Friday, January 5, 2018

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩০)

জীৱন বাটৰ ৰসঃ সৰ্বেশ্বৰ ছাৰ (৩০)

নামত ফাৰ্মাছি তিনিখনেই আছে, কিন্তু হলে কি হ’ব, এখন চেন্টাৰৰ পৰা দূৰত - চৰকাৰী হস্পিটেলখনৰ সমূখত৷ সেয়ে সচৰাচৰ বেছিভাগ মানুহেই চেন্টাৰটোৰ আটাইতকৈ জনপ্ৰিয় ঔষধৰ দোকানখনলৈকে আহে – নাম, মডাৰ্ণ ড্ৰাগ হাউচ ৷ “বৰা ক্লিনিক” নামৰ  একমাত্ৰ প্ৰাইভেট্‌ ক্লিনিকখনৰ লগতে আছে মডাৰ্ণ ড্ৰাগ্‌ হাউচ্‌৷ ফাৰ্মাছিখন আছিল সৰ্বেশ্বৰ ছাৰৰ এজন নিকট আত্মীয়ৰ৷ দৈনিক কাকত কেইখন সংগ্ৰহ কৰি প্ৰত্যেকদিনাই আবেলি ছাৰ গৈ ফাৰ্মাচিখনত অলপ সময় বহেগৈ৷ গোটেইদিনটো ফাৰ্মাচিখনত বহি থাকি সমুখত পৰি থকা ৰঙীন আলোচনীখনৰ পাতবোৰ লুটিয়াই বগৰাই ফাৰ্মাচিষ্ট্‌ ল’ৰাজনৰ তেতিয়ালৈ আমনি লাগে৷ ৱাটছ্‌আপ্‌, ফে’চবুক নথকাটোৱেই আছিল আমনি লগাৰ প্ৰধান কাৰণ! সেয়ে ছাৰ আহিলেই তেওঁ সাউতকৈ নাইকিয়া হয়৷ ছাৰে মুখত তামোল এখন সুমুৱাই লৈ তাতেই বাতৰি কাকত কেইখন মেলি লয়৷ সেইখিনি সময়ত গ্ৰাহক আহিলে গ্ৰাহক-সোধাৰ দায়িত্বও ছাৰেই ল’ব লগা হৈছিল৷ দৰৱৰ ছেল্ফটোৰ পৰা টান মাৰি উলিয়াই অনা ঔষধ এটাৰ ম্যাদ পৰীক্ষা কৰিবৰ বাবে ছাৰে চশমাযোৰৰ পাৱাৰ থকা অংশইদি সাৱধানে দৰৱলৈ দৃষ্টি বান্ধে৷ অলপ অগা পিছা কৰি তাৰিখটো মনিবলৈ চেষ্টা কৰি থাকোতেই যদি কোনোবা গ্ৰাহকে সোধে –ছাৰ, আছেনে মিয়াদটো ঠিকেই? ছাৰে তেতিয়া ওপৰত ওলমি থকা ফেনখনলৈ চাই মুখত থকা পিকখিনি সুৰক্ষিত ঠাইলৈ আনি গ্ৰাহককে কয় – তই নিজেই চাছোন এইটো বিৰাশী নে উনাশী!

মডাৰ্ণ ড্ৰাগ্‌ হাউচ্‌ৰ লগতে লাগি থকা দোকানখনৰ নাম তৃপ্তি কৰ্ণাৰ৷ চাইন বৰ্ডত লিখা আছে- তৃপ্তিহাৰী মিঠা জৰ্দা পান, আমি সদায় ধৰোঁ যোগান, মণিহাৰী মালো পাব, সময় পালেই আহি যাব! এইখন দোকানতে ছাৰে নিতৌ তামোল খায়৷ লগতে আৰু এখন মণিহাৰী মালৰ দোকান আছে –ভাইটিদাৰ দোকান ৷ ভাইটিদা আগতে ‘ভট্টাচাৰ্য্য এজেঞ্চি’ত থাকি কামি শিকিছিল৷ পাক-চক্ৰ জানি বুজি আৰম্ভ কৰা বাবে অলপদিনতে দোকানখনৰ যথেষ্ট শ্ৰীবৃদ্ধি হৈছে৷ চেন্টাৰটোৰ আনখন ঔষধৰ দোকান ৰাস্তাটোৰ সিপাৰে আছে- মিতালী হোটেলৰ কাষত৷  মিতালী নামতহে হোটেল, তাত ভাত পোৱা নাযায়৷ আইনাৰ আলমাৰীত বিভিন্ন প্ৰকাৰৰ মিঠাই আৰু বুন্দিয়া-ভুজিয়া  সজাই থোৱা থাকে তাত৷ দোকানখন এটা প্ৰধান আকৰ্ষণ আছিল গজা নামৰ মিঠাইবিধ ৷ বিভিন্ন মেল মিটিঙত, বিশেষকৈ মোক্তাবস্কুলত, প্ৰাইমাৰী স্কুলৰ শিক্ষকসকলৰ মাহেকত এবাৰকৈ অনুষ্ঠিত হোৱা বিল-মিটিঙত চাহৰ লগতে গজা-চিংৰা এইখন দোকানৰ পৰাই নিয়মীয়াকৈ গৈছিল৷ মালিকজন খাচ অসমীয়া, ভকত গাৱৰ লক্ষী খাটনিয়াৰ৷ অসমীয়া মালিকৰ দোকান যেতিয়া স্থানীয় ডেকাল’ৰাৰ বাবে সেই স্থান আছিল ঘৰৰ চ’ৰাঘৰৰ সমতুল্য৷ মিতালী ভাণ্ডাৰৰ এটা চিনাকি দৃশ্য হৈছে - আবেলি তালৈ ডেকা ল’ৰাকেইটামান গপগপাই সোমাই গৈ টেবুলএখন অধিকাৰ কৰি বহি ল’লে, কুচন পৰা চকীত বহি থকা মেনেজাৰে চিঞৰি উঠিল - ঐ পোৱালী, তিন নম্বৰত হাফ চাহ চাইটা লগা ! ভুজিয়া খাবলৈ অৱশ্যে মিতালী ভাণ্ডাৰলৈ চিনাকি মানুহ কমেই যায়৷ তাৰ বাবে জনপ্ৰিয় আছিল মডাৰ্ণ ড্ৰাগ্‌ হাউছ্‌-ৰ লগতে থকা মঙ্গলজীৰ চাহৰ দোকানখন৷ গুৰি দাঁতত পেলাই লৈ মচমচাই চোবাব পৰা গৰম গৰম ভুজিয়া বনাইছিল মঙ্গলজীয়ে৷ আৰু ভাত? ভাতৰ হোটেল আছিল মাত্ৰ এখন ৷ ভট্টাচাৰ্য্য এজেঞ্চিৰ পোনে পোনে ৰাষ্টাটোৰ সিফালে এজোপা কৃষ্ণচূড়াৰ গছ আছিল৷ বছৰটোৰ এটা সময়ত টিক্‌-টিক্‌কৈ ৰঙা ফুল ফুলি এই গছজোপায়েই আমাৰ চেন্টাৰটো উজ্বলাই তুলিছিল৷ কৃষ্ণচূড়াজোপাৰ সিফালে থকা দীঘল ঘৰটোত, য’ত ‘ফটো হাউছ’ নামৰ একমাত্ৰ ষ্টুডিঅ’টো আছিল, তাৰ লগতে থকা দোকানখনেই হৈছে ভাতৰ হোটেল৷ সমূখত বৰ ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল – ইয়াত ভাত পোৱা যায়! তাত সঁচাকৈ ভাত পোৱা গৈছিল নে নাই জনা নগৈছিল কাৰণ সেই সৰু ঠাইখনত হোটেলৰ ভাত খাব লগাকৈ দিনৰ বেলা আলহী-অতিথি অহাৰ একেবাৰেই সম্ভাৱনা নাছিল৷ আৰু সন্ধিয়াতে দোকানখন বন্ধ হৈ গৈছিল৷

এসময়ত অসম ৰাজ্যিক বাছ পৰিবহন নিগমৰ আস্থানবিলাকৰ লগতে চাহ চিংৰা খাব পৰাকৈ একোখন চাহৰ দোকান আছিল৷ ৰঙা বাছখন বেছি সময় ৰ’ব লগা হলে যাত্ৰীয়ে কেতিয়াবা তেনে দোকানতে বহি চাহ-চিংৰা বা পুৰি-পৰঠা খাব পাৰিছিল৷ আমাৰ চেন্টাৰটোতো তেনেকুৱা এখন দোকান আছিল – ভট্টাচাৰ্য্য এজেঞ্চিৰ গাতে গা লাগি৷ কিন্তু আমোদজনক কথা, তাত চাহ-চিংৰা বা পুৰি-পৰঠা পোৱা নগৈছিল৷ তাত আছিল বান, ব্ৰেড জাতীয় বেকাৰিত তৈয়াৰ কৰা খাদ্য কিছুমানহে৷ দোকানখনৰ ভিতৰফালে থকা এটা কোঠালিত কেইজনমান মানুহক প্ৰায়েই টাছপাত খেলি থকা দেখা গৈছিল৷ তেওঁলোকে দোকানখনৰ বান বা ব্ৰেড খাইছিল নে নাই সেইটো জনাৰ কোনো উপায় নাছিল৷ 

বাছ ষ্টেণ্ডটোৰ সিহাতে, ভট্টাচাৰ্য এজেঞ্চিৰ মুখামুখিকৈ ‘সৃজনী পুস্তকালয়’-ৰ কাষত থকা মণিহাৰী দোকানখনত দূৰৰ পৰা চকুত পৰাকৈ কল, কমলা, আপেল, নাচপতি, আঙুৰ সজাই থোৱা হৈছিল৷ আমাদজনক কথা হৈছে - বাছ ষ্টেণ্ডৰ এফালে থকা কিতাপৰ দোকান - ভট্টাচাৰ্য এজেঞ্চি, তাৰ লগতে বান-ব্ৰেড খাব পৰা এখন চাহ-দোকান, বাছ ষ্টেণ্ডৰ সিফালেও এখন কিতাপৰ দোকন - সৃজনী পুস্তকালয়, তাৰ সিফালেও বান-ব্ৰেড খাব পৰা আন এখন চাহৰ দোকান! বিশ্বাস কৰিবলৈ টান কিন্তু সঁচা কথা৷ সৃজনী পুস্তকালয়ৰ পৰা অলপ আগলৈ ৰাষ্টাটোৰ সিপাৰে, চগমলালৰ দোকানৰ সমূখত, নাৰায়নৰ চাইকেল দোকানীৰ কাষতে আৰু এখন চাহৰ দোকান আছে – মাৰোৱাৰী মানুহৰ৷ গোটেই অঞ্চলটোত একমাত্ৰ এইখন দোকানতে কছৌৰী নামৰ মিঠাইবিধ পোৱা গৈছিল৷ কছৌৰী নিম্‌কিৰ বাবেই বিখ্যাত আছিল দোকানখন ৷ শীতকালত আবেলিৰ পৰা সন্ধিয়ালৈকে এই দোকানখনত বহিবলৈ খালি চকী পোৱাটোৱেই এটা কঠিন কাম আছিল৷

অৱশ্যে অঞ্চলবাসী সততে পীড়িত হোৱা পেটৰ অসুখ, শৌচ-বমি আদি বেমাৰৰ বাবে এই দোকান কেইখনৰ কোনো প্ৰত্যক্ষ অৱদান নাছিল৷ তেনে অসুখ হলে সকলোৱেই পোনে পোনে ঔষধৰ দোকান পাইছিলগৈ আৰু সাধাৰণ পিল দুই-এটাৰেই আৰোগ্য লাভ কৰিছিল৷ এতিয়া বিজ্ঞানে প্ৰমান কৰিছে যে মনত বিশ্বাস থাকিলে দেহৰ বিকাৰ সোনকালে আৰোগ্য হয়, আমাৰ অঞ্চলটোত এই সত্যটোৰ প্ৰয়োগ সেই তেতিয়াৰ পৰাই চলি আহিছে৷ মডাৰ্ণ ড্ৰাগ্‌ হাউচৰ সৰ্বশ্বৰ ছাৰৰ হাতৰ পৰা লোৱা দৰৱত এই দুয়োটা উপাদান এনেদৰে সন্তুলিত আছিল যে, কোনো কোনো ক্ষেত্ৰত এটা ঔষধেই সৰ্বঢাক পৰ্যায়ত কাম কৰিছিল৷

সৰ্বেশ্বৰ ছাৰে ফাৰ্মাছিত বহি লৈ টিউৱ লাইটৰ পোহৰত একান্ত মনে অসমবাণীখন পঢ়ি আছে৷ মুখত তামোল ৷ সন্ধিয়া লাগিবলৈ আৰম্ভ কৰিছে, দোকানবিলাকত দুই এটাকৈ লাইট জ্বলি উঠিবলৈ ধৰিছে৷ তেনে সময়তে ফাৰ্মাছিখনলৈ উধাতু খাই সোমাই আহিল গেৰেকীৰ পূৰ্ণানন্দ৷ পূৰ্ণানন্দৰ হাতত সময়ৰ সদায় নাটনি - হকে বিহকে ব্যস্ত সি! ছাৰৰ প্ৰাক্তন ছাত্ৰ৷ চাইকেলখনৰ ষ্টেণ্ডডাল লগোৱাৰ পৰাই সি ছাৰ ছাৰ-কৈ চিঞৰি আহিছে৷

-          ছাৰ, ছাৰ, ডাঙৰ কথা হৈছে, বমিৰ দৰৱ দিয়ক৷
ছাৰ নিৰ্বিকাৰ, ধ্যান অসমবাণীত৷
-          ছাৰ, ছাৰ, সোনকালে কৰক, বমিৰ দৰৱ দিয়ক৷
নাকৰ মাজডোখৰলৈ সামান্য খহি অহা চশমাযোৰৰ ওপৰেদি পূৰ্ণলৈ চাই এইবাৰ ছাৰে সুধিলে – কি লাগে?
-          ছাৰ, বমি, বমি, বমিৰ ঔষধ লাগে৷ উত্তেজনাত পূৰ্ণানন্দ ফোপাই আছে৷
নিৰ্বিকাৰচিত্তে গহীন হৈ শান্ত মাতেৰে ছাৰে নিক্ষেপ কৰিলে -  
-          বমি হোৱাবলৈ লাগে, নে বমি বন্ধ কৰাবলৈ লাগে?

 (“জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


No comments:

Post a Comment