Sunday, July 29, 2018

জীৱন বাটৰ ৰসঃ মেলেকি জেঠাই (৫৮)


জীৱন বাটৰ ৰসঃ মেলেকি জেঠাই (৫৮)

আমি সৰু থাকোঁতে এবিধ সাধু কথাৰ বৰ প্ৰচলন আছিল৷ সাধুবোৰত এগৰাকী দুখুনী বুঢ়ী মানুহ থাকে আৰু লগত থাকে তেওঁৰ সুখ-দুখৰ ভাৰসা এটা পুত্ৰ সন্তান৷ বুঢ়ীৰ বুকুৰ মাজৰ পৰা সন্তানটো এদিন নাইকিয়া হয়- কেতিয়াবা কোনোবা সদাগৰ আহি ল’ৰাটো লৈ যায় অথবা কোনোবাই প্ৰৰোচনা কৰি হাতীৰ পিঠিত বহুৱাই ল’ৰাটো দুৰলৈ পঠিয়াই দিয়ে৷ অনেক জ্বালা-যন্ত্ৰনাৰ পিছত, সাধুৰ শেষভাগত ল’ৰাটোৰ লগত মাকৰ আকৌ মিলন হয়৷ এই সাধুবিলাকৰ মূল কথাটো আছিল “হলা গছ দেখিলেই বাগী কুঠাৰ মাৰিব বিচৰাটো” মানুহৰ সহজাত প্ৰবৃত্তি, তথাপিও অৱশেষত “সত্যৰ সদায় জয়” হয় ! এই সাধুবিলাক শুনি থাকোঁতে বা পঢ়ি থাকোঁতে মোৰ চকুত সদায় এখন ঘৰ ভাঁহি উঠে – উৰুখা পঁজাৰ মেলেকি জেঠাইৰ ঘৰখন ৷ জেঠাইয়ে আমাৰ গাৱঁৰ সৰু পঁজা এটাত একমাত্ৰ সন্তান আধানখুড়াৰ লগত বাস কৰিছিল৷

সাধুবোৰত থকাৰ দৰে মেলেকি জেঠাই কিন্তু দুখুনী বা অৱলা নাৰী নাছিল৷ বৰং আমাৰ অঞ্চলটোত তেখেত এগৰাকী অগৰণুৱা নেত্ৰী সদৃশহে আছিল৷ স্বাধীনতা আন্দোলনৰ সময়ত এবাৰ হেনো জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত দান-বৰঙণি সংগ্ৰহ কৰাৰ এটা অভিযান চলিছিল৷ জ্যোতিপ্ৰসাদৰ তেজস্বী ভাষণ শুনি মেলেকি জেঠাইয়ে কাণত পিন্ধি থকা সোনৰ থুৰীয়া এপাত খুলি লগে লগে দেশৰ কামৰ বাবে দান দি দিছিল৷ জেঠাইয়ে সূতা কাটি বৈ উলিউৱা খদ্দৰৰ কাপোৰ আমাৰ অঞ্চলৰ অনেক স্বাধীনতা যুঁজাৰুৱে পিন্ধিবলৈ লৈছিল৷ বয়সৰ ফালৰ পৰা তেখেতে নিজে দিয়া হিচাপ মতে কনকলতাতকৈ তেখেত দুবছৰ সৰু আছিল৷ পিছে, স্বাধীনতা অহাৰ পিছত মেলেকি জেঠাইহঁতৰ খবৰ কোনেও নল’লে৷

সামাজিক অনুষ্ঠানত মেলেকি জেঠাই নহলেই নচলে৷ পানী তোলাৰ পৰা দৰা সাদৰালৈকে সকলো নিয়ম-কানুনৰ জেঠাই এক নিলিখা অভিধান৷ বিয়া নাম দিয়াত জেঠাইৰ সমকক্ষ আমাৰ জিলাতে নাই বুলিব পাৰি৷ অঞ্চলটোত তাঁত-বাতি কৰাৰ আগে আগে গৃহিনীসকলে খবৰ লৈ লয়- সেইদিনা জেঠাই ফ্ৰী থাকিবতো! তোলনী বিয়াত আন তিৰোতাৰ মুখত মিঠাগুড়ি সনা কামটেত মেলেকি জেঠাইয়ে সদায় আগভাগ লয়৷ মুখেৰে জকজকাই আহিলেও, জেঠাইৰ মনটো আছিল বৰ কোমল, লোকৰ কাৰণে পৰি মৰিব পাৰে!

আধান খুড়াৰ মগজুটো বেয়া নাছিল৷ তেওঁ তৃতিয় বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰি প্ৰথমে হোম গাৰ্ডত সোমাইছিল৷ পিছলৈ পুলিছৰ ডাৰোগা হৈছিলগৈ৷

এইটো কাহিনী তেতিয়াৰ কথা, যেতিয়া অসমত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে, ৫২ নম্বৰ আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁই পথত ‘ব্লু হিলছ’ আৰু ‘গ্ৰীণ ভেলি’ নামৰ নৈশ বাছবোৰৰ অবাধ গমনাগমন চলিছিল৷ আধানখুড়াই তেতিয়া মিৰ্জাত কাম কৰে৷ তাতেই বিয়া পাতিবলৈ ছোৱালী এজনীও চাইছে হেনো৷ আধানখুড়াই জেঠাইকো এবাৰ তালৈ লৈ যাবলৈ ওলাল৷

– “থ হেৰৌ, মইনো গৈ কি চামগৈ তাত, লৈ আন কেঁচা কল কাটি ইয়াতে বিয়া পাতি দিম!” জেঠাইয়ে ক’লে৷  আধানখুড়াই বোলে এই কথাই কথা নহয়৷ – “এবাৰ তই গ’লে সিপক্ষৰো মনটো মুকলি হ’ব৷”

অগত্যা জেঠাই যাবলৈ ওলাল৷ সামৰণ মেখেলা-চাদৰযোৰ উলিয়াই ৰ’দত দি ল’লে৷ আধানখুড়াই বিচাৰি বিচাৰি মাখন ৰঙৰ গাত লোৱা গৰম চাদৰ এখন নাপায়হে নাপায়৷ অৱশেষত বিচাৰি বিচাৰি গৈ বিহালীৰ পৰা কিনি আনিলেগৈ৷ ৰাতিৰ ব্লু-হিল বাছৰ এক আৰু দুই নম্বৰ ছিটটো আধান খুড়াই আগৰে পৰাই বুক কৰি ৰাখিছিল৷

জেঠাইৰ প্ৰথম বাছ যাত্ৰা৷ উঠাৰ আগে আগে বাছৰ পাওদানী স্পৰ্শ কৰি সোঁ-হাতখন জেঠাইয়ে এবাৰ নিজৰ কপালত লগালে৷ কণ-ছোৱালীৰ পৰা ধাৰলৈ অনা চামৰাৰ চেন্দেলযোৰ সোলোক-ঢোলোক৷ বহিবলৈ দিয়া চিট্‌টোৰ ওপৰত কোমল কাপোৰ লগোৱা আছে, আধানখুড়াই সেইটো আৰু অলপ বেকা কৰি আউজিবলৈ সুবিধা কৰি দিলে৷ জেঠাইয়ে আৰাম কৰি গা ঢালি দিলে৷ আঘোন মাহ যদিও ঠাণ্ডা পৰিছে৷ মূৰে গায়ে মাখন ৰঙৰ গৰম কাপোৰখন মেৰিয়াই লৈ জেঠাইয়ে ভৰি তুলি বহিল৷ মাজে মাজে খুড়াই সুধি গৈছে – “ভয় কৰিছ নেকি?” জেঠাইয়ে উত্তৰ দিয়ে –“নাই৷” এসময়ত আধানখুড়াৰো চিলমিলকৈ টোপনি আহিবলৈ আৰম্ভ কৰিলে৷

-          “মৰি যাবলে’কে, ক’তে মৰে মই, আপোনাৰ আৰু মোৰ সাজ যোৰ  সাইলাখ একে৷ গৰম কাপোৰখন বিহালীৰ পৰাই আনিলেগৈ নেকি?”

জেঠাইৰ মুক্ত কন্ঠৰ মাতে হঠাতে আধানখুড়াৰ টোপনি ভাঙি দিলে৷ বাছখন কোনোবা এটা আস্থানত ভাত খাবলৈ সোমাইছে৷ হঠাতে জ্বলাই দিয়া পোহৰ পৰি কাষৰ আইনাখনত জেঠাইৰ প্ৰতিবিম্ব জিলিকি উঠিছে৷ আৰু অতুৎসাহী মেলেকি জেঠাইয়ে সেই প্ৰতিবিম্বৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছে!

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈছিল মাজনীয়ে – সকলোৰে চিনাকি খুহুতীয়া কথাৰ ভড়াল ৰূপালীমে৷ ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)


Saturday, July 21, 2018

জীৱন বাটৰ ৰসঃ নানিমুনি (৫৭)

জীৱন বাটৰ ৰসঃ নানিমুনি (৫৭)

বয়স হ’লে হেনো শৈশৱৰ কথাবোৰ মানুহৰ বেছিকৈ মনলৈ আহে৷ আজি কিছুদিনৰ পৰা মোৰো তেনে হৈছে৷ অৰ্থ্যৎ আওপকীয়াকৈ প্ৰমান কৰিব পাৰি যে মোৰ বয়স আগবাঢ়িছে! সেয়ে বয়সৰ গাতে ভেজা দি আজিও এটা শৈশৱৰ কথাই লিখিবলৈ লৈছোঁ৷

আমাৰ ঘৰত সৰ্বমুঠ প্ৰাণীৰ সংখ্যা আঠজন৷ আমি ল’ৰা-ছোৱালী চাৰিটা, আৰু ডাঙৰ মানুহ - মানে মা-দেউতাৰ লগতে আইতা আৰু ঘৰৰ কামত সহায় কৰা ল’ৰা পৱন৷ মুঠতে ঘৰত আঠখন মুখ৷ সেই হিচাপে পাকঘৰৰ হিচাপ আৰু মেনু তৈয়াৰ হয়৷ বজাৰৰ পৰা অনা মাছটো কাটোতেও বুৰিমাই (আইতা) হিচাপ কৰি যায় – এই ডোখৰ তোৰ, এইডোখৰ মিদুলৰ…., শেষৰ ফাললৈ সৰু টুকুৰা এটা লৈ কয় –এইটুকুৰা বাৰু ময়ে খাম দে! বিস্কুটৰ পেকেটটোৰ শেষৰ ফাললৈ খুচৰি খুচৰি চাৰিটা বিস্কুত পোৱা গ’ল – আঠ হৰণ চাৰি, দুটা টুকুৰা হ’ব! আমখৰিৰ দগমগীয়া জুইৰ কাষত বহি থাকি মা আৰু বুৰিমাই ভাত ৰন্ধা চাই থাকোঁ মই – আঠটা মানুহৰ ভাতৰ কাৰণে শ্বালিমাৰ নাৰিকল তেলৰ টেমাটোৰে দোপোৱা আৰু দুমুঠি চাউল টিনটোৰ পৰা ল’ব লাগে৷ তাৰ পিছত বাটিটোৰ পৰা কেইটামান চাইল আকৌ টিনটোত থৈ দিব লাগে! – কিয়? আগটো ওভোটাই থ’ব লাগে, নহ’লে পাভটি চাঙৰ তলি উদং হোৱাৰ সম্ভাৱনা থাকে৷ পিৰ পিৰকৈ নিসনি কাটি বুৰিমাই ভাতৰ চৰুটোত দুটামান জোকাৰ মাৰে ৷ তেতিয়ে ভাতবোৰে গাত গা লগাই আঠামাৰি ধৰি নাথাকে– ফৌফোৱা হয়, জোকাৰণি দুটাই ভাতবোৰক স্বতন্ত্ৰ হৈ নিজৰ ভৰিত নিজে থিয় হৈ থাকিবলৈ আদিপাঠ দিয়ে! নিসনিখিনি গৰুদানাৰ চৰিয়াটোলৈ যায়!

মা আৰু বুৰিমাক মই পাকঘৰত প্ৰায়েই সহায় কৰিবলৈ সুবিধা পোৱা এটা অন্যতম কাম আছিল হাঁহ বা কুকুৰাৰ কণী ফালি গাইপতি ভাগ-ভাগ কৰা কামটো৷ কণী খোৱা সকলে জানে যে খোলাটোৰ ভিতৰৰ বগা অংশটোৰ মাজত থকা কুহুমটো সদায় হুবহু কেন্দ্ৰত নাথাকে৷ কোনো কোনো সময়ত বগা ভেদ কৰি সেই অংশ প্ৰায় খোলাটোৰ গাতে লাগি থাকেহি৷ তেনে অৱস্থাত কণী এটাক সমানে চাৰিভাগ কৰাটো বিজ্ঞান বা প্ৰযুক্তিবিদ্যা অবিহনে সম্ভৱ নহয়৷ সেয়ে এই কামটো প্ৰায়েই মোৰ ভাগত পৰিছিল৷ কটাৰীৰে কাটিলে কটাৰীখনতে বেছ কিছু অংশ লাগি যায়, সেয়ে প্ৰযুক্তি বিদ্যাৰ আহিলা হিচাপে মই এডাল সূতা লৈছিলো৷ সূতাডাল যিমানে মিহি, সিমানে সুবিধা৷ বৰ মনোযোগেৰে কুহুমৰ সম্ভাব্য অৱস্থান অনুমান কৰি লৈ সূতাডাল কণীটোৰ মাজেদি চলাই দিব লাগে৷ বেছিভাগ সময়তে দুটা সমান ভাগৰ সৃষ্টি হৈছিল৷ তাৰ পিছৰটো ভাগ কৰিবলৈ সহজ আছিল কাৰণ এইবাৰ চকুৱে সহায় কৰিছিল৷ ইমান যত্নৰ পিছতো কোনে কোনটুকুৰা খাব, কোনটো ভাগত কুহুম বেছি আছে সেই সিদ্ধান্ত দিবলৈ কেতিয়াবা “দেউতাৰক মাতোনে?” জাতীয় ভীতি প্ৰদৰ্শনৰ প্ৰয়োজন হৈছিল৷ কণীটোৰে প্ৰথমে অমলেট বনাই লৈ তাক বিভক্ত কৰি লৈ তাৰে আলুৰ লগত তৰকাৰী ৰন্ধাৰো এটা নিয়ম আছিল! কিন্তু কিবা কাৰণত এই নিয়মটো আমাৰ ঘৰত বৰ জনপ্ৰিয় নাছিল৷ জনপ্ৰিয় আছিল আমাৰ ডাঙৰজনী পেহীৰ ঘৰত৷ আইতাই (পেহাদেউৰ মাক) ঘৰত এবিধ ডাঙৰ-ডাঙৰ চেহেৰাৰ হাঁহ পুহিছিল, ৰাজহাঁহৰ নিচিনা, কিন্তু বৰণটো বেলেগ৷ আমি চিনা হাঁহ বুলি কৈছিল৷ মানুহ দেখিলেই সিহঁতে সেহাই সেহাই ফেট তুলি খেদি আহে৷ সৰু ল’ৰা-ছোৱালীক কেতিয়াবা কামোৰ মাৰিও দিয়ে৷ পাছে, কামোৰ গাত পৰিলে ভয় যিমান লাগে সেই অনুপাতে বিষ অনুভৱ কৰা নাযায়৷ সেই জাত হাঁহৰ কণীবিলাক বৰ ডাঙৰ ডাঙৰ আছিল৷ মই জীৱনত ইমান ডাঙৰ কণী সম্পূৰ্ণকৈ এটা পেহীদেউৰ ঘৰতে প্ৰথম প্ৰথম খাবলৈ পাইছিলো! আকাৰত ডাঙৰ হ’লেও তেনে হাঁহৰ কণীটোৰ কুহুমটো বৰ শেতা, নিস্তেজ বৰণৰ আছিল! অৱশ্যে অমলেটৰ আঞ্জাত কুহুমৰ বৰণ দেখা নগৈছিল৷ উপাদান সমূহ সঠিক পৰিমানে মিল খালে কণীৰ তৰকাৰীৰ সোৱাদেই সুকীয়া - জনাই জানে৷

পেহাদেউৱে যেতিয়া তেজপুৰ চহৰত ঘৰ সাজিলে আমি সুবিধা পালেই তালৈ দীঘলীয়াকৈ বন্ধত থাকিবলৈ আহিছিলো৷ পেহীৰ ছোৱালী সৰু বাইদেউ মোতকৈ যিমান ডাঙৰ পেহীৰ ল’ৰা নানি মোতকৈ সিমান সৰু৷ মোৰ ভাই মৃদুল নানিতকৈ এসপ্তাহৰ ডাঙৰ, অৰ্থাৎ আমি চাৰিওটা একপ্ৰকাৰ কানসমনীয়া৷ গ্ৰুপটোৰ নেতা বিনা প্ৰতিদণ্ডিতাৰে নানি৷ কোনো কোনো ক্ষেত্ৰত বাঘৰ আগতেল খোৱাৰ সাহস তাৰ, আমি বৰ উৎসাহিত হওঁ৷ মই ডাঙৰ হৈও তাৰ সমান বুদ্ধিমান নোহোৱা বাবে মোৰ গাৱঁলীয়া জীৱন পৰিক্ৰমাক অভিশাপ দিওঁ৷ পেহাদেউ ঘোঁৰামাৰীৰ স্কুলৰ আবাসতে থাকে, এতেকে পেহীৰ শাসনৰ তলত আমাৰ সীমাহীন স্বাধীনতা!

সেইদিনাও আছিল গৰমৰ বন্ধৰ দিন৷ কুৰীদিন মান থকাকৈ আমি তেজপুৰলৈ আহিছোঁ৷ দুয়োপক্ষৰ উৎসাহৰ সীমা নাই৷ আগবেলা পেহীয়ে নানিৰ লগত মোক বজাৰলৈ পঠালে – গোট গোট আখৰেৰে কি কি আনিব লাগে লিষ্টত লিখা আছে৷
-          ‘পাৰিবিনে?’ পেহীয়ে মোক সুধিলে, মই নানিলৈ চালোঁ৷
-          ‘কণী কেইটা চাই আনিবি৷’ পেহীয়ে আকৌ এবাৰ সতৰ্ক কৰি দিলে৷

আনিছিলোঁ, চাইয়েই আনিছিলো৷ জোকাৰি চাইছিলো – ঘট্‌ ঘট্‌ কৰিছে নেকি, নাই কৰা! তলে ওপৰে ঘুৰাই ঘুৰাই চাইছিলো, ক’ৰবাত বৰণৰ কিবা তাৰতম্য আছে নেকি, নাই!  সেইদিনা গোটা কণী অথবা এফাল কি ভাগত পৰিলহেঁতেন নাজানো, কিন্তু ৰান্ধি থকাৰ মাজতে পেহীয়ে আহি ঘোষণা কৰিলেহি – ‘আটাইকেইটা কণী ঘোলা!’ ইমান সাৱধানে পৰীক্ষা কৰি আনিলোঁ, অথচ এনে হ’ল! ভাতৰ পাটত বহোঁতে পেহীদেউয়ে আকৌ ক’লে – ‘হেৰৌ, ইমান ডাঙৰ হ’লি, কণী কেইটা চাই আনিব নাজান!’ ডাঙৰ শব্দটোৱে মোক আঘাট কৰিব, নানিয়ে মোলৈ বেকাকৈ চালে৷ ভাত খোৱাৰ শেষৰ ফাললৈ পেহীয়ে আকৌ এবাৰ সোঁৱৰাই দিলে – ‘খা এতিয়া, সুদাই-নিকাই, কণী কেইটা চাই আনিব নেজান!’ এইবাৰ আৰু নানি ক্ষান্ত থকা সম্ভৱ নহ’ল, পোনে পোনে নিক্ষেপ কৰিলে– “একেটা কথাকে বাৰে বাৰে কিয় কৈ আছ, আমি নিজে পাৰি অনা নাই নহয়!”

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)


All India Radio, Guwahati speaks to Utpal Baruah on growth and opportunities in Civil Aviaiton

All India Radio Guwahati discusses about growth and opportunities in Civil Aviation with Utpal Baruah

Tuesday, July 17, 2018

Editorial in the Souvenir, published on the ICAO Regional Aviation Training Symposium 2015



Delivering a speech as Invited Speaker in the ORAT World Summit, 2017, Singapore


Taking over airport Operations at Mactan Cebu International Airport, Philippines in 2014






Musing Growth of Civil Aviation in India (2016)





Airport Privatization: Riding India abreast (2014)




Airport privatization and the North-East


The decision of Union Government to privatize six more airports – Chennai, Kolkata, Ahmedabad, Jaipur, Lucknow and Guwahati made uproar all over the country. Employees’ Unions of the state-owned-airport-operator and the Parliamentary Standing Committee on Transport opposed vehemently to the government decision. The AAI Employees’ Union dragged it to Madras high court and honorable court restrained the process of privatizing Chennai airport from going ahead and adjourned the matter till May 2014. The parliamentary panel submitted a report on October 31, 2013 and recommended that instead of handing over the assets to a private player, why not allow AAI to give the airports out on long-term lease? Such opposition resulted deferment of the process for 5 airports barring Lucknow. However, failing to obtain bidders for Lucknow, of late, AAI has postponed the last date of sale of tenders for all the 6 airports to March 14.
          Privatization of airport emerged across the world as a part of its development towards the end of the previous century. Till 1980s all airports were funded by the governments or municipalities in their respective locations. Income and expenditure of airports were part of the government accounts. Individual airport was unaware of its income and expenditure. Operating an airport was considered as responsibility of the government. In 1978 civil aviation had a big boost with the introduction of the Open Sky Policy in the United States which soon after engulfed the entire globe. Private airlines began to emerge and airports had to cope up with the new demands. Thitherto, the income of an airport was broadly depended upon Aeronautical Revenues such as Landing Charges, Route Navigation Facility Charges, Passengers’ Service Fees, Ground Handling Charges and many of its kind. Other revenue sources like Space Rent, concessions of Food & Beverages, Retail outlets, Business Lounges, Entertainment facilities, Car park facilities, Advertisement which termed as Non-Aeronautical revenue at airport were not considered as dependable sources of income. The moment airports started making their own balance sheets, preparing Loss and Profit statement, it emerged as a business. The annals of Civil Aviation marked this time (1970s and 1980s) as commercialization of airport.
          A new concept evolved in Europe during 80s. If non-aeronautical revenue is enhanced adequately, it could be possible to run an airport without any government aid. Implementation of this idea gave birth of airport privatization. British Airports Authority (BAA) became private in 1987 which was handling Heathrow, Gatwick and Stansted airport in London and four airports in Scotland at that point of time. Privatization gathered momentum in the next decade, more precisely from 1996. Copenhagen, Dusseldorf, Rome, Birmingham, Bristol, Melbourne, Stockholm, Auckland, Wellington, Kuala lumpur, Beijing, Zurich followed under different model of privatization. This was the time when the first private airport in India was opened in Cochin, Kerala on 25th May, 1999. Cochin International Airport Limited (CIAL) the joint venture comprised 74% share of NRI and the rest 26% jointly of Kerala Government and AAI at equal proportion.
          In 1996, Airports Authority of India recommended upgradation and development of Delhi and Mumbai airport with private participation. At that point of time Delhi and Mumbai handled 12.4 and 15.7 million passengers per annum (mppa) and the growth rates at both airports were 25.7% and 22.7% with respect to the previous year. AAI took a pretty long time to approve it in June 2003. That followed with formation of Empowered Group of Ministers in September and it was decided to involved private participation to develop airport structures in the country. The Government at Centre changed in May, 2004 but the process continued. Airports at Bangalore and Hyderabad needed more attention than anywhere else. The airfield of HAL at Bangalore was established in 1940 and used grossly by Indian Air Force. The infrastructure was made to sweat beyond acceptable norms. In 2003 the terminal building that can handle 3.6 mppa was made to handle 7.5 mppa, more than double its capacity. Even worst was in Hyderabad. Begumpet airport at Hyderabad began its journey in 1930 as “Hyderabad Aero Club” meant for the adventure of the ruler - Nizam. In course of time it evolved to be an international airport and the sixth busiest airport in the country in 2003. During 2004-05 the constraint was at the peak as only 40% of the passengers flying abroad from the state could use this airport.
AAI executed the concession agreement with the PPP for both the airports on 5th July and 20th December of 2004 with the BIAL (Bangalore International Airport Limited) and the HIAL (Hyderabad International Airport Limited). Both were entrusted the responsibility of building two brand new airports (Greenfield) and operate for 30 years. Delhi and Mumbai followed soon after. The operations, management, development agreement was signed on 4th April, 2006. DIAL (Delhi International Airport Limited) and MIAL (Mumbai International Airport Limited), the Joint Ventures were formed with 26% stake retained with the government.
The PPP ventures turned into the “golden ducks” for AAI. It contributed a substantial amount to AAI in years to follow. As per the contract, the DIAL and the MIAL have to pay 45.9% and 38.7% to AAI on their total revenue generation. AAI received 1046.3 Crore and 1237.76 crore during 2010-11 and 2011-12 respectively from the PPPs which are 20.3% and 21% of the total revenue generation of AAI. On the other hand, none of the Joint Ventures is doing financially well. All of them are seen adopting different strategies to enhance the Non-Aeronautical revenues.
The airports situated at the North East have been notorious for making huge losses over the past years. A report published by AERA reveals that the expenditures to run these airports are more than double their incomes. During 2010-11, Guwahati airport generated 8.99 Crores but total expenditure was 32.8 Crores. The main resource of revenue at airport - the passengers and aircrafts, both are at declining trend at Guwahati in last two years. Comparing 2010-11, in 2011-12, growth declined by 7.47% for passengers, 4.09% for aircrafts and 22.52% for cargo.
The main challenge for privatizing Guwahati airport will be finding a potential bidder. Guwahati airport deserves to be developed. Tourism is the future of the NE and airports are its backbone. It is evident, whoever gets it, will have to do a lot to make it a profitable venture. They have to come up with innovative strategies to enhance both the sources- the Aero and the Non-Aero revenues. It they succeed, the airport is bound to flourish.

You can reach the author at: utpalbaruah@gmail.com

Mobile: 09958895708              .

Sunday, July 15, 2018

জীৱন বাটৰ ৰসঃ গীতা-ৰীতা (৫৬)

জীৱন বাটৰ ৰসঃ গীতা-ৰীতা (৫৬)

ডিচেম্বৰ মাহৰ এইকেইটা দিনত এইবাৰ ঠাণ্ডাটো বেছি হৈছে৷ বতৰটোও পুৱাৰে পৰা গোমা, সাতে-সোতৰে ঠাণ্ডাৰ প্ৰকোপটো আনদিনাতকৈ বেছি৷ মেৰুণ ৰঙৰ পাটৰ চাদৰখনৰ ওপৰত মাখন ৰঙৰ গৰম চাদৰখন লৈ গীতাৰ মনটো সেমেকি গ’ল – নতুন ডিজাইনৰ ব্লাউজটো আজি গৰম কাপোৰৰ তলতে লুকাই থাকিব, তথাপিও উপায় নাই, ইমান ঠাণ্ডাৰ লগত চুক্তি কৰা নাযায়! ৰীতাই বা আজি কি পিন্ধে!

কালি পুৱাতে নিভাবাই ফোন কৰিছিল৷ আজি, মানে ২১ ডিচেম্বৰৰ দিনটো নিভাবাহঁতৰ বিবাহ বাৰ্ষিকী৷ সন্ধিয়ালৈ পাৰ্টি এটা দিব, গীতাহঁতৰ তিনিওটো প্ৰাণী যেনেকৈয়ে নহওক, আহে যেন!

ফোনটো শেষ হোৱাৰ পাছ মুহুৰ্ততে গীতাই ৰীতালৈ ফোন লগালে – মাতিছেনে তহঁতক?
-          অ’ কৈছে! ৰীতাৰ নিস্পৃহ উত্তৰ৷
-          তাৰ মানে, তহঁতৰ যোৱাৰ মন নাই নেকি? গীতাই আচৰিত হৈ সুধিলে৷
-          ৰ চোন, এওঁ বা কি কয়৷

এওঁ মানে গিৰীয়েক চম্পক৷ চম্পকে এনেধৰণৰ ৰাজহুৱা অনুষ্ঠানত ভাগ ল’বলৈ পালে মৰিব পাৰো৷ ঘৰতে ঘন্টাৰ পাছত ঘন্টা মোবাইল টিপি টিপি বহি থাকিব পাৰে কিন্তু ক’ৰবালৈ এপাক ওলাই যাওঁ বুলিলেই মানুহটোৱে মৰা যেন পায়৷ বিপুলৰ বিপৰীত৷ বিপুল মানে গীতাৰ গিৰীয়েক৷ বিপুলে আকৌ একো নেৰে – ভ্ৰাম্যমান থিয়েটাৰৰ আটাইকেইটা দিনতে আটাইকেইখন নাটক চোৱা মানুহ সি৷ সাংঘাটিক সামাজিক৷

গীতা আৰু ৰীতা একেখন ঠাইতে একেখন স্কুল আৰু পিছলৈ একেখন কলেজতে পঢ়িশুনি ডাঙৰ দীঘল হোৱা দুয়ো নলেগলে লগা বান্ধৱী৷ দৈৱক্ৰমে নামদুটাৰ যেনেকৈ মিল আছে সিহঁতৰ ৰুচী আৰু ভাল পোৱা বেয়া পোৱাও বহুত মিলে! কলেজৰ দিনত সিহঁতক সদায় একেলগে দেখা বাবে লগৰ দুষ্ট ল’ৰাই সিহঁতৰ চাধা-চূণ নাম দিছিল৷ কি আচৰিত কথা, বিয়াৰ পাছতো দুয়োজনী একেখন চহৰতে ওচৰা ওচৰিকৈ থকাৰ সুবিধা পালে৷ সেয়ে চিনাকি মানুহৰ ঘৰলৈ নিমন্ত্ৰণ-আমন্ত্ৰণ ৰক্ষা কৰিবলৈ দুয়োটা পৰিয়াল সততে একেলগে যায়৷ ৰীতাৰ বিয়া গীতাতকৈ আগত, তাইৰ ল’ৰা ৰিংকুৱে এতিয়া চেভেনত পঢ়ে কিন্তু গীতাৰ ল’ৰা স্কুললৈ গৈছেহে! পাছে, আনে নাজানিলেও সত্য কথা হৈছে সিহঁত দুজনীৰ মাজতো হান্ড্ৰেড পাৰ্চেন্ট মিল নাই৷ যেনে, ধৰাহওক এই নিমন্ত্ৰণ-আমন্ত্ৰণৰ প্ৰসংগতে, গীতাই বিশ্বাস কৰে বিয়া-সকাম, পাৰ্টি আদি ৰাজহূৱা অনুষ্ঠানলৈ যাওঁতে অসমীয়া চাদৰ-মেখেলাযোৰ  পিন্ধি অসমীয়া নাৰী হৈ যাব লাগে, মনটোৱেই কিবা বেলেগ হৈ পৰে! ৰীতাৰ মতে – ধুৰ, থ তোৰ অসমীয়া ফিলচফি, কাপোৰ-কানিৰ ফেশ্বন ডিজাইন বস্তুটো কনষ্টেন্ট নেকি, দিনৌ কত ন ন ৰূপান্তৰ ঘটিব লাগিছে, সময়ৰ লগত খাপ খুৱাই পিন্ধা-উৰা কৰাটোতহে আমেজ আছে! খং কৰি গীতাই কয়- ‘তইয়েই আমেজ কৰ, আমাৰ এনেকৈয়ে হ’ব৷’  এনেকৈয়ে চলি আছে৷ এইবোৰ সৰুসুৰা বৈষম্যই সিহঁতৰ বন্ধুত্বত ব্যাঘাত জন্মাব পৰা নাই৷

ৰাতিলৈ ফোন কৰি ৰীতাই কনফাৰ্ম কৰিলে – 'যাব, চম্পকে আপত্তি কৰা নাই৷ ৰিংকুৰহে গাটো গৰম৷ গতিকে তাক আইচক্ৰীম খাবলৈ দিব নোৱাৰি৷'
গীতাই আধাতে কাটিলে – ‘হ’ব হ’ব, আইচক্ৰীম নাখালেও নাই, কিবা নহয় কিবা এটা বেলেগ মিঠাই থাকিবই নিশ্চয়৷ শুনচোন, এটা কথা মন কৰিছ নে, এনেধৰণৰ পাৰ্টি নোখোৱা বহুদিন হ’ল ন? পোলাও মুৰ্গী মাংসৰ সোৱাদেই পাহৰি গ’লো!’
কম কথা কোৱা ৰীতাইও কথাটো মানি ল’লে – ‘হয়, চিকেন-পোলাও কেতিয়ানো খাইছিলো মনতেই নাই৷ আৰুবেলি ভট্ট ছাৰৰ ছোৱালীজনীৰ বিয়াতে খোৱা সম্ভৱ!’ ক’ব নোৱাৰাকৈয়ে দুয়োজনীৰে মুখত পানী জমা হ’ল৷

গধুলি ৰীতাৰ পৰিয়াল আহি গীতাৰ ঘৰ পালেহি৷ ৰীতাহ'ত ওলাবলৈ লৈছিলহে৷ “এই হৈ আছে, এক মিনিট” বুলি গীতাই হুলস্থুল লগাই দিলে৷ ল’ৰাটোক উলিয়াই দিয়াৰ দায়িত্ব গিৰীয়েকলৈ ঠেলি গীতা আৰ্চীৰ সমূখত ব্যস্ত হৈ পৰিল৷ তাৰ মাজতে এবাৰ বিপুল ওচৰলৈ আহি কাণে কাণে গীতাক সুধিলে – ‘ৰীতাই সেইডাল কি পিন্ধি আছে, পায়জামাটো পিন্ধিয়েই পাৰ্টি খাবলৈ যাব নে?’
-          চুপ ৷ গীতাই মুখতে ধৰিলে৷ – ‘সেইটো পায়জামা নহয়, প্লাজা বুলি কয়, নতুনকৈ ওলাইছে, তুমি তোমাৰ কাম কৰা!’

ৰাষ্টাত গীতা-ৰীতা দুয়োজনীয়ে ৰিংকুক আকৌ সোৱঁৰাই দিলে - সি যেন আইচক্ৰীমলৈ হাত নেমেলে৷ নিভাবাহ’তে বহুত মানুহ মাতিছে, চ’ৰা ঘৰ ভৰি আছে৷ পাকঘৰতে খোৱা লোৱাৰ ব্যৱস্থা কৰিছে৷ দহজনমান মানুহ খাই বৈ মুখ মচি মচি ওলাই আহে, নতুন কেইজনমানক ভিতৰলৈ মাতি নিয়ে৷ ‘আহিছে মানুহ – গৈছে মানুহ’ দৃশ্যটো আগত লৈ গীতা ৰীতাহ’তে কথাৰ মহলা মাৰি আছে৷ তেনেতে এজন আহি খাবলৈ মাতিলেহি৷ ৰীতা-গীতা দুয়োজনীয়ে আপত্তি কৰি উঠিল – ‘হ’ব, হ’ব আমি অলপ পিছত যাম৷ আমিতো ঘৰৰে মানুহ!’ সন্ধিয়াতে খাই ল’লে আচলতে অসুবিধা হয়৷ আকৌ ঘৰত গৈ ভাত নাখাইগৈ যেতিয়া সময়টো মিলাই লৈ খাব লাগিব, দবনি পিটি৷

এসময়ত নিভাবাহ’তেও জোৰ দি ধৰিলেহি – ‘ব’ল না খাই ল৷’
 - ‘হব দিয়কচোন, খোৱাটোনো কি কথা, এই বিশেষ দিনটোত এষাৰ মাত লগাবলৈ সুবিধা পালোঁ যে সেইটোহে ডাঙৰ কথা৷’ আৰু অলপ ভোক লগালৈ গীতা ৰীতাই বাট চালে৷ কিম্মান দিনৰ পিছত আজি সুবিধাটো আহিছে – ভালদৰে দবাই দিব চিকেন-পোলাও!

বাৰেবাংকৰা কথা পাতি সময়খিনি কটাই এসময়ত দুয়োটা পৰিয়াল খাবলৈ উঠিল৷ ৰীতাই ৰিংকুক আকৌ সোঁৱৰাই দিলে –‘ চাবি কিন্তু, আইচক্ৰীম যাতে নোচোৱ৷’

দুখন খোৱা টেবুল জোৰা দি অতিথিসকলৰ খোৱাৰ ব্যৱস্থা কৰা হৈছে৷ সেইজীয়া গছৰ পাত অঁকা প্লাষ্টিকৰ প্লেট্‌৷ কিন্তু ই কি,  প্লেটবোৰত দেখোন এজনে মুঠি মুঠি কৈ চিৰা এগালমানহে ঢালি গ’ল!  তাৰ পিছে পিছে এজনে দৈ৷  তাৰ পিছত এলদা এলদা গুড়৷  শকুনিৰ চেহেৰাৰ এজনে মাত লগালে – ‘আৰম্ভ কৰকচোন, ৰসগোল্লাটো শেষত দিম! খাওক৷’

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো একেবাৰে সংক্ষিপ্ত ৰূপত মোক যোগান ধৰিলে জীৱন বাটৰ ৰসৰ এগৰাকী গুণগ্ৰাহী পাঠক, তেজপুৰৰ প্ৰণামিকা গগৈয়ে৷ ধন্যবাদ প্ৰণামিকা৷ কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)


Sunday, July 8, 2018

জীৱন বাটৰ ৰসঃ নানিমুনি (৫৫)

জীৱন বাটৰ ৰসঃ নানিমুনি (৫)

আমাৰ শৈশৱৰ স্কুলীয়া দিনবোৰত, আমি ডাঙৰ হ’বলৈ সুবিধা পোৱা আওহতীয়া ঠাইবোৰৰ পৰা বিশ্বলৈ জুমি চাব পৰা একমাত্ৰ খিৰিকিখন আছিল ঘৰৰ ৰেডিঁঅ’-টো৷ বাতৰি, বিনোদন, ভাষা-সাহিত্য আদি সকলো বিষয়তে এই ৰেডিঅ’টোৱেই আমাক বিশ্ব-জগতৰ সম্ভেদ দিছিল৷ বাতৰি কাগজ আলোচনীও সেইসময়ত নথকা নহয়, আছিল; কিন্তু গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা বাতৰি কাগজ গৈ আমাৰ ঠাইখন পাইছিলগৈ গধূলিহে৷ সেয়ে সকলোৱে বৰ আন্তৰিকতাৰে ৰেডিঅ’টোৰ মুখলৈ চাই আছিল আৰু পৰম আন্তৰিকতাৰে তাৰ যতন লৈছিল৷ শীতকালৰ ৰবিবাৰবোৰত বেটাৰীকেইটা খুলি কিছুসময় ৰ’দত থৈ দিয়া হৈছিল – আয়ূস বৃদ্ধিৰ বাবে৷ তাৰোপৰি ৰেডিঅ’টোৰ গাত পিন্ধাবৰ বাবে কাপোৰৰ চোলা এটাও চিলাই দিয়া হৈছিল – ঠাণ্ডা গৰমৰ পৰা মুক্তি বিচাৰি নহয়, গাত ধুলি-মাকতি নপৰিবৰ বাবে৷ হাতেৰে ঘুৰাব পৰা নবটো আৰু কম্পনাংকৰ কাটাডাল দেখিব পৰা অঞ্চলটো চোলাটোৰ পৰা মুকলি কৰি ৰখা হৈছিল৷ ৰেডিঅ’টোৰ স্থান আছিল খটাসুৰ ল’ৰা-ছোৱালীয়ে সতেত ঢুকি পাব নোৱাৰা উচ্চতাত৷

১৯৭৭ চনত দেশত জৰুৰীকালিন অৱস্থা ঘোষণা কৰাৰ সময়ত দেশ-বিদেশৰ খবৰ ল’বৰ বাবে দেউতাই হঠাতে এদিন ফিলিপছ্‌ কোম্পানীৰ ৰেডিঅ’ এটা কিনি আনিলে৷ লগে লগে আমাৰ ঘৰখন জৰুৰীকালিন অৱস্থাৰ পৰা মুক্ত হৈ যোৱা যেন হ’ল৷ বাতৰিৰ লগতে এনে কিছুমান বস্তুও আহিল যিয়ে আমাৰ ঘৰখনৰ ৰঙেই সলনি কৰি দিলে৷ ক’ত কোৱা মাত ক’ত গৈ বাজে – কিম্মান বিষ্ময়কৰ কথা! আৰু ৰেডিঅ’-ত গান গোৱা শিল্পীসকলে সদায় একেদৰে অকণো ভুল নকৰাকৈ হুবহু একে গায়৷ গানটোৰ শেষত সম্ভৱ লাহে লাহে পিছলৈ গৈ থাকে কাৰণ মাতটো লাহে লাহে সৰু হৈ অৱশেষত নাইকিয়া হৈ যায়গৈ! অদ্ভূত কাণ্ড!

ঘৰত ৰেডিঅ’-টো অহাৰ পিছতো সকলো সময়তে ৰেডিঅ’ শুনাৰ অধিকাৰ আমি পোৱা নাছিলো৷ সন্ধিয়াৰ অঞ্চলিক বাতৰি শুনিবলৈ দেউতাৰ লগৰ কেইবাজনোলোক আমাৰ ঘৰত প্ৰায়েই একেলগ হৈছিল৷ কিন্তু “বাতৰি ইমানতে অন্ত হ’ল” বুলি কোৱাৰ লগে লগেই দেউতাই ৰেডিঅ’টো বন্ধ কৰি দিছিল৷ ডাঙৰ মানুহ কেইজনৰ ওপৰত তেতিয়া প্ৰচণ্ড খং উঠিছিল, তেখেতসকলে কি শুনিব লাগে, কি নালাগে, ক’ত ৰস আছে, ক’ত নাই- সেইবোৰ একো নাজানিছিল! আমাৰ ঘৰত ৰেডিঅ’টো বন্ধ হৈ থকা সেই সময়ডোখৰতে আমাৰ ঘৰৰ গাতে লাগি থকা ৰাণাদাহ’তৰ ঘৰৰ ৰেডিঅ’টোৰ পৰা গীত-নাট-আলেখ্য আদিৰ সুৰীয়া শব্দ বতাহত ভাঁহি আহিছিল৷ ৰাণাদাহঁতৰ ঘৰত সেইসময়ত পঢ়াশুনা কৰি থাকিবলগীয়া কোনো ল’ৰাছোৱালী নাছিল৷ পঢ়া টেবুলৰ পৰাই নিৰৱে সেইয়া উপভোগ কৰিছিলো আৰু ডাঙৰ হৈ চাকৰি এটা পালেই ভাল ৰেডিঅ’ এটা কিনি একেৰাহে দিনে ৰাতি শুনি থাকি প্ৰতিশোধ ল’ম বুলি শপত খাইছিলো৷ এই অৱস্থাৰ ব্যতিক্ৰম হৈছিল তেতিয়া যেতিয়া ঘৰত কোনোবা ৰাতি থকাকৈ ফুৰিবলৈ আহিছিল৷ আলহীৰ আগ্ৰহৰ এক কৃত্ৰিম পৰিস্থিতি সৃষ্টি কৰি লৈ ৰেডিঅ’-টো তেতিয়া বেছিকৈ বজাব পৰা গৈছিল৷ “অতিথি দেৱো ভৱ” অৰ্থাৎ আলহী সাক্ষাৎ ভগৱান – এই আপ্তবাক্যশাৰীয়ে আমাৰ আগ্ৰহ আৰু কৌশলক সাৰপানী দি সহায় কৰিছিল৷ নিজৰ ঘৰখনত এই কৌশল আমি বেছিকৈ ব্যৱহাৰ কৰিব পৰা নাছিলো, পাৰিছিলো আমাৰ পেহীৰ ঘৰখনত, ঘোঁৰামাৰীত৷

আমাৰ শৈশৱৰ এক সুদীৰ্ঘ সময়ৰ আলফুলীয়া স্মৃতি আৰু ইতিহাস লুকাই আছে ঘোঁৰামাৰী হাইস্কুলৰ (এতিয়া হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়) সেই প্ৰকাণ্ড চৌহদটোত৷ এটা সুদীৰ্ঘ সময়ৰ বাবে সেই স্কুলখনৰ প্ৰধান শিক্ষক আৰু পাছলৈ অধ্যক্ষৰ দায়িত্বত আছিল আমাৰ পেহাদেউ৷ পিছপৰা, প্ৰধানকৈ  জনজাতীয় লোকসকলৰ বসতি সেই অঞ্চলটোত শিক্ষা বিকাশৰ বাবে পেহাদেউৱে কৰা কামৰ তুলনা পাবলৈ নাই৷ তেখেতৰ ব্যক্তিত্বৰ ইমানেই প্ৰভাৱ আছিল যে তেখেত যেতিয়া স্কুল বহি থকা সময়ত এটা মূৰৰ পৰা আনটো মূৰলৈ এবাৰ খোজ কাঢ়ি গৈছিল, স্কুলখন নিজে নিজেই নিজম পৰি গৈছিল৷ পেহাদেউক চৰকাৰে শিক্ষকতাৰ পুৰস্কাৰেৰে সন্মানিত কৰিছিল৷ অঞ্চলটোৰ প্ৰতি থকা মোহ আৰু টানৰ বাবেই পেহীৰ ছোৱালী ডাঙৰ বাইদেউৰ বিয়া ঘোঁৰামাৰীত পতা হৈছিল৷ আমি সৰু থাকোঁতে গৰমৰ বন্ধ, বিহুৰ বন্ধ, পূজাৰ বন্ধ আদি বিভিন্ন উপলক্ষ্যত ঘোঁৰামাৰীত থকাকৈ আহিছিলো৷ স্কুলখনৰ দাঁতিতে শিক্ষকসকলৰ বাবে এশাৰী আবাসগৃহ আছিল৷ শেষৰ ফাললৈ থকা ধুনীয়া কোৱাৰ্টাৰ এটাত পেহাদেউহঁত আছিল৷ সমূখতে এজোপা চাপৰ বগাব পৰা মধূৰী আমৰ গছ আছিল৷ ঘৰৰ লগতে কেইবাজোপাও ফুলগছ আছিল৷ সমূখত অলপ আঁতৰলৈ স্কুলৰ কুঁৱাটো৷ সেইটোৰ কাষেদিয়েই এবাৰ এটা গঁড় পাৰ হৈ গৈছিল৷  সেইদিনবোৰ আছিল আমাৰ বাবে এতিয়াৰ দিনৰ “চামাৰ কেম্পৰ” দৰে৷ বয়সত কিছু সৰু হ’লেও পেহীৰ ল’ৰা নানি আছিল বুদ্ধি-বৃত্তিত মোতকৈ আগবঢ়া আৰু আমাৰ আটাইকেইটাৰে অঘোষিত নেতা৷ আটাইকেইটা মানে মোৰ লগত মোৰ ভাই মৃদুল, সিফালে নানি আৰু  পেহীৰ ছোৱালী সৰু বাইদেউ৷ মাজে মাজে সি ‘বাঘৰ আগতেল খোৱা’ ধৰণৰ কাম কিছুমানো কৰিছিল কিন্তু সৰু বাইদেউৰ সহায়ত ঘৰত পাব পৰা সম্ভাব্য শাস্তিৰ পৰা মুক্তি পাইছিলোঁ৷ স্কুলখনৰ এটা কোঠাত এটা মানুহৰ কংকাৰ (জঁকা) আছিল৷ ভয়তে আমি সেইফালে নগৈছিলো, নানিয়ে কিন্তু দিনতটো বাদেই ৰাতিও সেইফালে দৌৰি দৌৰি এক পাক মাৰি আহিব পাৰিছিল৷ স্কুলখনৰ মধ্য অংশত এটা গম্বুজ আছিল, দুৰৰ পৰা চালে মন্দিৰৰ দৰে দেখি৷ আমি তলৰ পৰা ফৰ্মুটি মাৰি চাওঁ আটাইতকৈ ওখ অংশটোত লগাব পাৰি নেকি – নোৱাৰি!  পেহাদেউৱে কিতাপ কাগজ লৈ ব্যস্ত থকা সময়তে সৰু বাইদেউৱে ৰেডিঅ’টো সৰকাই আনে, সৰু ভলিউমত আমি শুনি থাকোঁ৷ বাতৰিৰ মাতটো  ভাঁহি অহাৰ লগে লগে আমাৰ মাজত প্ৰতিযোগিতা হয় – বাতৰি পঢ়োতাজনৰ নামটো ক’ব পাৰোঁনে নাই! “এইয়া আকাশবাণী”, লগে লগে মই কওঁ – গুণ বৰুৱা৷ নানিয়ে কাটে – হিৰণ দত্ত! পাছমূহুৰ্ততে নিৰ্ণয় হয়- হয়, হিৰণ দত্তয়েই হয়! তেতিয়া দীপেন বৰুৱাই গোৱা তৰামাই কথাছবিৰ গীত এটা বৰ জনপ্ৰিয় হৈছিল– লাজ  লাজ লাজ ভন্টি এ, নকৰিবা আমালৈ লাজ... আমি গীতটো ওভোটাই গোৱাৰ প্ৰয়াস কৰোঁ – জলা জলা জলা তীম্ভ এ... থিয়া ৰেলক....!

ৰাতি ভাত খোৱাৰ পিছত মা, পেহী, ডাঙৰ বাইদেউ সমন্বিতে কেতিয়াবা আমি আটাইবোৰে গোটেই স্কুলঘৰটোৰ বাৰান্দাইদি খোজ কাঢ়িছিলো৷ নানি আগতেই গৈ কংকাল থকা কোঠাটোৰ সমূখত ৰৈ আছিলগৈ – তাৰ সাহসৰ প্ৰদৰ্শন কৰি৷ এদিন সন্ধিয়া পেহীয়ে আমাক আবাসগৃহৰ সিমূৰে থকা বৰা ছাৰৰ ঘৰলৈ ফুৰাবলৈ লৈ গ’ল৷ তেলত ডুবাই ভজা মালপোৱা খোৱাৰ আশাত আমিও লগত ওলালোঁ ৷ কোৱাৰ্টাৰৰ সৰু জপনাখন খোলাৰ লগে লগেই শুনিলো বৰা ছাৰে পুতেক-জীয়েকক দবিয়াই আছে – ‘পঢ়া শুনাত মন নাই, খালী ৰেডিঅ’, ৰেডিঅ’ ৰেডিঅ’৷ ভাঙি পেলাম ৰেডিঅ’, মোক চিনি পোৱা নাই! সেইটো আনিবই নালাগিছিল, আপদহে হ’ল৷ গড়ত থৈ দু়টুকুৰা কৰি ভাঙিম, গম পাবি তেতিয়া!’ তাৰ পিছতেই ঘৰখনত আমাৰ আৱিৰ্ভাৱ! বৰা ছাৰৰ বাইদেউ বৰ সাদৰী৷ অকল মালপোৱাই নহয়, আমাক বেলেগ বেলেগ আকৃতিৰ বিস্কুটো খাবলৈ দিলে৷

পিছদিনা ৰাতিপুৱা কোনো নুঠুতেই নানিয়ে  মোক হেঁচুকি জগালে – ‘ঐ, উঠচোন, শব্দ নকৰিবি৷’ তাৰ কথামতেই উঠি পিছে পিছে গৈ ঘৰৰ বাহিৰ ওলালোঁ৷ বনকৰা ছোৱালী দীপালীয়ে পকী পাছচোতালডোখৰ সাৰিবলৈ লৈছে, ঘৰৰ আন কোনো তেতিয়াও উঠা নাই৷ আমি গৈ পোনে পোনে বৰা ছাৰৰ পদুলিমূখ পালোঁগৈ৷ সেই দোকমোকালিতে আমাক দেখি বৰা ছাৰে আচৰিত হৈ ওলাই আহিল – ‘আৰে’, কি হ’ল ইম্মান ৰাতিপুৱাই?’

নানিয়ে নিসংকোচে ক’লে – ‘খুৰা, কালিযে আপুনি কৈছিল, ৰেডিঅ’-টো গড়ত থৈ ভাঙি পেলাব, ভাঙিব নেলাগে মোকে দি দিয়ক৷’

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীবোৰৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
  

Sunday, July 1, 2018

জীৱন বাটৰ ৰসঃ শশীদা (৫৪)

জীৱন বাটৰ ৰসঃ শশীদা (৫৪)

কাজিৰঙাৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত, প্ৰকৃতিয়ে অকৃপণ ভাবে দান কৰা সৌন্দৰ্যৰে ভৰপূৰ এটা অঞ্চলত আমাৰ ডাঙৰ হোৱাৰ সৌভাগ্য হৈছিল৷ বছৰটোৰ কোনো কোনো সময়ত আমাৰ অঞ্চলটোত গঁড় ওলাইছিল৷ দক্ষিণপাৰৰ বাসিন্দা হৈ গঁড় গৈ কেনেকৈ উত্তৰ পাৰ পাইছিলগৈ মই নাজানো ৷ এনেকুৱা ঘটনা অসমৰ বহু ঠাইতে হৈছিল যেন লাগে, কাৰণ আমাৰ পাঠ্যপুঠিতো “ধাননি পথাৰ” বুলি এটা পাঠ আছিল আৰু তাত গড়ঁ ওলোৱাৰ কাহিনী এটা আছিল৷ গঁড়ে যে জুইলৈ ভয় কৰে সেই কথাটো সেই পাঠটোৰ পৰাই জানিছিলো৷ আচলতে আমাৰ অঞ্চলটো বনৰীয়া হাতীৰ বিচৰণৰ বাবেহে বেছি বিখ্যাত কিন্তু বনৰীয়া হাতী ওলালে কি কৰিব লাগে তেনে পাঠ আমাৰ পাঠপুঠিত কেতিয়াও সন্নিৱিষ্ট হোৱা নাছিল৷ ইয়াৰ কাৰণ হিচাপে মোৰ ব্যক্তিগত ধাৰণা - হাতী “জাতীয় প্ৰতীক” নোহোৱা বাবে ব্যৱহাৰিক দিশৰ পৰা বেছি প্ৰয়োজনীয় হোৱাৰ পিছতো পাঠপুঠিত ই সোমাবগৈ পৰা নাছিল অথচ, বেছি অপকাৰ বা অনিষ্ট নকৰাকৈয়ে, “জাতীয় প্ৰতীক” বুলি থকা গ্লেমাৰটোৰ বাবেই গঁড়ে এই সন্মান নিবিচৰাকৈয়ে পাইছিল৷  

আমাৰ ঘৰৰ সমূখত এখন বহল পথাৰ আছে৷ তাতে এবাৰ এটা গঁড় ওলাইছিল৷ দিনটো আছিল বুধবাৰ৷ আগবেলাই গঁড়টো আহি পথাৰখনৰ দলনিত বোকাৰ ঘুলি এটা সাজি তাতে হেনো শুই আছে৷ প্ৰথমে কথাটো কোনে প্ৰত্যক্ষ কৰিলে জনা নগ’ল৷ বুধবাৰ মানে বজাৰৰ দিন৷ অহা-যোৱা কৰা আলিবাটটোৰ পৰা মাত্ৰ ৪০০ মিটাৰ মান আঁতৰত সেইজীয়া ৰোৱাৰে ঢাকি ধৰি থকা ঠাইখিনিতে গঁড় এটাই বোকাৰ মাজত লেটি লৈ আছে! আবেলি সময়৷ বজাৰৰ পৰা উভতি অহা বাটৰুৱা এজন দুজনকৈ ৰৈ যাবলৈ আৰম্ভ কৰিলে৷ গঁড়ৰ গালৈ পকা চপৰা, শিলগুটী আদি ফৰ্মুটিও আৰম্ভ হ’ল৷ গঁড়টো শোৱাৰ পৰা এবাৰ উঠে, পাক এটা মাৰে, আকৌ শোৱে! এসময়ত গাওঁৰ বয়সস্থ কেইবাজনো আলিবাটলৈ ওলাই আহিল৷ কোনো কোনোৱে ক’লে- ‘আমনি কৰি নাথাকিবি, গঁড়ে মানুহতকৈও বেগাই দৌৰিব পাৰে, সাৱধান!’ তেনেতে সেই ঠাইত পতিয়াগাওঁৰ চাকিৰাম কাইটি আহি ওলালহি, হাতত বজাৰ কৰি ওলোমাই অনা বেগ এটা৷ মানুহজনে গঁড় চাবলৈ আলিবাটৰ পৰা নামি পথাৰখনলৈ আগবাঢ়িবলৈ ল’লে৷ গঞাই হৈ হৈ কৰি উঠিল – ‘ককাই, তুমি ভালকৈ খোজেই কাঢ়িব নোৱাৰা, ক’লৈ গৈছা, নাযাবা, নাযাবা৷’ মানুহজন আছিল সামান্য খোনা৷ উত্তৰ দিলে- ‘হে’ৰা, জনাই জানে, গঁড়ে মাৰিলে স্বৰ্গবাসীহে হ’ম, ভয় কিহৰ হে’?’ তেওঁ আগবাঢ়ি গৈ থাকিল৷ ঠিক তেনেতে হঠাতে শোৱাৰ পৰা উঠি গঁড়টোৱে খেদি আহিল৷ আলিবাটত ৰৈ থকাসকলে বিম্বাশৱদে লৰ ধৰিলে৷ গঁড়টোৱে মুহুৰ্ত্ততে মানুহটোক ওফোৰাই পেলালে, তাৰপিছত ৰে’ল লাইনটোৰ ফালে দৌৰি দৌৰি আঁতৰি গ’ল৷  

চাকিৰাম কাইটিৰ থিতাতে মৃত্যু হৈছিল৷ কৰঙনৰ পৰা বুকুলৈকে মানুহজনক গঁড়ৰ খৰ্গটোৱে ফালি পেলাইছিল৷ কাষতে পৰি আছিল হাতত লৈ থকা মোনাটো৷ মোনাটোৰ পৰা ওলাই ছেদেলি ভেদেলি হৈ পৰি আছিল বজাৰৰ পৰা কিনি অনা কেইবাবিধো পাছলি আৰু কেইবাটাও মৰা মিৰিকা মাছ! তেখেত স্বৰ্গবাসী হ’ল নে নহ’ল কোনেও গম নাপালে৷

আমি খ-শ্ৰেনীত পঢ়ি থাকোতে এদিন দুপৰীয়া হঠাতে ৰাইজ আলিবাটলৈ ওলাই আহিল – গঁড় ওলাইছে, গঁড় ওলাইছে! ৰে’লৰ আলিৰ দাঁতিয়ে দাঁতিয়ে গঁড় এটা দৌৰি দৌৰি গৈ আছে৷ – সেইটো, সেইটো৷ সকলোৱে আঙুলিয়াই দেখুৱাইছিল, মই কিন্তু নেদেখিলো৷

১৯৭৮-৭৯ চন৷ বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হওঁ হওঁ৷ ডেকা ল’ৰাহত ঘৰলৈ ৰাতি পলমকৈ ওভতাৰ অভ্যাস ঠিক আৰম্ভ হোৱাৰ সময় আছিল সেইটো৷ ৰাতি দহমান বাজিছে, ঘোপমৰা আন্ধাৰ! মাগুৰমৰা গাওঁৰ শশীদা চেন্টাৰৰ পৰা চাইকে’ল লৈ ঘৰলৈ উভতি আহিছে৷ আন্ধাৰত বেছি দূৰলৈ মনিব নোৱাৰি – তথাপিও অসুবিধা পোৱা নাই, চিনাকী ৰাষ্টা৷ উদয়পুৰত, ঠিক ৰাষ্টাৰ ওপৰতে, হঠাতে সমূখত ক’লা ৰঙৰ কিবা এটা ৰৈ থকা যেন অনুমান হ’ল৷ শশীদাই পেডেল মৰা বন্ধ কৰিলে৷ পিছমূহুৰ্ত্ততে তেঁও নিশ্চিত হ’ল- হয়, ভুল হোৱা নাই, সেইয়া সমূখত আৱিৰ্ভাৱ হৈছে অসমৰ জাতীয় প্ৰতীক -পোৱালী হাতী এটাৰ সমান আকাৰৰ এটা প্ৰকাণ্ড এশিঙীয়া গঁড়৷ কিংকৰ্তব্যবিমূড় হৈ শশীদাই ব্ৰেক মাৰিবলৈও পাহৰি গ’ল৷ মাথোঁ গঁড়টোক খুন্দা নামাৰিবলৈ গাটো কিছু হলাই দিলে৷ কমল হাজৰিকাৰ ঘৰৰ কাষেদি সোমাই যোৱা গলিটোৰ কোণটোতে দ হোলা এটা আছিল৷ তাতে বিহলঙনী-ঢেঁকীয়া-কঁচু-মেটেকাৰ ওপৰত চাইকেল সহিত শশীদা এখাৱৈ হৈ পৰিলগৈ! সেইমূহূৰ্ত্তত তেওঁৰ হেনো ভালুক দেখা দুই বন্ধুৰ সাধুটো চেৰেং কৈ মনত পৰি গ’ল আৰু তাতে সেইফালেই নিতাল মাৰিলে! গঁড়টোৱেও আগতে নেদেখা দৃশ্য এটা দেখাত আৰু আগতে নোহোৱা অভিজ্ঞতা এটা হোৱাত এখোজ দুখোজকৈ খাৱৈটোলৈ আগবাঢ়ি গ’ল৷ শশীদাক এবাৰ শুঙি চালে৷ বিশ্বাসী বন্ধুৰ সাধুটোত ভালুকটোৱে তলত মৰা ভাওঁ ধৰি শুই থকা বন্ধুটোক যেনেকৈ শুঙিছিল, তেনেকৈ! তাৰপিছত জাতীয় প্ৰতীক গুৰু-গম্ভীৰ খোজেৰে সেই গলিটোৱেদি ৰে’ল ষ্টেচনৰ ফালে আঁতৰি গুচি গ’ল৷

ঘটনাটো ৰাতিপুৱাই ৰাষ্ট্ৰ হৈ পৰিল৷ শশীদাই হেনো কৈছে – ‘মই যদি জাপ মাৰি নামি গাৰ ওপৰত চাইকেলখন জাপি নল’লোহেঁতেন, মোৰ ফালে আধ্যাই পৰিলহেঁতেন!’ তেখেতৰ লগত ঘনিষ্ঠ দুজনমানে অধিক তথ্য লাভ কৰাৰ সুঁৰত ক’লে- গঁড়টোৱে হেনো জিভাখন লগাই শশীদাৰ ভৰিত চেলেক এটা মাৰিও চাইছিল৷ বন্যপ্ৰানী সম্পৰ্কে বিস্তৰ অভিজ্ঞতা জাহিৰ কৰি কেইজন মানে কথাষাৰ কাটিলে – ‘থ হেৰৌ, গঁড়ে চেলেক মাৰিলে গাৰ ছাল এৰাই যাব, মঙহৰ এফাল এৰুৱাই লৈ যাব!’ আন কোনোবা চকু চৰহাই ক’লে- গোলাপী নিচাতে সি চৰাইজনীয়া গাওঁৰ কাৰোবাৰ ঘৰৰ গোনা মহ দেখি আহিল! গঁড় দেখাটো মিছা, এখাৱৈ হৈ পৰি থকাটো সঁচা!

কিন্তু গঁড় ওলোৱা কথাটো সঁচা আছিল৷ পিছদিনা বয়সস্থ অভিজ্ঞজনে গলিটোত পৰি থকা গঁড়ৰ খোজ চিনি পাইছিল৷

আমি সপ্তম শ্ৰেনীত পঢ়ি থাকোতে পহুছোৱা গাওঁত গঁড় এটা ওলোৱাৰ খবৰ ওলাইছিল৷ পহুছোৱা পাৰ হৈ চাপৰিয়েদি গঁড়টো হেনো নিজে নিজে গৈ লুইত পাৰ হৈ কাজিৰঙা পাইছিলগৈ৷ তেতিয়াৰ দিনত গঁড় মাৰি তাৰ খৰ্গ কাটি নি ধন ঘটাৰ কথা সম্ভৱ কোনেও চিন্তা কৰা নাছিল৷ এনে কামক গৰ্হিত বুল ভবা হৈছিল৷

কাজিৰঙাৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত প্ৰকৃতিয়ে অকৃপণ ভাবে দান কৰা সৌন্দৰ্যৰে ভৰপূৰ সেই অঞ্চলত বছৰটোৰ কোনো কোনো সময়ত প্ৰায়েই গঁড় ওলাইছিল৷

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ আগতে প্ৰকাশ কৰা এই কাহিনীটোকো  “জীৱন বাটৰ ৰস”-ৰ অংশ কৰিবৰ মন গ’ল৷  ইয়াৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)