Thursday, April 16, 2020

ভট্টদাৰ সান্নিধ্য





ড° প্ৰদীপেশ্বৰ ভট্টাচাৰ্য একেদিনাই মোৰ বাবে দাদা বা ভট্টদা হোৱা নাছিল৷


চেন্নাইৰ “আই.আই.টি -মাদ্ৰাজ”-ৰ গণিত বিভাগত অধ্যাপনা কৰি থকা সময়তে এবাৰ তেখেতে মাক-দেউতাককো লগতে ৰাখিবলৈ নিজৰ আবাসলৈ লৈ আনিছিল৷ সেই সময়ত মাদ্ৰাজত শিক্ষাগ্ৰহণ কৰি থকা অসমীয়া ছাত্ৰসকলৰ এটা সংগঠন আছিল – অসম ছাত্ৰ সন্থা, মাদ্ৰাজ৷ সংগঠনটোৰ অভিভাৱক হিচাপে  যি কেইজন মানুহে ছাত্ৰসকলক পৰম আন্তৰিকতাৰে সহায় কৰিছিল৷ সেইসকলৰ ভিতৰত অন্যতম আছিল “আই.আই.টি.–ৰ প্ৰফেছা”-ৰ ড° প্ৰদীপ ভট্টাচাৰ্য৷ ১৯৮৮ ৰ পৰা ১৯৯২ চনলৈ মই তাত ছাত্ৰ হৈ থকা সময়ছোৱাত প্ৰথমে মই তেখেতৰ কথা শুনিছিলো যদিও লগ পোৱাৰ সৌভাগ্য হোৱা নাছিল৷ মোৰ অভিভাৱক স্বৰূপ পৰেশদাই (শ্ৰী পৰেশ বৰকাকতী) তেখেতৰ লগত থকা প্ৰফেছাৰ ভট্টাচাৰ্যৰ সু-সম্পৰ্কৰ কথা প্ৰায়েই আমাৰ আগত কৈছিল৷ অসমত হৈ থকা আন্দোলনৰ সময়ছোৱাত মাদ্ৰাজত পঢ়ি থকা ছাত্ৰসকলেও ছাত্ৰ সন্থাৰ অনশন, সত্যাগ্ৰহৰ দৰে  বিভিন্ন কাৰ্যসূচী মাদ্ৰাজ মহানগৰীতে পালন কৰিছিল৷ পৰেশদাই কৈছিল, সেই কাৰ্যসূচীসমূহত প্ৰফেছাৰ ভট্টাচাৰ্যও গৈ অংশগ্ৰহণ কৰি ছাত্ৰহ’তৰ মনোবল বৃদ্ধি কৰিছিল৷ তাত থকা ছাত্ৰ সংগঠনটোৰ কৰ্মৰ ইতিহাস বৰ্ণনা কৰোঁতে পৰেশদাই প্ৰায়েই তেখেতৰ গুণ বখানিছিল৷ কিছু পিছলৈ ছাত্ৰসকলৰ কামৰ লগত জড়িত হৈ পৰা  আন এজন ব্যক্তি আছিল তৌফিকউদ্দিন আহমেদ্‌৷ তেখেত ভাৰত চৰকাৰৰ ক্ষুদ্ৰ উদ্যোগ বিভাগৰ  ওপৰ খাপৰ বিষয়া আছিল৷ অসমীয়া আলোচনী তেখেতে গল্প লিখিছিল আৰু  তেনে এখন আলোচনীৰ বাবে বহু বছৰ ধৰি শব্দ-শৃংখলৰ কাম কৰি আছিল৷ ১৯৮৯ চনত ভিৰুগামবক্কম নামৰ ঠাইত তেখেতে থকা ঘৰটোতে ঈদ-উৎসৱ পাতি সেই সময়ত মাদ্ৰাজত কৰ্মসূত্ৰে বাস কৰি থকা অসমীয়া লোকসকলক এসাজ খাবলৈ নিমন্ত্ৰণ কৰিছিল৷ তাতে মই ড° ভট্টাচাৰ্যক প্ৰথম লগ পাওঁ৷ চিনাকি হোৱাৰ পিছত, ভাত খোৱাৰ আগে আগে তেখেতে মোক এবাৰ ‘এনেয়ে এপাক বাহিৰত ফুৰি আহিবলৈ’ লগ ধৰিলে৷ তেখেতৰ লগত থকা ত্ৰিশ বছৰীয়া সম্পৰ্কৰ সেইয়া আছিল আৰম্ভনি৷ ছাত্ৰ-সুলভ অমায়িকতাৰে মই তেখেতৰ প্ৰশ্নৰ উত্তৰবোৰ দি গ’লো৷ মূলতঃ কি পঢ়ি আছো, ঘৰ ক’ত, দেউতাই কি কৰে আদি প্ৰাথমিক প্ৰশ্ন৷ মোৰ কটন কলেজৰ বন্ধু হেমেন দাস আৰু মনোজ বুঢ়াগোঁহাই সেই সময়ত মাদ্ৰাজ আই.আই.টি –তে পঢ়ি আছিল৷ মইও সুবিধা পালেই তালৈ সঘনে গৈ আছিলো৷ সেই কথা গম পোৱাত তেখেতে মোক ক’লে– “মোৰ লগত মোৰ মা-দেউতা আছে৷ তেখেতসকল প্ৰায়েই অকলশৰীয়া হৈ থাকিব লগা হয়৷ তুমি মাজে মাজে আহিবা মোৰ কোৱাৰ্টাৰলৈ!” এনেকৈয়ে এদিন গৈ মই তেখেতৰ চৰকাৰী আবাসৰ দুৱাৰমুখত উপস্থিত হ’লোগৈ৷ তেখেতে বহুদিনৰ পৰিচিত ব্যক্তিৰ দৰে মোক কৈছিল – “উৎপল আহিলা, ভাত খাই যাবা” ৷ কিছু সময় কথা পতাৰ পিছত তেখেতে ক’লে, - ব’লা এপাক খোজ কাঢ়ি আহোঁ৷ সেইসময়ত বাহিৰত কিন্‌কিনিয়া বৰষুণ পৰি আছিল৷ মই অলপ ইতঃস্তত কৰি ক’লো – বৰষুণ দি আছে যে! তেখেতে ভেঁকাহি মাৰি উঠিল – অসমীয়া ল’ৰা হৈ এই কিন্‌কিন্‌ বৰষুণ জাকলৈ কেৰেপ কৰা নে! তেখেতৰ কথা আৰু ব্যৱহাৰত এক গ্ৰাম্য সৰলতাই বিৰাজ কৰিছিল৷

সেইয়াই আৰম্ভনি৷ তাৰ পিছৰ পৰা এতিয়ালৈকে, প্ৰায় তিনিটা দশক তেখেতৰ সান্নিধ্যই মোক কিমান সমৃদ্ধ কৰিলে তাক বৰ্ণোৱাৰ ভাষা আৰু সামৰ্থ্য মোৰ নাই৷ সেইদিনাই থিক হৈছিল, মই তেখেতক দাদা বুলি মাতিম৷ অফিচৰ কামত তেখেত প্ৰায়েই মাদ্ৰাজৰ বাহিৰলৈ গৈ থাকিব লগা হয়৷ সেই সময়ত ঘৰখনত মাক-দেউতাক একেবাৰে অকলশৰীয়া হৈ পৰে৷ গতিকে যেতিয়া প্ৰয়োজন হয়, তেখেতে মোক সহায় কৰিবলৈ মাতিলে মই যেন বেয়া নাপাওঁ!  সেই সময়ত তেখেতৰ পত্নীয়ে তামিলনাডুৰ চেইলেম নামৰ ঠাইত অধ্যাপনা কৰি আছিল৷ একমাত্ৰ ছোৱালী সন্ধ্যাই অন্ধ্ৰ প্ৰদেশৰ ৰিছিভেলী নামৰ ঠাইত বৰ্ডিং স্কুলত থাকি পঢ়ে৷ মোৰ পিছলৈ ধাৰণা হৈছিল, তেখেতৰ দেউতাক-মাকতকৈ তেখেতহে যেন বেছি অকলশৰীয়া আছিল! সেই শূণ্য স্থান পূৰণ কৰিব নোৱাৰিলেও কিছুদিনৰ বাবে মই যে সেই চেষ্টা কৰিছিলো, সেই কথা এতিয়া মোৰ অহংকাৰ কৰি ক’বলৈ মন যায়৷
এদিন তেখেতে মোক খবৰ দিলে, কাণপুৰ ‘আই.আই.টি.’-লৈ এসপ্তাহৰ বাবে তেখেত যাব লগা হৈছে৷ মই এৰিব নোৱাৰা কিতাপ পত্ৰ কেইখন লৈ তেখেতৰ ঘৰত এসপ্তাহ থাকি দিব পাৰিম নেকি! ঘৰুৱা কাম-বন আৰু ৰন্ধা-বঢ়া কৰিবলৈ পূন্নামা নামৰ মানুহ এজনী আছেই৷ মাক দেউতাকৰ মাতৰ সহায় হিচাপে মই ওচৰত থাকিলে তেখেতে বৰ সকাহ পায়৷ মই নোৱাৰাৰ কোনো কথাই নাছিল৷

মই তেখেতৰ মাক-দেউতাকক ককা-আইতা বুলি মতা কৰিলোঁ৷ ককাৰ নাম আছিল পণ্ডিত শ্ৰীযুত ধীৰেশ্বৰ ভট্টাচাৰ্য৷ তেখেত আছিল “গীতাৰ্থী সমাজ”-ৰ প্ৰতিষ্ঠাতা সকলৰ মাজৰে এজন৷ গীতাৰ্থী সমাজে পৰিচালনা কৰি থকা বিদ্যালয় এখন হেনো সেই সময়ৰ শিক্ষামন্ত্ৰী দেৱকান্ত বৰুৱাই পৰিদৰ্শন কৰিবলৈ সোমাইছিল৷ তাতে মতৰ অমিল হোৱাত শ্ৰীযুত ভট্টাচাৰ্যই হেনো মন্ত্ৰীক কৈছিল – আপুনি এতিয়া ইয়াৰ পৰা যাব পাৰে! অৰ্থাৎ  আদৰ্শৰ অমিল হোৱাত বিদ্যালয় চৌহদৰ পৰা মন্ত্ৰীকো খেদি পঠাইছিল৷ এই কথা মোক দাদাই কৈছিল৷ সংস্কৃত ভাষাত তেখেৰ বুৎপত্তি আছিল আৰু অসমত পৰা প্ৰকাশ হোৱা কেইবাখনো পত্ৰিকাৰ তেখেত নিয়মীয়া গ্ৰাহক আছিল৷ কেতিয়াবা ৰাতি মই প্ৰফেছাৰ-কোৱাৰ্টাৰৰ বেলকনিৰ আৰামী চকিত বহি বাৰান্দাৰ ৰেলিঙত ভৰি উঠাই লৈ সেই পত্রিকাবোৰত থকা সংস্কৃত শ্লোক মুখস্থ কৰিবলৈ চেষ্টা কৰিছিলো– জীৰ্ণমণ্যে প্ৰশংশেচ্চ, ভাৰ্যাঞ্চ গতঃ যৌৱনম্‌, ৰণাং প্ৰত্যাগতঃ সুৰ, শষ্যঞ্চ গৃহ মাগতম্৷ অৰ্থাৎ হজম হোৱাৰ পিছতহে অন্নক, বৃদ্ধ কালতহে পত্নীক, ৰণৰ পৰা উভতি অহাৰ পিছতহে বীৰক আৰু ঘৰ চপাই অনাৰ পিছতহে শষ্যক প্ৰশংসা কৰা উচিত৷ তেনেকৈয়ে শিকা, মনত হৈ গ’ল৷ তেখেতৰ কেইটামান গুণে মোক বৰ আকৃষ্ট কৰিছিল৷ তেখেতে নিজৰ কাম সদায় নিজে কৰে৷ মই লগ পাওঁতে তেখেতৰ বয়স আশীৰ উৰ্ধত৷ তথাপিও তেখেতে নিজৰ কামৰ বাবে সততে আন কাকো নামাতে৷ হাতত লাখুটি এডাল লৈ ঘৰটোত ইফাল-সিফাল কৰে৷ আমি সচৰাচৰ বহি কথা পতা বা টেলিভিছন চাবলৈ বহা কোঠাটোৰ ওপৰত দুখন ফেন চলি থাকে৷ মই বা দাদা সাধাৰণতে যিঠাইত বহোঁ তাৰ ওচৰতে চুইছ বৰ্ডখন আছে, হাত মেলিলেই ঢুকি পায়৷ কেতিয়াবা বহি থকাৰ মাজতে ককাই হাতত লাখুটিডাল লৈ থৰক বৰককৈ আমি বহি থকা দিশলৈ আগবাঢ়ি আহে আৰু তেখেতৰ ওপৰত উৰি থকা ফেনখনৰ চুইছটো বন্ধ কৰি দিয়ে৷ “ফেনখনৰ চুইছ্‌টো বন্ধ কৰি দিয়াচোন” বুলি ক’লেই আমি বহি থকাৰ পৰাই কামটো কৰি দিব পাৰোঁ৷ ককাই কিন্তু এই কামটো কৰিবলৈও আনক কোৱাটো পচন্দ কৰা নাছিল, নিজে কৰিছিল৷ পৰা কামটোও আনলৈ পচাটো আমাৰ জন্মগত স্বভাৱ৷, কাজেই ককাৰ এই ব্যৱহাৰত মই অত্যন্ত আচৰিত হৈছিলোঁ৷ এদিন আইতাই কৈছিল – তৌফিকৰ ঘৰত তোমাক লগ পাই আমাৰ নাও-ৱে (ডo ভট্টাচাৰ্যক মাক দেউতাকে নাও বুলি মাতিছিল) সেইদিনাই তোমাৰ ইন্টাৰভিউ লৈ থিক কৰিছিল, তোমাকে আমাৰ ঘৰলৈ মাতিব বুলি! সেয়ে যদি হয়, মোৰ জীৱনৰ প্ৰথম ইন্টাৰভিউটোত, যিটো ভট্টদাই লৈছিল, মই উত্তীৰ্ণ হৈছিলো৷

কলেজৰ ক্লাছ কৰাৰ পৰা মুক্ত হৈ থকা দিনবোৰত মই একেধাৰে তেখেতৰ কোৱাৰ্টাৰত বহুদিন আছিলো৷ তেখেত নথকা অৱস্থাত মই ককা-আইতাৰ সাৰথি আছিলো৷ কেতিয়াবা এনে হৈছিল, দাদা ঘুৰি অহাব পিছত মই হোষ্টেললৈ যাবলৈ ওলালে তেখেতে কয় – “এহ্‌ যাবা দিয়া, থাকাচোন কেইদিনমান, ব’লা ক্লাবৰ পৰা এপাক মাৰি আহোঁ!” প্ৰকৃতিৰ উপাদান – গছ, লতা, বন আৰু তাৰ মাজে মাজে চৰি থকা হৰিণা পহু, শহা পহু, নানান পক্ষীৰ কল-কাকলিৰে আই.আই.টি. চৌহদটোৰ সৌন্দৰ্য আৰু অনুভৱ আছিল অনুপম৷ ৰাতি ভাত খাই উঠাৰ পিছত মই ভট্টদাৰ লগত প্ৰায়েই সেই চৌহদটোৰ ভিতৰত বহুদূৰ সান্ধ্যভ্ৰমণ কৰিছিলো৷ সেই সময়ত তেখেতে তেখেতৰ জীৱনৰ লগত সংগতি থকা বিভিন্ন কাহিনী উল্লেখ কৰি তাৰ পৰা শিকা জীৱনৰ বহুমূলীয়া পাঠ মোক উপদেশৰ সুৰত কৈ গৈছিলা৷ তেখেতে প্ৰায়েই কৈছিল – অসমত তেখেতৰ কাম কৰাৰ বৰ মন আছিল৷ যোৰহাটত তেতিয়াই তেখেতে “আই.চি.ডি.”- অৰ্থাৎ “ইনষ্টিটিউট্‌ ফৰ্‌ কেৰিয়াৰ ডেভেলপমেন্ট্‌” নাম দি এটা অনুষ্ঠান কৰিব খুজিছিল৷ নিটিকিল, নিজে নাথাকিলে এইবোৰ কাম নহয়- কেতিয়াবা আক্ষেপেৰে কয়৷ মাদ্ৰাজৰ কডামবক্কম্‌ নামৰ ঠাইখনৰ লোকেল ষ্টেচনটোৰ কাষতে ভি.আৰ. ই.এম. স্কুল (ভেংকটৰমন মিডল্‌ ভাৰ্‌ ইংলিছ স্কুল) নামৰ এখন প্ৰাথমিক বিদ্যালয় আছিল৷ পৰেশদাহ’তে স্কুলখনৰ কতৃপক্ষৰ লগত কথা পাতি থিক কৰি থৈছিল – আমৰ সন্থাৰ মেল মিটিং যেতিয়াই মন যায় তেতিয়াই সেই স্কুলখনত পাতিব পৰা গৈছিল৷ আমোদজনক কথা, সেই মিটিঙতো ভট্টদাই প্ৰায়েই যোগ দিছিল৷ সেই সময়ৰ মাদ্ৰাজ ছাত্ৰ সন্থাই কৰি থকা কামবোৰৰ সঠিক দিশ দৰ্শন কৰোঁৱাত ভট্টদাৰ ভূমিকা আছিল অতুলনীয়৷ চেন্নাইত “অসম ভৱন” এটা নিৰ্মান কৰিবলৈ চৰকাৰক খাটনি ধৰা প্ৰক্ৰিয়াটোও অসম ছাত্ৰ সন্থা, মাদ্ৰাজৰ উদ্যোগত তেতিয়াই আৰম্ভ হৈছিল৷

১৯৯০ চনত “অসম ছাত্ৰ সন্থা – মাদ্ৰাজ” গঠন হোৱা দহ বছৰ পূৰ হৈছিল৷ সেই বছৰৰ পৰাই এখন পত্ৰিক প্ৰকাশৰ যোঁ-জা কৰা হৈছিল৷ প্ৰথম প্ৰকাশিত পত্ৰিকাখনৰ নাম আছিল “দি ব্ৰহ্মপুত্ৰ”৷ ৱাল মেগাজিন হিচাপে এইখনৰ শুভাৰম্ভ হৈছিল৷ উদ্ধোধন কৰিছিল ভট্টদাই ১৯৯০ চনৰ ১৪ এপ্ৰিল তাৰিখে৷ দ্বিতীয়খন আছিল প্ৰথম প্ৰকাশিত আলোচনী  - SOUVENIR-90 ৷ সেইখনো উদ্ধোধন কৰিছিল ভট্টদাই, সেই বছৰৰে চেপ্তেম্বৰ মাহত৷ ‘দি ব্ৰহ্মপুত্ৰ’-ৰ দ্বিতীয় সংখ্যাটো আছিল পূৰ্ণাংগ আলোচনীৰ ৰূপত, উদ্ধোধন কৰিছিল ভট্টদাৰ দেউতাক পণ্ডিত ধীৰেশ্বৰ ভট্টাচাৰ্যয়ে, ১৯৯১ চনৰ ২২ চেপ্তেম্বৰ তাৰিখে৷ সেইখন পত্ৰিকাতে ভট্টদাই “প্লেন ইয়ৰ কেৰিয়াৰ” নামেৰে এটা প্ৰৱন্ধ লিখিছিল – ছাত্ৰ-ছাত্ৰীসকলৰ ব্যৱহাৰৰ উপযোগী প্ৰৱন্ধ৷ ‘দি ব্ৰহ্মপুত্ৰ’ৰ চতুৰ্থ সংখ্যাটোৰ প্ৰকাশ আৰু সম্পাদনাৰ লগত ভট্টদা নিকটভাবে জড়িত হৈ পৰাৰ কাহিনী আমোদজনক৷ সেই সময়ত মই দীঘলীয়া সময় ধৰি দাদাৰ ঘৰতে আছিলো আৰু ৰাণাৰ (নাৰায়ন গগৈ)  লগতে মই যুতীয়াভাবে আলোচনীখন সম্পাদনা কৰিছিলো৷ দাদাক এদিন দাদাক জোৰকৈ ধৰিলোঁ– আপুনি মোক কৈ থকা এই কাহিনীবোৰ লৈ এটা প্ৰৱন্ধ লিখকচোন৷ বহুদিন অসমৰ বাহিৰত থকাত অসমৰ পৰা মাদ্ৰাজলৈ যোৱা অসমীয়া মানুহৰ লগত তেখেতৰ কিছুমান আমোদজনক অভিজ্ঞতা হৈছিল৷ সেই আলোচনীখনত তেখেতে লিখা প্ৰৱন্ধটো আছিল – দি মিউজিং অৱ এন্‌ এন্‌.আৰ.এ.৷ “এন্‌.আৰ.এ.” মানে প্ৰৱাসী অসমীয়া – নন্‌ ৰেচিডেন্ট্‌ আছামীজ৷ আলোচনীখন সম্পাদনা কৰাৰ ক্ষেত্ৰত তেখেতে মোক হাতত ধৰি সহায় কৰাৰ দৰে সহায় কৰিছিল৷ আলোচনীখনত প্ৰকাশ কৰিবলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা এটা অশোক দত্তই অনুবাদ কৰি দিছে৷ জ্যোতিপ্ৰসাদৰ চিনাকিটো কেনেকৈ লিখোঁ – গীতিকাৰ, কবি, সংগীতজ্ঞ, নাট্যকাৰ, সুৰকাৰ, ফিল্ম- নিৰ্মাতা, কি কৰোঁ ? ৰাতি ভাত খাই উঠি আই.আই.টি. চৌহদৰ অৰণ্যৰ মাজে মাজে আমি চিন্তা কৰি গৈ আছোঁ৷ হঠাতে তেখেতে ইউৰেকা-ইউৰেকা সুৰত চিঞঁৰি উঠিল ৷ লিখা – এ লিজেণ্ডাৰী নেইম ইন আছামিজ আৰ্ট এণ্ড্‌ কালচাৰ৷ জ্যোতিপ্ৰসাদৰ বাবে বাবে ব্যৱহাৰ কৰিব পৰা সৰ্বোত্তম শব্দ৷ আলোচনীখন প্ৰকাশৰ পথত আমাৰ যথেষ্ট অসুবিধা হৈছিল – হাতত পইচা কম, বেটুপাতটোও হ’ব লাগিব ৰঙীন! অৱশেষত ভট্টদাই আই.আই.টি.-ৰ প্ৰেছত কামটো কৰাৰ সুবিধা উলিয়াই দিছিল৷ শেষত আলোচনীখনৰ মুদ্ৰীত সংখ্যাবোৰৰ টোপোলা কেইটাও তেখেতৰ গাড়ীখনেৰেই চৌহদৰ বাহিৰ উলিয়াই দিছিল৷ সেই আলোচনীখনত তেখেতে লিখা প্ৰৱন্ধটোত অসমীয়া মানুহৰ লগত তেখেতৰ জীৱনত হোৱা কেইবাটাও আমোদজনক অভিজ্ঞতাৰ বৰ্ণনা আছে৷

শিক্ষা গ্ৰহণ শেষ হোৱাৰ পিছত মই মাদ্ৰাজত কিছুদিন শিক্ষকৰ চাকৰি কৰিছিলো৷ সেই সময়তে ভট্টদাই মোক উচতালে – ‘কি আনৰ কলেজত চাকৰি কৰিবলৈ লৈছাঁ, নিজে এখন নোখোলা কিয়, মই বেকত্‌ থাকিম, আৰম্ভ কৰা!’ তেখেতৰ কথা মতেই এসময়ত যোৰহাটত আৰম্ভ কৰা ‘আই-চি-ডি’ নামৰ অনুষ্ঠানটো এইবাৰ মাদ্ৰাজৰ ভাড়াতীয়া কলেজৰ কোঠা এটাত আমি নিজে আৰম্ভ কৰাৰ কুৰুং-কাৰাং কৰিছিলো৷ তেখেতৰ কোৱাৰ্টাৰত থকা সেই সময়তেই তেখেতে মোক কেইবাটাও জীৱনত পাহৰিব নোৱাৰা জীৱনশৈলীৰ কথা শিকাইছিল –তপত তেলৰ ওপৰত এক্কেমাৰে কণী  এটা কেনেকৈ ভাঙি অমলেট বনাব পাৰি, গাখীৰ দুচামুচ তাত কিয় দিব লাগে, খোৱা কাঁহিখন আনে ধুবলৈ থৈ দিওঁতে কিয় তাত লাগি থকা পদাৰ্থখিনি আঁতৰাই দিব লাগে, গাড়ীৰ দুৱাৰখন বেছি জোৰ নিদিয়াকৈও কেনেকৈ বন্ধ কৰিব পাৰি, কিয় কাৰোবাৰ নাম কোনো কাৰণতে ভুলকৈ লিখিব নালাগে, পতি-পত্নীৰ সম্পৰ্কটো কিমান থুনুকা, দক্ষ ভাৱে গাড়ী চলোৱাৰ নিয়ম কি কি, কি পৰিস্থিতিত লোকৰ পৰা পইচা ধাৰ খোজা উচিত ইত্যাদি! তামিলনাডুৰ চেইলেমৰ পৰা তেখেতৰ পত্নী বৌ মাজে মাজে ঘৰলৈ আহিছিল৷ তেখেত বৰ কম কথা কোৱা বিদুষী মহিলা ৷ আমি ৰাতি বৌ-ক ৰে’ল ষ্টেচনত থ’বলৈ গৈছিলো৷ ছোৱালীজনী ঘৰলৈ আহিব লগা দিনবোৰত দাদাৰ উৎসাহৰ অন্ত নাছিল৷ তেনেদিনত ৰাতি ফুৰিবলৈ যাওঁতে ফুৰ্তিৰে নিজৰ ঘৰৰ ওপৰলৈ আঙুলিয়াই কয় – আমাৰ চিকুৰ বিয়া ইয়াতে পাতিম বুজিছা? চিকু মানে তেখেতৰ ছোৱালী – সন্ধ্যা৷ নিজৰ জীৱনৰ কথা কৈ কৈ কেতিয়াবা তেখেত আবেগপ্ৰবণ পৰিছিল আৰু কথা সহজে শেষ নহৈছিল৷ শুনি শুনি কেতিয়াবা টোপনিত মোৰ চকু জাপ খাই আহিছিল, কেতিয়াবা বাহিৰত চৰায়ে মাতিবৰ হৈছিল৷

১৯৯৩ চনত, মই অসামৰিক বিমান পৰিবহন বিভাগত,  এলাহাবাদত যোগদান কৰোঁতে পোনতেই তেখেতক খবৰটো চিঠিৰে জনাইছিলোঁ৷ ভট্টদাই বাবে বাৰে কোৱাৰ পিছতো, ভৰ্তি বাবে লগা প্ৰ-পত্ৰ নিজে পূৰাই জমা দিয়াৰ পিছতো, মই স্নাতকোত্তৰ শ্ৰেণী পঢ়িবলৈ আগ্ৰহ প্ৰকাশ নকৰা কথাটোত তেখেতে মোক বেয়া পাইছিল৷ সেইয়ে কিছুদিন আমাৰ সম্পৰ্কটো এটা  অভিমানসূচক এন্ধাৰে গোমা কৰি ৰাখিছিল৷ চিঠিৰ উত্তৰ তেখেতে লগে লগেই দিছিল৷ তাতে তেখেতে মোক এটা সোনসেৰীয়া উপদেশ দিছিল – অলপ কথাতে সহকৰ্মী বা আন লোকৰ লগত সম্পৰ্কটো বেয়া নকৰিবা৷ চাকৰি জীৱনত কোন কেতিয়া কাৰ কামত আহে কোনেও ক’ব নোৱাৰে৷ আগলৈ কেতিয়াবা ইয়াতকৈ ভাল চাকৰি পালে এইটো চাকৰি এৰিবলৈও ভয় নকৰিবা! মই গুৱাহাটীৰ বিমানকোঠত কাম কৰি থকা সময়তে খবৰ ওলাল ভট্টদা গুৱাহাটীৰ আই.আই.টি.-লৈ “ডিন” হিচাপে আহিছে৷ মোৰ আগৰ দিনবোৰ আকৌ ঘুৰাই পোৱা যেন লাগিল৷ এদিন গৈ তেখেতৰ কাৰ্যালয়ৰ কোঠালিৰ সমূখত উপস্থিত হ’লোগৈ৷ মই ক’লো– আপোনাৰ অসমত কাম কৰাৰ ইচ্ছা অৱশেষত পূৰণ হ’ল৷  যি কাৰণতেই নহওঁক, মই সেইদিনা তেখেতক বৰ উৎসাহিত নেদেখিলো৷ ইতিমধ্যেই ককাৰ মৃত্যু হৈছিল৷ আইতা দাদাৰ এগৰাকী ভণীৰ ঘৰত আছিল৷ গুৱাহাটীত কাম কৰি থকা অৱস্থাত তেখেতৰ লগত মোৰ যোগাযোগ চলি আছিল, কিন্তু মাদ্ৰাজৰ দৰে সেইয়া সিমান নিকট সম্পৰ্ক নাছিল৷ কিছুদিনৰ পিছত তেখেত মাদ্ৰাজৰ আই.আই.টি.-লৈ আকৌ ঘুৰি গৈছিল৷

১৯৯৮ চনত দুবছৰৰ বাবে মই তেজপুৰ বিমানকোঠত আছিলো৷ সেই সময়তে খবৰ ওলাল৷ দাদা তেজপুৰ বিশ্ববিদ্যালয়লৈ উপাচাৰ্য হৈ আহিব৷ উৎসাহৰ আতিশয্যত মোৰ কি কৰোঁ-কি নকৰোঁ লাগিল৷ তেজপুৰ আহিয়েই তেখেতে মোক আকৌ মাদ্ৰাজৰ দিনৰ দৰে বিচাৰিবলৈ ধৰিলে৷ তেজপুৰ চহৰত থকা উপাচাৰ্যৰ প্ৰকাণ্ড বঙলাটোত মোকো থাকিবলৈ কয়৷ তেজপুৰৰ প্ৰসিদ্ধ বাসিন্দা ৰবীন গোস্বামীৰ লগত তেখেতৰ বন্ধুত্ব  গঢ়ি উঠিছিল৷ মইও সুবিধা পালেই তেজপুৰ বিশ্ববিদ্যালয়লৈ গৈ আছিলো৷ তেখেতে মোক তেজপুৰ বিশ্ববিদ্যালয়ৰ চাৰ্ভাৰত এটা ই-মেইল খোলাৰ আৰু সপ্তাহত অন্ততঃ এবাৰ বা দুবাৰ সেই মেইল-টো চোৱাৰ সুবিধা কৰি দিছিল৷ মোক এই সুবিধাটো দিয়াৰ বাবে কাৰো একা ক্ষতি হোৱা নাছিল বা আৰ্থিক দিশৰ পৰাও বিশ্ববিদ্যালয়ৰ একা ক্ষতি হোৱা নাছিল৷ মইও সেইটো মোৰ বিয়াৰ চিঠিখনত ছপা কৰি দিয়াৰ বাহিৰে আন কোনো কামতে লগোৱা নাছিলো৷ পিছত গম পাইছিলো, এই কথাটোৰ বাবে তেখেতক হেনো লোকে সমালোচনা কৰিছিল৷ ই-মেইলৰ সুবিধাৰ কথা তেতিয়া সৰ্বসাধাৰণলোকে বুজি পোৱাই নাছিল৷ তিতা মিঠা অভিজ্ঞতাৰে তেখেতে তেজপুৰ বিশ্ববিদ্যালয়ত কৰ্মকালৰ সামৰণি মাৰিছিল৷ মোৰ বিয়াৰ সময়ত তেখেতৰ ফিয়েট্‌ গাড়ীখন মই নিজা ববীয়াকৈ চলোৱাৰ সুবিধা পাইছিলো৷ তেজপুৰৰ পৰা তেখেত আমাৰ চতিয়াৰ ঘৰলৈও এদিন ৰাতি থকাকৈ গৈছিল৷ পৰেশদাৰ ঘৰতো সোমাইছিল৷ পৰেশদাৰ নেতাসূলভ ব্যক্তিত্বৰ প্ৰতি মন কৰি মোক প্ৰায়েই কৈছিল – পৰেশ ৰাজনীতিলৈ যাব লাগিছিল৷ অৱশেষত সেয়েই হৈছিল৷ মোৰ আৰু মোৰ ভনীৰ বিয়াত তেখেত উপস্থিত আছিল৷ এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ মূখ্য ব্যক্তি হিচাপে এইবোৰ কামৰ বাবে সময় উলিয়াবলৈ নিশ্চয় তেখেতে যথেষ্ট চেষ্টা কৰিব লগা হৈছিল৷ পত্নী ববীৰ লগত প্ৰথম চিনাকি কৰি দিয়াৰ দিনা ভট্টদাই নিজে ৰান্ধি আমাক মাছৰ জোল খুৱাইছিল – তেখেতৰ নিজৰ কোৱাৰ্টাৰত৷

তেজপুৰৰ পৰা পোনে পোনে মই পৰিলোঁগৈ গোৱা বিমানকোঠত৷ সেই সময়ত “বিৰলা ইনষ্টিটিউট্‌ অৱ টেকনলজি – গোৱা” চৌহদৰ নিৰ্মাণ কাৰ্য চলি আছিল৷ কিছুদিনৰ পিছত তাত ড° টি.ছি. গয়েল নামৰ এজন লোকে মূৰব্বী বিষয়া হিচাপে যোগদান কৰিলে৷ তেখেতে সঘনাই বিমানেৰে যাত্ৰা কৰি থাকিব লাগে বাবে বিমানকোঠলৈ আহি থাকে৷ কথা পাতি ভাল লগা আৰু তেখেতৰ ব্যক্তিত্বই মোক বাৰুকৈয়ে আকৰ্ষণ কৰাত মই তেখেতৰ লগত নিয়মীয়াকৈ কথা পতা কৰিলোঁ৷ এদিন তেখেতে আগতে আই.আই.টি.-ত কাম কৰিছিল বুলি জানি পোনেই মই ভট্টদাৰ কথা উলিয়ালো৷ তেখেতো উৎফুল্লিত হৈ উঠিল৷ কিছুসময় মনে মনে থাকি কিবা চিন্তা কৰি তেখেতে মোক সুধিলে – “ভট্টই এতিয়া কি কৰি আছে বাৰু, তেওঁৰ ফোন নম্বৰটো দিয়াচোন৷” তাৰ কেইসপ্তাহ মানৰ পিছতেই ভট্টদাই বি.আই.টি.-গোৱা চৌহদত কেইবাটাও গুৰুত্বপূৰ্ণ পদত যোগদান কৰিছিল৷ সেই সময়ছোৱাত মোৰ লগত তেখেতৰ সম্পৰ্কে আটাইতকৈ নিকট আৰু গভীৰ আছিল৷ বি-আই-টি চৌহদৰ ডাঙৰ বঙলা এটাত তেখেত থাকে৷ মই দৈনিক লগ পাওঁ৷ মাজে মাজে মোৰ পত্নী ববীয়ে গৈ পাকঘৰটো পৰিষ্কাৰ কৰি চাউল, ডাই্ল, চেণী আদি ভালকৈ গতি লগাই থৈ ভাত ৰান্ধে, আমি একেলগে খাওঁ৷ কেইদিনমানৰ পিছত আকৌ সেই একেই অৱস্থা৷ প্লাষ্টিকৰ ডিচপ’জিবল গিলাচত ডাইল, চাহপাত, চেনীৰ গিলাচত পৰুৱাৰ শাৰী! সন্ধ্যা সময়ত লগ ধৰি মই প্ৰায়েই তেখেতক ৰাতিৰ সাজ খাবলৈ আমাৰ ঘৰলৈ জোক কৰি লৈ গৈছিলো৷ একেলগে গোৱাত ফুৰাৰ আচনি কৰিছিলো৷ দূৰৃদূৰণিলৈ গাড়ী লৈ ফুৰিবলৈ গৈছিলো৷ এনেকৈয়ে এদিন, ২০০৭ চনত এপ্ৰিল মাহৰ ১৪ তাৰিখে, ৰঙালী বিহুৰ দিনা আমি তেতিয়াৰ গোৱাৰ ৰাজ্যপাল নগালেণ্ডৰ এচ. চি. জমীৰৰ ৰাজভৱনত বিহুৰ আলহী খাবলৈ গৈছিলো৷ ৰাজ ভৱনৰ আন আন অনুষ্ঠানলৈও ভট্টদাই নিমন্ত্ৰণ পাইছিল৷ মোৰ এনে লাগে বিৰলা প্ৰতিষ্ঠানৰ কামটো কৰি তেখেতে বৰ তৃপ্তি পোৱা নাছিল৷ এটা বিভাগৰ প্ৰতিষ্ঠাতা মূৰব্বী অধ্যাপক হিচাপে তেখেতে যিমান আগ্ৰহ আৰু পৰিশ্ৰমেৰে কামত লাগিব লাগিছিল, ভট্টদাৰ কথা আৰু কামত সিমান আগ্ৰহ মই দেখা নাছিলো৷ তাৰ অলপ দিনৰ পিছতে গোৱাৰ পৰা মই নতুন দিল্লীলৈ গুছি আহিলোঁ৷ অলপদিনৰ পিছত ভট্টদাইও বিৰলা প্ৰতিষ্ঠানৰ কামটো এৰি দি চেন্নাইলৈ উভতি গ’ল৷

মই দিল্লীত থকা দিনত টেলিফোন আৰু ই-মেইলৰ দ্বাৰা আমাৰ যোগাযোগ চলি আছিল৷ ২০১১ চনত তেখেত এবাৰ আমাৰ বৈশালীৰ ঘৰ ওলালহি৷ সেইদিনা বন্ধৰ বাৰ আছিল৷ আবেলি আমি একেলগে লোধী উদ্যানলৈ ফুৰিবলৈ গৈছিলো৷ জীৱনৰ উপযুক্ত বয়সত দিব লগা উপদেশ তেখেতৰ পৰা নিয়মীয়াকৈ পাই আছিলো৷ মাজে মাজে তেখেত বহুদিন থকাকৈ লণ্ডনলৈ যায়৷ তেখেতৰ একমাত্ৰ ছোৱালী তাতেই থাকে৷ দিল্লী বিমানকোঠত মই লগ কৰোঁ আৰু হেঁপাহ পলুৱাই কথা পাতোঁ৷

যোৱা দহ বছৰতকৈও অধিক কাল ধৰি তেখেতক মই এখন আত্মজীৱনী লিখিবলৈ কৈ আছিলো৷ কিছু কথা লিখিছে বুলিও কৈছিল৷ অসমীয়া ভাষা লিখিবলৈ অসুবিধা হোৱা বুলি কোৱাত এবাৰ মই ইংৰাজীতে লিখিবলৈ কৈছিলো আৰু সেইখিনি ময়েই অসমীয়ালৈ অনুবাদ কৰি দিম বুলি কৈছেলো৷ মাজতে অসমৰ কাকত এখনত লিখা প্ৰৱন্ধ এটা মোলৈ পঠিয়াই দিছিল৷ ২০১৬ চনত মোক সুধিলে – মই লিখা সেই “মিউজিং এ্ন্‌-আৰ-এ্‌” প্ৰৱন্ধটো তোমাৰ লগত আছেনে? পঠিয়াই দিয়াছোন! ২০১৭ চনৰ ডিচেম্বৰ মাহত মই তেখেতক এটা ব্লগ খুলি দিছিলো৷ http://professorpbhatta.blogspot.com ৷ তাতে প্ৰকাশ কৰিবলৈ তেখেতে এটা প্ৰৱন্ধ (Science is at a nascent stage in Assam) আৰু দুখন ফটো দিছিল৷ ব্লগটোত নিয়মীয়াকৈ লিখি থকাৰ কথা আছিল যদিও বাস্তৱতে সেইয়া হৈ নুথিল৷ তেখেতৰ শেষ মেইলটো মোলৈ আহিছিল মাৰ্চ মাহৰ ২৪ তাৰিখে৷ লিখিছিল – “মৰমৰ উৎপল, বোধকৰোঁ তুমি আৰু পৰিয়াল ভালে আছা আৰু ক’ৰণা ভাইৰাছৰ লকআউতৰ বাদে আন সমস্যা একো হোৱা নাই! তুমি এতিয়া ক’ত আছা মই নাজানো৷ আমি বাঙ্গালোৰত আছো৷ নিজৰ যত্ন ল’বা৷ – দাদা৷” মই উত্তৰত লিখিছিলো- সোঁনকালেই আপোনাক দেখা কৰিবলৈ বাঙ্গালোৰলৈ যাম৷

১২ এপ্ৰিল সন্ধ্যা চতিয়াৰ পৰেশদাই উধাতু খাই ফোন কৰিলে – “উৎপল, ভট্টদাৰ কিবা খবৰ পাইছা নেকি? বেয়া খবৰ শুনিছো৷” কিংকৰ্তব্যবিমূঢ় হৈ মোৰ লগত থকা ভট্টদাৰ মোবাইল নম্বৰত ফোন লগালোঁ – চুইছ্‌ অফ্‌৷ বাঙ্গালোৰত থকা আৰিফা মাহীৰ (তৌফিকউদ্দিন আহমেদ্‌ৰ পত্নী) পৰা বৌ-ৰ (ভট্টদাৰ পৰিবাৰ) নম্বৰটো লৈ ফোন কৰিলোঁ৷ – “হয়, দুদিনমানৰ আগতে তেখেতে এটা বুকুৰ বিষ অনুভৱ কৰিছিল৷ লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল৷ ডাক্তৰে ইনফেকচন হোৱা বুলি কৈছিল৷ কালি ৰিলিজ্‌ দিছিল৷ আজি হঠাতে বিষটো আকৌ উঠিল৷ লগে লগে হস্পিটেললৈ লৈ গ’লো৷ হাৰ্ট এটেক৷ হি ডাইড্‌ দেয়াৰ৷ ন বাজি দহ মিনিটত৷ তাৰে পৰাই পোনে পোনে ক্ৰিমেটৰিয়ামলৈ লৈ গ’লো৷…” থোকাথোকি মাতেৰে সুধিলোঁ – আপোনাৰ ওচৰত এই মূহূৰ্তত আপোনাক সহায় কৰিবলৈ কোনোবা আছেনে? আছে – মোৰ দাদা আৰু তেখেতৰ ভণীয়েকৰ ছোৱালী এজনী বাঙ্গালোৰত থাকে, তেওঁ আছে৷

১৯৮৯ ৰ পাৰ ২০২০ - এই একত্ৰিশ বছৰ সময়! একেবাৰে ওচৰৰ পৰা পোৱা, মোক বিভিন্ন প্ৰকাৰে সমৃদ্ধ কৰা, মোৰ জীৱনটোক গভীৰ ভাৱে স্পৰ্শ কৰা মানুহ এজন নাইকিয়া হৈ গ’ল৷ এটা মধ্য বিত্ত পৰিয়ালৰ পৰা নিজ মেধা, শক্তি আৰু কষ্টকৰ অনুশীলনেৰে সাফল্যৰ শিখৰ স্পৰ্শ  কৰা ব্যক্তি আছিল ভট্টদা৷ হাড়ে হিমজুৱে অসমীয়া৷ জীৱনৰ বিভ্ৰান্তিকৰ সময়ত তেখেতৰ উপদেশে মোক সঠিক পথৰ সন্ধান দিছিল৷ কোনো কোনো সময়ত তেখেতৰ চকুৰে জগতখন চাবলৈ গৈ মই বিভ্ৰান্তও হৈছিলোঁ৷ মোৰ এনে লাগে বেছিভাগ সময় তেখেত গণিতৰ জগতখনতে আৱদ্ধ হৈ থাকিল৷ অসম আৰু অসমীয়াক প্ৰাণভৰি ভালপোৱা এজন বিদগ্ধ পণ্ডিত হিচাপে তেখেতে অসমীয়া সমাজলৈ আপুৰুগীয়া অৱদান দি যাব পাৰিলেনে? ইয়াৰ উত্তৰ হয়তো আগন্তুক সময়ৰ হাতত৷ তেখেতলৈ মোৰ গভীৰ শ্ৰদ্ধাঞ্জলি জনালোঁ৷
-------০০০০০--------