Friday, March 30, 2018

প্ৰথম হোৱাৰ গৌৰৱ Sadin 30-March-2018






প্ৰথম হোৱাৰ গৌৰৱ


দ্বিতীয় মহাযুদ্ধৰ সময়ত ১৯৩৯ ৰ পৰা ১৯৪৫ চনৰ সময়ছোৱাত পৃথিৱীৰ প্ৰায়বোৰ দেশতে যুদ্ধ-বিমান অৱতৰণ কৰিব পৰাকৈ অনেক বিমানকোঠ (Aerodrome) নিৰ্মাণ কৰা হৈছিল৷ যুদ্ধ শেষ হোৱাৰ পিচত তাৰে কিছুমানে পূৰ্ণতা পাই এটা পূৰ্ণাঙ্গ বিমানকোঠৰ (Airport) ৰূপ ল’লে কিন্তু বেছিভাগ তেনেকৈয়ে থাকি গ’ল৷ বিশ্বযুদ্ধই বিমান পৰিবহন ক্ষেত্ৰলৈ সুদুৰপ্ৰসাৰী পৰিৱৰ্তন কঢ়িয়াই আনিলে৷ তেতিয়ালৈকে ব্যৱহৃত হোৱা বিমানৰ ইঞ্জিনবোৰ আছিল ফেনখনৰ দৰে পাংখা থকা, বিমানৰ গাটো নিৰ্মাণ কৰা হৈছিল কাঠ আৰু টান ধাতুৰে৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জেট্‌ ইঞ্জিনৰ আৱিস্কাৰ হ’ল, এই ইঞ্জিনৰ ক্ষমতা আগৰ ইঞ্জিনৰ তুলনাত কেইবাগুণো বেছি৷ সেই সময়তে কেইবাটাও ধাতু মিহলাই প্ৰস্তুত কৰা এবিধ মিশ্ৰ-ধাতুৰ (Alloy) আৱিস্কাৰ হ’ল, ইয়াৰ ওজন লঘু কিন্তু যথেষ্ট টান, বিমানৰ গাটো নিৰ্মাণ কৰিবলৈ সুবিধাজনক৷ ইয়াৰ ফলশ্ৰুতিত ডাঙৰ আকাৰৰ বিমান নিৰ্মাণ হ’বলৈ আৰম্ভ কৰিলে যি বিমানে বেছি ওজন বহুদূৰলৈ কঢ়িয়াই লৈ যাব পাৰে৷ কিন্তু এনে ডাঙৰ বিমান অৱতৰণ কৰিবলৈ প্ৰয়োজন হয় দীঘল ৰাণ-ৱেৰ (Runway)৷ সেয়ে যুদ্ধৰ সময়ত নিৰ্মাণ হোৱা কেইটামান ৰাণ-ৱেৰ দৈৰ্ঘ বঢ়াই লৈ কামত লগোৱা হ’ল, বাকীবোৰ এনেয়ে পৰি থাকিল৷ আমাৰ উত্তৰ পূৰ্বাঞ্চলত ১৫ টাতকৈও বেছি এৰোদ্ৰোম আছে, কিন্তু কাৰ্যক্ষম হৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি থকা বিমানকোঠ এটাও নাই! গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠটো নামত আন্তঃৰাষ্ট্ৰীয় যদিও প্ৰকৃতাৰ্থত বিমানকোঠটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সেৱা আগবঢ়াব পৰা নাই৷ বিদেশলৈ যাত্ৰা কৰিবলগা উত্তৰপূৰ্বাঞ্চলৰ ৯৯ শতাংশ লোক দেশৰ আন বিমানকোঠৰ পৰাহে যাত্ৰা আৰম্ভ কৰিব লাগে৷ আমাৰ গোটেই দেশখনতে এনে “আছে গৰু নাবাই হাল” ধৰণৰ বিমানকোঠেৰে ভৰি আছে৷ সৰ্বমুঠ ৪৪৯ টা বিমানকোঠৰ ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণ বিভাগে ৮০ টা বিমানকোঠহে সম্প্ৰতি সক্ষম কৰি ৰাখিছে, কেইটামান বায়ু বা নৌ-সেনাৰ দখলত আছে, পাঁচটা আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ ব্যক্তিগত খণ্ডৰ সহায়ত নতুনকৈ নিৰ্মাণ কৰা হৈছে৷

আমাৰ দেশৰ দক্ষিণত, কেৰালা ৰাজ্যত অৱস্থিত কোচিন এটা ডাঙৰ বন্দৰ৷ সেইখন চহৰতে ১৯৩৬ চনত দ্বিতীয় বিশ্বযুদ্ধৰ আগে আগে এটা বিমানকোঠ নিৰ্মাণ কৰা হৈছিল, নাম দিয়া হৈছিল ৱেলিংডন এয়াৰফিল্ড৷ ১৯৩১ চনৰ পৰা ১৯৩৬ চনলৈ ভাইচৰয় আছিল লৰ্ড ৱেলিংডন, তেওঁৰ নামতে নামাকৰণ কৰা হৈছিল বিমানকোঠটোৰ৷ “কোচিন পৰ্ট ট্ৰাষ্টে” নিৰ্মাণ কৰা এই বিমানকোঠটো দ্বিতীয় মহাযুদ্ধৰ সময়ত “ব্ৰিটিছ ৰয়েল এয়াৰ ফৰ্চ”-ৰ হাতত আছিল আৰু ১৯৫৩ চনৰ পৰা ভাৰতীয় নৌ-সেনাৰ হাতলৈ গৈছিল৷ ৰাণৱেৰ দৈৰ্ঘ আছিল দুই কিলোমিটাৰতকৈও কম৷ জেট ইঞ্জিনৰ বিমান চলাচলৰ বাবে ৰাণ ৱে’ৰ দৈৰ্ঘ উপযুক্ত নাছিল৷ আশীৰ দশকত মধ্য-পূৱৰ অৰ্থনৈতিক অৱস্থাৰ আমূল পৰিৱৰ্তন ঘটে৷ কেৰালা প্ৰদেশৰ বহুলোকে মধ্য-পূৱত কাম কৰে৷ তেওঁলোকৰ যাতায়তৰ বাবে এই বিমানকোঠটোৰ উত্তৰণ বৰ প্ৰয়োজনীয় আছিল৷ ১৯৯০ চনত কোচিনৰ বাণিজ্য মণ্ডল (Chambers of Commerce) বিমানকোঠটোৰ উন্নতি সাধনৰ প্ৰস্তাৱ লৈ নৌ-সেনাৰ ওচৰ চাপিল৷ “গড়ূৰ” নামৰ নৌ-সেনাৰ শিবিৰটোৱে এই প্ৰস্তাৱ পোনেপোনেই নাকচ কৰিলে৷ তাৰপিচত নতুন বিমানকোঠ এটা নিৰ্মান কৰাৰ প্ৰস্তাৱ লৈ বাণিজ্য মণ্ডল ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণৰ ওচৰ চাপিল, তাৰপিচত কেৰালা ৰাজ্য চৰকাৰৰ৷ নতুনকৈ বিমানকোঠ এটা নিৰ্মাণ কৰিবৰ বাবে সেইসময়ত ৰাজ্য চৰকাৰ বা এয়াৰপৰ্ট অথৰিটি কাৰো হাতত পুঁজি জমা নাছিল৷ কিন্তু বিষয়টো তাতেই সমাপ্ত নহ’ল৷

কেৰালাৰ শ প্ৰতিশদ শিক্ষিত জিলা এৰ্নাকুলাম জিলাৰ সমাহৰ্তাৰ (Collector) দায়িত্বত আছিল ভাৰতীয় প্ৰশাসনিক বিষয়া, এজন অসাধাৰণ প্ৰতিভাৰ গৰাকী ভি.জে. কুৰিয়ান৷ তেওঁৰ মনত এটা নোহোৱা নোপোজা ভাবৰ উদয় হ’ল৷ মাউখে উটিলে গুড়ি পৰুৱাৰো মৰণ নাই! বিদেশত কাম কৰি থকা কেৰালাৰ অনেক লোক আছে, তেওঁলোকৰ সহায়তেই বিমানকোঠ এটা সাজি পেলাব নোৱাৰিনে! ১৯৯০ চনত এই ভাবটো আছিল অতি আধুনিক৷ ১৯৮৭ চনত “ব্ৰিটিছ এয়াৰপৰ্ট অথৰিটি” হঠাতে ব্যক্তিগতকৰণ হৈ গৈছিল, বিশ্বৰ সৰ্বপ্ৰথম, যাৰ ফলত লণ্ডনৰ তিনিটা এয়াৰপৰ্ট (হিথ্‌ৰু, গেটৱিক্‌ আৰু ষ্টেণ্ডষ্টেড্‌) আৰু স্কটলেণ্ডত তেওঁলোকে পৰিচালনা কৰি থকা চাৰিটা বিমানকোঠৰ (এবেৰদিন, এডিনবাৰ্গ, গ্লাছগৌ আৰু প্ৰেষ্ট্‌ৱিক) স্বত্ব ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰিত কৰা হৈছিল৷ কিন্তু এই কাৰ্যই সফলতা আনিবনে নাই কোনেও তেতিয়া অনুমান কৰিব পৰা নাছিল৷ ব্যক্তিগত খণ্ডৰ অধীনত বিমানকোঠ এটা সফলভাৱে পৰিচালনা কৰা সম্ভৱ নে? এই কথা তেতিয়ালৈক পৰিস্কাৰ হোৱাই নাছিল৷ সেই সময়তে কুৰিয়ানৰ নেতৃত্বত ১৯৯৪ চনত “কোচিন ইন্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেড” নামৰ সংস্থাটোৰ জন্ম হ’ল৷ ৩০ খন দেশত কাম কৰা ১০,০০০ (দহ হেজাৰ) কেৰালাৰ প্ৰৱাসী মালায়ালী লোক সহায় কৰিবলৈ ওলায় আহিল৷ ১০০ কোটি টকা ব্যয় কৰি তেওঁলোকে এটা ব্যক্তিগত খণ্ডৰ এয়াৰপৰ্ট সাজিবলৈ মন বান্ধিলে৷ কোচি নগৰৰ পৰা ৩০ কিলোমিটাৰ নিলগৰ নেডুম্বাছাৰী নামৰ ঠাইত ৪২০০ একৰ মাটি বিচাৰি উলিউৱা হ’ল৷ তাৰে ২৩০০ একৰ মাটিত বাস কৰা ৮৭২ টা পৰিয়ালক নিলগৰ ঠাইলৈ পুনৰসংস্থাপিত কৰিব লগা হ’ল৷ প্ৰায় চাৰি কিলোমিটাৰ দৈৰ্ঘ্যৰ (৩৯০০ মিটাৰ) ৰানৱেৰ নক্সা তৈয়াৰ হ’ল৷ ৰাজ্য চৰকাৰে এই নতুন কোম্পানীটোত ২৬ শতাংশ ভাগ নিজৰ লগত ৰাখিলে৷ নিৰ্মান কাৰ্য আৰম্ভ হ’ল৷ আৰু সকলোকে আচৰিক কৰি, ১৯৯৯ চনৰ ২৫ মে’ তাৰিখে ভাৰতৰ মাটিত প্ৰথমটো ব্যক্তিগত খণ্ডৰ বিমানকোঠ উদ্ধোধন কৰিলে তেতিয়াৰ ৰাষ্ট্ৰপতি কে.আৰ. নাৰায়ণনে৷ ভাৰতীয় বিমানকোঠ প্ৰাধিকৰণে পিছৰ বছৰতে বিমানকোঠটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ উন্নীত কৰি দিলে! আমোদজনক কথা, কোনো চৰকাৰী পৰিকল্পনা নথকাকৈয়ে কেৱল ব্যক্তিগত উৎসাহত ভাৰতৰ প্ৰথমটো প্ৰাইভেট এয়াৰপৰ্ট কেৰালাৰ মাটিত মূৰ ডাঙি উঠিল৷ চৰকাৰী পৰিকল্পনাৰে নিৰ্মাণ কৰা এনেধৰণৰ দ্বিতীয়টো বিমানকোঠ সম্ভৱ হৈছিল তাৰ ৯ বছৰৰ পিছত, ২০১০ চনত৷

ইতিমধ্যে ভি. জে. কুৰিয়ানৰ নেতৃত্বত কোচিন এয়াৰপৰ্টে কেইবাটাও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ কুৰিয়ান তৃতিয়বাৰৰ বাবে কোচিন এয়াৰপৰ্টৰ মেনেজিং ডাইৰেক্টৰৰ দায়িত্ব গ্ৰহন কৰিছে৷ কোচিন এয়াৰপৰ্টৰ অ-বৈমানিক অৰ্থ উপাৰ্জন (Non-Aeronautical Revenue) দেশৰ ভিতৰতে এটা লেখত ল’বলগীয়া দৃষ্টান্ত৷  ২০১৩ চনত তেখেতৰ নেতৃত্বতে কোচিন এয়াৰপৰ্টে সৌৰ-শক্তি উৎপাদনৰ এটা প্ৰকল্প হাতত লৈছিল৷ ২০১৫ চনৰ আগষ্ট মাহত এই প্ৰকল্পটো কেৰালাৰ মূখ্যমন্ত্ৰীয়ে উদ্ধোধন কৰিছিল৷ ইও এক অভিলেখ সৃষ্টি কৰিছে৷ কোচিন এয়াৰপৰ্টেই পৃথিৱীৰ প্ৰথম বিমানকোঠ যি নিজৰ সমস্ত প্ৰয়োজনীয় বিদ্যুৎ শক্তি সৌৰ শক্তিৰ পৰা নিজেই তৈয়াৰ কৰি ল’ব পাৰে৷ ১৪.৪ মেগাৱাট উৎপাদন ক্ষমতা থকা সৌৰ-শক্তি প্ৰকল্পটোৱে এতিয়া বিমানকোঠৰ প্ৰয়োজন পূৰা কৰাৰ পাছত কেৰালাৰ ৰাজ্যিক বিদ্যুৎ পৰিষদলৈও বিদ্যুৎতৰ যোগান ধৰিব পৰা হৈছে৷

কেৰালা আমাৰ দেশৰ সৰ্বশ্ৰেষ্ঠ শিক্ষিত ৰাজ্য৷ মাটিকালিৰ হিচাপত ৰাজ্যখন অসমৰ আয়তনৰ আধাতকৈও কম– ৪৯.৫ শতাংশ মাত্ৰ৷ মধ্য-পূৱকে ধৰি পৃথিৱীৰ অনেক দেশত কেইবাটাও বৃত্তিত এই সৰু ৰাজ্যখনৰ বাসিন্দা সকলৰ সমকক্ষ পাবলৈ নাই৷ এই সৰু ভূ-খণ্ডতে তিনিটা আন্তঃৰাষ্ট্ৰীয় বিমানকোঠে স-গৌৰৱে সেৱা আগবঢ়াই আহিছে৷ কেৰালাৰ উত্তৰ প্ৰান্তত অৱস্থিত কন্নুৰ নামৰ ঠাইখনৰ প্ৰৱাসী বাসিন্দাসকল একেলগ হৈ ৰাজ্যখনৰ চতুৰ্থটো আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ নিৰ্মাণ কৰিবলৈ লৈছে, কামটোত আগভাগ লৈছে ৰাজ্য চৰকাৰে৷ এই বছৰৰে. ২০১৮ চনৰ শেষৰ ফাললৈ কন্নুৰ ইন্টাৰনেচনেল এয়াৰপৰ্টৰ পৰা নিয়মীয়া বিমান সেৱা আৰম্ভ হ’ব৷

উন্নতিৰ বাটত শিক্ষা, সাহস আৰু পৰিশ্ৰমৰ কোনো বিকল্প নাই৷ কেৰালাৰ দৰে সৰু ৰাজ্যখনে এই সত্যকেই বাৰে বাৰে প্ৰমাণ কৰি দেখুৱাইছে৷

No comments:

Post a Comment