Thursday, January 4, 2018

বিশ্বব্ৰহ্মাণ্ডৰ এক চিৰন্তণ ৰহস্য – সময় Sadin, 5 Januray 2018




বিশ্বব্ৰহ্মাণ্ডৰ এক চিৰন্তণ ৰহস্য – সময়
-          উৎপল বাদল বৰুৱা

“পল  পল দণ্ড কৰি, সময় গৈছে উৰি, পাখি লগা কাড়ৰ নিচিনা অবিৰাম ..” নতুবা “পল অনুপল কৰি ডাৰ দিন মাহ চৰি যুগ যুগ পাৰ হৈ যায় …” এই দুয়োফাঁকি কবিতাতে সময়ৰ এক অনন্ত গতিৰ কথা কোৱা হৈছে৷ “সময় আৰু জোৱাৰে কাৰো বাবে অপেক্ষা নকৰে” বুলিও ব্যৱহাৰিক দিশৰ পৰা এষাৰ অতি জনপ্ৰিয় উপদেশমূলক কথা আছে৷ তাৰ মানে, সময় এক চিৰপ্ৰৱাহমান বস্তু নেকি, কেনেকুৱা ইয়াৰ অস্তিত্ব? সময়ক দেখা পোৱা নাযায়, সময়ৰ কোনো শব্দ নাই, সময়ক স্পৰ্শও কৰিব নোৱাৰি ৷ অথচ আমাৰ জীৱনত সময়ৰ গুৰুত্ব অপৰিসীম৷ কি এই সময়? ১৯৩১ চনত বিখ্যাত চিত্ৰকৰ চালভাদোৰ দালিয়ে সময়ৰ এই দুৰ্বোধ ৰহস্যক তুলিকাৰে অংকণ কৰিব বিচাৰিছিল৷ “দি পাৰজিছটেন্স্‌ অৱ মেমৰি” নামৰ এই চিত্ৰখনৰ আধাৰতে ভূপেনদাই “নালাগে সমাজ, নালাগে নালাগে, সময় দেখুউৱা ঘড়ী..” আৰু “জীৱন ঘড়ীৰ প্ৰতিটো পল যেন গলি গলি গ’ল..” গীতদুটা লিখা বুলি কৈছিল!

আচৰিত কিন্তু সত্য কথা যে সময়ৰ সৰ্বজন গ্ৰহনীয় সংজ্ঞা আজিলৈকে কোনেও দিব পৰা নাই৷ মানুহৰ কৃতিত্ব কেৱল ইয়াক নিখুঁটভাৱে জোখ-মাখ কৰিব পৰাটোতেই সীমাৱদ্ধ হৈ আছে ৷ ঘড়ী মানে সময় নহয়, ই কেৱল সময়ক মাপ কৰিবৰ বাবে ব্যৱহাৰ কৰা এটা যন্ত্ৰ! মানুহে সময়ক সুক্ষ্মৰ পৰা সূক্ষ্মতৰ ভাগত হিচাপ কৰিব পাৰিছে৷ ঘন্টা, মিনিট, ছেকেণ্ডৰ পাছতো এটা ছেকেণ্ডক এহাজাৰ ভাগত বিভক্ত কৰি ‘মিলি ছেকেণ্ড’, দহলাখ ভাগত ভাগ কৰি ‘মাইক্ৰ ছেকেণ্ড’ আৰু এশ কোটি ভাগত ভাগ কৰি ‘নেন’ ছেকেণ্ড’ সময়ক কামত লগাব পৰা কৰি লৈছে৷ তথাপিও সময় নিজে কি, সেই ৰহস্যৰ অৱসান এতিয়াও হোৱা নাই৷

সময়ৰ অস্তিত্বৰ অনুভৱ কৰিবৰ বাবে সময়হীন এক অৱস্থাৰ কল্পনা কৰি ল’ব লাগিব৷ সেই অৱস্থা হৈছে স্পন্দনহীন, গতিহীন, সঞ্চালনহীন, পৰিৱৰ্তনহীন এক অৱস্থা ৷ সেই অৱস্থাত সকলো স্থবিৰ, ক’তো একো লৰচৰ বা পৰিৱৰ্তন হ’ব নোৱাৰিব, কাৰণ কিবা লৰচৰ হোৱা মানেই তাৰ আগৰ আৰু তাৰ পাছৰ দুটা সময়ৰ সৃষ্টি হোৱা! সময়হীন পৃথিৱী মানে পৰিৱৰ্তনহীন, গতিহীন এক অনন্ত স্থবিৰ অচল অৱস্থা!

সময় আৰু পৰিৱৰ্তনক বেলেগ কৰিব নোৱাৰি ৷ প্ৰতিটো সুক্ষ্ম অথবা বিশাল পৰিৱৰ্তনে সময়ৰ অস্তিত্বক প্ৰতিপন্ন কৰে ৷ সভ্যতাৰ আৰম্ভনিতে প্ৰকৃতিৰ বুকুত সলনি হোৱা একোটা অৱস্থাই মানুহৰ মনত প্ৰথম সময়ৰ ধাৰণাৰ জন্ম দিছিল৷ দৈনিক প্ৰত্যক্ষ কৰা দিন ৰাতিৰ পৰিৱৰ্তনে মানুহৰ মনত সৃষ্টি কৰিছিল এটা নিৰ্দিষ্ট সময়ৰ ধাৰণা – এটা দিনৰ ধাৰণা ৷ তেনেকৈ ৰাতিৰ জোনবাইৰ ক্ৰমশঃ পৰিৱৰ্তন আৰু পূৰ্ণতাই জন্মদিছিল এটা মাহৰ ধাৰণা ৷ আকাশত বেলিটোৱে অহা-যোৱা কৰা পথৰ পৰিৱৰ্তনে জন্ম দিছিল এটা বছৰৰ ধাৰণাক৷ প্ৰাচীন মানৱে যেতিয়া চিকাৰ এৰি খেতিত ধৰিবলৈ শিকিছিল তেতিয়াই বতৰ পৰিৱৰ্তনৰ খবৰ অত্যন্ত জৰুৰী হৈ পৰিছিল ৷ তেনে সময়তে মানুহে সময়ৰ প্ৰতিটো পৰিৱৰ্তনক অধিক মনোযোগেৰে লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল ৷
এটা দিনৰ সময়ৰ ভাগক গণিবৰ বাবে এসময়ত ‘ছান-ডায়েল” নামৰ এটা পদ্ধতি ব্যৱহাৰ কৰা হৈছিল৷ বহল এচটা পাতৰ ওপৰত থিয় হৈ থকা খুটি এটাৰে ‘ছান-ডায়েল’ এবিধ অতি সৰল সময় নিৰূপক আহিলা৷ আকাশত বেলিটো যেতিয়া পূৱৰ পৰা পশ্চিমলৈ গৈ থাকে খুটিটোৰ ছাঁটোও পাতচলাত এটা ফালৰ পৰা আন এটা ফাললৈ এটা নিৰ্দিষ্ট গতিত গৈ থাকে! এই হিচাপটোৱে সূৰ্যৰ উত্তৰায়ণ-দক্ষিণায়ণ গতিৰো সূচনা দিব পাৰে৷ এনেকৈয়ে এসময়ত মানুহে আৱিষ্কাৰ কৰিছিল এটা বছৰ ৩৬৫-টা দিনৰ সমষ্টি নতুবা ১২-টা মাহৰ ৷ তাৰ পাছত এদিন মানুহে দিনটোক ভাগ কৰিব পৰা হৈছিল, শিকিছিল ঘন্টা, মিনিট বা ছেকেণ্ড গণিব পৰাৰ কৌশল৷ সদায় বেলিৰ ওপৰতে নিৰ্ভৰ কৰি সময় গণনা কৰা কামটো সুচল নহয়৷ বিশেষকৈ বেলিটোক ডাৱৰে ঢাকি ধৰিলে সময়ৰ সম্ভেদ পোৱাটো কষ্টকৰ আছিল৷ কালক্ৰমত বালিঘড়ীৰ প্ৰচলন হ’ল৷ দম্বৰু আকৃতিৰ এটা কাঁচৰ পাত্ৰৰ এটা অংশত বালি ভৰাই থোৱা থাকে সেইটোৰ পৰা তললৈ নিগৰি নিগৰি বালি সৰিবলৈ সময় লাগে পূৰাপূৰি এটা ঘন্টা, আকৌ ওলাটাই দিলে ওপৰৰ অংশটো খালি হবলৈ লাগে আন এটা ঘন্টা!

কেলেণ্ডাৰৰ প্ৰচলন কেতিয়াৰ পৰা হৈছিল সঠিককৈ কোনেও নাজানে ৷ আমি এতিয়া ব্যৱহাৰ কৰি থকা কেলেণ্ডাৰ পদ্ধতিৰ ব্যৱহাৰ আৰম্ভ কৰিছিল আজিৰ পৰা চাৰিহাজাৰ বছৰৰ আগতে বেবিলনৰ মানুহে৷ ১৮ শতিকাত সময়ৰ হিচাপ ৰাখিবলৈ যান্ত্ৰিকভাবে তৈয়াৰ কৰা ঘড়ী প্ৰস্তুত হ’বলৈ আৰম্ভ কৰিলে৷ আজিৰ দিনৰ ইলেকট্ৰনিক ঘড়ীয়ে এটা ছেকেণ্ডকো ভাগ কৰি দেখুৱাবলৈ সমৰ্থ হৈছে ৷ তথ্য আৰু প্ৰযুক্তি বিদ্যা, অনাতাঁৰ, বিমান পৰিবহন আদিত ব্যৱহাৰ হোৱা কেতবোৰ যন্ত্ৰই মাইক্ৰ ছেকেণ্ড বা নেন’ ছেকেণ্ডৰ দৰে  অতি সূক্ষ্ম সময়ৰ হিচাপো কৰিব পাৰে ৷

পৃথিৱীৰ সকলো ঠাইতে সময়ৰ হিচাপ একেই নে? নহয় ৷ সকলোৱে বেলিটো মূৰৰ ওপৰত থকাৰ সময়ত দুপৰীয়া বাৰ বজাটো বিচাৰে৷ পৃথিৱীৰ আকৃতি যিহেতু গোলাকাৰ, সেয়ে এইটো সকলোৰে বাবে একে সময়তে সম্ভৱ হব নোৱাৰে৷ আমি জানো যে ভাৰতবৰ্ষত দিন হলে এমেৰিকাত ৰাতি হয়! কিন্তু আন আন দেশত? প্ৰতিখন দেশৰ সময়কে কোৱা হয় সেই দেশখনৰ স্থানীয় সময়; যেনে আমাৰ দেশত - ইণ্ডিয়ান ষ্টে্ণ্ডাৰ্ড টাইম বা ‘IST’ ৷ দেশ এখনৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এই সময়ৰ প্ৰয়োজন হলেও আন্তঃৰাষ্ট্ৰীয় যোগাযোগ বা বিমান পৰিবহনৰ ক্ষেত্ৰত এই ব্যৱস্থাই অসুবিধাও কৰে বহুত৷ এনে কামৰ বাবে বিশ্বজুৰি ব্যৱহাৰ কৰিব পৰাকৈ সকলোৰে বাবে এটাই সময় হোৱা উচিত৷ ১৮৮৪ চনত হোৱা আন্তঃৰাষ্ট্ৰীয় এখন সন্মিলনত সিদ্ধান্ত হ’ল যে লণ্ডনৰ ওচৰত থকা গ্ৰীনউইছ নামৰ ঠাইখনৰ স্থানীয় সময়কে গোটেই পৃথিৱীয়ে এনেবোৰ কামৰ বাবে ‘গড় সময়’ হিচাপে গ্ৰহন কৰিব৷ প্ৰথম অৱস্থাত এই সময়ক GMT বা “গ্ৰীনউইছ মিন টাইম” বুলি জনা গৈছিল৷ আজিকালি এই সময়ক UTC অৰ্থাৎ ‘ইউনিভাৰ্ছেল টাইম ফৰ কৰ্ডিনেচন্‌’ বুলি কয় ৷ সেই একেখন সন্মিলনতে গোটেই পৃথিৱীখনৰ সময়ক মুঠ চৌৱিশটা ‘সময়-খণ্ড’ত (Time Zone) ভাগ কৰি লোৱা হৈছিল – বাৰটা পূৱ দিশত আৰু বাৰটা পশ্চিম দিশত৷ আমাৰ দেশৰ স্থানীয় সময় এই সময়তকৈ চাৰে পাঁচ ঘন্টা আগবঢ়া৷ পূৱলৈ সময় আগবাঢ়ি গৈ থাকে, পশ্চিমলৈ পিছুৱাই যায় ৷ এই হিচাপ মতে পৃথিৱী নামৰ গোলকটোত গ্ৰীনউইছৰ  ওলোটা পিঠিত থকা ঠাইবোৰত সময় গণিবৰ বাবে এটা আচৰিত ধৰণৰ গণ্ডগোল হয়৷ ১৮০ ডিগ্ৰী দ্ৰাঘিমাৰ দুয়োফালে দুটা সময় হয়, অৰ্থাৎ এই কাল্পনিক ৰেখাডাল যদি গুৱাহাটীৰ ওপৰেদি পাৰ হৈ গ’লহেঁতেন তেনেহলে নুনমাটিত সোমবাৰ হ’লে, বৰঝাৰত মঙ্গলবাৰ হ’লহেঁতেন! এই বিসংগতি আঁতৰাবলৈকে এই ৰেখাডাল মহাসাগৰৰ ওপৰেদি একা-বেকাকৈ কল্পনা কৰা হৈছে ৷ প্ৰশান্ত মহাসাগৰৰ ওপৰেদি পাৰ হৈ যোৱা ১৮০ ডিগ্ৰী দ্ৰাঘিমা ৰেখাই চাইবেৰিয়াৰ ওচৰৰ ৰেনজেল দ্বীপপুঞ্জ, হাৱাই দ্বীপপুঞ্জ, ফিজি দ্বীপপুঞ্জৰ ঠাইসমূহক একাষৰীয়া কৰি থৈ পানীৰ ওপৰেৰে উত্তৰ আৰু দক্ষিণক সংযোগ কৰিছে ৷ গোলকটোৰ ওপৰত থকা এইডালেই একমাত্ৰ একা-বেকা ৰেখা, নাম “ইন্টাৰনেচনেল্‌ ডেইট্‌ লাইন্‌”৷

এইয়া সকলো সময়ৰ হিচাপ ৰখাৰহে কথা ৷ এক ধৰণৰ দৰ্শন মতে সময় চিৰন্তন, সৰ্বব্যাপি ৷ ইয়াৰ কোনো গতি নাই, নাই আদি অন্ত ৷ সময়ক কোনেও অহা দেখা নাই, দেখা নাই যোৱাও৷ সময়ক বাদ দি সকলো বস্তুৰে আগমণ আৰু প্ৰস্থান আছে৷ জন্ম হোৱা শিশু এটাৰ বৃদ্ধ হৈ এদিন মৃত্যু হয় অৰ্থাৎ জীৱনটোৰ এটা গতি আছে, সময়ৰ নাই ৷ সময় তেতিয়াও আছিল, এতিয়াও আছে! “গোটোৱা গোলাপ কলি, সময় থাকোতে সখি, জীৱনৰ সোঁত বলি যায়, যিটি ফুলে হাঁহি আজি ফুলনি শুৱাই তোলে, কালিলৈ পাহি মেলি নেহাঁহে দুনাই ..” কবিয়ে ইয়াত চলমান জীৱনৰ গুণগান কৰিছে৷

সময়ৰ ওভটনি যাত্ৰা সম্ভৱ নে? সময়ক লৈ গুণাগথা কৰা বেছিভাগ বৈজ্ঞানিকেই বিশ্বাস কৰে যে সময়ৰ গতি ভৱিষ্যতলৈহে ৷ আমাৰ বিশ্বব্ৰহ্মাণ্ডখন হেনো ক্ৰমান্বয়ে প্ৰসাৰ হৈ আছে (Movement of Matters) আৰু সেইয়ে সময়ৰ গতি আগলৈ গৈ আছে, এই প্ৰসাৰণৰ যেতিয়াই অন্ত পৰিব বিশ্বব্ৰহ্মাণ্ডৰ সংকোচন আৰম্ভ হ’ব৷ তেতিয়াই সময়ৰ যাত্ৰা এদিন ওভোটা দিশলৈ আৰম্ভ হ’ব৷  আন একাংশ বিজ্ঞানীয়ে বিশ্বাস কৰে যে তাপগতি বিজ্ঞানৰ (Thermodynamics) দ্বিতীয় সুত্ৰটোৱেই সময়ক পৰিচালনা কৰিছে৷ এই সুত্ৰমতে বিকাৰ বা ব্যাধি (Disorder) সময়ৰ লগে লগে বাঢ়ি যায়৷ এই বিকাৰ সংঘটিত হ’ব পাৰে বিভিন্ন অৱস্থাত, কিন্তু ক্ৰমৰ (Order) বাবে লগা অৱস্থা একক৷ অৰ্থাৎ গিলাচ এটা বিভিন্ন প্ৰকাৰে ভাঙি খণ্ড-বিখণ্ড কৰি পেলাব পাৰি কিন্তু ভগা গিলাচটো গঢ়িবৰ বাবে টুকুৰাবিলাক একমাত্ৰ এটা ক্ৰমতহে লগ লাগিব পাৰিব ৷ যিহেতু তাপগতি বিজ্ঞানৰ সুত্ৰ মতে সময়ৰ লগত বিকাৰ বাঢ়িহে যায়, একক হব নোৱাৰে, সেয়ে সময়ৰ ওভটনি যাত্ৰা বাস্তৱতে অসম্ভৱ ৷


বাক বিতণ্ডা অব্যাহত আছে, তাৰ লগে লগে অব্যহত আছে সময়ৰ এই প্ৰাচীন ৰহস্যময়তা!  সময় বৈ আছেনে ৰৈ আছে আমি কোনেও সঠিককৈ নাজানো, যি জানো সেইয়া হৈছে বিশ্বব্ৰহ্মাণ্ডত জীৱনৰ বিৰামহীন অহা-যোৱা ৷ 

No comments:

Post a Comment