জীৱন
বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৫)
গহপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ
আৰু মঙ্গলদৈ এই আটাইকেইখন ঠাই এসময়ত এখন জিলাৰে অন্তৰ্গত আছিল –নাম আছিল দৰং জিলা৷
মহকুমা আছিল দুটা – তেজপুৰ আৰু মঙ্গলদৈ৷ জিলাৰ সদৰ ঠাই আছিল লুইতৰ দাঁতিত অৱস্থিত তেজপুৰ
নামৰ সৰু আৰু পৰিষ্কাৰ চহৰখন৷ জিলাখনৰ অধিকাংশ লোকেই কৃষিজীৱি হোৱা বাবে সদৰ ঠাইৰ
লগত সাধাৰণ গঞাৰ সম্পৰ্ক বৰ কম আছিল৷ কৰ্টত কেছ খেলিবলৈ, টান বেমাৰৰ চিকিৎসা কৰিবলৈ
বা কলেজত পঢ়িবৰ নিমিত্তেহে ভিতৰুৱা অঞ্চলৰ লোকৰ জিলাৰ সদৰলৈ আগমণ ঘটিছিল৷ এই যাত্ৰাটোক
কাব্যিক ভাষাৰে “জিলালৈ যোৱা” বুলি কোৱা হৈছিল৷ সেইযে, “বহুদিন হৈ গ’ল, জিলালৈ অহা
নাই সোনজিৰা মাহী”, কবিয়ে ইয়াত সোনজিৰা মাহীক গাঁৱৰ পৰা জিলাৰ সদৰ ঠাইলৈ যোৱাৰ কথা
বৰ্ণনা কৰিছে৷ তেতিয়াৰ দিনত সেই যাত্ৰা বৰ সহজ নাছিল৷ কেইবাখনো নৈ নাঁৱেৰে পাৰ হৈ
তেজপুৰলৈ যাব লাগিছিল৷ গহপুৰ অঞ্চলৰ লোকে তিনিখন নদী নাৱেৰে পাৰ হৈ জিলালৈ গৈছিল
– বুৰৈ, বৰগাং আৰু জীয়া ভঁৰলী৷
পূৰ্ণেশ্বৰ ছাৰ বাস কৰা অঞ্চলটোৰ
পৰা এখন নদী পাৰ হ’লেই জিলালৈ যাব পৰাৰ সুবিধা আছিল৷ বেলি উঠাৰ লগে লগেই জীয়া ভৰলীৰ
চকী ঘাটেদি পোনাই দিলে ছালৰ ছাঁ মাটিত নৌ পৰোঁতেই তেজপুৰ ওলাবগৈ পাৰি৷ অসমৰ মেপৰ
লগত চিনাকি থকা সকলোৱেই জানে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা উপনদীসমূহৰ ভিতৰত জীয়া
ভঁৰলী নদীখনৰ আকাৰেই আটাইতকৈ ডাঙৰ৷ বাকীবোৰ নৈ যদি ৰঙীল পেঞ্চিলডালৰ নীলা মূৰটোৰে
একা-বেকা এডাল ৰেখা আঁকিয়েই বুজাব পাৰি, ব্ৰহ্মপুত্ৰ আৰু ভঁৰলী নদী আঁকিবলৈ দুডাল আঁচৰ
প্ৰয়োজন হৈছিল৷ আঁচদুডালৰ মাজত বিচিত্ৰ ভঙ্গীমাত থকা কেইটামান শূণ্য বহুৱাই দি গোটেই
নদীখন নীলা ৰঙেৰে ঘঁহি ঘঁহি অংকণ কৰিব লাগিছিল৷ শূণ্যবিলাকৰ চেহেৰাই নদীৰ বুকুত থকা
দ্বীপসমূহক প্ৰতিনিধিত্ব কৰিছিল৷ নীলা ৰঙ ইমান বেছি ঘঁহিব পৰাৰ সুবিধা অসমৰ আনবোৰ
নদীত নাছিল৷
ভৰলী নদীৰ দুয়োপাৰে বাস কৰা বাসিন্দাসকলৰ
নদীখন বৰ মৰমৰ আছিল৷ যেনেকৈ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকত তাজমহলৰ সৌন্দৰ্য অনিৰ্বচনীয়
ৰূপত দেখা দিয়ে, ঠিক তেনেকৈ ফৰিংফুটা জোনাকত জীয়া ভঁৰলী নদীৰ দাঁতিত থকা নিৰ্মল বালিত
বিচৰণ কৰাৰ অপূৰ্ব মাদকতা, অভিজ্ঞতা থকা জনেহে অনুভৱ কৰিব পাৰে৷ নদীখনৰ দুয়োপাৰে অনেকঠাইত
কেইবাটাও অসমীয়া থলুৱা জনগোষ্ঠীৰ বাসস্থান৷ তেওঁলোক বৰ পৰিশ্ৰম কৰি জীৱন নিৰ্বাহ
কৰা দুখীয়া মানুহ৷ কৃষি, গাখীৰৰ ব্যৱসায়, বাহ-কাঠৰ কাৰবাৰ বা ঘৰৰ পোহনীয়া হাঁহ, পাৰ,
ছাগলী আদি কিনি কুটি তাৰেই টুক-টুক টাক-টাককৈ চলি থকা সৰল মনৰ মানুহ৷ প্ৰয়োজনীয় কাম
নাথাকিলে তেওঁলোক জিলালৈ যোৱাৰ প্ৰশ্নই নুঠে৷
১৯৬২ চনৰ আগষ্ট মাহত জীয়া ভৰলী নদীৰ
ওপৰত এখন পকী দলং নিৰ্মান কৰা হ’ল৷ দলংখনৰ ওপৰেদি যিটো পথ পাৰ হৈ গৈছে তাৰ নাম ৫২
নম্বৰ ৰাষ্ট্ৰীয় ঘাঁইপথ৷ ৰাষ্টাটোৰ বাবেই জিলালৈ যাবলৈ এতিয়া নৈখন নাঁৱেৰে পাৰ হোৱাৰ
প্ৰয়োজন নোহোৱা হ’ল৷ পাছে হ’লে কি হ’ব, আগতে চকীঘাটেদি পোনাই দিলে এঘাৰ মাইল হোৱা
বাট এতিয়া খনামূখ, বালিপৰা, ঘোঁৰামাৰী হৈ ৰাষ্ট্ৰীয় ঘাঁই পথেদি গঁলে ত্ৰিশ মাইলতকৈও
বেছি পৰে৷ কেৰেলাতকৈ গুটি দীঘল হ’ল! তথাপিও ৰাষ্টাটোৱে পিছপৰা বহু অঞ্চল সামৰি ল’লে,
সিয়েই শান্তনা৷ এসময়ত বুৰৈ, বৰগাঙৰ ওপৰতো ক’লা ৰঙ দিয়া কাঠৰ দলং উঠিল৷ অসম ৰাজ্যিক
মটৰ পৰিবহন সন্থাই গঁড়ৰ ছাপ থকা ৰঙা গৰমেন্ট বাছ জিলাৰ পৰা বাঁহবাৰী, গহপুৰলৈকে চলাবলৈ
ল’লে৷ কিছুদিনৰ পিছত ৫২ নম্বৰ পথত পাব্লিক বাছ কেইখনমানেও ভুমুকি মাৰিলে – মা কামাখ্যা,
জয় সন্তোষী মা, চাৰি ভাই, পাকিজা৷ বজাৰ বাৰত বাছকেইখন হঠাতে অন্তৰ্ধান হয়, তেনে দিনত
সিহঁতে আলু, কঁচু, পান, তামোল, হাঁহ, মুৰ্গী, পাৰ, ছাগলী সমন্বিতে মানুহকো পান জপা দি জাপি
বজাৰৰ ভাড়া মাৰে৷ তেনেদিনত নতুনকৈ ওলোৱা মেটাড’ৰ কেইখনৰ ফিটাহিতো কি চাবা- তিনি
টকাৰ ঠাইত সুবিধা পালে পাঁচ টকাও বিচাৰে!
পুৰ্ণেশ্বৰ ছাৰে এখন স্কুটাৰ কিনিলে৷
বাজাজ কোম্বানীৰ ১৫০ নম্বৰ মডেল৷ ৰঙটো ডাঠ সেউজীয়া৷ আৰ্মিৰ অফিচাৰ এজনৰ জলন্ধৰলৈ
ট্ৰেন্সফাৰ হৈছিল, যোৱাৰ আগতে তেওঁ স্কুটাৰখন ছাৰক বেছি থৈ গ’ল৷ কেইবাবাৰো কিক মৰাৰ
পিছতো যদি ইঞ্জিনটো নচলে, স্কুটাৰখন একটীয়া কৰি অলপ সময় ধৰি থাকিব লাগে, তাৰ পিছতই
কিক মাৰিলে ভট্-ভট্ কৰি ইঞ্জিনটো চলিবলৈ ধৰে৷ ইঞ্জিনটোৰ মাত শুনিলেই ছাৰৰ মুখত
ক’ব নোৱাৰাকৈয়ে মিচিকি হাঁহি এটা ওলায়৷ প্ৰথম প্ৰথম স্কুটাৰখন স্কুললৈ আনোঁতে জিৰণীৰ
সময়ত স্কুলত ছাত্ৰহঁতে জুম বান্ধি চাবলৈ লৈছিল, আৰু ডাঙৰ হৈ তেনেকুৱা এখন কিনাৰ দিবাস্বপ্নত
আপোন পাহৰা হৈছিল৷ প্ৰথম দিনাই ছাৰে কৈ দিছিল –‘কিমান সময় চাৱ চাই থাক, কিন্তু খবৰদাৰ,
হাত নলগাবি৷’ দুয়োটা চিটৰ মাজতে তেল ভৰোৱা সাঁফৰটো আছে, সেইটো শুঙিলে বৰ ভাল গোন্ধায়!
তলৰ ক্লাছৰ ছাত্ৰহঁতে পাল পাতি পাতি তাৰ সুগন্ধি লয়৷ ছাৰে
নেদেখাকৈ সেই সাঁফৰৰ ওচৰতে পৰা ধূলিৰ চামনিটোৰ ওপৰত নাইনৰ ছাত্ৰ কৃষ্ণই তৰ্জনী আঙুলিৰে
ইংৰাজী আখৰ তিনিটা লিখে – কে-কে-কে, তাৰমানে কৃষ্ণ কান্ত কলিতা৷ অৱশ্যে ছাৰৰ চকুত পৰাৰ
আগতেই কৃষ্ণই হাতৰ তলুৱাৰে সেইটো মচি পেলায়৷
আজি বুধবাৰ৷ চিলাৰায় দিৱসৰ বাবে
স্কুল বন্ধ৷ ৰাতিপুৱাই পুহিলা জেঠাই আহি পূৰ্ণেশ্বৰ ছাৰৰ ঘৰ ওলালহি আৰু ছাৰৰ হাতে ভৰিয়ে
ধৰাদি ধৰিলেহি৷ ঘনকান্ত, মানে জেঠাইৰ একমাত্ৰ পুত্ৰই কালি ৰাতিৰে পৰা গুৰিদাঁত এটাৰ
বিষত চেঙালুটি পাৰি আছে! পিঠাখোৱা বেমাৰৰ দৰে গালখনৰ এফাল বিষত ফুলি উঠিছে৷ গতিকে,
ছাৰে ঘনক ভটভটীখনত উঠাই জিলালৈ লৈ গৈ ডাক্তৰক দেখুৱাবগৈ লাগে৷ গণেশঘাটত বহা দাঁতৰ ডাক্তৰ
চক্ৰৱৰ্তীৰ লগত ছাৰৰ জনাশুনা আছে৷ মৰাপাট বেছি পোৱা টকা দুকুৰীও জেঠায়ে লগত লৈ আহিছে৷
বুধবাৰে টৌ-ভঙাত ডাঙৰ বজাৰ বহে, সেইকাৰণে আজি পাব্লিক গাড়ী কেইখনৰ দেখা-দেখিয়েই নাই৷
পিছৰ চিটত ঘনক উঠাই লৈ ৫২ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁই পথত ছাৰে স্কুটাৰৰ থাৰ্ড গিয়েৰ লগাই
দিলে! ৰাষ্টাৰ মাজত মস্ত মস্ত গাঁত বিলাক আছে৷ দুই-তিনি, দুই-তিনি গিয়েৰ লগাই ফুটবল
পথাৰত কেৰি কাটি কাটি বলটো আগলৈ নি থকাৰ দৰে ছাৰৰ স্কুটাৰ জিলা অভিমূখে অগ্ৰসৰ হ’ল৷
প্ৰথমে ছাৰে ধৰিবই পৰা নাছিল, ৰাষ্টাৰ
কাষতে ৰৈ থকা কোনোবা বাটৰুৱা বুলি ভাবিছিল, কিছু ওচৰ চাপি গৈ দেখিলে সেইজন ভঁৰলী
পাৰৰ নোমল পেগু, ছাৰৰ চিনাকি৷ অঞ্চলটোত পেগু চালাক-চতুৰ লোক বুলি নাম আছে৷ ছাৰে
স্কুটাৰখন ৰাখিলে৷ পেগু ঘোঁৰামাৰীলৈ যাবলৈ পাব্লিক বাছৰ অপেক্ষাত ৰাষ্টাৰ দাঁতিত বহুসময়
ধৰি ৰৈ আছে৷ পেগুৱে ছাৰক মিতিৰ বুলি মাতে৷
-
“অই
মিতিৰ, মোকো লৈ যা ঐ ৷”
-
“ধেইত,
নধৰে ইয়াত, দুটাহে চিট আছে, তিনিটা মানুহ নধৰে নহয়৷” ছাৰে ক’লে৷
-
“ধৰিব,
ধৰিব, লৈ যাহ!” পেগুৱে স্কুটাৰলৈ বুলি দুয়োটা
মানুহৰ মাজেদি ভৰি এটা দাঙিলেই! ঘন অলপ পিছুৱাই গ’লে৷
হাতত থকা টোপোলাটো পেটতে সাৱতি
ধৰি পেগু দুয়োটা চিটৰ মাজত বহি ল’লে, ছাৰৰ আকৃতিটো কাঁচিজোনটোৰ দৰে ধেনুভিৰীয়া
হৈ গ’ল৷ তাৰ পৰা ঘোঁৰামাৰীলৈ বেছি দূৰ নহয়, অগত্যা ছাৰে দুয়োটাকে লৈ আকৌ যাত্ৰা
আৰম্ভ কৰিলে৷ ছাৰে পেগুক সাৱধান কৰি দিলে – ঐ, মোৰ চোলাটোত তোৰ মুখৰ তামোলৰ পিকসোপা
যাতে নালাগে!
বালিপৰাৰ পাকটো লোৱাৰ আগতেই ৰাষ্টাটোৰ গাতে লাগি আহঁত গছ এজোপা আছে৷ তাতে হঠাতে আৱিৰ্ভাৱ হ’ল
মাধৱ চিপাহীৰ৷ ‘ৰৈ যাওঁক’ বাক্যটো অসমৰ কোনো কোনো ঠাইত ‘ৰখি যাওঁক’ বুলি কয়৷ এই
‘ৰখি যাওঁক’-টোকে হিন্দীলৈ ৰূপান্তৰ কৰি মাধৱ চিপাহীয়ে লাঠি দাঙি চিঞঁৰিলে - ৰুখউ!
হাত আৰু ভৰিৰ দুয়োডাল ব্ৰেক একেলগে মাৰি ছাৰ ৰৈ গ’ল৷ চিপাহী ওচৰ চাপি আহি ছাৰে পিন্ধি
যোৱা ঘিঁউ বৰণৰ চোলাটোৰ ওপৰৰ জেপটোত জিলিকি থকা দুটকীয়া নোটকেইখনলৈ এবাৰ কেৰাহীকৈ
চালে, তাৰ পিছত পুলিচৰ মেজাজেৰে সুধিলে – দুটা উঠিব পৰা স্কুটাৰত তিনিটা উঠিলে পুলিচে
ধৰিব বুলি জানেনে নাজানে?
-
ছাৰে,
কি কওঁ, কি নকওঁ কৰিলে৷ ঠিক তেনেতে, পেগুৱে আৰম্ভ কৰিলে – মই আগতেই কৈছোঁ তাক চাহাব,
ধৰিব ধৰিব, সি কয় নধৰে নধৰে, এতিয়া পৰমান পা!
(“জীৱন বাটৰ
ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত
– অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল পদ্মদাই, শ্ৰীযুত পদ্ম
হাজৰিকাই৷ তেখেতলৈ কৃতজ্ঞতা জনালোঁ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন
গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment