জীৱন
বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪০)
আমাৰ শৈশৱৰ দিনত আমাৰ চেন্টাৰটো
বা গাৱঁত থকা দোকানবোৰৰ ৰূপটো আজিৰ দৰে নাছিল৷ দোকান বুলি কোৱা সৰু কুঠৰীটোৰ
মজিয়াখন আছিল মাটিৰ পৰা এফুট-ডেৰফুটমান ওপৰত সজা বাঁহ বা তক্তাৰ মজিয়া এখন৷ বেৰখন সাধাৰণতে
আছিল কেঁচামাটি বা তক্তাৰ৷ ওপৰত ডাঠকৈ চোৱা খেৰৰ চাল৷ সমূখত বিস্কুত বা তেলৰ টিন কাটি
সাজি লোৱা এখন আহল বহল ঢাকনি৷ বেৰ এখনত খিৰিকিৰ দৰে ওলোৱা সোমোৱা কৰিবলৈ সৰু দুৱাৰ এখনো থাকে৷ তাত ৰাতি শিকলি এডাল লগাই তলা
এটা মাৰি থোৱা হয়৷ ৰাতিপুৱা ঢাকনিখন ডাঙি ধৰিবলৈ বাঁহৰ ঢোকা এডাল লগাই দিয়া মানেই-
“দোকানখন খুলিলে”৷ সমূখত চকুত পৰাকৈ বৈয়ামত ভৰাই থোৱা হয় লজেন, খাস্তা, কুকিচ, বাদাম, দালমূট, তেতেলীৰ আচাৰ
আদি লোভনীয় সামগ্ৰী ! বেৰখনত খাপ খাই থকা তক্তা কেইখনত সজাই থোৱা থাকে মছলাৰ পেকেট,
গোন্ধতেল, কলগেট, ফৰহেন্স্, ব’ৰলিন, লেকমি স্ন’ আৰু লাক্স চাবোন! আটাইতকৈ জনপ্ৰিয়
আৰু অপৰিহাৰ্য জনতা কোম্পানীৰ ধেলা চাবোন
থাকে চুকত থোৱা পাতল কাঠৰ বাকচ এটাত৷ (চাবোনৰ খালী বাকচবোৰ গঞাই কম দামতে কিনি নি
পাৰ চৰাই পুহিবৰ বাবে বাঁহ সাজিছিল৷) বাকচটোৰ ওচৰতে কামি এডোখৰত ধেনুভিৰীয়া তাঁৰ
এডাল লগোৱা থাকে, তাৰে ধেলা চাবোনটো ফালিব পাৰি৷ এফাল মানে আধা, এচিটা মানে এক চতুৰ্থাংশ
! লেমৰ চিমণি, চাকনি, চাৰ্ফ, চুকলি ৰছী, পুতলা, জুনুকা আদি দোকানৰ সমূখত চালিখনত,
মানে ঢাকনিখনত আঁৰি থোৱা হয়, দূৰৰ পৰা দেখি থকাকৈ৷ সৰিয়হৰ তেল, কেৰাচিন তেল, আলু,
পিয়াজ, চেনী, দাইল আদি দোকানখনৰ মজিয়াত, বস্তাত থাকে৷ ভিতৰুৱা গাওঁত থকা এনে দোকানৰ
সমূখত বহিব পৰা বেঞ্চ এখন থকাটোও একপ্ৰকাৰ ধৰাবন্ধা কথাৰ দৰেই আছিল৷ তাতেই সন্ধ্যা
উৰুলিপুঙা ডেকাহ’তে আড্ডা মাৰে! দোকানখনৰ সমূখত বকুল গছ এজোপা আৰু তাৰ তলত আলকতৰাৰ
ড্ৰাম এটাৰ ওপৰত কেৰম বৰ্ড এখন দি দিলে দোকানৰ দৃশ্যটো ষোল্ল অনাই সম্পূৰ্ণ হৈ পৰে৷
এনেধৰণৰ দোকানবিলাকক গুমটি বুলি কোৱা হৈছিল৷ সামগ্ৰীবোৰ আছিল গেলামান আৰু মনোহাৰী
মালৰ সংমিশ্ৰণ৷ সেইযে ঢোকা এডালৰ কথা ক’লো, এদিন মই হেলান দি থাকোঁতে কিবা স্বৰূপে
সেইডাল উফৰি পৰিছিল আৰু ওপৰৰ ঢাকনিখন হিৰিস কৈ তললৈ খহি পৰিছিল৷ ঘটনাটোত দোকানখনৰ
এটা বৈয়াম আৰু কেইবাটাও টেবুল লেমৰ চিমণি ভাঙিছিল৷
কালৰ ক্ৰমবৰ্ধমাণ গতিত এনেধৰণৰ দোকানবোৰৰ
ভেটিটো এসময়ত পকা হ’ল৷ ওপৰত টিন উঠিল৷ আৰু সমূখৰ আহল বহল ঢাকনিখন সৰু সৰু তক্তাৰে
একাবেকাকৈ ভাঁজ দি চপাই থ’ব পৰা আৰু টান মাৰি দিলেই সমূখভাগ ঢাকি ধৰিব পৰা কিটিপ ওলাল৷
দোকানৰ ভিতৰৰ তক্তাখনত থ’বলৈ নিউট্ৰেলা নামৰ ছয়াবিনৰ পেকেট, হৰলিক্সৰ বা ভিভাৰ বটল
আদি নতুন বস্তুৰ আগমন ঘটিল৷ ওলমি থকা বস্তুৰ লগত চেম্পুৰ পেকেট, নিৰমাৰ পেকেট, আলুৰ
চিপছ্, ভুজিয়া পেকেট আদি যোগ হ’ল৷ লাহে লাহে লেমৰ চিমণিৰ বিক্ৰি একেবাৰেই নোহোৱা
হ’লগৈ, তাৰ ঠাইত ৬০ ৱাট্, ১০০ ৱাট্ৰ ইলেক্ট্ৰিক লাইট আহিল৷
এনেকৈয়ে এটা সময়ত তক্তা লগোৱা ঢাকনখনৰো
আয়ুস কমি আহিল, গ্ৰীল দিয়া ছাটাৰ ওলাল৷ ওপৰৰ পৰা টান মাৰি দিলে ঘৰঘৰকৈ লোহাৰ পাতকেইচলা
তললৈ নামি আহে, বেছ মজবুত, সুৰক্ষা বেছি৷ এনে ছাটাৰ লগোৱা দোকানৰ দোকানীয়ে ঘৰত নিশ্চিন্তে
শুব পাৰে, চোৰে দুৱাৰ ভাঙি বস্তু লৈ যোৱাৰ আশংকা নাই৷ আগলৈ আৰু পৰিৱৰ্তন হোৱাৰ আশা
আছে৷ বিশ্বায়নে ঘৰতে প্ৰয়োজনীয় বস্তুটো পোৱাৰ সুবিধা আনি দিছে, ভৱিষ্যতলৈ এনেধৰণৰ
দোকান থাকিবগৈ নে নাই অলপ সন্দেহ আছে৷
পূৰ্ণেশ্বৰ ছাৰৰ এই কাহিনীটো সেই
সময়ৰে যেতিয়া দোকানৰ সমূখভাগত জাপ খুৱাই থব পৰা তক্তাৰ ঢাকনি লাগিছিল৷ ঘৰৰ পৰা ওলায়েই
সদায় পাৰ হৈ যোৱা গুমটিকেইটাৰ ওচৰতে পকী ভেটিৰ ঘৰ এটা উঠিছে৷ ওপৰত বেলজিয়াম টিন, ৰ’দ
পৰি জ্বলমলাই থাকে, বহু দূৰৰ পৰা দেখি৷ বিলাতী মাটিৰ মজবুত দেৱাল৷ চেন্টাৰটোৰ ৰূপেই
সলনি হৈ গৈছে৷ যোৱা তিনিমাহ মানৰ পৰা ছাৰে দেখি আহিছে – মেৰটোত তম্বু এটা উঠিছে,
ৰাস্তাৰ দাঁতিতে ইটা, শিলগুটি, বালি পৰিছে, জোখ-মাখৰ খুটি আৰু চুকলি ৰছী ওলমিছে, ওপৰত
ৰঙা কাপোৰৰ টুকুৰা এটা ওলমি থকা খুটা এটাৰ জকাটো থিয় হৈছে, মিক্সাৰ তৈয়াৰ হৈছে ৷
ছাৰে চাই থাকোতেই চকুৰ আগতে ছটা দোকানঘৰে মূৰ দাঙি উঠিল৷ এখন দোকানৰ নাম “ফাইন্
ফিট্ জোতাৰ দোকান”, কাষৰখন “বল্কল বস্ত্ৰ উদ্যোগ”, মাজৰ দুখনৰ নাম দিয়া হোৱা নাই৷
শেষৰ দুটা কোঠাত চূণ তেলৰ কাম এতিয়াও চলি আছে৷ স্কুললৈ আহোঁতে-যাওঁতে ঘৰটোলৈ এবাৰ
চোৱাতো ছাৰৰ অভ্যাসৰ দৰে হৈছে৷
আজি শুক্ৰবাৰ, ছাৰে ছেভেনত জ্যামিতি
পঢ়াব ৷ চাইকেলৰ পেডেলত ভৰি দিয়াৰ লগে লগে ছাৰৰ মনটো স্কুললৈ ঢাপলি মেলিলে৷ যোৱা
শুক্ৰবাৰে বৃত্ত হৈ গৈছে আজি সমবাহু আৰু সমদ্বিবাহু ত্ৰিভূজৰ ধৰ্ম আছে৷ নতুন ঘৰটোৰ
সমূখভাগ পোৱাৰ লগে লগেই ছাৰৰ চকু দোকানকেইখনলৈ গ’ল৷ আটাইকেইখন দোকানেই বন্ধ, শেষৰ
দোকান দুখনৰ কাম এতিয়াও চলি আছে৷ আধা মেল খাই থকা দোকানখনৰ সমূখত লিখা আছে - ইয়াত
কেল মৰা হয়৷
পেডেল মৰা বন্ধ কৰি, পিছৰ চকাৰ ব্ৰেকডাল
অলপ চেপা মাৰি ধৰি ছাৰে এবাৰ ভালকৈ ডিঙি ঘুৰাই চালে- কি লিখিছে? “ইয়াত কেল মৰা হয়৷”
জীৱনত শিকা সমস্ত ক্ৰিয়া বাচক অসমীয়া শব্দ ছাৰে মনত পেলাবলৈ চেষ্টা কৰিলে – কেল মৰা,
কেল মাৰ…! নাই মনত নপৰে! এইটো আকৌ কি শব্দ ওলাল, কোনে কাক কেল মাৰে, কেনেকৈ মাৰে,
কেতিয়া মাৰে! আজিকালি ল’ৰা-ছোৱালী বিলাকে গুৰু-গোঁসাই নমনা হ’ল৷ কেল মৰা প্ৰক্ৰিয়াটোও
এনেকুৱাই কিবা নেকি! মাক দেউতাকে গম নোপোৱাকৈ কিমান ল’ৰা-ছোৱালীয়ে কেল মাৰিব তাৰ
খাটিয়ান কোনোবাই ৰাখিবনে? ভগৱতী হোটেলত চিবজী নামৰ ভাগলপুৰৰ কাৰিকৰ এজন আছিল৷ দোকানকনৰ
বিক্ৰিবাৰ্তা আগৰ পৰাই বেয়া৷ এদিন গম পোৱা গ’ল তাৰে ভিতৰৰ কোঠা এটাত তীৰখেলৰ হিচাপ
নিকাচ চলে৷ সন্ধ্যা ডেকাল’ৰা কেইটামান মিলি চিবজীক লাপৰ-থাপৰ দুটামান সোধালে হ’বলা
পিছদিনাই সি বিচনাপত্ৰ বান্ধি ভাগিল৷ এইবিলাক অশুভ কৰ্মকাণ্ড ঘটিবলৈ লৈছে এই ঠাইত৷
এতিয়া আকৌ আহিল এই নজনা নুশুনা কেল মৰা কামটো!
গোটেই দিনটো ছাৰৰ মনটো অশান্ত
হৈ থাকিল৷ অঞ্চলটোৰ সন্মানীয় শিক্ষক আলি ছাৰে অৱসৰ ল’লে৷ আজি বিদায় সভাৰ দিন আছিল৷
তাৰে কামত লাগি থাকোতেই আনদিনাতকৈ ঘৰলৈ ওভতোতে ছাৰৰ আজি পলম হ’ল৷ নতুন ঘৰটো যিমানেই
ওচৰ চাপি আহিল ছাৰৰ মনত অশ্বস্তিৰ পৰিমা্ণো সিমানেই বাঢ়ি আহিল৷ ফাইন ফিট দোকানখন
খোলা৷ সিফালে কোঠা এটাত কোনোবা ডাক্তৰ বহিব হ’বলা, যোগ চিন এডাল লাগিছে৷ তাৰ পিছত-
? ছাৰ অবাক হৈ গ’ল৷ দোকানখন এতিয়া বন্ধ৷ ৰাতিপুৱা দেখোঁতে কেইখনমান তক্তা ভিতৰ সোমাই
আছিল৷ ‘চাই’, হাতীৰ সুৰডালৰ দৰে ষ্টাইল কৰি অঁকা এ-কাৰডাল, ‘মতি’ আৰু ‘কৰা’ আখৰ কেইটা
লুকাই আছিল৷ দোকানখনত লিখা সম্পূৰ্ণ বাক্যটো আছিল – ইয়াত চাইকেল মেৰামতি কৰা হয়!
No comments:
Post a Comment