Saturday, April 28, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৬)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৬)

পূৰ্ণেশ্বৰ ছাৰৰ ঘৰৰ চৌহদৰ লগতে গা্ৱঁলৈ সোমাই যোৱা ৰাষ্টাটোত এখন পথাৰ আছে৷ সেই পথাৰখনৰ সিদাঁতিত থকা ওপৰত তূপ ভাঙি থোৱা কাঠৰ কেঞ্চি বাটামৰ টিনৰ ঘৰটোৱেই ৰত্নেশ্বৰ বায়নৰ ঘৰ, দীঘলকৈ পদূলিটো৷ বায়নৰ ঘৰৰ পৰা ছাৰৰ ঘৰৰ চৌহদলৈ আহিবলৈ এটা ‘চৰ্ট-কাট্‌’ আছে – পথাৰৰ মাজৰ আলি এটা৷ ‘পকা ধানৰ মাজে মাজে থকা সৰু সৰু আলি’-বোৰৰ তুলনাত এইটো অলপ শকত-আৱত, মজবুত ধৰণৰ৷ এটা ছাগলী শুই দিলেহে আন এটা পাৰ হৈ যাব পৰা ঠেক নহয়, দুজনলোক সামান্য হাউলি পাৰ হৈ যাব পৰা আহল-বহল আলি৷ বিভিন্ন কামত এই আলিটোৰ ব্যৱহাৰ হয়৷ হঠাতে নহা আলহী আহি ওলালে কণছোৱালীয়ে এই আলিটোৱেদিয়েই ছাৰৰ চৌহদলৈ দৌৰ লয়, আৰু হাতত নালভগা কাপ এটা লৈ চিঞৰ ধৰে – “ঔ, খুদৌ, ঔ খুদৌ, মায়ে চেনি অকণমান খুজিছে, আলহী আহিছে৷” কেতিয়াবা, চেনিৰ সলনি চাহপাত কেইটামান, কেতিয়াবা গাখীৰ অকণ৷ একেখন বিয়ালৈকে দুয়োটা পৰিয়াল নগ’লে কেতিয়াবা চামৰাৰ চেন্দেলজোৰ বা গাত লোৱা গৰম কাপোৰখনো হ’ব পাৰে৷ খুদৌ মানে খুৰীদেউ৷ কণছোৱালীৰ মুখত অসমীয়া কেইটামান বৰ্ণ নুফুটে৷ ছাৰে প্ৰথমে দবিয়াইছিল, পিছলৈ এৰি দিলে, তাইৰ জিভাই বেকা নহয়৷ কেতিয়াবা চিঞৰে, অ-ব’ ঔ খুঈ, অঙা ফিটাডাল বিচাই আছো৷ মানে ৰ’ব ঔ খুৰী, ৰঙা ফিটাডাল বিচাৰি আছো৷ এইটো আলিয়েদিয়েই প্ৰত্যেক সন্ধিয়া বায়ন আহি ছাৰৰ চোতালত ক্ষন্তেক সময় বহেহি৷ ছাৰৰ দেউতাকৰ চশমাজোৰ টেবুলতে পৰি থকা দেখিলে তাকে পিন্ধি ‘দৈনিক অসম’ বা ‘মহাজাতি’ কাকতখন পঢ়ে৷ ইঘৰৰ কথা সিঘৰত লগোৱা বা কথাই কথাই উচ্চ-বাচ্য কৰা অভ্যাস বায়নৰ নাই, সেয়ে গঞাৰ লগত তেখেতৰ সম্পৰ্ক মধুৰ৷ এই আলিটোৰ দৈনিক ব্যৱহাৰ হয় আন এটা অপৰিহাৰ্য কাৰণত৷ এই চুবুৰীটোত ছাৰৰ ঘৰৰ কুঁৱাটোৰ পানীয়েই নিৰ্মল - খোৱাৰ যোগ্য, বাকীবোৰ কুঁৱাৰ পানীত আইৰণ আছে- ৰঙা ৰঙা৷ এতেকে কেইবাঘৰো মানুহে ছাৰৰ ঘৰৰ কুঁৱাটোৰ পৰাই পানী খায়৷ বায়নৰ ঘৰলৈ এই আলিটোৱেদিয়েই দৈনিক তিনিবাৰ খোৱাপানীৰ সৰবৰাহ হয়৷ সাধাৰণতে পানী কঢ়িউৱা কামটো ঘৰৰ বনকৰা বা ল’ৰাছোৱালীৰ দ্বাৰাই কৰোৱা হয়৷ কিন্তু দুপৰীয়া সময়ত, ছালৰ ছাঁই মাটি চোৱাৰ আগে আগে সেই খেপটোত ঘৰৰ মূল মানুহকেইজনী ওলায়৷ সময়টো অলপ অগাপিছা হ’লে ইজনী সিজনীৰ বাবে অলপ ৰয়৷ ছাৰৰ ঘৰৰ ছাঁত পিৰালিতে বহি অলপ সময় বিয়নী মেল পাতে৷ সেই মেলতে পিতাম্বৰ মণ্ডলৰ জীয়েকক টিউচন মাষ্টৰে চাধাৰু মেলা দেখুৱাবলৈ স্কুটাৰত তুলি লৈ যোৱা খবৰটো তিলেশ্বৰী জেঠাইয়ে প্ৰথম প্ৰথম বায়ননীক কয়, আৰু শা-শপত দি আনক কবলৈ মানা কৰে৷ কেঁচা আম, জলফাই কেইটামান, ৰবাব টেঙা বা আনাৰস এটা লৈ ছাৰৰ বাইদেউৱেও কেতিয়াবা এই মেলখনত যোগ দিয়ে৷ কাহিনীৰ চোক কেতিয়াবা অত্যন্ত বেছি হয়, কথা নিছিগেহে নিছিগে৷ তেতিয়া মূল বাটতোলৈ পিঠি দি এই আলিটোৱেদিয়েই আটাইকেইগৰাকী গৈ বায়নৰ ঘৰত উঠেগৈ, তাতে তামোল এখনৰ মুহুদি মাৰি বায়নৰ পদূলিটোৱেদিয়েই আটাইকেইজনী গৈ আচল ৰাষ্টাটোত উঠেগৈ৷

এই আলিটোৱেদি কেৱল যে ৰপ্তানিহে হয় এনে নহয়, আমদানিও হয়৷ হঠাতে নহা আলহী আহিলে ছাৰৰ বাইদেউৱে বনকৰা ল’ৰাটোক বায়নৰ ঘৰলৈ দৌৰায় – হাঁহকণী বা পোৱালী পাৰ এযোৰ বিচাৰি৷ খৰালি ধনিয়া চাইদালমান বিচাৰি৷ বাৰিষা তৰকাৰী খাবলৈ কেঁচা কঠাল এটা বিচাৰি৷ ভোট জলকীয়া দুটা বিচাৰি৷ পচলা কৰিবলৈ কলপুলি এটা বিচাৰি৷ চালত উঠিবলৈ জখলা বা মৈ-খন বিচাৰি৷ গাঁত খান্দিবলৈ চিপৰাংখন বিচাৰি৷ লতা কাটিবলৈ বেকী দাখন বিচাৰি৷ তাঁতবাতি কৰিবলৈ ঊঘা বা চেৰেকী বিচাৰি৷ ইত্যাদি৷ গাঁৱত যেতিয়া ভাওনা হয়, বায়নৰ চ’ৰাঘৰতে ভাৱঁৰীয়া সজায়৷ তেতিয়া ৰাতিও এই আলিটোৰ ব্যৱহাৰ হয়৷ কোনোবা কেইটামান আহি বাইদেউক সোধেহি – ‘খুৰী, ৰঙা সূতাৰ লগত ডাঙৰ বেজীটো তিলক খুৰাই খুজিছে৷’

কেতিয়াবা দুয়োখনঘৰৰ মাজত উখনা-উখনিও নলগা নহয়, লাগে৷ পিছে সাময়িক৷ কোনেও একো ধৰি নাথাকে৷ কেতিয়াবা ঘৰৰ সদস্যকেইজনৰ মাজতে ধোপাক-পাক কাজিয়া লাগে৷ সেই কথা বায়ননীয়ে ছাৰৰ বাইদেউৰ আগত সোঁত-সোঁতাই বৰ্ণনা কৰে৷ বাইদেউৱে ওলোটাই সোধে – তুমিনো সিহঁতৰ মুখে মুখে জবাব দিয়া কিয়, মনে মনে থাকিবাচোন!

এবাৰ মেট্ৰিক ফে’ল কৰাৰ পিছতে কণছোৱালীয়ে লিখাপঢ়াৰ সামৰণি মাৰিলে৷ “পহাশুনা কঈ তহঁতেই অজা হ’ – মই এইলো” - বুলি সেইবাৰ তাই দুজুটি তাঁত একেলগে লগালে৷ কামত তাই এলাইবাদু নহয়, ঘৰ ধৰি খাব পৰা ছোৱালী৷ ছাৰৰ ঘৰৰ সকাম-নিকামত তাই যিয়েই দায়িত্ব লয়, এফালৰ পৰা সামৰি যাব পাৰে! ৰুমালত ফুলতোলা, গাৰুৰ গিলিপত ডিজাইন তোলা, বগা কাপোৰত “সত্যম শিৱম্‌ সুন্দৰম” আখৰকেইটা সূতাৰে তোলা আদি কামত তাইৰ হাত পকা৷ বাইদেউৱে কেতিয়াবা এনেই তাইক জোকায় – লগত নিবলৈ কেইখন ৰুমালত ফুল তুলিলি অ’ কণ-ছোৱালী?

এদিন দুপৰীয়া পানী নিবলৈ আহি তিলেশ্বৰী জেঠাইয়ে বাইদেউক সুধিলেহি – হয়নে মাষ্টৰণী, কণ-ছোৱালীক চাবলৈ হেনো বালিপুখুৰী ফালৰ চাকৰি কৰা ল’ৰা এটা আহিছে, বিক্ৰম নে কি পাছ, ঘগ্ৰাপাৰা বাগানত এপেনটিছ কৰি আছে? ঘৰৰ সীমাতে থকা ঘৰখনৰ খবৰটো আনৰ পৰাহে পাব লগা হোৱাত বাইদেউৰ মনটো বেয়া লাগিল আৰু অভিমান ভৰা মাতেৰে আবেলিলৈ কথাটো বায়ননীক সুধিলে৷  

-          মৰি যাব’লেকে বাইদেউ! এনে এটা কথা হলেনো আপোনাক নকমনে? আমাৰ খুড়াৰ ল’ৰাটোৰ লগত জীৱন নামৰ ল’ৰা এটা অহাটো হয়, সি বি-কম্‌ পাছ কৰি এপেনটিছ সোমোৱাৰ কথাটোও সঁচা, কিন্তু বিয়া-বাৰুৰ কথা কণ-ছোৱালীৰ শপত খাই কৈছোঁ…, বায়নে সকলোকে কৈ দিছে- আগলৈ-পিছলৈ বুলি এজনীয়েই ছোৱালী, বিয়া দিলে অকল চৰকাৰী চাকৰিয়াললৈহে দিব, বাগানেই হওঁক বা ফেক্টৰীয়েই হওক, চৰকাৰী যদি নহয়, তেনে কথা মোৰ আগত নুলিয়াবা৷

এদিন বায়ননীয়ে বাইদেউৰ আগত চকুলো টুকিলে – গ’ল, বহাগতে কুৰী উকলি গ’ল, আপোনালোকে মানুহটোক অলপ বুজাবচোন, চৰকাৰী চাকৰি বুলি তাইৰ বয়সটোতো ৰৈ নাথাকে!

অৱশেষত সেই দিন আহিল৷ বাৰেচহৰীয়া ভাওঁনাৰ সময়৷ ঢলপুৰৰ চিনাকি পৰিয়াল এটাই ল’ৰা এটা পঠাইছে৷ বায়নৰ ঘৰতে তিনিদিন থাকি ভাওনা চাব৷ বায়ন পৰিয়ালৰ আটাইৰে গা সাতখন-আঠখন! ডম্বৰু নামৰ ওখপাখ ল’ৰাটোৱে পুলিচত চাকৰি কৰে৷ বেগতে ৰঙা টুপী আৰু পেটীডালো লৈ ফুৰাইছে৷ কথাই কথাই ৰগৰ কৰিব পাৰে৷ বায়ননীয়ে ‘মাটিত থলেও পৰুৱাই পায়, মূৰত ল’লেও ওকণীয়ে খায়’ যেন কৰিলে৷ চ’ৰাঘৰতে শুধ বগা বিচনা কাপোৰ পাৰি ডম্বৰুৰ বিচনা তৈয়াৰ কৰা হ’ল৷ কণছোৱালীয়ে ‘লগত নিম’ বুলি নিজহাতে ফুল তুলি বন কৰা গিলিপ লগাই দুটা গাৰুও বিচনাখনত দিয়া হ’ল৷
               
বায়নে প্ৰথম দিনাই মন কৰিলে, ছোৱালীজনীয়ে ইমান মৰমেৰে কৰা গাৰু দুটাত ডম্বৰুৱে ভৰি দুটা তুলি শুই আছে৷ প্ৰথমদিনাই নহয়, আটাইকেইদিন৷ মন তাপৰিব নোৱাৰি বায়নে ডম্বৰুক  বিদায় লোৱাৰ আগে আগে সুধিলে – ‘বোপা , তুমি আটাইকেইদিন গাৰুদুটাত ভৰি তুলি শোৱাৰ অৰ্থটোহে নুবুজিলোঁ!’ ডম্বৰুৱে উত্তৰ দিলে – ‘এ্‌ নক’ব আৰু, মই সৰুৰে পৰা মূৰটোৰ বৰ যত্ন ল’লো, ব্ৰাহ্মী শাক খাও, ঘিউ, মৌ, ছাগলী গাখীৰ খাওঁ, কিন্তু একো কামত নাহিল৷ স্নাতক হোৱাৰ পিছত মুঠতে ন-টা ইন্টাৰভিউ দিলোঁ, চাকৰি নাপালোঁ, তাৰপিছত এদিন থানাখনৰ আগেদি আহোঁতে দেখিলোঁ, মানুহ গোট খাইছে, পুলিচত নামভৰ্তি চলিছে, দুশ মিটাৰ দৌৰিব লাগে৷ মইও গৈ লাইনত খাৰা হৈ গ’লো আৰু চাকৰি পাই গ’লো৷ মূৰে কৰিব নোৱাৰা কাম ভৰিয়ে কৰি দিলে৷ আপুনিয়েই কওক মূৰটোক সুখত ৰাখিব লাগে, নে ভৰিদুটাক?

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল পদ্মদাই, শ্ৰীযুত পদ্ম হাজৰিকাই৷ তেখেতলৈ কৃতজ্ঞতা জনালোঁ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


No comments:

Post a Comment