পুৱাই শিলঘৰীয়া মাছ এটা লৈ লাচিত
ওলালহি৷
আমাৰ অঞ্চলটোত লাচিতক নিচিনা মানুহ
নাই৷ পুখুৰীৰ পানী দেখিয়েই লাচিতে কৈ দিব পাৰে তাত কিমান ডাঙৰ আৰু কি মাছ আছে৷ মৰা
মাছ একোটা দেখি কৈ দিব পাৰে মাছটোৰ কিমান সময়ত মৃত্যু ঘটিছে৷ লাচিত যেতিয়া মাছৰ বজাৰত
বহে, বজাৰখনৰ ৰঙেই সলনি হৈ যায়, তেওঁৰ মাত-কথাই ঠাইডোখৰলৈ এটা বেলেগ উত্তাপ আনি দিয়ে৷
গ্ৰাহকক ওচৰলৈ মতাৰ কৌশলো তেওঁৰ বেলেগ – আহক জোঁৱাই, বলিয়ৰা আছে, এক্কেবাৰে টাটকা,
নহলে ভাঙন ল’ব নেকি, চালিয়া চাপৰিৰ পুখুৰী এটা মাৰিলো আজি, ঐ, জোঁৱাইলৈ আধাকেজি-আধাকেজি
দুয়োবিধৰে তোল, ভাল চাই চাই দিবি৷ এই দেওঁবাৰে তেওঁ যাক জোঁৱাই বুলি মাতে পিচৰ দেওঁবাৰে
সেই একেজনকে জেঠেৰী, খুলশালী বা শালপতি বুলি চিঞৰিবও পাৰে৷ ডেকাচামৰ কাৰোবাক মইনা,
বাবাটো, পোনাকণ আদি৷ লাজতে কম বয়সীয়া গ্ৰাহকে যি পাইছে তাকে সাউতকৈ কিনি লাচিতৰ আগৰপৰা
অন্তৰ্ধান হোৱাই শ্ৰেয় বুলি ভাবে৷ বয়সস্থ একোজনে আকৌ কেতিয়াবা ওলোটাই দাবী দিয়ে
– ঐ, তই মুখখন বজাই নাথাকিবিচোন, মোৰ চকু আছে নহয়৷ লাচিত সদায় বজাৰলৈ নাহে৷ কেতিয়াবা
তেওঁ বুজন আকাৰৰ মাছ একোটা লৈ পুৱাই গঞাৰ ঘৰ ওলাইগৈ৷ চাইকেলখনৰ পৰা নামিয়েই গৃহিনীক
আদেশ দিয়ে – বদৌ, ব’ঠিখন উলিয়াই দিয়কচোন৷ তাৰপিছত তেওঁ মাছ কটাত লাগে৷ ঘৰৰ কোনোবাই
যদি কয়, এহ্ এইটো দেখোন মৰা মাছ, পেটটো ফুটি আছে! লাচিতে তপৰাই উত্তৰ দিয়ে, মই
চাইকেলৰ ষ্টেণ্ডডাল লগাঁওতেহে জীৱটো ওলাইছে, চাওকচোন, গাৰ উম্ আছেই, এইটো পানীৰ
তলৰ জোঙত খোচ খোৱাৰ দাগ্!
সেইদিনা লাচিতে মাছটো কাটি থাকোঁতে
মই আইতাৰ লগত আমাৰ ছাগলীজনী খীৰোৱা কামত ব্যস্ত আছিলোঁ৷ মাছটো কাটি হোৱাৰ পিছত,
হাতধোৱা পানীখিনি ভঁৰালঘৰটোৰ বেৰখনত দুবাৰমান ছতিয়াই লৈ, লাচিত আমাৰ ওচৰ চাপিল৷
-
কিমান
দিয়ে আইতা? – বিশেষজ্ঞৰ দৰে লাচিতে সুধিলে৷
-
এপোৱামান
ওলায় কেতিয়াবা, নহলে পাঁচ চটাক মান, ল’ছালি কেইটাৰ মুখত দিবলৈকে আঁটে কি নাটে!
-
চাওঁ
উঠক, মোক দিয়ক৷
আইতাৰ হাতৰ পৰা মগটো লৈ লাচিত এইবাৰ
ছাগলী গাখীৰ খীৰাবলৈ বহিল৷
গৰু খীৰোৱা আৰু ছাগলী খীৰোৱাৰ মাজত এটা পাৰ্থক্য আছে৷
গাই খীৰাই থাকোঁতে মাজতে দামূৰীটোক এবাৰ পিবলৈ দিব লাগে, তাৰ পিছত আকৌ খীৰাব লাগে৷
গাইজনীৰ মুখৰ ওচৰতে পোৱালীটো ধৰি থাকিব পাৰিলে গাখীৰ খিৰোৱা কামটো সুচল হয়, মাকে
সন্তানক চেলেকি থকাৰ সুযোগতে অধিক গাখীৰ উলিয়াই ল’ব পাৰি৷ ঠিক তেনেকৈ ছাগলী খীৰাই
থাকোঁতে গাখীৰ ওলাৱা বন্ধ হ’লে ওহাৰত খুন্দা এটা মাৰিব লাগে, আকৌ গাখীৰ ওলোৱা আৰম্ভ
হয়৷ ইয়াৰ বৈজ্ঞানিক ব্যাখ্যা কি মই নাজানো৷ বৰফ মৰিয়াই মৰিয়াই গুড়ি কৰি পানী কৰা
নতুবা কমলা টেঙা থেতেলিয়াই ৰস উলিউৱা মই দেখিছো কিন্তু সেই পদ্ধতি জীৱন্ত ছাগলীজনীৰ
ওপৰত কেনেকৈ প্ৰয়োগ কৰিব পাৰি মই বুজি নাপাওঁ৷ বুজি নাপালেও কিন্তু কথাটো সত্য, খুন্দা
পালেই ছাগলীয়ে আকৌ গাখীৰ দিয়ে৷ লাচিতে বহিয়েই ছাগলীজনীক এনেকুৱা এটা ভুকু লগালে যে
ছাগলীজনীৰ পৰা গগন বিদাৰি বেবনি এটা ওলাই আহিল, পিছ ঠেং দুটাও মাটিৰ পৰা এবেগেত মান
ওপৰলৈ উঠি গ’ল৷ আমোদজনক কথা, তাৰ পিছতেই ‘চিৰিক-চিৰিক’কৈ মগত গাখীৰ পৰিবলৈ ধৰিলে৷
লাচিতে আমালৈ চাই বেকাকৈ সন্তুষ্টিৰ এটা হাঁহি মাৰিলে৷ তাৰ কিছুসময়ৰ পিছত ছাগলীজনীৰ
ওহাৰত আকৌ এটা ভুকু পৰিল৷ ছাগলীজনীৰ মৰণকাতৰ বেবনি শুনি এইবাৰ ক-শ্ৰেণীত নাম লগোৱা
মোৰ সৰু ভাইটোও পঢ়া এৰি বাহিৰলৈ ওলায় আহিল৷ মৰমৰ ছাগলীজনীৰ এনে দুৰ্গতি দেখি আইতাই
অৱশেষত কৈ উঠিল- হ’ব, হ’ব, তুমি উঠা এতিয়া, ছাগলী গাখীৰ নাখালেও হ’ব৷ নাই বুলিও সেইদিনা
ছাগলীজনী চুঁচি চুঁচি লাচিতে আধা লিটাৰমান গাখীৰ উলিয়াইছিল৷
ছাগলী গাখীৰ খালে বগা হয় বুলি আমাৰ
মাজত এটা ধাৰণা আছিল৷ আমাৰ দেউতাৰ গাৰ বৰণ উজ্জ্বল আছিল আৰু তাৰ কাৰণ সৰুতে দেউতাই
প্ৰচুৰ পৰিমাণে ছাগলী গাখীৰ খাইছিল বুলি আইতাই আমাক প্ৰায়েই কৈছিল৷ তাকে দেখি আমি চাৰিসন্তনেও
শৈশৱতে যতমানে ছাগলী দুগ্ধ পান কৰিবৰ প্ৰয়াস কৰিছিলো, পিচে সেই দুগ্ধই আমাৰ শ্যামকানু
বৰণলৈ বেছি পৰিৱৰ্তন আনিব পৰা নাছিল৷ বিভন্ন ধৰণৰ গাঁৱলীয়া দৰৱৰ বাবেও কেতিয়াবা ছাগলী
গাখীৰৰ প্ৰয়োজন হৈছিল৷ ছাগলী গাখীৰ দি বনোৱা চাহকাপৰ সোৱাদেই সুকীয়া আছিল৷ খীৰতি
ছাগলী থকালোকৰ ঘৰলৈ আহি আগন্তুকে প্ৰায়েই ছাগলী গাখীৰৰ চাহ একাপ খোৱাৰ ইচ্ছা বেকত
কৰিছিল৷
আজিৰ কাহিনীটো পূৰ্ণেশ্বৰ ছাৰৰ
ঘৰত থকা ছাগলী এজনীৰ৷
ছাৰে ছাগলী খীৰাব জানে৷ কেতিয়া আৰু
কিমান সময়ত খুন্দাটো মাৰিলে কাম হয় ছাৰৰ সঠিক আন্দাজ আছে৷ ছাগলী গাখীৰৰ চাহ খাবলৈ
ছাৰৰ ঘৰলৈও মাজে মাজে দুই-একোজন আগন্তুকৰ আগমণ হৈছিল৷ এটা সময়ত ছাৰৰ বাইদেউৱে পাকঘৰত
ছাগলীজনীৰ বেবনি শুনিয়েই হেনো কৈ দিব পৰা হৈছিল কেইজনৰ চাহ বাকিবৰ বাবে ছাগলীয়ে গাখীৰ
দিছে৷ এটা সময়ত এনেকুৱা হ’লগৈ ছাগলীজনীয়ে নঙলা বাটত আগন্তুকৰ আবিৰ্ভাৱ হোৱা দেখিলেই
আগে-ভাগে বেবাই লয়৷ এজন বা দুজনৰ ক্ষেত্ৰত স্বাভাৱিক বেবনি কিন্তু তাতকৈ বেছি মানুহ
ছাৰৰ ঘৰলৈ সোমায় অহা দেখিলেই ছাগলীজনীয়ে আৰ্তনাদৰ বেবনিৰে গছৰ পাত সৰায়৷ আখল ঘৰত কাম
কৰি থকা বাইদেউৱে তাতেই গম পাই যায়- চাৰিটামান
আহিছে যেন পাইছোঁ৷ এই অনুমান প্ৰায়েই সত্য হয়৷ তাৰ ক্ষন্তেক পিচতে হাতত মগ এটা লৈ
ছাৰ ছাগলীজনীৰ ওচৰত পিৰা পাৰি বহে – গাখীৰ খীৰাবলৈ!
বহাগ বিহুৰ সময়৷ গোঁসাই বিহুৰ দিনা
গধূলি৷ দিনত ভাত খোৱা নাই বাবে সন্ধিয়াতে এগৰাহ খাই ছাৰ আৰু বাইদেউ সোনকালে বিচনাত
পৰিছিল৷ টোপনি অহাই নাছিল৷ তেনেতে ছাগলীজনীয়ে গগন বিদাৰি আৰ্তনাদ ধ্বনিৰে বেবাবলৈ
লাগিল, মৰণ কাতৰ চিঞঁৰ! ক’ত, কি হ’ল ? – বাইদেউ বিচনাতে উঠি বহিল৷ খিৰিকিৰ পৰ্দাখন
তুলি বাইদেউৱে বাহিৰলৈ চাই দেখিলে হুচৰী গাবলৈ কুৰীটামান ডেকাল’ৰা সোমাই আহিছে৷
ছাৰে স্বগতোক্তি কৰিলে – ছাগলীজনীয়ে
সিহঁতক চাহ খুৱাব লাগিব বুলি ভাবিছে!
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল ডাল
কৰিছিল আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ
মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment