জীৱন
বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪১)
মাজে মাজে মই ইমান বিৰক্ত হও যে
“ভুৱাত ঘুৰিছে এই ভূ-মণ্ডল” বুলি চিঞৰি চিঞৰি ক’বৰ মন যায়৷ এনে লাগে মিছা কথা, ভুৱা
আশ্বাস আৰু তোষামোদতে যেন আমাৰ দৈনন্দিন
পৰিক্ৰমা পাৰ হ’ব ধৰিছে৷ মিছা কথাৰ সীমা যেন হেৰাই গৈছে অসীমত৷
ৰাস্তাৰ কাষতে এখন প্ৰকাণ্ড হৰ্ডিং
লাগিছে৷ তাতে এহাল দম্পতিয়ে আত্মসন্তুষ্টিৰ ভুৱন ভুলোৱা হাঁহিৰে দুয়োফালৰ কোৱাৰি
ফালি কুকুৰ-দাঁতলৈকে প্ৰদৰ্শন কৰি আছে৷ দেখিলেই এনে লাগে পৃথিৱীৰ সমস্ত সুখ আৰু আনন্দ
একেলগে তেওঁলোকৰ ওপৰত মূষলধাৰে বৰ্ষণ হ’ব ধৰিছে৷ কাষতে হিন্দী চিনেমাৰ মেগাষ্টাৰ এজনে
হাতৰ তলুৱাত তুলি ধৰিছে এটা সু-সজ্জিত অট্টালিকাৰ প্ৰতিকৃতি- তিনি মহলীয়া দালান, ঘৰৰ
কি বাহাৰ, পৰীৰ দেশৰ দৰে কাৰুকাৰ্য খচিত ৰূপ৷ বিজ্ঞাপনটো এটা বেঙ্কৰ৷ তেওঁলোকে কৈছে
আপোনাৰ সপোনক সাকাৰ কৰিবলৈ ওলাই আহক, আপোনাৰ দুৱাৰত টকটকাই থকা জীৱনৰ সুখ আৰু সমৃদ্ধিক
নেওচা নিদিব৷ আমাৰ বেংকে ঘৰ সাজিবলৈ দিয়া ঋণৰ বাবে আজিয়েই আবেদন কৰক!
হেৰৌ ধাৰ লৈ বাৰু কোনোবা সুখী
হয়নে? আমি সৰুতে পাঠ্যপুথিত বলদেৱ মহন্তৰ কবিতা পঢ়িছিলো, - সুখ নাই, সুখ নাই ক’তো
ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰ ৰুগীয়াৰ৷ কি সোনসেৰীয়া কথা৷ ৰাইজৰ প্ৰতিষ্ঠান বেংক এটাই
এনেকুৱা গোকাট মিছা কথা এষাৰ কৈ বাৰু মানুহক প্ৰলোভিত কৰিব লাগে নে? ল’লোৱেই বাৰু
ঋণ লৈ ঘৰ এটা, তাৰ পিছত যে অৱসৰৰ দিনলৈকে মাহে মাহে তোমালোকক কিস্তিবোৰ দি থাকিব
লাগিব সেই টেনচনটোৰ কথাটো ক’ত গ’ল? আগতে মানুহৰ প্ৰয়োজন আছিল তিনিটা বস্তুৰ, হিন্দী
চিনেমাত কোৱাৰ দৰে – ভাত কাপোৰ আৰু ঘৰ, ৰুটী কপৰা ঔৰ মকান৷ এতিয়া তাতে আৰু এটা যোগ
হৈছে – ভাত, কাপোৰ, ঘৰ আৰু কিস্তি; ৰুটী, কপৰা, মকান ঔৰ ‘ই-এম-আই’! সাতে সোতৰে অৱশেষত
পৰিশোধ কৰিব লগা ধনৰ পৰিমান হয়গৈ দুগুণ, আজীৱন বহন কৰি যাব লাগিব ঋণ পৰিশোধ কৰাৰ
যন্ত্ৰণা! থাকিব তেতিয়া ওঁঠত এই ভুৱন ভুলোৱা হাঁহি? আমাৰ অঞ্চলটোৰ অতি জনপ্ৰিয় ব্যক্তি
ছয়-দাই ঋণৰ বোজা বহন কৰিব নোৱাৰিয়েই অৱশেষত আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল৷ কি বিড়ম্বনা!
হস্পিটেল এখনৰ বিজ্ঞাপন৷ বগা এপ্ৰন
পিন্ধা, ডিঙিত ষ্টেথিচকোপ ওলোমাই লোৱা ডেকা ডাক্তৰ এজনে, চকা থকা চকীত বহি থকা বেমাৰী
বৃদ্ধা এগৰাকীক আকোৱালি লৈ গলধন বেকা কৰি মিচিকি হাঁহি এটাৰে আদৰ কৰিছে৷ দেখিলেই ডাক্তৰক
বুঢ়ীৰ জোঁৱায়েক যেন লাগে! দৃশ্যটো চকুত
পৰা মাত্ৰকে তেতিক্ষণে বেমাৰত পৰিবলৈ মন যায়৷ এইটো সেইখন হস্পিটেলৰ বিজ্ঞাপন যিখনত
এবাৰ পদাৰ্পণ কৰিলে পাভ চোছা নোখোৱাকৈ ওলাই অহাৰ কোনো উদাহৰণেই নাই! কি প্ৰবঞ্চনা!
এনেকৈয়ে চলি আছে আমাৰ পৃথিৱী৷ এনেবোৰ
ভুৱা-চলাহি কথাৰেই চলি আছে জগতৰ হাজাৰ হাজাৰ ব্যৱসায়৷ সততা আৰু বিজ্ঞাপন এটা মুদ্ৰাৰেই
ইপিঠি সিপিঠি নহয়৷ ডাঙৰ ডাঙৰ কোম্পানীয়ে বছৰ এটাত মূল খৰচৰ ত্ৰিশ শতাংশলৈকে ব্যয় কৰে
অকল বিজ্ঞাপন দিবলৈকে! এই বিজ্ঞাপনবোৰে মানুহৰ মনত প্ৰচুৰ প্ৰভাৱ পেলায়৷ বিস্ময়কৰ
কিন্তু সঁচা কথা৷ বিজ্ঞাপন দেখিয়েই মানুহে চিনেমা চাবলৈ শাৰী পাতে৷ বিজ্ঞাপন দেখিয়েই
গাভৰুহঁতে গালত ৰঙ ঘঁহে – ৰঙা হ’বলৈ! ডেকা-গাভৰু, পুৰুষ-মহিলা সকলোৰে বিজ্ঞাপনৰ প্ৰতি
দুৰ্বলতা আছে৷ সমীক্ষাত এই কথা ওলায় পৰে! আমোদজনক কথা
পৌৰাণিক কালত মুকলিকৈ ইমান ভয়ংকৰ
ভাবে বিজ্ঞাপনৰ প্ৰচাৰ হোৱা নাছিল৷ শৈশৱৰ দিনলৈ মনত পৰিলে হস্পিটেলৰ দেৱালত অঁকা পৰিয়াল
পৰিকল্পনা বিভাগৰ বিজ্ঞাপন এটাৰ কথা মনত পৰে৷ মাক-দেউতাকৰ লগতে পুত্ৰ-কন্যা এহালৰ ছবি
এখন – ল’ৰাই হওক বা ছোৱালীয়েই হওক দুটিয়েই যথেষ্ট! এই বিষয়টোক লৈ স্বাস্থ্য বিভাগৰ
অনুৰোধত আমাৰ মৰমৰ ভূপেনদাই গীত এটাও গাইছিল – শিয়ালৰ জাক জাক, সিংহৰ এটাই ভাল, হেন
জানি ভাবি গুণী, হে’ নৱ দম্পতী সীমিত কৰা পৰিয়াল৷ কেতিয়াবা অ’ত ত’ত বানৰ বয় বিড়ি বা
চিগাৰেটৰো দুই এখন বিজ্ঞাপন দেখিছিলো৷ সিমানেই৷ আমি ডাঙৰ হবলৈ সুবিধা পোৱা সৰু সৰু
চহৰত বিজ্ঞাপনৰ ডাঙৰ ডাঙৰ হৰ্ডিং নাছিল!
পূৰ্ণেশ্বৰ ছাৰৰ এই কাহিনীটো সেই
সময়ৰে, পৌৰাণিক কালৰ৷
স্কুলৰ পৰা উভতি অহাৰ পিছৰ সময়খিনি
ছাৰে এনেয়ে খৰচ নকৰে৷ সন্ধিয়া ঘৰে ঘৰে বহি চাহৰ জুতি লৈ ফুৰাৰ অভ্যাস ছাৰৰ নাই৷ সন্ধ্যা
সময়খিনি ছাৰ সাধাৰণতে পাচলি বাৰিখনৰ কামতে লাগি থাকে৷ বতৰৰ দুই এবিধ পাচলি ঘৰতে কৰি
খোৱাৰ নিচিনা আনন্দ পোৱা জনেহে বুজে৷ যোবা বছৰ ছাৰৰ বাৰিত লগা উৰহী গাওঁখনৰ আটাইকেইঘৰে,
আনকি স্কুলৰ সহকৰ্মী সকলেও ভাগ পাইছিল৷ উৰহীৰ ভৰত হেন্দালিখন দোঁ খাই পৰিছিল৷ এবাৰ
তেনেকৈয়ে ৰঙালাও লাগিছিল৷ সেইবাৰ গাওঁৰ মানুহটো বাদেই গঞাৰ ঘৰৰ গোঁহালিৰ দানাৰ চৰিয়াটোতো
ছাৰৰ বাৰিৰ ৰঙালাওৰ টুকুৰা দেখা গৈছিল৷ তেনেকৈয়ে কেতিয়াবা গহৰা গজা ভাতকেৰেলাৰে গোজ
মাৰি দিয়া বাঁহৰ জেং ভৰি উঠে৷ ছাৰে নিজেও খায়, আনকো খুৱায়৷ পিছে ঘৰেত হোৱা পাচলি
কেতিয়াও বজাৰত বেচাৰ কথা ছাৰে চিন্তা কৰি পোৱা নাই৷ খাওকচোন ঘৰখনেই খাওক, গাওঁখনেই
খাওক !
এইবেলিও ছাৰে খেতি কৰিছিল৷ ভেন্দি
ভালেই হৈছে৷ তিয়ঁহ বিলাকেও কলি পেলাইছে৷ ছাৰে আবেলি এনেয়ে তিয়ঁহ এটা লৈ কামোৰ এটা
মাৰি চায়, - ঠিক আছে, তিতা হোৱা নাই! গোবৰৰ গুড়ি আৰু পুৱা গধূলি পানীৰ যোগান ছাৰে
নিজেই ধৰি আহিছে৷ এসময়ত তিয়ঁহৰ ফুলবিলাকে ফল ধৰিলে, তাঁত অকণ অকণ কাঁইট ওলাল, হেন্দালিখন
দেখিলেই মনটো ভাল লগা হৈ উঠিল৷ তিয়ঁহৰ গুটিখিনি ছাৰৰ খুলশালীয়েকে ঘৰতে দি গৈছিল, সঁচটো
বৰ ভাল৷ কিন্তু জিকা বিলাকৰ কি হ’ল? হওঁতে জিকা লতাডালৰ চিৰি-চেহেৰা ভালেই হৈছে, গোটেই
হেন্দালিখন ঢাকি ধৰিছে৷ কিন্তু এজোপা লতাত মাত্ৰ এটা বা দুটা জিকাহে লাগিছে৷ প্ৰথমতে
ছাৰে পচন সাৰৰ অভাৱতে তেনে হোৱা বুলি ভাবিছিল৷ গোবৰৰ লগতে ছাগলীৰ লাদ অলপো গছৰ গুৰিত
সিঁচি দি ছাৰে দুদিনমান জিকা লতাবোৰৰ প্ৰতি বেছি নজৰ দি থাকিল৷ এদিন সন্ধ্যা খন্তি
এখন লৈ গুৰিত খনিয়াইও দিলে! কেইদিনমান পিছত লক্ষ্য কৰিলে- কোনো পৰিৱৰ্তন হোৱা নাই,
হয় এটা, নহয় দুটা! আনকি ফুলেই ফুলা নাই, কোনোবাজোপাত এটা, নহয় দুটা! দেওবৰীয়া হাটৰ
পৰা অনা গুটি আছিল৷
কথাটো ছাৰে কেইবাদিনো একেৰাহে
ভাবি থাকিল - উৰহী গছৰ ওৰ নোলায়হে নোলায়৷ কি কাৰণত এটা বা দুটা ফলহে ধৰিছে৷ সাৱধানে
ছাৰে আকৌ পৰীক্ষা কৰিলে - কোনো এজোপা গছতে তিনিটা জিকা লগা নাই! তাৰ কেইবাদিনো
পিচত হঠাত এদিন ছাৰৰ কথা এটা মনত পৰিল আৰু আৰ্কিমিডিছৰ দৰে উদং গাৰেই ইউৰেকা-ইউৰেকা
বুলি বাটলৈ লৰ মাৰিবৰ মন গ’ল! বিজ্ঞাপনৰ প্ৰভাৱ! ছাৰৰ মনত পৰিল –বজাৰৰ পৰা জিকা গুটি
অনাৰ দিনা ছাৰ হস্পিটেলৰ ফালে থকা ৰাস্তাটোৱেদি এপাক ঘুৰি আহিছিল৷ সেইফালেই থকা হস্পিটেলৰ
ওখ দেৱালখনত ডাঙৰ ডাঙৰ আখৰেৰে চকুত পৰাকৈ লিখা আছিল- ল’ৰাই হওক বা ছোৱালীয়েই হওক দুটিয়েই
যথেষ্ট!
(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷
কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল ডাল
কৰিছিল আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ
মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)
No comments:
Post a Comment