Friday, June 22, 2018

জীৱন বাটৰ ৰসঃ আকৌ সৰ্বেশ্বৰ ছাৰ (৫৩)

জীৱন বাটৰ ৰসঃ আকৌ সৰ্বেশ্বৰ ছাৰ (৫৩)

কুঁৱা আৰু শৌচাগাৰ ওচৰা-ওচৰিকৈ থকাটো এসময়ত অসমীয়া মানুহে স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক বুলি ভাবিছিল৷ ইঠাইৰ পৰা সিঠাইলৈ দূৰত্ব কম হলে মাটিৰ তলে তলে বেকটেৰীয়াবোৰ চলি গৈ পানীৰ লগত মিহলি হৈ যোৱাৰ সম্ভাৱনা থাকে, আৰু সেই পানীৰ পৰা বিভিন্ন বেমাৰৰ সূত্ৰপাত হয় বুলি অসমীয়া মানুহে তেতিয়াই এটা “বৈজ্ঞানিক মনোভাৱ” পোষণ কৰিছিল৷ সেয়ে বহুতৰ ঘৰৰে শৌচাগাৰটো আছিল মূলঘৰৰ পৰা নিলগত - বাৰিচুকত৷ কুঁৱাটোৰ ওচৰতে একাষৰীয়াকৈ পুৰণা ভেঁমেচা,  চিমেন্ট লাগি থকা বাল্টি এটা দেখা পোৱা গৈছিল, তাতে কুঁৱাৰ পৰা পানী এবাল্টি লৈ লোক “বাহিৰ ফুৰিব”লৈ গৈছিল৷ এই অভ্যাসটোৰ পৰা এটা কথা আওঁপকীয়াকৈ প্ৰমান কৰিব পাৰি যে সেইসময়ত অসমীয়া মানুহৰ স্বাস্থ্য এতিয়াতকৈ যথেষ্ট উন্নত আছিল আৰু সঘনে এতিয়াৰ দৰে শৌচাগাৰ ব্যৱহাৰ কৰিব লগা নহৈছিল৷ সঘন পেটৰ অসুখত ভুগিছিল নে নাই আৰু যদি ভুগিছিল, তাৰ লগত ভেজাল সামগ্ৰী বা ৰাসায়নিক সাৰৰ কি সম্পৰ্ক  আছিল সেইটো এটা বেলেগ গৱেষণাৰ বিষয়৷ মন কৰিবলগীয়া কথা, গা-ধোৱা ঘৰটো কিন্তু সদায় কুঁৱাটোৰ সমীপতে আছিল৷ তামোলৰ ঢকুৱা বা বাঁহৰ কামিৰে (চ’ছলি) গা-ধোৱা ঘৰৰ বেৰকেইখন দিয়া হৈছিল, তলত শিলগুটি বা সহজে পানীয়ে নষ্ট কৰিব নোৱাৰা কাঠ পাৰি মজিয়াখনৰ ব্যৱস্থা কৰা হৈছিল৷ ছাল নাছিল৷  এনেধৰণৰ গা-ধোৱা ঘৰৰ অৱস্থানটো নিৰাপদ হোৱাটো বৰ প্ৰয়োজনীয় কথা আছিল, কাৰণ তামোলৰ ঢকুৱা বা বাঁহৰ কামিৰ মাজেৰে সৰকি যাব পৰা দৃষ্টিশক্তিক শ প্ৰতিশদ বাধা দিয়াৰ ক্ষমতা এই বেৰবোৰৰ নাছিল৷ আন এটা দৃষ্টিকোণৰ পৰা চাবলৈ হ’লে ভিতৰৰ পৰা বাহিৰখন দেখি থকাৰ এটা অনাকাংক্ষিত সুবিধাও আছিল এই ব্যৱস্থাত৷ কোনো কোনোৱে বেৰত পুৰণি উৱঁলি় যোৱা টিনপাত লগাই দিও আবুৰটো অধিক সুৰক্ষিত কৰিব বিচাৰিছিল৷ প্লাষ্টিকৰ ব্যৱহাৰ তেতিয়া বৰ কম আছিল৷ এবাৰ তেনে এটা গা-ধোৱা ঘৰত সোমাই মই হঠাতে উচপ খাই উঠিছিলোঁ - মুগাৰ কাপোৰ, ডিঙিত ডুগডুগী আৰু হাতত গাম খাৰু পিন্ধা ধুনীয়া গাভৰু ছোৱালী এজনীয়ে মোলৈ চাই  হাঁহি আছে! পিছমূহূৰ্ততে ভ্ৰম ভাগিছিল ৷ স্থানীয় বিহুমেলা এখনত ব্যৱহাৰ কৰিবলৈ অঁকা সেইখন আছিল এখন চাইনবৰ্ড৷ পেলাই দিয়াতকৈ এলুমিনিয়ামৰ পাতল টিনখন গৰাকীয়ে আনি গা-ধোৱা ঘৰতে স্থাপন কৰি থৈছিল,কোনোবা চিত্ৰকৰে নিখূঁটভাবে অঁকা ছবিখন তেতিয়াও জীৱন্ত হৈয়েই আছিল৷

পকা চেনিটেৰি ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে এই ব্যৱস্থা আৰু সুবিধাবোৰৰ ব্যাপক সলনি ঘটিল৷ কুৰী বছৰমান সময়ৰ ভিতৰতে অসমৰ ঘৰে ঘৰে চেনিটেৰি বাথৰুমে গা কৰি উঠিল৷ কুঁৱাৰ ওচৰতে ওখ ভেটিত দুটা সৰু সৰু কোঠা  থিয় হ’ল– এটা শৌচাগাৰ, আনটো স্নানাগাৰ৷ বিলাতী মাটিৰে গঢ়া পক্কা ব্যৱস্থা, বেকটেৰীয়া সৰকিব নোৱাৰে৷ ভেমেচা বাল্টিৰ ঠাই ল’লে প্লাষ্টিকৰ ৰঙ বিৰঙৰ পাত্ৰই৷ স্নানাগাৰৰ ডাঙৰ ডাঙৰ বাল্টিত আলধৰা ল’ৰা-ছোৱালীয়ে সময়মতে কুঁৱাৰ পৰা পানী তুলি ৰঙ-বিৰঙৰ পাত্ৰ চপচপীয়াকৈ ভৰাই থোৱাৰ সুবিধা ওলাল৷ এসময়ত সেই ব্যৱস্থাৰো সলনি হৈ ‘ৰানিং ওৱাটাৰ’ আহিল, টেইপ খুলিলেই পানী পৰে৷ এনেকৈয়ে এদিন গোটেই ব্যৱস্থাটো আহি এসময়ত ঘৰৰ ভিতৰ সোমালহি আৰু “বাহিৰ-ফুৰা” শব্দ দুটা অসমীয়া সমাজৰ পৰা বাহিৰ ওলাল৷

সৰ্বেশ্বৰ ছাৰৰ এই কাহিনীটো সেই সময়ৰ যেতিয়া বাথৰুম আহি কুঁৱা-পাৰ পাইছেহি কিন্তু তেতিয়াও ঘৰৰ ভিতৰ সোমোৱাহি নাই৷ ৰানিং ওৱাটাৰ আৰম্ভ হৈ গৈছে অৱশ্যে৷ ‘বৰা ব্ৰাদাৰ্ছ’ নামৰ দোকানখনে ছটা পানী উঠোৱা মেছিন আনিছিল, তাৰে এটা ছাৰে ল’লে৷ লোহাৰ ফ্ৰেমৰ ওপৰত ছিনটেক্স পানী টেংকি উঠিল৷ চুইছ টিপিলেই তালৈ কলকলাই পানী উঠে! প্ৰধান সমস্যা হ’ল ছুইচটো বন্ধ কৰিবলৈ মনত ৰখাটোহে! আজি গা-ধোৱা ঘৰত সোমায়েই ছাৰে লক্ষ্য কৰিলে পাইপ এডালৰ জইন্ট এটাৰ পৰা পানী বিৰিঙিছে৷ তাতে ৰবৰ এডাল পকাই পকাই বান্ধি থাকোঁতে ভালিখিনি সময় লাগিল, ইপিনে এঘাৰ বজাত ছাৰক নিবলৈ অহাৰ কথা৷ নীলিমা ভৱনত ইষ্টান্তিক ক্লাবে বিজ্ঞান বিষয়ৰ আলোচনা চক্ৰ এখনৰ আয়োজন কৰিছে, ছাৰ তাৰেই মূখ্য বক্তা৷ এসময়ত কটন কলেজত বিজ্ঞান শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাৰ৷ এতিয়াৰ দৰে তেতিয়া বিজ্ঞানৰ শিক্ষকে হাতৰ আঙুলিত গ্ৰহদোষ খণ্ডণ কৰিবলৈ ৰত্ন ধাৰণ কৰা দৃশ্য সুলভ নাছিল৷ ছাৰে লগ পোৱা কেইবাজনো চাহাব কথাই কামে বিজ্ঞানৰ শিক্ষক আছিল৷

কেতিয়াবা অঞ্চলটোত গধূলিতে কাৰেন্ট যায়৷ চোতালত, মুকলি আকাশৰ তলত আৰামী মুঢ়া এটাত বহি লৈ গামোছা এখনেৰে মহ খেদি খেদি ছাৰে বিজ্ঞানৰ কাহিনী কিছুমান ঘৰখনক কৈ শুনায়৷ কথাখিনি ঘৰৰ সকলোৰে বাবে কয়, কিন্তু কথাৰ মাজে মাজে নাইনতে স্কুল এৰি ছাৰৰ ঘৰত কাম কৰিবলৈ অহা প্ৰফুল্লৰ নামটো মাজে মাজে লৈ থাকে৷
-          বুইছ প্ৰফুল্ল, আমাক জীৱবিজ্ঞান পঢ়াইছিল পিটাৰছন বোলা চাহাব এটাই৷ কি সুন্দৰ পঢ়ায়!
প্ৰফুল্লই শলাগি যায়৷ সি বুজি পায় কথাখিনি তাৰ বাবে নহয়, মূলতঃ নিলয় আৰু বাইদেউৰ বাবেহে৷ এদিন ছাৰে জীৱতত্ববিদ ছালৰ্ছ ডাৰউইনৰ বিবৰ্তন সুত্ৰৰ কথা কৈ আছিল৷ মানুহৰ পুৰ্বপুৰুষ হেনো বান্দৰ আছিল৷ কালক্ৰমত গাৰ নোম, নেগুৰ আদি নোহোৱা হৈ গৈ মানুহ হ’লগৈ৷ বিজ্ঞানীজনৰ “নেচাৰেল চিলেকচন্‌” নামৰ বিখ্যাত তত্ব এটা আছে হেনো৷ ভবিষ্যতেও মানুহৰ ৰূপটো বেলেগ হোৱাৰ সম্ভাৱনা আছে! তলকা লাগি শুনি থকা প্ৰফুল্লই পিছদিনা ছাৰ নাথাকোঁতে বাইদেউক সুধিলে, - “বাইদেউ, ছাৰে যে ক’লে মানুহ বান্দৰৰ পৰা সৃষ্টি হৈছে বুলি কথাটোত কিন্তু মোৰ সন্দেহ আছে৷ আমাৰ ঘৰৰ পিছফালৰ বাৰীখনত এজাক মলুৱা বান্দৰ আছে, আমি অতকালে সিহঁতৰ এটাৰো গাৰ নোম সৰি মানুহ হোৱা নেদেখিলোঁ, আনকি নেগুৰডাল ছুটী হোৱাই দেখা নাই! ছাৰে নো সেইখন ক’ত কি পঢ়ি আহিল!” হোঁহোৱাই হাঁহি বাইদেউৱে ক’লে- “হেৰৌ, সেইবোৰ হ’বলৈ বহুদিন লাগে, এটা জীৱনকালতে হোৱা কথা নহয় এইবোৰ!” কেতিয়াবা পুত্ৰ নিলয়ক ছাৰে পঢ়াবলৈ লয় আৰু বহুত ধুনীয়া ধুনীয়া কাহিনী কৈ যায়৷ প্ৰফুল্ল আৰু বাইদেউৱে তলকা মাৰি শুনি থাকে৷

ছাৰে ফুটা মাৰিবলৈ পুৰণি চাইকেলৰ টিউব বিচাৰি বাইদেউক চিঞৰি থকা সময়তে ঘনশ্যাম পণ্ডিত পদূলিয়েদি সোমাই আহিল৷ বাইদেউৰ হিচাপটোত খেলিমেলি লাগি গ’ল৷ এঘাৰ বজাৰ পিছত মতা বামুণটো এঘন্টাৰ আগতেই আহি উপস্থিত! একমাত্ৰ পুত্ৰ নিলয়ৰ সম্বন্ধ বিচাৰি বাইদেউৱে নগাৱঁত, নিজৰ ঘৰত খবৰ দি ছোৱালী দুজনীৰ কুণ্ডলীদুখন অনাই থৈছিল, ছাৰে গম নোপোৱাকৈ৷ দুয়োজনীয়েই দেখাত ওখ-পাখ, চকুত লগা ছোৱালী, নিলয়ৰ লগত মিলিব৷ এজনীয়ে বি.এ. পাছ কৰি ‘ল’ পঢ়িছে৷ সিজনীয়ে এইবাৰ অসমীয়াত এম.এ. দিব৷ ৰাহি-যোৰা আহিবনে নাহে তাকে গণনা কৰি চাই দিবৰ বাবে বাইদেউৱে অঞ্চলটোৰ প্ৰসিদ্ধ গণক ঘনশ্যাম পণ্ডিতক মতাই পঠাইছিল৷ বাৰে বাৰে কৈছিল – এঘাৰ বজাৰ পিছত আহিবলৈ ক’বি, কিন্তু দহ নৌ-হওঁতেই পণ্ডিত আহি হাজিৰ৷

গ্ৰহৰত্ন, পৰজন্ম, ভূত, আত্মা, নেদেখাজনা – এইবোৰত ছাৰৰ একেবাৰেই বিশ্বাস নাই৷ ইংৰাজী ভাষাত ‘এগনষ্টিক্‌’ বুলি এটা শব্দ আছে, শব্দটোৰ অসমীয়া ৰুপান্তৰ অজ্ঞেয়বাদী৷ ছাৰ অজ্ঞেয়বাদী, অৰ্থাৎ ঈশ্বৰ আছে নে নাই সেই সম্পৰ্কে ছাৰ নিশ্চিত নহয়, জানিবলৈ ইচ্ছুকো নহয়৷ সেয়ে পূজা-পাৰ্বণ, যাগ-যজ্ঞ, মন্দিৰ-দেৱালয় দৰ্শন আনি কামবোৰ ছাৰে বাইদেউলৈ এৰি দিছে – ‘যি মন যায় কৰি থাকা, কিন্তু মোক নাটানিবা৷’ কাৰেন্ট নোহোৱা সময়ত মুকলি আকাশৰ তলত বহি লৈ এইটো প্ৰসংগত ছাৰে কেতিয়াবা কয় – “বুইছ প্ৰফুল্ল, মই এবাৰ বিলাতলৈ যোৱাৰ সুবিধা পাইছিলোঁ৷ ইজিপ্তৰ কাইৰো নামৰ বন্দৰটোত আমাৰ জাহাজখন এদিনৰ বাবে ৰৈছিল৷ তেতিয়াই আমাক এটা মছজিদ দৰ্শন কৰিবলৈ লৈ গৈছিল৷ তালৈ উঠি যোৱা চিৰিটো আছিল মাৰ্বলেৰে নিৰ্মান কৰা, ইমান পৰিষ্কাৰ যে জোতাত লাগি যোৱা ধূলিয়ে লেতেৰা কৰিব বুলি জোতাযোৰ নিজৰে খুলি যাবৰ মন যায়৷ খুলি থৈ যোৱা ব্যৱস্থাও আছে৷ কিন্তু আমাৰ দেশত কি হয় কোৱাচোন? ইয়াত জোতা-চেন্দেল পিন্ধি যোৱা নিষেধ! চাইনবৰ্ড ওলমি আছে৷ অথচ, গেলা কলৰ বাকলি, তামোলৰ পিক, থু-খেকাৰৰ মাজত ভৰি দিবলৈ উপায় নাই৷ ভক্তগণেতো সেয়া শ্ৰীকৃষ্ণৰ থু-খেকাৰ বুলিয়েই ফেনেকি যাব, মইতো নাযাম!” সেয়ে এইটো বিভাগ বাইদেউৰ৷

ডাঠ পাৱাৰৰ চশমাৰ মাজেদি দৃষ্টি বান্ধি পণ্ডিতে তন্ন তন্নকৈ কাগজদুখন চালে৷ আন এখন কাগজত কিবাকিবি লিখিলেও৷ – ‘আহিছে, দুয়োজনীৰ লগতে মিল খাইছে৷ পুৰণিগুদামৰ জনীৰ লগত যদি গোত্ৰ মিলে তেনেহলে ৰাজজোৰা৷’
-          আপোনালোকৰ গোত্ৰ কি?
বহুদিন আগতে এই প্ৰশ্নটো এবাৰ ছাৰকো সোধা হৈছিল, ছাৰে তপৰাই উত্তৰ দিছিল – বান্দৰ! ছাৰ গহীন হৈ আছিল, পণ্ডিত বিব্ৰত হৈছিল, বাইদেউৱে লাজ পাইছিল৷ বিয়াৰ সময়ত, তেত্ৰিছ বছৰৰ আগতে গোত্ৰৰ কথা ওলাইছিল নিশ্চয়, কিন্তু বাইদেউৱে এতিয়া সেইবোৰ পাহৰিলে৷


নাভিটোৰ ওপৰত ধুতিখন লুঙিৰ দৰে পিন্ধি লৰালৰিকৈ ছাৰ গো-ধোৱাঘৰৰ পৰা আহি শোৱনীকোঠা পাইছেহি৷ ঠিক সেই সময়তে প্ৰফুল্লও চাহ একাপ হাতত লৈ আহি চ’ৰাঘৰ পালেহি৷

পণ্ডিতে বাইদেউক আকৌ সুধিলে – “ল’ৰাৰ গোত্ৰ কি? মানে আপোনালোকৰ পূৰ্বপুৰুষৰ পৰিচয়টো, পৰিয়ালৰ মূল পিৰীটো, গোত্ৰটো কি?”
বাইদেউৱে একো উত্তৰ দিব নাপালেই৷ ছাৰৰ লগত থাকি পাগত উঠা প্ৰফুল্লই তেপেৰকৈ মাত লগালে – “বান্দৰ, মলুৱা বান্দৰ, আমাৰো বান্দৰ, আপোনাৰো বান্দৰ, সৱৰে পূৰ্বপুৰুষ একেই!”


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনীৰ জনক স্বয়ং সৰ্বেশ্বৰ ছাৰৰ ল’ৰা সৌৰভ, আটাইৰে চিনাকি জনপ্ৰিয় অভিনেতা সৌৰভ হাজৰিকা৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)

Sunday, June 17, 2018

জীৱন বাটৰ ৰসঃ আকৌ পূৰ্ণেশ্বৰ ছাৰ (৫২)

জীৱন বাটৰ ৰসঃ (৫২)

(সপ্তাহৰ হিচাপেৰে ৫২টা সপ্তাহে এটা বছৰৰ সৃষ্টি কৰে৷ সেই হিচাপত “জীৱন বাটৰ ৰসে” যোৱা ৰবিবাৰে এটা বছৰ সম্পূৰ্ণ কৰিলে৷ যোৱা বছৰৰ ২৫ জুন তাৰিখে মুম্বাই বিমানকোঠত এখন বিমানৰ পৰা নামি আহি আন এখনলৈ ৰৈ থকা সময়ছোৱাতে মই প্ৰথম খণ্ডটো লিখি উলিয়াইছিলো৷ সেই খণ্ডটো ৪৯ জন লোকে ‘লাইক’ কৰিছিল আৰু ৪৫ জনে তেওঁলোকৰ মন্তব্য দিছিল৷ হাস্যৰস মোৰ প্ৰিয় ৰস, লিখিবলৈ মনত আছে এটা প্ৰৱল আসক্তি৷ এই দুয়োটাকে মূলধন কৰি মই এই সুৰৰ সপ্তাহত এটাকৈ লিখা প্ৰকাশ কৰিবৰ বাবে সেইদিনাই দঢ় প্ৰতিজ্ঞ হ’লো৷ যোৱা ৫১ টা সপ্তাহত অনেকৰে চিনাকি চন্দ্ৰপেহা, শ্ৰদ্ধাৰ সৰ্বেশ্বৰ ছাৰ আৰু পূৰ্ণশ্বৰ ছাৰৰ হাতত ধৰি সপোন আৰু ছঁয়ামঁয়া স্মৃতিৰ পৰা আনি ধুই পখালি অনেক চৰিত্ৰকে মই পাহৰিণৰ গৰ্ভত চিৰদিনৰ বাবে লীন হৈ যোৱাৰ বাটত আগভেটি ধৰিবৰ প্ৰয়াস কৰিছোঁ, সময়ৰ সোঁতত লুকাই পৰা এছোৱা সময়ৰ স্মৃতিক আকৌ সজীৱ কৰাৰ প্ৰচেষ্টা কৰিছো৷ এই লেখাবোৰক যেনেকৈ কোনোবাই “গোবৰ” বুলি আঁতৰাই থ’ব খোজে আন কোনোবাই আকৌ আগ্ৰহেৰে পঢ়িবৰ বাবে  সাতদিন ৰৈও থাকে৷ সময় নোপোৱাৰ দোহাই দি বহুবছৰ মোৰ নিলিখাকৈয়ে পাৰ হৈছিল৷ ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰে কৈছিল – “ডাঙৰ ডাঙৰ কামৰ ফাঁকে ফাঁকে বহুতো সৰু সৰু সময় লুকাই থাকে, সেই বোৰ উলিয়াই আনি কামত লগাব জনাটোহে আচল কথা৷” ছাৰে ঠিক কথাই কৈছিল ৷ সেয়ে, মোৰ উপস্থিতি ঘৰৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, ঘৰত আলহী থকা অৱস্থাতেই হওক বা মই নিজে আলহী হৈ থকা সময়তেই হওক, এই কামটোত মই যোৱা এটা বছৰে ব্যাঘাত জন্মিবলৈ দিয়া নাই, প্ৰতি সপ্তাহৰ অন্তত ৰবিবাৰে নিশা বাৰ বজাৰ আগে আগে লেখাটো মই পাঠকৰ বাবে উলিয়াই দিছোঁ৷ যোৱা ৰবিবাৰে অভিজিত আৰু নিলোৎপলক হেৰুৱাৰ দুখত অসম আৰু অসমীয়া ম্ৰিয়মান হৈ আছিল৷ এতিয়াও হাঁহিব পৰা পৰিস্থিতি ঘুৰি অহা নাই৷ তথাপিও, লিখিলোঁ এইবাৰ – শ্ব’ মাষ্ট গ’ অন! আৰম্ভনিৰ সময়ত ফে’চবুকত মোৰ অসমীয়া বন্ধুৰ  সংখ্যা আছিল মাত্ৰ ১৭৬ জন৷ এতিয়া এই সংখ্যাই ১০০০ অতিক্ৰম কৰিছে৷ ফে’চবুক বন্ধুৰ এই আগ্ৰহ আৰু আন্তৰিকতাৰ বাবেই অঁকৰা মৈৰ পৰা নমা নাই ৷ এই লেখাবোৰৰ পৰিশোধিত ৰূপে যদি কেতিয়াবা গ্ৰন্থৰ আকাৰ লয়, তাৰ সম্পুৰ্ণ দুটা পৃষ্ঠা আপোনালোকক কৃতজ্ঞতা জনাবলৈয়ে খৰচ কৰিম বুলি ভাবি থৈছোঁ৷ সেয়ে এতিয়া ধন্যবাদ যাচি লঘু নকৰোঁ৷)

জীৱন বাটৰ ৰসঃ আকৌ পূৰ্ণেশ্বৰ ছাৰ (৫২)

উজ্জ্বল দুপৰীয়া চাই পঠিয়ালে ক’লা বৰণৰ ৰাস্তাটোক ৰ’দ পুৱাই পৰি থকা থকা এটা মচোৱাগোম সাপ যেন লাগে৷ ৰাষ্টাটোৰ দুয়োপাৰে দিগন্ত বিস্তৃত হৈ আছে চাহবাগান৷ বাগানৰ মাজৰ শাৰী শাৰী গছবোৰক নিয়মানুৱৰ্তীতাৰে পেৰেড কৰি থিয় দি থকা সেনা জোৱান যেন লাগে, ক’তো কেৰমেৰ নথকা পোন শাৰী৷ বেছিভাগেই কৰৈ আৰু শিৰীষ গছ৷ সেই গছবোৰৰ মাজেদিয়েই শীতকালত বহুদূৰত দৃষ্টিগোচৰ হয় হিমালয় পৰ্বতৰ শুকুলা শিখৰ৷ সৰীসৃপৰ দৰে পৰি থকা ৰাস্তাটোৰ দুয়োটা দাঁতিতে আছে দুশাৰী ভৰুণ বৃক্ষ - আজাৰ, নাহৰ, শিলিখা, নিম আদি গছৰ শাৰী ৷ বৰ্ষাকালত বৰষুণক আগভেটি ধৰি সিহঁতে বাটৰুৱাক জুৰুলীজুপুৰী হোৱাৰ পৰা ৰক্ষা কৰিব বিচাৰে৷ শীতকালত পাতবোৰে নিজে সৰি পৰি বাটৰুৱাৰ গাত ৰ’দ পৰিবলৈ বাট উলিয়াই দিয়ে, জহকালৰ ভৰ দুপৰীয়া প্ৰখৰ ৰ’দক আগচি ধৰি সিহঁতে বাটৰুৱাৰ বাবে শীতল ছাঁৰ সৃষ্টি কৰে৷ বছৰটোৰ কোনো কোনো সময়ত, যেতিয়া ৰাস্তাটোৰ ক’লা গাত ছাঁ আৰু পোহৰে লুকাভাকু খেলিবলৈ আৰম্ভ কৰে, এই গছবোৰৰ প্ৰচ্ছায়াই ৰাষ্টাটোক তেতিয়া এক অপৰূপ সৌন্দৰ্য প্ৰদান কৰে৷ বছৰৰ কোনোবা এটা সময়ত একোটা প্ৰৱল ধুমুহাই আটাইবোৰ গছকে বিধস্ত কৰি যায়৷ পাছদিনা বাটৰুৱাক যেন উচুপি উচুপি সিহঁতে গোচৰ দিয়ে- “চোঁৱাচোন চোৱা, অকণমান ৰৈ মোৰ এই দশা চাই যোৱা,  কেনেকৈ মোৰ ডালপাতবোৰ সিহঁতে তচনচ কৰি থৈ গ’ল চোৱা, লৰচৰ কৰিব নোৱাৰোঁ বাবেই মুখলৈ নোচোৱাকৈ একেবাৰে মহতিয়াই থৈ গ’ল বুইছা, ইমান নিষ্ঠুৰ, ভাবিলেই দুখ লাগে!” সিপাৰৰ পৰা সমবয়সীয়া আন এজোপাই মাত লগাই – “এইফালেও শুনাচোন অকণমান, মোৰ যে ডাল এটাও চিঙি নি সৌ বাগিছাৰ মাজত পেলালেগৈ জানা, ইমান দুৰ্দান্ত আৰু নিৰ্বোধ, গাৰ বিষত আজি জ্বৰ উঠি আছে, পাছে উস্‌ আস্‌ কৰি থাকিলেনো কি হ’ব, আমিতো আৰু দৌৰ মাৰি গৈ সৌ পাটঘৰটোত সোমাবগৈ নোৱাৰো, হয় নে নহয়?” স্থিতপ্ৰজ্ঞ ঋষিৰ দৰে ওচৰতে থকা বৃদ্ধ শিলিখাজোপা গৰজি উঠে – “তহঁতক মনে মনে থাক বুলিছো নহয়৷ হেৰৌ, এইটো চিজনত অলপ কষ্ট হয়েই, সেই বুলিয়েই বাটৰুৱা ৰখাই আমনি কৰি থাকিবি নেকি? চুপ কৰ তহঁতে৷” ওভটা পৰত বাটৰুৱাই দেখে, দুখ-বিষ পাহৰি আকৌ সিহঁতে মৃদু মলয়াৰ বা লৈ হাঁহি মাতি বিয়নি মেল মাৰিবলৈ লৈছে৷



 ৰুপালী পৰ্দাত দেখাৰ দৰে এই অপৰুপ সৌন্দৰ্যৰে সমৃদ্ধ ৰাস্তাটো পাৰ হৈ গৈছে প্ৰতাপগড়, মুখৰগড় আৰু নীলবাগান চাহবাগিছাৰ মাজেদি৷ তাৰ পিছতেই আহে এখন আটোমটোকাৰি মফচলীয় চহৰ - চাৰিআলি৷ জিলা আৰু ৰাজধানীৰ পৰা অহা বহু কেইটা বাছযাত্ৰাৰ এইটোৱেই হৈছে অন্তিম আস্থান – বিশ্বনাথ চাৰিআলি৷

ঘিলাধাৰী নামৰ নদীখন পাৰ হলেই আৰম্ভ হয় ৰাস্তাটোৰ এই মনোমোহা দৃশ্য৷ বাওঁফালে সেইয়া মেগৰ কোম্পানীৰ ‘পেৰতাপঘুৰ’ চাহ বাগিছা৷ ভালুকপেঙ ৰজাই ৰাজ্যৰ সীমা বান্ধি গড় মাৰোঁতে গড়ৰ নামটো প্ৰজাসকলে ৰজাজনৰ পোছাকী নামটোৰেই দিছিল – প্ৰতাপগড়৷ পাছে, বাগিছাৰ বাবে চাহাবসকলে মাটি অধিগ্ৰহন কৰাৰ সময়ত কথিত শব্দটোৰ লিখিত ৰূপ দিওঁতে ভুল কৰিলে৷ মহৰীজনে চাহাবে কৈ যোৱাৰ দৰেই বানানটো লিখি গ’ল৷ ফলত ঠাইখনৰ এটা নাভূত-নাশ্ৰুত নাম নিৰ্ধাৰিত হ’ল – পেৰতাপঘুৰ! প্ৰদীপক যেনেকৈ আমি পৰদীপ বুলি কওঁ, প্ৰভাতক যেনেকৈ পৰভাত বুলি কওঁ, তেনেকুৱা ভুল৷ ম্যাদী পট্টাৰ বহীত পেৰতাপঘুৰ হৈ থাকিলেও কিন্তু কোনেও তাক অতদিনে গ্ৰাহ্য  কৰা নাছিল, আনকি লোকে জনাও নাছিল৷ প্ৰতাপগড় প্ৰতাপগড় হৈয়েই আহি আছিল মানুহৰ মুখে মুখে৷ ১৯৪৭ চনৰ পিছত অসমৰ বাগিছাবিলাক বিলাতৰ পৰা পৰিচালনা কৰিবলৈ চাহাবসকলৰ অসুবিধা হোৱা আৰম্ভ হ’ল, গতিকে বাগিছাৰ মালিকানা লাহে লাহে দেশৰ কোম্পানীৰ হাতলৈ সলনি হ’বলৈ ল’লে৷ দেশী কোম্পানী কিন্তু একাচেকা বিধৰ৷ তেওঁলোকৰ মতে, অসম স্বভাৱতেই জংঘল, মানুহবোৰো জংঘলী, গতিকে প্ৰথমেই বাগিছাৰ সীমাটো লোহাৰ খুটি মাৰি তাত শিকলি আঁৰি নিকপকপীয়া কৰি লোৱা ভাল৷ সমূখত প্ৰকাণ্ড ফলক এখনো লাগে৷ সেয়ে, ঠিকাদাৰে দেশী চাহাবক সুধিলে – ছাৰ, নামটো প্ৰতাপগড়েই ৰাখোঁ, নে অফিচৰ বহীত থকাটো দিওঁ? দেশী চাহাবে দিল্লীৰ কোম্পানীৰ হে’ড কোৱাৰ্টাৰত থকা জেনেৰেল মেনেজাৰলৈ ফোন লগালে৷ জি.এমে অফিচৰ ৰেকৰ্ডত থকা নামটোৱেই দিবলৈ নিৰ্দেশ দিলে! তাৰ ফলশ্ৰুতিতেই বাগানৰ সমূখৰ গেইট্‌খনত দাঁতিত থকা প্ৰকাণ্ড ফলকখনত খোদিত হোৱা নামটো হ’ল– পেৰতাপঘুৰ!

-          ঐ মিনি, নামটাকে বদলাইল কেন ৰে’?
-          আমি কি কৰে জানব ৰে’? বেতনটা না বদলাইলেই হইল, নাম দিয়ে তুই কি কৰবি!

হয়তো, বেতনহে আচল কথা, নামটোত কাৰ কি আহে যায়!

প্ৰকৃতিৰ অকৃপণ দানেৰে সমৃদ্ধ এই ৰাস্তাটোৱেদিয়েই চাইকেল চলাই আহি আছে ইন্দ্ৰ ছাৰ আৰু পূৰ্ণেশ্বৰ ছাৰ৷ পুৰ্ণেশ্বৰ ছাৰে আজি এখন নতুন চাইকেল কিনিলে – ছৌৱিশ ইঞ্চি জোখৰ ৰেলী চাইকেল, ফুল চেইন কভাৰ থকা, সমূখত বাস্কেট এটাও লগাই লৈছে৷ দাম ল’লে ছশ ত্ৰিশ টকা৷ বে’লটো নতুন ষ্টাইলৰ – কিৰিং কিৰিং নহয়, কিৰিৰিং কিৰিৰিং৷ দোকানখনৰ পৰা মূখৰগড়লৈকে চলাই আহিছিল ইন্দ্ৰ ছাৰে৷ ইন্দ্ৰছাৰৰ চাইকেলখন আকৌ ছাৱিশ ইঞ্চিৰ, পুৰ্ণেশ্বৰ ছাৰলৈ অলপ ওখ হয়৷

জিৰণীৰ সময়ত ষ্টাফৰ লগত খাবলৈ মিতালীৰ পৰা বেচনৰ বৰফি এক কিলো কিনি লৈ দুয়োজন শিক্ষক আহি স্কুলৰ সমূখ পালেহি৷ ৰাস্তাটোৰ পৰা স্কুলখনলৈ নামি অহা গৰাটোতে পূৰ্ণেশ্বৰ ছাৰে পেডেল মাৰিবলৈ এৰি দিছিল, চাইকেলখন নৰয়হে নৰয়, একেকোবে গৈ প্ৰিঞ্চিপালৰ কোঠাৰ সমূখত থকা শিলিখাজোপাৰ তল পালেগৈ৷ অফিচটোৰ পৰা জয় চেত্ৰী ওলাই আহিল৷ ছিক্স এ’ চেকছনত চক্ৰৱৰ্তী ছাৰে অসমীয়া পঢ়াই আছিল, ছাৰো ওলাই আহিল৷ সমূখত চাইকেলখন লৈ ইতিমধ্যেই ছজনমান গোট খালে৷ ব্ৰেক মাৰিবলৈ দিয়া মিহি ৰদদুডালত ছাৰে বেঙুনীয়া প্লাষ্টিকৰ কভাৰ লগাই আনিছে, বৰ ভাল দেখিছে৷ শকত কোমল চিটকভাৰটোৰ বৰণো বেঙুনীয়া৷

বাহিৰৰ কথা বতৰা শুনি এইবাৰ ওলাই আহিল প্ৰিঞ্চিপাল বৰ-জিতেন ছাৰ৷ আটাইকেইজন সম্ভ্ৰমেৰে থিয় হৈ ৰ’ল৷ ছাৰে চাইকেলখন ষ্টেণ্ডডালৰ পৰা এৰুৱাই হেণ্ডেলডালত দুয়োটা হাতেৰে ধৰি এবাৰ হেঁচা এটা দি চালে, তাৰ পিছত পূৰ্ণেশ্বৰ ছাৰলৈ চাই সুধিলে – ছৌৱিশ?
-          হয় ছাৰ ৷
-          কিমান পৰিল?
চক খাই উঠা মানুহৰ দৰে পূৰ্ণশ্বৰ ছাৰে চাইকেলখন চাবলৈ ধৰিলে৷ কোমল চিট্‌ কভাৰখনত আলফুলে দুবাৰমান হাত বুলালে, তাৰ পাছত নিক্ষেপ কৰিলে – “নাই নাই ছাৰ, প্ৰতাপগড়ৰ গড়াটোত অলপ ইফালে-সিফালে হালিছিল, কিন্তু পৰা নাই৷ এতিয়ালৈকে এবাৰো পৰিবলৈ দিয়া নাই!”

 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটা কাহিনীৰ জনক লাটুদা অৰ্থাৎ প্ৰতুল বৰকটকী৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব- http://utpalbaruah.blogspot.com)


যেতিয়া দেৱালে দেৱালে ষড়যন্ত্ৰ. . . . . .

যেতিয়া দেৱালে দেৱালে ষড়যন্ত্ৰ. . . . . .

সকলো বাকৰুদ্ধ! সময় যেন হৈ পৰিছে স্তব্ধ! চৌদিশে প্ৰাৰ্থনা সংজ্ঞাহীনতাৰ!
ধৰি লৈছোঁ, ল’ৰাদুটা সঁচাসচি সোপাধৰাই আছিল৷ তথাপিও ইমান নিৰ্মম ভাবে মানুহক হত্যা কৰাৰ সাহস আৰু ক্ৰুৰতা ক’ৰ পৰা আহিল সেই জনজাতীয় গাৱঁৰ মানুহখিনিৰ? কেঁচু কুমটি এটা মাৰিবলৈও সংকোচ হোৱা জাতিটোৰ এই হিংস্ৰতাৰ উৎস ক’ত? উৰাবাতৰিৰ পৰা আহিল এই শক্তি?  মদ-ড্ৰাগছৰ নিচাৰ পৰা আহিল এই শক্তি?  মানুহ হত্যা কৰিব পৰা মানসিক শক্তিৰ বাবে তেওঁলোকৰতো কোনো উগ্ৰপন্থী সংগঠনৰ প্ৰশিক্ষণ নাছিল! সেই মানুহখিনিৰ মাজত কিয় এজনো মানুহ নোলাল যি আগভেটি ধৰি ক’ব পাৰিলেহেঁতেন – “হব, হব, বাদ দে, জীৱটো থাকক দে, মানুহৰ পোৱালিহে, হত্যা কৰি মহাপাপ নকৰিবি!” কিয় নক’লে কোনোৱে?

মানুহে মানুহৰ প্ৰতি হেৰুৱাই পেলাইছে কৌটিকলীয়া শ্ৰদ্ধা আৰু বিশ্বাস ৷ এই কথা পৃথিৱীৰ যিকোনো এখন দেশতে প্ৰমান কৰিব পাৰি৷ যোৱা কেইটামান বছৰত কেইবাটাও বিক্ষিপ্ত ঘটনা চাই অনুমান হৈছে ক্ৰমশঃ এই বিশ্বাসহীনতা হিংস্ৰ আৰু আক্ৰোশ হৈ উদ্গীৰণ হ’বলৈ আৰম্ভ কৰিছে৷ বেছিভাগ সময়তেই পুঞ্জীভূত নোপোৱাৰ বেদনাৰ এইয়া বৰ্হিপ্ৰকাশ! A sadistic pleasure!
অভিজিত-নিলোৎপলৰ বৰ্বৰোচিত হত্যাকাণ্ডই আমাৰ সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা আৰু সভ্যতাক উপহাস কৰিলে৷ জনসাধাৰণক নিৰাপত্তা দিয়াত প্ৰশাসন ব্যৰ্থ হৈছে৷ কেনে প্ৰজ্ঞা আৰু কাণ্ডজ্ঞানহীন লোক গৈ উপায়ুক্তৰ দৰে দায়িত্বশীল পদত অধিস্থিত হৈছেগৈ সেই সত্যও উন্মুক্ত হৈছে৷ মানুহে মানুহক নৃশংস ভাবে হত্যা কৰিব পৰা তামসিক প্ৰবৃতিৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই, ই প্ৰচলিত “অতি- মেটেৰিয়েলিষ্টিক” শিক্ষা ব্যৱস্থাৰ ফোপোলা স্বৰূপক উদঙাই দেখুৱাইছে৷  ধন-টকা-পইচা থকা ক্ষমতাশীল মানুহে দোষ কৰাৰ পিছতো সুৰুঙা উলিয়াই সাৰি যাব পাৰে - সেই কথাই সাধাৰণ মানুহৰ প্ৰচলিত ব্যৱস্থাটোৰ ওপৰত থকা বিশ্বাস দিনে দিনে হ্ৰাস কৰি আনিছে৷

আৰু অধিক ভয়ংকৰ দিন যেন সমাগত৷ তাৎক্ষণিকভাৱে যদি এটা নতুন শিক্ষা ব্যৱস্থাৰে আমি শিক্ষিত হৈ নলওঁ, আমাৰ মৃত্যু সুনিশ্চিত!


মোৰ মাতৃভাষা কোৱা নিৰীহ দুটা ফুলকুমলীয়া জীৱন একেই ভাষা কোৱা এবিধ মানুহে অকালতে কাঢ়ি লৈ যোৱাৰ দুখত, দুখন ঘৰ চিৰদিনৰ বাবে খালী হৈ যোৱাৰ দুখত, এহাল মাক-দেউতাকৰ বুকুখন আমৃত্যু পৰ্যন্ত অপূৰ্ণ কৰি পেলোৱাৰ দুখত মই ম্ৰিয়মান আজি৷ হে মোৰ সন্মানীয় বন্ধুসকল, জীৱন বাটৰ ৰসৰে আপোনালোকক আজি আমোদ দিব নোৱাৰাৰ বাবে মোক যেন আপোনালোকে ক্ষমা কৰে৷

Saturday, June 2, 2018

জীৱন বাটৰ ৰসঃ কৃষ্ণকমল কলিতা (৫১)

জীৱন বাটৰ ৰসঃ কৃষ্ণকমল কলিতা (৫১)


আমাৰ পদূলিৰ পৰা ছটা পদূলি পাৰ হৈ গৈ সাত নম্বৰ পদূলিটোৱেই কৃষ্ণহ’তৰ ঘৰ৷ সিহঁতৰ পদূলিত নীলা ৰঙ দিয়া লোহাৰ ‘গেইট’ এখন আছে৷ গেইট্‌খনৰ ডিজাইনটো কৃষ্ণই নিজে ঠিক কৰিছিল৷ বাওঁফালে ইংৰাজী শব্দ Well আৰু সোঁফালে Come বুলি লিখা আছে৷ কৃষ্ণই ভাবিছিল গেইট্‌খন বন্ধ হৈ থাকোঁতে Welcome শব্দটো জিলিকি থাকিলে ভাল লাগিব৷ লগোৱাৰ পিছতহে তাক কোনোবাই ক’লে, ৱেলকামৰ ৱেল-ত ‘এল’ এটাহে লাগে, তই দুটা দিলি কিয়? লোহাৰ পাট বেকা কৰি জালাই কৰি লগাই দিয়া আখৰ, ৰবৰ বা পানী টুপলিৰে মচিতো আৰু এতিয়া নাইকিয়া কৰিব নোৱাৰি! তাৰোপৰি, গাঁৱতনো শব্দৰ অৰ্থ আৰু বানাব বিচাৰি হাবাথুৰি খাব কোনে? সেয়ে বানান একেভাঁজেই থাকিল৷ কিন্তু কৃষ্ণই এটা বুদ্ধি কৰে৷ লিখাপঢ়া জনা কোনোবা আহিব লগা থাকিলে সি গেইটখনৰ এটা ফাল খুলি আনটো পূৰাপূৰি মেলি থৈ দিয়ে৷ অতিথিৰ Come শব্দটোত চকু পৰে, পদুলিটোৰ লগত সমান্তৰাল হৈ থকা Well-লৈ আগন্তুকৰ চকু নাযায়৷ আজি দহবছৰ মান হ’ল, তেনেকৈয়ে চলি আছে৷ গেইটৰ পৰা ভিতৰলৈ চাই পঠিয়ালে সিহঁতৰ ভৰাল ঘৰটো আৰু গাধৰিত উঠাই থোৱা মটৰ গাড়ীৰ কলা বৰণৰ টায়াৰ কেইটামান চকুত পৰে৷ তাৰ ওচৰৰে ভঁৰাল ঘৰৰ খুটাটোত কাপোৰ মেলা ৰছীডালৰ এটা মূৰ বান্ধি থোৱা আছে৷ ভালদৰে চালে দেখা পোৱা যায় ৰছীডাল শকত, তাৰ মূৰটো ৰছীডালতে শেষ হোৱা নাই, সংলগ্ন হৈ থকা একোছা এনেয়ে পকাই গাঠি দি গাধৰিত পেলাই থৈছে৷

আনৰ তুলনাত অঞ্চলটোত কৃষ্ণৰ সহপাঠীৰ সংখ্যা আছিল অধিক৷ তাৰ কাৰণ হৈছে কেইবাটাও চামে কৃষ্ণৰ লগত কোনোবা নহয় কোনোবাটো শ্ৰেনীত একেলগে পঢ়াৰ সুবিধা পাইছিল৷ মই নিজে দুটা বছৰহে কৃষ্ণৰ লগত একেলগে পঢ়িছিলো৷ সপ্তমত সি ৰৈ যোৱাত, আৰু অষ্টমত সি উঠিব নোৱাৰাত৷ তাৰ মাকক মই জেঠাই বুলি মাতো৷ জেঠাইয়ে মোক যথেষ্ট মৰম কৰে আৰু ঘৰলৈ গ’লে গাখীৰ-চিৰাৰ বাতিটোত গুৰ এলদা বেছিকৈ দিয়ে ৷ এনেয়ে তেখেতে মোক ‘তই’ বুলি কয় যদিও, কৃষ্ণক কিবা কৰি দিব লগা কথা থাকিলে মোক ‘তুমি’ বুলি সম্বোধন কৰে৷ কৃষ্ণৰ দেউতাকক মই দেখা নাই, কৃষ্ণ সৰু থাকোঁতেই ঢুকাল৷ মই ঘৰলৈ আহিলে ঢৌতে খৰ মাৰি হলেও সিহঁতৰ ঘৰলৈ এপাক যাওঁৱেই আৰু কৃষ্ণৰ লগত হেঁপাহ পলুৱাই গাঁৱৰ কথা পাতোঁ৷

আশীৰ দশকত হাৰ্ৱাড বিশ্ববিদ্যালয়ে আৱিষ্কাৰ কৰিছিল যে জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ ‘স্কুল-কলেজ-বিশ্ববিদ্যালয়’-ত শিকা তথ্যপাতি আৰু সুত্ৰসমূহেই যথেষ্ট নহয়, তেনে শিক্ষাই কৃতকাৰ্যতাত মাত্ৰ ১৫ শতাংশ অৱদানহে যোগাব পাৰে, বাকী ৮৫ শতাংশ অৱদান মনৰ মাজত থকা ইতিবাচক দৃষ্টিভঙ্গীৰ ফল৷ কথাটো কৃষ্ণই তেতিয়াই অনুমান কৰিব পাৰিছিল যেন লাগে৷ দৃষ্টিভঙ্গীৰ কথাটো একাষৰীয়া কৰি থৈ পঢ়াশুনাৰ প্ৰতি সমূলি পিঠি দিবলৈ সি তেতিয়াই ঠিক কৰিছিল৷ সপ্তম শ্ৰেণীত এদিন মই তাক সুধিলোঁ – কৃষ্ণ, ডাঙৰ হৈ তোৰ কি হ’বলৈ মন আছে ?
-          ‘কনটেকদাৰ৷’ গভীৰ আত্মপ্ৰত্যয়েৰে সি উত্তৰ দিছিল৷
হাৱালদাৰ, জামাদাৰ, মহলদাৰ, চিৰস্তাদাৰ, মৌজাদাৰ আদি শব্দৰ সুৰত আমাৰ অঞ্চলটোৰ বহুলোকে ‘কনট্ৰেকটৰ’ শব্দটোকো মান্যতা প্ৰদান কৰি ‘কনটেকদাৰ’ বুলি কয়৷ পাছে দুবাৰ মেট্ৰিক দিয়াৰ পিছত সি আৰু পঢ়াশুনাৰ কথা নাভাবিলে৷ যিকেইটা ব্যৱসায়ৰ প্ৰতি অসমীয়া শিক্ষিত ডেকাল’ৰাৰ এটা সময়ত আগ্ৰহৰ অন্ত নাছিল সেইকেইটা হৈছে– ফ’ৰ জিৰ’ চেভেন গাড়ীৰ ব্যৱসায়, পি-চি-অ’ৰ ব্যৱসায়, কেবল টিভিৰ ব্যৱসায় আৰু ছিক্স-জিৰ’-ছেভেন নামৰ মাল টনা গাড়ীৰ ব্যৱসায়৷ কৃষ্ণই আটাইকেইটা কৰিছে৷

পঢ়াশুনা একতীয়া কৰি থৈ প্ৰথমে কৃষ্ণই গাড়ী কিনিবলৈ বেংকৰ লোন এটাৰ ব্যৱস্থা কৰিলে৷ এদিন “হৰকদেউ মটৰ্ছ”-ৰ পৰা অনা সৰৱ-নতুন “ফ’ৰ-জিৰ-ছেভেন”এখন আহি কৃষ্ণহঁতৰ ঘৰৰ পদূলিত ৰ’লহি৷ তেতিয়া সিহঁতৰ পদূলিত গেইট্‌ নাছিল, নঙলা আছিল৷ চুবুৰীটোৰ ৰঙেই সলনি হৈ গ’ল৷ আমাৰ গাঁৱলৈ সোমাই অহা আলিবাটটো মটৰগাড়ীৰ বাবে একেবাৰে প্ৰশস্ত নাছিল৷ কিন্তু উৎসাহৰ আতিশয্যত গঞাই ভৰালঘৰৰ চিকৰ সাজিবলৈ আনি থোৱা কাঠৰ টুকুৰা আৰু বাটামৰ টুকুৰা আনি ৰাস্তাৰ বোকাৰ ওপৰত পাৰি দি কৃষ্ণৰ গাড়ী চলাচল কৰিবলৈ বাট উলিয়াই দিছিল৷ কেইবাঘৰতো অভিভাৱকসকলে নিজৰ ল’ৰাছোৱালীক চকুৰ আগতে থকা এটা আদৰ্শ দেখুৱাইছিল – দেখিছ, পঢ়াশুনাই আচল কথা নহয়, বুদ্ধি-বৃত্তি থাকিলে মানুহৰ জীৱনত উন্নতি অপৰিহাৰ্য!

গাড়ী কিনাৰ কেইমাহমানৰ পিছতে কৃষ্ণই অনুমান কৰিলে গোটেই মাহটো গাড়ী চলাই পোৱা ধনৰ প্ৰায় গোটেইখিনি কিষ্টি দিওঁতেই যায়৷ মাজে মাজে সাঁচতীয়া ধনো লগত যোগ দিব লগা হয়৷ লাভ যদি হৈছে সেইয়া হৈছে একমাত্ৰ হৰকদেউ মটৰ্ছৰ! তাৰ পিছৰ বছৰ মই কেইবাদিনো থকাকৈ ঘৰলৈ গৈছিলো৷ কৃষ্ণই এদিন গাঁৱলীয়া বেংকৰ পৰা প্ৰ-পত্ৰ এখন হাতত লৈ পোনে পোনে আমাৰ ঘৰ ওলালহি৷ মহন্ত চৰকাৰে হেনো শিক্ষিত আৰু অৰ্ধ-শিক্ষিত যুৱকসকলক খেতি কৰিবলৈ ধন ধাৰলৈ দিব, নামমাত্ৰ সুদত৷ তিনিবছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব৷ পইচা কেইটা উলিয়াব পাৰিলে গাড়ীখন বিক্ৰি কৰা টকাৰ লগত যোগ দি গাড়ীৰ ঋণটোৰ পৰা কৃষ্ণই পৰিত্ৰাণ পাব৷
-          ‘দেচোন, ফৰ্মখন ভালকে পূৰাই দে৷ আমাৰ বাৰিচুকৰ শাকনি দৰাতে বাম-খেতি কৰিম বুলি দেখুৱাই দে!’
-          হেৰৌ মৰিবি তই৷ খেতি চাবলৈ বেংকৰ পৰা মানুহ আহিলে কি কৰিবি? – মই আচৰিত হৈ সুধিলোঁ৷
-          বেংকৰ মানুহ আহিবই৷ তেতিয়া খেতি বান্দৰে খালে বুলি কৈ দিলেই হ’ল৷ চৰকাৰেনো বান্দৰ খেদিবলৈ কিডাল কৰিছে!

পিছত শুনিছিলো, কৃষ্ণই লোনটো পাইছিল৷ কেইবাবাৰো অহাৰ পিছত শেষলৈ বেংকৰ মানুহ নহা হ’ল৷ ইতিমধ্যেই কৃষ্ণই সংগঠনত যোগদান কৰি ঘৰৰ পৰা কিছুদিন নোহোৱা হ’ল৷ মাজে মাজে ভুটুংকৈ ওলাইহি, সকলোৱে সমীহ কৰি চায়৷ আগতে তই বুলি ডাবি ধমকি দিয়া মাষ্টৰেও তেতিয়া তুমি বুলি মাতে৷ কলিয়াবেজৰ সৰুটো পুতেক কণল’ৰাৰ হাতটো লৰ৷ এঘৰৰ তামোলগছ এজোপাত তামোল চুৰ কৰিবলৈ গৈ গছৰ ওপৰত থাকোঁতেই ধৰা পৰিল৷ গাঁৱৰ পিলিঙা এজাকে ল’ৰাটো ধৰি বান্ধি কৃষ্ণৰ ওচৰলৈ লৈ আনিলে৷ কৃষ্ণই পাতল সুৰেৰেহে কৈছিল –‘তিনিআলিত ছঘন্টা কাণত ধৰি আঠু কাঢ়ি থাক যা৷’ তাৰ পিছত কণল’ৰাক কোনেও জোৰ দি ধৰিব লগা নহ’ল৷ মাজতে এবাৰ এক মিনিটমানৰ বাবে সৰুপানী চুবলৈ উঠি যোৱাৰ বাদে সম্পূৰ্ণ ছঘন্টা সি কাণত ধৰি আঠু কাঢ়ি থাকিছিল৷ সেই অধ্যায়ৰ অভিজ্ঞতা সোঁৱৰণ কৰি সি কেতিয়াবা মোৰ আগত আক্ষেপ কৰি কয় – ‘বুইছ, প্লাষ্টিকৰ বস্তাত ভৰাই মোনে মানে টকাৰ টোপোলা ইঠাইৰ পৰা সিঠাইলৈ নিলোঁ, তাৰে যদি এবস্তা পুতি থ’লোহেঁতেন, আজি মোৰ দিনেই বেলেগ হৈ গ’লহেঁতেন, হাততে পাইও সুযোগটো গ্ৰহন কৰিব নোৱাৰিলো, এতিয়া ভাবিলে নিজৰ গালতে চৰিয়াই দিবৰ মন যায়৷’

ঘৰলৈ গ’লেই জেঠাইয়ে তাৰ বিয়াৰ কথা কয়৷ ছোৱালী তাৰ পচন্দ নহয়হে নহয়৷ কোনোবাজনী কেতোৰ ক’লা, কোনোবা আকৌ ঢেপ-ঢেপকৈ বগা, গাত তেজ আছেনে নাই ধৰিবই নোৱাৰি৷ কোনোবাজনী ইমান ক্ষীণ যে বতাহত উৰি যাব যেন লাগে৷ কোনোবাজনীৰ আকৌ চুলি ছুটী৷ এজনীক চাবলৈ যাওঁতেই মেক্সী পিন্ধি ওলাল! কেতিয়াবা ৰাশি নিমিলে, ৰাহিযোৰা নাহে৷ পূৱলৈ এজনী চাইছিল, যিহে দূৰ, দুৰটোৱেই ডাঙৰ কথা নহয়, কিন্তু দূৰত্বৰ যিটো ঘোকতত্ব, নোৱাৰি আৰু! মাহীয়েকে দেখুউৱা এজনীও পচন্দ হৈছিল কিন্তু ছোৱালীৰ দেউতাকে প্ৰথম দিনাই ক’লে – চোঁৱা, মোৰ ছোৱালী গৈ কিন্তু কুঁৱাৰ পৰা পানী তুলিবগৈ নোৱাৰে, আগতে ৰানিং ওৱাটাৰৰ ব্যৱস্থাটো কৰি লোৱা! সাতে সোতৰে হোৱাগৈ নাই, দিন গৈ আছে৷

কেবোল টিভিৰ ব্যৱসায়টো সামৰি-সুতৰি থোৱাৰ পিছত এতিয়া কৃষ্ণই মিনি ট্ৰাক এখন লৈছে৷ গোটেইখিনি লোন নহয়, আধা৷ ড্ৰাইভাৰ এটাও ৰাখিছে, নিজেও চলায়৷ মাজে মাজে দূৰ-দূৰণিলৈ ভাড়া লৈ যায়৷ থাকে, মাহৰ শেষলৈ দুটামান নিজৰ হাততো থাকে৷ মনে বিচৰা ছোৱালী এজনী পালে বিয়াখন পাতিব পাৰি!

ৰঙিয়ালৈ ভাড়া এটা মাৰিছিল৷ ড্ৰাইভাৰ নাই কৃষ্ণই নিজেই চলাই গৈছে৷ ডেলিভাৰি দিওঁতে বহুত সময় গ’ল, সেয়ে গাড়ীখনৰ ছিটতে টোপনি মাৰি ৰাতিটো সি জিৰাই ল’লে৷ ঘৰত মাকেহে চিন্তা কৰি আছে নেকি! ঘৰ পাবলৈ আৰু অন্তত ছঘন্টা লাগিব৷ সোমেশ্বৰ বৰ্তাৰ ঘৰত টেলিফোন এটা হৈছে৷ তালৈকে ফোন এটা কৰি খবৰটো সৰকাই দিব পাৰিলে নিঃচিন্ত হৈ যাব পাৰি৷ ৰাস্তাৰ কাষৰ ‘পি-চি-অ’ এটাৰ সমূখত কৃষ্ণই গাড়ীখন ৰাখিলে৷

নতুন পি-চি-অ’৷ ঘৰটোও নতুন৷ কাউন্টাৰত ছোৱালী এজনী বহি আছে, কাৰোবাৰ লগত ফোনত কথা পাতি আছে৷ কৃষ্ণ পোনে পোনে আইনাৰ বেৰা দিয়া সৰু খুপৰীটোলৈ আগবাঢ়িল৷
-          ‘অলপ ৰ’ব, বহক, এটাই লাইন৷’ ছোৱালীজনীয়ে ক’লে৷
আপোনমনে তেওঁ কথা পাতিছে৷ সৰু সৰুকৈ৷ সংগীতৰ লয় কেইটাই হাতত হাত ধৰি পিচল বাটত হালি জালি খোজ কঢ়াৰ দৰে তাইৰ সৰু মাতটো ভাঁহি আহিছে৷ বৈ পৰা চেলাউৰি৷ অমৰাগুটিৰ দৰে ডাঙৰ, উজ্জ্বল চকু৷ বামুণৰ ঘৰৰ ছোৱালীৰ দৰে জোঙা নাক৷ মিহি সৰু ডালিমগুটীয়া দাঁত৷ কাণত সৰু খাৰুদুপাত পিন্ধিছে৷ চুলি দীঘল৷ সমূখৰ কেইডালমান কপালখনত পৰি থকাত তাইক হেমা মালিনী যেন লাগিছে৷ দেহৰ গঠনটো টেবুলখনে ঢাকি ধৰি আছে৷ কিন্তু যিখিনি ওলায় আছে তাতে দহৰ ভিতৰত এঘাৰ নম্বৰ দিব পাৰি৷ এক নম্বৰ এক্সট্ৰা, পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে! ফোনটোৰ কথা কোৱা অংশটো তাই সিখন হাতেৰে ঢাকি ধৰিব খোজা নাই, অৰ্থাৎ প্ৰমিকৰ লগত তাই গোপন কথা পতা নাই!
       ৰিছিভাৰটো নমাই থোৱাৰ লগে লগে কৃষ্ণ আগবাঢ়িল আৰু পোনে পোনে সুধিলে – তোমাৰ জন্মৰ তাৰিখটো কি বাৰু, তাৰিখ আৰু সময়টো কোৱাচোন ?
       আচৰিত হৈ ছোৱালীজনীয়ে সুধিলে – মানে, মানে, কিয়?
-          তোমাৰ ৰাশিটো কি ক’বা নেকি, নাজানা যদি দেউতাৰাৰ ফোন নম্বৰটোকে দিয়াচোন!


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)