Sunday, January 28, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৩)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৩)


ক-ৰ চুক কেইটাও চিনি নোপোৱা - বাক্যটোৰ অৰ্থ নিৰক্ষৰ বা অজ্ঞানী৷ ক- অসমীয়া ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ, সেইবাবেই তেনেকৈ কোৱা হয় যেন লাগে৷ ক-বৰ্ণটো চিনি পাবৰ বাবে আচলতে অকল চুকেই নহয়, হাকোটা়ডালো চিনি পাব লাগিব৷ এই আখৰটোৰ সমপৰ্যায়ৰ আৰু দুটা আখৰ আছে আমাৰ ভাষাত – ‘ব’ আৰু ‘ৰ’৷ জ্যামিতি প্ৰয়োগ কৰি চুকলৈ চকু দিলে এই তিনিটা আখৰৰ ভিতৰত আটাইতকৈ বেছি চুক থকা আখৰটো হৈছে -ৰ৷ এটা ডাঙৰ ব-ৰ বুকুত এটা সৰু ‘ব’-ই আত্মাহুতি দি ‘ৰ’-ৰ সৃষ্টি কৰিছে, হাকোটাহীন একমাত্ৰ চুকেৰেই গঠিত ব্যঞ্জন বৰ্ণ! আৰু চুক চিনি পোৱাটোৱেই যদি জ্ঞান বা প্ৰজ্ঞাৰ মানদণ্ড হয়, তেনেহলে ‘ৰ’-আখৰটো চিনি পোৱাজনহে উত্তম হ’ব লাগিছিল, ‘ক’ বা ‘ব’ নহয়!

আমি চেন্টাৰ বুলি কোৱা সেই সৰু ঠাইখনত প্ৰাকৃতিক ভাৱে সৃষ্টি হোৱা এটা 'ৰ' আছিল৷ মাত্ৰাৰ ওচৰত থকা চুকটো আৰম্ভ হৈছ থানাখনৰ পৰা৷ ‘ৰ’-ৰ প্ৰথম আঁচডাল ৫২ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁই পথেদি আগুৱাই গৈ ডাক বঙলাটোৰ ওচৰতে তললৈ নামিছে - পুৰণা চেন্টাৰলৈ৷ তাৰ পিছত  কাঠৰ দলঙখনেদি থানাৰ সমূখলৈ পোনাই দিয়ক – সেইটো এটা নিভাঁজ –‘ব’, প্ৰাকৃতিক৷ আকাশৰ পৰা চালে দেখা পোৱা যায়৷ সেই ‘ব’-টোক এখন নিৰীহ আমন-জিমনকৈ বৈ থকা অঁকৰা নদীয়ে পেট কাটি সৃষ্টি কৰিছে এটা নিখূট অসমীয়া বৰ্ণ – ‘ৰ’৷ এখন কাঠৰ দলং - পুৰণি, আনখন পকী – ৰাষ্ট্ৰীয় ঘাই পথত ওপৰত গড়কাপ্তানী বিভাগে সজা- নতুন৷

সেই কাঠৰ দলঙখনৰ ওচৰতে তাপৰীয়া ষ্টোৰ আৰু সত্যনাৰায়ন ভাণ্ডাৰৰ মাজৰ ঠাইখিনিত এদিন মই সৰ্বশ্বৰ ছাৰক লগ পাইছিলো৷ ছাৰে দৈনিক বজাৰৰ পৰা সম্ভৱ উভতি আহিছিল৷ মোক দেখি চাইকেলখন ৰখালে ৷ চাইকেলৰ হেণ্ডেলডালত নুৰা কৰি চেপা মাৰি সুমুৱাই অনা বাতৰি কাকত এখন৷

পাওঁতে দোকানত থকা সকলো বস্তুৱেই নতুন চেন্টাৰত পোৱা যায়, কিন্তু হলেও আবেলিৰ দৈনিক বজাৰখন বহে ডাক বঙলাটোৰ সমূখত৷ গতিকে পাকঘৰৰ ভাজি পাছলি আৰু মাছ-মঙহ বিচাৰি অঞ্চলটোৰ বাসিন্দাসকলে আবেলি পৰত দৈনিক বজাৰখনলৈ এপাক মাৰিবই লাগে৷ তেতিয়া ঠাইখনত দোকান-পোহাৰৰ সংখ্যাও বৰ কম আছিল৷ ৰ-টোৰ সোঁহাতৰ অংশটোত য’ত মই ছাৰক লগ পাইছিলো তাত মাত্ৰ দুখন দোকান আছিল – ‘তাপৰীয়া ষ্টোৰ’ নামৰ হাৰ্ড-ৱেৰ সামগ্ৰীৰ দোকানখন আৰু ‘সত্যনাৰায়ন ভাণ্ডাৰ’ নামৰ মনিহাৰী সামগ্ৰী, পাউডাৰ স্ন’, খাৰু মণি কাণফুলি, পেকেটত অহা ভুজিয়া-ডালমুট-বিস্কুট  আদিৰ সম্ভ্ৰান্তলোকৰ দোকানখন৷ তাপৰীয়া ষ্টোৰৰ মেনেজাৰৰ টেবুলখনত এটা টেলিফোন আছিল- গ্ৰাহাম বে’লৰ দিনৰে -ক’লা, ক্ৰীং ক্ৰীং মাত থকা৷ মোৰ দৰে অঞ্চলটোৰ বহুলোকে জীৱনত দেখা সেইটো আছিল প্ৰথম টেলিফোন! এই দুয়োখন দোকানৰে মালিক আছিল অসমৰ বাহিৰৰ- দোকানৰ নামেই কয়৷ কিন্তু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে অসমৰে অসমীয়া স্কুলত পঢ়ি সাৱলীলভাবে ভাষাটো ক’ব পাৰিছিল৷ সেইডোখৰত দুখন দোকানহে আছিল বুলি ক’লে আচলতে এটা তথ্যগত ভুল ৰৈ যাব, কাৰণ সত্যনাৰায়ন ভাণ্ডাৰৰ সমূখতে ভৌমিক পৰিয়ালৰ  আৰু এখন দোকান আছিল- তাত চৌদাপানী বিক্ৰি কৰা হৈছিল৷ ৰঙ বিৰঙৰ পানীৰে আলমাৰী এটা ভৰি আছিল আৰু বটলটো হেঁচামাৰি খুলি দিওঁতে সুহুৰী বজাৰ দৰে এটা শব্দ হৈছিল৷ সেই ৰঙীন পানী দেখি আমাৰ মুখলৈও পানী আহিছিল৷

তাপৰীয়া ষ্টোৰখনেই হাৰ্ডৱেৰ সামগ্ৰীৰ একমাত্ৰ দোকান নাছিল৷ ডাকবঙলাটোৰ মুখে মুখে ৰাষ্টাটোৰ সিপাৰে ‘বৰা ব্ৰাদাৰ্ছ’ নামৰ আন এখন দোকান আছিল৷ দোকানখনত সততে ওখ-পাখ দাড়ি থকা এজন সুদৰ্শন ডেকাক বহি থকা দেখা গৈছিল৷ তেখেত আছিল হেমন্ত বৰা৷ তেখেতে সৈনিক স্কুলত পঢ়ি আহি আমাৰ সৰু ঠাইখনত ব্যৱসায় কৰিবৰ মন মেলিছিল৷ কেইবাজনো ভাই-ককাই থকা বৰা-ব্ৰাদাৰ্ছ ঘৰখনৰ একমাত্ৰ চিষ্টাৰ মনালিছাই মোৰ লগত একেলগে বৃত্তি পৰীক্ষা দিছিল৷

পুৰণা চেন্টাৰত তিনিখন গেলামালৰ বিখ্যাত দোকান আছিল - চৌধূৰীজীৰ দোকান, পোৱালীৰ দোকান আৰু সুন্দৰজীৰ দোকান৷ আটাইকেইজন ৰাজস্থানৰ মানুহ৷  চৌধূৰীজী ওখ-পাখ, পোৱালীৰ চেহেৰা পৰ্টেৱল আৰু সুন্দৰজী আছিল সভাশুৱনী চেহেৰাৰ লোক৷ ৰাজস্থানৰ চিক্কৰ জিলাৰ পৰা অহা সুন্দৰজী-প্ৰভুজীৰ কেইবাখনো দোকানে আমাৰ অঞ্চলটোক এসময়ত নানান বস্তুৰ যোগান ধৰিছিল৷ সুন্দৰজীৰ পুত্ৰ অশোক পাৰিক মোৰ হাইস্কুলীয়া জীৱনৰ আন্তৰিক বন্ধু আছিল৷ ‘ৰ’-ৰ তলৰ চুকটোত নদীখনৰ পাৰতে থকা দুখন মনিহাৰী দোকান আছিল – মোলানদাৰ দোকান আৰু জীৱনদাৰ দোকান৷ তাৰ সিফালেই নদীখনৰ পাৰত তললৈ প্ৰতিবছৰে পতা হৈছিল আমাৰ অঞ্চলটোৰ আটাইতকৈ ডাঙৰ দুৰ্গাপূজা মণ্ডপখন৷ এতিয়া ‘ভাৰত ষ্টোৰছ্‌’ থকা ঠাইত তেতিয়া ভকতৰ দোকান বুলি কোৱা এখন চাহৰ দোকান আছিল৷ গধূলী ভকতৰ দোকানৰ পকৰী ভজাৰ গোন্ধে গোটেই চেন্টাৰটো আমোল-মোলাই আছিল৷

লীলা ছাৰে আমাক তেখেতৰ জীৱনৰ এটা অভিজ্ঞতাৰ কথা প্ৰায়েই কৈছিল৷ ছাৰে লগৰ কেইজনমান শিক্ষকৰ লগত ছাত্ৰৰ দল এটা লৈ এবাৰ এক্সকাৰচনলৈ ওলাল৷ কলিকতাৰ এঠাইত দেখিলে, বৰ ধুনীয়া ছ্যুটৰ কাপোৰ বিক্ৰি হৈ আছে, দামো কম, একে নিশাতে চিলাই পিছদিনা সন্ধিয়ালৈ পিন্ধিব পৰা কৰি দিব৷ শিক্ষক কেইজনে এযোৰ-এযোৰ ছ্যুট চিলোৱাৰ সিদ্ধান্ত ল’লে আৰু কাপোৰ কিনি চিলোৱাৰ আগধন দি বিদায় ল’লে৷ পিছদিনা সেই ঠাইলৈ গৈ শিক্ষকসকলে দেখিলে - দৰ্জীটো নাই নায়েই ছুট-পেন্টৰ কাপোৰ থকা দোকানখনো নাই! কৰ্পূৰ উৰাদি ৰাতিয়েই উৰি গ’ল৷ ছাৰে কৈছিল- লোভলগা বস্তু দেখিলেই কেতিয়াও ভোল নাযাবি৷ আমাৰ অঞ্চলটোৰ আটাইতকৈ ভাল ছ্যুট চিলাবজনা মানুহজন আছিল প্ৰমোদখুৰা৷ তেখেতৰ দোকানখনো পুৰণা চেন্টাৰতে আছিল, সুন্দৰজীৰ দোকানৰ সিপাৰে অলপ আগলৈ (এতিয়াও আছে)৷ ওপৰফালে ধোঁৱা ওলাব পৰা এল-পেটাৰ্ণৰ পাইপ থকা এটা বিশেষধৰণৰ ইষ্ট্ৰীৰে ছ্যুট চিলাওঁতে তেখেতে কাপোৰত ভাঁজ দিছিল!

মছজিদটোৰ সমূখতে তাপৰীয়া দোকানৰ ওচৰত সৰ্বেশ্বৰ ছাৰ মোক দেখি ৰ’ল৷ ছাৰে নেদেখোতেই মই চাইকেলৰ পৰা নামিছিলো৷ শিক্ষাগুৰুৰ আগত চাইকেলৰ পৰা নমাটো আমাৰ দিনত শিষ্টাচাৰৰ কথা আছিল৷ আমাৰ অঞ্চলটোৰ পৰা গৈ বাহিৰত থাকি পঢ়াশুনা কৰা ছাত্ৰ দেখিলেই ছাৰে খোজ-খবৰ লয়৷ তাৰোপৰি ছাৰৰ একমাত্ৰ ল’ৰা মলয় মোৰ ভাইটি মৃদুলৰ সহপাঠী৷ সেয়ে ছাৰৰ লগত মোৰ বিশেষ নহলেও এটা অন্তৰংগ সম্পৰ্ক আছিল৷ ছাৰে মোৰ খবৰ লয়, মই ছাৰৰ লগতে মলয়ৰো৷ মলয় সৰুৰে পৰা মেধাবী আৰু সকলো বিষয়তে আগৰণুৱা ছাত্ৰ আছিল৷ বিজ্ঞানতকৈ আচলতে কলাৰ প্ৰতি তাৰ ধাউতি বেছি আছিল৷ সেয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম শেষ কৰিয়েই সি প্ৰথমে নাটক আৰু পাছলৈ ৰাজধানী চহৰখনত থাকি চিনেমাৰ কামত লাগিছিল৷

মই ছাৰক সুধিলোঁ – ছাৰ, মলয়ৰ কথা কওকচোন, কি কৰিছে এতিয়া সি, ভালে আছেনে?
ছাৰে লৰালৰিকৈ নুৰা কৰি হেন্দেলত গুজি থোৱা বাতৰি কাকতখন উলিয়াই ল’লে৷ তাৰ পিছত ফটো এখনলৈ আঙুলিয়াই মোক ক’লে - চা৷ ওচৰ চাপি চাই দেখিলো – ৰাধা কৃষ্ণই নাচি থকা ছবি এখন! একো নুবুজি মই ছাৰৰ চকুলৈ চালোঁ৷ ছাৰে ক’লে – তলত কি লিখা আছে পঢ়!
কদম তলে কৃষ্ণ নাচে – ছবিত কৃষ্ণৰুপী সেইয়া ছাৰৰ ল’ৰা- মলয়!
ছাৰে মোৰ প্ৰশ্নৰ উত্তৰ দিলে - নাচি বাগি আছে যেতিয়া ভালেই আছে বুলি ধৰি লৈছোঁ ৷
মই প্ৰশংসাত পঞ্চমুখ হৈ উঠিলো৷ বৰ ভাল হৈছে ছাৰ, অভিনয়ো আজিকালি ভাল পেছা হৈছে৷ প্ৰতিভা থকা ল’ৰা যেতিয়া তাৰ আৰু ভাল হ’ব৷
তামোলৰ পিক পেলাই মুখখন ছাৰে আজৰি কৰি ল’লে, তাৰপিছত মোলৈ নিক্ষেপ কৰিলে – হেৰৌ, পঢ়াইছিলো ডাক্তৰ, হ’লগৈ এক্টৰ !

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


Friday, January 26, 2018

সভ্যতাৰ ইতিহাসত এটা ক’লা দাগ - Sadin 26 Januray, 2018






সভ্যতাৰ ইতিহাসত এটা ক’লা দাগ

ইংৰাজী ভাষাত  Holocaust নামৰ এটা শব্দ আছে ৷  শব্দটো মূল গ্ৰীকভাষাৰ ৷ “Holos” শব্দৰ অৰ্থ গ্ৰীক ভাষাত গাঁত (Whole) আৰু  “Kaustos” শব্দৰ অৰ্থ পোৰা বা অগ্নিত ভষ্মীভূত হোৱা (burned)৷ হিন্দী ভাষাত ইয়াৰ প্ৰতিশব্দ হিচাপে ব্যৱহৃত হোৱা শব্দটো হৈছে “প্ৰলয়”৷ বাংলা ভাষাত “ব্যাপক হত্যাকাণ্ড”৷ অসমীয়া ভাষাৰ অভিধানৰ মতে শব্দটোৰ অৰ্থ ধ্বংসলীলা, নৰমেধ যজ্ঞ বা প্ৰলয়৷ গ্ৰীক সকলে কি ভাবি এই শব্দটোৰ সৃষ্টি কৰিছিল বুজা টান৷ কিন্তু এই কথা সত্য যে ১৯৪৫ চনৰ পিছৰ পৰা এই শব্দটোৱে যি এক নতুন অৰ্থ পালে তাৰ প্ৰতিশব্দ হিচাপে ইংৰাজী, হিন্দী, বাংলা বা অসমীয়া ভাষাত উল্লেখ থকা অভিধানিক অৰ্থৰ এটাও তাৰ লগত খাপ নাখায়৷

এটা প্ৰকাণ্ড গাঁতৰ পোনে পোনে সোঁমাজলৈ নিক্ষেপ কৰিব পৰাকৈ গাঁতটোৰ পাৰৰ পৰা এখন নাওৰা সজা হৈছে - পাতল লোহাৰ পিছল পাত এখন নলাৰ দৰে ভাঁজ কৰি সজা নাওৰাখন -হেলনীয়া ৷ গাঁতটোৰ মাজত দপদপাই জ্বলি আছে মৰাশৰ এটা দ’ম! গাঁতটোৰ পাৰত গঢ় লৈ উঠিছে কোইবাটাও বিয়াগোম পাহাৰ, মাটি বা পেলনীয়া সামগ্ৰীৰ নহয়, মানুহৰ মৰাশৰ৷ ফুকলীয়া শিশুৰ পৰা ডেকা, বুঢ়া, গাভৰু, বৃদ্ধা কোনো সাৰি যোৱা নাই৷ উৎকট দুৰ্গন্ধত ৰুমালেৰে নাক ঢাকি এখন ট্ৰলিৰে মৰাশবোৰ এটাৰ পিছত এটাকৈ নাওৰাখনেৰে জুইৰ ওপৰত জাপি থকা হৈছে৷ আন এখন ঠাইত খিৰিকিবিহীন এটা প্ৰকাণ্ড লোহাৰ গোল ঘৰত হেঁচি হেঁচি মানুহবোৰক সুমুৱাই দিয়া হৈছে – ঠেলা মাৰি, গতিয়াই, ইটোৰ ওপৰত সিটোক জোৰকৈ জাপি দিয়া হৈছে৷ অস্থি চৰ্মসাৰ প্ৰেতাত্মাৰ দৰে মানুহবোৰক ভৰিৰ পৰা মূৰলৈকে আঁচটনা এবিধ সাজ পিন্ধাই ৰখা হৈছে – সহজে চিনি পাব পৰাকৈ৷ চেম্বাৰটোৰ দুৱাৰ কেইখন বন্ধ কৰি দিয়াৰ লগে লগে ভিতৰখন আন্ধাৰ হৈ পৰিল, তাপ পৰা সৃষ্টি হোৱা কাতৰ আৰ্তনাদ ধ্বনি বাহিৰলৈ ওলাই আহিব পৰা নাই, ভিতৰতে সৃষ্টি হৈ ভিতৰতে মাৰ গৈছে সকলো শব্দ৷ তাৰ পিছত সেই ঘৰটোলৈ সুমুৱাই দিয়া হৈছে এক বিষাক্ত গেছ- পথাৰত কীতানু নাশ কৰিবলৈ ব্যৱহাৰ কৰা এবিধ মাৰাত্মক গেছ! গোল ঘৰটোৰ ভিতৰত হাঁহাকাৰ লাগিছে, তাৰ পিছত হঠাতে তালৈ নামি অহিছে অনন্ত নিৰৱতা ! মৰাশৰ দ’ম বোৰ কঢ়িয়াই লৈ যোৱা হৈছে সেই গাঁতটোলৈ, গেলি পচি চাৰিওফালে সিচৰিত হৈ থকা আন বহু মৰাশৰ মাজে মাজে৷ মানুহৰ গেলি পচি যোৱা শৱদেহৰ দুৰ্গন্ধই গ্ৰাস কৰি ৰাখিছে সমগ্ৰ অঞ্চল৷

১৯৩৪ চনত আৰম্ভ হোৱা এই হত্যালীলাই ১৯৪৫ চনৰ আগে আগে বিভীষিকাৰ ৰূপ ধাৰণ কৰিছিল৷ ৬০ লাখ ইহুদীলোক, ২ লাখ ৰোমানি, ২.৫ লাখ অসুস্থ বিকলাংগলোক, ৯ হাজাৰ সমকামী আৰু কমিউনিষ্টকে আদি কৰি নাজী শাসনৰ বিৰোধিতা কৰা  হাজাৰ হাজাৰ লোককে ধৰি মাত্ৰ দহ বছৰৰ ভিতৰতে হত্যা কৰি ভষ্মীভূত কৰি দিয়া হয় হৈছিল সৰ্বমুঠ ১৭০ লক্ষ্য লোকক৷ এই নৰ নিধন যজ্ঞৰ নামেই – হল’কাষ্ট্‌! মানৱ সভ্যতাক কলংকিত কৰা এই নৰসংহাৰৰ নামেই হল’কাষ্ট!

ইউৰোপৰ মাজভাগত অৱস্থিত অষ্ট্ৰিয়া নামৰ দেশখনত ১৮৮৯ চনত হিটলাৰৰ জন্ম হৈছিল৷ সৰুৰে পৰাই হিটলাৰ ইহুদী-বিদ্বেষী আছিল৷ ১৯১৮ চনত প্ৰথম বিশ্বযুদ্ধত হিটলাৰে সৈন্যবাহিনীত কাম কৰিছিল আৰু জাৰ্মানিৰ পৰাজয়ৰ কাৰণ ইহুদীসকল বুলি ভাবিছিল৷ “মেইন্‌ কাম্ফ্‌” (Mein Kampf) নামৰ হিটলাৰৰ আত্মজীৱনীখনৰ পৰা এই কথা গম পোৱা গৈছে যে হিটলাৰে ইহুদীসকলৰ বংশ নাশ কৰি এখন নিকা ইহুদীহীন ইউৰোপ গঢ়াৰ সপোন দেখিছিল ৷ ১৯৩৪ চনত জাৰ্মানিৰ শাসন কৰ্তা হৈ লোৱাৰ পিছতে হিটলাৰে এইকাম হাতে কামে ৰুপায়িত কৰিবলৈ লাগি গৈছিল৷ নেচ’নেল চচিয়েলিষ্ট্‌ জাৰ্মান ৱৰ্কাৰ্ছ পাৰ্টিৰ (চমুকৈ নাজী) প্ৰমূখ  হিচাপে হিটলাৰে প্ৰথমটো কনচেনট্ৰেছন কেম্প প্ৰতিষ্ঠা কৰিছিল ১৯৩৩ চনৰ মাৰ্চ মাহত৷ প্ৰথমতে সেই কেম্পলৈ নিক্ষেপ কৰা হৈছিল ৰাজনৈতিক প্ৰতিদণ্ডী আৰু কমিউনিষ্ট্‌সকলক৷ তাৰ পিছতেই জাৰ্মানিত বাস কৰা ইহুদীসকললৈ চকু দিছিল৷ সেই সময়ত জাৰ্মানিত থকা ইহুদীলোকৰ সংখ্যা আছিল মুঠ জনসংখ্যাৰ মাত্ৰ ১ শতাংশ ৷ হিটলাৰে তেওঁলোকৰ সা-সম্পতি জোৰ কৰি কাঢ়ি ল’লে ৷ কোনো ইহুদীলোকে চৰকাৰী চাকৰিত আবেদন কৰিব নোৱাৰা হ’ল ৷ ইহুদী ডাক্তৰ, উকীলৰ ওচৰলৈ আন মানুহ যোৱাটো বন্ধ কৰি দিয়া হ’ল৷  ১৯৩৩ ৰ পৰা ১৯৩৯ চনলৈ হাজাৰ হাজাৰ ইহুদীলোক জাৰ্মানি এৰি প্ৰাণৰ ভয়ত দাঁতিকাষৰীয়া দেশলৈ পলাই যায়৷  ১৯৩৯ চনৰ চেপ্তেম্বৰ মাহত নাজী সৈন্যবাহিনীয়ে পোলেণ্ডৰ পশ্চিমৰ অংশ অধিকাৰ কৰি ল’লে আৰু তাত বাস কৰা ইহুদীলোকসকলক কনচেনট্ৰেচন কেম্পত বন্দী কৰি ৰাখিলে৷ “ইচ্ছামৃত্যু আঁচনি” (Euthanasia Programme) নামৰ এক আঁচনি আৰম্ভ কৰি নাজী বাহিনীয়ে ৭০ হাজাৰ বিকলাংগলোকক বলপূৰ্বক হত্যা কৰিলে৷ ১৯৪০ চনৰ পৰা ১৯৪১লৈ, এই সময়ছোৱাত নাজীয়ে অধিকাৰ কৰি ল’লে ডেনমাৰ্ক, নৰৱে, নেডাৰলেণ্ড, বেলজিয়াম, ফ্ৰাঞ্চ আদি ইউৰোপৰ দেশসমূহক আৰু তাৰপৰা ইহুদীসকলক চাফা কৰাৰ অভিযান তীব্ৰৰ পৰা তীব্ৰতৰ কৰি আনিলে৷ ১৯৪১ চনৰ জুনমাহত হিটলাৰ বাহিনীয়ে চকু দিলে ছোভিয়েট ইউনিয়নলৈ৷ মাত্ৰ কেইটামান মাহৰ ভিতৰতে ছোভিয়েট ইউনিয়নত বাস কৰা ৫ লাখ ইহুদীলোকক নিৰ্মমভাবে হত্যা কৰা হ’ল৷ এই সময়তে নেডাৰলেণ্ডৰ এন্‌ ফ্ৰাঙ্কে লিখা দিনলিপিখন সেই সময়ৰ এখন জীৱন্ত ইতিহাস ৷

মানৱ সভ্যতাক ভূ-লুন্ঠিত কৰা এই হত্যালীলাৰ নামেই - হল’কাষ্ট্‌!

অৱশেষত ১৯৪৫ চনৰ এপ্ৰিল মাহত হিটলাৰে আত্মহত্যা কৰিবলৈ বাধ্য হয়৷ মূমূৰ্ষ অৱস্থাত কনচেনট্ৰেচন কেম্পৰ পৰা বহুলোকক উদ্ধাৰ কৰা হয়৷ শ্বাসৰুদ্ধকাৰী সেই সময়ক লৈ ইতিমধ্যে ১০০ খনৰো অধিক কথাছবি আৰু তথ্যচিত্ৰ নিৰ্মান কৰা হৈছে৷ এই ছবিসমূহৰ ভিতৰত ছিণ্ডলাৰছ লিষ্ট (Schindler’s List), ছফিছ চইছ (Sophie’s Choice) লাইফ ইজ বিউটিফুল (Life is Beautiful) দি বয় ইন দি ষ্ট্ৰিপড্‌ পায়জামা (The Boy in the Striped Pyjama)  এন্‌ ফ্ৰাঙ্ক্‌ (Anne Frank) আদি বিখ্যাত ছবি ৷ তাৰোপৰি ইন্টাৰনেট্‌ৰ সহায়ত সেই সময়ৰ কিছুমান শ্বাসৰুদ্ধকাৰী দৃশ্য আজিকালি চাব পৰা হৈছে৷
এই নৰসংহাৰ ঘটনাৰ ৬০ বছৰৰ পিছত, ৰাষ্ট্ৰসংঘই ২০০৫ চনত লোৱা এটা সিদ্ধান্ত মৰ্মে ২০০৬ চনৰ পৰা ২৭ জানুৱাৰী দিনটো “আন্তঃৰাষ্ট্ৰীয় হল’কাষ্ট্‌ সোৱৰণি দিৱস” (International Holocaust Remembrance Day) হিচাপে পালন কৰিবলৈ মনস্থ কৰিছে৷ মানৱ ইতিহাসত এনে ঘটনাৰ যেন আকৌ পুনৰাবৃত্তি নহয়, ইয়াৰ বাবে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ ঘাই উদ্দেশ্য৷  মানৱ সভ্যতাৰ ইতিহাসত যেন গণহত্যাৰ দৰে ঘটনা আকৌ নঘটে৷

আহক, ১৭০ লক্ষ্য নিৰীহ নিৰপৰাধীলোকক সুপৰিকল্পিত ভাৱে হত্যা কৰাৰ লোমহৰ্ষক ঘটনাক সোঁৱৰণ কৰি আমিও এটুপি চকুপানীৰে তেওঁলোকলৈ শ্ৰদ্ধা নিবেদন কৰোঁ৷


Thursday, January 25, 2018

অনুবাদৰ পৰা কিয়দংশঃ

অনুবাদৰ পৰা কিয়দংশঃ

২০০৯ চনৰ ২৬ জানুৱাৰী - সোমবাৰ, ভাৰতবৰ্ষৰ ৫৯ তম গনতন্ত্ৰ দিৱস৷ মোৰ এই কাহিনীৰ আৰম্ভনি সেইদিনাৰ পৰাই৷ আচলতে আমাৰ দেশে ইংৰাজৰ হাতৰ পৰা স্বাধীনতা পোৱাৰ দিনটো ১৯৪৭ চনৰ ১৫ আগষ্টহে, তথাপিও দেশখনৰ নেতাহ’তে ঠিক কৰিলে যে ঘৰৰ বাহিৰত অনুষ্ঠান পাতিবৰ বাবে সেই মাহতো একেবাৰেই সুবিধাজনক নহয়৷  আগষ্ট মাহৰ মাজভাগটো গ্ৰীষ্ম কাল, গেলেপা লগা গৰমৰ সময়৷ তাতোকৈ জানুৱাৰী মাহৰ শেষ ভাগটো বহুত ভাল৷ সেয়ে তেওঁলোকে ২৬ জানুৱাৰী তাৰিখটো ঠিক কৰিলে৷ সেইদিনটোতে স্বাধীন ভাৰতে সংবিধানখন গ্ৰহন কৰা হৈছিল৷ নেতাহ’তে দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন ঘোষনা কৰিলে - নাম থ’লে ৰিপাব্লিক দে’, গণতন্ত্ৰ দিৱস৷

জানুৱাৰী মাহৰ শেষৰ ফাললৈ ঠাণ্ডাটো কমে, বেলি উঠিলে কুৱঁলীয়ে ঢকা ৰাতিপুৱাটো এটা উজ্জ্বল পুৱালৈ ৰূপান্তৰিত হয়৷ ফুল ফুলাৰ সময় এইটো, চৰাইৰ কল-কাকলিৰে মুখৰিত হৈ থকাৰ সময় এইটো৷  গণতন্ত্ৰ দিৱস ভাৰতীয় কেলেণ্ডাৰত এটা উল্লেখযোগ্য দিন৷ এইটোৱেই দেশখনৰ একমাত্ৰ উৎসৱ যিটো হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আদি সকলো ধৰ্মৰ লোকে সমানে উপভোগ কৰে৷ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়৷ পুলিছ আৰু স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে সমদল পেৰেড কৰে৷

আচল কথা হ’ল এইদিনাই ভাৰতবৰ্ষৰ বিভিন্নতা আৰু সেনাবাহিনীৰ মাহাত্ম্যৰ যি প্ৰদৰ্শন হয় সেইয়া এক বিৰল অনুষ্ঠান৷ টেংক, অস্ত্ৰ সংযোজিত বাহন, ৰকেট উৎক্ষেপনৰ প্ৰতিৰূপ, বৰটোপৰ ধ্বনি আৰু হাতত খোলা তৰোৱাল লৈ উট আৰু ঘোৰাৰ পিঠিত উঠি অহা যুঁজাৰু সেনা আৰু তাৰ পিছে পিছে ৰাজ্যসমূহৰ কলা-কৃষ্টি, বিভিন্ন প্ৰাপ্তি-স্বীকৃতিৰ  নমুনা আৰু থলুৱা নৃত্য প্ৰদৰ্শনৰ শোভাযাত্ৰা৷ পুৱতি নিশাৰ পৰাই ৰাজপথৰ দুয়োকাষে দৰ্শকৰ আগমন আৰম্ভ হয়৷ ৰাজপথ নামৰ এই বহল পথটোৰ আৰম্ভনি হৈছে ৰাইচিনা পাহাৰৰ ওপৰত থকা ৰাষ্ট্ৰপতি ভৱনৰ পৰা৷  ‘নৰ্থ ব্লক’ আৰু ‘চাউথ ব্লক’ বুলি কোৱা দুয়োটা সচিবালয়ৰ মাজেদি পথটো ক্রমশঃ নামি আহি শেষ হৈছেহি ‘ইণ্ডিয়া গেইট’ বুলি কোৱা যুদ্ধ-স্মাৰক চিহ্নৰ বৃহৎ পকী তোৰণখনত, য’ত প্ৰথম বিশ্বযুদ্ধ, ১৯১৯ চনৰ তৃতীয় আফগান যুদ্ধ আৰু ১৯৭১ চনত পাকিস্থানৰ লগত হোৱা যুদ্ধত নিহত বীৰ সেনাসকলৰ নাম খোদিত হৈ আছে৷ দেশমাতৃৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ সন্তানসকলৰ স্মৃতিত ইণ্ডিয়া গেইটৰ মধ্যভাগত প্ৰজ্বলিত হৈ আছে এভাগ অক্ষয় বন্তি – দিন ৰাতি অৰ্হনিশে৷

আপুনি জানিবলৈ বিচাৰিব পাৰে, অহিংসাৰ পূজাৰী গান্ধীৰ দেশত এই মাৰণাস্ত্ৰ আৰু সামৰিক শক্তিৰ প্ৰদৰ্শনৰ কাৰন কি? আচল সত্যটো হৈছে আমি ভাৰতীয়সকল স্বভাৱতেই স্ব-বিৰোধী চৰিত্ৰৰ লোক৷  আমি এহাতে জগতলৈ শান্তিৰ বাণী প্ৰেৰণ কৰো আৰু আনহাতে নিজৰ ঘৰৰ চোতালত যুদ্ধৰ আখৰা কৰোঁ৷ নিকা অন্তৰ আৰু ব্ৰহ্মচৰ্য্যৰ কথা কোৱা আমাৰ মন বেছিভাগ সময়েই আধিকাৰ কৰি থাকে যৌন চিন্তাই৷ সত্য কথাটো হ’ল এই চৰিত্ৰইহে আচলতে আমাক আমোদজনক কৰি ৰাখিছে৷  যি কি নহওক, এই অস্ত্ৰ শক্তি প্ৰদৰ্শনৰ দুদিন পিছতেই বিজয় চকত স্থলসেনা, নৌ-সেনা আৰু বায়ু-সেনাৰ ‘বিটিং ৰিট্ৰিট’ নামৰ অনুষ্ঠানটো পতা হয়৷ সেইদিনা কিন্তু অস্ত্ৰ নহয় - বাঁহী, ক্লেৰিঅ’নেট, ট্ৰাম্পেট, দ্ৰাম, বেগপাইপাৰ বজাই জোৱানসকলে সমদল কৰে৷ গনতন্ত্ৰ দিৱস সমাৰোহৰ সমাপ্তি  হয় এই অনুষ্ঠানতে সৃষ্টি কৰা সুৰ সমলয় - গান্ধীজীৰ প্ৰিয় ‘‘এবাইদ উইথ মি’’ সংগীতৰ মুৰ্চ্ছনাৰে৷ তাৰ এদিন পিছত, ৩০ জানুৱাৰী, অৰ্থাৎ যিদিনা আমি গান্ধীজীক হত্যা কৰিছিলো, সেইদিনা আমাৰ নেতাহ’ত ৰাজঘাটত সমবেত হয় আৰু বাপুৰ সমাধিস্থলত থকা ক’লা শিলছটাত, য’ত আমি তেওঁৰ শৰীৰটো এপাচি ক’লা ছাইলৈ ৰূপান্তৰিত কৰিছিলো, তাত ফুল ছটিয়ায়৷ আমি এনে ধৰনৰ মানুহেই, আৰু সেই কাৰনেই আমি আমোদজনক মানুহ!


(খুশৱন্ত সিঙৰ “ছানছেট্‌ ক্লাব” নামৰ উপন্যাসখনৰ  আৰম্ভণি এনেকৈয়ে হৈছে..)

Saturday, January 20, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩২)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩২)


সময়ৰ হিচাপেৰে বৰ বেছি দিনৰ আগৰ কথা নহয়, কিন্তু পৰিৱৰ্তনৰ দিশৰ পৰা সেয়া এতিয়া মধ্যযুগৰ ঘটনা যেন লগা হৈছে৷ মই আমাৰ পঢ়াশালীৰ দিনবোৰ আৰু তেতিয়াৰ দিনৰ শিক্ষণ পদ্ধতিৰ কথা কৈছো৷

আমাৰ স্কুলত একেটা শ্ৰেনীৰে কেইবাটাও শাখা আছিল আৰু প্ৰতিটো শাখাতে এজন ছাত্ৰক কিছুদিনৰ বাবে “বৰ্গ মন্ত্ৰী” বুলি এটা বিশেষ দায়িত্ব দিয়া হৈছিল৷ সেইটোক ইংৰাজীত কেতিয়াবা ‘কেপ্তেইন’, কেতিয়াবা ‘মনিটৰ’ বা কেতিয়াবা ‘প্ৰিফেক্ট্‌’ বুলি কোৱা হয়৷ শব্দ আৰু অৰ্থৰ লগত লেনদেন নথকা ছাত্ৰহ’তে কেতিয়াবা ইয়াক ‘গৰ্বমন্ত্ৰী’ বুলিও কৈছিল৷ অৰ্থৰ দিশৰ পৰা ভুল হলেও দায়িত্বটোৰ লগত একধৰণৰ গৰ্ব মিহলি হৈ থকাতো মিছা কথা নহয়৷ পিৰিয়দৰ ঘন্টা বজাৰ পাছত শিক্ষক যেতিয়া শ্ৰেনীকোঠাৰ পৰা ওলায় যায়, পিছৰজন শিক্ষক নহালৈকে সেই সময়খিনিত ছাত্ৰহ’তে বৰ কোলাহলৰ সৃষ্টি কৰে৷ বৰ্গমন্ত্ৰীৰ দায়িত্ব আছিল সেই সময়খিনিত হুলস্থুল কৰা তেনে ছাত্ৰৰ নামবোৰ কাগজৰ টুকুৰা এটাত লিখি থ’ব লাগে৷ পিছৰ ক্লাছৰ শিক্ষক আহি তাৰ বিচাৰ কৰেহি৷ কোনোবাজন শিক্ষক সোমায়েই কেতিয়াবা পোনে পোনে কয় – দে ৷ মানে, হুলস্থূল কৰা অঘাইতং কেইটাৰ নামকেইটা দে ৷ এনে দোষৰ শাস্তিৰ পৰিমান কিমান হ’ব লাগে সেইয়া স্কুলৰ কোনো সংবিধানে নিৰ্ধাৰণ কৰি দিয়া নাছিল আৰু শাস্তিৰ পৰিমান নিৰ্ভৰ কৰিছিল মূলতঃ শিক্ষকজনৰ মন-মেজাজৰ ওপৰতেই৷ বেঞ্চৰ ওপৰত অলপ সময় থিয় কৰি ৰখাটো আছিল আটাইতকৈ সহজলভ্য শাস্তি! কাঢ়া বুলি নাম থকা কোনো কোনো শিক্ষকে কেতিয়াবা এই দোষৰ বাবে বেট দিছিল নতুবা বাহিৰত আঠু কঢ়াই থৈছিল৷ সেয়ে বৰ্গমন্ত্ৰীজনক সেই টুকুৰাটোত নাম নিলিখিবলৈ অঘাইতং ল’ৰাহ’তে ভাৰভেটিও দিছিল – জলফাই, শিলিখা, আমলখি, কলমৰ নিব, পেঞ্চিল, স্কেল ইত্যাদি আছিল ঘোচৰ নমুনা৷ বৰ্গমন্ত্ৰীয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰি কেতিয়াবা শান্ত-শিষ্ট ছাত্ৰকো “তোৰ নাম লিখিছো, ৰ” বুলি ভীতি প্ৰদৰ্শন কৰিছিল আৰু অন্যায়ভাবে কিছু অতিৰিক্ত সন্মান দাবী কৰিছিল৷ এনেবোৰ কাৰণতে এই দায়িত্বৰ ম্যাদ এমাহমানহে আছিল৷ বিভিন্ন কাৰণত আধাতে মন্ত্ৰীত্বৰ পৰা অপসাৰণ কৰাৰো অনেক উদাহৰণ আছিল৷

বৰ্গমন্ত্ৰীৰ আন এটা দায়িত্ব আছিল বৰ্ডখন চাফা কৰি ৰখা আৰু একোণত গোট গোট আখৰেৰে দিনাংক লিখি ৰখাটো৷ সেই বৰ্ডখনৰ পাছফালেই এডাল চেকনি ৰখাৰ দায়িত্বও বৰ্গমন্ত্ৰীজনৰে আছিল৷ আজিকালি ছাত্ৰ-ছাত্ৰীক স্কুলত প্ৰহাৰ কৰাটো (স্কুলত বেট দিয়া কাৰ্যটোক প্ৰকৃততে প্ৰহাৰ কৰা বুলিলে নুশুৱায়) অপৰাধ বুলি গণ্য কৰা হয়৷ বিদেশতটো আৰু এখোপ চৰা৷ তাত ছাত্ৰ-ছাত্ৰীক বেট দিয়াটোতো দূৰৰে কথা, টানকৈ কথা ক’লেই শিক্ষক বা পিতৃমাতৃক পুলিছে আটক কৰি লৈ যোৱাৰ দৰে ঘটনাও ঘটে৷ প্ৰাথমিক বিদ্যালয়ত মদন ছাৰে মোক টেবুলৰ তলত মূৰটো সুমুৱাই লৈ পেন্টটো ককালৰ পৰা খহাই লৈ আন সকলো ছাত্ৰ-ছাত্ৰীৰ সমূখতে উন্মুক্ত তপিনাত চেকনিৰে বেট দিছিল৷ ক্লাছ চেভেনত্ ৰম্বাছ আৰু ট্ৰেপিজিয়ামৰ পাৰ্থক্য ক’ব নোৱাৰা বাবে তালুকদাৰ ছাৰে মোৰ হাতৰ তলুৱাত পাঁচ বেট দিছিল৷ মদন ছাৰৰ শাস্তিয়ে নোক নিয়মানুবৰ্তী হ’বলৈ বাধ্য কৰিছিল যাৰ সুফল মই সমগ্ৰ জীৱনটোত পাই আহিছো ৷ তালুকদাৰ ছাৰৰ শাস্তিয়ে মোক ৰম্বাছ-ট্ৰেপিজিয়ামৰ ধৰ্মৰ লগতে জ্যামিতি এনেকুৱাকৈ শিকালে যে আজিও গণিত মোৰ প্ৰিয় বিষয়৷ মোক উপহাৰ দিয়া  সেই শাস্তিৰ বাবে মই দুয়োজন শিক্ষাগুৰুৰ ওচৰতে চিৰজীৱন ঋণী হৈ আছোঁ৷

আজিকালিৰ বিদ্যালয়ে গৃহকাৰ্য (হোম ওৰ্ৱক) দিয়ে মাক-দেউতাকৰ বাবে৷ মাক-দেউতাকে ঘৰত বহি আঠা-কেঁচী, কাগজ-কলম লৈ পুতেক-জীয়েকৰ হোমৱৰ্ক কৰে আৰু সেই সময়ত পুতেক জীয়েকে মোবাইল বা কম্পিউটাৰত ভিডিঅ’ গেইম খেলি থাকে নতুবা টেলিভিছনত চিৰিয়েল চায় ! সময়ৰ সলনি হৈছে!

সৰ্বেশ্বৰছাৰে কিন্তু কেতিয়াও চেকণি ব্যৱহাৰ কৰা নাছিল৷

ষষ্ঠমান শ্ৰেনীৰ কোঠাতোত এদিন হঠাতে সৰ্বেশ্বৰ ছাৰ আহি সোমালহি৷ ইংৰাজীৰ ক্লাছ আছিল৷ সেই সময়ত ষষ্ঠ শ্ৰেনীত দিনবোৰ বুজাবলৈ আৰু তাৰ লগত  ক্ৰিয়াৰ কাল শিকাবলৈ এটা পাঠ আছিল – Yesterday, Today, Tomorrow–ৰ পাঠ৷ ছাৰে বৰ আগ্ৰহেৰে আমাক বুজাবলৈ লাগিল৷ মাজে মাজে ছাৰে লক্ষ্য কৰি আছে দ্বিতীয় বেঞ্চত বহা নেত্ৰ বাহাদুৰৰ চকু ৰাষ্ট্ৰীয় ঘাই পথত! পাঠটো পঢ়াই শেষ হোৱাৰ পিছত ছাৰে পাঠটোৰ শাৰীবিলাক ছাত্ৰহ’তক পঢ়িবলৈ লগালে৷ থিয় দি এটা শাৰী পঢ়িব লাগে আৰু তাৰ অৰ্থটো অসমীয়াত ক’ব লাগে৷ ইয়েষ্টাৰদে’ ৱাজ ফ্ৰাইদে’, কালি শুক্ৰবাৰ আছিল, টুদে’ ইজ্‌ ছেটাৰদে’, আজি শনিবাৰ, টুমৰো উইল বি ছানদে’,কালিলৈ ৰবিবাৰ, স্কুল উইল ৰিমেইন ক্লজড্‌ - স্কুল বন্ধ থাকিব, ইত্যাদি৷ নেত্ৰ বাহাদুৰৰ ভাগত পৰা বাক্যটো আছিল – টুমৰো উইল বি হলিদে’৷ বাক্যটো মাতি সি অলপ সময় মনে মনে থাকিল৷ তাৰ পিছত হঠাতে অসমীয়ালৈ ভাঙনি কৰিলে  – টুমৰো কালিলৈ স্কুললৈ নাহে! গোটেই ক্লাছটোৱে গিৰ্জনি মাৰি হাঁহি উঠিল৷ ছাৰে নিৰ্দেশ দিলে – উঠ্‌, বেঞ্চৰ ওপৰত উঠ্‌৷  এটাৰ পিছত এটাকৈ পঢ়া আগবাঢ়ি গৈ আছে, নেত্ৰবাহাদুৰ বেঞ্চৰ ওপৰত৷ এফালে শেষ হৈ শ্ৰেনীটোৰ সিফালে বহা ছাত্ৰহ’তে পঢ়িবলৈ লৈছে৷ ছাৰে চকিত বহি শুনি আছে৷ নেত্ৰৰ চকু তেতিয়াও মাজে মাজে ৰাষ্ট্ৰীয় ঘাইপথলৈ৷
এসময়ত সি মাত লগালে – ছাৰ, ঠেং বিষাইছে!
ছাৰে ক্ষন্তেক তালৈ তধা লাগি চাই ৰ’ল ৷ তাৰ পিছতে নিক্ষেপ কৰিলে – ঠেং থকা প্ৰানীৰ ঠেং বিষাবই, ঠেং নহৈ ভৰি বিষাবনে? বহ, বহ!


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল আমাৰ দুই নম্বৰটোৱে, মোৰ ভাই মৃদুলে৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Friday, January 19, 2018

সমৃদ্ধিৰ সঁচাৰকাঠি - Sadin, 19 Januray, 2018



সমৃদ্ধিৰ সঁচাৰকাঠি

আমেৰিকাৰ বিখ্যাত টাইম্‌ মেগাজিনে (TIME) ২০০৭ চনত প্ৰকাশ কৰা “পৃথিৱীক নতুন দিশৰ সন্ধান দিয়া” (Who shape the world) এশজন লোকৰ তালিকাখনৰ “Builders & Titan” শাখাত থকা ১৯ জন লোকৰ মাজত থকা এটা নাম ৰন্‌দা বাৰ্ণ (Rhonda Byrne)৷ টাইম্‌ মেগাজিন্‌ৰ এই তালিকাত অন্তৰ্ভুক্ত হ’বলৈ পোৱাটো বিৰল সন্মানৰ কথা; ই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি৷ তালিকাখনৰ শিৰোনামাৰ পৰাই বুজিব পাৰি যে তাত নাম থকা লোক কেইজনক অন্ততঃ এই আলোচনীখনে সেই বছৰটোত পৃথিৱীক এটা নতুন গতি দিবলৈ সমৰ্থ হোৱা মানুহ বুলি বিশ্বাস কৰে – who shaped the world৷

১৯৫১ চনৰ ১২ মাৰ্চত জন্ম গ্ৰহন কৰা ৰন্‌দাৰ জন্মভূমি অষ্ট্ৰেলিয়া৷ পেশাত তেওঁ দূৰদৰ্শন ধাৰাবাহিকৰ প্ৰযোজক৷ Sensing Murder, World’s Greatest Commercial নামৰ ধাৰাবাহিক দুখন নিৰ্মাণ কৰাৰ উপৰিও তেখেতে Marry Me নামৰ ধাৰাবাহিকখনতো কাম কৰিছিল৷ ২০০৬ চনত ৰন্‌দাই The Secret নামৰ এখন ভিডিঅ’ ছবি নিৰ্মান কৰি উলিয়ালে, একে নামৰ এখন কিতাপো প্ৰকাশ কৰিলে৷ সেই বছৰতে আমেৰিকাৰ জনপ্ৰিয় দূৰদৰ্শন অনুষ্ঠান The Oprah Winfrey Show-ত ৰন্‌দাৰ এটা সাক্ষাৎকাৰ সম্প্ৰচাৰ হয়৷ শীৰ্ষক আছিল – Discovering the Secret ৷ ইয়াৰ পাছত, নিশাটোতে যেন ৰন্‌দা বিখ্যাত হৈ পৰিল৷ কিতাপখন আৰু ভিডিঅ’ ছবিখনত ৰন্‌দাই এটা নতুন দৰ্শনৰ কথা কৈছিল, নাম দিছিল – আকৰ্ষণ সুত্ৰ (Law of Attraction)৷ প্ৰায় ৪০ টা ভাষালৈ অনুবাদ হোৱা The Secret নামৰ কিতাপখনৰ এবছৰৰ ভিতৰতে ১৯ নিযুত কপি বিক্ৰি হয়৷ একেদৰে ভিডিঅ’ ছবিখনৰো ২ নিযুত DVD বিক্ৰি হয় মাত্ৰ এটা বছৰৰ ভিতৰতে৷ এই দুয়োটা উৎসৰ পৰা ৰন্‌দাই আয় কৰা ধনৰ পৰিমাণ প্ৰায় ৩০০ নিযুত ডলাৰ!

২০০৭ চনৰ পৰা ২০১০ চনলৈ সমস্ত পৃথিৱীতে ৰন্‌দাৰ এই আকৰ্ষণ সুত্ৰলৈ যথেষ্ট চিন্তা-চৰ্চা হয় আৰু এতিয়াও চলি আছে৷ বহুজাতিক প্ৰতিষ্ঠান সমূহত The Secret-ৰ মুকলি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় আৰু এই নতুন দৰ্শনেৰে বিষয়া কৰ্মচাৰীসকলক উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰা হয়৷ পৃথিৱীৰ অনেক প্ৰান্ততে হাজাৰ হাজাৰলোক এই নতুন দৰ্শনেৰে দীক্ষিত হৈ পৰিল৷ অনেকৰ মতে তেওঁলোকৰ জীৱনটো সলনি হৈ গ’ল! কি আছিল এই ৰন্‌দাৰ আকৰ্ষণ সুত্ৰ?

২০০৪ চনৰ শেষ ভাগ৷ ৰন্‌দাৰ জীৱনৰ এজন উল্লেখযোগ্য ব্যক্তি ৰন্‌দাৰ দেউতাকৰ মৃত্যু হ’ল৷ তাৰ পিছতেই ৰন্‌দাই কাম কৰি থকা Sensing Murder নামৰ চিৰিয়েলখনৰ কাম আগুৱাই নিব নোৱাৰা হৈ আহিল৷ আন কামবোৰো বিফল হ’বলৈ ধৰিলে৷ ৰন্‌দাৰ বেয়া দিন আৰম্ভ হ’ল৷ বেয়া দিনত যি হয় ৰন্‌দাৰ ক্ষেত্ৰতো তাকেই হ’ল৷ বন্ধুসকলে তেওঁৰ সংগ ত্যাগ কৰিবলৈ আৰম্ভ কৰিলে৷ আৰ্থিক সমস্যা দিনক দিনে বাঢ়িবলৈ ল’লে৷ ভৱিষ্যতৰ পৰিকল্পনাবোৰ  এটা এটাকৈ মাটিৰ লগত মিহলি হ’বলৈ আৰম্ভ কৰিলে৷ ৰন্‌দা জীয়াই থকাৰ অৰ্থ বিচাৰি হাঁহাকাৰ কৰি উঠিল৷ ঠিক এনে সময়তে এদিন ঘৰৰ নিৰ্জন বেলকনিত চকুলো টুকি উদাস হৈ বহি থকা ৰন্‌দাৰ পিঠিত হাত থ’লেহি জীয়ৰী হেইলীয়ে৷ জীয়েকৰ আগত মাক কান্দোনত ভাগি পৰিল৷ হতাশ, বিভ্ৰান্ত ৰন্‌দাই জীয়েকৰ আগত মনৰ ভাৱ অকপটে বেকত কৰিলে৷  হেইলীয়ে মন দি মাকৰ কথা শুনি ল’লে আৰু পাছত এখন পুৰণি উৱলি যোৱা পুথি আনি ৰন্‌দাৰ হাতত তুলি দিলেহি৷ ১৯১০ চনত প্ৰকাশ হোৱা এই কিতাপখনৰ নাম আছিল – The Science of Getting Rich লেখক Wallace Wattles৷

কিতাপখনে ৰন্‌দাৰ জীৱনলৈ আমূল পৰিৱৰ্তন আনি দিলে৷ কিতাপখন আছিল এক অসাধাৰণ দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত যাৰ মূল বিচাৰি খ্ৰীষ্টপূৰ্ব ৩০০০ চনলৈকে ভটিয়াই যাব পাৰি৷ প্লেটো, গেলিলিঅ’, বিথোভেন, এডিছন, আইনষ্টাইনৰ দৰে বিশ্ববিশ্ৰুত মনীষীয়ে অতীততে এই দৰ্শন জানিছিল বুলি ৰন্‌দাই দাবী কৰিলে ৷ এই দৰ্শনৰেই নতুন নাম দিলে ৰন্‌দাই – Law of Attraction বা আকৰ্ষণ সুত্ৰ৷ সাম্প্ৰতিক সময়ৰ আমেৰিকাৰ ৫০ জন প্ৰতিষ্ঠিত পণ্ডিত আৰু দাৰ্শনিকৰ সাক্ষাৎকাৰ গ্ৰহন কৰি ৰন্‌দাই আটাইৰে মাজত এক যোগসূত্ৰ আৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰিলে৷  দাৰ্শনিক বব প্ৰক্টৰ (Bob Proctor), সমাজ-তাত্বিক লেখক ড˚ জৌ  ভিটালে’ (Dr. Joe Vitale), ব্যৱসায়ী কৌটিপতি জন্‌ আছাৰাফ (John Assaraf), দাৰ্শনিক জীৱন-প্ৰশিক্ষক ড˚ জন্‌ দিমাৰটিনি (Dr. John Demartini), মানসিক বিজ্ঞানী ড˚ ডেনিছ ৱেট্‌লি (Dr. Denis Waitley), আধ্যাত্মিক গুৰু মাইকেল বাৰ্ণাড্‌ বেক্‌উইথ্‌ (Michael Bernard Beckwith) আৰু প্ৰসিদ্ধ লেখক জেক্‌ কেনফিল্ডৰ (Jack Canfield) ভাষ্য আৰু সাক্ষাৎকাৰ ৰন্‌দাৰ কিতাপখন আৰু তথ্যচিত্ৰখনত অন্তৰ্ভুক্ত হ’ল৷  তথ্যচিত্ৰ নিৰ্মানৰ কামত সহায় কৰিবলৈ আগবাঢ়ি আহিল ছেনেল নাইন নামৰ প্ৰতিষ্ঠানটো৷ দূৰদৰ্শন অনুষ্ঠান The Oprah Winfrey Show-ৰ পিছতে এই নতুন সুত্ৰৰ ঢৌৱে পৃথিৱী জোকাৰি গ’ল৷ ৰন্‌দা নিশাটোতে পৃথিৱী বিখ্যাত হৈ পৰিল৷

আকৰ্ষণ সূত্ৰৰ মূল দৰ্শন হ’ল – মানুহৰ মগজুৰ শক্তি অসীম৷ ‘মন সম বলৱন্ত’ পৃথিৱীত একোৱেই নাই৷ এই শক্তিক চিনি পাব পাৰিলে, তাক কামত লগাব পাৰিলে, জীৱনত একো অসাধ্য নাথাকে৷ এই মানসিক শক্তিৰ ব্যৱহাৰে জীৱনত অসম্ভৱ বুলি ভবা কথাকো সম্ভৱ কৰি তুলিব পাৰে৷ মানুহৰ চৌপাশে ঘটি থকা ঘটনাপ্ৰৱাহ মানুহৰ চিন্তাৰেই প্ৰতিফলন৷ Thoughts become things ৷ চকুৰে দেখা নোপোৱা বিদ্যুৎ তৰংগৰ দৰে মানুহৰ চিন্তাৰো তৰংগ থাকে৷ ভাল চিন্তাৰ ভাল তৰংগ আৰু বেয়া চিন্তাৰ বেয়া তৰংগ৷ ধনাত্মক বা ইতিবাচক চিন্তাৰে মানুহে বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো শক্তিকে একত্ৰিত কৰি নিজৰ ইপ্সিত ফল লাভ কৰিব পাৰে৷ ইয়াৰ উদাহৰণ পৃথিৱীত অনেক আছে৷ নিজৰ লক্ষ্যৰ প্ৰতি একাগ্ৰচিত্তে কাম কৰি গ’লে সেই লক্ষ্যত এদিন উপনীত হোৱাতো ধুৰুপ! এই সত্যই আকৰ্ষণ সুত্ৰ – Law of Attraction ৷ ছবি বা কিতাপখনত এই সত্যটোৱেই প্ৰক্ষেপ কৰা হৈছে নাটকীয় দৃষ্টিভঙ্গীৰে৷

এই সুত্ৰৰ আৱিষ্কাৰে ৰন্‌দাৰ নিজৰ জীৱন সলনি কৰি দিলে৷ পিছলৈ ইয়াৰ সপক্ষে আৰু বিপক্ষে অনেক সমালোচনা চলিছে৷ কোনোবাই মানিছে কোনোবাই নাই মনা৷ সকলো সমালোচনা আৰু বিতৰ্ক একাষৰীয়া কৰি থৈ এই কথা দৃঢ়তাৰে ক’ব পাৰি যে এই ছবিখন বা পুথিখনে জীৱনলৈ যুগমীয়া প্ৰেৰণা কঢ়িয়াই আনিব পাৰে৷



------০০০০০---------

Saturday, January 13, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩১)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩১)
  

সৰ্বেশ্বৰ ছাৰে যেতিয়া স্কুলখনৰ অধ্যক্ষৰ আসন শুৱনি কৰি আছিল, তেতিয়াই স্কুলখনত যোগদান কৰিবলৈ আহিছিল ৰেশমা৷ ৰেশমাক স্কুলখনৰে নহয় অঞ্চলটোৰ সকলোৱেই চিনি পাইছিল আৰু মৰম কৰিছিল৷ তাই পঢ়ি থাকোঁতেই খেলাধূলাত যথেষ্ট পাৰদৰ্শিতা দেখুৱাব পাৰিছিল আৰু এসময়ত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি অসমৰ বাহিৰৰ কেইবাঠাইতো খেলিবলৈ গৈছিল৷ তাইৰ ফটো বাতৰিকাকততো ওলাইছিল৷

পঢ়াশুনা শেষ কৰি ঘৰলৈ অহাৰ কিছুদিন পাছতেই এদিন তাইক স্থানীয় সংঘ এটাই নাটক এখনত অভিনয় কৰিবলৈ মাতি পঠিয়ালে৷ সংস্কৃতিৰ গোবৰ-পানীয়ে সাৰুৱা কৰি ৰখা অঞ্চলটোত এনে ঘটনা প্ৰায়েই ঘটে৷ লাজ আৰু শংকা মিহলি মাতেৰে তাই দলটোক সুধিছিল – পাৰিম জানো?
-          আমি দেখুৱাই দিম নহয় ৷ বিশিষ্ট পৰিচালক বুলি অঞ্চলটোত পৰিচয় থকা দাদাজনে তপৰাই মাতিলে৷

ৰেশমাক আচলতে একো দেখুৱাই দিব লগা নহ'লেই৷ চৰিত্ৰ একোটাৰ ভিতৰলৈ সোমাই গৈ তাক তলিলৈকে উপলব্ধি কৰি ৰূপায়িত কৰিব পৰাৰ দক্ষতা তাইৰ তেজৰ লগত মিহলি হৈ আহিছিল৷ বিমুগ্ধ হৈ দৰ্শকে একেস্বৰে স্বগঃত্যোক্তি কৰিবলৈ বাধ্য হৈছিল– বৰ ভাল কৰিছে দেই!

তাৰ কিছুদিনৰ পিছতেই ভিডিঅ’ ছবি এখনত অভিনয় কৰাৰ সুবিধা পালে ৰেশমাই৷ তাৰ পিছত দূৰদৰ্শনৰ ধাৰাবাহিকত৷ অলপদিনৰ ভিতৰতে ৰেশমাৰ মুখখন দৰ্শকৰ পৰিচিত হৈ পৰিল৷ কথাই কথাই চাদৰৰ আঁচলেৰে চকুপানী মচি সোঁত-সোঁতাই উচুপি থকা তিৰোতাৰ ভাওত ৰেশমাই কৰা অভিনয়ৰ তুলনা নোহোৱা হ’ল৷ গ্লিচাৰিন নলগোৱাকৈয়ে সৰসৰকৈ চকুৰ পৰা ওলাই অহা চকুপানী মচি ফেঁকুৰি ফেঁকুৰি ৰেশমাই যেতিয়া কেমেৰাৰ আগত অভিনয় কৰে, কেমেৰামেনো ভোল যায়, চকুৱে ক’ব নোৱাৰাকৈয়ে লেঞ্চ্‌ৰ বাহিৰলৈ আহি তাইৰ অভিনয় উপভোগ কৰিবলৈ লাগে৷ প্লাষ্টিকৰ চকীত বহি ডিৰেকচন দি থকা ডিৰেক্টৰে কাট্‌-কাট্‌ কোৱাৰ সলনি মিচিককৈ হাঁহি এটা মাৰে আৰু পিছত কেমেৰামেনক ডবিয়াই – মই ক্ল’জ আপ কৰিবলৈ কৈছিলো নহয়, আধাতে এৰিলি কিয়?

সেইজনী ৰেশমা আহিল শিক্ষকৰ চাকৰিত যোগদান কৰিবলৈ আমাৰ স্কুলখনলৈ৷ কাৰ্যালয়ত নথি-পত্ৰসমূহ জমা দি তাই অধ্যক্ষৰ কোঠাত সোমাল৷ আমাৰ চেন্টাৰটোত মুঠতে তিনিখন হাইস্কুল আছিল – ল’ৰাৰ হাইস্কুলখন, ছোৱালীৰ কন্যা বিদ্যালয়খন আৰু একাডেমী স্কুলখন৷ উল্লেখযোগ্য কথা যে  স্কুলকেইখনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক আটাইকেইখন স্কুলৰ বিদ্যাৰ্থীকূলে সমানে সন্মান কৰিছিল৷ ৰেশমা ছাৰৰ কোঠাত সোমাই টেবুলৰ সিফালে পোন হৈ থিয় হ’ল আৰু ছাৰক নমস্কাৰ জনাই আৰম্ভ কৰিলে – ছাৰ, চাকৰিটো পাই যিমান ভাল লাগিছিল, আপুনি থকা বাবে আৰু বেছি ভাল পাইছো৷

তামোল চোবাই চোবাই ভৰিৰ পৰা মূৰলৈকে ছাৰে তাইলৈ এবাৰ চালে, তাৰ পিছত সুধিলে – সঁচাকৈ কৈছ, নে অভিনয় কৰিছ?
-          নাই, নাই ছাৰ ৷ ৰেশমাই উথপথপ লগালে৷ ছাৰে ওপৰলৈ চাই পাগ উঠা তামোলৰ মাজেদি এসময়ত উচ্চাৰণ কৰিলে – হব, যাহ, কমন্‌ৰুমতে বহগৈ!

সেইয়াই আৰম্ভণি৷

ৰেশমাই মাষ্টৰৰ চাকৰিত যোগদান কৰিলে যদিও অভিনয় নেৰিলে৷ আচলতে অভিনয়ে ৰেশমাক নেৰিলে নে ৰেশমাই অভিনয়ক নেৰিলে সেইটো কোৱাটো টান৷ আমাৰ ৰাজ্যত অকল কলা-সংস্কৃতিৰ সাধনাৰেই পেট নভৰে৷ ১৯৯১ চনতে ৰাষ্ট্ৰীয় অভিনেত্ৰীৰ সন্মান পাইও মলয়া বাইদেউৱে কলেজৰ চাকৰি বাদ দিব পৰা নাই, ৰেশমাই কেনেকৈ পাৰিব? সেয়ে ভাল নাপালেও ৰেশমাই ঘনে ঘনে সৰ্বেশ্বৰ ছাৰৰ টেবুলখনৰ সিফালে গৈ থিয় হ’ব লগা হয় – ছাৰ, এইবাৰ মাত্ৰ তিনদিনৰ ছুটি লাগে, ডিৰেক্টৰ গুৱাহাটীৰ, অভিনয়ৰ বাবে ডিব্ৰুগড় আৰু বোকাখাতৰ পৰা মানুহ আহিছে….
ছাৰে সোধে - সঁচাকৈ কৈছ, নে অভিনয় কৰিছ? ছাৰে সদায় সোধা এই প্ৰশ্নটোত ৰেশমাৰ বেয়া নেলাগে, তাত একধৰণৰ আন্তৰিকতা নিহিত আছে বুলি তাই নিশ্চিত৷ ছাৰৰ একমাত্ৰ পুত্ৰইও ডাক্টৰি পাছ কৰি ৰাজধানী চহৰত থাকি লৈ অভিনয়ত নামিছে! সদায় শেষত কয় – যাহ্‌!

পঢ়োৱাও নাই, ওচৰৰ পৰা পোৱাও নাই, তথাপিও ছাৰৰ সমূখত থিয় হ’লেই ৰেশমা কিয় ইম্মান নাৰ্ভাছ হয় তাই নিজেই নাজানে৷ বাঘা বাঘা কলাকাৰ, পৰিচালকৰ সমুখত ফেট তুলি ঠিয় দি থাকিব পৰা ছোৱালীজনী সৰ্বেশ্বৰ ছাৰৰ আগত কিয় পামযোৱা সাপ বেলুনৰ দৰে লেতুসেতু হৈ পৰে সেয়া তাই নিজেই নুবুজে - ভয়, ভক্তি, সন্মান নে  কি?

পূজাৰ সময়৷ চেন্টাৰটোত মানুহৰ সমাগম বাঢ়িছে৷ শৰতৰ আগমনে চেন্টাৰটোৰ দোকানকেইখনতো ৰঙ লগাইছে৷ ৰেশমাই চাইকেলখন লৈ সন্ধিয়া সময়ত পুৰণা চেন্টাৰৰ পৰা ঘৰলৈ উভতি আহিছে৷ মনৰ মাজত অলস চিন্তাৰ বিলাস লৈ আপোন মনে চাইকেলৰ পেডেল মাৰি মাৰি-মাৰি মাৰি আহি থকা ৰেশমাৰ মডাৰ্ণ ড্ৰাগ হাউচৰ সমুখতে বাৰাণ্ডাত থিয় দি থকা ছাৰৰ লগত ভেটাভেটি হ’ল – আচম্বিতে! তাইক দেখিয়েই ছাৰেও হঠাতে তামোল চোবোৱা বন্ধ কৰিলে আৰু প্ৰশ্নবোধক চাৱনিৰে তাইলৈ চাই সুধিলে – ক’ৰ পৰা?

কি জানো হ’ল ৰেশমাৰ, হঠাতে তাইৰ মুখেদি ওলাই গ’ল – “সৰ্বেশ্বৰৰ ঘৰৰ পৰা আহিলো”!

নিমিষতে ছাৰৰ চকুদুটা ঘোপা হৈ গ’ল৷ সম্বিৎ ঘুৰাই পোৱাৰ লগে লগে ৰেশমাৰ মুখখনে প্ৰথমবাৰৰ বাবে মেক-আপ নোলোৱকৈয়ে কমলা টেঙাৰ বৰণ ল’লে৷  কি কৰিলো- কি কৰিলো বুলি বাকৰূদ্ধ হৈ পৰা ৰেশমালৈ চাই মিচিককৈ হাঁহি এটা মাৰি ছাৰে ক’লে – যাহ্‌, যাহ্‌, বুজিছো!


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী তুমি, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো উদ্ধাৰ কৰাত সহায় কৰিলে ভন্টি (মানসী দেৱী), মাজনী (ৰূপালীম বৰা) আৰু মোৰ সহপাঠী ৰশ্মিয়ে (ৰশ্মি বৰুৱা)৷ তিনিওলৈ কৃতজ্ঞতা জনাইছো ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Friday, January 12, 2018

ভোগালীৰ স্মৃতি আৰু লোক-সংস্কৃতিৰ সংশয় - Sadin 12-January-18



ভোগালীৰ স্মৃতি আৰু লোক-সংস্কৃতিৰ সংশয়

মোৰ ভোগালীৰ স্মৃতি উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন গাৱঁৰ, তিনি দশকৰ আগৰ৷ গাওঁখনৰ আশে পাশে আছিল দিগন্ত বিস্তৃত কেইবাখনো ধাননি পথাৰ – হাতীপটি, ফটাপুখুৰী, পথলীয়া, বৰদৌল আদি আছিল পথাৰৰ নাম৷ আঘোনৰ পথাৰে দিনে দিনে বৰণ সলায়৷ সেউজীয়াৰো থাকে বিভিন্ন ভাগ – চঞ্চল, পাতল, গহীন, গাঢ় আৰু শেষত চেকুৰা সোণৰ বৰণ ৷ ভোগালী বিহুৰ আগে আগে শীতৰ পুৱা কুৱলীৰ মাজৰ পৰা যেতিয়া পথাৰখন দৃশ্যমান হৈছিল, দেখিছিলো তাৰ বুকুত ধান দাৱলৈ অহা দলে দলে দাৱনি, তেওঁলোকৰ হাতত খৰকৈ চলা কেচ-কেচ চিক-মিক চোকা কাচিবোৰ ৷ এই দৃশ্য কবি কেশৱ মহন্তই চিৰযুগমীয়া কৰি ৰাখিছে৷ শস্যৰ মুঠিবোৰ পলকতে বিতালৈ ৰূপান্তৰিত হৈছিল, বিতাবোৰ ডাঙৰিলৈ৷ তাৰ পিচত কাৰোবাৰ কান্ধত মেটমৰা বোজা হৈ নতুবা ধান টনা গাড়ীত জাপখাই সেই সোনগুটি ঘৰ চাপিছিল ৷ ধান কটাৰ প্ৰথমদিনা বৰফুলৰ গামোছাৰে মেৰিয়াই “আগ” অনা হৈছিল, শেষৰ দিনা “লখিমী”৷

আমাৰ অঞ্চলটোৰ বেছিভাগ বাসিন্দাই তেতিয়া আছিল মূলতঃ কৃষিজীৱি৷ তাৰে এখন গাওঁৰ লোকসকলৰ জীৱিকাৰ একমাত্ৰ সম্বল আছিল কৃষি৷ তেওঁলোকৰ বেছিভাগৰে নিজৰ মাটি নাছিল৷ লোকৰ মাটি আধি লৈ তেওঁলোকে ধান খেতি কৰিছিল ৷ এনে বহুলোকে কেইবা কিলোমিটাৰ আঁতৰত থকা লোকৰ ঘৰলৈ গৰু বা মহৰ গাড়ীৰে চপোৱা শস্য কঢ়িয়াই নিব লাগিছিল৷ আবেলিৰ পৰা আমাৰ ঘৰৰ সমূখৰ শিলগুটি দিয়া ৰাস্তাটোত ধান বোজাই কৰি নিয়া এনে গাড়ীৰ শাৰী লাগিছিল৷ দূৰৰ কোনোবা এঘৰত ধান পেলাই এই গাড়ীবোৰ যেতিয়া ৰাতি আজৰি হৈ উভতি আহিছিল আমি ৰাতিৰ সাঁজ খাই বিচনাত উঠাৰ সময় হৈছিল৷ গাড়ীৰ চকাদুটাত থকা লোহাৰ ৰিঙটোৰ লগত ৰাস্তাৰ শিলগুটিৰ ঘৰ্ষণ হৈ হোৱা এটা ছন্দোৱদ্ধ সুৰে অঞ্চলটো জিনি পেলাইছিল৷ সেই শব্দকো তল পেলাই কেতিয়াবা কোনোবা গাৰোৱানে ভুলে শুদ্ধই মুক্তকন্ঠে হিন্দী ছবিৰ গীত গাইছিল৷  

ভোগালী বিহুৱে সময়টোক দুটা ভাগত ভাগ কৰিছিল৷ বিহুৰ আগদিনালৈকে লেজু লগাই এৰাল দিয়া বা পহৰা দি চৰাবলৈ নিয়া গৰুক বিহুৰ দিনাৰ পৰা মুক্তভাবে বিচৰণ কৰিবলৈ এৰি দিয়া হৈছিল৷ কাৰোবাৰ পথাৰত যদি তেতিয়ালৈকে ধান দাৱলৈ ৰৈ গৈছিল সেই শস্য উদঙীয়া গৰু-গাইৰ পৰা ৰক্ষা কৰাৰ দায়িত্ব আছিল পথাৰৰ গৰাকীৰহে৷ হঠাতে প্ৰাপ্ত হোৱা স্বাধীনতাই প্ৰানীকূলক নিজ গোহালিৰ ঠিকনা যাতে পাহৰাই নেপেলায় তাৰ বাবে দুদিন মান গৰু-গাইক নিজে ঘৰলৈ চপাই অনাটো নিয়ম আছিল৷

ভোগালী বিহুৰ আনন্দ আছিল সীমাহীন৷ অসমৰ কেইবাঠাইতো উৰুকাৰ দিনা মেজি সজা হয়৷ আমাৰ অঞ্চলটোত ভেলাঘৰ সজা হৈছিল৷ পথাৰৰ পৰা কাটি অনা দীঘল দীঘল নৰাৰে ওপৰৰ চাল, বেৰ, দুৱাৰ আদি সজা হৈছিল৷ গাঠি দিবলৈ ব্যৱহাৰ কৰা হৈছিল বাঁহৰ তমাল বা তৰা তুলাই তৈয়াৰ কৰা ৰচীৰ৷ ঘৰটোৰ মাজডোখৰত জুই ধৰিবৰ বাবে খন্দা গাঁতটোৰ নাম আছিল জালিগাত৷  বহিবলৈও ব্যৱহাৰ কৰা হৈছিল পথাৰৰ পৰা কাটি অনা নৰা নতুবা ধানখেৰ৷ কেতিয়াবা জালিগাঁতটো স্পৰ্শ কৰি থকা খেৰ এডালৰ জুইয়ে ইদালৰ পাছত সিদাল জ্বলি আহি বহি থকা ঠাইৰ ওচৰ চাপিব ধৰিছিল৷ এই কাৰ্যটোক লেধেৰি লগা বুলি কৈছিলো৷ উৰুকাৰ দিনা নিশা চুৰ কৰাটো আছিল আটাইতকৈ আমোদজনক কাম৷ কাৰোবাৰ ঘৰৰ জেওৰা, জপনা, নঙলা, ভৰালৰ তলত বা গাধৰিত থোৱা বাঁহ-কাঠ, ভগা মূঢ়া, বাৰিৰ ফুল কবি আদিয়েই আছিল চুৰ কৰিব পৰা সামগ্ৰী৷ এই কাৰ্যৰ বাবে ধৰা পৰিলেও গিৰিহঁতে চোৰহঁতক কেতিয়াও বেয়া পোৱা নাছিল৷ ঘৰৰ মুল্যৱান আৰু প্ৰয়োজনীয় বস্তু যেনে ঢেকী, পানী তোলা ডাঁৰ, কোৰ, নাঙল, কাপোৰ মেলা বাঁহ আদিলৈ এই চোৰসকলে কেতিয়াও চকু দিয়া নাছিল৷ এইবোৰ পৰম্পৰা এক নিৰ্মল আনন্দৰ উৎস হিচাপেহে লোৱা হৈছিল৷ প্ৰতিখন ঘৰৰ পাকঘৰবোৰ জীয়াৰি-বোৱাৰীহঁতে আধানিশালৈকে সৰৱ  কৰি ৰাখিছিল৷ চুৰ কৰিবলৈ গৈ কাৰোবাৰ ঘৰৰ ৰান্ধনিঘৰৰ খিৰিকিৰে চুপে-চাপে জুমি চালে দেখা পোৱা গৈছিল বিভিন্ন বৰণ আৰু আকৃতিৰ পিঠা তৈয়াৰ কৰি থকা দৃশ্য – খোলা পিঠা, বৰ পিঠা, ঘিলা পিঠা, চুঙা পিঠা, উৰহীয়া পিঠা , তিলৰ লাৰু, নাৰিকলৰ লাৰু!

এতিয়া সময় সলনি হ’ল৷ হাতীপটি পথাৰত আজিকালি খেতি নহয়৷ বাৰিষাৰ আটাইকেইটা মাহেই পানীত ডুবি থকাৰ বাবে এতিয়া তাত পুখুৰী খন্দাৰ কথাহে চিন্তা কৰা হৈছে৷ বহুতে খেতি মাটি বিক্ৰি কৰি দিলে৷ এসময়ত নিৰ্জু হৈ বৈ থকা নদীখনে আজিকালি ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ খেতি কৰিব পৰা সময়ছোৱাৰ আটাইকেইটা মাহেই নৈখনে দুয়োকূল ডুবাই থয়৷ অকল খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই থকাৰ দিনৰ অৱসান ঘটিছে৷ এসময়ত অকল খেতি কৰিয়েই গোটেই অঞ্চলটোক অন্নৰ যোগান ধৰা গাওঁখনত এতিয়া ঘৰে ঘৰে চাকৰিয়াল – কোনোবা শিক্ষক, কোনোবা পুলিচ, কোনোবাই নতুনকৈ দোকান দিবলৈ লৈছে৷ তেওঁলোকৰ ঘৰৰ ল’ৰা-ছোৱালীহ’তে এতিয়া ড’ৰেমন, চিনছান, টম এণ্ড্‌ জেৰী চায়; আমেৰিকা আৰু ইউৰোপৰ ল’ৰা-ছোৱালীৰ দৰে৷ অঞ্চলটোৰ সমীপবৰ্তী স্থানত কেইবাখনো ইংৰাজী মাধ্যমৰ স্কুল হৈছে৷ তাৰ ছাৰ বাইদেউহ’তে বুঢ়ীআইৰ সাধু নপঢ়ায়, কিতাপত হেৰী পটাৰৰ কথাহে আছে৷ বিহু বুলি অঞ্চলটোৰ বেছিভাগ লোকেই মোবাইল আৰু ৱাটছ্‌আপত বিহুৰ শুভেচ্ছা জনায়, ফে’চবুকত আনে সজা ভেলাঘৰৰ ছবি আপলোড কৰে! সুৰাৰ অবাধ প্ৰচলনে ডেকাল’ৰাৰ ৰুচীৰ সলনি কৰিছে৷ হাজিৰা কৰা মানুহ লগাই কোনোবা পৰিয়ালে এতিয়াও ভেলাঘৰ সজায়, কিন্তু তাত তাহানিৰ দিনৰ আন্তৰিকতা নাই!

ভাষাৰ ওপৰত গৱেষণা কৰা এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই প্ৰকাশ কৰিছে যে পৃথিৱীত প্ৰচলিত সাতহাজাৰ ভাষাৰ দুহেজাৰ আঠশ ভাষা বিশ্বায়নৰ প্ৰভাৱত অচিৰেই কালৰ বুকুত হেৰাই যাব৷ ঠিক তেনেকৈয়ে হেৰাই যাব পৃথিৱীৰ অনেক ঠাইৰ লোক- সংস্কৃতি৷ এমেৰিকাৰ চিয়েটেল নামৰ ঠাইত আৰম্ভ হোৱা ষ্টাৰবাক নামৰ কফিখোৱা দোকানখন পঞ্চাশবছৰৰো কম সময়তে ৬০খন দেশলৈ বিয়পি পৰিছে৷ ষ্টাৰবাক্‌ৰ এতিয়া বিশহাজাৰতকৈও অধিক শাখা আছে৷ অতি সোনকোলেই গোলকটোৰ বাসিন্দাসকলে যিকোনো ঠাইতে খাবলৈ লোৱা ৰাতিপুৱাৰ কফিকাপ একেধৰণৰ কাপত আৰু একেটা জুতিৰে হোৱাৰ সম্ভাৱনা আছে৷ এনে উদাহৰণৰ শেষ নাই৷

কিউবা আৰু ভেটিকান চিটিকে ধৰি ৰাষ্ট্ৰসংঘৰ কেইবাখনো সদস্য ৰাষ্ট্ৰই দাবী কৰিছে যে বিশ্বায়নে পৃথিৱীত বাস কৰা ৮০ শতাংশ নাগৰিকক বঞ্চিত কৰি কেৱল ২০ শতাংশ লোকলৈহে অৰ্থনৈতিক সফলতা কঢ়িয়াই আনিছে৷ বিশ্বায়নৰ এই বিভ্ৰান্তিকৰ দিনত মোৰ ল’ৰালিৰ ভোগালী বিহুৰ স্মৃতিয়ে মোক কেৱল স্মৃতিকাতৰহে কৰি তুলিব পাৰে, সেই দিনবোৰ দৰে সময় আকৌ ঘুৰাই আনি দিব নোৱাৰে ৷
সাদিনৰ সমূহ পাঠক-পাঠিকালৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ ৷

ফোন নম্বৰঃ ৯৯৫৮৮৯৫৭০৮

Friday, January 5, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩০)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩০)

নামত ফাৰ্মাছি তিনিখনেই আছে, কিন্তু হলে কি হ’ব, এখন চেন্টাৰৰ পৰা দূৰত - চৰকাৰী হস্পিটেলখনৰ সমূখত৷ সেয়ে সচৰাচৰ বেছিভাগ মানুহেই চেন্টাৰটোৰ আটাইতকৈ জনপ্ৰিয় ঔষধৰ দোকানখনলৈকে আহে – নাম, মডাৰ্ণ ড্ৰাগ হাউচ ৷ “বৰা ক্লিনিক” নামৰ  একমাত্ৰ প্ৰাইভেট্‌ ক্লিনিকখনৰ লগতে আছে মডাৰ্ণ ড্ৰাগ্‌ হাউচ্‌৷ ফাৰ্মাছিখন আছিল সৰ্বেশ্বৰ ছাৰৰ এজন নিকট আত্মীয়ৰ৷ দৈনিক কাকত কেইখন সংগ্ৰহ কৰি প্ৰত্যেকদিনাই আবেলি ছাৰ গৈ ফাৰ্মাচিখনত অলপ সময় বহেগৈ৷ গোটেইদিনটো ফাৰ্মাচিখনত বহি থাকি সমুখত পৰি থকা ৰঙীন আলোচনীখনৰ পাতবোৰ লুটিয়াই বগৰাই ফাৰ্মাচিষ্ট্‌ ল’ৰাজনৰ তেতিয়ালৈ আমনি লাগে৷ ৱাটছ্‌আপ্‌, ফে’চবুক নথকাটোৱেই আছিল আমনি লগাৰ প্ৰধান কাৰণ! সেয়ে ছাৰ আহিলেই তেওঁ সাউতকৈ নাইকিয়া হয়৷ ছাৰে মুখত তামোল এখন সুমুৱাই লৈ তাতেই বাতৰি কাকত কেইখন মেলি লয়৷ সেইখিনি সময়ত গ্ৰাহক আহিলে গ্ৰাহক-সোধাৰ দায়িত্বও ছাৰেই ল’ব লগা হৈছিল৷ দৰৱৰ ছেল্ফটোৰ পৰা টান মাৰি উলিয়াই অনা ঔষধ এটাৰ ম্যাদ পৰীক্ষা কৰিবৰ বাবে ছাৰে চশমাযোৰৰ পাৱাৰ থকা অংশইদি সাৱধানে দৰৱলৈ দৃষ্টি বান্ধে৷ অলপ অগা পিছা কৰি তাৰিখটো মনিবলৈ চেষ্টা কৰি থাকোতেই যদি কোনোবা গ্ৰাহকে সোধে –ছাৰ, আছেনে মিয়াদটো ঠিকেই? ছাৰে তেতিয়া ওপৰত ওলমি থকা ফেনখনলৈ চাই মুখত থকা পিকখিনি সুৰক্ষিত ঠাইলৈ আনি গ্ৰাহককে কয় – তই নিজেই চাছোন এইটো বিৰাশী নে উনাশী!

মডাৰ্ণ ড্ৰাগ্‌ হাউচ্‌ৰ লগতে লাগি থকা দোকানখনৰ নাম তৃপ্তি কৰ্ণাৰ৷ চাইন বৰ্ডত লিখা আছে- তৃপ্তিহাৰী মিঠা জৰ্দা পান, আমি সদায় ধৰোঁ যোগান, মণিহাৰী মালো পাব, সময় পালেই আহি যাব! এইখন দোকানতে ছাৰে নিতৌ তামোল খায়৷ লগতে আৰু এখন মণিহাৰী মালৰ দোকান আছে –ভাইটিদাৰ দোকান ৷ ভাইটিদা আগতে ‘ভট্টাচাৰ্য্য এজেঞ্চি’ত থাকি কামি শিকিছিল৷ পাক-চক্ৰ জানি বুজি আৰম্ভ কৰা বাবে অলপদিনতে দোকানখনৰ যথেষ্ট শ্ৰীবৃদ্ধি হৈছে৷ চেন্টাৰটোৰ আনখন ঔষধৰ দোকান ৰাস্তাটোৰ সিপাৰে আছে- মিতালী হোটেলৰ কাষত৷  মিতালী নামতহে হোটেল, তাত ভাত পোৱা নাযায়৷ আইনাৰ আলমাৰীত বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু বুন্দিয়া-ভুজিয়া  সজাই থোৱা থাকে তাত৷ দোকানখন এটা প্ৰধান আকৰ্ষণ আছিল গজা নামৰ মিঠাইবিধ ৷ বিভিন্ন মেল মিটিঙত, বিশেষকৈ মোক্তাবস্কুলত, প্ৰাইমাৰী স্কুলৰ শিক্ষকসকলৰ মাহেকত এবাৰকৈ অনুষ্ঠিত হোৱা বিল-মিটিঙত চাহৰ লগতে গজা-চিংৰা এইখন দোকানৰ পৰাই নিয়মীয়াকৈ গৈছিল৷ মালিকজন খাচ অসমীয়া, ভকত গাৱৰ লক্ষী খাটনিয়াৰ৷ অসমীয়া মালিকৰ দোকান যেতিয়া স্থানীয় ডেকাল’ৰাৰ বাবে সেই স্থান আছিল ঘৰৰ চ’ৰাঘৰৰ সমতুল্য৷ মিতালী ভাণ্ডাৰৰ এটা চিনাকি দৃশ্য হৈছে - আবেলি তালৈ ডেকা ল’ৰাকেইটামান গপগপাই সোমাই গৈ টেবুলএখন অধিকাৰ কৰি বহি ল’লে, কুচন পৰা চকীত বহি থকা মেনেজাৰে চিঞৰি উঠিল - ঐ পোৱালী, তিন নম্বৰত হাফ চাহ চাইটা লগা ! ভুজিয়া খাবলৈ অৱশ্যে মিতালী ভাণ্ডাৰলৈ চিনাকি মানুহ কমেই যায়৷ তাৰ বাবে জনপ্ৰিয় আছিল মডাৰ্ণ ড্ৰাগ্‌ হাউছ্‌-ৰ লগতে থকা মঙ্গলজীৰ চাহৰ দোকানখন৷ গুৰি দাঁতত পেলাই লৈ মচমচাই চোবাব পৰা গৰম গৰম ভুজিয়া বনাইছিল মঙ্গলজীয়ে৷ আৰু ভাত? ভাতৰ হোটেল আছিল মাত্ৰ এখন ৷ ভট্টাচাৰ্য্য এজেঞ্চিৰ পোনে পোনে ৰাষ্টাটোৰ সিফালে এজোপা কৃষ্ণচূড়াৰ গছ আছিল৷ বছৰটোৰ এটা সময়ত টিক্‌-টিক্‌কৈ ৰঙা ফুল ফুলি এই গছজোপায়েই আমাৰ চেন্টাৰটো উজ্বলাই তুলিছিল৷ কৃষ্ণচূড়াজোপাৰ সিফালে থকা দীঘল ঘৰটোত, য’ত ‘ফটো হাউছ’ নামৰ একমাত্ৰ ষ্টুডিঅ’টো আছিল, তাৰ লগতে থকা দোকানখনেই হৈছে ভাতৰ হোটেল৷ সমূখত বৰ ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল – ইয়াত ভাত পোৱা যায়! তাত সঁচাকৈ ভাত পোৱা গৈছিল নে নাই জনা নগৈছিল কাৰণ সেই সৰু ঠাইখনত হোটেলৰ ভাত খাব লগাকৈ দিনৰ বেলা আলহী-অতিথি অহাৰ একেবাৰেই সম্ভাৱনা নাছিল৷ আৰু সন্ধিয়াতে দোকানখন বন্ধ হৈ গৈছিল৷

এসময়ত অসম ৰাজ্যিক বাছ পৰিবহন নিগমৰ আস্থানবিলাকৰ লগতে চাহ চিংৰা খাব পৰাকৈ একোখন চাহৰ দোকান আছিল৷ ৰঙা বাছখন বেছি সময় ৰ’ব লগা হলে যাত্ৰীয়ে কেতিয়াবা তেনে দোকানতে বহি চাহ-চিংৰা বা পুৰি-পৰঠা খাব পাৰিছিল৷ আমাৰ চেন্টাৰটোতো তেনেকুৱা এখন দোকান আছিল – ভট্টাচাৰ্য্য এজেঞ্চিৰ গাতে গা লাগি৷ কিন্তু আমোদজনক কথা, তাত চাহ-চিংৰা বা পুৰি-পৰঠা পোৱা নগৈছিল৷ তাত আছিল বান, ব্ৰেড জাতীয় বেকাৰিত তৈয়াৰ কৰা খাদ্য কিছুমানহে৷ দোকানখনৰ ভিতৰফালে থকা এটা কোঠালিত কেইজনমান মানুহক প্ৰায়েই টাছপাত খেলি থকা দেখা গৈছিল৷ তেওঁলোকে দোকানখনৰ বান বা ব্ৰেড খাইছিল নে নাই সেইটো জনাৰ কোনো উপায় নাছিল৷ 

বাছ ষ্টেণ্ডটোৰ সিহাতে, ভট্টাচাৰ্য এজেঞ্চিৰ মুখামুখিকৈ ‘সৃজনী পুস্তকালয়’-ৰ কাষত থকা মণিহাৰী দোকানখনত দূৰৰ পৰা চকুত পৰাকৈ কল, কমলা, আপেল, নাচপতি, আঙুৰ সজাই থোৱা হৈছিল৷ আমাদজনক কথা হৈছে - বাছ ষ্টেণ্ডৰ এফালে থকা কিতাপৰ দোকান - ভট্টাচাৰ্য এজেঞ্চি, তাৰ লগতে বান-ব্ৰেড খাব পৰা এখন চাহ-দোকান, বাছ ষ্টেণ্ডৰ সিফালেও এখন কিতাপৰ দোকন - সৃজনী পুস্তকালয়, তাৰ সিফালেও বান-ব্ৰেড খাব পৰা আন এখন চাহৰ দোকান! বিশ্বাস কৰিবলৈ টান কিন্তু সঁচা কথা৷ সৃজনী পুস্তকালয়ৰ পৰা অলপ আগলৈ ৰাষ্টাটোৰ সিপাৰে, চগমলালৰ দোকানৰ সমূখত, নাৰায়নৰ চাইকেল দোকানীৰ কাষতে আৰু এখন চাহৰ দোকান আছে – মাৰোৱাৰী মানুহৰ৷ গোটেই অঞ্চলটোত একমাত্ৰ এইখন দোকানতে কছৌৰী নামৰ মিঠাইবিধ পোৱা গৈছিল৷ কছৌৰী নিম্‌কিৰ বাবেই বিখ্যাত আছিল দোকানখন ৷ শীতকালত আবেলিৰ পৰা সন্ধিয়ালৈকে এই দোকানখনত বহিবলৈ খালি চকী পোৱাটোৱেই এটা কঠিন কাম আছিল৷

অৱশ্যে অঞ্চলবাসী সততে পীড়িত হোৱা পেটৰ অসুখ, শৌচ-বমি আদি বেমাৰৰ বাবে এই দোকান কেইখনৰ কোনো প্ৰত্যক্ষ অৱদান নাছিল৷ তেনে অসুখ হলে সকলোৱেই পোনে পোনে ঔষধৰ দোকান পাইছিলগৈ আৰু সাধাৰণ পিল দুই-এটাৰেই আৰোগ্য লাভ কৰিছিল৷ এতিয়া বিজ্ঞানে প্ৰমান কৰিছে যে মনত বিশ্বাস থাকিলে দেহৰ বিকাৰ সোনকালে আৰোগ্য হয়, আমাৰ অঞ্চলটোত এই সত্যটোৰ প্ৰয়োগ সেই তেতিয়াৰ পৰাই চলি আহিছে৷ মডাৰ্ণ ড্ৰাগ্‌ হাউচৰ সৰ্বশ্বৰ ছাৰৰ হাতৰ পৰা লোৱা দৰৱত এই দুয়োটা উপাদান এনেদৰে সন্তুলিত আছিল যে, কোনো কোনো ক্ষেত্ৰত এটা ঔষধেই সৰ্বঢাক পৰ্যায়ত কাম কৰিছিল৷

সৰ্বেশ্বৰ ছাৰে ফাৰ্মাছিত বহি লৈ টিউৱ লাইটৰ পোহৰত একান্ত মনে অসমবাণীখন পঢ়ি আছে৷ মুখত তামোল ৷ সন্ধিয়া লাগিবলৈ আৰম্ভ কৰিছে, দোকানবিলাকত দুই এটাকৈ লাইট জ্বলি উঠিবলৈ ধৰিছে৷ তেনে সময়তে ফাৰ্মাছিখনলৈ উধাতু খাই সোমাই আহিল গেৰেকীৰ পূৰ্ণানন্দ৷ পূৰ্ণানন্দৰ হাতত সময়ৰ সদায় নাটনি - হকে বিহকে ব্যস্ত সি! ছাৰৰ প্ৰাক্তন ছাত্ৰ৷ চাইকেলখনৰ ষ্টেণ্ডডাল লগোৱাৰ পৰাই সি ছাৰ ছাৰ-কৈ চিঞৰি আহিছে৷

-          ছাৰ, ছাৰ, ডাঙৰ কথা হৈছে, বমিৰ দৰৱ দিয়ক৷
ছাৰ নিৰ্বিকাৰ, ধ্যান অসমবাণীত৷
-          ছাৰ, ছাৰ, সোনকালে কৰক, বমিৰ দৰৱ দিয়ক৷
নাকৰ মাজডোখৰলৈ সামান্য খহি অহা চশমাযোৰৰ ওপৰেদি পূৰ্ণলৈ চাই এইবাৰ ছাৰে সুধিলে – কি লাগে?
-          ছাৰ, বমি, বমি, বমিৰ ঔষধ লাগে৷ উত্তেজনাত পূৰ্ণানন্দ ফোপাই আছে৷
নিৰ্বিকাৰচিত্তে গহীন হৈ শান্ত মাতেৰে ছাৰে নিক্ষেপ কৰিলে -  
-          বমি হোৱাবলৈ লাগে, নে বমি বন্ধ কৰাবলৈ লাগে?

 (“জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


Thursday, January 4, 2018

বিশ্বব্ৰহ্মাণ্ডৰ এক চিৰন্তণ ৰহস্য – সময় Sadin, 5 Januray 2018




বিশ্বব্ৰহ্মাণ্ডৰ এক চিৰন্তণ ৰহস্য – সময়
-          উৎপল বাদল বৰুৱা

“পল  পল দণ্ড কৰি, সময় গৈছে উৰি, পাখি লগা কাড়ৰ নিচিনা অবিৰাম ..” নতুবা “পল অনুপল কৰি ডাৰ দিন মাহ চৰি যুগ যুগ পাৰ হৈ যায় …” এই দুয়োফাঁকি কবিতাতে সময়ৰ এক অনন্ত গতিৰ কথা কোৱা হৈছে৷ “সময় আৰু জোৱাৰে কাৰো বাবে অপেক্ষা নকৰে” বুলিও ব্যৱহাৰিক দিশৰ পৰা এষাৰ অতি জনপ্ৰিয় উপদেশমূলক কথা আছে৷ তাৰ মানে, সময় এক চিৰপ্ৰৱাহমান বস্তু নেকি, কেনেকুৱা ইয়াৰ অস্তিত্ব? সময়ক দেখা পোৱা নাযায়, সময়ৰ কোনো শব্দ নাই, সময়ক স্পৰ্শও কৰিব নোৱাৰি ৷ অথচ আমাৰ জীৱনত সময়ৰ গুৰুত্ব অপৰিসীম৷ কি এই সময়? ১৯৩১ চনত বিখ্যাত চিত্ৰকৰ চালভাদোৰ দালিয়ে সময়ৰ এই দুৰ্বোধ ৰহস্যক তুলিকাৰে অংকণ কৰিব বিচাৰিছিল৷ “দি পাৰজিছটেন্স্‌ অৱ মেমৰি” নামৰ এই চিত্ৰখনৰ আধাৰতে ভূপেনদাই “নালাগে সমাজ, নালাগে নালাগে, সময় দেখুউৱা ঘড়ী..” আৰু “জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গ’ল..” গীতদুটা লিখা বুলি কৈছিল!

আচৰিত কিন্তু সত্য কথা যে সময়ৰ সৰ্বজন গ্ৰহনীয় সংজ্ঞা আজিলৈকে কোনেও দিব পৰা নাই৷ মানুহৰ কৃতিত্ব কেৱল ইয়াক নিখুঁটভাৱে জোখ-মাখ কৰিব পৰাটোতেই সীমাৱদ্ধ হৈ আছে ৷ ঘড়ী মানে সময় নহয়, ই কেৱল সময়ক মাপ কৰিবৰ বাবে ব্যৱহাৰ কৰা এটা যন্ত্ৰ! মানুহে সময়ক সুক্ষ্মৰ পৰা সূক্ষ্মতৰ ভাগত হিচাপ কৰিব পাৰিছে৷ ঘন্টা, মিনিট, ছেকেণ্ডৰ পাছতো এটা ছেকেণ্ডক এহাজাৰ ভাগত বিভক্ত কৰি ‘মিলি ছেকেণ্ড’, দহলাখ ভাগত ভাগ কৰি ‘মাইক্ৰ ছেকেণ্ড’ আৰু এশ কোটি ভাগত ভাগ কৰি ‘নেন’ ছেকেণ্ড’ সময়ক কামত লগাব পৰা কৰি লৈছে৷ তথাপিও সময় নিজে কি, সেই ৰহস্যৰ অৱসান এতিয়াও হোৱা নাই৷

সময়ৰ অস্তিত্বৰ অনুভৱ কৰিবৰ বাবে সময়হীন এক অৱস্থাৰ কল্পনা কৰি ল’ব লাগিব৷ সেই অৱস্থা হৈছে স্পন্দনহীন, গতিহীন, সঞ্চালনহীন, পৰিৱৰ্তনহীন এক অৱস্থা ৷ সেই অৱস্থাত সকলো স্থবিৰ, ক’তো একো লৰচৰ বা পৰিৱৰ্তন হ’ব নোৱাৰিব, কাৰণ কিবা লৰচৰ হোৱা মানেই তাৰ আগৰ আৰু তাৰ পাছৰ দুটা সময়ৰ সৃষ্টি হোৱা! সময়হীন পৃথিৱী মানে পৰিৱৰ্তনহীন, গতিহীন এক অনন্ত স্থবিৰ অচল অৱস্থা!

সময় আৰু পৰিৱৰ্তনক বেলেগ কৰিব নোৱাৰি ৷ প্ৰতিটো সুক্ষ্ম অথবা বিশাল পৰিৱৰ্তনে সময়ৰ অস্তিত্বক প্ৰতিপন্ন কৰে ৷ সভ্যতাৰ আৰম্ভনিতে প্ৰকৃতিৰ বুকুত সলনি হোৱা একোটা অৱস্থাই মানুহৰ মনত প্ৰথম সময়ৰ ধাৰণাৰ জন্ম দিছিল৷ দৈনিক প্ৰত্যক্ষ কৰা দিন ৰাতিৰ পৰিৱৰ্তনে মানুহৰ মনত সৃষ্টি কৰিছিল এটা নিৰ্দিষ্ট সময়ৰ ধাৰণা – এটা দিনৰ ধাৰণা ৷ তেনেকৈ ৰাতিৰ জোনবাইৰ ক্ৰমশঃ পৰিৱৰ্তন আৰু পূৰ্ণতাই জন্মদিছিল এটা মাহৰ ধাৰণা ৷ আকাশত বেলিটোৱে অহা-যোৱা কৰা পথৰ পৰিৱৰ্তনে জন্ম দিছিল এটা বছৰৰ ধাৰণাক৷ প্ৰাচীন মানৱে যেতিয়া চিকাৰ এৰি খেতিত ধৰিবলৈ শিকিছিল তেতিয়াই বতৰ পৰিৱৰ্তনৰ খবৰ অত্যন্ত জৰুৰী হৈ পৰিছিল ৷ তেনে সময়তে মানুহে সময়ৰ প্ৰতিটো পৰিৱৰ্তনক অধিক মনোযোগেৰে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল ৷
এটা দিনৰ সময়ৰ ভাগক গণিবৰ বাবে এসময়ত ‘ছান-ডায়েল” নামৰ এটা পদ্ধতি ব্যৱহাৰ কৰা হৈছিল৷ বহল এচটা পাতৰ ওপৰত থিয় হৈ থকা খুটি এটাৰে ‘ছান-ডায়েল’ এবিধ অতি সৰল সময় নিৰূপক আহিলা৷ আকাশত বেলিটো যেতিয়া পূৱৰ পৰা পশ্চিমলৈ গৈ থাকে খুটিটোৰ ছাঁটোও পাতচলাত এটা ফালৰ পৰা আন এটা ফাললৈ এটা নিৰ্দিষ্ট গতিত গৈ থাকে! এই হিচাপটোৱে সূৰ্যৰ উত্তৰায়ণ-দক্ষিণায়ণ গতিৰো সূচনা দিব পাৰে৷ এনেকৈয়ে এসময়ত মানুহে আৱিষ্কাৰ কৰিছিল এটা বছৰ ৩৬৫-টা দিনৰ সমষ্টি নতুবা ১২-টা মাহৰ ৷ তাৰ পাছত এদিন মানুহে দিনটোক ভাগ কৰিব পৰা হৈছিল, শিকিছিল ঘন্টা, মিনিট বা ছেকেণ্ড গণিব পৰাৰ কৌশল৷ সদায় বেলিৰ ওপৰতে নিৰ্ভৰ কৰি সময় গণনা কৰা কামটো সুচল নহয়৷ বিশেষকৈ বেলিটোক ডাৱৰে ঢাকি ধৰিলে সময়ৰ সম্ভেদ পোৱাটো কষ্টকৰ আছিল৷ কালক্ৰমত বালিঘড়ীৰ প্ৰচলন হ’ল৷ দম্বৰু আকৃতিৰ এটা কাঁচৰ পাত্ৰৰ এটা অংশত বালি ভৰাই থোৱা থাকে সেইটোৰ পৰা তললৈ নিগৰি নিগৰি বালি সৰিবলৈ সময় লাগে পূৰাপূৰি এটা ঘন্টা, আকৌ ওলাটাই দিলে ওপৰৰ অংশটো খালি হবলৈ লাগে আন এটা ঘন্টা!

কেলেণ্ডাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল সঠিককৈ কোনেও নাজানে ৷ আমি এতিয়া ব্যৱহাৰ কৰি থকা কেলেণ্ডাৰ পদ্ধতিৰ ব্যৱহাৰ আৰম্ভ কৰিছিল আজিৰ পৰা চাৰিহাজাৰ বছৰৰ আগতে বেবিলনৰ মানুহে৷ ১৮ শতিকাত সময়ৰ হিচাপ ৰাখিবলৈ যান্ত্ৰিকভাবে তৈয়াৰ কৰা ঘড়ী প্ৰস্তুত হ’বলৈ আৰম্ভ কৰিলে৷ আজিৰ দিনৰ ইলেকট্ৰনিক ঘড়ীয়ে এটা ছেকেণ্ডকো ভাগ কৰি দেখুৱাবলৈ সমৰ্থ হৈছে ৷ তথ্য আৰু প্ৰযুক্তি বিদ্যা, অনাতাঁৰ, বিমান পৰিবহন আদিত ব্যৱহাৰ হোৱা কেতবোৰ যন্ত্ৰই মাইক্ৰ ছেকেণ্ড বা নেন’ ছেকেণ্ডৰ দৰে  অতি সূক্ষ্ম সময়ৰ হিচাপো কৰিব পাৰে ৷

পৃথিৱীৰ সকলো ঠাইতে সময়ৰ হিচাপ একেই নে? নহয় ৷ সকলোৱে বেলিটো মূৰৰ ওপৰত থকাৰ সময়ত দুপৰীয়া বাৰ বজাটো বিচাৰে৷ পৃথিৱীৰ আকৃতি যিহেতু গোলাকাৰ, সেয়ে এইটো সকলোৰে বাবে একে সময়তে সম্ভৱ হব নোৱাৰে৷ আমি জানো যে ভাৰতবৰ্ষত দিন হলে এমেৰিকাত ৰাতি হয়! কিন্তু আন আন দেশত? প্ৰতিখন দেশৰ সময়কে কোৱা হয় সেই দেশখনৰ স্থানীয় সময়; যেনে আমাৰ দেশত - ইণ্ডিয়ান ষ্টে্ণ্ডাৰ্ড টাইম বা ‘IST’ ৷ দেশ এখনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই সময়ৰ প্ৰয়োজন হলেও আন্তঃৰাষ্ট্ৰীয় যোগাযোগ বা বিমান পৰিবহনৰ ক্ষেত্ৰত এই ব্যৱস্থাই অসুবিধাও কৰে বহুত৷ এনে কামৰ বাবে বিশ্বজুৰি ব্যৱহাৰ কৰিব পৰাকৈ সকলোৰে বাবে এটাই সময় হোৱা উচিত৷ ১৮৮৪ চনত হোৱা আন্তঃৰাষ্ট্ৰীয় এখন সন্মিলনত সিদ্ধান্ত হ’ল যে লণ্ডনৰ ওচৰত থকা গ্ৰীনউইছ নামৰ ঠাইখনৰ স্থানীয় সময়কে গোটেই পৃথিৱীয়ে এনেবোৰ কামৰ বাবে ‘গড় সময়’ হিচাপে গ্ৰহন কৰিব৷ প্ৰথম অৱস্থাত এই সময়ক GMT বা “গ্ৰীনউইছ মিন টাইম” বুলি জনা গৈছিল৷ আজিকালি এই সময়ক UTC অৰ্থাৎ ‘ইউনিভাৰ্ছেল টাইম ফৰ কৰ্ডিনেচন্‌’ বুলি কয় ৷ সেই একেখন সন্মিলনতে গোটেই পৃথিৱীখনৰ সময়ক মুঠ চৌৱিশটা ‘সময়-খণ্ড’ত (Time Zone) ভাগ কৰি লোৱা হৈছিল – বাৰটা পূৱ দিশত আৰু বাৰটা পশ্চিম দিশত৷ আমাৰ দেশৰ স্থানীয় সময় এই সময়তকৈ চাৰে পাঁচ ঘন্টা আগবঢ়া৷ পূৱলৈ সময় আগবাঢ়ি গৈ থাকে, পশ্চিমলৈ পিছুৱাই যায় ৷ এই হিচাপ মতে পৃথিৱী নামৰ গোলকটোত গ্ৰীনউইছৰ  ওলোটা পিঠিত থকা ঠাইবোৰত সময় গণিবৰ বাবে এটা আচৰিত ধৰণৰ গণ্ডগোল হয়৷ ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰ দুয়োফালে দুটা সময় হয়, অৰ্থাৎ এই কাল্পনিক ৰেখাডাল যদি গুৱাহাটীৰ ওপৰেদি পাৰ হৈ গ’লহেঁতেন তেনেহলে নুনমাটিত সোমবাৰ হ’লে, বৰঝাৰত মঙ্গলবাৰ হ’লহেঁতেন! এই বিসংগতি আঁতৰাবলৈকে এই ৰেখাডাল মহাসাগৰৰ ওপৰেদি একা-বেকাকৈ কল্পনা কৰা হৈছে ৷ প্ৰশান্ত মহাসাগৰৰ ওপৰেদি পাৰ হৈ যোৱা ১৮০ ডিগ্ৰী দ্ৰাঘিমা ৰেখাই চাইবেৰিয়াৰ ওচৰৰ ৰেনজেল দ্বীপপুঞ্জ, হাৱাই দ্বীপপুঞ্জ, ফিজি দ্বীপপুঞ্জৰ ঠাইসমূহক একাষৰীয়া কৰি থৈ পানীৰ ওপৰেৰে উত্তৰ আৰু দক্ষিণক সংযোগ কৰিছে ৷ গোলকটোৰ ওপৰত থকা এইডালেই একমাত্ৰ একা-বেকা ৰেখা, নাম “ইন্টাৰনেচনেল্‌ ডেইট্‌ লাইন্‌”৷

এইয়া সকলো সময়ৰ হিচাপ ৰখাৰহে কথা ৷ এক ধৰণৰ দৰ্শন মতে সময় চিৰন্তন, সৰ্বব্যাপি ৷ ইয়াৰ কোনো গতি নাই, নাই আদি অন্ত ৷ সময়ক কোনেও অহা দেখা নাই, দেখা নাই যোৱাও৷ সময়ক বাদ দি সকলো বস্তুৰে আগমণ আৰু প্ৰস্থান আছে৷ জন্ম হোৱা শিশু এটাৰ বৃদ্ধ হৈ এদিন মৃত্যু হয় অৰ্থাৎ জীৱনটোৰ এটা গতি আছে, সময়ৰ নাই ৷ সময় তেতিয়াও আছিল, এতিয়াও আছে! “গোটোৱা গোলাপ কলি, সময় থাকোতে সখি, জীৱনৰ সোঁত বলি যায়, যিটি ফুলে হাঁহি আজি ফুলনি শুৱাই তোলে, কালিলৈ পাহি মেলি নেহাঁহে দুনাই ..” কবিয়ে ইয়াত চলমান জীৱনৰ গুণগান কৰিছে৷

সময়ৰ ওভটনি যাত্ৰা সম্ভৱ নে? সময়ক লৈ গুণাগথা কৰা বেছিভাগ বৈজ্ঞানিকেই বিশ্বাস কৰে যে সময়ৰ গতি ভৱিষ্যতলৈহে ৷ আমাৰ বিশ্বব্ৰহ্মাণ্ডখন হেনো ক্ৰমান্বয়ে প্ৰসাৰ হৈ আছে (Movement of Matters) আৰু সেইয়ে সময়ৰ গতি আগলৈ গৈ আছে, এই প্ৰসাৰণৰ যেতিয়াই অন্ত পৰিব বিশ্বব্ৰহ্মাণ্ডৰ সংকোচন আৰম্ভ হ’ব৷ তেতিয়াই সময়ৰ যাত্ৰা এদিন ওভোটা দিশলৈ আৰম্ভ হ’ব৷  আন একাংশ বিজ্ঞানীয়ে বিশ্বাস কৰে যে তাপগতি বিজ্ঞানৰ (Thermodynamics) দ্বিতীয় সুত্ৰটোৱেই সময়ক পৰিচালনা কৰিছে৷ এই সুত্ৰমতে বিকাৰ বা ব্যাধি (Disorder) সময়ৰ লগে লগে বাঢ়ি যায়৷ এই বিকাৰ সংঘটিত হ’ব পাৰে বিভিন্ন অৱস্থাত, কিন্তু ক্ৰমৰ (Order) বাবে লগা অৱস্থা একক৷ অৰ্থাৎ গিলাচ এটা বিভিন্ন প্ৰকাৰে ভাঙি খণ্ড-বিখণ্ড কৰি পেলাব পাৰি কিন্তু ভগা গিলাচটো গঢ়িবৰ বাবে টুকুৰাবিলাক একমাত্ৰ এটা ক্ৰমতহে লগ লাগিব পাৰিব ৷ যিহেতু তাপগতি বিজ্ঞানৰ সুত্ৰ মতে সময়ৰ লগত বিকাৰ বাঢ়িহে যায়, একক হব নোৱাৰে, সেয়ে সময়ৰ ওভটনি যাত্ৰা বাস্তৱতে অসম্ভৱ ৷


বাক বিতণ্ডা অব্যাহত আছে, তাৰ লগে লগে অব্যহত আছে সময়ৰ এই প্ৰাচীন ৰহস্যময়তা!  সময় বৈ আছেনে ৰৈ আছে আমি কোনেও সঠিককৈ নাজানো, যি জানো সেইয়া হৈছে বিশ্বব্ৰহ্মাণ্ডত জীৱনৰ বিৰামহীন অহা-যোৱা ৷