Sunday, March 12, 2023

পাৱাৰ এডজাষ্টমেণ্টঃ


 


পাৱাৰ এডজাষ্টমেণ্টঃ

জীৱনটো যেন কেৱল এক এডজাষ্টমেণ্ট! এটাৰ পাছত এটাকৈ,,, পৌণঃপুনিক ৰূপত।

মোৰ চকুদুটাই কিছুদিন ধৰি বৰ দিগদাৰি দি আছে। পঢ়িবলৈ চশমাযোৰ এডজাষ্ট কৰি আনো যদি লেপটপৰ স্ক্ৰীণখন চাবলৈ অসুবিধা হয়। লেপটপৰ লগত এডজাষ্ট কৰিলে কাগজৰ লেখা পঢ়িবলৈ অসুবিধা হয়। চশমা আঁতৰাই থৈ খালীচকুৰে এই দুয়োটা কাম মোটামোটি ভালেই কৰিব পাৰোঁ কিন্তু তেনেকৈ ৰাতি গাড়ী চলাবলৈ অসুবিধা হয়। সমূখৰ গাড়ীৰ লাইটবোৰ সাতবছৰীয়া ল’ৰা-ছোৱালীয়ে অঁকা বেলিটোৰ দৰে লাগে - লাইটৰ চাৰিওফালে যেন ৰশ্মিবোৰৰ দূৰ দূৰলৈ বিকিৰণ ঘটিছে! মাইনাছ পাৱাৰৰ আগতে লোৱা চশমাযোৰ পিন্ধি ল’লে কিন্তু বিকিৰণ স্থিৰ হৈ পৰে, গাড়ী চলাবলৈ সুবিধা হয়, দূৰৰ চাইনবৰ্ডবোৰো পঢ়িব পাৰোঁ! এতিয়া না ভালদৰে পঢ়িব পাৰিছো, না গাড়ীৰ লাইটৰ বিকিৰণ বন্ধ হৈছে! ডাক্তৰৰ মতে এডজাষ্ট হোৱা নাই।

চশমাৰ প্ৰতি মোৰ দৰ্বলতা বহুদিনৰে। ক্লাছ এইটতে মই চশমা লোৱাৰ চেষ্টা এটা দি চাইছিলো, সফল নহ’লো। এদিন সুবিধাজনক পৰিৱেশ এটাত মা-ৰ আগত কৈছিলো, - “মা, মোৰ চকুদুটাৰে জলক-তবক দেখা হৈছো। ইপিনে এতিয়া মেট্ৰিকৰ পৰীক্ষাৰ বাবেও বেছিকৈ পঢ়াৰ দিন চমু চাপি আহিছে। চশমা এযোৰ লৈ দিবি নেকি!” মা-য়ে মূহূৰ্ততে “ৰূট-কজ- এনেলাইচিছ” কৰি পেলালে। “লাটুক চশমা লোৱা দেখিলি?” আমাতকৈ দুখাপ ওপৰ ক্লাছত পঢ়া আমাৰ ঘৰৰ ওচৰৰে লাটুদাই ষ্টীল ফ্ৰেমৰ চশমা লৈছে! তেওঁ ওখপাখ দেখনীয়াৰ যুৱক! চশমাযোৰে তেওঁৰ মুখখন তুলি ধৰি হিৰ’ হিৰ’ চেহেৰা এটা আনি দিছে। গতিকে মোৰ অৱচেতন মনত হয়তো…! “দেউতাৰে লকুলা এটা আনি দিব, পূৱা গধূলি চকুত দিয়া কৰ, ঠিক হৈ যাব।” কথাটো আৰু আগ নাবাঢ়িল, দুনাই আলোচনাও নহ’ল।

ঘৰৰ পৰা দূৰত থাকি পঢ়ি থাকোঁতে এদিন মাদ্ৰাজৰ “চেইদাপেট” নামৰ মেট্ৰ ৰে’লৰ ষ্টেচন এটাৰ পৰা ওলাই আহোঁতে দেখিলোঁ বাটৰ কাষতে পোহাৰী এজনে ধুনীয়া ধুনীয়া চশমা বেচিছে! মোৰ খোজ ৰৈ গ’ল। দামো মোৰ সাধ্যৰ ভিতৰতে। বেছি কথা চিন্তা কৰি নাথাকি জিৰ’ পাৱাৰৰ শকত ফ্ৰেমৰ এযোৰ লৈয়েই পেলালোঁ। এতিয়াও মনত আছে, চশমা যোৰ পিন্ধিয়েই মোৰ গা-টো শিৰশিৰাই গৈছিল। চশমা পিন্ধি দেউতাই গহীন হৈ বাতৰি কাগজ পঢ়ি থকা মুখখনৰ ছবি মনলৈ আহিছিল। কটন কলেজত দেখা দিলীপ কুমাৰ বৰুৱা ছাৰৰ চশমা পিন্ধিথকা শুৱনি মুখখনলৈ মনত পৰিছিল। শকত ফ্ৰেমৰ চশমা পিন্ধি চিনেমাৰ কেমেৰা জুমি থকা ড° ভবেন্দ্ৰনাথ শইকীয়াৰ মুখখনলৈ মনত পৰিছিল! চশমাযোৰ পিন্ধি মোৰ খোজ কাটল, কথা-বতৰা কোৱাৰ ভংগীয়েই সলনি হৈ গ’ল। সেই সময়তে আলোচনী এখনত প্ৰকাশ কৰিবলৈ সেই চশমাযোৰ পিন্ধি তোলা ফটো এখন মোৰ লগত এতিয়াও আছে। এদিন কিবা স্বৰূপত চশমাযোৰ হেৰাল। হয়তো মৌলিক প্ৰয়োজন নহয় বাবে আকৌ লোৱাও নহ’ল। এডজাষ্ট হৈ গ’ল।

এয়াৰপৰ্টৰ চাকৰি পাই এলাহাবাদত প্ৰশিক্ষণ লৈ আছো। মাহে মাহে দেউতাৰ “মানি অৰ্ডাৰ”-লৈ অপেক্ষা কৰা দিনৰ অন্ত পৰিছে। তেনেকুৱাতে মই আৱিষ্কাৰ কৰিলোঁ, মোৰ চকুদুটা মাজে মাজে মোহাৰি থাকিবলৈ ভাল লাগে! অৱচেতন মনৰ সুপ্ত আশা জাগ্ৰত হৈ উঠিল। নিজৰ ভৰিত নিজে থিয় হৈ উদয় হোৱা আশা, কোনে ৰূদ্ধ কৰিব পাৰে তাৰ দুৰ্বাৰ গতি! ডাক্তৰজনে ক’লে, - “পাৱাৰটোতো ঠিকেই আছে, দুয়োটা চকুতে নামমাত্ৰ পাৱাৰ দি এযোৰ লিখি দিছো, লওক।” মুখলৈ মিচমিচিয়া হাঁহি এটা নিজে নিজেই আহি থাকিল, মনটো ৰঞ্জিত-ৰঞ্জিত লাগিল।

বছৰ বাগৰিল। এদিন মোৰ ভনী মাজনীয়ে সুধিলে, - “বজাৰত কাৰ্বনৰ ফ্ৰেম আহিছে, একেবাৰে পাতল, ওজন নায়েই বুলিব পাৰি, নাভাগেও, মোৰ চশমাযোৰ সঁলাও নেকি?” মই বোলো, - “অলবৎ, ব’ল, মইও সলাও!” কাৰ্বন ফ্ৰেমটো কিন্তু সঁচাকৈয়ে ভাল আছিল। লঘু, মিহি, পৰিলেও নাভাগে।
প্ৰায় পোন্ধৰ বছৰমানৰ পিছত এদিন ডাক্তৰ এজনে ক’লে, -“আপোনাৰ বাঁও চকুটোত অলপ পাৱাৰ বাঢ়িছে। ওচৰত দেখাটো কিন্তু পাৰ্ফেক্ট আছে, মাছ খায় ন?” মই কিন্তু পাৱাৰ নসলালোঁ, নিজে নিজেই এডজাষ্ট হৈ থাকিল।

ভূপেনদাইও চশমা পিন্ধিছিল। গোৱা এয়াৰপৰ্টৰ ভি-আই-পি লাউঞ্জত বহি ভূপেন হাজৰিকাই মোক ক’লে, - “বুইছা, মই এমাহতে ছযোৰ চশমা হেৰুৱাৰো ৰেকৰ্ড আছে, কি বুলি ভাবিছা?” কল্পনা লাজমীয়ে মুখতে ধৰিলে, - “সেইটো কি গৌৰৱ কৰিব লগা কথা? মোষ্ট কেয়াৰলেচ মানুহৰ লক্ষণ!!”
মই অৱশ্যে ভূপেনদাৰ দৰে জীৱনত বহু চশমা হেৰুৱাই পোৱা নাই। মোৰ বন্ধু হৰিলাল শৰ্মাই হেনো একে পাৱাৰৰ একেলগে তিনিযোৰ চশমা বনায়। এযোৰ হেৰালে আনযোৰ। আনযোৰ হেৰালে ভিতৰত থোৱাযোৰ! গোৱা এয়াৰপৰ্টৰ পিছত মই দিল্লী এয়াৰপৰ্টত কাম কৰিছিলোঁ। দিল্লীত আহি দেখিলোঁ, মানুহবোৰ চৌখিন। জোতা, কাপোৰ, টাইৰ ৰঙ আনকি চশমাৰ ফ্ৰেমৰ ৰঙ পৰ্যন্ত মিলাই পিন্ধা উৰা কৰে। এদিন ডিউটিৰ মাজতে এজন বন্ধু আহি ক’লে, - “তোমাক দেখিলে, সত্তৰৰ দশকৰ পুৰণি হিন্দী চিনেমাৰ হিৰো যেন লাগে!” কাণ শাঁত পৰি যোৱা কথা। আচৰিত হৈ সুধিলোঁ, - “কি ক’লা, আকৌ এবাৰ কোৱাচোন।” এইবাৰ সি ব্যাখ্যা কৰিলে, - “পুৰণি চিনেমা এখনত আমোল পালেকাৰে পিন্ধাৰ দৰে আপোনাৰ চশমাযোৰ!”
আকৌ বছৰ বাগৰিল। আইনাৰ ঠাইত প্লাষ্টিক আহিল। পৰিলে নাভাগে। তাৰো বহুবিধ প্ৰকাৰ। সূৰ্যৰ ৰশ্মিৰ লগত অহা ভয়ংকৰ ৰশ্মিক বাধা দিব পৰা ক্ষমতা থকা, বিদেশত নিৰ্মান হৈ অহা, সমূখৰ লাইটৰ বিকিৰণ নাইকিয়া কৰি দিয়াৰ ক্ষমতা থকা, ৰাতি চাফা আৰু দিনত ক’লা হৈ থাকি অহৰহ চকুদুটাক সুৰক্ষা দি থাকিব পৰা আদি হৰেক ৰকমৰ!!

কেৰালাৰ বিমানকোঠ এৰি আহমেদাবাদলৈ আহিবৰ সময়ত ল’ৰাহঁতো প্ৰায় বুজন হৈ উঠিছে। মাকৰ লগ লাগি সিহঁতেই প্ৰস্তাৱ কৰিলে, - “পাপা, আগৰ কথা বেলেগ, সেই পুৰণি ষ্টাইলৰ চশমাবোৰ এৰা আৰু। এতিয়া তুমি বেছি মানুহ লগ কৰি থাকিব লাগিব, তোমাৰ পাৰ্চনেলিটিৰ লগত খাপখোৱা ভাল চশমা এজাৰ লোৱা।” ডাক্তৰে ক’লে, - “মাছ বেছিকৈ খালেই চিৰ জীৱন চকুৰ ৰশ্মি একে হৈ নাথাকে নহয়, বয়সৰ প্ৰতিও অলপ লক্ষ্য ৰাখিব লাগে!! মই ওচৰৰ আৰু দূৰৰ দুটোয়া বস্তু ফটফটীয়াকৈ দেখিব পৰা পাৱাৰ লিখি দিছো, প্ৰগেছিভ গ্লাছ! ওপৰৰ ভাগ দূৰৰ বাবে, তলৰ ভাগ ওচৰৰ বাবে, এবাৰ লৈ চাওক!” সামান্য নীলাভ আভাৰ, মোক সকলো ধৰণৰ ভয়ানক ৰশ্মি, তীব্ৰ পোহৰ আৰু মহাকাশত ওপঙি থকা সকলো পদাৰ্থৰ পৰা চকুহালক অনবৰতে সুৰক্ষা দি থাকিব পৰা দামী চশমা। দাম দহ হাজাৰতকৈও অধিক।

প্ৰগ্ৰেছিভ চশমা চকুত লগায়েই দেখিলো, মোৰ মোবাইলটো এফাল হাউলি গৈছে। ঘৰৰ খটখটীকৈইটাৰ এফালে দ দ গাঁত! পঢ়িবৰ সময়ত চশমাযোৰ নাকৰ একেবাৰে ওপৰলৈ টানি ধৰিব লাগে! পিন্ধি ল’লে খুলি আনিবৰ বাবে হাতটো নিজে নিজেই চশমাযোৰলৈ গৈ থাকে! ভণী মাজনীয়ে ক’লে, - “পিন্ধি থাক, এডজাষ্ট হৈ যাব। একেৰাহে পিন্ধি থাকলে চকুৰ মণিদুটাইও ধূন-পেচ অহংকাৰ এৰি চশমাৰ পাৱাৰৰ লগত মিলি যাবলৈ শিকে!” পত্নীয়ে কয়, - “মোৰ দেখোন ইমান সোনকালে এডজাষ্ট হৈ গৈছে, তোমাৰ ক্ষেত্ৰতহে …!!”

নাই হোৱা, মোৰ ক্ষেত্ৰত নাই হোৱা এডজাষ্ট! পাৱাৰ সলাইছো, ফ্ৰেম সলাইছো, ডাক্তৰ সলাইছো, দোকাণ সলাইছো, কিন্তু চকুদুটাৰ লগত এডজাষ্ট কৰিব পৰা চশমা এযোৰ এতিয়াও পোৱা নাই!
ল’ৰালিলৈ মনত পৰিছে। বগাই বৰদেউতা সন্ধ্যা আমাৰ ঘৰলৈ আহি মুঢ়া এটাত বহি মেজৰ পৰা বাতৰি কাগজ এখন টান মাৰি হাতত লৈয়েই আমাক নিৰ্দেশ দিয়ে, - “দেউতাৰৰ চশমাযোৰ আনচোন! না পাৱাৰৰ কথা থাকে, না চাইজৰ কথা। হৈ যায় হাণ্ড্ৰেড পাৰ্চেণ্ট এডজাষ্ট! মা- সৰু থাকোঁতেই ককা ঢুকাইছিল। সেই মা ডাঙৰ হৈ আমাৰ মা হোৱালৈকে ককাই ব্যৱহাৰ কৰা কোনো সামগ্ৰীৰ চিন নাথাকিল। কেৱল থাকি গ’ল ককাৰ চশমাযোৰ। সেইযোৰ আইতাই ট্ৰাংক এটাত ভৰাই আটোমটোকাৰীকৈ থৈ দিয়ে। ঘৰত যেতিয়া তাঁত-বাতি কৰা হয়, সেইদিনা আইতাই সেইযোৰ উলিয়াই আনে। কেইবাদিনো পিৰালিৰ ছাঁত বহি টোলোঠাত পকাই থোৱা সূতাবোৰত সেই চশমাযোৰ পিন্ধি আইতাই ব তোলে। তাৰপিছত আকৌ সেইযোৰ চাফচিকুণ কৰি সুমুৱাই থৈ দিয়ে, পিছৰবাৰ তাঁত-বাতি কৰা দিনটোলৈ। না এদিনলৈ শুনিছিলো আইতাৰ পাৱাৰ এডজাষ্ট হোৱা নাই নতুবা আইতাৰ মূৰ বিষাইছে! ক’ত আছিল এডজাষ্টমেণ্ট?

বন্ধু জগদীশ বৈশ্যই কোৱা কথাটো আৰু এখোপ ওপৰৰ। তেওঁ শৈশৱ কটোৱা চুবুৰীটোত চশমা মাথো এযোৰেই আছিল। যেতিয়াই যাৰ ঘৰতে তাঁতৰ কাম চলে, ব-তুলিবলৈ সেইযোৰ চশমাকে অনা হয়। সমিলমিলেৰে বয়সীয়া আইসকলে চশমাযোৰ ব্যৱহাৰ কৰে। এটা ঠেং নোহোৱা হোৱাৰ পাছত, সৰু জৰী এডাল বান্ধি সেইডালকে কাণত লগাই লৈ বহুদিন কাম চলোৱা হৈছিল। নিজে নিজে হৈ গৈছিল এডজাষ্টমেণ্ট!

ক’লি লাগিল মোৰ ক্ষেত্ৰতহে, ক’ত আছে মোৰ এডজাষ্টমেণ্ট?

ড° শইকীয়া ছাৰৰ সান্নিধ্য – এক বিৰল অনুভৱ

 

ড° শইকীয়া ছাৰৰ সান্নিধ্য এক বিৰল অনুভৱ


ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ জীয়াই থকাহেঁতেন আজি  ৯১ বছৰ হ’লহেঁতেন। কুৰী বছৰৰ আগতেই তেখেত অকালতে আমাৰ মাজৰ পৰা গুছি গ’ল। যোৱা কুৰী বছৰত এনেকুৱা সময় অনেকবাৰ আহিছে যেতিয়াই তেখেতৰ অভাৱ অসমে গভীৰভাৱে অনুভৱ কৰিছে। ব্যক্তিগত পৰ্যায়ত তেখেতৰ অভাৱ মই বৰ সঘনাই আৰু গভীৰভাৱে অনুভৱ কৰো।

ড° ভবেন্দ্ৰনাথ শইকীয়া ছাৰ মোৰ জীৱনত প্ৰৱলভাৱে প্ৰভাৱ বিস্তাৰ কৰা, অৰ্থাৎ যিকেইজন মানুহৰ সান্নিধ্যৰ অবিহনে মই আজিৰ মই নহ’লোহেঁতেন বুলি দৃঢ়ভাবে বিশ্বাস কৰো, সেই পাঁচজন মানুহৰ মাজত এজন। মোৰ এজন ঘনিষ্ঠ বন্ধুৰ মতে শইকীয়া ছাৰে আমাৰ জীৱনটোক প্ৰভাৱ পেলোৱা বুলি কোৱাৰ সলনি গঢ় দিলে বুলি কোৱাটোহে বেছি শুদ্ধ। কথাষাৰ মইও বিশ্বাস কৰো।

আমাৰ কৈশোৰ অৱস্থাত আমাক প্ৰৱলভাৱে আকৰ্ষিত কৰা এখন আলোচনী আছিল ‘সঁফুৰা’। আলোচনীখনে অকল যে জ্ঞানবৰ্ধক হিচাপেহে ব্যৱহাৰ কৰিছিলো তেনে নহয়, তাৰ পাতে পাতে বিদ্যমান আছিল শইকীয়া ছাৰৰ নিখুঁত হাতৰ পৰশ আৰু আদৰ্শ জীৱন দৰ্শনৰ নমুনা। প্ৰতিটো খণ্ডৰ সম্পাদকীয় আৰম্ভ হৈছিল এটি হৃদয়স্পৰ্শী বাক্যৰে “তোমালোক সকলোৱে আমাৰ মৰম ল’বা। ঘৰৰ ডাঙৰসকলক আমাৰ শ্ৰদ্ধা জনাবা। পঢ়িব নজনা অকণি-অকণিহঁতক মৰম জনাবা।” তেখেতৰ এই বাক্যই আমাৰ চৌপাশৰ সমস্ত পৰিৱেশটোক স্পৰ্শ কৰিব পাৰিছিল। প্ৰতিটো সম্পাদকীয়ৰ প্ৰতিটো বাক্য আৰু শব্দ আছিল সৰল আৰু ল’ৰালিৰ মনত লাগি যোৱা ধৰণৰ। প্ৰথম বাক্যটোৰ পৰা আৰম্ভ কৰি শেষলৈকে এনে লাগিছিল যেন তেখেতে মৰমেৰে কথাখিনি আমাৰ আগত কৈহে গৈছে। সঁফুৰালৈ লিখি পঠোৱা আমাৰ অপৈণত হাতৰ লেখাবোৰত সামান্য হাত ফুৰায়েই (সম্পাদনা কৰি) এটা শব্দ বা বাক্য বা ক’ৰবাত ডাড়ি কমা একোটা সলনি কৰিয়েই লেখাবোৰক একোটা নতুন ৰূপ দি দিছিল। সঁফুৰাৰ পাতত আমাৰ নিজৰ লেখাৰেই নতুন ৰূপ দেখি আমি স্তম্ভিত হৈ গৈছিলো। তেখেতে সম্পাদনা কৰা প্ৰান্তিক আৰু সেই সময়তে অনাতাঁৰ সম্প্ৰচাৰ হোৱা নাটক “শান্ত শিষ্ট হৃষ্ট পুষ্ট মহাদুষ্ট”-ত তেখেতৰ অপূৰ্ব সৃষ্টি ক্ষমতাৰ লগত পৰিচয় হৈছিল। তেখেতৰ হাতৰ স্পৰ্শ পালেই সাহিত্য আৰু শিল্প জিলিকি উঠিছিল। এনেকৈয়ে তেখেতক নেদেখাকৈয়ে তেখেত মোৰ মনত এজন আদৰ্শ ব্যক্তি হিচাপে প্ৰতিষ্ঠিত হৈ পৰিছিল।

ছাৰৰ লগত মোৰ ব্যক্তিগত সম্পৰ্ক আৰম্ভ হয় ১৯৯০ চনৰ জানুৱাৰী মাহৰপৰাহে। সেই সময়ত মই চেন্নাইত (তেতিয়াৰ মাদ্ৰাজ) শিক্ষা গ্ৰহণ কৰি আছিলো। ছাৰৰ চকু এটাৰ অস্ত্ৰোপচাৰৰ বাবে ছাৰ আৰু বাইদেউ দুয়ো মাদ্ৰাজৰ শংকৰ নেত্ৰালয়লৈ আহিছিল আৰু ১৫ দিন নেত্ৰালয়ৰ ওচৰৰ ‘গুৰু’ নামৰ হোটেলখনত আছিল। সেইকেইদিনতে ছাৰক ঘনিষ্ঠভাবে লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতৰ গল্পবোৰ মোৰ ইমানেই প্ৰিয় আছিল যে কেইবাটাও গল্প প্ৰায় মুখস্থই আছিল। এনে এটা গল্প আছিল ‘ফাউণ্ডেচন’। গল্পটোৰ আধাৰত ‘সেনাপতি’ নাম দি চলচ্ছিত্ৰ এখনৰ শ্বুটিঙৰ কাম সেই সময়তে চলি আছিল। পাছলৈ মুক্তি পোৱাৰ সময়ত ছবিখনৰ নাম ‘সাৰথি’ ৰখা হৈছিল। সেই সময়তে তেখেতৰ বিষয়ে মই বহুত নতুন কথা জানিছিলো। জনপ্ৰিয় ‘বিষ্ময়’ নামৰ আলোচনীখনৰ পঢ়ূৱৈৰ প্ৰশ্ন আৰু সম্পাদকৰ উত্তৰেৰে ‘বিস্মিতি’ নামৰ এটা শিতান আছিল। প্ৰশ্নসমূহৰ বূদ্ধিদীপ্ত উত্তৰে শিতানটোক জনপ্ৰিয় কৰি তুলিছিল। সেইদিনা গম পালো প্ৰায় কুৰীবছৰ ধৰি বিস্মিতি শিতানটোৰ লগত ছাৰ জড়িত হৈ আছিল। প্ৰান্তিকৰ ‘সম্পাদকৰ কোঠালিত’ নামৰ শিতানটোও তেখেতে নিজে লিখে। উপযুক্ত মানৰ দৈনন্দিন শিতানৰ লেখনি নাপালে ছাৰেই ছদ্মনামেৰে দৈনন্দিন লিখিছিল। ছাৰৰ এটা ছদ্মনাম আছিল সত্যপ্ৰিয় পাঠক। জানুৱাৰী মাহৰ ২৮ তাৰিখে মই প্ৰীতি বাইদেউক (তেখেতক মই মাহী বুলি মাতিবলৈ আৰম্ভ কৰিছিলো) অন্ধ্ৰপ্ৰদেশৰ তিৰুপতী মন্দিৰলৈ লৈ গৈছিলো আৰু তেখেতৰ পৰাও ছাৰৰ ব্যক্তিগত বহুকথা জানিব পাৰিছিলো। যেনে,- তেখেতে যেতিয়া ক’ৰবালৈ যোৱাৰ আয়োজন কৰে নিজৰ কাপোৰ-কানি আৰু আন সামগ্ৰীসমূহ নিজে চিজিল কৰি বেগত ভৰাই লয় যাতে হাত মেলিলেই নিৰ্দিষ্ট বস্তুটোত হাত পৰে! শ্বুটিং কৰোঁতে ডিঙিত আঁৰি লোৱা হুইছেলটোৰ জৰীডালত দুটা হুইছেল গাঁঠি লোৱা থাকে যাতে সময়ৰ মূৰত খেপিয়াই থাকি সময় খৰচ কৰিব লগা নহয়, এটা ওপৰত থাকিলে আনটো তলত থাকে। তেখেতে ব্যৱহাৰ কৰা কাঠ পেঞ্চিলৰ দুয়োটা মূৰ জোঙা কৰি লয়। এটা-মূৰ-জোঙা পেঞ্চিলডাল ভুলকৈ ধৰিলে পুনৰ ওভোটা কৰিবলৈ অযথা কেইটামান মূহুৰ্ত খৰচ হয়! ইত্যাদি। ছিৰিয়াছ চিনেমাৰ দৰে লঘু ৰসৰ হিন্দী চিনেমা চাবলৈও ছাৰে ভাল পাইছিল। অমিতাভ বচ্চনৰ অভিনয় তেখেতে ভাল পাইছিল। কেতিয়াবা মন গ’লে ৰশ্মিৰ (সৰু জীয়াৰী) কোঠাত সোমাই ছাৰে হেনো হিন্দী গীতৰ তালে তালে মাজে সময়ে নাচিছিলো। ২০০০ চনৰ পিছৰ পৰা তেখেতৰ লগত ই-মেইলৰদ্বাৰা মোৰ যোগাযোগ হৈছিল। ইংৰাজী বৰ্ণ ব্যৱহাৰ কৰিয়েই তেখেতে ইমান সাৱলীলভাৱে মেইল লিখিছিল যে পঢ়ি যাওঁতে অ, আ, ই, ঈ লৈও ক’তো উজুতি খাব লগা হোৱা নাছিল। অ-ৰ বাবে a, আ-ৰ বাবে aa, ই-ৰ বাবে e আৰু ঈ-ৰ বাবে ee ব্যৱহাৰ কৰিছিল।

তেখেতৰ কথা বতৰাৰ মাজত হাস্যৰসৰ অৱতাৰণা কৰাৰ কৌশল আছিল অপূৰ্ব আৰু অতুলনীয়। হাঁহিত শ্ৰোতাৰ পেটৰ নাৰী ডাল ডাল হোৱাৰ উপক্ৰম হৈছিল। এবাৰ মই সুধিছিলো, - “মন্দিৰলৈ মাহীযে অকলে যায়, আপুনিও লগত নাযায় কিয়?” তেখেতে এটা দীঘলীয়া উত্তৰ দিছিল. “মই বিলাতলৈ যাওঁতে এবাৰ কাইৰোত আমাক মছজিদ এটা দেখুৱাবলৈ লৈ গৈছিল। কিছুদূৰ সোমাই যোৱাৰ পিছত এনে লাগিল চৌহদটো ইমান পৰিষ্কাৰ, মই জোতাযোৰ ক’ৰবাত খুলি থৈ যাব পৰা হ’লে! অলপ আগলৈ কৈ দেখিলো জোতা-চেণ্ডেল খুলি বাকচ এটাত সুমুৱাই থৈ বাকচটোৰ ছাবিটো লগত লৈ যোৱাৰ সুন্দৰ সুবিধা কৰি থোৱা আছে। কিন্তু আমাৰ ইয়াৰ মন্দিৰত কৈ হয় কোৱাচোন? জোতা-চেণ্ডেলৰ প্ৰৱেশ নিষেধ ফলক ওলমি আছে। খালী ভৰিৰে তোমালোক সেইয়া শ্ৰীকৃষ্ঞৰ থু-খেকাৰ বুলিয়েই ফেনেকি যাব পাৰিবা, মইতো নোৱাৰিম। সেইবাবেই এই বিভাগটো মই এওঁকে দি থৈছো।”

তেখেতৰ গল্প “গঞ্জিকা”, প্ৰান্তিকৰ দৈনন্দিন শিতানত ছদ্মনামত প্ৰকাশ হোৱা লেখাসমূহ (কল্পলোকৰ কাহিনী নামৰ পুথিত সন্নিৱিষ্ট) যিয়ে মন দি পঢ়িছে, তেখেতসকলত ছাৰৰ হাস্যৰসৰ বিষয়ে বেলেগে কোৱাৰ প্ৰয়োজন নাই।

ছাৰৰ সৌজন্যতাৰ সীমা নাই। ১৯৯৮ চনৰ কথা। তেখেত চিকিৎসাৰ বাবে আমেৰিকাত আছিলগৈ। মই তেখেতৰ স্বাস্থ্যৰ খবৰ ল’বলৈ এদিন আমেৰিকালৈ ফোন লগালো। সেইসময়ত বিদেশলৈ ফোন কৰাৰ খৰচ যথেষ্ট বেছি আছিল। সীমিত সময়তে ছাৰক স্বাস্থ্যৰ কথা সুধিব লাগিব। ফোনত ছাৰক পোৱাৰ লগে লগে ছাৰেহে মোৰ খবল ল’বলৈ আৰম্ভ কৰিলে। শেষত তেখেতৰ কথা সুধিবলৈ আৰম্ভ কৰাৰ সময়তেই মোৰ সময় উকলি যাবৰ হ’ল। একেদিনাই তেখেতলৈ খবৰ বিচাৰি চিঠি লিখাৰ কথা মনত আছে। বিদেশত থাকোঁতে তেখেতে মোৰ দীঘলীয়া চিঠিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰোঁ বুলি এবাৰ মোলৈ লিখিছিল। এদিন ছাৰক ক’লো আপুনি নাটক কেনেকৈ পৰিচালনা কৰে মোৰ চাবৰ মন যায়। ছাৰে এদিন পাঠশালালৈ মাতি পঠিয়ালে। নাটকখন আছিল তেখেতৰ উপন্যাস ‘ৰম্যভূমি’-ৰ নাট্যৰূপ। গোটেই দিনটো ছাৰৰ লগত আৱাহন থিয়েটাৰৰ চৌহদত কটোৱা সেইদিনটোৰ স্মৃতি মোৰ বৰ আপোন।

লণ্ডনত থাকোতে লেখা তেখেতৰ ‘ধন্যবাদ’ নামৰ গল্পটো বিচাৰি পোৱা নাছিল। সেই গল্পটো বিচাৰি বিশ্ববিদ্যালয়ৰ পুথিভঁড়ালত মই আন এটা গল্প উদ্ধাৰ কৰিছিলে। ‘দেৱদূত’ নামৰ গল্পটো তেখেতৰ ‘সান্ধ্যভ্ৰমণ’ নামৰ সংকলনখনত সন্নিৱিষ্ট হৈছিল। গল্পটোৰ শেষত সংগ্ৰহকাৰী হিচাপে থকা মোৰ নামটো ছাৰে কাটিবলৈ নিদিলে। কটন কলেজৰ অধ্যাপক ড° ৰামচৰণ ঠাকুৰীয়া ছাৰৰ ঘৰত ‘ধন্যবাদ’ নামৰ গল্পটোও মই এদিন বিচাৰি উলিয়াইছিলো।

ছাৰৰ লগত যেতিয়াই মন খুলি কথা পাতিছিলো তেতিয়াই মোৰ মনটো ছাৰৰ ব্যক্তিত্ব আৰু কথাই দৰৱৰ দৰে ক্ৰিয়া কৰিছিল, তাৰপিছত বহুদিনলৈ মনটো তৃপ্তি আৰু প্ৰেৰণাৰে ভৰি আছিল। এনে লাগে, ছাৰ নথকা হ’লে মোৰ জীৱনটো বেলেগ হ’লহেঁতেন। ছাৰ নথকা হ’লে মোৰ মনটোও বেলেগ হ’লহেঁতেন। বেলেগহ’লহেঁতেন জীৱন সম্পৰ্কে থকা মোৰ ধ্যান-ধাৰণা আৰু বিশ্বাস। ছাৰ গুছি যোৱা ঠাইলৈ আমি সকলো এদিন যাম। তাত গৈ মই ছাৰক আকৌ লগ পাম। তেখেতৰ ব্যক্তিত্ব আৰু বহুমূখী প্ৰতিভাৰ ওচৰত নতশিৰে থিয় হ’ম। তেখেতৰ সান্নিধ্যৰে জীৱনটো আকৌ সমৃ্দ্ধ কৰিম।