জীৱন বাটৰ ৰসঃ আকৌ সৰ্বেশ্বৰ ছাৰ
(৫০)
চাৰিদিন
ধৰি বতৰটোৱে নেকনেকাই আছে ৷
সৰ্বেশ্বৰ
ছাৰে চাইকেলখন ফাৰ্মাছী ঘৰটোৰ বেৰখনৰ পিৰালিত বৰষুণৰ পানী নপৰাকৈ সাৱধানে বেৰত আওজাই
থ’লে৷ পিৰালি বুলি কোৱা বাবে কোনেও যেন ঘৰটো খেৰদিয়া চালৰ বা টিনৰ বুলি ভুল নকৰে৷
সঁচা অৰ্থত এই ঘৰটোৱেই আছিল আমাৰ অঞ্চলটোত পোন প্ৰথমে গঢ় লৈ উঠা ‘আৰ-চি-চি’ কংক্ৰিটৰ
ঘৰ৷ ঘৰটোৰ ওপৰত খেৰ বা টিনৰ প্ৰয়োজনেই নাই৷ আৰু আচৰিত কথা, ভিতৰত থকা মানুহে ঘৰৰ
ওপৰত পৰা বৰষুণৰ টোপাল বা গতিৰ কোনো সাৰি-শব্দই শুনা নাপায়৷ বিলাতীমাটিৰ পকী ছাল৷
চাইকেলখন থৈয়েই বাৰান্দাত উঠি লগত অনা ছাতিটো দুবাৰমান আধা জপা আধা মেলা কৰি ছাৰে
প্ৰথমে পানীৰ টোপালবোৰ আঁতৰাই ল’লে৷ তাৰ পিছত ভৰি দুটাৰ পতাখন হেলনীয়া কৰি চেন্দেলত
লাগি থকা পানীৰ পৰিমান কমাই ল’লে – দুয়োটা ভৰিৰে, ইটোৰ পিছত সিটো৷ তাৰ পিছত, ছাতিটো
চকিখনৰ পাছফালে মজিয়াখনত মেলি দি ছাৰ চকিখনত আৰামেৰে বহি লৈ পুৰণি বাতৰি কাকত কেইখন
ওচৰ চপাই ল’লে৷
যোৱা
গোটেই সপ্তাহটো টিকাফটা ৰঁদ, বাহিৰলৈ মানুহ ওলাবৰ উপায় নাই৷ তাৰ পিছতে বতৰে পাতিলে
যে পাতিলেই৷ এই এৰে, এই ধৰে৷ একেৰাহে আজি চাৰিদিন৷ ৰাস্তাটোত ডাঙৰ ডাঙৰ গাঁত কিছুমান
হৈছিল৷ বৰষুণৰ পানীয়ে ঢাকি ধৰাত গাড়ীচালকে ক’ত গাঁত, ক’ত ৰাস্তা অনুমান কৰিব নোৱাৰা
হ’ল৷ ফলত বেছি বেগত উফৰি অহাহি আহি বিকট শব্দ একোটা কৰি গাড়ীবোৰৰ চকাটো গাঁতত পৰে,
লেতেৰা পানীবোৰ চাৰিওফালে চিটিকি পৰি গোটেইখন লেতেৰা কৰি পেলাইছে৷ ৰাস্তাৰ মাজত গাঁত,
নে গাঁতৰ মাজত ৰাস্তা ধৰিব নোৱাৰা হৈছে৷ ফাৰ্মাছীখনৰ সমূখত থকা মছজিদটোৰ দেৱালখন
ৰাস্তাটোৰ লগতে৷ কোনোবা একালত চূণ দি থোৱা দেৱালখনত “তৰিলে দেশ, মৰিলে স্বৰ্গ –
ছাত্ৰ সন্থা” বুলি লিখা আছিল৷ এতিয়া ৰাস্তাৰ গাঁতৰ পৰা উফৰি পৰা বোকাপানীয়ে দেৱালখন
ঢাকি ধৰিলে, আখৰকেইটা চিনাৰ কোনো উপায় নাই৷ গুৱাহাটীৰ পৰা ইটানগৰলৈ চলা নীলা ৰঙৰ
বাছখন আহি তেনে এটা গাঁততে পৰিলহি, ব্ৰেকডাল জোৰেৰে মৰাৰ কৰ্কশ শব্দ এটা হ’ল৷ ছাৰে
মূৰ ডাঙি চালে৷ পানী এডোঙা আকৌ বেৰখনত চিটিকি পৰিল৷
ৰাস্তাটোত
নৰ-মনিচ বুলিবলৈ সঁচ নাই৷ সকলো ঘৰে ঘৰে৷ ‘তৃপ্তি কৰ্ণাৰ’ আৰু ভাইটিৰ দোকানখন বন্ধ৷
কাপোৰৰ দোকানখনৰ দুৱাৰখন কানিদুৱৰীকৈ মেলা আছে৷ গ্ৰাহক যে নাই সেইটো ধুৰুপ, কিন্তু
দোকানী ল’ৰাকেইটা আছে নে নাই সেইটো ধৰাৰো
কোনো উপায় নাই৷ ‘মিতালী’ নামৰ চাহ দোকানখন কিন্তু খোলা আছে৷ পিছফালে ঘৰটোৰ পৰা
ধোঁৱা উৰিছে৷ ছাৰৰ ফাৰ্মাছীৰ লগতে থকা বৰা ডাক্তৰো আজি অহা নাই৷ আহিবনো কেনেকৈ ছাতি
ধৰিতো আৰু স্কুটাৰ চলাব নোৱাৰি! তেনেকুৱাতে
দেখা গ’ল বৰষুণত জুৰুলি জুপুৰী হৈ ৰাস্তাটোৰ গাঁত বিলাকৰ মাজে মাজে একাবেকা গতিৰে
লাহে লাহে হিৰ’ মেজেষ্টিক্ মপেড্ চলাই পাৰ হৈ গ’ল বাৰভূঞা গাৱঁৰ মহেন্দ্ৰ গোস্বামী!
বতৰ আৰু সময়ৰ লগত আপোচ নকৰাকৈ কাম কৰা মানুহজনৰ বদ অভ্যাস৷ পানীলগা-ৰ দৰৱ বিচাৰি ঘৰত
কাম কৰা ল’ৰাটোক ফাৰ্মাছীলৈ পঠাইহে লাগে!
-
‘গোপাল?’,
ছাৰে চিঞৰিলে৷ ছাৰক দেখিয়েই চকিখন এৰি পিছফালৰ গুডাম ঘৰটোত আৰামেৰে বহি লৈ গোপালে
পঢ়ি থকা কিতাপখনত মজি আছিল৷ ভাস্কৰ চিৰিজৰ ‘বিমান যুদ্ধত ভাস্কৰ’! পঢ়ি থকা পাতটো
মোটোকাই থৈ গোপাল ওলাই আহিল৷
-
‘হেৰি
কৰ, ছাতিটো লৈ গৈ বুক হাউছত আজিৰ কাগজখন আহিল নে নাই চাই আহগৈ যা৷ বক্সীৰ দোকানৰ
পৰা পান এটা আৰু তামোলদুখন লৈ আহিবি, তই খাৱ যদি পকৰী কেইটামানো লৈ আহিবি যা, শুন-
কাকত কেইখন আনোঁতে তিয়াই নানিবি৷’, গোটা টকা এটা উলিয়াই ছাৰে গোপালৰ হাতত দিলে আৰু
বাকিথকা পইচাখিনি ওভোটাই আনিবলৈ ক’লে৷
ঠিক তাৰ পিছতে চাপৰিৰ ফালৰ
মানুহ এজন বৰষুণত তিতি বুৰি আহি ফাৰ্মাছি ওলালহি৷ এক্সপ্ৰেছ গেঞ্জীৰ প্লাষ্টিকৰ ঠুহাঁত
নিতিতাকৈ ভৰাই অনা প্ৰেছক্ৰিপখন উলিয়াই চাৰৰ হাতত দিলে৷ ঠিক সেই সময়তে ডাঙৰ ট্ৰাক
এখন আহি ৰাস্তাটোৰ ডাঙৰ গাঁতটোত পৰিছিলহি৷ জোৰেৰে ব্ৰেক মৰাৰ শব্দত ক্ৰেটা
বিক্ৰেটা দুয়োজনে মূৰ তুলি চালে৷ পানীৰ লগতে উফৰি গৈ প্লাষ্টিকৰ বেগ এটা দেৱালখনত
লাগি ধৰিছিল, লাহে লাহে তললৈ খহি পৰিবলৈ ধৰিছে৷ ছাৰে দৰৱটো উলিয়াই আনি টেবুলত
থোৱাৰ সময়টোতে মহেন্দ্ৰ দত্তৰ লোহাৰ দাণ্ডিৰ ছাটি এটা লৈ বাৰান্দাত থিয় হ’লহি
আন এজন গ্ৰাহক – ডেকা ল’ৰা৷ বোধহয় প্ৰতাপগড় বাগানৰ কৰ্মচাৰী৷ মেলা ছাতিটো মূৰত
লৈয়েই তেওঁ ওচৰ চাপিছিল, পিছে টপ্ টপ্কৈ ছাতিৰ পানী যেতিয়া সমূখৰ মেজখনত পৰিবলৈ
ল’লে ততাতৈয়াকৈ তেওঁ ভুলটো বুজি পালে আৰু ছাতিটো নমাই থ’লে৷
-
‘ডিঙিৰ ?’ ছাৰে প্ৰথমজন গ্ৰাহকক সুধিলে৷
-
‘নহয়, তিনিদিন ধৰি তমোময় জ্বৰ৷’, ভাইটি ডাক্তৰে লিখি দিছে৷
-
‘এন্টিবায়টিক দেই, আটাইকেইটা খাব লাগিব৷’, ছাৰে আগন্তুকক
সোঁৱৰাই দিলে৷
গ্ৰাহকজনে দৰৱটোৰ নামটো
পঢ়িবলৈ চেষ্টা কৰিছিল, ডেকাজনে সহায় কৰি দিলে আৰু তাৰ পিছতে গেঞ্জীৰ তলত সুমুৱাই
অনা প্ৰেছক্ৰিপখন টানি বাহিৰলৈ উলিয়াই আনি ছাৰৰ হাতত দিলে৷
-
ছাৰ চাওঁকচোন, ভূজেল ডাক্তৰে দিছে৷ কালিৰ পৰা সাংঘাটিক
ডিঙিৰ বিষ৷
ছাৰে দৰৱটো উলিয়াই আনি
টেবুলত থোৱাৰ লগে লগে গ্ৰাহকজন অস্থিৰ হৈ উঠিল - একেই দৰৱ. একেই নাম! বিশ্বাস আৰু
সংশয় ভৰা মাতেৰে তেওঁ সুধিলে – ‘ছাৰ কথা এটা কওঁকচোন, সেইজন মানুহৰ জ্বৰ, এইটো
দৰৱ দিলে৷ মোৰ হৈছে ডিঙিৰ বিষ, একেই দৰৱ৷ ৰোগীক আভুৱা ভাৰিবলৈহে ডাক্তৰে এইবোৰ
কৰিছে নেকি মোৰ সন্দেহ হৈছে৷ ‘
তামোলৰ পিকখিনি পেলাই ছাৰে মুখখন
মুকলি কৰি ল’লে৷ এন্টিবায়টিকৰ কাম কৰাৰ ধৰণ ল’ৰাটোক বুজাবলৈ বুলি মুখখন মেলাৰ লগে
লগে তেওঁৰ মেলা ছাতিৰ পৰা টোপ টোপকৈ মেজত পৰা পানীৰ টোপালকেইটালৈ ছাৰৰ মনত পৰি
গ’ল৷ লগে লগে ছাৰে পদ্ধতি সলনি কৰিলে আৰু মাষ্টৰী মেজাজেৰে কৈ গ’ল –
-
‘এইটো কি?’ ছাতিটো দেখুৱাই ছাৰে সুধিলে৷
-
‘ছাতি ছাৰ ৷’
-
‘উৎকট ৰ’দত বাহিৰলৈ ওলাবলৈ এইটো এইটো ব্যৱহাৰ কৰ নে নাই?’
-
‘কৰোঁ ছাৰ৷’
-
‘তেনেহলে আজি এইটো কিয় আনিছ? আজিটো ৰ’দ নাই, বৰষুণ হে?’
ছাৰে সুধিলে৷
গ্ৰাহক
নিমাত৷
-
‘ৰ’দ আৰু বৰষুণ দুয়োটাৰে বাবে যেনেকৈ ছাতিটো ব্যৱহাৰ হয়,
ঠিক তেনেকৈ একেটা দৰৱেই কেতিয়াবা কেইবাটাও বেমাৰত কাম দিব পাৰে!’
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এইটো কাহিনী মোক হয় ৰূপালীমে, নহয়
মানসীয়ে কৈছিল৷ দুয়োলৈ সমানে মৰম কৃতজ্ঞতা জনালোঁ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা
খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment