জীৱন বাটৰ ৰসঃ চন্দ্ৰপেহা (১৩)
এইটো আকৌ চন্দ্ৰপেহাই শিলঘাটৰ জুট মিলত কাম কৰি থকা সময়ৰ কথা৷
পেহাৰ সহকৰ্মী কেইজনৰ ভিতৰত এজন আছিল প্ৰাক্তন সেনা-জোৱান ৷
১৯৬২ চনত সীমান্তত চীনা সৈন্যৰ লগত যুঁজ কৰিছিল তেখেতে৷ কি দুৰ্দান্ত সাহস! বাহুত ৰাইফলটো
খাপ খুৱাই লৈ এটা হাতেৰেই কিমান চীনা সৈন্য নিধন কৰিলে তাৰ হিচাপ চীন বা ভাৰতৰ চৰকাৰতো
বাদেই খোদ পেহাৰ বন্ধুৰ নিজৰ হাততেই নাই!
- - এটা হাতেৰে কিয়? আমি
আচৰিত হৈ সোধোঁ৷
- - তাত এইডাল-এইডাল বনৰীয়া
মহৰ (Mosquito) প্ৰকোপ ৷ তৰ্জনী আঙুলিৰ পাবটো দেখুৱাই পেহাই বুজাই দিয়ে ৷ ডিঙি, বাহু,
পিঠি, উৰু ক’ত কেতিয়া খজুৱাব লগা হয় তাৰ কোনো ঠিকনা নাথাকে৷ সেয়ে এটা হাত অনবৰতে
সেই কামৰ বাবে সাজুঁ কৰি ৰাখিব লাগে; তহঁতে কি বুজিবি!
এবাৰ চীনা সৈন্যৰ দল এটা দেখি পেহাৰ বন্ধুৱে খেদি গ’ল৷ সিহঁতে মাৰিলে দৌৰ৷ লাগিল গুলীয়াগুলি! সিহঁতৰ ২৩ টা, পেহাৰ বন্ধু অকলে৷ বন্ধু জিকিল কিন্তু
চীনা সৈন্যৰ বন্দুকৰ পৰা অহা গুলী এটা তেখেতৰ সোঁ ভৰিৰ পিতটোৱেদি এফাল সোমাই আনফালে
ওলাই গ’ল৷ এসময়ত ঘাঁ শুকাল কিন্তু ফুটাটো ভৰিত ৰৈ গ’ল৷
কোৱাৰ্টাৰৰ সমূখত থকা বহল মুকলি পথাৰৰ কোমল ঘাঁহনিৰ ওপৰত পেহাহঁত
প্ৰায়েই আবেলি আবেলি বহে৷ পেহাৰ বন্ধুৱে দীঘল কোৰ্শলা বন এডাল লৈ ভৰিৰ ফুটাটোৱাদি
এবাৰ ইফালে সুমুৱাই সিফালে উলিয়াই, তাৰপিছত সিফালে সুমুৱাই ইফালে উলিয়াই – এনেকৈয়ে
খেলি খেলি আজৰি সময় কটায় ৷ কেতিয়াবা মন গলে পেহাহঁতকো এই খেলটো খেলিবলৈ দিয়ে৷ জোঁতাৰ
দীঘল ফিটা এডাল লৈ পেহাহ’তে যশোদাই দধি মঁথোতে জৰীডাল এটা হাতেৰে ইফালে পিছত সিটো হাতেৰে সিফালে টানি থাকে যে - পেহাঁহ’তে
তেতিয়া সেই খেলটো খেলিবলৈ আৰম্ভ কৰে!
(বিঃদ্ৰঃ এই কাহিনীটো মনত পেলাই দি লিখিবলৈ জোৰ দি ধৰিলে এসময়ত পেহাৰ কাহিনীৰ
সোৱাদ পোৱা মিতালী মহন্ত, মানে ইনাই)
No comments:
Post a Comment