Thursday, March 22, 2018

মেন্ট’ৰিং Sadin 23-March-2018




মেন্ট’ৰিং


আমি সৰুৰে পৰা শুনি অহা এটা বাক্য হৈছে - প্ৰতিজন সফল ব্যক্তিৰ সফলতাৰ আঁৰত একোগৰাকী নাৰীৰ অৱদান থাকে৷ এই কথাষাৰৰ সত্যতাৰ ওপৰত আনকি বিশ্ববিদ্যালয় পৰ্যায়ত গৱেষণাও হৈছে৷ পুৰুষ আৰু নাৰীৰ মাজত নতুবা পৰস্পৰৰ প্ৰতি থকা চিৰন্তণ আকৰ্ষণ আৰু সেই আকৰ্ষণে জন্ম দিব পৰা প্ৰচুৰ প্ৰেৰণা আৰু শক্তিৰ ইংগিত বহন কৰে এই বাক্যশাৰীয়ে৷ সফৰ ব্যক্তিৰ আঁৰত থকা পুৰুষ বা নাৰীৰ সলনি সম্প্ৰতি প্ৰচুৰ চৰ্চিত হোৱা আন এটা সম্পৰ্ক হৈছে মেনটৰিং (Mentoring)৷ নতুনকৈ জন্ম হোৱা সেই সুৰৰ আপ্তবাক্যশাৰী হৈছে-  প্ৰতিজন সফল ব্যক্তিৰ আঁৰতে থাকে অন্ততঃ এজন দক্ষ মেন্টৰ৷ এই সম্পৰ্ক লিংগ বৈষম্যৰ পৰা সম্পূৰ্ণ মুক্ত৷

হিন্দী ভাষাত “মেন্টৰ” শব্দটোৰ অৰ্থ দিয়া হৈছে ‘গুৰু’, বাংলা ভাষাত ‘পৰামৰ্শদাতা’ আৰু অসমীয়া ভাষাত ‘গুৰু বা মেন্টৰ’৷ মোৰ ব্যক্তিগত বিচাৰত মেন্টৰ শব্দৰ আটাইকেইটা দিশ গুৰু বা পৰামৰ্শদাতা শব্দটোৱে প্ৰকাশ কৰিব নোৱাৰে, সেয়ে মেন্টৰ বুলি কোৱাই অধিক যুক্তিসংগত৷ শিক্ষক, গুৰু, পৰামৰ্শদাতা, উপদেশক, গাইদ (Guide), কোছ (Coach), প্ৰশিক্ষক (Trainer) আদি বিভিন্ন শব্দৰে মেন্টৰ শব্দটোৰ অৰ্থ প্ৰকাশ কৰাৰ চেষ্টা কৰা হয় যদিও সি আংশিকভাৱেহে এই শব্দটোৰ অৰ্থ প্ৰকাশ কৰিব পাৰে৷ উপযুক্ত অসমীয়া শব্দ এটা সাজু নোহোৱালৈকে সদ্যহতে মেন্টৰ মেন্টৰ হৈয়েই থাকক৷ অৰ্থৰ ফালৰ পৰা এই কথা নিশ্চয়কৈ ক’ব পাৰি যে মেন্টৰ শব্দটোৰ শুদ্ধ অৰ্থটোৱে এইকেইটা শব্দই বুজোৱা আটাইকেইটা কাৰ্যকে কম-বেছি পৰিমানে প্ৰতিনিধিত্ব কৰে৷

মেন্টৰ গুৰু বা শিক্ষক হয়নে? সংস্কৃতত এটা সাধুকথা আছিল৷ এজন প্ৰখ্যাত গুৰুৱে এজাক শিষ্যৰ মাজত এজন অসাধাৰণ প্ৰতিভাৱান ডেকাৰ সন্ধান পাইছিল আৰু তেওঁক সকলো জ্ঞানৰেই সমৃদ্ধ কৰিবলৈ বিশেষ যত্ন লোৱা আৰম্ভ কৰিছিল৷ মেধাবী শিষ্যজন সোনকালেই গুৰুৰ বিশেষ যত্নত পৰুপূৰ্ণ হৈ উঠিল৷ গুৰুৱে এসময়ত তেওঁৰ একমাত্ৰ কন্যাকো শিষ্যজনৰ লগত বিয়া পাতি দিলে আৰু তেওঁক সকলো দিশৰ পৰাই পূৰ্ণ কৰিবৰ পাবে ন ন শাস্ত্ৰজ্ঞান দি গ’ল৷ এসময়ত দেখা গ’ল গুৰুতকৈ শিষ্যৰ প্ৰজ্ঞাৰ পোহৰ অধিক উদ্ভাসিত হৈ উঠিছে! গুৰুতকৈ শিষ্যজন সমৃদ্ধিৰ দিশত অধিক আগবাঢ়ি গ’ল৷ এই কথাই গুৰুৰ মনত ঈৰ্ষাৰ জন্ম দিলে৷ সেই সময়ত মানুহে বিশ্বাস কৰিছিল যে মাটিদাইলে মগজু ভোটা কৰে৷ এদিন সুবিধাবুজি সেই গুৰুৱে শিষ্যক উপদেশ দিলে, তেওঁ যেন সঘনে ভাতৰ লগত মাটিদাইল খায়! কিছুদিনৰ পিচত দেখা গ’ল গুৰুজন আকৌ স্বমহিমাৰে উদ্ভাসিত হৈ উঠিছে৷ গল্পটোৰ নীতিকথাটো আছিল ঈৰ্ষাৰ পৰা সহজে মুক্তি পোৱাটো সহজ কথা নহয়৷ প্ৰজ্ঞাৰ প্ৰতিযোগীতাত হৰাৰ পিচত সুখী হব পৰা সম্পৰ্ক পৃথিৱীত মাথোঁ দুটাহে আছে - পিতৃ আৰু প্ৰকৃত শিক্ষাগুৰু! পিতৃয়ে সন্তানৰ ওচৰত আৰু শিক্ষকে ছাত্ৰৰ ওচৰত পৰাজিত হৈ গৌৰৱাম্বিত হয়৷

মেন্টৰ হৈছে এজন প্ৰকৃত গুৰু, ঈৰ্ষাহীন শিক্ষক, পৰিশ্ৰমী প্ৰশিক্ষক, নিঃস্বাৰ্থ গাইদ্‌, একাব্ৰতী কোছ (Coach) আৰু আটাইৰে ওপৰত এজন বিশ্বস্ত নিৰ্ভৰযোগ্য বন্ধু যি পৰস্পৰৰ সান্নিধ্যৰ বাবে সদায় উৎসাহী৷ ২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত “হাৰ্ৱাড বিজনেছ ৰিভিউ”ত প্ৰকাশ হোৱা এখন ৰচনাই কৈছে যে দক্ষ  মেন্টৰ আৰু মেন্টি (গুৰু –শিষ্যৰ সমাৰ্থক) সম্পৰ্কৰ বাবে প্ৰথমেই প্ৰয়োজনীয় হয় দুয়োৰে মাজত থকা গভীৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ, পৰস্পৰৰ ব্যক্তিত্বৰ প্ৰতি থকা সন্মান আৰু আকৰ্ষণ ইয়াৰ মূল আধাৰ৷ ১০০ ৰো অধিক লোকৰ মাজত কৰা সমীক্ষাই দেখুৱাইছে যে পেশাগত সাফল্যৰ বাবেই মেন্টৰৰ বেছি প্ৰয়োজন যদিও দক্ষতাৰ সলনি চাৰিত্ৰিক সমন্বয়হে মেন্টৰ-মেন্টিৰ সফল সম্পৰ্কৰ মূল আধাৰ৷ এনেধৰণৰ সম্পৰ্কত ইতিবাচক দৃষ্টিভঙ্গীয়ে সততে অগ্ৰাধিকাৰ পায়, যাৰ ফলত ব্যক্তিয়ে মেন্টৰৰ আগত মুকলিকৈ সমস্যা একোটা আলোচনা কৰিবলৈ সাহস পায়৷ মেন্টিয়ে মেন্টৰৰ পৰা পেশাগত সাফল্য আৰু জীৱন বাটত সঠিক দিশৰ সন্ধান পায়, কিন্তু মেন্টৰে মেন্টিৰ পৰা কি পায়? সমীক্ষাটোৰ মতে মেন্টিৰ সুপ্ত প্ৰতিভা আৰু ব্যক্তিত্বৰ আলোকে মেন্টৰৰ মনলৈও অফুৰন্ত প্ৰেৰণাৰ সঞ্চাৰ কৰে, তাতে নিহিত থাকে শিষ্যৰ লগত গুৰু নতুবা সন্তানৰ লগত পিতৃ হাৰি পোৱা স্বৰ্গীয় আনন্দৰ ইচ্ছা৷ আনকি কোনো কোনো মেন্টৰে কাম কৰি থকা প্ৰতিষ্ঠানটোতকৈও মেন্টিজনক বেছি প্ৰাধান্য দিয়া দেখা যায়৷

সফল ব্যক্তিসকলে কৃতজ্ঞতাৰে মেন্টৰৰ নাম আৰু অৱদানৰ কথা স্বীকাৰ কৰাৰ অনেক উদাহৰণ আছে৷ আমেৰিকাৰ “অপৰা উইনফ্ৰে শ্ব”( Oprah Winfrey Show) নামৰ টেলিভিছনৰ অতি জনপ্ৰিয় অনুষ্ঠানটোৰ কথা অনেকেই জানে৷ সেই অনুষ্ঠানটোত প্ৰদৰ্শিত হোৱাৰ পাছতেই অষ্ট্ৰেলিয়ান চিত্ৰ নিৰ্মাতা ৰণ্ডা ব্ৰাইন (Rhonda Byrne) ৰাতিটোৰ ভিতৰতে পৃথিৱী বিখ্যাত হৈ পৰিছিল৷ উইনফ্ৰেই তেওঁৰ সফলতাৰ আঁৰত প্ৰসিদ্ধ লেখক আৰু কবি মায়া এংগেলৌৰ (Maya Angelou) মেনটৰিঙৰ কথা কৃতজ্ঞতাৰে সোঁৱৰণ কৰে৷ তেওঁ কৈছিল, জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় সময়খিনিত মোৰ হাতত ধৰি অহৰহ ভৱিষ্যতৰ সঠিক পথৰ সন্ধান দিয়া মোৰ মেন্টৰ ব্যক্তিজন আছিল মায়া এংকেলৌ৷ দুয়ো নাৰীৰ মাজত আছিল মেন্টৰ-মেন্টিৰ প্ৰগাঢ় সম্বন্ধ৷ তেওঁৰ মতে, জীৱনত মেন্টৰৰ প্ৰয়োজন সৰ্বাধিক৷ মেন্টৰ নোহোৱাকৈ সাফল্যৰ শিখৰ চুব পৰাটো বৰ সহজ কথা নহয়৷

এপল নামৰ কম্পিউটাৰ কম্পেনীৰ মূখ্য বিষয়া ষ্টিভেন পল জৱ (Steven Paul Jobs) ৰ কথা সকলোৱা জানে৷ সফল উদ্যোগপতি হিচাপে কম্পিউটাৰ উদ্যোগত ষ্টিভ্‌ এজন নমস্য ব্যক্তি৷ বহুতে নাজানে ফে’চবুকৰ জন্মদাতা মাৰ্ক জুকাৰবাৰ্গৰ (Mark Zuckerberg) মেন্টৰ আছিল ষ্টিভ্‌ জৱ৷ ২০১১ চনত ষ্টিভৰ অকাল মৃত্যুত মৰ্মাহত হৈ জুকাৰবাগে লিখিছিল – ষ্টিভ্‌, মোৰ মেন্টৰ আৰু বন্ধু হোৱাৰ বাবে তোমালৈ ধন্যবাদ৷ তুমি যি সৃষ্টি কৰি গ’লা সেইয়াই পৃথিৱীৰ ৰূপ সলনি কৰি দিলে৷ তোমাৰ কথা মোৰ সদায় মনত পৰিব৷ 

বিংশ শতিকাৰ এক মহীয়সী নাৰী মাডাৰ টেৰেছা৷ নিঃস্ব আৰ্তজনৰ বাবে তেওঁ কৰা কামৰ বাবে বিশ্ববাসীয়ে তেখেতক মাতৃ হিচাপে গ্ৰহন কৰিছে৷ মাডাৰ টেৰেছাই নিজেই কৃতজ্ঞতাৰে স্বীকাৰ কৰি গৈছে যে ৰোম মহানগৰীত বাছৰ বাবে অপেক্ষা কৰি থাকোঁতে আকস্মিকভাৱে তেওঁ যদি ফাডাৰ মাইকেল ভান দেৰ পীটক (Father Michael van der Peet)   লগ নাপালেহেঁতেন আৰু মেন্টৰ হিচাপে তেখেতৰ লগত মাডাৰৰ জীৱন-যোৰা বন্ধুত্বৰ সম্পৰ্ক নাথাকিলহেঁতেন, এই জীৱনত তেখেতে এনে কাম কৰিব নোৱাৰিলেহেঁতেন! বছৰৰ পিচত বছৰ ধৰি ফাডাৰ মাইকেলে মাডাৰ টেৰেছাক অনুপ্ৰাণিত কৰি আহিছিল৷ মেন্টৰ হিচাপে মাডাৰ টেৰেছাই ফাডাৰ মাইকেলৰ অৱদানক কৃতজ্ঞতাৰে সোৱঁৰণ কৰে৷

আমেৰিকাৰ ভূতপূৰ্ব “চেক্ৰেটেৰী অৱ্‌ ষ্টেট্‌” কলিন পাৱেলৰ (Colin Powell) মেন্টৰ আছিল তেখেতৰ দেউতাক লুথাৰ পাৱেল (Luther Powell)৷ মেন্টৰে সঞ্চাৰ কৰিব পৰা শক্তিৰ কথা ক’বলৈ গৈ কলিনে কৈছিল – সকলোৱে সু-মেন্টৰ হবলৈ চেষ্টা কৰিব লাগে৷ দেশৰ স্বাৰ্থত, অনাগত প্ৰজন্মৰ শ্ৰীবৃদ্ধিৰ বাবে অগ্ৰজসকলে মেন্টৰৰ ভূমিকা পালন কৰিলেহে সমাজখন এখোজ আগুৱাই যাব পাৰিব৷

পেশাগত সাফল্যৰ  শিখৰ স্পৰ্শ কৰা ভাৰতীয় নাৰী ইন্দ্ৰা নুঈৰ (Indra Nooyi) কথা বহুতে জানে৷ সমস্ত পৃথিৱীতে বিস্তাৰিত হৈ থকা পেপছি কোম্পানীৰ তেখেত মূখ্য বিষয়া৷ তেখেতে সম্ভ্ৰমেৰে কয়, মোৰ যদি মেন্টৰ নাথাকিলহেঁতেন, জীৱনত মই এই স্থানত উপনীত হ’ব নোৱাৰিলোহেঁতেন৷ মই আচলতে কেইবাজনো মহান মেন্টৰৰ সৃষ্টি!

এনে উদাহৰণৰ শেষ নাই৷ সকলোৰে বাবে সফলতাৰ সজ্ঞা একে নহয়৷ স্ব-আৰোপিত সজ্ঞাৰে হলেও জীৱনত সফল হ’বৰ বাবে এজন যোগ্য মেন্টৰৰ অতি প্ৰয়োজন৷ সকলোৰে জীৱনত অন্ততঃ এজন মেন্টৰ থকা উচিত৷ সফলতাৰ অৰ্ধাংশ প্ৰাপ্তিয়েও কেতিয়াবা মানুহক অহংকাৰী কৰি পথভ্ৰস্ত কৰিব পাৰে৷ সু-মেন্টৰৰ উপস্থিতিয়ে এনে স্খলনৰ পৰা ৰক্ষা কৰিব পাৰে৷ সু-মেন্টৰৰ বাবে সু-মেন্টি পোৱা আৰু সু-মেন্টিৰ বাবে সু-মেন্টৰ পোৱাটো বৰ সুলভ কথা নহয়৷ কিন্তু  কেনেবাকৈ যদি এই সংযোগ সম্ভৱ হয়, তাৰ পৰা সৃষ্টি হব পৰা শক্তি আৰু প্ৰেৰণা সীমাহীন৷


(এই লেখাখিনি সাদিন, ২৩ মাৰ্চ, ২০১৮ সংখ্যাৰ কাকতৰ  ৮ নং পৃষ্ঠাত নতুবা মোৰ ব্লগ http://utpalbaruah.blogspot.com-তো আছে৷)


2 comments:

  1. এই কথাখিনি সা্ঁচি থব পাৰোনে? Share কৰিবলৈও বিচাৰোঁ।

    ReplyDelete
    Replies
    1. নিশ্চয়, share কৰিব পাৰে।

      Delete