জীৱন
বাটৰ ৰসঃ শশীদা (৫৪)
কাজিৰঙাৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত, প্ৰকৃতিয়ে অকৃপণ ভাবে দান কৰা সৌন্দৰ্যৰে
ভৰপূৰ এটা অঞ্চলত আমাৰ ডাঙৰ হোৱাৰ সৌভাগ্য হৈছিল৷ বছৰটোৰ কোনো কোনো সময়ত
আমাৰ অঞ্চলটোত গঁড় ওলাইছিল৷ দক্ষিণপাৰৰ বাসিন্দা হৈ গঁড় গৈ কেনেকৈ উত্তৰ পাৰ পাইছিলগৈ
মই নাজানো ৷ এনেকুৱা ঘটনা অসমৰ বহু ঠাইতে হৈছিল যেন লাগে, কাৰণ আমাৰ পাঠ্যপুঠিতো
“ধাননি পথাৰ” বুলি এটা পাঠ আছিল আৰু তাত গড়ঁ ওলোৱাৰ কাহিনী এটা আছিল৷ গঁড়ে যে
জুইলৈ ভয় কৰে সেই কথাটো সেই পাঠটোৰ পৰাই জানিছিলো৷ আচলতে আমাৰ অঞ্চলটো বনৰীয়া
হাতীৰ বিচৰণৰ বাবেহে বেছি বিখ্যাত কিন্তু বনৰীয়া হাতী ওলালে কি কৰিব লাগে তেনে পাঠ
আমাৰ পাঠপুঠিত কেতিয়াও সন্নিৱিষ্ট হোৱা নাছিল৷ ইয়াৰ কাৰণ হিচাপে মোৰ ব্যক্তিগত
ধাৰণা - হাতী “জাতীয় প্ৰতীক” নোহোৱা বাবে ব্যৱহাৰিক দিশৰ পৰা বেছি প্ৰয়োজনীয়
হোৱাৰ পিছতো পাঠপুঠিত ই সোমাবগৈ পৰা নাছিল অথচ, বেছি অপকাৰ বা অনিষ্ট নকৰাকৈয়ে,
“জাতীয় প্ৰতীক” বুলি থকা গ্লেমাৰটোৰ বাবেই গঁড়ে এই সন্মান নিবিচৰাকৈয়ে পাইছিল৷
আমাৰ ঘৰৰ সমূখত এখন বহল পথাৰ আছে৷ তাতে এবাৰ এটা গঁড় ওলাইছিল৷ দিনটো আছিল
বুধবাৰ৷ আগবেলাই গঁড়টো আহি পথাৰখনৰ দলনিত বোকাৰ ঘুলি এটা সাজি তাতে হেনো শুই আছে৷
প্ৰথমে কথাটো কোনে প্ৰত্যক্ষ কৰিলে জনা নগ’ল৷ বুধবাৰ মানে বজাৰৰ দিন৷ অহা-যোৱা
কৰা আলিবাটটোৰ পৰা মাত্ৰ ৪০০ মিটাৰ মান আঁতৰত সেইজীয়া ৰোৱাৰে ঢাকি ধৰি থকা
ঠাইখিনিতে গঁড় এটাই বোকাৰ মাজত লেটি লৈ আছে! আবেলি সময়৷ বজাৰৰ পৰা উভতি অহা
বাটৰুৱা এজন দুজনকৈ ৰৈ যাবলৈ আৰম্ভ কৰিলে৷ গঁড়ৰ গালৈ পকা চপৰা, শিলগুটী আদি
ফৰ্মুটিও আৰম্ভ হ’ল৷ গঁড়টো শোৱাৰ পৰা এবাৰ উঠে, পাক এটা মাৰে, আকৌ শোৱে!
এসময়ত গাওঁৰ বয়সস্থ কেইবাজনো আলিবাটলৈ ওলাই আহিল৷ কোনো কোনোৱে ক’লে- ‘আমনি
কৰি নাথাকিবি, গঁড়ে মানুহতকৈও বেগাই দৌৰিব পাৰে, সাৱধান!’ তেনেতে সেই ঠাইত
পতিয়াগাওঁৰ চাকিৰাম কাইটি আহি ওলালহি, হাতত বজাৰ কৰি ওলোমাই অনা বেগ এটা৷
মানুহজনে গঁড় চাবলৈ আলিবাটৰ পৰা নামি পথাৰখনলৈ আগবাঢ়িবলৈ ল’লে৷ গঞাই হৈ হৈ কৰি
উঠিল – ‘ককাই, তুমি ভালকৈ খোজেই কাঢ়িব নোৱাৰা, ক’লৈ গৈছা, নাযাবা, নাযাবা৷’
মানুহজন আছিল সামান্য খোনা৷ উত্তৰ দিলে- ‘হে’ৰা, জনাই জানে, গঁড়ে মাৰিলে
স্বৰ্গবাসীহে হ’ম, ভয় কিহৰ হে’?’ তেওঁ আগবাঢ়ি গৈ থাকিল৷ ঠিক তেনেতে হঠাতে শোৱাৰ
পৰা উঠি গঁড়টোৱে খেদি আহিল৷ আলিবাটত ৰৈ থকাসকলে বিম্বাশৱদে লৰ ধৰিলে৷ গঁড়টোৱে
মুহুৰ্ত্ততে মানুহটোক ওফোৰাই পেলালে, তাৰপিছত ৰে’ল লাইনটোৰ ফালে দৌৰি দৌৰি
আঁতৰি গ’ল৷
চাকিৰাম কাইটিৰ থিতাতে মৃত্যু হৈছিল৷ কৰঙনৰ পৰা বুকুলৈকে মানুহজনক গঁড়ৰ
খৰ্গটোৱে ফালি পেলাইছিল৷ কাষতে পৰি আছিল হাতত লৈ থকা মোনাটো৷ মোনাটোৰ পৰা
ওলাই ছেদেলি ভেদেলি হৈ পৰি আছিল বজাৰৰ পৰা কিনি অনা কেইবাবিধো পাছলি আৰু কেইবাটাও
মৰা মিৰিকা মাছ! তেখেত স্বৰ্গবাসী হ’ল নে নহ’ল কোনেও গম নাপালে৷
আমি খ-শ্ৰেনীত পঢ়ি থাকোতে এদিন দুপৰীয়া হঠাতে ৰাইজ আলিবাটলৈ ওলাই আহিল –
গঁড় ওলাইছে, গঁড় ওলাইছে! ৰে’লৰ আলিৰ দাঁতিয়ে দাঁতিয়ে গঁড় এটা দৌৰি দৌৰি গৈ
আছে৷ – সেইটো, সেইটো৷ সকলোৱে আঙুলিয়াই দেখুৱাইছিল, মই কিন্তু নেদেখিলো৷
১৯৭৮-৭৯ চন৷ বিদেশী বহিষ্কাৰ আন্দোলন আৰম্ভ হওঁ হওঁ৷ ডেকা ল’ৰাহত ঘৰলৈ ৰাতি
পলমকৈ ওভতাৰ অভ্যাস ঠিক আৰম্ভ হোৱাৰ সময় আছিল সেইটো৷ ৰাতি দহমান বাজিছে, ঘোপমৰা
আন্ধাৰ! মাগুৰমৰা গাওঁৰ শশীদা চেন্টাৰৰ পৰা চাইকে’ল লৈ ঘৰলৈ উভতি আহিছে৷ আন্ধাৰত
বেছি দূৰলৈ মনিব নোৱাৰি – তথাপিও অসুবিধা পোৱা নাই, চিনাকী ৰাষ্টা৷ উদয়পুৰত, ঠিক
ৰাষ্টাৰ ওপৰতে, হঠাতে সমূখত ক’লা ৰঙৰ কিবা এটা ৰৈ থকা যেন অনুমান হ’ল৷ শশীদাই
পেডেল মৰা বন্ধ কৰিলে৷ পিছমূহুৰ্ত্ততে তেঁও নিশ্চিত হ’ল- হয়, ভুল হোৱা নাই, সেইয়া
সমূখত আৱিৰ্ভাৱ হৈছে অসমৰ জাতীয় প্ৰতীক -পোৱালী হাতী এটাৰ সমান আকাৰৰ এটা প্ৰকাণ্ড
এশিঙীয়া গঁড়৷ কিংকৰ্তব্যবিমূড় হৈ শশীদাই ব্ৰেক মাৰিবলৈও পাহৰি গ’ল৷ মাথোঁ
গঁড়টোক খুন্দা নামাৰিবলৈ গাটো কিছু হলাই দিলে৷ কমল হাজৰিকাৰ ঘৰৰ কাষেদি সোমাই যোৱা
গলিটোৰ কোণটোতে দ হোলা এটা আছিল৷ তাতে বিহলঙনী-ঢেঁকীয়া-কঁচু-মেটেকাৰ ওপৰত চাইকেল
সহিত শশীদা এখাৱৈ হৈ পৰিলগৈ! সেইমূহূৰ্ত্তত তেওঁৰ হেনো ভালুক দেখা দুই বন্ধুৰ
সাধুটো চেৰেং কৈ মনত পৰি গ’ল আৰু তাতে সেইফালেই নিতাল মাৰিলে! গঁড়টোৱেও আগতে
নেদেখা দৃশ্য এটা দেখাত আৰু আগতে নোহোৱা অভিজ্ঞতা এটা হোৱাত এখোজ দুখোজকৈ
খাৱৈটোলৈ আগবাঢ়ি গ’ল৷ শশীদাক এবাৰ শুঙি চালে৷ বিশ্বাসী বন্ধুৰ সাধুটোত ভালুকটোৱে
তলত মৰা ভাওঁ ধৰি শুই থকা বন্ধুটোক যেনেকৈ শুঙিছিল, তেনেকৈ! তাৰপিছত জাতীয় প্ৰতীক
গুৰু-গম্ভীৰ খোজেৰে সেই গলিটোৱেদি ৰে’ল ষ্টেচনৰ ফালে আঁতৰি গুচি গ’ল৷
ঘটনাটো ৰাতিপুৱাই ৰাষ্ট্ৰ হৈ পৰিল৷ শশীদাই হেনো কৈছে – ‘মই যদি জাপ মাৰি
নামি গাৰ ওপৰত চাইকেলখন জাপি নল’লোহেঁতেন, মোৰ ফালে আধ্যাই পৰিলহেঁতেন!’ তেখেতৰ
লগত ঘনিষ্ঠ দুজনমানে অধিক তথ্য লাভ কৰাৰ সুঁৰত ক’লে- গঁড়টোৱে হেনো জিভাখন লগাই
শশীদাৰ ভৰিত চেলেক এটা মাৰিও চাইছিল৷ বন্যপ্ৰানী সম্পৰ্কে বিস্তৰ অভিজ্ঞতা জাহিৰ
কৰি কেইজন মানে কথাষাৰ কাটিলে – ‘থ হেৰৌ, গঁড়ে চেলেক মাৰিলে গাৰ ছাল এৰাই যাব,
মঙহৰ এফাল এৰুৱাই লৈ যাব!’ আন কোনোবা চকু চৰহাই ক’লে- গোলাপী নিচাতে সি
চৰাইজনীয়া গাওঁৰ কাৰোবাৰ ঘৰৰ গোনা মহ দেখি আহিল! গঁড় দেখাটো মিছা, এখাৱৈ হৈ পৰি
থকাটো সঁচা!
কিন্তু গঁড় ওলোৱা কথাটো সঁচা আছিল৷ পিছদিনা বয়সস্থ অভিজ্ঞজনে গলিটোত পৰি
থকা গঁড়ৰ খোজ চিনি পাইছিল৷
আমি সপ্তম শ্ৰেনীত পঢ়ি থাকোতে পহুছোৱা গাওঁত গঁড় এটা ওলোৱাৰ খবৰ ওলাইছিল৷
পহুছোৱা পাৰ হৈ চাপৰিয়েদি গঁড়টো হেনো নিজে নিজে গৈ লুইত পাৰ হৈ কাজিৰঙা
পাইছিলগৈ৷ তেতিয়াৰ দিনত গঁড় মাৰি তাৰ খৰ্গ কাটি নি ধন ঘটাৰ কথা সম্ভৱ কোনেও
চিন্তা কৰা নাছিল৷ এনে কামক গৰ্হিত বুল ভবা হৈছিল৷
কাজিৰঙাৰ সিপাৰে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত প্ৰকৃতিয়ে অকৃপণ
ভাবে দান কৰা সৌন্দৰ্যৰে ভৰপূৰ সেই অঞ্চলত বছৰটোৰ কোনো কোনো সময়ত প্ৰায়েই গঁড়
ওলাইছিল৷
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু
চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷
আগতে প্ৰকাশ কৰা এই কাহিনীটোকো “জীৱন বাটৰ
ৰস”-ৰ অংশ কৰিবৰ মন গ’ল৷ ইয়াৰ যিকোনো এটা
খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)
No comments:
Post a Comment