জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১২)
চন্দ্ৰপেহাৰ লগত আটাইতকৈ ঘনিষ্ঠ সম্পৰ্ক থকা সামাজিক অনুষ্ঠানটো হৈছে ভাওনা ৷ দিনৰ ভাগত নাম প্ৰসংগৰ তেখেত পাঠক, সন্ধ্যা গানিকাৰ বায়ন আৰু ৰাতিৰ ভাওনাৰ ভাৱৰীয়া৷ তেখেতৰ ভাও চাবলৈ দূৰ-দূৰণি গাৱঁৰ পৰা ৰাইজ ভাগি-ভূহঁৰি আহে৷ পেহাই অসূৰৰ ভাও দিব লগা থাকিলে কম ধাতুৰ মহিলাসকলক দৰ্শকৰ সমূখত আৰু ল’ৰা-ছোৱালীহ’তক থৈলাত বহিবলৈ অভিজ্ঞ বয়সীয়া সকলে বাধা দিয়ে ৷ ভয় খায়, থৈলা লেতেৰা কৰে, পিছদিনা গোন্ধায় ৷ পেহাই ব্ৰহ্মাৰ ভাও দিলে দৰ্শকৰ শিৰ ভক্তিত আপোনা-আপুনি দোঁ খাই আহে৷ আৰু অসুৰৰ ভাও দিলে- মই যেতিয়া সম্ভাসুৰৰ ভাও দিওঁ…মুঠতে তেত্ৰিশবাৰ দিছোঁ এই ভাও…
- পেহা, আপুনি এই অসুৰটোৰ নাম ইম্মান লয়, অথচ এই নামটো দেখোন ৰামায়নতো নাই, মহাভাৰততো নাই! আমি সোধোঁ৷
- পুৰাণত আছে, পঢ়িছ জানো? ভৰিখন বহি থকা চকীখনলৈ উঠাই লৈ পেহাই ওলোটাই আমাক সোধে৷
ভাওনাৰ ভাৱতকৈও আমোদজনক কাহিনী হৈছে দূৰ-দূৰণিৰ গাওঁত ভাও দি পেহা যেতিয়া পুৱতি নিশা চাইকেল লৈ অকলে ঘৰলৈ ঘুৰি আহে সেই সময়ৰ অভিজ্ঞতাবোৰ! বিশেষকৈ পেহাৰ লগত ভেটা-ভেটি হোৱা ভূতৰ কাহিনীবোৰ৷ আমাৰ দিনত জনপ্ৰিয় হোৱা আটাইকেইটা প্ৰজাতিৰ ভূতৰ লগতে পেহাৰ দেখা সাক্ষাৎ হৈছে; যেনে- বুঢ়া-ডাঙৰীয়া, বাঁক, বিৰা, জখিনী ইত্যাদি৷ তেখেতসকল আকৌ ৰাতি নহয়, পুৱতি নিশাহে ওলায় (ভূতৰ কথা -টো বা - সি বুলি ক’ব নাপায়)৷
পেহাৰ গাওঁখন পোৱাৰ আগতে ৰাষ্টাটোৰ দুয়োপাৰে দুমাইলমান বাট তেনেই মুকলি, দুয়োকাষে জলাশয়, দলনি ৷ দিনত, দূৰত আকাশে মাটি চুই থকা যেন লগা দুয়োফালে মুকলি ঠাই৷ তাত ৰাতি বাঁক ওলায়৷ বাঁকে চলপ চলপ শব্দ কৰি মাছ খাই থাকে ৷ পেহা যেতিয়া পুৱঁতি নিশা ভাওনাত ভাও দি উভতি আহে দলনিত জপং জপংকৈ বাঁক ঘুৰি ফুৰে৷ পেহাই নিজেই দেখিছে, দূৰৰ পৰা দেখিবলৈ ক’লা-ম’লা ৰাৱন বধ ভাঁওনাৰ জাম্বুৱানৰ নিচিনা দেখি, আকাৰত কিন্তু সৰু৷ এসময়ত দলনিত থকা বাঁকসকল পেহাৰ প্ৰায় চিনাকি হোৱাদি হ’লগৈ আৰু পেহাৰ আগত হঠাতে অদৃশ্য হৈ পৰাটো তেখেতসকলে বাদ দিলে ৷
এইটো সেই সময়ৰে কাহিনী!
সাধাৰণ বেগত চাইকেল চলাই আহি থকা পেহাৰ সেই ৰাষ্টাডোখৰৰ মাজভাগত অনুভৱ হ’ল তেখেতৰ কাষে কাষে কোনোবা এজন সমান বেগেৰে আহি আছে৷ ঘোপ মৰা আন্ধাৰ নিশা, অলপ পাছতে ঢলফোট দিব৷ বাঁকে ভক্তপ্ৰাণ পেহাক আগতে কেতিয়াও আক্ৰমণ কৰা নাই৷ খণাজানৰ ওচৰৰ এজনাইতো এবাৰ বাৰ্তালাপো কৰিছিল৷
- পেহাই বুকুত সাহ বান্ধি সুধিলে – ঈশ্বৰসকলৰ ভালনে?
-
অলপ ৰওক৷ পেহাই দেখিলে সোঁ-কান্ধৰ
ওপৰেদি তেখেতৰ মুখৰ আগলৈ আগবাঢ়ি আহিছে এটা ক’লা বৰণৰ হাত!
-
দুয়োডাল ব্ৰেক চেপা মাৰি ধৰি পেহা
মুহুৰ্ততে ৰৈ গ’ল৷ আগন্তুক এইবাৰ পেহাৰ পিছফালে, হাতখন আগফালে একেদৰে আছে৷
-
চাধা এপালি দিয়কচোন, বৰ ঠাণ্ডা
পৰিছে ৷ মেঘৰ গাজনিৰ দৰে গুৰু গম্ভীৰ আদেশ৷ পুহ মাহতো পেহাৰ সৰ্বশৰীৰ ঘাঁমত তিতি গৈছে৷
-
টেমাটোৰ পৰা পাত চাধা অকণমান উলিয়াই
কাষতে চূণ অকণমান সানি পেহাই আথেবেথে হাতখনত তুলি দিলে৷ বৰফৰ দৰে শীতল কঠিন এখন হাত,
চুলিৰ দৰে নোমেৰে আবৃত হাতৰ পৰা টোপ টোপকৈ সৰি পৰিছে বৰফৰ দৰে শুভ্ৰ টোপাল!
সেইয়াই প্ৰথম
আৰু সেইয়াই শেষ৷ সেইটো ৰাষ্টাৰে পেহা আৰু দ্বিতীয়বাৰ অকলে কেতিয়াও ভাওঁনা চাই ঘুৰি
অহা নাই৷
(কৃতজ্ঞতাঃ পেহাক ঘেৰি ধৰি কাহিনী শুনাসকলৰ
ভিতৰৰ এগৰাকী আছিল আমাৰ মৰমৰ টুটুমনি বাইদেউ – ডাঃ কৃষ্ণা গগৈ ৷ এই কাহিনীটো বাইদেউৱেই
মনত পেলাই দিছে৷)
No comments:
Post a Comment