Saturday, April 28, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৬)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৬)

পূৰ্ণেশ্বৰ ছাৰৰ ঘৰৰ চৌহদৰ লগতে গা্ৱঁলৈ সোমাই যোৱা ৰাষ্টাটোত এখন পথাৰ আছে৷ সেই পথাৰখনৰ সিদাঁতিত থকা ওপৰত তূপ ভাঙি থোৱা কাঠৰ কেঞ্চি বাটামৰ টিনৰ ঘৰটোৱেই ৰত্নেশ্বৰ বায়নৰ ঘৰ, দীঘলকৈ পদূলিটো৷ বায়নৰ ঘৰৰ পৰা ছাৰৰ ঘৰৰ চৌহদলৈ আহিবলৈ এটা ‘চৰ্ট-কাট্‌’ আছে – পথাৰৰ মাজৰ আলি এটা৷ ‘পকা ধানৰ মাজে মাজে থকা সৰু সৰু আলি’-বোৰৰ তুলনাত এইটো অলপ শকত-আৱত, মজবুত ধৰণৰ৷ এটা ছাগলী শুই দিলেহে আন এটা পাৰ হৈ যাব পৰা ঠেক নহয়, দুজনলোক সামান্য হাউলি পাৰ হৈ যাব পৰা আহল-বহল আলি৷ বিভিন্ন কামত এই আলিটোৰ ব্যৱহাৰ হয়৷ হঠাতে নহা আলহী আহি ওলালে কণছোৱালীয়ে এই আলিটোৱেদিয়েই ছাৰৰ চৌহদলৈ দৌৰ লয়, আৰু হাতত নালভগা কাপ এটা লৈ চিঞৰ ধৰে – “ঔ, খুদৌ, ঔ খুদৌ, মায়ে চেনি অকণমান খুজিছে, আলহী আহিছে৷” কেতিয়াবা, চেনিৰ সলনি চাহপাত কেইটামান, কেতিয়াবা গাখীৰ অকণ৷ একেখন বিয়ালৈকে দুয়োটা পৰিয়াল নগ’লে কেতিয়াবা চামৰাৰ চেন্দেলজোৰ বা গাত লোৱা গৰম কাপোৰখনো হ’ব পাৰে৷ খুদৌ মানে খুৰীদেউ৷ কণছোৱালীৰ মুখত অসমীয়া কেইটামান বৰ্ণ নুফুটে৷ ছাৰে প্ৰথমে দবিয়াইছিল, পিছলৈ এৰি দিলে, তাইৰ জিভাই বেকা নহয়৷ কেতিয়াবা চিঞৰে, অ-ব’ ঔ খুঈ, অঙা ফিটাডাল বিচাই আছো৷ মানে ৰ’ব ঔ খুৰী, ৰঙা ফিটাডাল বিচাৰি আছো৷ এইটো আলিয়েদিয়েই প্ৰত্যেক সন্ধিয়া বায়ন আহি ছাৰৰ চোতালত ক্ষন্তেক সময় বহেহি৷ ছাৰৰ দেউতাকৰ চশমাজোৰ টেবুলতে পৰি থকা দেখিলে তাকে পিন্ধি ‘দৈনিক অসম’ বা ‘মহাজাতি’ কাকতখন পঢ়ে৷ ইঘৰৰ কথা সিঘৰত লগোৱা বা কথাই কথাই উচ্চ-বাচ্য কৰা অভ্যাস বায়নৰ নাই, সেয়ে গঞাৰ লগত তেখেতৰ সম্পৰ্ক মধুৰ৷ এই আলিটোৰ দৈনিক ব্যৱহাৰ হয় আন এটা অপৰিহাৰ্য কাৰণত৷ এই চুবুৰীটোত ছাৰৰ ঘৰৰ কুঁৱাটোৰ পানীয়েই নিৰ্মল - খোৱাৰ যোগ্য, বাকীবোৰ কুঁৱাৰ পানীত আইৰণ আছে- ৰঙা ৰঙা৷ এতেকে কেইবাঘৰো মানুহে ছাৰৰ ঘৰৰ কুঁৱাটোৰ পৰাই পানী খায়৷ বায়নৰ ঘৰলৈ এই আলিটোৱেদিয়েই দৈনিক তিনিবাৰ খোৱাপানীৰ সৰবৰাহ হয়৷ সাধাৰণতে পানী কঢ়িউৱা কামটো ঘৰৰ বনকৰা বা ল’ৰাছোৱালীৰ দ্বাৰাই কৰোৱা হয়৷ কিন্তু দুপৰীয়া সময়ত, ছালৰ ছাঁই মাটি চোৱাৰ আগে আগে সেই খেপটোত ঘৰৰ মূল মানুহকেইজনী ওলায়৷ সময়টো অলপ অগাপিছা হ’লে ইজনী সিজনীৰ বাবে অলপ ৰয়৷ ছাৰৰ ঘৰৰ ছাঁত পিৰালিতে বহি অলপ সময় বিয়নী মেল পাতে৷ সেই মেলতে পিতাম্বৰ মণ্ডলৰ জীয়েকক টিউচন মাষ্টৰে চাধাৰু মেলা দেখুৱাবলৈ স্কুটাৰত তুলি লৈ যোৱা খবৰটো তিলেশ্বৰী জেঠাইয়ে প্ৰথম প্ৰথম বায়ননীক কয়, আৰু শা-শপত দি আনক কবলৈ মানা কৰে৷ কেঁচা আম, জলফাই কেইটামান, ৰবাব টেঙা বা আনাৰস এটা লৈ ছাৰৰ বাইদেউৱেও কেতিয়াবা এই মেলখনত যোগ দিয়ে৷ কাহিনীৰ চোক কেতিয়াবা অত্যন্ত বেছি হয়, কথা নিছিগেহে নিছিগে৷ তেতিয়া মূল বাটতোলৈ পিঠি দি এই আলিটোৱেদিয়েই আটাইকেইগৰাকী গৈ বায়নৰ ঘৰত উঠেগৈ, তাতে তামোল এখনৰ মুহুদি মাৰি বায়নৰ পদূলিটোৱেদিয়েই আটাইকেইজনী গৈ আচল ৰাষ্টাটোত উঠেগৈ৷

এই আলিটোৱেদি কেৱল যে ৰপ্তানিহে হয় এনে নহয়, আমদানিও হয়৷ হঠাতে নহা আলহী আহিলে ছাৰৰ বাইদেউৱে বনকৰা ল’ৰাটোক বায়নৰ ঘৰলৈ দৌৰায় – হাঁহকণী বা পোৱালী পাৰ এযোৰ বিচাৰি৷ খৰালি ধনিয়া চাইদালমান বিচাৰি৷ বাৰিষা তৰকাৰী খাবলৈ কেঁচা কঠাল এটা বিচাৰি৷ ভোট জলকীয়া দুটা বিচাৰি৷ পচলা কৰিবলৈ কলপুলি এটা বিচাৰি৷ চালত উঠিবলৈ জখলা বা মৈ-খন বিচাৰি৷ গাঁত খান্দিবলৈ চিপৰাংখন বিচাৰি৷ লতা কাটিবলৈ বেকী দাখন বিচাৰি৷ তাঁতবাতি কৰিবলৈ ঊঘা বা চেৰেকী বিচাৰি৷ ইত্যাদি৷ গাঁৱত যেতিয়া ভাওনা হয়, বায়নৰ চ’ৰাঘৰতে ভাৱঁৰীয়া সজায়৷ তেতিয়া ৰাতিও এই আলিটোৰ ব্যৱহাৰ হয়৷ কোনোবা কেইটামান আহি বাইদেউক সোধেহি – ‘খুৰী, ৰঙা সূতাৰ লগত ডাঙৰ বেজীটো তিলক খুৰাই খুজিছে৷’

কেতিয়াবা দুয়োখনঘৰৰ মাজত উখনা-উখনিও নলগা নহয়, লাগে৷ পিছে সাময়িক৷ কোনেও একো ধৰি নাথাকে৷ কেতিয়াবা ঘৰৰ সদস্যকেইজনৰ মাজতে ধোপাক-পাক কাজিয়া লাগে৷ সেই কথা বায়ননীয়ে ছাৰৰ বাইদেউৰ আগত সোঁত-সোঁতাই বৰ্ণনা কৰে৷ বাইদেউৱে ওলোটাই সোধে – তুমিনো সিহঁতৰ মুখে মুখে জবাব দিয়া কিয়, মনে মনে থাকিবাচোন!

এবাৰ মেট্ৰিক ফে’ল কৰাৰ পিছতে কণছোৱালীয়ে লিখাপঢ়াৰ সামৰণি মাৰিলে৷ “পহাশুনা কঈ তহঁতেই অজা হ’ – মই এইলো” - বুলি সেইবাৰ তাই দুজুটি তাঁত একেলগে লগালে৷ কামত তাই এলাইবাদু নহয়, ঘৰ ধৰি খাব পৰা ছোৱালী৷ ছাৰৰ ঘৰৰ সকাম-নিকামত তাই যিয়েই দায়িত্ব লয়, এফালৰ পৰা সামৰি যাব পাৰে! ৰুমালত ফুলতোলা, গাৰুৰ গিলিপত ডিজাইন তোলা, বগা কাপোৰত “সত্যম শিৱম্‌ সুন্দৰম” আখৰকেইটা সূতাৰে তোলা আদি কামত তাইৰ হাত পকা৷ বাইদেউৱে কেতিয়াবা এনেই তাইক জোকায় – লগত নিবলৈ কেইখন ৰুমালত ফুল তুলিলি অ’ কণ-ছোৱালী?

এদিন দুপৰীয়া পানী নিবলৈ আহি তিলেশ্বৰী জেঠাইয়ে বাইদেউক সুধিলেহি – হয়নে মাষ্টৰণী, কণ-ছোৱালীক চাবলৈ হেনো বালিপুখুৰী ফালৰ চাকৰি কৰা ল’ৰা এটা আহিছে, বিক্ৰম নে কি পাছ, ঘগ্ৰাপাৰা বাগানত এপেনটিছ কৰি আছে? ঘৰৰ সীমাতে থকা ঘৰখনৰ খবৰটো আনৰ পৰাহে পাব লগা হোৱাত বাইদেউৰ মনটো বেয়া লাগিল আৰু অভিমান ভৰা মাতেৰে আবেলিলৈ কথাটো বায়ননীক সুধিলে৷  

-          মৰি যাব’লেকে বাইদেউ! এনে এটা কথা হলেনো আপোনাক নকমনে? আমাৰ খুড়াৰ ল’ৰাটোৰ লগত জীৱন নামৰ ল’ৰা এটা অহাটো হয়, সি বি-কম্‌ পাছ কৰি এপেনটিছ সোমোৱাৰ কথাটোও সঁচা, কিন্তু বিয়া-বাৰুৰ কথা কণ-ছোৱালীৰ শপত খাই কৈছোঁ…, বায়নে সকলোকে কৈ দিছে- আগলৈ-পিছলৈ বুলি এজনীয়েই ছোৱালী, বিয়া দিলে অকল চৰকাৰী চাকৰিয়াললৈহে দিব, বাগানেই হওঁক বা ফেক্টৰীয়েই হওক, চৰকাৰী যদি নহয়, তেনে কথা মোৰ আগত নুলিয়াবা৷

এদিন বায়ননীয়ে বাইদেউৰ আগত চকুলো টুকিলে – গ’ল, বহাগতে কুৰী উকলি গ’ল, আপোনালোকে মানুহটোক অলপ বুজাবচোন, চৰকাৰী চাকৰি বুলি তাইৰ বয়সটোতো ৰৈ নাথাকে!

অৱশেষত সেই দিন আহিল৷ বাৰেচহৰীয়া ভাওঁনাৰ সময়৷ ঢলপুৰৰ চিনাকি পৰিয়াল এটাই ল’ৰা এটা পঠাইছে৷ বায়নৰ ঘৰতে তিনিদিন থাকি ভাওনা চাব৷ বায়ন পৰিয়ালৰ আটাইৰে গা সাতখন-আঠখন! ডম্বৰু নামৰ ওখপাখ ল’ৰাটোৱে পুলিচত চাকৰি কৰে৷ বেগতে ৰঙা টুপী আৰু পেটীডালো লৈ ফুৰাইছে৷ কথাই কথাই ৰগৰ কৰিব পাৰে৷ বায়ননীয়ে ‘মাটিত থলেও পৰুৱাই পায়, মূৰত ল’লেও ওকণীয়ে খায়’ যেন কৰিলে৷ চ’ৰাঘৰতে শুধ বগা বিচনা কাপোৰ পাৰি ডম্বৰুৰ বিচনা তৈয়াৰ কৰা হ’ল৷ কণছোৱালীয়ে ‘লগত নিম’ বুলি নিজহাতে ফুল তুলি বন কৰা গিলিপ লগাই দুটা গাৰুও বিচনাখনত দিয়া হ’ল৷
               
বায়নে প্ৰথম দিনাই মন কৰিলে, ছোৱালীজনীয়ে ইমান মৰমেৰে কৰা গাৰু দুটাত ডম্বৰুৱে ভৰি দুটা তুলি শুই আছে৷ প্ৰথমদিনাই নহয়, আটাইকেইদিন৷ মন তাপৰিব নোৱাৰি বায়নে ডম্বৰুক  বিদায় লোৱাৰ আগে আগে সুধিলে – ‘বোপা , তুমি আটাইকেইদিন গাৰুদুটাত ভৰি তুলি শোৱাৰ অৰ্থটোহে নুবুজিলোঁ!’ ডম্বৰুৱে উত্তৰ দিলে – ‘এ্‌ নক’ব আৰু, মই সৰুৰে পৰা মূৰটোৰ বৰ যত্ন ল’লো, ব্ৰাহ্মী শাক খাও, ঘিউ, মৌ, ছাগলী গাখীৰ খাওঁ, কিন্তু একো কামত নাহিল৷ স্নাতক হোৱাৰ পিছত মুঠতে ন-টা ইন্টাৰভিউ দিলোঁ, চাকৰি নাপালোঁ, তাৰপিছত এদিন থানাখনৰ আগেদি আহোঁতে দেখিলোঁ, মানুহ গোট খাইছে, পুলিচত নামভৰ্তি চলিছে, দুশ মিটাৰ দৌৰিব লাগে৷ মইও গৈ লাইনত খাৰা হৈ গ’লো আৰু চাকৰি পাই গ’লো৷ মূৰে কৰিব নোৱাৰা কাম ভৰিয়ে কৰি দিলে৷ আপুনিয়েই কওক মূৰটোক সুখত ৰাখিব লাগে, নে ভৰিদুটাক?

(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল পদ্মদাই, শ্ৰীযুত পদ্ম হাজৰিকাই৷ তেখেতলৈ কৃতজ্ঞতা জনালোঁ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)


Friday, April 20, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৫)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৫)

গহপুৰ, বিশ্বনাথ চাৰিআলি, তেজপুৰ আৰু মঙ্গলদৈ এই আটাইকেইখন ঠাই এসময়ত এখন জিলাৰে অন্তৰ্গত আছিল –নাম আছিল দৰং জিলা৷ মহকুমা আছিল দুটা – তেজপুৰ আৰু মঙ্গলদৈ৷ জিলাৰ সদৰ ঠাই আছিল লুইতৰ দাঁতিত অৱস্থিত তেজপুৰ নামৰ সৰু আৰু পৰিষ্কাৰ চহৰখন৷ জিলাখনৰ অধিকাংশ লোকেই কৃষিজীৱি হোৱা বাবে সদৰ ঠাইৰ লগত সাধাৰণ গঞাৰ সম্পৰ্ক বৰ কম আছিল৷ কৰ্টত কেছ খেলিবলৈ, টান বেমাৰৰ চিকিৎসা কৰিবলৈ বা কলেজত পঢ়িবৰ নিমিত্তেহে ভিতৰুৱা অঞ্চলৰ লোকৰ জিলাৰ সদৰলৈ আগমণ ঘটিছিল৷ এই যাত্ৰাটোক কাব্যিক ভাষাৰে “জিলালৈ যোৱা” বুলি কোৱা হৈছিল৷ সেইযে, “বহুদিন হৈ গ’ল, জিলালৈ অহা নাই সোনজিৰা মাহী”, কবিয়ে ইয়াত সোনজিৰা মাহীক গাঁৱৰ পৰা জিলাৰ সদৰ ঠাইলৈ যোৱাৰ কথা বৰ্ণনা কৰিছে৷ তেতিয়াৰ দিনত সেই যাত্ৰা বৰ সহজ নাছিল৷ কেইবাখনো নৈ নাঁৱেৰে পাৰ হৈ তেজপুৰলৈ যাব লাগিছিল৷ গহপুৰ অঞ্চলৰ লোকে তিনিখন নদী নাৱেৰে পাৰ হৈ জিলালৈ গৈছিল – বুৰৈ, বৰগাং আৰু জীয়া ভঁৰলী৷

পূৰ্ণেশ্বৰ ছাৰ বাস কৰা অঞ্চলটোৰ পৰা এখন নদী পাৰ হ’লেই জিলালৈ যাব পৰাৰ সুবিধা আছিল৷ বেলি উঠাৰ লগে লগেই জীয়া ভৰলীৰ চকী ঘাটেদি পোনাই দিলে ছালৰ ছাঁ মাটিত নৌ পৰোঁতেই তেজপুৰ ওলাবগৈ পাৰি৷ অসমৰ মেপৰ লগত চিনাকি থকা সকলোৱেই জানে, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা উপনদীসমূহৰ ভিতৰত জীয়া ভঁৰলী নদীখনৰ আকাৰেই আটাইতকৈ ডাঙৰ৷ বাকীবোৰ নৈ যদি ৰঙীল পেঞ্চিলডালৰ নীলা মূৰটোৰে একা-বেকা এডাল ৰেখা আঁকিয়েই বুজাব পাৰি, ব্ৰহ্মপুত্ৰ আৰু ভঁৰলী নদী আঁকিবলৈ দুডাল আঁচৰ প্ৰয়োজন হৈছিল৷ আঁচদুডালৰ মাজত বিচিত্ৰ ভঙ্গীমাত থকা কেইটামান শূণ্য বহুৱাই দি গোটেই নদীখন নীলা ৰঙেৰে ঘঁহি ঘঁহি অংকণ কৰিব লাগিছিল৷ শূণ্যবিলাকৰ চেহেৰাই নদীৰ বুকুত থকা দ্বীপসমূহক প্ৰতিনিধিত্ব কৰিছিল৷ নীলা ৰঙ ইমান বেছি ঘঁহিব পৰাৰ সুবিধা অসমৰ আনবোৰ নদীত নাছিল৷

ভৰলী নদীৰ দুয়োপাৰে বাস কৰা বাসিন্দাসকলৰ নদীখন বৰ মৰমৰ আছিল৷ যেনেকৈ পূৰ্ণিমাৰ স্নিগ্ধ জোনাকত তাজমহলৰ সৌন্দৰ্য অনিৰ্বচনীয় ৰূপত দেখা দিয়ে, ঠিক তেনেকৈ ফৰিংফুটা জোনাকত জীয়া ভঁৰলী নদীৰ দাঁতিত থকা নিৰ্মল বালিত বিচৰণ কৰাৰ অপূৰ্ব মাদকতা, অভিজ্ঞতা থকা জনেহে অনুভৱ কৰিব পাৰে৷ নদীখনৰ দুয়োপাৰে অনেকঠাইত কেইবাটাও অসমীয়া থলুৱা জনগোষ্ঠীৰ বাসস্থান৷ তেওঁলোক বৰ পৰিশ্ৰম কৰি জীৱন নিৰ্বাহ কৰা দুখীয়া মানুহ৷ কৃষি, গাখীৰৰ ব্যৱসায়, বাহ-কাঠৰ কাৰবাৰ বা ঘৰৰ পোহনীয়া হাঁহ, পাৰ, ছাগলী আদি কিনি কুটি তাৰেই টুক-টুক টাক-টাককৈ চলি থকা সৰল মনৰ মানুহ৷ প্ৰয়োজনীয় কাম নাথাকিলে তেওঁলোক জিলালৈ যোৱাৰ প্ৰশ্নই নুঠে৷

১৯৬২ চনৰ আগষ্ট মাহত জীয়া ভৰলী নদীৰ ওপৰত এখন পকী দলং নিৰ্মান কৰা হ’ল৷ দলংখনৰ ওপৰেদি যিটো পথ পাৰ হৈ গৈছে তাৰ নাম ৫২ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁইপথ৷ ৰাষ্টাটোৰ বাবেই জিলালৈ যাবলৈ এতিয়া নৈখন নাঁৱেৰে পাৰ হোৱাৰ প্ৰয়োজন নোহোৱা হ’ল৷ পাছে হ’লে কি হ’ব, আগতে চকীঘাটেদি পোনাই দিলে এঘাৰ মাইল হোৱা বাট এতিয়া খনামূখ, বালিপৰা, ঘোঁৰামাৰী হৈ ৰাষ্ট্ৰীয় ঘাঁই পথেদি গঁলে ত্ৰিশ মাইলতকৈও বেছি পৰে৷ কেৰেলাতকৈ গুটি দীঘল হ’ল! তথাপিও ৰাষ্টাটোৱে পিছপৰা বহু অঞ্চল সামৰি ল’লে, সিয়েই শান্তনা৷ এসময়ত বুৰৈ, বৰগাঙৰ ওপৰতো ক’লা ৰঙ দিয়া কাঠৰ দলং উঠিল৷ অসম ৰাজ্যিক মটৰ পৰিবহন সন্থাই গঁড়ৰ ছাপ থকা ৰঙা গৰমেন্ট বাছ জিলাৰ পৰা বাঁহবাৰী, গহপুৰলৈকে চলাবলৈ ল’লে৷ কিছুদিনৰ পিছত ৫২ নম্বৰ পথত পাব্লিক বাছ কেইখনমানেও ভুমুকি মাৰিলে – মা কামাখ্যা, জয় সন্তোষী মা, চাৰি ভাই, পাকিজা৷ বজাৰ বাৰত বাছকেইখন হঠাতে অন্তৰ্ধান হয়, তেনে দিনত সিহঁতে আলু, কঁচু, পান, তামোল, হাঁহ, মুৰ্গী, পাৰ, ছাগলী সমন্বিতে মানুহকো পান জপা  দি  জাপি বজাৰৰ ভাড়া মাৰে৷ তেনেদিনত নতুনকৈ ওলোৱা মেটাড’ৰ কেইখনৰ ফিটাহিতো কি চাবা- তিনি টকাৰ ঠাইত সুবিধা পালে পাঁচ টকাও বিচাৰে!

পুৰ্ণেশ্বৰ ছাৰে এখন স্কুটাৰ কিনিলে৷ বাজাজ কোম্বানীৰ ১৫০ নম্বৰ মডেল৷ ৰঙটো ডাঠ সেউজীয়া৷ আৰ্মিৰ অফিচাৰ এজনৰ জলন্ধৰলৈ ট্ৰেন্সফাৰ হৈছিল, যোৱাৰ আগতে তেওঁ স্কুটাৰখন ছাৰক বেছি থৈ গ’ল৷ কেইবাবাৰো কিক মৰাৰ পিছতো যদি ইঞ্জিনটো নচলে, স্কুটাৰখন একটীয়া কৰি অলপ সময় ধৰি থাকিব লাগে, তাৰ পিছতই কিক মাৰিলে ভট্‌-ভট্‌ কৰি ইঞ্জিনটো চলিবলৈ ধৰে৷ ইঞ্জিনটোৰ মাত শুনিলেই ছাৰৰ মুখত ক’ব নোৱাৰাকৈয়ে মিচিকি হাঁহি এটা ওলায়৷ প্ৰথম প্ৰথম স্কুটাৰখন স্কুললৈ আনোঁতে জিৰণীৰ সময়ত স্কুলত ছাত্ৰহঁতে জুম বান্ধি চাবলৈ লৈছিল, আৰু ডাঙৰ হৈ তেনেকুৱা এখন কিনাৰ দিবাস্বপ্নত আপোন পাহৰা হৈছিল৷ প্ৰথম দিনাই ছাৰে কৈ দিছিল –‘কিমান সময় চাৱ চাই থাক, কিন্তু খবৰদাৰ, হাত নলগাবি৷’ দুয়োটা চিটৰ মাজতে তেল ভৰোৱা সাঁফৰটো আছে, সেইটো শুঙিলে বৰ ভাল গোন্ধায়! তলৰ ক্লাছৰ ছাত্ৰহঁতে পাল পাতি পাতি তাৰ সুগন্ধি  লয়৷  ছাৰে নেদেখাকৈ সেই সাঁফৰৰ ওচৰতে পৰা ধূলিৰ চামনিটোৰ ওপৰত নাইনৰ ছাত্ৰ কৃষ্ণই তৰ্জনী আঙুলিৰে ইংৰাজী আখৰ তিনিটা লিখে – কে-কে-কে, তাৰমানে কৃষ্ণ কান্ত কলিতা৷ অৱশ্যে ছাৰৰ চকুত পৰাৰ আগতেই কৃষ্ণই হাতৰ তলুৱাৰে সেইটো মচি পেলায়৷

আজি বুধবাৰ৷ চিলাৰায় দিৱসৰ বাবে স্কুল বন্ধ৷ ৰাতিপুৱাই পুহিলা জেঠাই আহি পূৰ্ণেশ্বৰ ছাৰৰ ঘৰ ওলালহি আৰু ছাৰৰ হাতে ভৰিয়ে ধৰাদি ধৰিলেহি৷ ঘনকান্ত, মানে জেঠাইৰ একমাত্ৰ পুত্ৰই কালি ৰাতিৰে পৰা গুৰিদাঁত এটাৰ বিষত চেঙালুটি পাৰি আছে! পিঠাখোৱা বেমাৰৰ দৰে গালখনৰ এফাল বিষত ফুলি উঠিছে৷ গতিকে, ছাৰে ঘনক ভটভটীখনত উঠাই জিলালৈ লৈ গৈ ডাক্তৰক দেখুৱাবগৈ লাগে৷ গণেশঘাটত বহা দাঁতৰ ডাক্তৰ চক্ৰৱৰ্তীৰ লগত ছাৰৰ জনাশুনা আছে৷ মৰাপাট বেছি পোৱা টকা দুকুৰীও জেঠায়ে লগত লৈ আহিছে৷ বুধবাৰে টৌ-ভঙাত ডাঙৰ বজাৰ বহে, সেইকাৰণে আজি পাব্লিক গাড়ী কেইখনৰ দেখা-দেখিয়েই নাই৷ পিছৰ চিটত ঘনক উঠাই লৈ ৫২ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁই পথত ছাৰে স্কুটাৰৰ থাৰ্ড গিয়েৰ লগাই দিলে! ৰাষ্টাৰ মাজত মস্ত মস্ত গাঁত বিলাক আছে৷ দুই-তিনি, দুই-তিনি গিয়েৰ লগাই ফুটবল পথাৰত কেৰি কাটি কাটি বলটো আগলৈ নি থকাৰ দৰে ছাৰৰ স্কুটাৰ জিলা অভিমূখে অগ্ৰসৰ হ’ল৷

প্ৰথমে ছাৰে ধৰিবই পৰা নাছিল, ৰাষ্টাৰ কাষতে ৰৈ থকা কোনোবা বাটৰুৱা বুলি ভাবিছিল, কিছু ওচৰ চাপি গৈ দেখিলে সেইজন ভঁৰলী পাৰৰ নোমল পেগু, ছাৰৰ চিনাকি৷ অঞ্চলটোত পেগু চালাক-চতুৰ লোক বুলি নাম আছে৷ ছাৰে স্কুটাৰখন ৰাখিলে৷ পেগু ঘোঁৰামাৰীলৈ যাবলৈ পাব্লিক বাছৰ অপেক্ষাত ৰাষ্টাৰ দাঁতিত বহুসময় ধৰি ৰৈ আছে৷ পেগুৱে ছাৰক মিতিৰ বুলি মাতে৷
-          “অই মিতিৰ, মোকো লৈ যা ঐ ৷”
-          “ধেইত, নধৰে ইয়াত, দুটাহে চিট আছে, তিনিটা মানুহ নধৰে নহয়৷” ছাৰে ক’লে৷
-          “ধৰিব, ধৰিব, লৈ যাহ!” পেগুৱে স্কুটাৰলৈ বুলি দুয়োটা মানুহৰ মাজেদি ভৰি এটা দাঙিলেই! ঘন অলপ পিছুৱাই গ’লে৷
হাতত থকা টোপোলাটো পেটতে সাৱতি ধৰি পেগু দুয়োটা চিটৰ মাজত বহি ল’লে, ছাৰৰ আকৃতিটো কাঁচিজোনটোৰ দৰে ধেনুভিৰীয়া হৈ গ’ল৷ তাৰ পৰা ঘোঁৰামাৰীলৈ বেছি দূৰ নহয়, অগত্যা ছাৰে দুয়োটাকে লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলে৷ ছাৰে পেগুক সাৱধান কৰি দিলে – ঐ, মোৰ চোলাটোত তোৰ মুখৰ তামোলৰ পিকসোপা যাতে নালাগে!  

                বালিপৰাৰ পাকটো লোৱাৰ আগতেই ৰাষ্টাটোৰ গাতে  লাগি আহঁত গছ এজোপা আছে৷ তাতে হঠাতে আৱিৰ্ভাৱ হ’ল মাধৱ চিপাহীৰ৷ ‘ৰৈ যাওঁক’ বাক্যটো অসমৰ কোনো কোনো ঠাইত ‘ৰখি যাওঁক’ বুলি কয়৷ এই ‘ৰখি যাওঁক’-টোকে হিন্দীলৈ ৰূপান্তৰ কৰি মাধৱ চিপাহীয়ে লাঠি দাঙি চিঞঁৰিলে - ৰুখউ! হাত আৰু ভৰিৰ দুয়োডাল ব্ৰেক একেলগে মাৰি ছাৰ ৰৈ গ’ল৷ চিপাহী ওচৰ চাপি আহি ছাৰে পিন্ধি যোৱা ঘিঁউ বৰণৰ চোলাটোৰ ওপৰৰ জেপটোত জিলিকি থকা দুটকীয়া নোটকেইখনলৈ এবাৰ কেৰাহীকৈ চালে, তাৰ পিছত পুলিচৰ মেজাজেৰে সুধিলে – দুটা উঠিব পৰা স্কুটাৰত তিনিটা উঠিলে পুলিচে ধৰিব বুলি জানেনে নাজানে?

-          ছাৰে, কি কওঁ, কি নকওঁ কৰিলে৷ ঠিক তেনেতে, পেগুৱে আৰম্ভ কৰিলে – মই আগতেই কৈছোঁ তাক চাহাব, ধৰিব ধৰিব, সি কয় নধৰে নধৰে, এতিয়া পৰমান পা!


 (“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো মনত ৰাখিছিল পদ্মদাই, শ্ৰীযুত পদ্ম হাজৰিকাই৷ তেখেতলৈ কৃতজ্ঞতা জনালোঁ৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Friday, April 13, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৪)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৪)

অৱশেষত পূৰ্ণেশ্বৰ ছাৰে কোৱাটোৱেই হ’ল, নিতায়ে খেল মাষ্টৰৰ চাকৰি পালে৷

নিতাইৰ পোছাকী নাম নিতুমনি সোনোৱাল৷ অসমীয়া ভাষাত “বাঘৰ আগতেল খোৱা” বুলি বাক্য এষাৰ আছে; সাহসী, অঘাইতং, পাছলৈ নাচাই যিকোনো কাম কৰিব পৰা এবিধ অভং লোকক বুজাবলৈ বাক্যটো ব্যৱহাৰ কৰা হয়৷ পাছে, নিতাইৰ কৰ্মকাণ্ড বুজাবৰ বাবে এইষাৰ বাক্যত থকা অৰ্থটো কম পৰে৷ পঞ্চমমানৰ পৰা দশমমান শ্ৰেণীলৈ ছবছৰ, তাৰ লগতে আন্দোলনৰ আৰু এবছৰ যোগ দি, মুঠতে সাত বছৰ স্কুলত পঢ়া সময়খিনিত নিতাই আছিল সহপাঠী সকলৰ পৰম বিষ্ময় আৰু আতংকৰ কাৰণ, শিক্ষকসকলৰ বাবে দৈনন্দিন সংশয় আৰু বিভীষিকাৰ এক নিছিগা ধাৰ!

ষষ্ঠ শ্ৰেনীৰ কথা৷ স্কুল চৌহদৰ ভিতৰত গেইটখনৰ ওচৰতে বননিডৰা কোৰ্শলা বনৰে ভৰি পৰিছিল৷ খেলৰ পিৰিয়দটোত মৌলৱী ছাৰে ছাত্ৰহঁতক এই কোৰ্শলা বনবোৰ উভালিবলৈ লগাই দিলে৷ সেই সময়তে ক্লাছ টেনত ইংৰাজী পঢ়াবলৈ ফিল্ডখনৰ মাজেদি আহি আছিল বৰজিতেন ছাৰ! মৌলৱী ছাৰৰ লগত দুই এটা কথাৰ আদান-প্ৰদান কৰি ছাৰে স্কুলৰ পদূলিমূখত থকা নাহৰ গছ জোপালৈ চকু দিলে৷ গছজোপাৰ মাজতে ঠাল এটা মৰি শুকাই আছে, কোন সময়ত খহি পৰে ঠিক নাই৷ ছাৰে স্বগত্যোক্তি কৰাৰ দৰে ক’লে – এই ঠালটো কাটি পেলাব লাগিব, হঠাতে খহি পৰি দুৰ্ঘটনা ঘটাব যেনহে লাগিছে! বাক্যষাৰ ছাৰৰ মুখৰ পৰা ওলাই শেষ হ’ল কি নহ’ল, ওচৰতে উৎকৰ্ণ হৈ ঘাঁহ চিকুটি থকা নিতাই একে দৌৰে গৈ নাহৰ গছজোপাৰ ওপৰ পালেগৈ৷ দুয়োজন ছাৰে হেই, হেই কৰি থকাতে থাকিল৷ প্ৰথমে ক্লাছ টেনৰ, তাৰ পিছত গোটেই স্কুলখনৰ ছাত্ৰহ’ত ওলাই আহিল৷ নাহৰ গছৰ শীৰ্ষত নিতুমনি সোনোৱাল! ফেৰেঙনি এটাত থিয় হৈ এটা হাতে গছৰ ডাল এটাত ধৰি ভৰি এটাৰে শুকান ডালটো হেঁচুকিবলৈ লৈছে৷ যিকোনো মূহুৰ্ততে ডালটোৰ লগতে নিতাই আহি ৰাষ্টাটোৰ কাষৰ হোলাটোত পৰাটো ধুৰুপ৷ শুকান ঠালটোত কেৰেক্‌কৈ এটা শব্দ হ’ল, তলৰ তিনিশ ছাত্ৰ আৰু একৈশজন শিক্ষকে আৰ্তনাদ কৰি উঠিল৷ অলপ সময়ৰ পিছত আকৌ এটা কেৰেক্‌৷ তাৰ পিছতে প্ৰকাণ্ড ডালটো আহি তলত পৰিলহি৷ মলুৱা বান্দৰ নমাদি নিতাই সোঁ-সোঁকৈ তললৈ নামি আহিল৷ জিতেন ছাৰে কাণ এখনত ধৰি তাক অধ্যক্ষৰ কোঠালৈ লৈ গ’ল৷

অষ্টমমান শ্ৰেনীলৈ উত্তীৰ্ণ হোৱাৰ পিচৰ পৰাই নিতায়ে চাইকেল লৈ স্কুললৈ আহে৷ চাইকেলখন সি চিধাকৈ নচলায়, গুৱলা সাপ যোৱাদি অকাই পকাই যায়, মাজে মাজে ৰাষ্টাত শুই পৰাদি একতীয়া হৈ পৰে, আকৌ পোন হয়৷ গাৰ্লছ স্কুলখনৰ সমূখভাগ পাৰ হৈ আহোঁতে হয় চাইকেলখন কেৰিয়াৰত বহি চলাই, নহয় হেন্দেলডালত ওভোটাকৈ বহি পেদেল মাৰে৷ ছোৱালীবোৰে মুখ তিপি তিপি হাঁহে৷ কেতিয়াবা তীব্ৰ বেগত আহি চাইকেলখনৰ আগ চকাৰ ব্ৰেকডাল টানি ধৰে, পাছ চকাটো দাঙ খাই যায়, মূহুৰ্ততে ভৰিৰে দোপ এটা দি চাইকেলখন ওভোটা কৰি পেলাব পাৰে৷ চাই থকা দৰ্শকৰ চকু কপাললৈ উঠে৷ বাৰ্ষিক অধিৱেশনত এবাৰ আধামৰা সাপ এটা ডিঙিত আঁৰি লৈ মঞ্চত অভিনয় কৰিবলৈ উঠিলগৈ৷ দৰ্শকটো বাদেই খোদ বিচাৰকসকলৰ মাজতে হাঁহাকাৰ লাগি গৈছিল৷

আমাৰ চেন্টাৰৰ বাছ ষ্টেণ্ড্‌টোৰ পাছফালেই পোনাদাহঁতৰ ঘৰ৷ তেখেতসকলৰ ভাড়াঘৰ এটা আছে৷ তাতে ডাকঘৰত কাম কৰা পৰিয়াল এটা আছিল৷ সন্ধিয়া লাগিল কি নালাগিল গিৰিয়েক ঘৈণীয়েকৰ দুৰ্বাদল কাজিয়া৷ শাওঁন মহীয়া মেঘে ৰৈ ৰৈ গাজনি মাৰি থকাৰ দৰে ৰাতি আধাডোখৰলৈকে পতি-পত্নীৰ বিজুলী ঢেৰেকণি চলি থাকে৷ “মানুহঘৰ আঁতৰাব পৰা হলে ভাল আছিল৷” পোনাদাৰ মুখৰ পৰা কথাষাৰ ওলোৱাৰ দিনাই আধা ৰাতি নিতাই গৈ পোনাদাহঁতৰ ঘৰ ওলালগৈ, লগতে সৰু টোপোলা এটা৷ ক্ষন্তেক পিচতে কাপোৰ-কানি খুলি গোটেই গাতে টোপোলাত অনা ক’লা ছাঁই সানি ল’লে৷ তাৰ ওপৰত চূণৰ প্ৰলেপ দি কামি হাড়, ৰাজ হাড় আঁকি ল’লে৷ তাৰ পিছত এটা লয়ত খুটি তাল বজাই বজাই নিতাই আন্ধাৰৰ মাজলৈ ওলাই গ’ল৷ ভাড়াঘৰটোৰ চাৰিওফালে তাল বজাই নাচি নাচি এবাৰ ঘুৰে, তাৰ পাছত বাঁহগছজোপাৰ আঁৰত অলপ ৰয়, তাৰ পিছত আকৌ ঘুৰে৷ সত্যজিত ৰায়ৰ “গোপী গায়ন বাঘা বায়েন” ছবিখনত থকাৰ দৰে পিশাঁচৰ নৃত্য৷ পিছৰ দেওঁবাৰে ৰাতিপুৱাই ঘৰটো খালি হৈ গ’ল!

পৰিস্থিতি অশান্ত, কাৰ্ফিউ চলিছে৷ স্কুল-কলেজ, দোকান-পোহাৰ বন্ধ৷ বাছত উঠি খিৰিকিৰে বন্দুকৰ বেয়নেট বাহিৰলৈ উলিয়াই “চি-আৰ-পি”-ৰ গাড়ী গাঁৱত ঘুৰি ফুৰে৷ ডেকাল’ৰা পালে গাড়ীত উঠাই থানালৈ লৈ যায়৷ বয়সীয়া লোককো অপদস্থ কৰে৷ এদিন নিতাইয়ে জংঘলৰ পৰা কোদো এবাঁহ আনি টেকেলি এটাত সুমুৱাই গাঁৱৰ পুল এটাৰ ওপৰত টেকেলিটো উবুৰিয়াই থৈ দিলে৷ পিছদিনা “চি-আৰ-পি”-ৰ বাছখন আহি নিৰাপদ দূৰত্বত ৰৈ গ’ল৷ সু-সজ্জিত দল এটা বাছৰ পৰা নামি আহিল৷ বস্তুটো বোমা হয়নে নহয় অলপ সময় নিৰীক্ষণ কৰিলে৷ তাৰ পিছত কলা নোদোকা সৈন্য এটা আগবাঢ়ি গৈ গোৰ মাৰি টেকেলিটো ওলোটাই দিলে৷ কি হৈছে গম পোৱাৰ আগতেই কোদোজাকে দলটোক ঘেৰি ধৰিলে৷ বচাঔ, বচাঔ বুলি দেদাউৰি পাৰি দলটোৰ মাজত হৈচৈ লাগি গ’ল৷ যিমান জোৰত আহিছিল তাতকৈ দুগুণ বেগত বাছখন উভতি গ’ল৷ সেইদিনা ৰাতিলৈ গাৱঁখনত ৰেইড্‌ হৈছিল আৰু মুনিহ তিৰোতা সমন্বিতে সকলোলোককে গাঁৱৰ গোপছাৰখনত আধাৰাতিলৈকে পুলিছে থিয় কৰাই ৰাখিছিল৷

আমাৰ চেন্টাৰটোৰ দোকান-পোহাৰ যিঠাইত শেষ হৈছে তাতে “চি-আৰ-পি”-য়ে এটা চেক্‌গেট পাতিছিল৷ বাটৰুৱাৰ দৈ টেকেলিৰ ঢাকোন খুলি লাঠিৰ আগটো লগাই  “চি-আৰ্‌-পি”-য়ে “কিয়া হাই, কিয়া হাই” বুলি সুধিবলৈ লাগিল৷ পুৰণি গাওঁৰ পিতই পকা কল একাশী নিজে নাখাই বজাৰত বেছিবলৈ নিছিল, চেক গেইটতে “চি-আৰ-পি”-ৰ দলটোৱে খাই অন্ত কৰিলে৷ পিতলৈ লাঠি দাঙি ক’লে - হটৌ! মটৰ চাইকেল লৈ যোৱা ডেকা ল’ৰা ঠাইডোখৰ পাৰ হৈ যাবলৈ ভয় কৰা হ’ল৷ সেই চেক্‌ গেইটতে এদিন গামোছা এখন পিন্ধি ওলালগৈ নিতাই ৷ ক’লা মজবুত চেহেৰাৰ “চি-আৰ-পি” এটাই লাঠিডাল তপিনাত লগাই মাটিত ভেজা লৈ আড্ডা মাৰি আছিল৷ সুবিধা বুজি নিতাইয়ে লাঠিডালত লগালে এটা প্ৰচণ্ড গোৰ৷ ক’লা ধমহকৈ মাটিত বাগৰি পৰিল৷ নিতাইয়ে তৰানৰা চিঙি বকুল বৰদলৈৰ ঘৰৰ চৌহদটোৰ বাৰিখনলৈ মাৰিলে এটা জাপ৷ পিচে পিচে আহিল কেইটামানে লাঠি দাঙি খেদি৷ চৌহদটোৰ সীমাতে হোলা এটা আছিল, চিপাহীৰ খোজ পৰোঁতেই দুটা চিপাহী বন্দুকে বাৰুদে বোকাত হৰ হৰকৈ সোমাই গ’ল৷ সিপাৰৰ নিৰাপদ ঠাইৰ পৰা সোঁহাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিটো জিভাৰ তলত সুমুৱাই নিতায়ে সিহঁতলৈ চাই দুবাৰমান সুহুৰি মাৰিলে, তাৰ পিছত অন্তৰ্ধান৷ পিছদিনা, দুখলপীয়া টুপী পিন্ধা পুলিচ এটাৰ লগত “চি-আৰ-পি” কেইটামান স্কুললৈ আহি জিতেন ছাৰৰ কোঠাত সোমালহি, কিন্তু কি কথা পাতিলে পাছত কোনেও গম নাপালে৷

খঙৰ ভমকত এদিন পূৰ্ণেশ্বৰ ছাৰে নিতাইক কমন ৰূমলৈ মাতি আনিলে৷ আধা ঘন্টামান বকাৰ পিছত ছাৰে সুধিলে – সোমাল নে তোৰ মূৰত? পৃথিৱীৰ একো পাকচক্ৰৰ আওভাও নোপোৱা বেঙাৰ দৰে সি ছাৰৰ ডিঙিৰ ঘটিকাটোলৈ একেথৰে চাই আছে৷ ছাৰে ক’লে - এইবিলাক অতপালিৰে তোৰ ভৱিষ্যত অন্ধকাৰ, বুজিছনে নাই, খেল-ধেমালি বিলাককে চিৰিয়াচলৈ লৈ কিবা এটা কৰ, সময়ৰ শৰ সময় থাকোঁতেই মাৰ, নহলে পষ্টাবি!

নিতায়ে সেইদিনা কি বুজিছিল বুজা নাযায়৷ কিন্তু কলেজৰ পৰা পোনে পোনেই সি গৈ পুণা ওলালগৈ৷ ‘ইনষ্টিটিউট অৱ স্পৰ্টছ ছায়েঞ্চ এণ্ড টেকনলজি’-ৰ পৰা কিবা ডিপ্লমা কৰ্ছ এটা কৰি আহি আমাৰ স্কুলখনতে সি খেলৰ শিক্ষক হিচাপে জইন কৰিলেহি৷ ৰত্নাকৰ বাল্মীকি হোৱাৰ সময় আৰম্ভ হ’ল৷ অগত্যা বাহিৰত কাম নোহোৱা হলে শিক্ষক বহা বেঞ্চখনৰ শেহৰ পিনে আওহতীয়া ঠাইকণত নিতাই বহে৷ তাক স্কুলত লগ পোৱা বেছিভাগ শিক্ষকেই লাহে লাহে অৱসৰ লৈছে৷ নতুনকৈ সোমাৱা শিক্ষককেইজন আৰু শিক্ষয়িত্ৰী কেইগৰাকীৰ আগত সুবিধা পালেই সি কথাৰ জোলোঙা মেলে৷ কামত আগৰ অতপালি এতিয়া আৰু নাই, কিন্তু সেই একেই দস্তুৰ এতিয়া সলনি হৈছে কথালৈ৷ সি হেনো পূণাত থাকোঁতেই মাৰাঠী শিকি পেলালে আৰু তাতে মাৰাঠী ছোৱালী এজনীৰ প্ৰেমত পৰিল৷ এতিয়া ছোৱালীজনী হেনো মাৰাঠী চিনেমাৰ হিৰোইন৷

নৱেম্বৰ মাহৰ কথা৷ শিলচৰত খেল-ধেমালিৰ প্ৰশিক্ষণ শিবিৰ এটা হৈছিল৷ তাতে দহ দিন থাকি নিতায়ে বেংগলী ভাষা শিকি আহিছে৷ এতিয়া সামান্য অন্যমনস্ক হ’লেই নিতাইৰ মুখেদি বেংগলী ভাষা সৰসৰকৈ ওলাই আহে৷ মানসী আৰু ৰশ্মিয়ে বেঙাৰ দৰে শুনি থাকে, নিতায়ে সুবিধা পাই কথা বঢ়াই নি থাকে! শিলচৰৰ পৰা ঘুৰি অহাৰ পথত নিতাই হোটেল এখনত খাবলৈ বহিল৷ সলসলীয়া বেংগলী ভাষাত কথোপকথন চলি আছে৷ হোটেলৰ মেনেজাৰো আহি নিতাইৰ সমূখৰ চকীখনতে বহিলহি, পৰিচয় হ’বলৈ৷ খাদ্য কেনে হৈছে সুধিলে৷ তাৰপিছত মেনেজাৰে নিজেই নিতাইৰ কাৰণে মাংস এবাটিৰ অৰ্ডাৰ দি দিলে৷

ঠিক মাংস বাটিতো নিতাইৰ খোৱা টেবুলত পৰাৰ সময়তে কমন ৰুমত সোঁমালহি পূৰ্ণেশ্বৰ ছাৰ৷ ছাৰেই সুধিলে – তাৰ পিছত, তই মেনেজাৰক কি ক’লি? মই মাছ মাংস দুয়োটাৰে চাৰ্টিফিকেট দি দিলো! ছাৰে ক’লে – কি কলি, বেংগলীতে কৈ শুনা৷ নাই ছাৰ, এতিয়া নহয়, পিছত এদিন - আদি কথাৰে নিতায়ে পৰিস্থিতিটো চম্ভালিবলৈ চেষ্টা এটা কৰিছিল, কিন্তু নোৱাৰিলে৷ শিক্ষয়িত্ৰী কেইগৰাকীয়েও চেলাপেতি জোক লগাদি লাগি গ’ল৷ অৱশেষত নিতায়ে বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হ’ল – “মই মেনেজাৰক কৈ দিলোঁ, মাছৰ জোলতাটো ভালই হইছেন, লেইকিন, মাংছৰ জোলটা কেমন আছে হামু এতিক্ষণে জানয় নাহি৷ ইধৰ মে ঔৰ এক টুকৰা মাছ দিয়াই দেন!”


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল কৰিছিল আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Friday, April 6, 2018

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৩)

জীৱন বাটৰ ৰসঃ পূৰ্ণেশ্বৰ ছাৰ (৪৩)

কবি গীতিকাৰ কেশৱ মহন্তৰ “সোনজিৰা মাহী”ক বহুতেই চিনি পায়৷ সেইযে “যাৰ মূগাৰ মেখেলা পিন্ধা উদং ভৰিত খম্‌ খম্‌ খোজ, যাৰ ব্লাউজ নোহোৱা দেহা কেৱল ৰিহাৰে ঢকা মাগুৰ বৰণ” সেইজনী সোনজিৰা মাহীৰ কথা কৈছো৷ কেঁও কিছু সম্বন্ধ নোহোৱা অথচ আপোনৰো আপোন! চকু মুদিলেই যাৰ সোঁৱৰণি মূৰ্ত হৈ উঠে, মাতটো শুনা শুনা যেন লাগে, গাৰ গোন্ধটো পোৱা পোৱা যেন লাগে, অনুভৱ হয় কলিজাত লাগি থকা কোমল স্পৰ্শ! “কাৰোবাৰ জীয়েকৰ চাদৰ ব’বলে তৰা যি তাঁতখনি, সোনজিৰা মাহীজনী তাৰেই শিপীনি, তামোলৰ পিক মাৰি পৰৰ মাটিত মোহাদেউৱে চাই লয় যি বোকাখিনি, সোনজিৰা মাহীজনী তাৰেই দাৱনী”!

দৰিকী বৰমাৰ মেখেলাখন মুগাৰ নাছিল! তাত ব’ব জানিলেও মুগা কাপোৰ পিন্ধিব পৰা বৰমাৰ সামৰ্থ্যই নাছিল৷ বজাৰৰ পৰা মায়ে কিনি আনি দিয়া সূতাৰে বৰমাই নিজৰ ঘৰত আমাৰ ঘৰৰ কাৰণে কাপোৰ বৈছিল, তেখেতৰ ঘৰৰ কাষতে থকা আমাৰ খেতি মাটিডৰাত তেওঁলোকে বৰা আৰু ক’লাজহা ধানৰ খেতি কৰিছিল৷ আধি খেতি কৰিবলৈ লোৱাৰ আগতে সেইখিনি মাটিত তামোলৰ পিক মাৰি মাটি চাই লোৱাৰ কোনো প্ৰয়োজনেই নাছিল৷ দিনৰ বেলা মা আৰু দেউতা যেতিয়া স্কুললৈ দিনটোৰ বাবে ওলাই গৈছিল, আমি এমা-ডিমা ল’ৰা-ছোৱালীকেইটাক ঘৰত আলপৈচান ধৰিছিল আমাৰ আইতাই যাক আমি বুৰীমা বুলি মাতিছিলোঁ৷ আৰু দিনটো বুৰীমাৰ সোঁৱে বাঁৱে থাকি আমাক ওমলাইছিল দৰিকী বৰমাই৷ তৰ্জনী আঙুলিত ধৰি থিয় দঙা দিয়াই খোজ কাঢ়িবলৈ শিকাইছিল, নাকৰ সেঙুন হাতৰ ঠাৰিৰ সলনি ৰুমালত মচিবলৈ শিকাইছিল, গা-ধুই গা মচিবলৈ শিকাইছিল,  হাতত তুলি লোৱা ভাতগৰাহ বুঢ়া আঙুলিটোৰে কেনেকৈ হেঁচুকি মুখত ভৰাব লাগে তাক দেখুৱাই দিছিল৷ কান্দিলে কোলাত লৈ “আবুদ” নামৰ এটা কাল্পনিক চৰিত্ৰৰ দুখঃজনক কাহিনী কৈ শুনাইছিল আৰু সেই কাহিনী শুনি মোৰ ভাই মৃদুলে ফেঁকুৰি ফেঁকুৰি কান্দিছিল৷ দৰিকী বৰমা আৰু বুৰীমাই তেতিয়াই বাৰিত লগোৱা গছে মই মে়ট্ৰিক পৰীক্ষা দিয়া বছৰৰ পৰাই ফল দিবলৈ আৰম্ভ কৰিছিল৷ সেউজীয়া পাৰী থকা দৰিকা বৰমাৰ মলিয়ন চাদৰখনৰ গোন্ধটো আৰু গাৰ আদৰৰ পৰশ মই এতিয়াও চকু মুদিলেই অনুভৱ কৰিব পাৰোঁ৷ তেখেতে আমাৰ মাক ‘মা-কণ’ আৰু দেউতাক ‘বাপু’ বুলি মাতিছিল৷

আমাৰ ঘৰত দিনটো খাটনি খাটি দৰিকী বৰমা সন্ধিয়া যেতিয়া ঘৰলৈ যাবলৈ বাটলৈ ওলাইছিল তেতিয়া প্ৰায়েই গধূলি হৈছিল৷ হাতীপটি-ফটাপুখুৰী নামৰ জয়াল অঞ্চল এটা কোনোবা চিনাকী বাটৰুৱাৰ সাহসত পাৰ হৈ বৰমা অকলে অকলে ঘৰলৈ উভতিছিল৷ ভূত-প্ৰেত বা চোৰ-ডকাইতলৈ বৰমাৰ সমূলি ভয় নাছিল৷ কিন্তু তেখেতে সাংঘাতিক ভয় কৰিছিল পাগুৰী পিন্ধা পাঞ্জাৱী মানুহলৈ৷ কথাটো সত্য আৰু কাৰণটো আমোদজনক৷ আমাৰ ঘৰৰ গাতে লাগি থকা বৰদেউতাৰ ঘৰখনত এটা ধান খুন্দা মিল আছিল৷ সেই মিলটো কিবা জটিল কাৰণত কেতিয়াবা নচলা হলে প্ৰতাপগড় চাহবাগিছাৰ ফেক্টৰীত কাম কৰা মেকানিকজনক অনুৰোধ কৰি মাতি অনা হৈছিল৷ সিং উপাধিৰ সেই মানুহজন আছিল যথেষ্ট হৃষ্ট-পুষ্ট পালোৱানৰ দৰে চেহেৰা, মুখভৰি থকা দাড়িবোৰ সৰু সৰু বেণীৰ দৰে গুঠি পাগুৰীৰ তললৈ সুমুৱাই লয়৷ মূৰত এটা ক’লা বা আকাশী বৰণৰ কাপোৰৰ প্ৰকাণ্ড পাগুৰী, হাতত ষ্টীলৰ খাৰু, গাত হলৌ-মলৌ চোলা! এদিন দৰিকী বৰমাই বাৰান্দাত চাউল জাৰি থাকোঁতেই হঠাতে সিঙ চাহাব আহি বৰমাৰ সমুখতে ওলালহি৷ সেই চেহেৰা আৰু বেশভূষা তেখেতৰ একেবাৰেই পৰিচিত নাছিল৷ ভয়ত ত্ৰাহি মধূসুদন সুঁৱৰি বৰমা চিঞৰ এটা মাৰি পাক ঘৰলৈ লৰ ধৰিলে৷ সেইযে চকটো খালে, সেইটোৱেই পিছলৈ লগ নেৰা হ’ল৷ কেতিয়াবা ওভটোতে বেছি ৰাতি হৈ গ’লে তেখেতে দেউতাক খাটনি ধৰিছিল - বাপু, অকণমান আগবঢ়াইদিয়াচোন, বাটত পাঞ্জাৱী ওলায় বুলি ভয় লাগিছে!

সম্বন্ধত দৰিকী বৰমা আমাৰ কোনো নাছিল, কিন্তু শৈশৱৰ স্মৃতিত বৰমাৰ সান্নিধ্য আছিল আপোনতকৈও আপোন, নিজতকৈও নিজৰ, যাৰ কোলাৰ উমত আছিল মাতৃত্বৰ উত্তাপ, পৃথিৱীৰ শ্ৰেষ্ঠতম নিৰাপদ আশ্ৰয়৷

এনে অভিজ্ঞতা বহুতৰে থাকে৷ পূৰ্ণশ্বৰ ছাৰ সৰু থাকোঁতেও তেখেতক এনেকৈয়ে মৰম কৰিছিল মানিকী দাস নামৰ এগৰাকী নাৰীয়ে৷ ছাৰে তেখেতক জেঠাই বুলি মাতিছিল৷ ৰাতিপুৱা ধূৱাই পখলাই পিন্ধাই উৰাই, খুৱাই-বুৱাই লোৱাৰ পৰা তাল পাতৰ বিচনিৰে বিচি বিচি সন্ধিয়া সাধু কৈ শুৱাবলৈ লোৱালৈকে দিনটোৰ বেছিভাগ সময়েই হেনো ছাৰ এই জেঠাইৰ লগতে আছিল৷ ছাৰ জন্ম হোৱাৰ এবছৰৰ পিছত জেঠাইৰো এটা ল’ৰা জন্ম হৈছিল আৰু মৰমতে জেঠাইয়ে তাৰ নামো পূৰ্ণ ৰাখিছিল৷ জেঠাইৰ ছোৱালী ডালিমী আৰু পুৰ্ণৰ লগত ছাৰে ধূলি বালিত লেতি উমলি থকা স্মৃতি এতিয়াও মনত সজীৱ হৈ আছে৷ প্ৰাইমেৰী স্কুলতে পুৰ্ণ ছাৰতকৈ এবছৰ পিছ পৰিছিল, ফলত তাৰ বাকী শিক্ষাজীৱনটো ছাৰে পাছ কৰি এৰি যোৱা কিতাপেৰেই সম্পূৰ্ণ হৈছিল৷ দুবাৰ মেট্ৰিক দিয়াৰ পিছতো সৰকিব নোৱাৰাত, বহাগ মাহৰ কৃষ্ণপক্ষৰ ৰাতি এটাত গাওঁৰে গিৰিন্দ বায়নৰ সৰুজনী জীয়েকক ঠাইতে সৰকাই আনি পূৰ্ণই ঘৰ সুমুৱালেহি৷ সেয়ে ছাৰৰ বিয়াৰ দিনা দৰাৰ লগত  যোৱা বাছখনৰ মাজৰ চিট্‌ দুটা অধিকাৰ কৰি থকা কিশোৰী ছোৱালী দুজনী আছিল পূৰ্ণৰেই জীয়েক৷ ঘৈণীয়েক পিছৰ চিটত বহিছিল৷

এসময়ত মানিকী জেঠাই দুৰ্বল হৈ আহিল৷ পৰৰ ঘৰত কাম কৰিবলৈ শকতি নোহোৱা হৈ আহিল৷ পূৰ্ণইও এম.ই. স্কুল এখনত চকিদাৰৰ কাম এটা যোগাৰ কৰি ল’লে৷ ডালিমী পৰিল সিপাৰত, জখলাবন্ধাৰ ফালে৷ সময়ৰ খোজত ছাৰৰ ঘৰৰ লগত মানিকী জেঠাইৰ দৈনন্দিন সম্পৰ্ক কমি আহিল৷ এপৰ বেলা খোজ কাঢ়ি কাঢ়ি অহা-যোৱা কৰা সেই আওহতীয়া  ঠাইখনলৈও আজিকালি দুখন বাছ চলে৷ তাতে উঠি কেতিয়াবা ভুটুঙকৈ জেঠাই ওলাইহি৷ ছাৰৰ ল’ৰা-ছোৱালীহাললৈ চেন্টাৰৰ পৰা লজেন্স, কাটা নিমকি, কুকিচ বা একেবাৰে একো নাপালে “হোমা” মাৰ্কা পাওৰুটি এটাকে লৈ ছাৰৰ ঘৰ ওলায়হি৷ ল’ৰা-ছোৱালীদুটাক গালে মুখে মৰম কৰি চুমা খায়, বোৱাৰীয়েকৰ আগত (ছাৰৰ বাইদেউৰ আগত) অতীতৰ বুৰঞ্জী মেলি লয়৷ দিনটো খাই বৈ থাকি আবেলি ছাৰ স্কুলৰ পৰা উভতি অহাৰ পিছত বুঢ়ী যাবলৈ ওলায়, ছাৰে জোৰ কৰি একুৰী দেৰকুৰী টকা বুঢ়ীৰ হাতত গুজি দিয়ে৷ লওঁ নলও কৈ মুখেৰে ভোৰ-ভোৰাই জেঠাইয়ে চাদৰখনৰ আগটোত পইচাকেইটাৰে এটা সৰু গাঠি বান্ধে ৷ কেতিয়াবা পদুলিমূখত তাৰো আধলি বা সিকি এটা সৰু ছোৱালীজনীৰ হাতৰ মুঠিত সুমুৱাই দি জেঠাই যায়গৈ!

সেইজনী মানিকী জেঠাইৰ অসুখ৷ পূৰ্ণই দলি মাৰি পঠোৱা খবৰটো হৈছে – “বুঢ়ী যাবই যেন পাইছোঁ৷ ককাইদেউ আহি চায় যায় যদি সোনকালেই আহি এবাৰ চাই যাওঁক৷” খবৰটো শুনিয়েই ছাৰৰ চকুৰ আগেদি ল’ৰালিৰ স্মৃতি পাৰ হৈ গ’ল – কোলাই পিঠিয়ে উঠি জপিয়াই জপটিয়াই ডাঙৰ হোৱা মানুহজনী! বাইদেউৱেই সিদ্ধান্ত ল’লে, দেওঁবাৰেই ৰাতিপুৱাৰ বাছখনত আটাইকেইটা গৈ দিনটো জেঠাইৰ ওচৰত থাকি সন্ধ্যাৰ বাছখনত উভতি আহিব৷

কল খাই ভাল পোৱা বুঢ়ীলৈ জাহাজী কল একাশী, ৰেইন ব’ বেকাৰীৰ গৰম-গৰম বিস্কুট আধাকিলো, আশীসূতাৰ ফুলাম গামোছা এখন, ভইলৰ চাদৰ এখন আৰু সৰু সৰু কেইপদমান সামগ্ৰীৰ টোপোলা এটা লৈ ছাৰৰ পৰিয়াল দেওঁবাৰে ৰাতিপুৱাই ‘পাকিজা’ নামৰ বাছখনত উঠি বহিল৷ বাছ নচলেহে নচলে৷ ছাৰৰ  ল’ৰাটোৱে এবাৰ ঘোষণা কৰিলে– অ’, দে’তা, ভোক লাগিছে! বাইদেউৱে ক’লে – এক্কেবাৰে তাতে খাবি ব’ল!

ঘৰতনো সিহঁতৰ কোন কোন আছে ? – ছোৱালীজনীয়ে সুধিলে৷
মাক দেউতাক আৰু ছোৱালী দুজনী, পাহৰিলিয়েই নে, পূজাৰ সময়ত যে আহিছিল, মালতী আৰু কেতেকী বা? – বাইদেউৱে ক’লে৷

এসময়ত বাছ চলিল৷ ছাৰৰ এবাৰ অনুভৱ হ’ল, খোজ কাঢ়ি অহা হ’লেই আগতে পালেহিহেঁতেন নেকি! বাছত ল’ৰাই আকৌ এবাৰ সোঁৱৰাই দিলে- অ’ দে’তা, বৰ ভোক লাগিছে! ছাৰে আথেবেথে প্ৰবোধ দিলে – গৈ পায়েই চাহ খামগৈ ব’ল, অলপ ধৈৰ্য ধৰ৷

জেঠাইৰ অৱস্থা সঁচাকেয়ে বেয়া৷ মানুহ চিনোঁতেই অসুবিধা হৈছে৷ বিচনাখনত একেথৰে পৰি খেৰৰ চালখনৰ মাৰলিডাললৈ তধা লাগি চাই আছে৷দীঘল দীঘল উশাহ৷ ছাৰে জেঠাই জেঠাই বুলি কেইবাবাৰো মতাৰ পিছতহে বুঢ়ীয়ে চকু লৰাইছে৷ বিচনাখনৰ মূৰৰ শিতানৰ ফালে ছাৰ, ভৰি পথানৰ ফালে বাইদেউ বহিছে৷ দীঘল ওৰণি লৈ পূৰ্ণৰ ঘৈণীয়েক দুৱাৰখনৰ চৌকাঠটোত ভেঁজা লৈ ঠিয় দি আছে, ছোৱালীদুজনী ৰৈ আছে আলনাডালৰ দুয়োমূৰে৷ পূৰ্ণ ঘৰত নাই! কাৰো মুখত মাত নাই৷ বাইদেউৰ চকুৰ কোণত পানী জমা হৈছে৷ ছাৰৰ মুখখন বিজল বিজল লাগিছে!

ঠিক তেনেতে নিৰৱতা ভংগ কৰি ছাৰৰ পুত্ৰই মাত লগালে, অকণো দ্বিধা-সংকোচ নথকা খোলা মাত – অ’ দে’তা, অ’দে’তা,  ইয়াতে যদি চব মানুহ ৰৈ থাকে, আমাকনো চাহ দিব কোনে?


(“জীৱন বাটৰ ৰসঃ”-ত থকা কাহিনীবোৰ ইতিহাস নহয় আৰু চৰিত্ৰসমূহৰ বেছিভাগেই কাল্পনিক৷ কবিৰ ভাষাত – অৰ্ধেক মানৱী এইয়া, অৰ্ধেক কল্পনা ৷ এই কাহিনীটো কৈ পেটৰ নাৰী ডাল ডাল কৰিছিল আমাৰ মৰমৰ ভনী মাজনীয়ে, ৰূপালীম বৰাই৷ “জীৱন বাটৰ ৰস”-ৰ যিকোনো এটা খণ্ড পঢ়িবৰ মন গলে এই লিংকটোত পাব – http://utpalbaruah.blogspot.com)

Thursday, April 5, 2018

সু-পৰিকল্পনা আৰু প্ৰগতিৰ এটা উদাহৰণ “নেহৰু অ’-আৰ্‌ -আৰ্‌” Sadin 6-April-2018






সু-পৰিকল্পনা আৰু  প্ৰগতিৰ এটা উদাহৰণ “নেহৰু অ’-আৰ্‌ -আৰ্‌”


সু-পৰিকল্পনা আৰু প্ৰগতিক এটা মুদ্ৰাৰেই ইপিঠি-সিপিঠি বুলি বিনাদ্বিধাই ক’ব পাৰি৷ ব্যক্তিগত সফলতাৰ বাবেই হওক বা সামগ্ৰিক প্ৰাপ্তিৰ বাবেই হওক সু-পৰিকল্পনা আৰু সু-চিন্তিত আঁচনিৰ প্ৰয়োজন আটাইতকৈ বেছি৷ ব্যক্তিগত জীৱনৰ সাফল্যৰ বাবে এটা স্থিৰ লক্ষ্যৰ (Goal) প্ৰযোজন আৰু তাক ফলৱতী কৰিবৰ বাবে লাগে এক সুপৰিকল্পিত আঁচনি৷ এই স্থিৰ লক্ষ্যটো ঠিক কৰিবৰ বাবে অপৰিহাৰ্য উপাদান কেইটাক আজিকালিৰ মেনেজমেন্টৰ ভাষাত SMART বুলি কয় ৷ SMART শব্দটোৰ আখৰকেইটাই সৃষ্টি কৰা শব্দকেইটা হৈছে – Specific, Measurable, Accountable, Realistic আৰু  Time-bound ৷ চৰকাৰে জনসাধাৰণৰ কল্যানৰ বাবে কৰিব খোজা কামৰ পৰিকল্পনাক আচঁনি বুলি কয়৷ আঁচনি এখনে কিমান সফলতা অৰ্জন কৰিব পাৰে সেইটো নিৰ্ভৰ কৰে আঁচনিখন প্ৰস্তুত কৰাৰ সময়ত কেনেধৰণৰ প্ৰজ্ঞা আৰু কৌশলৰ প্ৰয়োগ কৰা হৈছে৷ মেনেজমেন্টৰ ভাষাত আঁচনিখন কিমান SMART তাৰ ওপৰত৷ ব্যক্তিগত সাফল্যৰ বাবে প্ৰয়োজন হোৱা আটাইকেইটা উপাদানৰ প্ৰয়োজন চৰকাৰী আঁচনিৰ ক্ষেত্ৰটো সমানে প্ৰযোজ্য৷ কিন্তু পৰিতাপৰ কথা যে চৰকাৰে এটা কাৰ্যকালতে অৰ্থাৎ পাঁচ বছৰ সময়ৰ ভিতৰতে চমক সৃষ্টি কৰিব পৰা কামৰ প্ৰতিহে বেছিকৈ আগ্ৰহ দেখুৱায়৷ ফলত সুদুৰপ্ৰসাৰী কল্যানৰ পৰিকল্পনা তল পৰে, ক্ষণিক চমকৰ প্ৰয়াসে অগ্ৰাধিকাৰ পায়, তাৰ পৰা জনসাধাৰণৰ কল্যান হয় কম৷ “অলস চিন্তা অগভীৰ আঁচনিয়ে জয়ৰ বাসনা কৰে চূৰ্ণ” ভূপেনদাই এই সত্যটোকে গীতেৰে কৈছিল!

সূক্ষ্ম ভাবে পৰিকল্পনা কৰি জনসাধাৰণৰ প্ৰচুৰ কল্যান সাধন কৰি সফল হোৱাৰ উদাহৰণ দেখুৱাব পৰা ভাৰতবৰ্ষৰ এখন চহৰ হায়দৰাবাদ আৰু হায়দৰাবাদত থকা নেহৰু অ’-আৰ্‌-আৰ্‌  (Nehru Outer Ring Road) নামৰ ৰাষ্টাটো৷  ১৯৯৫ চনৰ পৰা ২০০৪ চনলৈ অবিভক্ত অন্ধ্ৰপ্ৰদেশৰ মূখ্যমন্ত্ৰী আছিল চন্দ্ৰবাবু নাইডু৷ তেওঁ প্ৰথমতেই হায়দৰাবাদক তথ্য-প্ৰযুক্তিৰ (Information Technology) কেন্দ্ৰ হিচাপে গঢ়ি তুলিবৰ বাবে পৰিকল্পনা কৰিলে৷ তাৰ বাবে হাই-টেক্‌ চিটি নাম দি হায়দৰাবাদৰ এটা অংশৰ উন্নয়ন সাধন কৰা হ’ল৷ সেই সময়তে নতুনকৈ এটা বিমানকোঠ নিৰ্মাণৰ কথাও চলি আছিল, কিন্তু চহৰখনৰ প্ৰধান সমস্যা আছিল সু-পৰিবহন ব্যৱস্থাৰ৷ শ্ৰীনগৰৰ পৰা কণ্যাকুমাৰীক সংযোগ কৰা ৪৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো আৰু পূৱা-পশ্চিমাকৈ পূণেৰ পৰা অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণা জিলাৰ মছিলিপট্টনমলৈ থকা ৬৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাঁইপথটো হায়দৰাবাদ চিটিৰ মাজেদিয়েই পাৰ হৈ গৈছে৷ তাৰোপৰি, হায়দৰাবাদ ৪০০ বছৰ পুৰণি এখন চহৰ, পুৱা আৰু গধূলি চহৰৰ মাজত ভয়ানক জান-যঁট হয়৷ এই সমস্যাৰ পৰা উদ্ধাৰ পোৱাৰ বিজ্ঞানসন্মত উপায় কি?  চন্দ্ৰবাবু নাইডুৱে এহাতে পৃথিৱী বিখ্যাত তথ্য-প্ৰযুক্তিৰ বিয়াগোম প্ৰতিষ্ঠানক ৰাজ্যলৈ আমন্ত্ৰণ কৰিছে আৰু আনহাতে ৰাষ্টা-ঘাটৰ অৱস্থা পঁয়ালগা! চতুৰ নাইডুৱে গম পালে যে জাপানৰ চৰকাৰক উন্নয়ন ক্ষেত্ৰত সহায় কৰিবলৈ সেই দেশৰ ‘জাপান ইন্টাৰনেচনেল ক’-অপাৰেচন এজেন্সি” নামৰ এটা সংস্থা আছে৷ সেই সংস্থাটোৰ লগত পৃথিৱী বিখ্যাত অনেক গুণী-জ্ঞানী লোক জড়িত হৈ আছে৷ চন্দ্ৰবাবু নাইডুৱে সেই সংস্থাটোৰ সহায় বিচাৰিলে৷ ক্ষণিক উত্তেজনাৰ বশৱৰ্তী হৈ চমক সৃষ্টি কৰিবলৈ হকে বিহকে অপৰিকল্পিত ভাবে অভাৰব্ৰীজ নিৰ্মান কৰাতকৈ হায়দৰাবাদ চহৰখনৰ সামগ্ৰিক বিকাশৰ বাবে সু-চিন্তিতভাৱে পৰিকল্পনা আৰম্ভ হ’ল৷ হায়দৰাবাদৰ দাঁতি কাষৰীয়া অনেক ঠাই অব্যৱহৃত হৈ পৰি আছিল য’ত ভৱিষ্যতে বিকাশৰ প্ৰচুৰ সম্ভাৱনা আছিল৷ বিকাশৰ বাবে সু-পৰিবহন ব্যৱস্থাই হৈছে সফলতৰা মূল নিৰ্ণায়ক৷ চন্দ্ৰবাবু নাইডুৱে সেয়ে এই বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰিলে৷ HMDA অৰ্থাৎ হায়দৰাবাদ মেট্ৰপলিটান ডেভেলপমেন্ট অথ’ৰিটিয়ে ৬,৬৯৬ কোটি টকা ব্যয় কৰি হায়দৰাবাদ মহানগৰৰ চাৰিওফালে ১৫৮ কিঃমিঃ দৈৰ্ঘ্যৰ  ৮-টা লেইনৰ এটা এক্সপ্ৰেছ ৰাষ্টাৰ পৰিকল্পনা কৰিলে৷ ৰাষ্টাটোত ঘন্টাত ১২০ কিঃমিঃ বেগত গাড়ী চলাব পৰাকৈ নক্সা প্ৰস্তুত কৰা হ’ল৷ জাপানৰ প্ৰতিষ্ঠানটোৱে ৩,১২৩ কোটি টকা দি সহায় কৰিবলৈও সাজু হ’ল৷ ২০০৫  চনৰ পৰা এই পথটো নিৰ্মাণৰ কাম আৰম্ভ হ’ল৷ ইতিমধ্যেই চহৰখনৰ পৰা ২২ কিঃমিঃ দূৰত ছামছাবাদ নামৰ ঠাইখনত ২০০৮ চনৰ মাৰ্চ মাহত নতুন বিমানকোঠটোও সাজু হৈ উঠিল৷ অতি সোনকালেই হাই-টেক চিটি নামৰ অঞ্চলটো তথ্য প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰিল৷ মাত্ৰ দহ বছৰৰ ভিতৰতে হায়দৰাবাদ চহৰৰ চেহেৰাই সলনি হৈ গ’ল৷

হায়দৰাবাদ চহৰৰ যিকোনো জনাকীৰ্ণ ঠাইৰ পৰা এই আউটাৰ ৰিঙ ৰোডলৈ ওলাই ল’ব পাৰিলে ঘন্টাত ১২০ কিঃ মিঃ বেগত গাড়ী চলাই কম সময়তে গৈ চহৰখনৰ আন এটা প্ৰান্তত উপস্থিত হবগৈ পাৰি৷ মহানগৰখনৰ মাজেদি পাৰ হৈ যোৱা আটাইকেইটা ৰাষ্ট্ৰীয় ঘাঁই পথেই এই ৰাষ্টাটোৰে তীব্ৰ বেগেৰে মহানগৰখন একাষে থৈ পাৰ হৈ গুচি যাব পাৰে৷ এটা ফালে যাব পৰা চাৰিটা লেইনৰ দুটা লেইন ডাঙৰ আকাৰৰ বাছ-ট্ৰাক আদিৰ বাবে আৰু আন দুটা সৰু মটৰ গাড়ীৰ বাবে ব্যৱহাৰ কৰা হয়৷ ৰাষ্টাটোৰ দুয়োফালে সুৰক্ষিত বেৰা আছে, হঠাতে গৰু-ছাগলী বা পদচাৰী গাড়ীৰ আগত আবিৰ্ভাৱ হোৱাৰ বিভীষিকা নাই৷ খোজ কাঢ়ি যোৱা বাটৰুৱা, চাইকেল চলাই যোৱা লোক, দুই বা তিনিটা চকাৰ বাহনক এই ৰাষ্টাটোত সোমোৱাৰ অনুমতি দিয়া হোৱা নাই৷ তেওঁলোকে মূল ৰাষ্টাটোৰ দুয়ো দাঁতিতে থকা চাৰ্ভিছ ৰোড ব্যৱহাৰ কৰিব পাৰে৷  বৃত্তাকাৰ, সৰ্বমুঠ ১৫৮ কিঃমিঃ দৈৰ্ঘৰ এই ৰাষ্টাটোত মুঠ ১৯ টা সোমাব আৰু ওলাব পৰাৰ সুবিধা দিয়া হৈছে৷ সোমাওঁতে লোৱা সৰু টিকট এটা ওলোৱা গেইটখনত দিলেই মূহুৰ্তেতে দিব লগা ধনৰ পৰিমান পৰিশোধ কৰি ৰাষ্টাটোৰ পৰা ওলাই আহিব পাৰি৷ এই ৰাষ্টাটোৰ বাবেই মূল মহানগৰৰ পৰা আঁতৰত শামিৰপেট, কোকাপেট, পপুলাগুড়া আদি ঠাইত গগনচুম্বী অট্টালিকাৰে আবাসিক অঞ্চল গঢ় লৈ উঠিছে৷ ৪০ কিঃমিঃ দুৰত অৱস্থিত গাচ্ছিৱলীৰ পৰা বিমানকোঠ পাবলৈ সময় লাগে মাথোঁ ৩০ মিনিট৷ সু-যোগাযোগ ব্যৱস্থাই হায়দৰাবাদ চহৰলৈ কল্পনাতীত পৰিৱৰ্তন কঢ়িয়াই আনিলে৷ গুগল, মাইক্ৰচফ্ট, অৰেকল আদি তথ্য প্ৰযুক্তিবিদ্যাৰ উচ্চ শ্ৰেণীৰ ব্যৱসায় প্ৰতিষ্ঠানে হায়দৰাবাদত ব্যৱসায় কৰিবলৈ অহাৰ সিয়েই এক প্ৰধান কাৰণ৷

অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানা বিভাজন হোৱাৰ পিচত চন্দ্ৰবাবু নাইডুৱে এইবাৰ  নতুন ৰাজধানী চহৰ অমৰাৱতীক প্ৰগতিৰ দিশত আগুৱাই নিবলৈ নতুন চহৰৰ ব্লু-প্ৰিন্ট তৈয়াৰ কৰিছে৷ অহা কুৰী বছৰৰ ভিতৰত অমৰাৱতী আমাৰ দেশৰ এখন উন্নতমানৰ চহৰ হিচাপে পৰিচিত হ’ব৷

আমাৰ মুলুকত সুক্ষ্ম চিন্তা আৰু সু-পৰিকল্পিত আঁচনিৰে কৰা কামৰ নমুনা বৰ বেছি নাই৷ কলাক্ষেত্ৰ নিৰ্মাণৰ সময়ত ড˚ ভবেন্দ্ৰনাথ শইকীয়া ছাৰৰ হস্তক্ষেপত কিছু সু-চিন্তিত আঁচনিক কামত লগোৱা হৈছিল৷ তাৰ ফল অসমবাসীয়ে এতিয়া ভোগ কৰি আছে৷ আমাৰ ৰাজ্যখনে সু-চিন্তিত পৰিকল্পনাৰে কৰিব পৰা আন এটা কাম আছিল পৰ্যটন উদ্যোগৰ বিকাশ৷ ক্ষণিক চমক সৃষ্টিৰ প্ৰলোভনৰ পৰা মুক্ত হৈ কোনোবাই যদি এই বিষয়ে কিবা ভাল পৰিকল্পনা কৰিছেও, সাধাৰণ ৰাইজে সেইয়া গম পোৱা নাই, যি গম পাইছে সেইয়া হৈছে প্ৰিয়ংকা চোপ্ৰাৰ আৱিৰ্ভাৱৰ চমক৷ আমাৰ নিচিনা দুখীয়া ৰাজ্য এখনে “অ’-আৰ্‌-আৰ্‌”-ৰ দৰে ব্যয়বহুল প্ৰকল্পৰ আঁচনি ৰূপায়ণ কৰাটো সম্ভৱপৰ হয়নে নহয় নাজানো, যি জানো, সি হৈছে সফলতাৰ বাবে প্ৰয়োজন হোৱা এটা ডাঙৰ সপোনৰ, সেই সপোনক সততাৰে সাকাৰ কৰাৰ সাহসৰ৷ সপোন দেখিবলৈতো কাৰো অনুজ্ঞাপত্ৰ নালাগে, সেয়ে মই প্ৰায়েই এটা সপোন দেখোঁ – দুটা পৰ্যায়ত সমাপ্ত কৰিব পৰাৰ পৰিকল্পনাৰে আমাৰ গুৱাহাটী মহানগৰখনক সামৰি এটা ৮ লেইনৰ এক্সপ্ৰেছ পথৰ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে৷ চন্দ্ৰপুৰত আৰম্ভ হোৱা ৰাষ্টাটো খানাপাৰা, বশিষ্ঠ, ৰাণী হৈ মেঘালয়ৰ পাহাৰৰ দাঁতিয়েদি গৈ মিৰ্জাত ওলাইছেগৈ৷ নুনমাটিৰ পৰা বিশ্ববিদ্যালয়লৈ সময় লাগে ২৮ মিনিট৷ দ্বিতীয় পৰ্যায়ত, দুখন দলঙেৰে এই ৰাষ্টাটোৱে সামৰি লৈছে শুৱালকুছি, আমিনগাওঁ আৰু উত্তৰ গুৱাহাটীক৷ ৰাষ্টাটোৰ দুয়োপাৰে গঢ়ি উঠিছে বিয়াগোম একোটা আবাসিক অঞ্চল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান৷ চন্দ্ৰপুৰৰ পৰা পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠলৈ এই ৰাষ্টাটোৱেদি সময় লাগে মাত্ৰ ৩৬ মিনিট! জানো, আমাৰ মুলুকত এইয়া বাস্তৱতে কদাপি সম্ভৱ নহয়, সপোন সপোনেই!