Friday, March 2, 2018

সমৃদ্ধিৰ সপোন আৰু সদিচ্ছা - Sadin 2-Mar-2018




সমৃদ্ধিৰ সপোন আৰু সদিচ্ছা


পৃথিৱীৰ ১৮৭ খন ধনী ৰাষ্ট্ৰৰ ভিতৰত আমাৰ দেশৰ স্থান ১২২ নম্বৰত৷ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাকোষৰ (International Monetary Fund) হিচাপ মতে আটাইতকৈ সমৃদ্ধিশালী দেশখন হৈছে মধ্য-পূৱৰ কটৰ (Qatar) নামৰ দেশখন৷ কটৰৰ আকাৰ আমাৰ দেশৰ কথাটো বাদেই, আমাৰ ৰাজ্যখনৰ মাটিকালিৰ ১৫ শতাংশতকৈও কম৷ ঠিক তেনেকৈ আমি বাস কৰা মহাদেশখনৰে ছিংগাপুৰ নামৰ ক্ষুদ্ৰ দেশখন কেইবাবছৰো dhori পাঁচখন ধনী ৰাষ্ট্ৰৰ মাজত স্থান পাই আহিছে৷ যোৱাবছৰৰ (১৯১৭) সমীক্ষা মতে ছিংগাপুৰৰ স্থান etia চতুৰ্থ৷ দেশখনৰ আয়তন আমাৰ ৰাজ্যৰ এক শতাংশতকৈও কম! ঠিক তেনেকৈ এক শতাংশতকৈও কম মাটিকালিৰ আন এখন দেশ বাহৰেইন – পৃথিৱীৰ ১৫তম ধনী ৰাষ্ট্ৰ৷ এই তুলনাই প্ৰমাণ কৰে যে সমৃদ্ধিশালি হ’বলৈ বৃহৎ আকাৰৰ মাটিকালিৰ প্ৰয়োজন নাই, নাই অপৰ্যাপ্ত পৰিমানৰ গুপ্ত সম্পদৰ! ছিংগাপুৰ, ইজৰাইল, মৌৰিচাছ আদি দেশবোৰক প্ৰাকৃতিক সম্পদে চহকী কৰা নাই! ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধই পংগু কৰি পেলোৱা দেশ জাপানে অতি কম সময়ৰ ভিতৰতে পৃথিৱীৰ এটা লেখতল’বলগীয়া অৰ্থনেতিক প্ৰগতিৰ উদাহৰণ হিচাপে স্বীকৃতি অৰ্জন কৰিবলৈ সক্ষম হৈছে তেওঁলোকৰ কৰ্মদক্ষতা, সুক্ষ্ম পৰিকল্পনা শক্তি আৰু অদম্য ইচ্ছাশক্তিৰ বাবে৷  কটৰ, বাহৰেইনক যদি প্ৰাকৃতিক তেলে ধনী কৰিছে বুলি ধৰি লওঁ, ছিংগাপুৰ মৌৰিছাচক ধনী কৰিছে পৰ্যটন উদ্যোগে৷

একমাত্ৰ প্ৰাকৃতিক সম্পদে যে একোখন ঠাইক ঐশ্বৰ্যশালী কৰিব নোৱাৰে তাৰ জ্বলন্ত প্ৰমান আমাৰ অসম৷ আন দেশৰ লগত তুলনাই নকৰো, আমাৰ দেশৰে আন ৰাজ্যৰ তুলনাত আমাৰ পুতৌলগা অৱস্থা৷ মাটিৰ তলত তেল, ওপৰত চাহপাত৷ তাৰ পিছতো এই ঠাইৰ বাসিন্দাই এই সম্পদেৰে লাভৱান হ’ব নোৱাৰিলে কিয়? ইয়াৰ সদাপ্ৰস্তুত উত্তৰটো হৈছে – কেন্দ্ৰই মাহী আইৰ দৃষ্টিৰে চোৱাৰ বাবে!

আজিৰ পৰা প্ৰায় ডেৰকুৰী বছৰৰ আগতে লোৱা এটা সাক্ষাৎকাৰত চাহ ব্যৱসায়ী হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ প্ৰতি এটা অভিযোগ অনা হৈছিল – আপুনি অসমীয়া শিক্ষিত যুৱকক অধিক হাৰত নিয়োগ নকৰে কিয়? এটা মুহূৰ্তত শ্ৰীযুত বৰুৱাৰ মুখৰ পৰা ওলাই আহিছিল –Assamese youths are not only unemployed but also unemployable! মই তেখেতৰ এই কথাষাৰ সম্পূৰ্ণ বিশ্বাস নকৰোঁ, তথাপিও এটা কথা দ্বিধাহীনভাবে ক’ব পাৰি যে অসমত অসমীয়ালোকৰ অনেকেই কষ্ট-সহিষ্ণু নহয়, বহুতেই ধনঘটাৰ সহজ উপায়ৰ প্ৰতি সততে আকৃষ্ট হয়, বিলাসপ্ৰিয় আৰু এলেহুৱা! এই একেই অসমীয়া ডেকাই কিন্তু আনঠাইলৈ গৈ সেই ঠাইৰ কৰ্মসংস্কৃতি আকোৱালি লৈ চকুতলগা কৰ্মদক্ষতাৰ পৰিচয় দিব পাৰে! ইয়াৰ কাৰণ কি সহজে ক’ব নোৱাৰি, হয়তো গৱেষণাৰ বিষয়!

তেলৰ পৰা আমি লাভৱান হ’ব নোৱাৰিলো, নোৱাৰিলো চাহপাতৰ পৰাও৷ সেইয়া পুৰ্বপুৰুষৰ অকৰ্মন্যতাৰ ফল নে কেন্দ্ৰৰ মাহী আইৰ দৃষ্টি সেইয়া আগন্তুক প্ৰজন্মৰ গৱেষণালৈ এৰিলোঁ৷ পুৰ্বৰ তিক্ত অভিজ্ঞতাই অসমৰ বাসিন্দা সকলত ইমানেই শংকিত কৰি ৰাখিছে যে অলপতে বিশ্ব বিনিয়োগকাৰীসকলৰ সন্মিলনখনক লৈও ‘অসম চৰকাৰে অসমখন বহিৰাগত বনিয়াক বেচিবলৈ ওলাইছে’ বুলি শংকিত হৈ পৰিছিল৷ এই শংকাৰ উদয় নহ’লহেঁতেন যদি চৰকাৰৰ আঁচনিখনৰ মুকলি চৰ্চা হ’লহেঁতেন৷ অসমৰ সমৃদ্ধিৰ বাবে এতিয়াও নিৰ্বাপিত নোহোৱাকৈ থকা আশাটো হৈছে পৰ্যটন উদ্যোগৰ সম্ভাৱনা৷ ছিংগাপুৰ, মৌৰিছাচৰ কথালৈ নাযাওঁ, গাৰ কাষতে থকা দাৰ্জিলিং বা গোৱালৈ চালেই বুজিব পাৰি অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বুকুত পৰ্যটন উদ্যোগৰ বাবে অনেক সমল মজুত হৈ আছে, মাথোঁ ইয়াক এটা পৰ্যটন উদ্যোগলৈ ৰূপান্তৰ কৰিব পৰাকৈ আমাক এখন শক্তিশালী আঁচনি আৰু চৰকাৰৰ সদিচ্ছা লাগে৷

কি কি কৌশলে এখন ঠাইক এটা পৰ্যটন কেন্দ্ৰ কৰি গঢ়ি তুলিব পাৰে, তাৰ বাবে আচলতে লাগে কি কি সম্পদ, অসম বা উত্তৰ পূৰ্বাঞ্চলত থকা এই সম্পদ আৰু বাতাবৰণ পৰ্যটন উদ্যোগৰ বাবে উপযুক্ত হয়নে - কোনে দিব ইয়াৰ উত্তৰ ? ১৯ ফেব্ৰুৱাৰী, ২০১৬ চনৰ সাদিনৰ পাততে এই বিষয়ে আলোচনা কৰা হৈছিল আৰু তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ক এই গৱেষণা কৰিবলৈ দিয়াৰ পোষকতা কৰা হৈছিল৷ আশা কৰা হৈছিল, নতুন চৰকাৰ গঠন হোৱাৰ সময়তে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে তিনিমাহ সময়ৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলক সামৰি অসমৰ ভূখণ্ডত পৰ্যটন উদ্যোগ সম্ভৱ হয়নে নহয়, হয় যদি কি কি উপাদানৰ প্ৰয়োজন তাক চিনাক্ত কৰি ৬ ঘন্টাৰ এটা পাঠ প্ৰস্তুত কৰা হ’ব৷ নতুন মন্ত্ৰীসভা গঠন হোৱাৰ লগে লগে মূখ্যমন্ত্ৰী সমন্বিতে ১২৬ জন বিধায়ক আৰু এই উদ্যোগৰ লগত জড়িত কৰিব লগা ২৪ জন ব্যক্তিক দিছপৰু সচিবালয়ৰ মিটিং ৰুমত এজন অধ্যাপকে এই সম্পৰ্কে জনাবহি৷ তাৰপিছত কৰ্মসূচী গ্ৰহণ কৰি হাতে কামে কাম ৰাইজ আৰু চৰকাৰ আগবাঢ়ি যাব৷

সাদিনৰ পাততে ৩০ ডিচেম্বৰ, ২০১৬ চনত, প্ৰিয়ংকা চোপ্ৰা অসমৰ ব্ৰেণ্ড এম্বেছেদৰ নিয়োজিত হোৱাৰ পিচত এই বিষয়ে পুনৰ আলোচনা কৰা হৈছিল৷ গুজৰাটৰ চৰ্দাৰ পেটেল বিশ্ববিদ্যালয়ত ২০১২ চনত হোৱা এটা গৱেষণাৰ আধাৰত পৰ্যটন উদ্যোগ এটা গঢ়ি উঠাৰ বাটত হব পৰা সম্ভাৱ্য হেঙাৰ কেইটামানৰ কথা কোৱা হৈছিল৷ ২০১৬ চনত, ভাৰত চৰকাৰে অসামৰিক বিমান পৰিবহনৰ নতুন নীতি (National Civil Aviation Policy 2016) আৰু উড়াণ নামৰ প্ৰকল্পৰ কথা ঘোষণা কৰিছিল৷ এই আঁচনিৰ দ্বাৰা আমাৰ ৰাজ্যখন যথেষ্ট উপকৃত হোৱাৰ সম্ভাৱনা আছিল৷ পৰ্যটন উদ্যোগৰ আন্তঃগাঠনিলৈ এনেধৰণৰ সুপৰিকল্পিত এটা পৰিবহন ব্যৱস্থাই প্ৰচুৰ অৰিহনা যোগোৱাৰ সম্ভাৱনা থাকে৷ প্ৰিয়ংকা চোপ্ৰাই দেখুইৱা চমক ক্ষণস্থায়ী বুলি অষ্টমমান শ্ৰেনীৰ ছাত্ৰ এজনেও কৈ দিব পাৰিব৷

চৰকাৰৰ হাতত পৰ্যটন উদ্যোগ সম্পৰ্কে কেনেধৰণৰ পৰিকল্পনা আছে তাৰ মুকলি আলোচনা হোৱা পৰিলক্ষিত হোৱা নাই৷ আমাৰ ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা আৰু পৰ্যটন উদ্যোগৰ বিকাশ, এই দুয়োটাইহে ৰাজ্যখনলৈ অদূৰ ভবিষ্যতে সুদিন কঢ়িয়াই আনিব পাৰিব৷ এইযে, সাধাৰণ ৰাইজে ভাবিছে প্ৰিয়ংকা চোপ্ৰাক ব্ৰেণ্ড এম্বেছেদৰ আৰু নমামী ব্ৰহ্মপুত্ৰ-বৰাকৰ দৰে উৎসৱেৰ দ্বাৰা ক্ষণিকৰ বাবে চমকসৃষ্টিকাৰী কামৰ বাদে চৰকাৰে আচলতে পৰ্যটনৰ বিকাশৰ বাদে গুৰুত্বপূৰ্ণ আন একো কাম কৰা নাই, এই কথাটোৱে চৰকাৰ আৰু ৰাইজ দুয়োকেই অধিক ক্ষতিগ্ৰস্ত কৰিব৷ হাততে পাইও আমি যি কৰিব পৰা নাই, তাৰ বাবে আগন্তুক প্ৰজন্মই এদিন আমাক দোষাৰোপ নকৰিবনে? অৱশ্যে তেতিয়াই আমি সেই আপ্তবাক্যশাৰী আওৰোৱাৰ আৰু সুবিধা এটা পাম - কেন্দ্ৰই আমাক মাহী আইৰ দৃষ্টিৰে চাই যুগে যুগে প্ৰতাৰণা কৰি আহিছে!



(এই লেখাখিনি সাদিন, ২ মাৰ্চ, ২০১৮ সংখ্যাৰ কাকতৰ ৮ নং পৃষ্ঠাত নতুবা মোৰ ব্লগ http://utpalbaruah.blogspot.com-তো আছে৷)

No comments:

Post a Comment