Thursday, April 5, 2018

সু-পৰিকল্পনা আৰু প্ৰগতিৰ এটা উদাহৰণ “নেহৰু অ’-আৰ্‌ -আৰ্‌” Sadin 6-April-2018






সু-পৰিকল্পনা আৰু  প্ৰগতিৰ এটা উদাহৰণ “নেহৰু অ’-আৰ্‌ -আৰ্‌”


সু-পৰিকল্পনা আৰু প্ৰগতিক এটা মুদ্ৰাৰেই ইপিঠি-সিপিঠি বুলি বিনাদ্বিধাই ক’ব পাৰি৷ ব্যক্তিগত সফলতাৰ বাবেই হওক বা সামগ্ৰিক প্ৰাপ্তিৰ বাবেই হওক সু-পৰিকল্পনা আৰু সু-চিন্তিত আঁচনিৰ প্ৰয়োজন আটাইতকৈ বেছি৷ ব্যক্তিগত জীৱনৰ সাফল্যৰ বাবে এটা স্থিৰ লক্ষ্যৰ (Goal) প্ৰযোজন আৰু তাক ফলৱতী কৰিবৰ বাবে লাগে এক সুপৰিকল্পিত আঁচনি৷ এই স্থিৰ লক্ষ্যটো ঠিক কৰিবৰ বাবে অপৰিহাৰ্য উপাদান কেইটাক আজিকালিৰ মেনেজমেন্টৰ ভাষাত SMART বুলি কয় ৷ SMART শব্দটোৰ আখৰকেইটাই সৃষ্টি কৰা শব্দকেইটা হৈছে – Specific, Measurable, Accountable, Realistic আৰু  Time-bound ৷ চৰকাৰে জনসাধাৰণৰ কল্যানৰ বাবে কৰিব খোজা কামৰ পৰিকল্পনাক আচঁনি বুলি কয়৷ আঁচনি এখনে কিমান সফলতা অৰ্জন কৰিব পাৰে সেইটো নিৰ্ভৰ কৰে আঁচনিখন প্ৰস্তুত কৰাৰ সময়ত কেনেধৰণৰ প্ৰজ্ঞা আৰু কৌশলৰ প্ৰয়োগ কৰা হৈছে৷ মেনেজমেন্টৰ ভাষাত আঁচনিখন কিমান SMART তাৰ ওপৰত৷ ব্যক্তিগত সাফল্যৰ বাবে প্ৰয়োজন হোৱা আটাইকেইটা উপাদানৰ প্ৰয়োজন চৰকাৰী আঁচনিৰ ক্ষেত্ৰটো সমানে প্ৰযোজ্য৷ কিন্তু পৰিতাপৰ কথা যে চৰকাৰে এটা কাৰ্যকালতে অৰ্থাৎ পাঁচ বছৰ সময়ৰ ভিতৰতে চমক সৃষ্টি কৰিব পৰা কামৰ প্ৰতিহে বেছিকৈ আগ্ৰহ দেখুৱায়৷ ফলত সুদুৰপ্ৰসাৰী কল্যানৰ পৰিকল্পনা তল পৰে, ক্ষণিক চমকৰ প্ৰয়াসে অগ্ৰাধিকাৰ পায়, তাৰ পৰা জনসাধাৰণৰ কল্যান হয় কম৷ “অলস চিন্তা অগভীৰ আঁচনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ” ভূপেনদাই এই সত্যটোকে গীতেৰে কৈছিল!

সূক্ষ্ম ভাবে পৰিকল্পনা কৰি জনসাধাৰণৰ প্ৰচুৰ কল্যান সাধন কৰি সফল হোৱাৰ উদাহৰণ দেখুৱাব পৰা ভাৰতবৰ্ষৰ এখন চহৰ হায়দৰাবাদ আৰু হায়দৰাবাদত থকা নেহৰু অ’-আৰ্‌-আৰ্‌  (Nehru Outer Ring Road) নামৰ ৰাষ্টাটো৷  ১৯৯৫ চনৰ পৰা ২০০৪ চনলৈ অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ মূখ্যমন্ত্ৰী আছিল চন্দ্ৰবাবু নাইডু৷ তেওঁ প্ৰথমতেই হায়দৰাবাদক তথ্য-প্ৰযুক্তিৰ (Information Technology) কেন্দ্ৰ হিচাপে গঢ়ি তুলিবৰ বাবে পৰিকল্পনা কৰিলে৷ তাৰ বাবে হাই-টেক্‌ চিটি নাম দি হায়দৰাবাদৰ এটা অংশৰ উন্নয়ন সাধন কৰা হ’ল৷ সেই সময়তে নতুনকৈ এটা বিমানকোঠ নিৰ্মাণৰ কথাও চলি আছিল, কিন্তু চহৰখনৰ প্ৰধান সমস্যা আছিল সু-পৰিবহন ব্যৱস্থাৰ৷ শ্ৰীনগৰৰ পৰা কণ্যাকুমাৰীক সংযোগ কৰা ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো আৰু পূৱা-পশ্চিমাকৈ পূণেৰ পৰা অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ মছিলিপট্টনমলৈ থকা ৬৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁইপথটো হায়দৰাবাদ চিটিৰ মাজেদিয়েই পাৰ হৈ গৈছে৷ তাৰোপৰি, হায়দৰাবাদ ৪০০ বছৰ পুৰণি এখন চহৰ, পুৱা আৰু গধূলি চহৰৰ মাজত ভয়ানক জান-যঁট হয়৷ এই সমস্যাৰ পৰা উদ্ধাৰ পোৱাৰ বিজ্ঞানসন্মত উপায় কি?  চন্দ্ৰবাবু নাইডুৱে এহাতে পৃথিৱী বিখ্যাত তথ্য-প্ৰযুক্তিৰ বিয়াগোম প্ৰতিষ্ঠানক ৰাজ্যলৈ আমন্ত্ৰণ কৰিছে আৰু আনহাতে ৰাষ্টা-ঘাটৰ অৱস্থা পঁয়ালগা! চতুৰ নাইডুৱে গম পালে যে জাপানৰ চৰকাৰক উন্নয়ন ক্ষেত্ৰত সহায় কৰিবলৈ সেই দেশৰ ‘জাপান ইন্টাৰনেচনেল ক’-অপাৰেচন এজেন্সি” নামৰ এটা সংস্থা আছে৷ সেই সংস্থাটোৰ লগত পৃথিৱী বিখ্যাত অনেক গুণী-জ্ঞানী লোক জড়িত হৈ আছে৷ চন্দ্ৰবাবু নাইডুৱে সেই সংস্থাটোৰ সহায় বিচাৰিলে৷ ক্ষণিক উত্তেজনাৰ বশৱৰ্তী হৈ চমক সৃষ্টি কৰিবলৈ হকে বিহকে অপৰিকল্পিত ভাবে অভাৰব্ৰীজ নিৰ্মান কৰাতকৈ হায়দৰাবাদ চহৰখনৰ সামগ্ৰিক বিকাশৰ বাবে সু-চিন্তিতভাৱে পৰিকল্পনা আৰম্ভ হ’ল৷ হায়দৰাবাদৰ দাঁতি কাষৰীয়া অনেক ঠাই অব্যৱহৃত হৈ পৰি আছিল য’ত ভৱিষ্যতে বিকাশৰ প্ৰচুৰ সম্ভাৱনা আছিল৷ বিকাশৰ বাবে সু-পৰিবহন ব্যৱস্থাই হৈছে সফলতৰা মূল নিৰ্ণায়ক৷ চন্দ্ৰবাবু নাইডুৱে সেয়ে এই বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰিলে৷ HMDA অৰ্থাৎ হায়দৰাবাদ মেট্ৰপলিটান ডেভেলপমেন্ট অথ’ৰিটিয়ে ৬,৬৯৬ কোটি টকা ব্যয় কৰি হায়দৰাবাদ মহানগৰৰ চাৰিওফালে ১৫৮ কিঃমিঃ দৈৰ্ঘ্যৰ  ৮-টা লেইনৰ এটা এক্সপ্ৰেছ ৰাষ্টাৰ পৰিকল্পনা কৰিলে৷ ৰাষ্টাটোত ঘন্টাত ১২০ কিঃমিঃ বেগত গাড়ী চলাব পৰাকৈ নক্সা প্ৰস্তুত কৰা হ’ল৷ জাপানৰ প্ৰতিষ্ঠানটোৱে ৩,১২৩ কোটি টকা দি সহায় কৰিবলৈও সাজু হ’ল৷ ২০০৫  চনৰ পৰা এই পথটো নিৰ্মাণৰ কাম আৰম্ভ হ’ল৷ ইতিমধ্যেই চহৰখনৰ পৰা ২২ কিঃমিঃ দূৰত ছামছাবাদ নামৰ ঠাইখনত ২০০৮ চনৰ মাৰ্চ মাহত নতুন বিমানকোঠটোও সাজু হৈ উঠিল৷ অতি সোনকালেই হাই-টেক চিটি নামৰ অঞ্চলটো তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল৷ মাত্ৰ দহ বছৰৰ ভিতৰতে হায়দৰাবাদ চহৰৰ চেহেৰাই সলনি হৈ গ’ল৷

হায়দৰাবাদ চহৰৰ যিকোনো জনাকীৰ্ণ ঠাইৰ পৰা এই আউটাৰ ৰিঙ ৰোডলৈ ওলাই ল’ব পাৰিলে ঘন্টাত ১২০ কিঃ মিঃ বেগত গাড়ী চলাই কম সময়তে গৈ চহৰখনৰ আন এটা প্ৰান্তত উপস্থিত হবগৈ পাৰি৷ মহানগৰখনৰ মাজেদি পাৰ হৈ যোৱা আটাইকেইটা ৰাষ্ট্ৰীয় ঘাঁই পথেই এই ৰাষ্টাটোৰে তীব্ৰ বেগেৰে মহানগৰখন একাষে থৈ পাৰ হৈ গুচি যাব পাৰে৷ এটা ফালে যাব পৰা চাৰিটা লেইনৰ দুটা লেইন ডাঙৰ আকাৰৰ বাছ-ট্ৰাক আদিৰ বাবে আৰু আন দুটা সৰু মটৰ গাড়ীৰ বাবে ব্যৱহাৰ কৰা হয়৷ ৰাষ্টাটোৰ দুয়োফালে সুৰক্ষিত বেৰা আছে, হঠাতে গৰু-ছাগলী বা পদচাৰী গাড়ীৰ আগত আবিৰ্ভাৱ হোৱাৰ বিভীষিকা নাই৷ খোজ কাঢ়ি যোৱা বাটৰুৱা, চাইকেল চলাই যোৱা লোক, দুই বা তিনিটা চকাৰ বাহনক এই ৰাষ্টাটোত সোমোৱাৰ অনুমতি দিয়া হোৱা নাই৷ তেওঁলোকে মূল ৰাষ্টাটোৰ দুয়ো দাঁতিতে থকা চাৰ্ভিছ ৰোড ব্যৱহাৰ কৰিব পাৰে৷  বৃত্তাকাৰ, সৰ্বমুঠ ১৫৮ কিঃমিঃ দৈৰ্ঘৰ এই ৰাষ্টাটোত মুঠ ১৯ টা সোমাব আৰু ওলাব পৰাৰ সুবিধা দিয়া হৈছে৷ সোমাওঁতে লোৱা সৰু টিকট এটা ওলোৱা গেইটখনত দিলেই মূহুৰ্তেতে দিব লগা ধনৰ পৰিমান পৰিশোধ কৰি ৰাষ্টাটোৰ পৰা ওলাই আহিব পাৰি৷ এই ৰাষ্টাটোৰ বাবেই মূল মহানগৰৰ পৰা আঁতৰত শামিৰপেট, কোকাপেট, পপুলাগুড়া আদি ঠাইত গগনচুম্বী অট্টালিকাৰে আবাসিক অঞ্চল গঢ় লৈ উঠিছে৷ ৪০ কিঃমিঃ দুৰত অৱস্থিত গাচ্ছিৱলীৰ পৰা বিমানকোঠ পাবলৈ সময় লাগে মাথোঁ ৩০ মিনিট৷ সু-যোগাযোগ ব্যৱস্থাই হায়দৰাবাদ চহৰলৈ কল্পনাতীত পৰিৱৰ্তন কঢ়িয়াই আনিলে৷ গুগল, মাইক্ৰচফ্ট, অৰেকল আদি তথ্য প্ৰযুক্তিবিদ্যাৰ উচ্চ শ্ৰেণীৰ ব্যৱসায় প্ৰতিষ্ঠানে হায়দৰাবাদত ব্যৱসায় কৰিবলৈ অহাৰ সিয়েই এক প্ৰধান কাৰণ৷

অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা বিভাজন হোৱাৰ পিচত চন্দ্ৰবাবু নাইডুৱে এইবাৰ  নতুন ৰাজধানী চহৰ অমৰাৱতীক প্ৰগতিৰ দিশত আগুৱাই নিবলৈ নতুন চহৰৰ ব্লু-প্ৰিন্ট তৈয়াৰ কৰিছে৷ অহা কুৰী বছৰৰ ভিতৰত অমৰাৱতী আমাৰ দেশৰ এখন উন্নতমানৰ চহৰ হিচাপে পৰিচিত হ’ব৷

আমাৰ মুলুকত সুক্ষ্ম চিন্তা আৰু সু-পৰিকল্পিত আঁচনিৰে কৰা কামৰ নমুনা বৰ বেছি নাই৷ কলাক্ষেত্ৰ নিৰ্মাণৰ সময়ত ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ হস্তক্ষেপত কিছু সু-চিন্তিত আঁচনিক কামত লগোৱা হৈছিল৷ তাৰ ফল অসমবাসীয়ে এতিয়া ভোগ কৰি আছে৷ আমাৰ ৰাজ্যখনে সু-চিন্তিত পৰিকল্পনাৰে কৰিব পৰা আন এটা কাম আছিল পৰ্যটন উদ্যোগৰ বিকাশ৷ ক্ষণিক চমক সৃষ্টিৰ প্ৰলোভনৰ পৰা মুক্ত হৈ কোনোবাই যদি এই বিষয়ে কিবা ভাল পৰিকল্পনা কৰিছেও, সাধাৰণ ৰাইজে সেইয়া গম পোৱা নাই, যি গম পাইছে সেইয়া হৈছে প্ৰিয়ংকা চোপ্ৰাৰ আৱিৰ্ভাৱৰ চমক৷ আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনে “অ’-আৰ্‌-আৰ্‌”-ৰ দৰে ব্যয়বহুল প্ৰকল্পৰ আঁচনি ৰূপায়ণ কৰাটো সম্ভৱপৰ হয়নে নহয় নাজানো, যি জানো, সি হৈছে সফলতাৰ বাবে প্ৰয়োজন হোৱা এটা ডাঙৰ সপোনৰ, সেই সপোনক সততাৰে সাকাৰ কৰাৰ সাহসৰ৷ সপোন দেখিবলৈতো কাৰো অনুজ্ঞাপত্ৰ নালাগে, সেয়ে মই প্ৰায়েই এটা সপোন দেখোঁ – দুটা পৰ্যায়ত সমাপ্ত কৰিব পৰাৰ পৰিকল্পনাৰে আমাৰ গুৱাহাটী মহানগৰখনক সামৰি এটা ৮ লেইনৰ এক্সপ্ৰেছ পথৰ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে৷ চন্দ্ৰপুৰত আৰম্ভ হোৱা ৰাষ্টাটো খানাপাৰা, বশিষ্ঠ, ৰাণী হৈ মেঘালয়ৰ পাহাৰৰ দাঁতিয়েদি গৈ মিৰ্জাত ওলাইছেগৈ৷ নুনমাটিৰ পৰা বিশ্ববিদ্যালয়লৈ সময় লাগে ২৮ মিনিট৷ দ্বিতীয় পৰ্যায়ত, দুখন দলঙেৰে এই ৰাষ্টাটোৱে সামৰি লৈছে শুৱালকুছি, আমিনগাওঁ আৰু উত্তৰ গুৱাহাটীক৷ ৰাষ্টাটোৰ দুয়োপাৰে গঢ়ি উঠিছে বিয়াগোম একোটা আবাসিক অঞ্চল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান৷ চন্দ্ৰপুৰৰ পৰা পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠলৈ এই ৰাষ্টাটোৱেদি সময় লাগে মাত্ৰ ৩৬ মিনিট! জানো, আমাৰ মুলুকত এইয়া বাস্তৱতে কদাপি সম্ভৱ নহয়, সপোন সপোনেই!








No comments:

Post a Comment