জীৱন বাটৰ ৰসঃ কৃষ্ণকমল কলিতা (৫১)
আমাৰ পদূলিৰ পৰা ছটা পদূলি পাৰ হৈ
গৈ সাত নম্বৰ পদূলিটোৱেই কৃষ্ণহ’তৰ ঘৰ৷ সিহঁতৰ পদূলিত নীলা ৰঙ দিয়া লোহাৰ ‘গেইট’
এখন আছে৷ গেইট্খনৰ ডিজাইনটো কৃষ্ণই নিজে ঠিক কৰিছিল৷ বাওঁফালে ইংৰাজী শব্দ Well
আৰু সোঁফালে Come
বুলি লিখা আছে৷ কৃষ্ণই ভাবিছিল গেইট্খন বন্ধ হৈ থাকোঁতে Welcome শব্দটো জিলিকি থাকিলে
ভাল লাগিব৷ লগোৱাৰ পিছতহে তাক কোনোবাই ক’লে, ৱেলকামৰ ৱেল-ত ‘এল’ এটাহে লাগে, তই
দুটা দিলি কিয়? লোহাৰ পাট বেকা কৰি জালাই কৰি লগাই দিয়া আখৰ, ৰবৰ বা পানী টুপলিৰে
মচিতো আৰু এতিয়া নাইকিয়া কৰিব নোৱাৰি! তাৰোপৰি, গাঁৱতনো শব্দৰ অৰ্থ আৰু বানাব বিচাৰি
হাবাথুৰি খাব কোনে? সেয়ে বানান একেভাঁজেই থাকিল৷ কিন্তু কৃষ্ণই এটা বুদ্ধি কৰে৷ লিখাপঢ়া
জনা কোনোবা আহিব লগা থাকিলে সি গেইটখনৰ এটা ফাল খুলি আনটো পূৰাপূৰি মেলি থৈ দিয়ে৷
অতিথিৰ Come শব্দটোত চকু পৰে, পদুলিটোৰ লগত সমান্তৰাল হৈ থকা Well-লৈ আগন্তুকৰ চকু নাযায়৷ আজি দহবছৰ
মান হ’ল, তেনেকৈয়ে চলি আছে৷ গেইটৰ পৰা ভিতৰলৈ চাই পঠিয়ালে সিহঁতৰ ভৰাল ঘৰটো আৰু গাধৰিত
উঠাই থোৱা মটৰ গাড়ীৰ কলা বৰণৰ টায়াৰ কেইটামান চকুত পৰে৷ তাৰ ওচৰৰে ভঁৰাল ঘৰৰ খুটাটোত
কাপোৰ মেলা ৰছীডালৰ এটা মূৰ বান্ধি থোৱা আছে৷ ভালদৰে চালে দেখা পোৱা যায় ৰছীডাল
শকত, তাৰ মূৰটো ৰছীডালতে শেষ হোৱা নাই, সংলগ্ন হৈ থকা একোছা এনেয়ে পকাই গাঠি দি
গাধৰিত পেলাই থৈছে৷
আনৰ তুলনাত অঞ্চলটোত কৃষ্ণৰ সহপাঠীৰ
সংখ্যা আছিল অধিক৷ তাৰ কাৰণ হৈছে কেইবাটাও চামে কৃষ্ণৰ লগত কোনোবা নহয় কোনোবাটো
শ্ৰেনীত একেলগে পঢ়াৰ সুবিধা পাইছিল৷ মই নিজে দুটা বছৰহে কৃষ্ণৰ লগত একেলগে পঢ়িছিলো৷
সপ্তমত সি ৰৈ যোৱাত, আৰু অষ্টমত সি উঠিব নোৱাৰাত৷ তাৰ মাকক মই জেঠাই বুলি মাতো৷
জেঠাইয়ে মোক যথেষ্ট মৰম কৰে আৰু ঘৰলৈ গ’লে গাখীৰ-চিৰাৰ বাতিটোত গুৰ এলদা বেছিকৈ দিয়ে
৷ এনেয়ে তেখেতে মোক ‘তই’ বুলি কয় যদিও, কৃষ্ণক কিবা কৰি দিব লগা কথা থাকিলে মোক ‘তুমি’
বুলি সম্বোধন কৰে৷ কৃষ্ণৰ দেউতাকক মই দেখা নাই, কৃষ্ণ সৰু থাকোঁতেই ঢুকাল৷ মই ঘৰলৈ
আহিলে ঢৌতে খৰ মাৰি হলেও সিহঁতৰ ঘৰলৈ এপাক যাওঁৱেই আৰু কৃষ্ণৰ লগত হেঁপাহ পলুৱাই গাঁৱৰ
কথা পাতোঁ৷
আশীৰ দশকত হাৰ্ৱাড বিশ্ববিদ্যালয়ে
আৱিষ্কাৰ কৰিছিল যে জীৱনত কৃতকাৰ্যতা লাভ কৰিবলৈ ‘স্কুল-কলেজ-বিশ্ববিদ্যালয়’-ত শিকা
তথ্যপাতি আৰু সুত্ৰসমূহেই যথেষ্ট নহয়, তেনে শিক্ষাই কৃতকাৰ্যতাত মাত্ৰ ১৫ শতাংশ অৱদানহে
যোগাব পাৰে, বাকী ৮৫ শতাংশ অৱদান মনৰ মাজত থকা ইতিবাচক দৃষ্টিভঙ্গীৰ ফল৷ কথাটো কৃষ্ণই
তেতিয়াই অনুমান কৰিব পাৰিছিল যেন লাগে৷ দৃষ্টিভঙ্গীৰ কথাটো একাষৰীয়া কৰি থৈ পঢ়াশুনাৰ
প্ৰতি সমূলি পিঠি দিবলৈ সি তেতিয়াই ঠিক কৰিছিল৷ সপ্তম শ্ৰেণীত এদিন মই তাক সুধিলোঁ
– কৃষ্ণ, ডাঙৰ হৈ তোৰ কি হ’বলৈ মন আছে ?
-
‘কনটেকদাৰ৷’
গভীৰ আত্মপ্ৰত্যয়েৰে সি উত্তৰ দিছিল৷
হাৱালদাৰ, জামাদাৰ, মহলদাৰ, চিৰস্তাদাৰ,
মৌজাদাৰ আদি শব্দৰ সুৰত আমাৰ অঞ্চলটোৰ বহুলোকে ‘কনট্ৰেকটৰ’ শব্দটোকো মান্যতা প্ৰদান
কৰি ‘কনটেকদাৰ’ বুলি কয়৷ পাছে দুবাৰ মেট্ৰিক দিয়াৰ পিছত সি আৰু পঢ়াশুনাৰ কথা নাভাবিলে৷
যিকেইটা ব্যৱসায়ৰ প্ৰতি অসমীয়া শিক্ষিত ডেকাল’ৰাৰ এটা সময়ত আগ্ৰহৰ অন্ত নাছিল সেইকেইটা
হৈছে– ফ’ৰ জিৰ’ চেভেন গাড়ীৰ ব্যৱসায়, পি-চি-অ’ৰ ব্যৱসায়, কেবল টিভিৰ ব্যৱসায় আৰু ছিক্স-জিৰ’-ছেভেন
নামৰ মাল টনা গাড়ীৰ ব্যৱসায়৷ কৃষ্ণই আটাইকেইটা কৰিছে৷
পঢ়াশুনা একতীয়া কৰি থৈ প্ৰথমে কৃষ্ণই
গাড়ী কিনিবলৈ বেংকৰ লোন এটাৰ ব্যৱস্থা কৰিলে৷ এদিন “হৰকদেউ মটৰ্ছ”-ৰ পৰা অনা সৰৱ-নতুন
“ফ’ৰ-জিৰ-ছেভেন”এখন আহি কৃষ্ণহঁতৰ ঘৰৰ পদূলিত ৰ’লহি৷ তেতিয়া সিহঁতৰ পদূলিত গেইট্ নাছিল,
নঙলা আছিল৷ চুবুৰীটোৰ ৰঙেই সলনি হৈ গ’ল৷ আমাৰ গাঁৱলৈ সোমাই অহা আলিবাটটো মটৰগাড়ীৰ
বাবে একেবাৰে প্ৰশস্ত নাছিল৷ কিন্তু উৎসাহৰ আতিশয্যত গঞাই ভৰালঘৰৰ চিকৰ সাজিবলৈ আনি
থোৱা কাঠৰ টুকুৰা আৰু বাটামৰ টুকুৰা আনি ৰাস্তাৰ বোকাৰ ওপৰত পাৰি দি কৃষ্ণৰ গাড়ী
চলাচল কৰিবলৈ বাট উলিয়াই দিছিল৷ কেইবাঘৰতো অভিভাৱকসকলে নিজৰ ল’ৰাছোৱালীক চকুৰ আগতে
থকা এটা আদৰ্শ দেখুৱাইছিল – দেখিছ, পঢ়াশুনাই আচল কথা নহয়, বুদ্ধি-বৃত্তি থাকিলে মানুহৰ
জীৱনত উন্নতি অপৰিহাৰ্য!
গাড়ী কিনাৰ কেইমাহমানৰ পিছতে কৃষ্ণই
অনুমান কৰিলে গোটেই মাহটো গাড়ী চলাই পোৱা ধনৰ প্ৰায় গোটেইখিনি কিষ্টি দিওঁতেই
যায়৷ মাজে মাজে সাঁচতীয়া ধনো লগত যোগ দিব লগা হয়৷ লাভ যদি হৈছে সেইয়া হৈছে একমাত্ৰ
হৰকদেউ মটৰ্ছৰ! তাৰ পিছৰ বছৰ মই কেইবাদিনো থকাকৈ ঘৰলৈ গৈছিলো৷ কৃষ্ণই এদিন গাঁৱলীয়া
বেংকৰ পৰা প্ৰ-পত্ৰ এখন হাতত লৈ পোনে পোনে আমাৰ ঘৰ ওলালহি৷ মহন্ত চৰকাৰে হেনো শিক্ষিত
আৰু অৰ্ধ-শিক্ষিত যুৱকসকলক খেতি কৰিবলৈ ধন ধাৰলৈ দিব, নামমাত্ৰ সুদত৷ তিনিবছৰৰ ভিতৰত
পৰিশোধ কৰিব লাগিব৷ পইচা কেইটা উলিয়াব পাৰিলে গাড়ীখন বিক্ৰি কৰা টকাৰ লগত যোগ দি
গাড়ীৰ ঋণটোৰ পৰা কৃষ্ণই পৰিত্ৰাণ পাব৷
-
‘দেচোন,
ফৰ্মখন ভালকে পূৰাই দে৷ আমাৰ বাৰিচুকৰ শাকনি দৰাতে বাম-খেতি কৰিম বুলি দেখুৱাই দে!’
-
হেৰৌ
মৰিবি তই৷ খেতি চাবলৈ বেংকৰ পৰা মানুহ আহিলে কি কৰিবি? – মই আচৰিত হৈ সুধিলোঁ৷
-
বেংকৰ
মানুহ আহিবই৷ তেতিয়া খেতি বান্দৰে খালে বুলি কৈ দিলেই হ’ল৷ চৰকাৰেনো বান্দৰ খেদিবলৈ
কিডাল কৰিছে!
পিছত শুনিছিলো, কৃষ্ণই লোনটো
পাইছিল৷ কেইবাবাৰো অহাৰ পিছত শেষলৈ বেংকৰ মানুহ নহা হ’ল৷ ইতিমধ্যেই কৃষ্ণই সংগঠনত
যোগদান কৰি ঘৰৰ পৰা কিছুদিন নোহোৱা হ’ল৷ মাজে মাজে ভুটুংকৈ ওলাইহি, সকলোৱে সমীহ
কৰি চায়৷ আগতে তই বুলি ডাবি ধমকি দিয়া মাষ্টৰেও তেতিয়া তুমি বুলি মাতে৷ কলিয়াবেজৰ সৰুটো
পুতেক কণল’ৰাৰ হাতটো লৰ৷ এঘৰৰ তামোলগছ এজোপাত তামোল চুৰ কৰিবলৈ গৈ গছৰ ওপৰত থাকোঁতেই
ধৰা পৰিল৷ গাঁৱৰ পিলিঙা এজাকে ল’ৰাটো ধৰি বান্ধি কৃষ্ণৰ ওচৰলৈ লৈ আনিলে৷ কৃষ্ণই পাতল
সুৰেৰেহে কৈছিল –‘তিনিআলিত ছঘন্টা কাণত ধৰি আঠু কাঢ়ি থাক যা৷’ তাৰ পিছত কণল’ৰাক কোনেও
জোৰ দি ধৰিব লগা নহ’ল৷ মাজতে এবাৰ এক মিনিটমানৰ বাবে সৰুপানী চুবলৈ উঠি যোৱাৰ বাদে
সম্পূৰ্ণ ছঘন্টা সি কাণত ধৰি আঠু কাঢ়ি থাকিছিল৷ সেই অধ্যায়ৰ অভিজ্ঞতা সোঁৱৰণ কৰি
সি কেতিয়াবা মোৰ আগত আক্ষেপ কৰি কয় – ‘বুইছ, প্লাষ্টিকৰ বস্তাত ভৰাই মোনে মানে টকাৰ
টোপোলা ইঠাইৰ পৰা সিঠাইলৈ নিলোঁ, তাৰে যদি এবস্তা পুতি থ’লোহেঁতেন, আজি মোৰ দিনেই
বেলেগ হৈ গ’লহেঁতেন, হাততে পাইও সুযোগটো গ্ৰহন কৰিব নোৱাৰিলো, এতিয়া ভাবিলে নিজৰ
গালতে চৰিয়াই দিবৰ মন যায়৷’
ঘৰলৈ
গ’লেই জেঠাইয়ে তাৰ বিয়াৰ কথা কয়৷ ছোৱালী তাৰ পচন্দ নহয়হে নহয়৷ কোনোবাজনী কেতোৰ
ক’লা, কোনোবা আকৌ ঢেপ-ঢেপকৈ বগা, গাত তেজ আছেনে নাই ধৰিবই নোৱাৰি৷ কোনোবাজনী
ইমান ক্ষীণ যে বতাহত উৰি যাব যেন লাগে৷ কোনোবাজনীৰ আকৌ চুলি ছুটী৷ এজনীক চাবলৈ যাওঁতেই
মেক্সী পিন্ধি ওলাল! কেতিয়াবা ৰাশি নিমিলে, ৰাহিযোৰা নাহে৷ পূৱলৈ এজনী চাইছিল, যিহে
দূৰ, দুৰটোৱেই ডাঙৰ কথা নহয়, কিন্তু দূৰত্বৰ যিটো ঘোকতত্ব, নোৱাৰি আৰু! মাহীয়েকে
দেখুউৱা এজনীও পচন্দ হৈছিল কিন্তু ছোৱালীৰ দেউতাকে প্ৰথম দিনাই ক’লে – চোঁৱা, মোৰ
ছোৱালী গৈ কিন্তু কুঁৱাৰ পৰা পানী তুলিবগৈ নোৱাৰে, আগতে ৰানিং ওৱাটাৰৰ ব্যৱস্থাটো
কৰি লোৱা! সাতে সোতৰে হোৱাগৈ নাই, দিন গৈ আছে৷
কেবোল
টিভিৰ ব্যৱসায়টো সামৰি-সুতৰি থোৱাৰ পিছত এতিয়া কৃষ্ণই মিনি ট্ৰাক এখন লৈছে৷ গোটেইখিনি
লোন নহয়, আধা৷ ড্ৰাইভাৰ এটাও ৰাখিছে, নিজেও চলায়৷ মাজে মাজে দূৰ-দূৰণিলৈ ভাড়া লৈ
যায়৷ থাকে, মাহৰ শেষলৈ দুটামান নিজৰ হাততো থাকে৷ মনে বিচৰা ছোৱালী এজনী পালে বিয়াখন
পাতিব পাৰি!
ৰঙিয়ালৈ
ভাড়া এটা মাৰিছিল৷ ড্ৰাইভাৰ নাই কৃষ্ণই নিজেই চলাই গৈছে৷ ডেলিভাৰি দিওঁতে বহুত সময়
গ’ল, সেয়ে গাড়ীখনৰ ছিটতে টোপনি মাৰি ৰাতিটো সি জিৰাই ল’লে৷ ঘৰত মাকেহে চিন্তা কৰি
আছে নেকি! ঘৰ পাবলৈ আৰু অন্তত ছঘন্টা লাগিব৷ সোমেশ্বৰ বৰ্তাৰ ঘৰত টেলিফোন এটা হৈছে৷
তালৈকে ফোন এটা কৰি খবৰটো সৰকাই দিব পাৰিলে নিঃচিন্ত হৈ যাব পাৰি৷ ৰাস্তাৰ কাষৰ ‘পি-চি-অ’
এটাৰ সমূখত কৃষ্ণই গাড়ীখন ৰাখিলে৷
নতুন
পি-চি-অ’৷ ঘৰটোও নতুন৷ কাউন্টাৰত ছোৱালী এজনী বহি আছে, কাৰোবাৰ লগত ফোনত কথা পাতি
আছে৷ কৃষ্ণ পোনে পোনে আইনাৰ বেৰা দিয়া সৰু খুপৰীটোলৈ আগবাঢ়িল৷
-
‘অলপ
ৰ’ব, বহক, এটাই লাইন৷’ ছোৱালীজনীয়ে ক’লে৷
আপোনমনে তেওঁ কথা পাতিছে৷ সৰু সৰুকৈ৷
সংগীতৰ লয় কেইটাই হাতত হাত ধৰি পিচল বাটত হালি জালি খোজ কঢ়াৰ দৰে তাইৰ সৰু মাতটো
ভাঁহি আহিছে৷ বৈ পৰা চেলাউৰি৷ অমৰাগুটিৰ দৰে ডাঙৰ, উজ্জ্বল চকু৷ বামুণৰ ঘৰৰ ছোৱালীৰ
দৰে জোঙা নাক৷ মিহি সৰু ডালিমগুটীয়া দাঁত৷ কাণত সৰু খাৰুদুপাত পিন্ধিছে৷ চুলি দীঘল৷
সমূখৰ কেইডালমান কপালখনত পৰি থকাত তাইক হেমা মালিনী যেন লাগিছে৷ দেহৰ গঠনটো টেবুলখনে
ঢাকি ধৰি আছে৷ কিন্তু যিখিনি ওলায় আছে তাতে দহৰ ভিতৰত এঘাৰ নম্বৰ দিব পাৰি৷ এক নম্বৰ
এক্সট্ৰা, পৰিস্কাৰ পৰিচ্ছন্নতাৰ বাবে! ফোনটোৰ কথা কোৱা অংশটো তাই সিখন হাতেৰে
ঢাকি ধৰিব খোজা নাই, অৰ্থাৎ প্ৰমিকৰ লগত তাই গোপন কথা পতা নাই!
ৰিছিভাৰটো নমাই থোৱাৰ লগে লগে কৃষ্ণ আগবাঢ়িল
আৰু পোনে পোনে সুধিলে – তোমাৰ জন্মৰ তাৰিখটো কি বাৰু, তাৰিখ আৰু সময়টো কোৱাচোন
?
আচৰিত হৈ ছোৱালীজনীয়ে সুধিলে – মানে, মানে,
কিয়?
-
তোমাৰ
ৰাশিটো কি ক’বা নেকি, নাজানা যদি দেউতাৰাৰ ফোন নম্বৰটোকে দিয়াচোন!
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড
পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment