Sunday, January 28, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৩)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩৩)


ক-ৰ চুক কেইটাও চিনি নোপোৱা - বাক্যটোৰ অৰ্থ নিৰক্ষৰ বা অজ্ঞানী৷ ক- অসমীয়া ব্যঞ্জন বৰ্ণমালাৰ প্ৰথম আখৰ, সেইবাবেই তেনেকৈ কোৱা হয় যেন লাগে৷ ক-বৰ্ণটো চিনি পাবৰ বাবে আচলতে অকল চুকেই নহয়, হাকোটা়ডালো চিনি পাব লাগিব৷ এই আখৰটোৰ সমপৰ্যায়ৰ আৰু দুটা আখৰ আছে আমাৰ ভাষাত – ‘ব’ আৰু ‘ৰ’৷ জ্যামিতি প্ৰয়োগ কৰি চুকলৈ চকু দিলে এই তিনিটা আখৰৰ ভিতৰত আটাইতকৈ বেছি চুক থকা আখৰটো হৈছে -ৰ৷ এটা ডাঙৰ ব-ৰ বুকুত এটা সৰু ‘ব’-ই আত্মাহুতি দি ‘ৰ’-ৰ সৃষ্টি কৰিছে, হাকোটাহীন একমাত্ৰ চুকেৰেই গঠিত ব্যঞ্জন বৰ্ণ! আৰু চুক চিনি পোৱাটোৱেই যদি জ্ঞান বা প্ৰজ্ঞাৰ মানদণ্ড হয়, তেনেহলে ‘ৰ’-আখৰটো চিনি পোৱাজনহে উত্তম হ’ব লাগিছিল, ‘ক’ বা ‘ব’ নহয়!

আমি চেন্টাৰ বুলি কোৱা সেই সৰু ঠাইখনত প্ৰাকৃতিক ভাৱে সৃষ্টি হোৱা এটা 'ৰ' আছিল৷ মাত্ৰাৰ ওচৰত থকা চুকটো আৰম্ভ হৈছ থানাখনৰ পৰা৷ ‘ৰ’-ৰ প্ৰথম আঁচডাল ৫২ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁই পথেদি আগুৱাই গৈ ডাক বঙলাটোৰ ওচৰতে তললৈ নামিছে - পুৰণা চেন্টাৰলৈ৷ তাৰ পিছত  কাঠৰ দলঙখনেদি থানাৰ সমূখলৈ পোনাই দিয়ক – সেইটো এটা নিভাঁজ –‘ব’, প্ৰাকৃতিক৷ আকাশৰ পৰা চালে দেখা পোৱা যায়৷ সেই ‘ব’-টোক এখন নিৰীহ আমন-জিমনকৈ বৈ থকা অঁকৰা নদীয়ে পেট কাটি সৃষ্টি কৰিছে এটা নিখূট অসমীয়া বৰ্ণ – ‘ৰ’৷ এখন কাঠৰ দলং - পুৰণি, আনখন পকী – ৰাষ্ট্ৰীয় ঘাই পথত ওপৰত গড়কাপ্তানী বিভাগে সজা- নতুন৷

সেই কাঠৰ দলঙখনৰ ওচৰতে তাপৰীয়া ষ্টোৰ আৰু সত্যনাৰায়ন ভাণ্ডাৰৰ মাজৰ ঠাইখিনিত এদিন মই সৰ্বশ্বৰ ছাৰক লগ পাইছিলো৷ ছাৰে দৈনিক বজাৰৰ পৰা সম্ভৱ উভতি আহিছিল৷ মোক দেখি চাইকেলখন ৰখালে ৷ চাইকেলৰ হেণ্ডেলডালত নুৰা কৰি চেপা মাৰি সুমুৱাই অনা বাতৰি কাকত এখন৷

পাওঁতে দোকানত থকা সকলো বস্তুৱেই নতুন চেন্টাৰত পোৱা যায়, কিন্তু হলেও আবেলিৰ দৈনিক বজাৰখন বহে ডাক বঙলাটোৰ সমূখত৷ গতিকে পাকঘৰৰ ভাজি পাছলি আৰু মাছ-মঙহ বিচাৰি অঞ্চলটোৰ বাসিন্দাসকলে আবেলি পৰত দৈনিক বজাৰখনলৈ এপাক মাৰিবই লাগে৷ তেতিয়া ঠাইখনত দোকান-পোহাৰৰ সংখ্যাও বৰ কম আছিল৷ ৰ-টোৰ সোঁহাতৰ অংশটোত য’ত মই ছাৰক লগ পাইছিলো তাত মাত্ৰ দুখন দোকান আছিল – ‘তাপৰীয়া ষ্টোৰ’ নামৰ হাৰ্ড-ৱেৰ সামগ্ৰীৰ দোকানখন আৰু ‘সত্যনাৰায়ন ভাণ্ডাৰ’ নামৰ মনিহাৰী সামগ্ৰী, পাউডাৰ স্ন’, খাৰু মণি কাণফুলি, পেকেটত অহা ভুজিয়া-ডালমুট-বিস্কুট  আদিৰ সম্ভ্ৰান্তলোকৰ দোকানখন৷ তাপৰীয়া ষ্টোৰৰ মেনেজাৰৰ টেবুলখনত এটা টেলিফোন আছিল- গ্ৰাহাম বে’লৰ দিনৰে -ক’লা, ক্ৰীং ক্ৰীং মাত থকা৷ মোৰ দৰে অঞ্চলটোৰ বহুলোকে জীৱনত দেখা সেইটো আছিল প্ৰথম টেলিফোন! এই দুয়োখন দোকানৰে মালিক আছিল অসমৰ বাহিৰৰ- দোকানৰ নামেই কয়৷ কিন্তু তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে অসমৰে অসমীয়া স্কুলত পঢ়ি সাৱলীলভাবে ভাষাটো ক’ব পাৰিছিল৷ সেইডোখৰত দুখন দোকানহে আছিল বুলি ক’লে আচলতে এটা তথ্যগত ভুল ৰৈ যাব, কাৰণ সত্যনাৰায়ন ভাণ্ডাৰৰ সমূখতে ভৌমিক পৰিয়ালৰ  আৰু এখন দোকান আছিল- তাত চৌদাপানী বিক্ৰি কৰা হৈছিল৷ ৰঙ বিৰঙৰ পানীৰে আলমাৰী এটা ভৰি আছিল আৰু বটলটো হেঁচামাৰি খুলি দিওঁতে সুহুৰী বজাৰ দৰে এটা শব্দ হৈছিল৷ সেই ৰঙীন পানী দেখি আমাৰ মুখলৈও পানী আহিছিল৷

তাপৰীয়া ষ্টোৰখনেই হাৰ্ডৱেৰ সামগ্ৰীৰ একমাত্ৰ দোকান নাছিল৷ ডাকবঙলাটোৰ মুখে মুখে ৰাষ্টাটোৰ সিপাৰে ‘বৰা ব্ৰাদাৰ্ছ’ নামৰ আন এখন দোকান আছিল৷ দোকানখনত সততে ওখ-পাখ দাড়ি থকা এজন সুদৰ্শন ডেকাক বহি থকা দেখা গৈছিল৷ তেখেত আছিল হেমন্ত বৰা৷ তেখেতে সৈনিক স্কুলত পঢ়ি আহি আমাৰ সৰু ঠাইখনত ব্যৱসায় কৰিবৰ মন মেলিছিল৷ কেইবাজনো ভাই-ককাই থকা বৰা-ব্ৰাদাৰ্ছ ঘৰখনৰ একমাত্ৰ চিষ্টাৰ মনালিছাই মোৰ লগত একেলগে বৃত্তি পৰীক্ষা দিছিল৷

পুৰণা চেন্টাৰত তিনিখন গেলামালৰ বিখ্যাত দোকান আছিল - চৌধূৰীজীৰ দোকান, পোৱালীৰ দোকান আৰু সুন্দৰজীৰ দোকান৷ আটাইকেইজন ৰাজস্থানৰ মানুহ৷  চৌধূৰীজী ওখ-পাখ, পোৱালীৰ চেহেৰা পৰ্টেৱল আৰু সুন্দৰজী আছিল সভাশুৱনী চেহেৰাৰ লোক৷ ৰাজস্থানৰ চিক্কৰ জিলাৰ পৰা অহা সুন্দৰজী-প্ৰভুজীৰ কেইবাখনো দোকানে আমাৰ অঞ্চলটোক এসময়ত নানান বস্তুৰ যোগান ধৰিছিল৷ সুন্দৰজীৰ পুত্ৰ অশোক পাৰিক মোৰ হাইস্কুলীয়া জীৱনৰ আন্তৰিক বন্ধু আছিল৷ ‘ৰ’-ৰ তলৰ চুকটোত নদীখনৰ পাৰতে থকা দুখন মনিহাৰী দোকান আছিল – মোলানদাৰ দোকান আৰু জীৱনদাৰ দোকান৷ তাৰ সিফালেই নদীখনৰ পাৰত তললৈ প্ৰতিবছৰে পতা হৈছিল আমাৰ অঞ্চলটোৰ আটাইতকৈ ডাঙৰ দুৰ্গাপূজা মণ্ডপখন৷ এতিয়া ‘ভাৰত ষ্টোৰছ্‌’ থকা ঠাইত তেতিয়া ভকতৰ দোকান বুলি কোৱা এখন চাহৰ দোকান আছিল৷ গধূলী ভকতৰ দোকানৰ পকৰী ভজাৰ গোন্ধে গোটেই চেন্টাৰটো আমোল-মোলাই আছিল৷

লীলা ছাৰে আমাক তেখেতৰ জীৱনৰ এটা অভিজ্ঞতাৰ কথা প্ৰায়েই কৈছিল৷ ছাৰে লগৰ কেইজনমান শিক্ষকৰ লগত ছাত্ৰৰ দল এটা লৈ এবাৰ এক্সকাৰচনলৈ ওলাল৷ কলিকতাৰ এঠাইত দেখিলে, বৰ ধুনীয়া ছ্যুটৰ কাপোৰ বিক্ৰি হৈ আছে, দামো কম, একে নিশাতে চিলাই পিছদিনা সন্ধিয়ালৈ পিন্ধিব পৰা কৰি দিব৷ শিক্ষক কেইজনে এযোৰ-এযোৰ ছ্যুট চিলোৱাৰ সিদ্ধান্ত ল’লে আৰু কাপোৰ কিনি চিলোৱাৰ আগধন দি বিদায় ল’লে৷ পিছদিনা সেই ঠাইলৈ গৈ শিক্ষকসকলে দেখিলে - দৰ্জীটো নাই নায়েই ছুট-পেন্টৰ কাপোৰ থকা দোকানখনো নাই! কৰ্পূৰ উৰাদি ৰাতিয়েই উৰি গ’ল৷ ছাৰে কৈছিল- লোভলগা বস্তু দেখিলেই কেতিয়াও ভোল নাযাবি৷ আমাৰ অঞ্চলটোৰ আটাইতকৈ ভাল ছ্যুট চিলাবজনা মানুহজন আছিল প্ৰমোদখুৰা৷ তেখেতৰ দোকানখনো পুৰণা চেন্টাৰতে আছিল, সুন্দৰজীৰ দোকানৰ সিপাৰে অলপ আগলৈ (এতিয়াও আছে)৷ ওপৰফালে ধোঁৱা ওলাব পৰা এল-পেটাৰ্ণৰ পাইপ থকা এটা বিশেষধৰণৰ ইষ্ট্ৰীৰে ছ্যুট চিলাওঁতে তেখেতে কাপোৰত ভাঁজ দিছিল!

মছজিদটোৰ সমূখতে তাপৰীয়া দোকানৰ ওচৰত সৰ্বেশ্বৰ ছাৰ মোক দেখি ৰ’ল৷ ছাৰে নেদেখোতেই মই চাইকেলৰ পৰা নামিছিলো৷ শিক্ষাগুৰুৰ আগত চাইকেলৰ পৰা নমাটো আমাৰ দিনত শিষ্টাচাৰৰ কথা আছিল৷ আমাৰ অঞ্চলটোৰ পৰা গৈ বাহিৰত থাকি পঢ়াশুনা কৰা ছাত্ৰ দেখিলেই ছাৰে খোজ-খবৰ লয়৷ তাৰোপৰি ছাৰৰ একমাত্ৰ ল’ৰা মলয় মোৰ ভাইটি মৃদুলৰ সহপাঠী৷ সেয়ে ছাৰৰ লগত মোৰ বিশেষ নহলেও এটা অন্তৰংগ সম্পৰ্ক আছিল৷ ছাৰে মোৰ খবৰ লয়, মই ছাৰৰ লগতে মলয়ৰো৷ মলয় সৰুৰে পৰা মেধাবী আৰু সকলো বিষয়তে আগৰণুৱা ছাত্ৰ আছিল৷ বিজ্ঞানতকৈ আচলতে কলাৰ প্ৰতি তাৰ ধাউতি বেছি আছিল৷ সেয়ে চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম শেষ কৰিয়েই সি প্ৰথমে নাটক আৰু পাছলৈ ৰাজধানী চহৰখনত থাকি চিনেমাৰ কামত লাগিছিল৷

মই ছাৰক সুধিলোঁ – ছাৰ, মলয়ৰ কথা কওকচোন, কি কৰিছে এতিয়া সি, ভালে আছেনে?
ছাৰে লৰালৰিকৈ নুৰা কৰি হেন্দেলত গুজি থোৱা বাতৰি কাকতখন উলিয়াই ল’লে৷ তাৰ পিছত ফটো এখনলৈ আঙুলিয়াই মোক ক’লে - চা৷ ওচৰ চাপি চাই দেখিলো – ৰাধা কৃষ্ণই নাচি থকা ছবি এখন! একো নুবুজি মই ছাৰৰ চকুলৈ চালোঁ৷ ছাৰে ক’লে – তলত কি লিখা আছে পঢ়!
কদম তলে কৃষ্ণ নাচে – ছবিত কৃষ্ণৰুপী সেইয়া ছাৰৰ ল’ৰা- মলয়!
ছাৰে মোৰ প্ৰশ্নৰ উত্তৰ দিলে - নাচি বাগি আছে যেতিয়া ভালেই আছে বুলি ধৰি লৈছোঁ ৷
মই প্ৰশংসাত পঞ্চমুখ হৈ উঠিলো৷ বৰ ভাল হৈছে ছাৰ, অভিনয়ো আজিকালি ভাল পেছা হৈছে৷ প্ৰতিভা থকা ল’ৰা যেতিয়া তাৰ আৰু ভাল হ’ব৷
তামোলৰ পিক পেলাই মুখখন ছাৰে আজৰি কৰি ল’লে, তাৰপিছত মোলৈ নিক্ষেপ কৰিলে – হেৰৌ, পঢ়াইছিলো ডাক্তৰ, হ’লগৈ এক্টৰ !

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


No comments:

Post a Comment