ভোগালীৰ স্মৃতি আৰু লোক-সংস্কৃতিৰ
সংশয়
মোৰ
ভোগালীৰ স্মৃতি উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন গাৱঁৰ, তিনি দশকৰ আগৰ৷ গাওঁখনৰ
আশে পাশে আছিল দিগন্ত বিস্তৃত কেইবাখনো ধাননি পথাৰ – হাতীপটি, ফটাপুখুৰী, পথলীয়া,
বৰদৌল আদি আছিল পথাৰৰ নাম৷ আঘোনৰ পথাৰে দিনে দিনে বৰণ সলায়৷ সেউজীয়াৰো থাকে বিভিন্ন
ভাগ – চঞ্চল, পাতল, গহীন, গাঢ় আৰু শেষত চেকুৰা সোণৰ বৰণ ৷ ভোগালী বিহুৰ আগে আগে
শীতৰ পুৱা কুৱলীৰ মাজৰ পৰা যেতিয়া পথাৰখন দৃশ্যমান হৈছিল, দেখিছিলো তাৰ বুকুত ধান
দাৱলৈ অহা দলে দলে দাৱনি, তেওঁলোকৰ হাতত খৰকৈ চলা কেচ-কেচ চিক-মিক চোকা কাচিবোৰ
৷ এই দৃশ্য কবি কেশৱ মহন্তই চিৰযুগমীয়া কৰি ৰাখিছে৷ শস্যৰ মুঠিবোৰ পলকতে বিতালৈ ৰূপান্তৰিত
হৈছিল, বিতাবোৰ ডাঙৰিলৈ৷ তাৰ পিচত কাৰোবাৰ কান্ধত মেটমৰা বোজা হৈ নতুবা ধান টনা
গাড়ীত জাপখাই সেই সোনগুটি ঘৰ চাপিছিল ৷ ধান কটাৰ প্ৰথমদিনা বৰফুলৰ গামোছাৰে মেৰিয়াই
“আগ” অনা হৈছিল, শেষৰ দিনা “লখিমী”৷
আমাৰ
অঞ্চলটোৰ বেছিভাগ বাসিন্দাই তেতিয়া আছিল মূলতঃ কৃষিজীৱি৷ তাৰে এখন গাওঁৰ লোকসকলৰ
জীৱিকাৰ একমাত্ৰ সম্বল আছিল কৃষি৷ তেওঁলোকৰ বেছিভাগৰে নিজৰ মাটি নাছিল৷ লোকৰ মাটি
আধি লৈ তেওঁলোকে ধান খেতি কৰিছিল ৷ এনে বহুলোকে কেইবা কিলোমিটাৰ আঁতৰত থকা লোকৰ
ঘৰলৈ গৰু বা মহৰ গাড়ীৰে চপোৱা শস্য কঢ়িয়াই নিব লাগিছিল৷ আবেলিৰ পৰা আমাৰ ঘৰৰ সমূখৰ
শিলগুটি দিয়া ৰাস্তাটোত ধান বোজাই কৰি নিয়া এনে গাড়ীৰ শাৰী লাগিছিল৷ দূৰৰ কোনোবা
এঘৰত ধান পেলাই এই গাড়ীবোৰ যেতিয়া ৰাতি আজৰি হৈ উভতি আহিছিল আমি ৰাতিৰ সাঁজ খাই বিচনাত
উঠাৰ সময় হৈছিল৷ গাড়ীৰ চকাদুটাত থকা লোহাৰ ৰিঙটোৰ লগত ৰাস্তাৰ শিলগুটিৰ ঘৰ্ষণ হৈ
হোৱা এটা ছন্দোৱদ্ধ সুৰে অঞ্চলটো জিনি পেলাইছিল৷ সেই শব্দকো তল পেলাই কেতিয়াবা
কোনোবা গাৰোৱানে ভুলে শুদ্ধই মুক্তকন্ঠে হিন্দী ছবিৰ গীত গাইছিল৷
ভোগালী
বিহুৱে সময়টোক দুটা ভাগত ভাগ কৰিছিল৷ বিহুৰ আগদিনালৈকে লেজু লগাই এৰাল দিয়া বা পহৰা
দি চৰাবলৈ নিয়া গৰুক বিহুৰ দিনাৰ পৰা মুক্তভাবে বিচৰণ কৰিবলৈ এৰি দিয়া হৈছিল৷ কাৰোবাৰ
পথাৰত যদি তেতিয়ালৈকে ধান দাৱলৈ ৰৈ গৈছিল সেই শস্য উদঙীয়া গৰু-গাইৰ পৰা ৰক্ষা কৰাৰ
দায়িত্ব আছিল পথাৰৰ গৰাকীৰহে৷ হঠাতে প্ৰাপ্ত হোৱা স্বাধীনতাই প্ৰানীকূলক নিজ গোহালিৰ
ঠিকনা যাতে পাহৰাই নেপেলায় তাৰ বাবে দুদিন মান গৰু-গাইক নিজে ঘৰলৈ চপাই অনাটো নিয়ম
আছিল৷
ভোগালী
বিহুৰ আনন্দ আছিল সীমাহীন৷ অসমৰ কেইবাঠাইতো উৰুকাৰ দিনা মেজি সজা হয়৷ আমাৰ অঞ্চলটোত
ভেলাঘৰ সজা হৈছিল৷ পথাৰৰ পৰা কাটি অনা দীঘল দীঘল নৰাৰে ওপৰৰ চাল, বেৰ, দুৱাৰ আদি সজা
হৈছিল৷ গাঠি দিবলৈ ব্যৱহাৰ কৰা হৈছিল বাঁহৰ তমাল বা তৰা তুলাই তৈয়াৰ কৰা ৰচীৰ৷ ঘৰটোৰ
মাজডোখৰত জুই ধৰিবৰ বাবে খন্দা গাঁতটোৰ নাম আছিল জালিগাত৷ বহিবলৈও ব্যৱহাৰ কৰা হৈছিল পথাৰৰ পৰা কাটি অনা নৰা
নতুবা ধানখেৰ৷ কেতিয়াবা জালিগাঁতটো স্পৰ্শ কৰি থকা খেৰ এডালৰ জুইয়ে ইদালৰ পাছত সিদাল
জ্বলি আহি বহি থকা ঠাইৰ ওচৰ চাপিব ধৰিছিল৷ এই কাৰ্যটোক লেধেৰি লগা বুলি কৈছিলো৷ উৰুকাৰ
দিনা নিশা চুৰ কৰাটো আছিল আটাইতকৈ আমোদজনক কাম৷ কাৰোবাৰ ঘৰৰ জেওৰা, জপনা, নঙলা,
ভৰালৰ তলত বা গাধৰিত থোৱা বাঁহ-কাঠ, ভগা মূঢ়া, বাৰিৰ ফুল কবি আদিয়েই আছিল চুৰ কৰিব
পৰা সামগ্ৰী৷ এই কাৰ্যৰ বাবে ধৰা পৰিলেও গিৰিহঁতে চোৰহঁতক কেতিয়াও বেয়া পোৱা নাছিল৷
ঘৰৰ মুল্যৱান আৰু প্ৰয়োজনীয় বস্তু যেনে ঢেকী, পানী তোলা ডাঁৰ, কোৰ, নাঙল, কাপোৰ
মেলা বাঁহ আদিলৈ এই চোৰসকলে কেতিয়াও চকু দিয়া নাছিল৷ এইবোৰ পৰম্পৰা এক নিৰ্মল আনন্দৰ
উৎস হিচাপেহে লোৱা হৈছিল৷ প্ৰতিখন ঘৰৰ পাকঘৰবোৰ জীয়াৰি-বোৱাৰীহঁতে আধানিশালৈকে সৰৱ
কৰি ৰাখিছিল৷ চুৰ কৰিবলৈ গৈ কাৰোবাৰ ঘৰৰ ৰান্ধনিঘৰৰ
খিৰিকিৰে চুপে-চাপে জুমি চালে দেখা পোৱা গৈছিল বিভিন্ন বৰণ আৰু আকৃতিৰ পিঠা তৈয়াৰ
কৰি থকা দৃশ্য – খোলা পিঠা, বৰ পিঠা, ঘিলা পিঠা, চুঙা পিঠা, উৰহীয়া পিঠা , তিলৰ লাৰু,
নাৰিকলৰ লাৰু!
এতিয়া
সময় সলনি হ’ল৷ হাতীপটি পথাৰত আজিকালি খেতি নহয়৷ বাৰিষাৰ আটাইকেইটা মাহেই পানীত ডুবি
থকাৰ বাবে এতিয়া তাত পুখুৰী খন্দাৰ কথাহে চিন্তা কৰা হৈছে৷ বহুতে খেতি মাটি বিক্ৰি
কৰি দিলে৷ এসময়ত নিৰ্জু হৈ বৈ থকা নদীখনে আজিকালি ভয়ংকৰ ৰূপ ধাৰণ কৰে ৷ খেতি কৰিব পৰা
সময়ছোৱাৰ আটাইকেইটা মাহেই নৈখনে দুয়োকূল ডুবাই থয়৷ অকল খেতিৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই
থকাৰ দিনৰ অৱসান ঘটিছে৷ এসময়ত অকল খেতি কৰিয়েই গোটেই অঞ্চলটোক অন্নৰ যোগান ধৰা গাওঁখনত
এতিয়া ঘৰে ঘৰে চাকৰিয়াল – কোনোবা শিক্ষক, কোনোবা পুলিচ, কোনোবাই নতুনকৈ দোকান
দিবলৈ লৈছে৷ তেওঁলোকৰ ঘৰৰ ল’ৰা-ছোৱালীহ’তে এতিয়া ড’ৰেমন, চিনছান, টম এণ্ড্ জেৰী
চায়; আমেৰিকা আৰু ইউৰোপৰ ল’ৰা-ছোৱালীৰ দৰে৷ অঞ্চলটোৰ সমীপবৰ্তী স্থানত কেইবাখনো
ইংৰাজী মাধ্যমৰ স্কুল হৈছে৷ তাৰ ছাৰ বাইদেউহ’তে বুঢ়ীআইৰ সাধু নপঢ়ায়, কিতাপত হেৰী
পটাৰৰ কথাহে আছে৷ বিহু বুলি অঞ্চলটোৰ বেছিভাগ লোকেই মোবাইল আৰু ৱাটছ্আপত বিহুৰ
শুভেচ্ছা জনায়, ফে’চবুকত আনে সজা ভেলাঘৰৰ ছবি আপলোড কৰে! সুৰাৰ অবাধ প্ৰচলনে ডেকাল’ৰাৰ
ৰুচীৰ সলনি কৰিছে৷ হাজিৰা কৰা মানুহ লগাই কোনোবা পৰিয়ালে এতিয়াও ভেলাঘৰ সজায়, কিন্তু
তাত তাহানিৰ দিনৰ আন্তৰিকতা নাই!
ভাষাৰ
ওপৰত গৱেষণা কৰা এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাই প্ৰকাশ কৰিছে যে পৃথিৱীত প্ৰচলিত সাতহাজাৰ
ভাষাৰ দুহেজাৰ আঠশ ভাষা বিশ্বায়নৰ প্ৰভাৱত অচিৰেই কালৰ বুকুত হেৰাই যাব৷ ঠিক তেনেকৈয়ে
হেৰাই যাব পৃথিৱীৰ অনেক ঠাইৰ লোক- সংস্কৃতি৷ এমেৰিকাৰ চিয়েটেল নামৰ ঠাইত আৰম্ভ হোৱা
ষ্টাৰবাক নামৰ কফিখোৱা দোকানখন পঞ্চাশবছৰৰো কম সময়তে ৬০খন দেশলৈ বিয়পি পৰিছে৷ ষ্টাৰবাক্ৰ
এতিয়া বিশহাজাৰতকৈও অধিক শাখা আছে৷ অতি সোনকোলেই গোলকটোৰ বাসিন্দাসকলে যিকোনো
ঠাইতে খাবলৈ লোৱা ৰাতিপুৱাৰ কফিকাপ একেধৰণৰ কাপত আৰু একেটা জুতিৰে হোৱাৰ সম্ভাৱনা
আছে৷ এনে উদাহৰণৰ শেষ নাই৷
কিউবা
আৰু ভেটিকান চিটিকে ধৰি ৰাষ্ট্ৰসংঘৰ কেইবাখনো সদস্য ৰাষ্ট্ৰই দাবী কৰিছে যে বিশ্বায়নে
পৃথিৱীত বাস কৰা ৮০ শতাংশ নাগৰিকক বঞ্চিত কৰি কেৱল ২০ শতাংশ লোকলৈহে অৰ্থনৈতিক সফলতা
কঢ়িয়াই আনিছে৷ বিশ্বায়নৰ এই বিভ্ৰান্তিকৰ দিনত মোৰ ল’ৰালিৰ ভোগালী বিহুৰ স্মৃতিয়ে
মোক কেৱল স্মৃতিকাতৰহে কৰি তুলিব পাৰে, সেই দিনবোৰ দৰে সময় আকৌ ঘুৰাই আনি দিব নোৱাৰে
৷
সাদিনৰ
সমূহ পাঠক-পাঠিকালৈ ভোগালী বিহুৰ আন্তৰিক ওলগ জনালোঁ ৷
ফোন নম্বৰঃ ৯৯৫৮৮৯৫৭০৮
No comments:
Post a Comment