Saturday, May 5, 2018

জীৱন বাটৰ ৰসঃ বগাই বৰ্তা (৪৭)

জীৱন বাটৰ ৰসঃ বগাই বৰ্তা (৪)

‘খুড়ীদেউ’ শব্দটোক ছুটিকৈ যেনেকৈ ‘খুদৌ’ বুলি মতা হয়, তেনেকৈ ‘বৰদেউতা’ বা ‘বৰপিতাই’-ক আমাৰ অঞ্চলটোত ‘বৰ্তা’ বুলি সম্বোধন কৰা হয়৷ এইটো শব্দ অভিধান বিচাৰিলে পোৱা নাযায়৷ কিন্তু অভিধানত নাই বুলিয়েই শব্দটোক জীৱনৰ বাটত লেই-লেই-চেই-চেই কৰিব নোৱাৰি৷ ‘বৰ্তা’-ৰ ঠাইত বৰপিতাই বা বৰদেউতা বুলিলে সেই আন্তৰিকতা অনুভৱ কৰা নাযায়৷ পিতৃতকৈ বয়সত কনিষ্ঠজন খুড়া আৰু জ্যেষ্ঠজন বৰ্তা  - এইটোৱেই আছিল আমাৰ শৈশৱৰ সৰলীকৃত সুত্ৰ৷ নতুবা কথাটো এনেকুৱাকৈও ক’ব পাৰি যে, যাৰ আগত মায়ে ওৰণি তুলি লৈছিল সেইজন আছিল আমাৰ বৰ্তা আৰু যাৰ আগত নলৈছিল তেওঁ আছিল খুড়া৷ খুড়াক আমাৰ ঠাইডোখৰত ‘দদাইদেউ’ নোবোলে, খুড়া বা খুড়াদেউ বুলি মাতে৷ মামা, মোহা, পেহা আদিৰ ক্ষুদ্ৰ অস্তিত্বই এই খুড়া বা বৰ্তাসকলৰ বৃহৎ অংকৰ ওচৰত আশে পাশেও থিয় দিব পৰাৰ শক্তি নাছিল৷

আমাৰ শৈশৱৰ দিনত মনত যুগমীয়া সাঁচ ৰাখি যাব পৰা এজন বৰ্তা আছিল - বগাই বৰ্তা৷ তেখেতৰ সম্পূৰ্ণ নাম আছিল ভৰত বৈৰাগী৷ তেখেতৰ প্ৰখৰ স্মৃতি শক্তি আমাৰ বাবে আছিল পৰম বিষ্ময়! কিতাপৰ পোক এই বগাই বৰ্তাৰ সান্নিধ্যই কৈশোৰৰ দিনতে কিতাপৰ প্ৰতি আমাক অত্যন্ত আগ্ৰহী কৰি তুলিছিল৷ অসমীয়া আৰু বঙালী ভাষাৰ কিতাপ হাতত পৰিলেই তেখেতে গো-গ্ৰাসে গিলিছিল৷ নতুন কিতাপ আনিলে ঘৰখনে প্ৰথমে পঢ়ি ল’বৰ বাবে কিতাপখন প্ৰথমে কেইদিনমান তেখেতৰ চকুৰ পৰা আঁৰ কৰি থোৱাৰ প্ৰয়োজন হৈছিল৷ কেতিয়াবাই পঢ়ি থোৱা কিতাপৰ নাম, লেখকৰ নাম, সম্পাদকৰ নাম, প্ৰকাশৰ চন, আনকি ভিতৰৰ পৃষ্ঠাৰ শাৰী পৰ্যন্ত তেখেতৰ মনত ৰৈ গৈছিল আৰু নিৰ্ভুল ভাৱে কৈ দিব পাৰিছিল৷
-          ‘মৃত্যুঞ্জয়’ পঢ়িছ? বৰ্তাই কেতিয়াবা আমাৰ পৰীক্ষা লয়৷ 
-          ‘পঢ়িছোঁ৷’
-          ‘কচোন, প্ৰথমৰ শাৰীটো কি আছিল?’
-          ‘মনত নাই! সেইটো মনত ৰাখিবলগীয়া কথাও নহয়৷ বাৰু আপুনিয়েই কওকচোন৷’ - আমি ওলোটাই ধৰোঁ৷
-          ‘কেঁচা বৰলক জোকাই ল’লে গা সাৰিবলৈ টান -কথাষাৰ কৈছিল ভিভিৰামে৷’ অকণো পলম  নকৰাকৈ বৰ্তাই উত্তৰ দিয়ে৷ দেউতাৰ আলমাৰিটোৰ কিতাপবোৰ তল ওপৰ কৰি ‘মৃত্যঞ্জয়’ উপন্যাসখন উলিয়াই আনোঁ৷ হয়, শ প্ৰতিশদ শুদ্ধ৷
-          ‘নৱকান্ত বৰুৱাৰ “ককাদেউতাৰ হাড়”-ৰ প্ৰথমৰ শাৰীটো কচোন৷’
আমি নিমাত৷
-‘অৱশেষত আইতাক কথাটো ক’বলৈ ময়েই ওলালোঁ৷’ আমি খৰখেদাকৈ মিলাই চাওঁ – হয়, একেবাৰে সত্য৷
- ‘তইতো ‘অসীমত যাৰ হেৰাল সীমা’-খন কেইবাবাৰো পঢ়িছ, কচোন প্ৰথমৰ শাৰীটো কি আছিল৷’
তাৰ পিছত তেখেতে নিজেই উত্তৰ দিয়ে – “এখন কঁপি থকা ৰামধেনু৷”

কেশৱ মহন্তৰ “সোনজীৰা মাহী”-ৰ দৰে একোটা দীঘল কবিতা কেতিয়াবা মুখস্ত মাতি শুনায়, কোনো এটা শব্দ দুবাৰ বা ভূলকৈ উচ্চাৰণ নকৰাকৈ৷ ৰেডিঅ’ত বাতৰি পঢ়োঁতেযে কেতিয়াবা “ক্ষমা কৰিব” বুলি কৈ শাৰীটো পুনৰ পঢ়ে, বগাই বৰ্তাই মিচিককৈ হাঁহি এটা মাৰে৷ তাৰ পিছত কিতাপৰ পাঠ এটা উলিয়াই অকণো ভুল ক্ৰুটি নোহোৱাকৈ, দাৰি ক্’মাৰ শুদ্ধ প্ৰয়োগ কৰি আমাৰ আগত পঢ়ি শুনায়৷ বিহপুৰীয়াৰ শ্ৰীযুত গোলোক হাজৰিকা স্মৃতি শক্তিৰ এক বিৰল উদাহৰণ৷ তেখেতে তাঁতৰ বিভিন্ন সঁজুলি আৰু অসমীয়া ভাষাত নিৰ্মান হোৱা কথাছবিৰ নাম সলসলীয়াকৈ গাই যাব পাৰে৷ এটা ছন্দোৱদ্ধ লয়ত তেখেতে গাই যায় – উঘা, চেৰেকী, টোলোঠা, ৰাঁচ, দোৰপতি, চিৰি, শ’লি, মাকোঁ, নাচনী জৰী, গেৰেলী মাৰি… ৷ ঠিক তেনেকৈ “জয়মতী”ৰ পৰা “মিছন চাইনা”লৈকে!

এনেকুৱা এক বিৰল প্ৰতিভাৰ অধিকাৰী বগাই বৰ্তাৰ হাস্যৰসো আছিৰ অতি প্ৰখৰ৷

এসময়ত আমাৰ ঠাইখনত এটা চিৰাখুন্দা মিল আছিল৷ থানাখনৰ কাষেদি লক্ষ্মীনাথ বেজবৰুৱা পথ লৈ অতুল বৰাৰ কাঠৰ মিলটো পাৰ হৈ যোৱাৰ পিছতে নৰ্মাল স্কুলখন পোৱাৰ আগে আগে ৰাষ্টাৰ সোঁ-হাতে এটা সম্ভ্ৰান্ত বঙালী পৰিয়ালৰ চৌহদত আছিল এই মিলটো৷ চিৰা খুন্দাবলৈ এদিন গৈ ধান দি আহিব লাগে৷ ওপৰৰ বাটামৰ পৰা ওলোমাই ৰখা পাল্লা এখনত জোখ কৰি মিলৰ কৰ্মচাৰীয়ে বস্তাটোৰ ওপৰত চক মাটি এডোখৰেৰে নম্বৰ এটা লিখে৷ দুদিনমান পিছত গৈ সেই নম্বৰটো ক’লেই দি থৈ অহা ধানৰ ‘ৰেডিমেইদ্‌’ চিৰা লৈ আহিব পাৰি, খুন্দোৱাৰ খৰচটো দিলেই হ’ল৷ মিলটোৰ ভিতৰত চিৰা-চিৰা গোন্ধ এটাই মনটো ভৰাই তোলে৷

সেইদিনা বৰ্তা গৈছিল সেই মিলটোৰ পৰা চিৰা আনিবলৈ৷ মিলৰ গৰাকীৰ মূল ঘৰটো বন্ধ, পিলিঙা এটা আহি ক’লেহি – অলপ বহক, দাদা আহি আছে৷ দাদা মানে মিলৰ চালক৷ চকী এখনত বহি বৰ্তাই আলেখ-লেখ চাই থাকিল৷ মিলঘৰটোৰ ভেটি মূলঘৰটোৰ পৰা অলপ আঁতৰত৷ গ্ৰুপ বেৰ দিয়া কেঞ্চি বাটামৰ ঘৰ৷ বাৰান্দাখনত কাষ্টমাৰ বহাৰ সুবিধা কৰি থোৱা আছে৷ বেৰত এখনেই ফ়টো ওলমি আছে৷ মাখন ৰঙৰ কাপোৰ এখনত সেইজীয়া আৰু ৰঙা সূতাৰে নিখূঁটকৈ তোলা বাক্য এটা বন্ধাই থোৱা ফটোখন– “গোলাপ শুকিয়ে যায়, ব়েখে যায় প্ৰীতি, মানুষ মব়িয়ে যায় থেকে যায় স্মৃতি”! বৰ্তাই ক্ষন্তেক চিন্তা কৰিলে কথাষাৰ ৰবীন্দ্ৰনাথে কোৱা হয়নে নহয়! তলত কাৰো নাম নাই৷ হলেও, নহলেও, কথাষাৰ কিন্তু ষোল্লঅনাই সঁচা৷

মিলৰ গৰাকীলৈ ৰৈ থাকোঁতেই সন্ধ্যা লাগি ভাগিল৷ চাইকেলখনৰ কেৰিয়াৰত চিৰাৰ টোপোলাটো বান্ধি বৰ্তাই যেতিয়া পেডেলত ভৰি দিছে তেতিয়া বাহিৰত ঘোপ মৰা আন্ধাৰ৷ চেন্টাৰটো পাৰ হোৱাৰ পিছত আৰু ৰাষ্টাটো দেখাৰ উপায় নাই, অনুমানহে কৰিব পাৰি৷ সম্ভৱ সেইদিনা আছিল অমাৱশ্যা৷ তেতিয়াৰ দিনত গধূলিৰ পিছত বাটত মানুহ বা গাড়ী-মটৰৰ বৰকৈ চলাচল নাছিল৷ তেনে সময়ত  চাইকেলৰ আৰোহীয়ে বাটত বাটৰুৱা থকাৰ অনুমান কৰিলে টিলিঙাটো বজাই বাটৰুৱাক সজাগ কৰি দিয়ে৷ ঠিক সেইদৰে বাটৰুৱাইও গল হেকাৰি মাৰি নিজৰ উপস্থিতিৰ ঘোষণা কৰে৷ নিৰাপদে দুয়ো পাৰ হৈ গুচি যায়৷ কোনোবাই আকৌ চাইকেল চলাই আহিলে মুক্তকন্ঠে গীত গাই আহে৷ গীতটোৱে আচলতে নিৰৱিচ্ছিন্ন হৰ্ণৰ কাম কৰে আৰু ভয় আঁতৰায়, লগতে বিপৰীত ফালৰ পৰা অহা বাটৰুৱাও সাৱধান হয়৷

ৰে’লৰ আলিৰ ঢিপদুটা পাৰ হোৱাৰ পিছতে শিলগুটি দিয়া বাটতো আৰম্ভ হ’ল৷ চিনাকি বাটৰ চিনাকি লিকত লাহে লাহে চাইকেল চলাই বৰ্তা আগবাঢ়ি গৈ থাকিল৷ এনেকুৱা দিনত বৰ্তাৰ হাতত সাধাৰণতে দুইবেটাৰীৰ টৰ্ছ এটা থাকেই৷ আজি ইমান দেৰি হোৱাৰ কথা নাছিল৷ ঘনাই চাইকেলৰ টিলিঙাটো বজাই বৰ্তা আহি আছে৷ পেটুৱা দলং পাওঁ পাওঁ হৈছে৷ তেনেতে বিপৰীত ফালৰ পৰা নিঃশব্দে অহা চাইকেল এখনে প্ৰচণ্ড জোৰেৰে বৰ্তাৰ চাইকেলখনত খুন্দা মাৰি দিলেহি৷ কাৰিকৰৰ দোকানৰ সমূখতে বালিৰ দ’ম এটা আছিল, তাতে বৰ্তা লুটি খাই পৰিল৷ সিফালে থকা কচু-মেটেকাৰ হোলাটোত এখাৱৈ হৈ পৰিল আগন্তুক৷
-          কোন হে’, আৱাজ এটাতো দিব লাগে? আন্ধাৰতে খেপিয়াই খেপিয়াই বৰ্তাই সুধিলে৷
-          ‘কি কোন মাৰিবলৈ আহিছে, ৰাতি ওলালে হাতত টৰ্ছ এটা লৈ ওলাব লাগে বুলি নাজানে নেকি?’- আগন্তুকে খঙেৰে উত্তৰ দিলে৷
-          হয় নেকি, তোমাৰ টৰ্ছটোৱেই এইফালে অলপ মাৰি দিয়াছোন!


 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

No comments:

Post a Comment