা৷ মই বুজি নোপোৱাৰ ভাও ধৰি থিয় দি ৰ’লো ৷ তাৰ পাছতেই প্ৰভাতদাই প্ৰথমবাৰৰ বাবে মোৰ চকুলো মূৰ তুলি চালে আৰু মই সাউৎকৈ বিছনাৰ তললৈ সোমাই গ’লো ৷ ইতিমধ্যেই তলত এজন সোমাই আছিল ৷ মই ভয়ে ভয়ে সুধিলো – কি কৰিবলৈ দিছে? – মাইকী মহ বিচাৰিবলৈ দিছে! আবাসী জীৱনত পাছলৈ ঘনিষ্ঠ হোৱা এইজনেই প্ৰভাদদাৰ বিছনাৰ তলত প্ৰথম লগ পোৱা কুঞ্জমোহন ৷ এনে শাস্তি আনৰ কোঠাত কিবা দোষ কৰাৰ বাবেহে হৈছিল ৷ প্ৰভাতদাৰ কোঠাত কিন্তু দুৱাৰত নক কৰাৰ লগে লগেই এই শাস্তিৰেহে চিনাকি প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷

আন্ধাৰ হোৱাৰ পাছত হোষ্টেলৰ বাৰাণ্ডাত আমি আটাইবোৰ নতুন ল’ৰা (মক্কেল) শাৰী পাতিছোঁ ৷ প্ৰভাতদাই পাঠদান কৰিছে ৷ নগাঁৱৰ দিগন্তক সমূখলৈ আনি ক’লে, - ই কথাই কথাই মুখখন কেনেকৈ বিকৃত কৰে দেখিছ, গতিকে আজিৰ পৰা ইয়াৰ হোষ্টেল নাম হ’ল গেলা; কি নাম? আমি আটায়ে সমস্বৰে চিঞৰো – গেলা ৷ যোৰহাটৰ নিলোৎপলক মাতি নি ক’লে, - ই বৰগীত গায়, খোল বজাব পাৰে, ইয়াৰ নাম থলো প্ৰভু ৷ বৰপেটাৰ চম্পকৰ চুলি পাতল, তাৰ নাম তালু ৷ এসময়ত মোৰ পাল পৰিল৷ প্ৰভাতদাই ঘোষনা কৰিলে, - ইয়াৰ দুজনী ভনীয়েক আছে; এজনীক মই বিয়া কৰাম, ই হ’ল মোৰ জেঠেৰী ৷ গতিকে আজিৰ পৰা তহঁতেও ইয়াক জেঠেৰী বুলিবি ৷

               নতুন ল’ৰাবোৰক একোটাকৈ হোষ্টেল নাম দিয়াৰ পাছত প্ৰভাতদাই বাক্যৰ বিপৰীত অৰ্থ বুজোৱা নিয়ম শিকালে ৷ বাক্যৰ মাজত অকথিত শব্দ একোটা ব্যৱহাৰ কৰি তেখেতে দেখুৱাই দিলে ক’ব নলগা শব্দ একোটাৰো জোৰ কিমান! ‘নাই’ক আছে আৰু ‘আছে’ক নাই কৰিবলৈ ইয়াৰ সুবিধা কিমান ৷ এইবোৰেই হ’ল হোষ্টেলৰ ভাষা ৷ ঠিক তেনেতে ভাতৰ বে’ল বাজিল৷ লগে লগে প্ৰভাতদাই আৰম্ভ কৰিলে, -ডাইনিং হল; আমি চিঞৰিলো – জিন্দাবাদ৷ তেজ দিম; আমি কওঁ – ডাইনিং হল নিদিওঁ৷ মৰে ডাইনিং হল জীয়ে কোন…, লেফট্‌ ৰাইট্‌ লেফট্‌..৷
               এয়া প্ৰভাতদাৰ লগত চিনাকি হোৱা সময়ৰ কথা৷ আৰ পাছৰ দুবছৰ প্ৰভাতদাই ঘটোৱা বিভিন্ন ঘটনা আৰু কাণ্ডৰ লগত পৰিচয় হ’লো; যিবোৰৰ ৰূপ চন্দ্ৰপেহাৰ কাহিনীৰ লেখীয়া৷ কিহৰ বলত তেনেকুৱা আচৰিত কাণ্ড একোটা কৰিবলৈ প্ৰভাতদাই সাহস কৰিছিল ভাবিলে মোৰ এতিয়াও আচৰিত লাগে ৷ হোষ্টেল এৰাৰ পাছত যেতিয়াই একেলগে থকা পুৰণি বন্ধুক লগ পাইছোঁ, তেতিয়াই প্ৰভাতদাৰ কথা ওলাইছে ৷ সেই দুবছৰত প্ৰভাতদাই ঘটোৱা ঘটনা একাটাক সুঁৱৰি কিমানযে স্ফূৰ্তি কৰিছোঁ, কত শ্ৰোতাক বিস্ময় মনাইছোঁ ৷

               নিউ ইয়েৰছ ডে’৷ একত্ৰিছ তাৰিখে  নিশা হোষ্টেলৰ সমূখৰ পথাৰত ৰান্ধি-বাঢ়ি খোৱাৰ আয়োজন চলিছে৷ হঠাতে প্ৰভাতদা আহি হাজিৰ , - স্ফূৰ্তি কৰিব লাগে, জমাব লাগে, বিহাৰীৰ ঢোলটো ক’ত? কোনোবা এটাই কুঞ্জমোহনৰ (বিহাৰী তাৰ হোষ্টেল নাম) ঢোলটো আনিলে৷ গেলাই কাঁহী আৰু হেতা এখনেৰে তাল বজালে ৷ এসময়ত ছেকেণ্ড মেছ আৰু চন্দ্ৰকান্ত হোষ্টেলো লগ লাগিলহি৷ প্ৰভাতদাৰ নেতৃত্বত দলটো কেম্পাছৰ পৰা ওলাই গৈ ছাত্ৰী নিবাসটোৰ কাষতে যান্ত্ৰিক বিজুতি হোৱা গাড়ীৰ দৰে ৰৈ গ’ল৷ অগাপিছাকৈ হোষ্টেলটোৰ দুয়োটা মহলাৰ লাইটবোৰ জ্বলি উঠিল, এটা-দুটাকৈ ছায়ামূৰ্তি লগ লাগি ছাদত জুম বান্ধিলেহি৷ প্ৰভাতদাহঁতে চিঞৰ একোটা মাৰি ৰৈ যায়; চেপা মৰা কণ্ঠৰ অনুৰূপ প্ৰতিধ্বনি ছাদৰ পৰা উফৰি আহে ৷ ডায়লগ আদান-প্ৰদান কিছু সময় চলিছিল ৷ এবাৰ ওখ দেৱালখন জাঁপ মাৰি প্ৰভাতদা হোষ্টেলটোলৈ সোমাই গ’ল ৷ বাঘ দেখা হৰিণীৰ দৰে নিমিষতে জুমটো ছেদেলি ভেদেলি হৈ গ’ল ৷ আনন্দৰ আতিশয্যত কিনো কৰিলে প্ৰভাতদাই প্ৰথমে গমেই পোৱা নাছিল৷ যেতিয়া সম্বিৎ ঘুৰি আহিল, কি কৰোঁ কি নকৰোঁ হৈ বাৰাণ্ডাত মেলি থোৱা কাপোৰ কেইখনমানকে আঁজোৰ মাৰি লৈ প্ৰভাতদা ওলাই আহিল৷

               আমাৰ হোষ্টেলটোৰ অধীক্ষকে আবাসটোৰ ছাত্ৰসকলৰ প্ৰতি কিছু নজৰ ৰাখিছিল ৷  পৰীক্ষাৰ আগে আগে কাৰোবাৰ মেজত একেৰাহে কেইবাদিনো লাইট নজ্বলিলে কথাটো ছুপাৰে গম পাইছিল ৷ চকীদাৰে কেইবাদিনো খবৰ আনিলে, -ছাৰে প্ৰভাতদাক মাতিছে ৷ প্ৰভাতদাৰ খবৰেই নাই! এদিন গম পালো- কোঠাত থকা অৱস্থাত ছুপাৰে নিজেই আহি হেনো প্ৰভাতদাক সাৱধান কৰি দিবহি; মানুহটো কেতিয়া ৰুমত থাকে চকীদাৰে মাথোঁ খবৰটো দিলেই হ’ল ৷

               এদিন সন্ধ্যা আমাৰ কোঠাত হুৰমূৰকৈ টেঙা আৰু কবিৰাজ সোমালহি – আহিছে, আহিছে, ছুপাৰ আহিছে৷ প্ৰভাতদাও ৰূমতে আছে৷ তেৰ নম্বৰ কোঠাৰ খিৰিকিয়েদি আমি জুমি চাই ৰ’লো৷ ধীৰ খোজেৰে ছাৰ আহি ন নম্বৰ কোঠাৰ সমূখ পালেহি৷ দুৱাৰত প্ৰথমবাৰ টোকৰ পৰিল৷ কোনো সাৰ-সিকতি নাই৷ দ্বিতীয়বাৰ টোকৰৰ প্ৰত্যুত্তৰত প্ৰভাতদাৰ চিৎকাৰ শুনিলো-ইয়েছ৷ আগে পিছে ‘জোৰ থকা’ কেইবাটাও অকথিত শব্দ৷ ছাৰ সোমাই গ’ল৷ পাছ মূহুৰ্ততে দেখিলো তীব্ৰ বেগেৰে ছাৰ ওলাই আহি ডাইনিং হলৰ ফালে আঁতৰি গ’লগৈ৷ আচৰিত কথা৷ দুদিনমান পাছতে প্ৰভাতদাই ৰসাল ভাষাৰে বৰ্ণনা কৰিলে৷ দুৱাৰত ছাঁটো দেখিয়েই হেনো তেখেতে বুজিছিল – গালিভাৰ ৰণত পৰিল৷ গতিকে কি কৰোঁ কি নকৰোঁ হৈ হঠাতে তেখেত বিছনাত শুই পৰিল আৰু তেখেতক দেখিয়েই ছুপাৰ ফুট!
-        শুই থকা দেখিয়েই?
-        হয়, শুই থকা দেখিয়েই৷ তেতিয়া তেখেতৰ গাত আছিল মাত্ৰ জন্মতে পিন্ধি অহা বাৰ্থডে ছ্যুট – তেনেই আদিম মানৱ!

প্ৰভাতদাৰ ৰূমমেট নগালেণ্ডৰ খালং আংগামী৷ পূজাৰ সময়৷ হোষ্টেলৰ আবাসীৰ সংখ্যা কমিছে বাবে ডাইনিং হল বন্ধ৷ ল’ৰাবোৰে ৰূমে ৰূমে ৰান্ধি খাইছে৷ তেনেতে ওলাল প্ৰভাতদাৰ বাৰ অক্তোবৰত জন্মদিন৷ তেখেতে আংগামীৰ সৈতে হোষ্টেলৰ প্ৰতিটো কোঠাৰে আবাসীক জন্মদিনৰ নিমন্ত্ৰ্ণ জনালে৷ আমিও আনন্দতে জন্মদিনৰ উপহাৰ একোটা লৈ প্ৰভাতদাৰ কোঠাত গোট খালোগৈ৷ চাৰিডোখৰ শ্লাইছ ব্ৰেড আৰু এক প্লেট মাংসৰে মহা উৎসাহেৰে দুয়ো ৰূমমেটে আমাক আপ্যায়িত কৰিলে৷ প্ৰভাতদাক অভিনন্দন জনাই বেছ আনন্দেৰে আমি গধূলিটো উপভোগ কৰিলো৷ পাছদিনাৰ পৰা সকলোৰে চকুত পৰিল – হোষ্টেলৰ নোদোকা কুকুৰজনী নাই!

        এনেকুৱা একোটা অদ্ভুত কাণ্ডৰে প্ৰভাতদাই আমাৰ হোষ্টেলটোত নতুন ৰং সানিছিল৷

        এসময়ত মই কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে অসমৰ বাহিৰলৈ গুচি গ’লো৷ দুবছৰমানৰ পাছত গম পাইছিলো শিক্ষা শেষ নকৰাকৈয়ে প্ৰভাতদাই হেনো কয়লাৰ ব্যৱসায়ত লাগিছে, বেলতলাত থাকে৷ তেখেতক দেখা কৰাৰ মোৰ কোনো সুবিধা হোৱা নাছিল৷ পঢ়া শেষ কৰি তাৰ পাছত অসমৰ বাহিৰত আঠ বছৰ চাকৰি কৰি পুনৰ অসমলৈ মই যেতিয়া ঘুৰি আহিলো তেতিয়া প্ৰভাতদা অসম মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী! তেখেতক সকলোৱা চিনি পায়৷

        কেন্দ্ৰীয় চৰকাৰৰ যিটো বিভাগত মই চাকৰি কৰোঁ, সেইটো বিভাগে অসমত নিৰ্মাণ কৰা প্ৰতিষ্ঠান এটাৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ দুজন মন্ত্ৰীক নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত হৈছিল৷ এজন হৃদয় সমুদ্ৰ বৰা আৰু আনজন প্ৰভাতদা৷ তেখেতসকলক নিমন্ত্ৰণ কৰি অনাৰ দায়িত্ব মোৰ ওপৰতে পৰিল৷ এনেকৈয়ে এঘাৰ বছৰৰ মূৰত প্ৰভাতদাক দেখা পোৱাৰ এটা সুযোগ পালো৷

        দিনৰ এঘাৰমান বজাত মই তেখেতক লগ কৰিবলৈ তেখেতৰ কাৰ্যালয়ৰ কোঠাৰ সমুখত উপস্থিত হ’লোগৈ৷ পিয়নজনে মোৰ নামটো তেখেতৰ হাতত দিয়াৰ ক্ষন্তেক পাছতে স্বয়ং প্ৰভাতদা দুৱাৰমুখলৈ ওলাই আহিল আৰু সেই তেতিয়াৰে পৰিচিত চিনাকি সুৰত ক’লেহি – জেঠেৰী আহিলি, আহ, আহ ৷ তেখেতৰ ব্যৱহাৰত মই আপ্লুত হ’লো৷ এই সম্বোধনেৰে ঘনিষ্ঠ হোৱা অনেক বন্ধুৱে হোষ্টেল এৰাৰ কেইবছৰমান পাছতে লগ পালে ‘তুমি-আপুনি’ সম্বোধনেৰে আগৰ সম্পৰ্কটো বিকৃত কৰি পেলোৱা দেখিছোঁ৷ প্ৰভাতদাই তেনে নকৰাত মই ভাল পালো৷ তেখেতৰ কোঠাত তিনিজন ভদ্ৰলোক বহি আছিল৷ মই নিৰৱে তেখেতসকলৰ প্ৰস্থানলৈ অপেক্ষা কৰি ৰ’লো৷ তেখেতসকলে কিবা এটা ‘অৰ্ডাৰ’ৰ বাবে প্ৰভাতদাক খাটনি ধৰিছিল৷ প্ৰভাতদায়ো আন্তৰিকতাৰে এটা ৰেফাৰেঞ্চ্‌ নম্বৰ তেখেতৰ মেজৰ ওপৰত পৰি থকা শকত লেফাফা এটাৰ ওপৰত লিখি লোৱা দেখিলো৷ নিৰ্ভয় আৰু প্ৰতিশ্ৰুতি আদায় কৰি তিনিও ভদ্ৰলোকে বিদায় ল’লে৷

        ইমানদিনে প্ৰভাতদাও নোদোকাটো হ’ল৷ পোছাক পৰিপাটি৷ কণ্ঠস্বৰ আগৰ দৰেই গুৰুগম্ভীৰ৷ আগতে কম হাঁহিছিল, এতিয়া কথাই কথাই আত্মতৃপ্তিৰ এক মিচিকিয়া হাঁহি৷ এটা কথা লক্ষ্য কৰি মই বৰ আমোদ পালো৷ কথা পাতি থাকোঁতে তেখেতে কিবা এটা চিকুটি থাকি ভাল পাইছিল৷ অভ্যাসটো এতিয়াও আছে৷ মোৰ লগত কথা পাতি থকা সময়খিনিত তেখেতে মেজত পৰি থকা লেফাফাটো চিকুটি চিকুটি বখলিয়াই আনিছিল৷ লেফাফাটোৰ ভিতৰত থকা টকাৰ বান্দিলটো ঢাকিবলৈ তেওঁ কোনো চেষ্টা নকৰিলে৷ কিছু সময়ৰ পাছতে মই লক্ষ্য কৰিলো সম্পূৰ্ণ লেফাফাটো অসংখ্য সূক্ষ্ম টুকুৰা কিছুমানত পৰিণত হৈ গ’ল৷ নিৰ্ভয় আৰু প্ৰতিশ্ৰুতি প্ৰদানেৰে তেখেতে লিখি লোৱা নম্বৰটোও লেফাফাটোৰ লগতে অদৃশ্য হৈ গ’ল৷

১১ ফেব্ৰুৱাৰীত আমাৰ উদ্বোধনী অনুষ্ঠান৷ হৃদয় সমুদ্ৰ বৰাই নিমন্ত্ৰণ ৰক্ষা কৰিব নোৱাৰিব৷ তেখেত সেইদিনাই মূখ্যমন্ত্ৰীৰ প্ৰতিনিধি হৈ দিল্লীলৈ যোৱাৰ কথা৷ কথাটো শুনি প্ৰভাতদা কিছু সময় মনে মনে ৰ’ল৷ তাৰ পাছত ক’লে- মই লৈ যাম যা; বৰাকো লৈ যাম, তই চিন্তা নকৰিবি, তেখেত সেইদিনা দিল্লীলৈ নাযায়; তহঁতে সভাৰ আয়োজন কৰ৷

        মন্ত্ৰীসভা কলেজৰ হোষ্টেল নহয়৷ তথাপিও প্ৰভাতদাই যেনেকৈ আশ্বাস দিলে মোৰ এনে লাগিল যেন তেখেতে ৰুমমেটক লৈ নিশা ছেকেণ্ড শ্ব’ ছিনেমা চোৱাৰ কথাহে কৈছে৷

        আৰু মোক বিস্ময়ৰ শেষ সীমাত উপনীত কৰাই প্ৰভাতদা হৃদয় সমুদ্ৰ বৰাৰ লগত আহি নিৰ্ধাৰিত সময়ত সভাত উপস্থিত হ’লহি৷ আমাৰ প্ৰতিষ্ঠানটোৰ উজ্জ্বল ভবিষ্যত কামনা কৰি প্ৰভাতদাই এটা চুটি ভাষণো দিলে৷ চাহৰ টেবুলত মই তেখেতক অকলশৰে পাই সুধিলো – প্ৰভাতদা, দিল্লী যাত্ৰা বাতিল কৰি বৰাক আনিব পৰা ৰহস্যটো কি? কন্ঠনলীৰ একেবাৰে গভীৰৰ পৰা সেই বিশেষ মাতটো উলিয়াই তেখেতে ক’লে – ইয়াকে বোলে পলিটিকছ্‌৷ বৰা হৈছে জ্যোতিষীৰ কথাত উঠা-বহা কৰা লোক৷ এঘাৰ তাৰিখে পশ্চিম দিশত উৰণ বিপদজনক৷ ৰাহুৰ প্ৰভাৱত কুম্ভৰাশিৰ শনিৰ দশা আৰম্ভ হৈছে দহ তাৰিখে নিশা তৃতীয় প্ৰহৰৰ পৰা; এতেকে বৰাৰ যাত্ৰা স্থগিত৷ তাৰ পাছত মাতটো আৰু গম্ভীৰ কৰি তেখেতে ক’লে, - খৰচ কিমান পৰিল জান, পূৰা দুহাজাৰ এটকা! তোৰ বাবে, মানে জেঠেৰীৰ বাবে খৰচ কৰিলো আৰু দে, এনেয়ে জ্যোতিষীৰ নামত মোৰ এটকাও খৰচ নহয়৷

        প্ৰভাতদাৰ বুদ্ধিৰ প্ৰশংসা নকৰি নোৱাৰিলো৷ খন্তেক অন্যমনস্ক হৈ তেখেতে ক’লে – মই ভালকৈ ইংৰাজী ক’ব নোৱাৰোঁ বুজিছ, নহ’লে মই ষ্টেট পলিটিকছৰ পৰা অতদিনে ওলাই গ’লোহেঁতেন৷

        আমাৰ বিভাগে প্ৰচাৰ কৰা ৰঙীন লিফলেট এখনৰ টুকুৰা এটা প্ৰভাতদাই চিকুটি আছিল৷ খুব সাৱধানে জুখি-মাখি চিকুটি চিকুটি তেখেতে এখন অসমৰ মেপৰ আকৃতি বনালে৷ ক্ৰমান্বয়ে লক্ষীমপুৰ, ধুবুৰী আৰু কাছাৰৰ পৰিবৰ্তন কৰি তাক ভাৰতবৰ্ষৰ ৰূপ দিয়া হ’ল৷ তাৰ পাছত খননকাৰ্য চলিল উত্তৰ-পূৰ্বাঞ্চল, গুজৰাট, কাশ্মীৰ আৰু দাক্ষিণাত্যৰ ওপৰত৷ ৰঙা বৰণৰ কাগজখনে বৃত্তাকাৰ ৰূপ ধাৰণ কৰিলে, ৰবাব টেঙাৰ দৰে দুয়োমূৰ চেপেটা পৃথিৱীৰ আকাৰ৷ মোৰ এনে লাগিল প্ৰভাতদাৰ মন আৰু প্ৰতিভাই অসমৰ বাহিৰ হৈ ভাৰতবৰ্ষইদি পৃথিৱীৰ বুকুত মিলি যোৱাৰ বাট বিচাৰিছে৷


Tuesday, September 5, 2017

মদনছাৰ আৰু ৰাষ্ট্ৰপতিৰ সন্মান



মদনছাৰে ৰাষ্ট্ৰপতিৰ পৰা এতিয়ালৈকে কোনোধৰণৰ পদক পোৱা নাই আৰু সম্ভৱ নাপাইও৷ একেবাৰে সাধাৰণ স্কুলৰ ছাৰ এজন সাধাৰণ শিক্ষক৷

এসময়ত হেনো এখন দেশত এজন বৰ গুণী-জ্ঞানী ৰজা আছিল৷ তেওঁ এবাৰ আদেশ দিলে – সমাজলৈ প্ৰকৃত সেৱা আগবঢ়োৱ এজন গুণীলোকক ৰাজসভালৈ আনি দিব লাগে৷ যিয়ে তেওঁ বিচৰা মানুহজনক আনি দিব পাৰিব, তেওঁকেই ৰজাই বিশেষভাৱে পুৰস্কৃত কৰিব৷ লগে লগেই সমগ্ৰ ৰাজ্যত বিচাৰ-খোচাৰ আৰম্ভ হ’ল৷ ৰজাৰ আগলৈ ৰাজ্যৰ আটাইতকৈ প্ৰসিদ্ধ বৈদ্যজনক অনা হ’ল – তেওঁ ৰাজ্যৰ অগণন নাগৰিকলৈ স্বাস্থ্য সেৱা আগবঢ়াইছে৷ ৰজাই ভাল পালে, কিন্তু তেওঁ বিচৰা মানুহজন ডাক্টৰ নহয়! আন এজনে ৰজাৰ আগলৈ এজন বিখ্যাত ইঞ্জিনিয়াৰ লৈ আহিল৷ তেওঁ ৰাজ্যখনৰ অনেক অট্টালিকা, দলং, বান্ধ আদি নিৰ্মাণ কৰি ৰাজ্যৰ অগ্ৰগতিত প্ৰভূত বৰঙনি আগবঢ়াইছে, তেওঁৰ সেৱা অতুলনীয়৷ ৰজা প্ৰসন্ন হ’ল, তথাপিও কিন্তু তেওঁ বিচৰা মানুহজন অভিযন্তা নহয়! এইবাৰ ৰজাৰ সমূখলৈ এজন বিজ্ঞ উকীলক অনা হ’ল৷ তেওঁ আইন সুৰক্ষা সেৱাৰে সমাজলৈ বিস্তৰ সেৱা আগবঢ়াইছে৷ কিন্তু ৰজাই বিচৰা বিচৰা মানুহজন এইজনো নহয়! অৱশেষত ৰজাৰ আগলৈ এজন সাধাৰণ শিক্ষকক অনা হ’ল৷ ৰজাৰ মুখখন উজলি উঠিল৷ – হয়, তেওঁ বিচৰা মানুহ এইজনেই! ডাক্টৰ, ইঞ্জিনিয়াৰ, উকীল – এই সকলোৱে নিজৰ নিজৰ পৰিসৰত সেৱা আগবঢ়াই থকাতো সঁচা কথা কিন্তু সমাজলৈ অতুল্য বৰঙনি আগবঢ়াই নিৰৱে সেৱা কৰি থকা লোকজন আৰু আনকি ডাক্টৰ, ইঞ্জিনিয়াৰ, উকীল এই পেছাদাৰী লোকসকলকো গঢ় দিব পৰাজন কেৱল শিক্ষকহে! শিক্ষকেহে আচলতে গঢ় দিব পাৰে এখন দেশক বা এটা জাতিক৷

            মদনছাৰ তেনে এজন সাধাৰণ শিক্ষক৷ আলিগুৰী প্ৰাইমাৰী স্কুল নামৰ এখন অখ্যাত স্কুলৰ ছাৰ তিনি দশকৰ আগৰ এজন প্ৰধান শিক্ষক৷

            এটা ব্যস্ত ৰাস্তাৰ ঠিক মাজতে হঠাতে এদিন এটা ডাঙৰ শিল পৰি থকা দেখা গ’ল৷ গাড়ী চলাই পথিক আহে, মাজ বাটতে শিলটো দেখি অসন্তুষ্ট হয়, মুখৰ ভিতৰতে ভোৰ-ভোৰণি তুলি নতুবা কাৰোবাক গুৱাল গালি দি শিলটোৰ কাষেদিয়েই সাৱধানে গাড়ী চলাই চালক পাৰ হৈ গুছি যায়৷ মাজ বাটতে পৰি থকা শিলটোৱে সকলোকে অসুবিধা কৰিছে, তথাপিও বিভিন্ন গাড়ী-বাছ-চাইকেল চলিয়েই আছে, বাটৰুৱাৰ অহা-যোৱাও কমা নাই৷ কোনোবাই চৰকাৰক গালি  পাৰিছে, কোনোবাই পৌৰ নিগমক, কোনোবাই আকৌ তেনে কাম কৰা অসভ্য নাগৰিকক৷ মুঠতে শিলটো পৰিয়েই আছে৷ এদিন দেখা গ’ল এজন মানুহে চাইকেলখন ৰখাই অনেক কষ্ট কৰি শিলটো পথৰ মাজৰ পৰা দাঁতিলৈ আঁতৰাই আনিলে৷ কিন্তু কি আচৰিত, শিলটোৰ তলত এখন চিঠি! তাত লিখা আছে – You are the true wealth of the nation  - আপুনিয়েই জাতিৰ পৰম সম্পদ! আমোদজনক কথা, মানুহজন আছিল এজন শিক্ষক! সম্ভৱ মদনছাৰৰ দৰেই৷

            মদনছাৰ মোৰ ল’ৰালিৰ শিক্ষাগুৰু৷ গেৰেকী নামৰ এখন অখ্যাত গাওঁৰ এই বাসিন্দাজন আছিল মোৰ ল’ৰালিৰ প্ৰথম শিক্ষাগুৰু৷ কিন্তু জীৱনৰ প্ৰথম শিক্ষাগুৰু কাৰণেই মই তেখেতক আজি চল্লিশ বছৰৰ পিছতো শ্ৰদ্ধাৰে সোঁৱৰো নে?

            আমাৰ তেতিয়াৰ দিনবোৰ এতিয়াৰ দৰে নাছিল৷  আমি চিলথ (slate) কিতাপ আৰু বহিবৰ বাবে বিলাতী মাটিৰ খালী বস্তা এটা লৈ পঢ়াশালীৰ জীৱন আৰম্ভ কৰিছিলো৷  আমাৰ স্কুলখনো ৰাইজে সাজি দিয়া খেৰ-বাঁহৰ এটা সাধাৰণ জুপুৰী ঘৰ আছিল৷ স্কুলখন যি ঠাইত অৱস্থিত সেই ঠাইৰ বেছিভাগ বাসিন্দাই আছিল অতীতত চাহ বাগিছাত কাম কৰা পৰিয়ালৰ৷ স্কুলীয়া শিক্ষাৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ বৰ কম আছিল৷ কিন্তু অখ্যাত ঠাইৰ এই স্কুলখনৰ গুৰী ব’থা ধৰিছিল মদন গোঁহাই নামৰ এই শিক্ষকজনে৷ এখন বাঁহৰ বাৰীয়ে বছৰটোৰ আটাইকেইটা মাহেই  স্কুলৰ চোতালখন ঢাকি ধৰি সেমেকাই ৰাখিছিল৷ চোতালখনত কামোৰ খাই ধৰি ৰখা বাঁহপাতবোৰ চিকুটি চিকুটি আমি স্কুল আৰম্ভ হোৱাৰ আগতে দৈনিক “চাফাই” কাম কৰিছিলো৷ কিন্তু তেনে কাম কৰি উঠাৰ পিছতো কাৰো হাতৰ নখ ক’লা হব নোৱাৰিছিল৷ নোৱাৰিছিল আৰু নাছিলো৷ এতিয়া কেতিয়াবা  চুট-টাই মাৰি অহা লোকৰ হাতত যেতিয়া ক’লা –ক’লা ৰঙৰ কুন্ধছ নখ দেখো সেই তেতিয়াৰ দিনতে মদনছাৰৰ হাতত থকা স্কেলপাত আৰু স্কেলপাতৰ আঙুলিৰ গাঠিত লাগি হোৱা টকৰ-টকৰ শব্দটোলৈ মনত পৰে৷ “আজি ডাঙৰ ল’ৰাটো আহিব নোৱাৰিলে, সৰুটোৰেই কাম চলোৱা আৰু”- বুলি কোৱা অভিভাৱকৰ মাজৰ পৰাই ছাৰে ছাত্ৰ-ছাত্ৰী সংগ্ৰহ কৰিব লগাত পৰিছিল কিন্তু তেনে ছাত্ৰ-ছাত্ৰীকেই আমাৰ স্কুল আৰু গাওঁৰ বাহিৰত যে এখন বিচিত্ৰ জগত আছে সেই কথা চিনাকি কৰি দিবলৈ ছাৰে অহোপুৰুষাৰ্থ কৰিছিল৷ পাঠ্যক্ৰমত নথকা সত্বেও তেনে প্ৰচেষ্টা আছিল ছাৰৰ ব্যক্তিগত, নিস্বাৰ্থ আৰু আন্তৰিক৷ সেই সময়ত তেজীমলাৰ সাধু বা বুঢ়ীআইৰ সাধুৰ উপৰিও ছোভিয়েট দেশৰ সাধুকথা কিছুমান শিশুৰ মনত লগাকৈ প্ৰকাশ কৰি প্ৰচলন কৰা হৈছিল৷ মনত আছে মদন ছাৰ আৰু কিৰণ বাইদেউৱে তেনে কিতাপ অতি যত্নেৰে সংগ্ৰহ কৰি আনি আমাক ঘৰলৈ নি পঢ়িবলৈ দিছিল৷ ছাৰে বিশ্বকোষ আমাৰ হাতত তুলি দিব পৰা নাছিল ঠিকেই কিন্তু বিশ্বকোষ নামৰ এখন প্ৰয়োজনীয় কিতাপ যে আছে সেই সূচনা তেতিয়াই মনত লগাকৈ সুমুৱাই দিব পাৰিছিল৷ সৰস্বতী পূজা আদিত গাঁৱে গাঁৱে ঘুৰি কলঠোক, ঢাৰি-পাতি বিচাৰি অনা, বছৰত এবাৰকৈ স্কুলঘৰৰ মজিয়াখন পথাৰৰ পৰা মাটি কাটি আনি ওখ কৰা আদি কামবোৰেৰে ছাৰে শিকোৱা সামাজিক দায়বদ্ধতা আৰু শাৰিৰীক পৰিশ্ৰমৰ আদিপাঠ কিমান মূল্যবান আছিল পিছৰ জীৱনতহে বুজিব পাৰিছো৷ নিয়মানুবৰ্তিতাৰ ক্ষেত্ৰত ছাৰ পৰ কঠোৰ আছিল৷ পঢ়াশুনা নোৱাৰেলে টেবুলৰ তলত মূৰটো সুমুৱাই পেন্টটো আঁঠুলৈকে খহাই লৈ ছাৰে মোৰ বাঁহৰ চেকনিৰে টিকাত ‘বেট’ দিছিল৷ চতুৰ্থ শ্ৰেনীত যেতিয়া বৃতি পৰীক্ষা দিবলৈ পথাইছিল, স্কুল ছুটীৰ পিছত বা বন্ধৰ দিনতো ছাৰে মোক ঘৰলৈ আহি কেইবামাহো পঢ়াইছিল৷ তাৰ বাবে তেখেতে দেউতাৰ পৰা এক পইচাও লোৱা নাছিল৷ ছাৰৰ ইচ্ছা মই পূৰণ কৰিব পৰা নাছিলো, পাৰিছিল মোৰ ভন্টীয়ে কেইবাবছৰৰো পিছত৷ নিজৰ পাঠ্যপুথি আৰু পাঠ্যক্ৰমৰ উপৰিও জীৱনটো সমৃদ্ধ কৰিব পৰা বিভিন্ন উপাদানৰ জ্ঞান ছাৰে আমাক সেই বয়সতে দিবলৈ চেষ্টা কৰিছিল৷  অংকত এশৰ ভিতৰত এশ নাপালেই জীৱনটো অথলে নাযায়৷ অকল পৰীক্ষাৰ বহীত পোৱা নম্বৰ কেইটাই জীৱনৰ ভেটিৰ মূল আধাৰ হোৱা উচিত নহয়৷ সেই ভেটি দৃঢ় কৰিব লাগে মানৱীয় গুণ আৰু সুদৃঢ় প্ৰমূল্যৰে৷ ব্যবহাৰিক মূল্য নাই যদিও ছাৰে আমাক জ্ঞান আৰু অভুজ্ঞতাৰ বাবেই পাখি কলমেৰে লিখিবলৈ শিকাইছিল, সেক দিয়া কলপাতত বাঁহৰ কাঠিৰে বন্ধৰ দিনত অংক কৰিবলৈ শিকাইছিল৷ পাঠ্যপুথিৰ শিক্ষাৰ বাহিৰে আন দিশলৈ হাত মেলাৰ সামৰ্থ্য আমাৰ স্কুলখনৰ নাছিল৷ তথাপিও ছাৰে আমাক নিয়মীয়াকৈ খেলিবলৈ দিছিল, গান গাবলৈ দিছিল, ছবি অঁকাৰ লগতে ৰং-তুলিকাৰ লগতো চিনাকি কৰি দিছিল৷ উল্লেখযোগ্য যে প্ৰকৃতিৰ কোলাত নিৰৱে উমলি থাকোঁতে আধুনিক ধ্যান-ধাৰণাৰ পৰা যাতে আমি নিলগত থাকিব নালাগে তাৰ বাবে তেখেতে স্কুলখনত এটা ৰেডিঅ’ লোৱাৰ ব্যৱস্থা কৰিছিল৷ এসময়ত ছাৰৰ পৰিধিৰ পৰা আমি ওলাই আহিলো৷ শিক্ষা জীৱনৰ পিছৰছোৱাত মহেন্দ্ৰ বৰকটকী ছাৰ, জিতেন বৰকটকী ছাৰ, মন্মথ ছাৰ, লীলা ছাৰ, সৰ্বেশ্বৰ ছাৰ, নিৰূপ ছাৰ, তালুকদাৰ ছাৰ (জগদীশ), মূলভা ছাৰ, ৰমন ছাৰ, শ্ৰীনিবাসন ছাৰ আদিৰ সান্নিধ্যই জীৱনটো বিভিন্ন প্ৰকাৰে সমৃদ্ধ কৰিছে কিন্তু মদন ছাৰে ছাত্ৰ জীৱনৰ আদিতে যি কঠীয়া সিচিলে তাৰ তুলনা পাবলৈ নাই৷ ছাত্ৰ জীৱনৰ শেষৰ ফালে কেতিয়াবা কৰবাত মোৰ লেখা প্ৰকাশ হলে ছপা আখৰত নিজৰ নামটো দেখি বৰ আনন্দ পাইছিলো৷ তেনে এটা দিনতে এদিন ছাৰে ৰাষ্টাত চাইকেলৰ ওপৰৰ পৰাই মাত লগাই ক’লে- প্ৰান্তিকত তোৰ চিঠি পাইছো, ভাল হৈছে যা৷  অকল সেই আষাৰেই কথা কিন্তু কি তাৰ সঞ্জীৱনা সুধা, কি তাৰ প্ৰেৰণাদায়ক শক্তি!

            এদিন ছাৰ সেইখন স্কুলৰ পৰা বদলি হৈ গুছি গ’ল৷ আমিও নিজ নিজ কক্ষপথত আপোন গতিৰে ঘুৰিবলৈ লঁলো৷ শৈশৱৰ কথা মনত পৰিলে ছাৰৰ প্ৰতি শ্ৰদ্ধাৰে মনটো ভৰি উঠে – বছ সিমানেই৷

            তিনি দশকৰ পিছত সৌ-সিদিনা সময় উলিয়াই লৈ ছাৰক এবাৰ দেখা কৰিবলৈ গ’লো৷ সেইটো আছিল বসন্ত কালৰ এটি আবেলি৷ মই আৰু ভন্টি যেতিয়া ছাৰৰ ঘৰৰ দুৱাৰদলিত উপস্থিত হ’লোগৈ ছাৰ ঘৰত নাছিল ৷ অলপ সময়ৰ পিছত ছাৰ যেতিয়া আহিল দুয়োপক্ষৰে চকু কপালত! সেই একেই মদন ছাৰ, মুখত এমোকোৰা তৃপ্তিৰ হাঁহি৷  বিভিন্ন কথাৰ মাজতে এবাৰ সুধিলো – ছাৰ, আপোনাৰ হাতৰ আঙুলিটোতযে হৈছিল, খুউৱ খজুৱাই থাকে, অসুখটো ভাল হ’ল নে? তোৰ এতিয়াও মনত আছে, মাজতে কেইবছৰমান ভাল হৈছিল, পাছত আকৌ হ’ল, এইয়া চা ৷ ছাৰৰ সোঁহাতৰ তৰ্জনী আঙুলিটোৰ একাংশত খৰৰ দৰে সেই অসুখটো তেতিয়াই হৈছিল, এতিয়াও আছে!

            এসময়ত ছাৰৰ মাত প্ৰায় থোকা-থোকি হোৱাৰেই উপক্ৰম হ’ল৷ সোনৰ শৈশৱ কালৰ স্মৃতিয়ে আমাকো ব্যথিত কৰিছিল৷ আহিবৰ সময়ত ছাৰে ক’লে – ইমান বছৰৰ মূৰত তহঁতযে এনেকৈ আহিলি মোৰ কিবা ৰাষ্ট্ৰপতিৰ সন্মান পোৱা যেন লাগিছে অ’৷

            কথাষাৰ মোৰ কাণত এতিয়াও বাজি আছে৷ পুৰণি ছাত্ৰ-ছাত্ৰীৰ ক্ষন্তেক উপস্থিতিয়ে এজন শিক্ষকক ইমান আনন্দ দিব পাৰে যে সেইয়া ৰাষ্ট্ৰপতিৰ সন্মানৰ সমতুল্য৷ কালক্ৰমত শিক্ষা আৰু শিক্ষকৰ ৰূপৰ সলনি হৈছে কিন্তু এতিয়াও যিকেইজন শিক্ষাগুৰুৰ প্ৰতি আমাৰ মন আৰু অন্তৰ ভক্তিৰে ভৰি আছে তেখেতসকলৰ কাষত ক্ষন্তেক সময় ঠিয় হৈ শ্ৰদ্ধা জনোৱাৰ উপায় আমি নিশ্চয় চিন্তা কৰিব পাৰোঁ৷ মোৰ বিশ্বাস, পৃথিৱীৰ পৰা আঁতৰি যোৱাৰ পিছত জনোৱা বিভিন্ন সন্মানতকৈ জীৱিত কালতে তেখেতসকলক দিব পৰা কিছু সময় আৰু সন্মান দুয়ো পক্ষৰ বাবেই অধিক সন্তোষজনক৷

            এনে উপলব্ধি হৈছে, মদনছাৰৰ পৰা এতিয়াও যেন শিকিয়েই আছোঁ৷ সম্ভৱ এই জীৱনত ছাৰে আৰু মোক শিকাবলৈ নেৰে!


Sunday, September 3, 2017

এয়াৰপৰ্টৰ অৰেট আৰু মোৰ আত্মকথাঃ

এয়াৰপৰ্টৰ অৰেট আৰু মোৰ আত্মকথাঃ

২০০৮ চনৰ ২৭ মাৰ্চ, বৃহস্পতি বাৰ ৷ সেইদিনাই লণ্ডণৰ আটাইতকৈ ব্যস্ত বিমানকোঠ হিথ্ৰুৰ (Heathrow Airport) পাঁচ নম্বৰ টাৰ্মিনেলটো (Terminal-5) যাত্ৰীৰ বাবে মুকলি কৰি দিয়াৰ কথা৷ ইংলণ্ডৰ ৰাণী দ্বিতীয়া এলিজাবেথে টাৰ্মিনেল ভৱনটো বাৰ দিনৰ আগতেই ১৪ মাৰ্চত উদ্ধোধন কৰি গৈছে৷ বৃটিছ এয়াৰৱেজ (British Airways) নামৰ এয়াৰলাইনটোৱে ব্যৱহাৰ কৰিব লগা এই ভৱনটোৰ সকলো আয়োজন ইতিমধ্যে সমাপ্ত হৈছে৷ ২৭ মাৰ্চৰ পুৱতি নিশা নিৰ্ধাৰিত সময় মতেই হংকঙৰ পৰা অহা বি.এ.-২৬ (BA26) নামৰ বিমানখন আহি ৪ বাজি ৫০ মিনিটত অৱতৰণ কৰিলেহি ৷ এই বিমানখনৰ যাত্ৰীসকল এই নতুন টাৰ্মিনেল ভৱনটোৱেদিয়েই প্ৰথম বাৰৰ বাবে বাহিৰলৈ ওলাই আহিব ৷ টাৰ্মিনেলটোৰ পৰা পেৰিছলৈ যাত্ৰা আৰম্ভ কৰিব লগা বি.এ.-৩০২ (BA302) নামৰ বিমানখনৰ যাত্ৰী পল ৱাকাৰেই ভৱনটোত উপস্থিত হোৱা প্ৰথম যাত্ৰী৷ তেওঁৰ হাতত বৰ্ডিংকাৰ্ডখন ৪ বাজি ৩০ মিনিটত ব্ৰিটিছ এয়াৰৱেজৰ মূৰব্বী বিষয়া (CEO) উইলি ৱাছে নিজে তুলি দিছে! সকলোৰে হিয়া থৌকি-বাথৌ ৷

তাৰপিছতে টাৰ্মিনেলটো পৰিচালনাৰ দায়িত্বত থকা বিষয়া সকলে অনুভৱ কৰিলে ক’ৰবাত যেন কিবা এটা গণ্ডগোল হৈছে – কি হৈছে, কি হৈছে ! বেগেজ হেণ্ডলিঙৰ লগত জড়িত এবিধ প্ৰযুক্তিবিদ্যা কৌশলে কিবা অজ্ঞাত কাৰণত কাম কৰা নাই! বিষয়াসকল মূহুৰ্তৰ বাবে যেন কঁপি উঠিল ৷আৰু সেই কম্পনৰ তৰংগই সেই মুহুৰ্ততে সমগ্ৰ পৃথিৱীৰ অসামৰিক বিমান পৰিবহন বিভাগক জোকাৰি দিলে ৷

এই টাৰ্মিনেলটোৰ পৰা যাত্ৰা কৰিব লগা সেইদিনাৰ ৩৪খন বিমান কেনচেল নকৰি আৰু কোনো উপায় নাথাকিল৷ তাৰপিছৰ দহদিনত সৰ্বমুঠ ৫০০ খন বিমানৰ চলাচল কেনচেল কৰিব  লগা হ’ল৷ নতুন টাৰ্মিনেলটোত যাত্ৰীৰ ৪২০০০ বেগে এটা পাহাৰৰ ৰূপ ল’লে ৷ হিথ্ৰুৰ সকলো প্ৰস্তুতি বৃথা প্ৰমানিত হ’ল ৷

বিশ্বৰ সমগ্ৰ অসামৰিক বিভাগক জোকাৰি যোৱা এই ঘটনাটোৱেই জন্ম দিলে বা নতুনকৈ গুৰুত্ব কঢ়িয়াই আনিলে এটা নতুন বিষয়ৰ – ORAT অৰ্থাৎ Operational Readiness and Airport Transfer ৷ ইয়াৰ সহজ অৰ্থ হৈছে নতুন এয়াৰপৰ্ট বা টাৰ্মিনেলভৱন এটা নিৰ্মান কৰাৰ পিছত তাত সুকলমে কাম আৰম্ভ কৰিবলৈ কৰা নিখূঁট কাৰ্যসুচী ৷ আপাত দৃষ্টিত সহজ যেন লাগিলেও ই এটা আচলতে এটা জটিল বিষয় ৷ এটা উদাহৰণ দিওঁ, সেইযে ৪২০০০ হাজাৰ বেগৰ পাহাৰ সৃষ্টি হ’ল, কাৰ বেগ সেইয়া? যাব লগা যাত্ৰীৰ, নে আহিব লগা যাত্ৰীৰ? নে ৫ নম্বৰ টাৰ্মিনেলত নামি ৪ নম্বৰ টাৰ্মিনেলৰ পৰা যাত্ৰা কৰিব লগা বা ৪ নম্বৰত নামি ৫ নম্বৰ টাৰ্মিনেলৰ পৰা বিমান ধৰিব লগা যাত্ৰীৰ? মুঠতে ই এটা জটিল প্ৰক্ৰিয়া ৷

এতিয়া আহোঁ আত্মকথাৰ কথালৈ ৷

২০০৮ চনৰ ২৬ মাৰ্চ অৰ্থাৎ লণ্ডনত ঘটা এই ঘটনাটোৰ মাত্ৰ এদিন আগতে হায়দৰাবাদত চৰকাৰ আৰু ব্যক্তিগত সংস্থাৰ দ্বাৰা (Joint Venture) নিৰ্মান কৰি উলিউৱা নতুন এটাৰপৰ্টটো ৰাইজৰ বাবে মুকলি কৰি দিয়া হৈছিল৷ হায়দৰাবাদৰ ছামছাবাদ নামৰ ঠাইত নিৰ্মান কৰা এই নতুন বিমানকোঠটো আছিল তেতিয়ালৈকে চলি থকা বিমানকোঠ বেগমপেটৰ পৰা ১৫ কিলোমিটাৰ দূৰত৷ সেইয়ে সময়মতে  দুয়োটা এয়াৰপৰ্টতে সকলো কাম নিখূঁট ভাবে সমাপন কৰিব পৰাকৈ অতি সাৱধানে আচঁনি কৰাৰ প্ৰয়োজন হৈছিল ৷ মই গোৱা এয়াৰপৰ্টত ৭ বছৰ টাৰ্মিনেল ভৱন পৰিচালনা কৰাৰ অভিজ্ঞতা লৈ আহি দিল্লীৰ এয়াৰপৰ্টত ২০০৮ চনৰ জানুৱাৰী মাহত যোগদান কৰিছিলোহি৷ হায়দৰাবাদৰ মূৰব্বী বিষয়া নায়াৰ ছাৰে গোৱাত মই কৰা কামৰ কথা জানিছিল আৰু ২৪ মাৰ্চ তাৰিখে মোক হায়দৰাবাদলৈ মাতি আনি আয়োজনটো ওপৰে ওপৰে লক্ষ্য কৰি থকাৰ দায়িত্ব দিছিল৷ মই মোৰ দায়িত্ব নিষ্ঠাৰে পালন কৰিছিলো ৷

২০১০ চনত দিল্লীত সাজি উলিউৱা তিনি নম্বৰ টাৰ্মিনেলটো আছিল সেই সময়ৰ পৃথিৱীৰ ষষ্ঠ বৃহৎ টাৰ্মিনেল ভৱন ৷ দিল্লীত অনুষ্ঠিত হব লগা কমনৱেল্‌ঠ গেইমছৰ আগে আগে ৰাইজৰ বাবে মুকলি কৰি দিব লগা এই বিয়াগোম ভৱনটোত কাম আৰম্ভ কৰিবৰ বাবে  ORAT-ৰ  দায়িত্ব লৈছিল জাৰ্মানিৰ FRAPORT নামৰ বিখ্যাত কোম্পানিটোৱে ৷ মই প্ৰশিক্ষণ আৰু এয়াৰচাইদ অৰ্থাৎ যিঠাইত বিমানসমূহ ৰখা হয় সেই ঠাইৰ পৰিচালনাৰ আচঁনি প্ৰস্তুত কৰাৰ দায়িত্ব লৈছিলো ৷ আমাক সহায় কৰিছিল কানাডাৰ পৰা অহা ফিলিপ ভান মেনান নামৰ এজন বিদেশীয়ে ৷ ৪৭ ডিগ্ৰী তাপমাত্ৰাত কাম কৰিব লগা হোৱ সেই অভিজ্ঞতা আছিল মোৰ বাবে অনন্য ৷ শুভাকাঙ্খীসকলে কৈছিল- বৰণ কলা হৈ গৈছে! – হওক, এনেকুৱা সুযোগ ঘনে ঘনে আহিব নেকি, বগা হবলৈ পাছত বহুত সময় পাম! একো অসুবিধা আলৈ-আহুকাল নোহোৱাকৈ দিল্লী বিমানকোঠৰ টি-থ্ৰী ২০১০ চনৰ ৩ জুলাই তাৰিখে উদ্ধোধন কৰা হ’ল৷

২০১৪ চনত ফিলিপিনছৰ চিবু এয়াৰপৰ্টতো অধিগ্ৰহন কৰোঁতে মই এই অৰেট নামৰ বিভাগটোৰ নেতৃত্ব দিছিলো৷ কেইবাটাও কাৰণত মোৰ কামে প্ৰশংসা পাইছিল৷ সেই সময়ৰ কেইবাটাও আমোদজনক কাহিনী আৰু অভিজ্ঞতা ইতিমধ্যেই মই অসমৰ আলোচনীত লিখিছোঁ৷

এতিয়া আহোঁ আত্মকথাৰ দ্বিতীয় তথা শেষ পৰ্যায়লৈ ৷

এই বছৰৰ যোৱা মাহৰ ২৮ তাৰিখ অৰ্থাৎ কেইদনমান আগতে, ৰাতিপুৱাই ছিংগাপুৰৰ পৰা অহা এটা খবৰে মনটো পোহৰাই তুলিলে৷ প্ৰথমবাৰৰ বাবে ORAT নামৰ এই বিষয়টোৰ ওপৰত বিশ্বৰ প্ৰথমখন সন্মিলন ছিংগাপুৰত অনুষ্ঠিত হ’ব ৷ তেওঁলোকে অনুৰোধ কৰিছে তাত মই অতিথি বক্তা হিচাপে ভাগ লৈ এটা বক্তৃতা প্ৰদান কৰিব লাগে – সন্মিলনৰ দ্বিতীয় দিনা৷

৪৭ ডিগ্ৰী তাপমাত্ৰাত কাম কৰাৰ যন্ত্ৰনাদায়ক অভিজ্ঞতা আৰু জটিল বিষয় এটা হজম কৰাৰ কষ্টকৰ অনুশীলনে যেন হঠাতে গালে মুখে ফাকু সানি দিলে ৷






Saturday, September 2, 2017

জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১২)



চন্দ্ৰপেহাৰ লগত আটাইতকৈ ঘনিষ্ঠ সম্পৰ্ক থকা সামাজিক অনুষ্ঠানটো হৈছে ভাওনা ৷ দিনৰ ভাগত নাম প্ৰসংগৰ তেখেত পাঠক, সন্ধ্যা গানিকাৰ বায়ন আৰু ৰাতিৰ ভাওনাৰ ভাৱৰীয়া৷ তেখেতৰ ভাও চাবলৈ দূৰ-দূৰণি গাৱঁৰ পৰা ৰাইজ ভাগি-ভূহঁৰি আহে৷ পেহাই অসূৰৰ ভাও দিব লগা থাকিলে কম ধাতুৰ মহিলাসকলক দৰ্শকৰ সমূখত আৰু ল’ৰা-ছোৱালীহ’তক থৈলাত বহিবলৈ অভিজ্ঞ বয়সীয়া সকলে বাধা দিয়ে ৷ ভয় খায়, থৈলা লেতেৰা কৰে, পিছদিনা গোন্ধায় ৷ পেহাই ব্ৰহ্মাৰ ভাও দিলে দৰ্শকৰ শিৰ ভক্তিত আপোনা-আপুনি দোঁ খাই আহে৷ আৰু অসুৰৰ ভাও দিলে- মই যেতিয়া সম্ভাসুৰৰ ভাও দিওঁ…মুঠতে তেত্ৰিশবাৰ দিছোঁ এই ভাও…

-        পেহা, আপুনি এই অসুৰটোৰ নাম ইম্মান লয়, অথচ এই নামটো দেখোন ৰামায়নতো নাই, মহাভাৰততো নাই! আমি  সোধোঁ৷
-        পুৰাণত আছে, পঢ়িছ জানো? ভৰিখন বহি থকা চকীখনলৈ উঠাই লৈ পেহাই ওলোটাই আমাক সোধে৷

ভাওনাৰ ভাৱতকৈও আমোদজনক কাহিনী হৈছে দূৰ-দূৰণিৰ গাওঁত ভাও দি পেহা যেতিয়া পুৱতি নিশা চাইকেল লৈ অকলে ঘৰলৈ ঘুৰি আহে সেই সময়ৰ অভিজ্ঞতাবোৰ!  বিশেষকৈ পেহাৰ লগত ভেটা-ভেটি হোৱা ভূতৰ কাহিনীবোৰ৷ আমাৰ দিনত জনপ্ৰিয় হোৱা আটাইকেইটা প্ৰজাতিৰ ভূতৰ লগতে পেহাৰ  দেখা সাক্ষাৎ হৈছে; যেনে- বুঢ়া-ডাঙৰীয়া, বাঁক, বিৰা, জখিনী ইত্যাদি৷ তেখেতসকল আকৌ ৰাতি নহয়, পুৱতি নিশাহে ওলায় (ভূতৰ কথা -টো বা - সি বুলি ক’ব নাপায়)৷

          পেহাৰ গাওঁখন পোৱাৰ আগতে ৰাষ্টাটোৰ দুয়োপাৰে দুমাইলমান বাট তেনেই মুকলি, দুয়োকাষে জলাশয়, দলনি ৷ দিনত, দূৰত আকাশে মাটি চুই থকা যেন লগা দুয়োফালে মুকলি ঠাই৷ তাত ৰাতি বাঁক ওলায়৷ বাঁকে চলপ চলপ শব্দ কৰি মাছ খাই থাকে ৷ পেহা যেতিয়া পুৱঁতি নিশা ভাওনাত ভাও দি উভতি আহে দলনিত জপং জপংকৈ বাঁক ঘুৰি ফুৰে৷ পেহাই নিজেই দেখিছে, দূৰৰ পৰা দেখিবলৈ ক’লা-ম’লা ৰাৱন বধ ভাঁওনাৰ জাম্বুৱানৰ নিচিনা দেখি, আকাৰত কিন্তু সৰু৷ এসময়ত দলনিত থকা বাঁকসকল পেহাৰ প্ৰায় চিনাকি হোৱাদি হ’লগৈ আৰু পেহাৰ আগত হঠাতে অদৃশ্য হৈ পৰাটো তেখেতসকলে বাদ দিলে ৷
          এইটো সেই সময়ৰে কাহিনী!
          সাধাৰণ বেগত চাইকেল চলাই আহি থকা পেহাৰ সেই ৰাষ্টাডোখৰৰ মাজভাগত অনুভৱ হ’ল তেখেতৰ কাষে কাষে কোনোবা এজন সমান বেগেৰে আহি আছে৷ ঘোপ মৰা আন্ধাৰ নিশা, অলপ পাছতে ঢলফোট দিব৷ বাঁকে ভক্তপ্ৰাণ পেহাক আগতে কেতিয়াও আক্ৰমণ কৰা নাই৷ খণাজানৰ ওচৰৰ এজনাইতো এবাৰ বাৰ্তালাপো কৰিছিল৷

-        পেহাই বুকুত সাহ বান্ধি সুধিলে – ঈশ্বৰসকলৰ ভালনে?
-        অলপ ৰওক৷ পেহাই দেখিলে সোঁ-কান্ধৰ ওপৰেদি তেখেতৰ মুখৰ আগলৈ আগবাঢ়ি আহিছে এটা ক’লা বৰণৰ হাত!
-        দুয়োডাল ব্ৰেক চেপা মাৰি ধৰি পেহা মুহুৰ্ততে ৰৈ গ’ল৷ আগন্তুক এইবাৰ পেহাৰ পিছফালে, হাতখন আগফালে একেদৰে আছে৷
-        চাধা এপালি দিয়কচোন, বৰ ঠাণ্ডা পৰিছে ৷ মেঘৰ গাজনিৰ দৰে গুৰু গম্ভীৰ আদেশ৷ পুহ মাহতো পেহাৰ সৰ্বশৰীৰ ঘাঁমত তিতি গৈছে৷
-        টেমাটোৰ পৰা পাত চাধা অকণমান উলিয়াই কাষতে চূণ অকণমান সানি পেহাই আথেবেথে হাতখনত তুলি দিলে৷ বৰফৰ দৰে শীতল কঠিন এখন হাত, চুলিৰ দৰে নোমেৰে আবৃত হাতৰ পৰা টোপ টোপকৈ সৰি পৰিছে বৰফৰ দৰে শুভ্ৰ টোপাল!

সেইয়াই প্ৰথম আৰু সেইয়াই শেষ৷ সেইটো ৰাষ্টাৰে পেহা আৰু দ্বিতীয়বাৰ অকলে কেতিয়াও ভাওঁনা চাই ঘুৰি অহা নাই৷


(কৃতজ্ঞতাঃ পেহাক ঘেৰি ধৰি কাহিনী শুনাসকলৰ ভিতৰৰ এগৰাকী আছিল আমাৰ মৰমৰ টুটুমনি বাইদেউ – ডাঃ কৃষ্ণা গগৈ ৷ এই কাহিনীটো বাইদেউৱেই মনত পেলাই দিছে৷)