জীৱন
বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৩)
কবি গীতিকাৰ কেশৱ মহন্তৰ “সোনজিৰা
মাহী”ক বহুতেই চিনি পায়৷ সেইযে “যাৰ মূগাৰ মেখেলা পিন্ধা উদং ভৰিত খম্ খম্ খোজ,
যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ” সেইজনী সোনজিৰা মাহীৰ কথা কৈছো৷
কেঁও কিছু সম্বন্ধ নোহোৱা অথচ আপোনৰো আপোন! চকু মুদিলেই যাৰ সোঁৱৰণি মূৰ্ত হৈ
উঠে, মাতটো শুনা শুনা যেন লাগে, গাৰ গোন্ধটো পোৱা পোৱা যেন লাগে, অনুভৱ হয় কলিজাত
লাগি থকা কোমল স্পৰ্শ! “কাৰোবাৰ জীয়েকৰ চাদৰ ব’বলে তৰা যি তাঁতখনি, সোনজিৰা মাহীজনী
তাৰেই শিপীনি, তামোলৰ পিক মাৰি পৰৰ মাটিত মোহাদেউৱে চাই লয় যি বোকাখিনি, সোনজিৰা
মাহীজনী তাৰেই দাৱনী”!
দৰিকী বৰমাৰ মেখেলাখন মুগাৰ নাছিল!
তাত ব’ব জানিলেও মুগা কাপোৰ পিন্ধিব পৰা বৰমাৰ সামৰ্থ্যই নাছিল৷ বজাৰৰ পৰা মায়ে কিনি
আনি দিয়া সূতাৰে বৰমাই নিজৰ ঘৰত আমাৰ ঘৰৰ কাৰণে কাপোৰ বৈছিল, তেখেতৰ ঘৰৰ কাষতে থকা
আমাৰ খেতি মাটিডৰাত তেওঁলোকে বৰা আৰু ক’লাজহা ধানৰ খেতি কৰিছিল৷ আধি খেতি কৰিবলৈ লোৱাৰ
আগতে সেইখিনি মাটিত তামোলৰ পিক মাৰি মাটি চাই লোৱাৰ কোনো প্ৰয়োজনেই নাছিল৷ দিনৰ
বেলা মা আৰু দেউতা যেতিয়া স্কুললৈ দিনটোৰ বাবে ওলাই গৈছিল, আমি এমা-ডিমা ল’ৰা-ছোৱালীকেইটাক
ঘৰত আলপৈচান ধৰিছিল আমাৰ আইতাই যাক আমি বুৰীমা বুলি মাতিছিলোঁ৷ আৰু দিনটো বুৰীমাৰ
সোঁৱে বাঁৱে থাকি আমাক ওমলাইছিল দৰিকী বৰমাই৷ তৰ্জনী আঙুলিত ধৰি থিয় দঙা দিয়াই খোজ
কাঢ়িবলৈ শিকাইছিল, নাকৰ সেঙুন হাতৰ ঠাৰিৰ সলনি ৰুমালত মচিবলৈ শিকাইছিল, গা-ধুই গা
মচিবলৈ শিকাইছিল, হাতত তুলি লোৱা ভাতগৰাহ
বুঢ়া আঙুলিটোৰে কেনেকৈ হেঁচুকি মুখত ভৰাব লাগে তাক দেখুৱাই দিছিল৷ কান্দিলে কোলাত
লৈ “আবুদ” নামৰ এটা কাল্পনিক চৰিত্ৰৰ দুখঃজনক কাহিনী কৈ শুনাইছিল আৰু সেই কাহিনী শুনি
মোৰ ভাই মৃদুলে ফেঁকুৰি ফেঁকুৰি কান্দিছিল৷ দৰিকী বৰমা আৰু বুৰীমাই তেতিয়াই বাৰিত
লগোৱা গছে মই মে়ট্ৰিক পৰীক্ষা দিয়া বছৰৰ পৰাই ফল দিবলৈ আৰম্ভ কৰিছিল৷ সেউজীয়া পাৰী
থকা দৰিকা বৰমাৰ মলিয়ন চাদৰখনৰ গোন্ধটো আৰু গাৰ আদৰৰ পৰশ মই এতিয়াও চকু মুদিলেই অনুভৱ
কৰিব পাৰোঁ৷ তেখেতে আমাৰ মাক ‘মা-কণ’ আৰু দেউতাক ‘বাপু’ বুলি মাতিছিল৷
আমাৰ ঘৰত দিনটো খাটনি খাটি দৰিকী
বৰমা সন্ধিয়া যেতিয়া ঘৰলৈ যাবলৈ বাটলৈ ওলাইছিল তেতিয়া প্ৰায়েই গধূলি হৈছিল৷ হাতীপটি-ফটাপুখুৰী
নামৰ জয়াল অঞ্চল এটা কোনোবা চিনাকী বাটৰুৱাৰ সাহসত পাৰ হৈ বৰমা অকলে অকলে ঘৰলৈ উভতিছিল৷
ভূত-প্ৰেত বা চোৰ-ডকাইতলৈ বৰমাৰ সমূলি ভয় নাছিল৷ কিন্তু তেখেতে সাংঘাতিক ভয় কৰিছিল
পাগুৰী পিন্ধা পাঞ্জাৱী মানুহলৈ৷ কথাটো সত্য আৰু কাৰণটো আমোদজনক৷ আমাৰ ঘৰৰ গাতে
লাগি থকা বৰদেউতাৰ ঘৰখনত এটা ধান খুন্দা মিল আছিল৷ সেই মিলটো কিবা জটিল কাৰণত কেতিয়াবা
নচলা হলে প্ৰতাপগড় চাহবাগিছাৰ ফেক্টৰীত কাম কৰা মেকানিকজনক অনুৰোধ কৰি মাতি অনা হৈছিল৷
সিং উপাধিৰ সেই মানুহজন আছিল যথেষ্ট হৃষ্ট-পুষ্ট পালোৱানৰ দৰে চেহেৰা, মুখভৰি থকা
দাড়িবোৰ সৰু সৰু বেণীৰ দৰে গুঠি পাগুৰীৰ তললৈ সুমুৱাই লয়৷ মূৰত এটা ক’লা বা আকাশী
বৰণৰ কাপোৰৰ প্ৰকাণ্ড পাগুৰী, হাতত ষ্টীলৰ খাৰু, গাত হলৌ-মলৌ চোলা! এদিন দৰিকী
বৰমাই বাৰান্দাত চাউল জাৰি থাকোঁতেই হঠাতে সিঙ চাহাব আহি বৰমাৰ সমুখতে ওলালহি৷ সেই
চেহেৰা আৰু বেশভূষা তেখেতৰ একেবাৰেই পৰিচিত নাছিল৷ ভয়ত ত্ৰাহি মধূসুদন সুঁৱৰি বৰমা
চিঞৰ এটা মাৰি পাক ঘৰলৈ লৰ ধৰিলে৷ সেইযে চকটো খালে, সেইটোৱেই পিছলৈ লগ নেৰা হ’ল৷
কেতিয়াবা ওভটোতে বেছি ৰাতি হৈ গ’লে তেখেতে দেউতাক খাটনি ধৰিছিল - বাপু, অকণমান আগবঢ়াইদিয়াচোন,
বাটত পাঞ্জাৱী ওলায় বুলি ভয় লাগিছে!
সম্বন্ধত দৰিকী বৰমা আমাৰ কোনো
নাছিল, কিন্তু শৈশৱৰ স্মৃতিত বৰমাৰ সান্নিধ্য আছিল আপোনতকৈও আপোন, নিজতকৈও নিজৰ,
যাৰ কোলাৰ উমত আছিল মাতৃত্বৰ উত্তাপ, পৃথিৱীৰ শ্ৰেষ্ঠতম নিৰাপদ আশ্ৰয়৷
এনে অভিজ্ঞতা বহুতৰে থাকে৷ পূৰ্ণশ্বৰ
ছাৰ সৰু থাকোঁতেও তেখেতক এনেকৈয়ে মৰম কৰিছিল মানিকী দাস নামৰ এগৰাকী নাৰীয়ে৷ ছাৰে
তেখেতক জেঠাই বুলি মাতিছিল৷ ৰাতিপুৱা ধূৱাই পখলাই পিন্ধাই উৰাই, খুৱাই-বুৱাই লোৱাৰ
পৰা তাল পাতৰ বিচনিৰে বিচি বিচি সন্ধিয়া সাধু কৈ শুৱাবলৈ লোৱালৈকে দিনটোৰ বেছিভাগ
সময়েই হেনো ছাৰ এই জেঠাইৰ লগতে আছিল৷ ছাৰ জন্ম হোৱাৰ এবছৰৰ পিছত জেঠাইৰো এটা ল’ৰা
জন্ম হৈছিল আৰু মৰমতে জেঠাইয়ে তাৰ নামো পূৰ্ণ ৰাখিছিল৷ জেঠাইৰ ছোৱালী ডালিমী আৰু
পুৰ্ণৰ লগত ছাৰে ধূলি বালিত লেতি উমলি থকা স্মৃতি এতিয়াও মনত সজীৱ হৈ আছে৷ প্ৰাইমেৰী
স্কুলতে পুৰ্ণ ছাৰতকৈ এবছৰ পিছ পৰিছিল, ফলত তাৰ বাকী শিক্ষাজীৱনটো ছাৰে পাছ কৰি এৰি
যোৱা কিতাপেৰেই সম্পূৰ্ণ হৈছিল৷ দুবাৰ মেট্ৰিক দিয়াৰ পিছতো সৰকিব নোৱাৰাত, বহাগ
মাহৰ কৃষ্ণপক্ষৰ ৰাতি এটাত গাওঁৰে গিৰিন্দ বায়নৰ সৰুজনী জীয়েকক ঠাইতে সৰকাই আনি পূৰ্ণই
ঘৰ সুমুৱালেহি৷ সেয়ে ছাৰৰ বিয়াৰ দিনা দৰাৰ লগত
যোৱা বাছখনৰ মাজৰ চিট্ দুটা অধিকাৰ কৰি থকা কিশোৰী ছোৱালী দুজনী আছিল পূৰ্ণৰেই
জীয়েক৷ ঘৈণীয়েক পিছৰ চিটত বহিছিল৷
এসময়ত মানিকী জেঠাই দুৰ্বল হৈ আহিল৷
পৰৰ ঘৰত কাম কৰিবলৈ শকতি নোহোৱা হৈ আহিল৷ পূৰ্ণইও এম.ই. স্কুল এখনত চকিদাৰৰ কাম এটা
যোগাৰ কৰি ল’লে৷ ডালিমী পৰিল সিপাৰত, জখলাবন্ধাৰ ফালে৷ সময়ৰ খোজত ছাৰৰ ঘৰৰ লগত মানিকী
জেঠাইৰ দৈনন্দিন সম্পৰ্ক কমি আহিল৷ এপৰ বেলা খোজ কাঢ়ি কাঢ়ি অহা-যোৱা কৰা সেই আওহতীয়া ঠাইখনলৈও আজিকালি দুখন বাছ চলে৷ তাতে উঠি কেতিয়াবা
ভুটুঙকৈ জেঠাই ওলাইহি৷ ছাৰৰ ল’ৰা-ছোৱালীহাললৈ চেন্টাৰৰ পৰা লজেন্স, কাটা নিমকি, কুকিচ
বা একেবাৰে একো নাপালে “হোমা” মাৰ্কা পাওৰুটি এটাকে লৈ ছাৰৰ ঘৰ ওলায়হি৷ ল’ৰা-ছোৱালীদুটাক
গালে মুখে মৰম কৰি চুমা খায়, বোৱাৰীয়েকৰ আগত (ছাৰৰ বাইদেউৰ আগত) অতীতৰ বুৰঞ্জী মেলি
লয়৷ দিনটো খাই বৈ থাকি আবেলি ছাৰ স্কুলৰ পৰা উভতি অহাৰ পিছত বুঢ়ী যাবলৈ ওলায়, ছাৰে
জোৰ কৰি একুৰী দেৰকুৰী টকা বুঢ়ীৰ হাতত গুজি দিয়ে৷ লওঁ নলও কৈ মুখেৰে ভোৰ-ভোৰাই
জেঠাইয়ে চাদৰখনৰ আগটোত পইচাকেইটাৰে এটা সৰু গাঠি বান্ধে ৷ কেতিয়াবা পদুলিমূখত তাৰো
আধলি বা সিকি এটা সৰু ছোৱালীজনীৰ হাতৰ মুঠিত সুমুৱাই দি জেঠাই যায়গৈ!
সেইজনী মানিকী জেঠাইৰ অসুখ৷ পূৰ্ণই
দলি মাৰি পঠোৱা খবৰটো হৈছে – “বুঢ়ী যাবই যেন পাইছোঁ৷ ককাইদেউ আহি চায় যায় যদি সোনকালেই
আহি এবাৰ চাই যাওঁক৷” খবৰটো শুনিয়েই ছাৰৰ চকুৰ আগেদি ল’ৰালিৰ স্মৃতি পাৰ হৈ গ’ল –
কোলাই পিঠিয়ে উঠি জপিয়াই জপটিয়াই ডাঙৰ হোৱা মানুহজনী! বাইদেউৱেই সিদ্ধান্ত ল’লে,
দেওঁবাৰেই ৰাতিপুৱাৰ বাছখনত আটাইকেইটা গৈ দিনটো জেঠাইৰ ওচৰত থাকি সন্ধ্যাৰ বাছখনত
উভতি আহিব৷
কল খাই ভাল পোৱা বুঢ়ীলৈ জাহাজী
কল একাশী, ৰেইন ব’ বেকাৰীৰ গৰম-গৰম বিস্কুট আধাকিলো, আশীসূতাৰ ফুলাম গামোছা এখন,
ভইলৰ চাদৰ এখন আৰু সৰু সৰু কেইপদমান সামগ্ৰীৰ টোপোলা এটা লৈ ছাৰৰ পৰিয়াল দেওঁবাৰে
ৰাতিপুৱাই ‘পাকিজা’ নামৰ বাছখনত উঠি বহিল৷ বাছ নচলেহে নচলে৷ ছাৰৰ ল’ৰাটোৱে এবাৰ ঘোষণা কৰিলে– অ’, দে’তা, ভোক লাগিছে!
বাইদেউৱে ক’লে – এক্কেবাৰে তাতে খাবি ব’ল!
ঘৰতনো সিহঁতৰ কোন কোন আছে ?
– ছোৱালীজনীয়ে সুধিলে৷
মাক দেউতাক আৰু ছোৱালী দুজনী, পাহৰিলিয়েই
নে, পূজাৰ সময়ত যে আহিছিল, মালতী আৰু কেতেকী বা? – বাইদেউৱে ক’লে৷
এসময়ত বাছ চলিল৷ ছাৰৰ এবাৰ অনুভৱ
হ’ল, খোজ কাঢ়ি অহা হ’লেই আগতে পালেহিহেঁতেন নেকি! বাছত ল’ৰাই আকৌ এবাৰ সোঁৱৰাই
দিলে- অ’ দে’তা, বৰ ভোক লাগিছে! ছাৰে আথেবেথে প্ৰবোধ দিলে – গৈ পায়েই চাহ খামগৈ ব’ল,
অলপ ধৈৰ্য ধৰ৷
জেঠাইৰ অৱস্থা সঁচাকেয়ে বেয়া৷ মানুহ
চিনোঁতেই অসুবিধা হৈছে৷ বিচনাখনত একেথৰে পৰি খেৰৰ চালখনৰ মাৰলিডাললৈ তধা লাগি চাই
আছে৷দীঘল দীঘল উশাহ৷ ছাৰে জেঠাই জেঠাই বুলি কেইবাবাৰো মতাৰ পিছতহে বুঢ়ীয়ে চকু লৰাইছে৷
বিচনাখনৰ মূৰৰ শিতানৰ ফালে ছাৰ, ভৰি পথানৰ ফালে বাইদেউ বহিছে৷ দীঘল ওৰণি লৈ পূৰ্ণৰ
ঘৈণীয়েক দুৱাৰখনৰ চৌকাঠটোত ভেঁজা লৈ ঠিয় দি আছে, ছোৱালীদুজনী ৰৈ আছে আলনাডালৰ দুয়োমূৰে৷
পূৰ্ণ ঘৰত নাই! কাৰো মুখত মাত নাই৷ বাইদেউৰ চকুৰ কোণত পানী জমা হৈছে৷ ছাৰৰ মুখখন
বিজল বিজল লাগিছে!
ঠিক তেনেতে নিৰৱতা ভংগ কৰি ছাৰৰ
পুত্ৰই মাত লগালে, অকণো দ্বিধা-সংকোচ নথকা খোলা মাত – অ’ দে’তা, অ’দে’তা, ইয়াতে যদি চব মানুহ ৰৈ থাকে, আমাকনো চাহ দিব কোনে?
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল ডাল
কৰিছিল আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ
মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment