Friday, March 18, 2022

স্বাধীনতাৰ অমৃত মহোৎসৱঃ মানিকী জেঠাই


 


স্বাধীনতাৰ অমৃত মহোৎসৱঃ মানিকী জেঠাই
আমাৰ দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ হ’ল। সেই উপলক্ষে “স্বাধীনতাৰ অমৃত মহোৎসৱ” নাম দি কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশে বছৰজোৰা এলানি কাৰ্যসূচী পালন কৰি আছে। ইয়াৰ উদ্দেশ্য বৰ্তমানে পাহৰি যাব খোজা অনেক স্বাধীনতা যুঁজাৰুৰ লুপ্তপ্ৰায় কাহিনী পাহৰণিৰ গৰ্ভৰ পৰা তুলি আনি ৰাইজক অৱগত কৰোৱা। বাতৰি কাগজ, অনাতাঁৰ আৰু দূৰদৰ্শনত আগেয়ে নজনা এনে বহু সঁচা কাহিনী জানিব পাৰিছোঁ।
এই সন্দৰ্ভত মোৰ মনত বাৰে বাৰে এটা কথা মনত পৰি আছে।
এতিয়া বিশ্বনাথ, আগৰ শোনিতপুৰ আৰু স্বাধীনতা সংগ্ৰামৰ সময়ৰ দৰং জিলাৰ আমাৰ অঞ্চলটো আছিল জ্যোতিপ্ৰসাদ আগৰৱালা, তুলসীচন্দ্ৰ হাতীবৰুৱা, লক্ষীনাথ বৰুৱা, বিজয়চন্দ্ৰ ভাগৱতী আদিলোকৰ প্ৰধান কৰ্মস্থলী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰীডাৰ প্ৰয়াত যজ্ঞেশ্বৰ হাতীবৰুৱা আৰু গীতিকবি কেশৱ মহন্তৰ আত্মজীৱনতো আমাৰ অঞ্চলটোৰ সেই সময়ৰ স্বাধীনতা সংগ্ৰামৰ কিছু কথা লিপিবদ্ধ হৈছে।
মই সৰুতে শুনা সেই সময়ৰ এটা কাহিনী আৰু এগৰাকী নাৰীলৈ মোৰ এতিয়াও বৰ মনত পৰি থাকে।
মোৰ বয়স তেতিয়া নিচেই সৰু, স্কুললৈ যাবলৈ আৰম্ভ কৰিছোঁহে মাত্ৰ। তেতিয়াই তজবজীয়া সদায় হাঁহি মাতি থকা এগৰাকী পৌঢ় মহিলা আমাৰ ঘৰলৈ প্ৰায়েই আহিছিল। তেখেতৰ মাতটো মোটা আছিল আৰু তামোলৰ পিকেৰে মুখখন প্ৰায়েই ৰঙা হৈ আছিল। শৰীৰ লাহী আছিল। আমাৰ অঞ্চলটোত বাস কৰা হাজাৰ হাজাৰ নিম্ন মধ্যবিত্ত পৌঢ় মহিলাৰ দৰে হলেও তেখেতৰ কেতবোৰ কাম আৰু কথাৰ বাবে তেখেত এগৰাকী আগৰণুৱা নাৰী হিচাপে চকুত পৰা ধৰনৰ আছিল। তেখেতক আমি মানিকী জেঠাই বুলি সম্বোধন কৰিছিলো। তেতিয়াই শুনিছিলোঁ,- স্বাধীনতা সংগ্ৰামত মানিকী জেঠাইয়ে লোৱা অগ্ৰণী ভূমিকাৰ কথা। শুনিছিলোঁ,- এবাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত সেই অঞ্চলৰ গাঁৱবোৰৰ পৰা ৰাইজ আন্দোলন কৰিবলৈ আলিবাটলৈ ওলাই আহিছিল। তেনেকুৱা সময়ৰে এদিন মাগুৰমাৰী গাওঁত হোৱা এখন সভাত উদাত্ত কণ্ঠেৰে জ্যোতিপ্ৰসাদে ভাষণ দি সমবেত ৰাইজক আবেগিক কৰি তুলিছিল। তাৰপিছত আছিল ৰাইজৰ পৰা দান বৰঙনি সংগ্ৰহ কৰাৰ কাৰ্যসূচী। গঞাই নিজ নিজ সামৰ্থ্য অনুসৰি যিয়ে যি পাৰে তাকে আগবঢ়াইছিল। দেশপ্ৰেমত গদ্গদ্ হৈ মহিলাৰ মাজত জিলিকি থকা মানিকী জেঠাইয়ে কাণত পিন্ধি থকা থুৰীয়াযোৰৰ পৰাই এখন কাণৰ পৰা এপাত থুৰীয়া খুলি স্বাধীনতা সংগ্ৰামলৈ বুলি দান দিছিল। তেখেতৰ সেই কামে নাৰীসমাজত নিশ্চয় ব্যাপক প্ৰভাৱ পেলাইছিল আৰু ৰাইজৰ সংগ্ৰামী সত্তাক অধিক শক্তিশালী কৰাত বহু সহায় কৰিছিল। শুনা মতে, কাণত পিন্ধি থকা সেই থুৰীয়াজোৰেই আছিল মানিকী জেঠাইৰ একমাত্ৰ সোণৰ সম্পদ।
পিছলৈ, তেখেতৰ পুত্ৰ দুলালদাক আমি লগ পাইছিলো। তেখেতসকল খাতিখোৱা ঘৰৰ সদস্য আছিল। মোৰ মনত প্ৰায়েই এটা প্ৰশ্নৰ উদয় হৈছিল। এজোৰ থুৰীয়াৰ এপাত দান দিয়াৰ পিছত সিপাতৰ কি হ’ল? দেশে স্বাধীনতা পোৱাৰ পিছত তেখেতৰ আকৌ এপাত থুৰীয়া গঢ়াবৰ মন গৈছিল নেকি? নে, ৰূঢ় বাস্তৱত, হাতত থাকি যোৱা পাতো এদিন খোৰাকী খোৱাৰ নামত মানিকী জেঠাইয়ে বিক্ৰি কৰি দিবলৈ বাধ্য হৈছিল? মোৰ মনত এনে প্ৰশ্নৰ উদয় হোৱাৰ বহু আগতেই মানিকী জেঠাইয়ে ইহ সংসাৰৰ পৰা মেলানি মাগিছিল।স্বাধীন দেশে স্বাধীনতা সংগ্ৰামীসকললৈ আগবঢ়োৱা চৰকাৰী অনুদান, পুৰষ্কাৰ আদিৰ তালিকাত মানিকী জেঠাইৰ নামটো সোমোৱাৰ কথাই নাছিল!
চতিয়াৰ পৰা উত্তৰফালে বৰপামলৈ যোৱা পথটোৰ সাপেখাতী বুলি কোৱা অঞ্চলটোতে মানিকী জেঠাইৰ ঘৰ আছিল। তেখেতৰ এজন ল’ৰাৰ নাম দুলাল। দুলাল বৰা (!)। মানিকী জেঠাইৰ কাহিনী ক’বলৈ মই বৰদেউতা বা জেঠাই বুলি মাতিব পৰা সেই অঞ্চলটোত এতিয়া আৰু কোনো জীয়াই থকা নাই। তথাপিও মোৰ দৃঢ় বিশ্বাস, মানিকী জেঠাইৰ সেই জীয়া কাহিনীৰ চাক্ষুস বৰ্ণনা দিব পৰা কোনোবা নহয় কোনোবা মানুহ এতিয়াও আমাৰ অঞ্চলটোত জীয়াই আছে।
আমাৰ ঠাইৰ মোৰ ভাতৃসম সাংবাদিক বন্ধুসকলক মই অনুৰোধ জনাইছোঁ, পাহৰনিৰ গৰ্ভৰ পৰা সাধাৰণ হৈও অসাধাৰণ, নিস্বাৰ্থ দেশপ্ৰেমৰ চিনাকি দিয়া নিমাখিত মানিকী জেঠাইৰ কাহিনীটোৰ লগত ৰাইজক চিনাকি কৰি দিবলৈ আপোনালোকে অলপ কষ্ট কৰিবনে?