জীৱন
বাটৰ ৰসঃ মেলেকি জেঠাই (৫৮)
আমি
সৰু থাকোঁতে এবিধ সাধু কথাৰ বৰ প্ৰচলন আছিল৷ সাধুবোৰত এগৰাকী দুখুনী বুঢ়ী মানুহ
থাকে আৰু লগত থাকে তেওঁৰ সুখ-দুখৰ ভাৰসা এটা পুত্ৰ সন্তান৷ বুঢ়ীৰ বুকুৰ মাজৰ পৰা সন্তানটো
এদিন নাইকিয়া হয়- কেতিয়াবা কোনোবা সদাগৰ আহি ল’ৰাটো লৈ যায় অথবা কোনোবাই প্ৰৰোচনা
কৰি হাতীৰ পিঠিত বহুৱাই ল’ৰাটো দুৰলৈ পঠিয়াই দিয়ে৷ অনেক জ্বালা-যন্ত্ৰনাৰ পিছত, সাধুৰ
শেষভাগত ল’ৰাটোৰ লগত মাকৰ আকৌ মিলন হয়৷ এই সাধুবিলাকৰ মূল কথাটো আছিল “হলা গছ দেখিলেই
বাগী কুঠাৰ মাৰিব বিচৰাটো” মানুহৰ সহজাত প্ৰবৃত্তি, তথাপিও অৱশেষত “সত্যৰ সদায় জয়”
হয় ! এই সাধুবিলাক শুনি থাকোঁতে বা পঢ়ি থাকোঁতে মোৰ চকুত সদায় এখন ঘৰ ভাঁহি উঠে
– উৰুখা পঁজাৰ মেলেকি জেঠাইৰ ঘৰখন ৷ জেঠাইয়ে আমাৰ গাৱঁৰ সৰু পঁজা এটাত একমাত্ৰ সন্তান
আধানখুড়াৰ লগত বাস কৰিছিল৷
সাধুবোৰত
থকাৰ দৰে মেলেকি জেঠাই কিন্তু দুখুনী বা অৱলা নাৰী নাছিল৷ বৰং আমাৰ অঞ্চলটোত তেখেত
এগৰাকী অগৰণুৱা নেত্ৰী সদৃশহে আছিল৷ স্বাধীনতা আন্দোলনৰ সময়ত এবাৰ হেনো জ্যোতিপ্ৰসাদ
আগৰৱালাৰ নেতৃত্বত দান-বৰঙণি সংগ্ৰহ কৰাৰ এটা অভিযান চলিছিল৷ জ্যোতিপ্ৰসাদৰ তেজস্বী
ভাষণ শুনি মেলেকি জেঠাইয়ে কাণত পিন্ধি থকা সোনৰ থুৰীয়া এপাত খুলি লগে লগে দেশৰ কামৰ
বাবে দান দি দিছিল৷ জেঠাইয়ে সূতা কাটি বৈ উলিউৱা খদ্দৰৰ কাপোৰ আমাৰ অঞ্চলৰ অনেক স্বাধীনতা
যুঁজাৰুৱে পিন্ধিবলৈ লৈছিল৷ বয়সৰ ফালৰ পৰা তেখেতে নিজে দিয়া হিচাপ মতে কনকলতাতকৈ তেখেত
দুবছৰ সৰু আছিল৷ পিছে, স্বাধীনতা অহাৰ পিছত মেলেকি জেঠাইহঁতৰ খবৰ কোনেও নল’লে৷
সামাজিক
অনুষ্ঠানত মেলেকি জেঠাই নহলেই নচলে৷ পানী তোলাৰ পৰা দৰা সাদৰালৈকে সকলো নিয়ম-কানুনৰ
জেঠাই এক নিলিখা অভিধান৷ বিয়া নাম দিয়াত জেঠাইৰ সমকক্ষ আমাৰ জিলাতে নাই বুলিব পাৰি৷
অঞ্চলটোত তাঁত-বাতি কৰাৰ আগে আগে গৃহিনীসকলে খবৰ লৈ লয়- সেইদিনা জেঠাই ফ্ৰী থাকিবতো!
তোলনী বিয়াত আন তিৰোতাৰ মুখত মিঠাগুড়ি সনা কামটেত মেলেকি জেঠাইয়ে সদায় আগভাগ লয়৷
মুখেৰে জকজকাই আহিলেও, জেঠাইৰ মনটো আছিল বৰ কোমল, লোকৰ কাৰণে পৰি মৰিব পাৰে!
আধান
খুড়াৰ মগজুটো বেয়া নাছিল৷ তেওঁ তৃতিয় বিভাগত মেট্ৰিক পৰীক্ষা পাছ কৰি প্ৰথমে হোম
গাৰ্ডত সোমাইছিল৷ পিছলৈ পুলিছৰ ডাৰোগা হৈছিলগৈ৷
এইটো
কাহিনী তেতিয়াৰ কথা, যেতিয়া অসমত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে, ৫২ নম্বৰ আৰু ৩৭ নম্বৰ ৰাষ্ট্ৰীয়
ঘাঁই পথত ‘ব্লু হিলছ’ আৰু ‘গ্ৰীণ ভেলি’ নামৰ নৈশ বাছবোৰৰ অবাধ গমনাগমন চলিছিল৷ আধানখুড়াই
তেতিয়া মিৰ্জাত কাম কৰে৷ তাতেই বিয়া পাতিবলৈ ছোৱালী এজনীও চাইছে হেনো৷ আধানখুড়াই
জেঠাইকো এবাৰ তালৈ লৈ যাবলৈ ওলাল৷
–
“থ হেৰৌ, মইনো গৈ কি চামগৈ তাত, লৈ আন কেঁচা কল কাটি ইয়াতে বিয়া পাতি দিম!” জেঠাইয়ে
ক’লে৷ আধানখুড়াই বোলে এই কথাই কথা নহয়৷ –
“এবাৰ তই গ’লে সিপক্ষৰো মনটো মুকলি হ’ব৷”
অগত্যা
জেঠাই যাবলৈ ওলাল৷ সামৰণ মেখেলা-চাদৰযোৰ উলিয়াই ৰ’দত দি ল’লে৷ আধানখুড়াই বিচাৰি বিচাৰি
মাখন ৰঙৰ গাত লোৱা গৰম চাদৰ এখন নাপায়হে নাপায়৷ অৱশেষত বিচাৰি বিচাৰি গৈ বিহালীৰ পৰা
কিনি আনিলেগৈ৷ ৰাতিৰ ব্লু-হিল বাছৰ এক আৰু দুই নম্বৰ ছিটটো আধান খুড়াই আগৰে পৰাই
বুক কৰি ৰাখিছিল৷
জেঠাইৰ
প্ৰথম বাছ যাত্ৰা৷ উঠাৰ আগে আগে বাছৰ পাওদানী স্পৰ্শ কৰি সোঁ-হাতখন জেঠাইয়ে এবাৰ নিজৰ
কপালত লগালে৷ কণ-ছোৱালীৰ পৰা ধাৰলৈ অনা চামৰাৰ চেন্দেলযোৰ সোলোক-ঢোলোক৷ বহিবলৈ
দিয়া চিট্টোৰ ওপৰত কোমল কাপোৰ লগোৱা আছে, আধানখুড়াই সেইটো আৰু অলপ বেকা কৰি
আউজিবলৈ সুবিধা কৰি দিলে৷ জেঠাইয়ে আৰাম কৰি গা ঢালি দিলে৷ আঘোন মাহ যদিও ঠাণ্ডা পৰিছে৷
মূৰে গায়ে মাখন ৰঙৰ গৰম কাপোৰখন মেৰিয়াই লৈ জেঠাইয়ে ভৰি তুলি বহিল৷ মাজে মাজে খুড়াই
সুধি গৈছে – “ভয় কৰিছ নেকি?” জেঠাইয়ে উত্তৰ দিয়ে –“নাই৷” এসময়ত আধানখুড়াৰো চিলমিলকৈ
টোপনি আহিবলৈ আৰম্ভ কৰিলে৷
-
“মৰি যাবলে’কে, ক’তে মৰে মই, আপোনাৰ আৰু
মোৰ সাজ যোৰ সাইলাখ একে৷ গৰম কাপোৰখন বিহালীৰ
পৰাই আনিলেগৈ নেকি?”
জেঠাইৰ
মুক্ত কন্ঠৰ মাতে হঠাতে আধানখুড়াৰ টোপনি ভাঙি দিলে৷ বাছখন কোনোবা এটা আস্থানত ভাত
খাবলৈ সোমাইছে৷ হঠাতে জ্বলাই দিয়া পোহৰ পৰি কাষৰ আইনাখনত জেঠাইৰ প্ৰতিবিম্ব জিলিকি
উঠিছে৷ আৰু অতুৎসাহী মেলেকি জেঠাইয়ে সেই প্ৰতিবিম্বৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিছে!
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু
চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷
এই কাহিনীটো কৈছিল মাজনীয়ে – সকলোৰে চিনাকি খুহুতীয়া কথাৰ ভড়াল ৰূপালীমে৷ ইয়াৰ যিকোনো
এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
No comments:
Post a Comment